কথাশিল্পী যোগেশ দাস আৰু তেখেতৰ সাহিত্যকৃতি
বীৰ্কে বি. থাপা
পূৰ্বাভাস:অৰুণেোদইৰ ঢলফাট-
খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আমেৰিকাৰ ব্যাপ্তিষ্ট মিশ্যন চ'চাইটিৰ ডঃ ন্যাথান ব্ৰাউন আৰু তেওঁৰ পত্নী মিচেছ এলিজা ব্ৰাউন আহি প্ৰথমে শদিয়াত উপস্থিত হৈছিলহি 1836 চনত।শদিয়াত থকা কালছোৱাত ব্ৰাউন দম্পত্তিয়ে পঢ়াশালী পাতি স্থানীয় খামতি আৰু অসমীয়া ভাষী লোকসকলৰ মাজত
শিক্ষাৰ প্ৰসাৰৰ বাবে চেষ্টা চলায়। উল্লেখযোগ্য যে মিচেছ এলিজা ব্ৰাউনে অসমীয়া ভাষা সুন্দৰকৈ আয়ত্ব কৰি শিশুসকলৰ বাবে 'সাধুৰ পুথি ' নামৰ এখন কিতাপো ৰচনা কৰিছিল।শদিয়াৰ সেমেকা জলবায়ু ,অৰণ্যাঞ্চলৰ মহ-ডাহ আদিৰ বাবে সঘনে হৈ থকা বেমাৰ -আজাৰ আদি সত্বেও তেওঁলোকে স্থানীয় নিৰক্ষৰ লোকসকলৰ মাজত শিক্ষাৰ পোহৰ বিলাই তেওঁলোকৰ মাজত থকা অন্ধবিশ্বাস,কুসংস্কাৰ আদি আঁতৰাবলৈ চেষ্টা কৰি গৈছিল।সেই সময়ত মেলেৰীয়া,কলেৰা আদি ৰোগত আক্ৰান্ত হোৱা স্থানীয় লোকসকলে তেওঁলোকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে তন্ত্ৰ-মন্ত্ৰ,পূজা-পাতল আদিৰ আশ্ৰয় লৈছিল।তাৰ বিপৰীতে মিছনেৰীসকলে বড়ি খাবলৈ দি ৰোগ নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল।কিন্তু অন্ধবিশ্বাসত আচ্ছন্ন নিৰক্ষৰ লোকসকলে খৃষ্টান মিছনেৰীসকলে তেওঁলোকৰ ধৰ্ম নষ্ট কৰিবলৈ অহা বুলি ভাৱি অত্যাচাৰ আৰম্ভ কৰিছিল।শদিয়াৰ খামতিসকলৰ অত্যাচাৰত থাকিব নোৱাৰি তেওঁলোক জয়পুৰলৈ উঠি যাবলগীয়া হয়।
জয়পুৰতো তেওঁলোকে জনজাতীয় লোকসকলৰ মাজত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰে।তাত তেওঁলোকে ছপাশাল স্থাপন কৰি খামতি,শ্যাম আৰু নগা ভাষাত অসমীয়া আৰু ৰোমান লিপিৰে ছপাৰ কাম আৰম্ভ কৰে।বিশেষ কিছুমান অসুবিধাৰ বাবে তেওঁলোকে তাৰ পৰাও উঠি গৈ 1843 চনৰ পৰা শিৱসাগৰত থাকিবলৈ লয়।অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত এয়া এক যুগান্তকাৰী ঘটনা যে ড: নেথান ব্ৰাউনে শিৱসাগৰৰ পৰা 1846 চনত 'অৰুণোদই' নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল । সুদীৰ্ঘ 37 বছৰ কাল ধৰি এইখন কাকতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ,প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াই গৈছিল।
প্ৰাপ্ত তথ্য মতে ,'অৰুণোদই' কাকতৰ প্ৰচাৰ সৰ্বাধিক আছিল গুৱাহাটীত ।1854 চনৰ পৰা অসমৰ অন্যান্য অঞ্চল সমূহতো ইয়াৰ গ্ৰাহকৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল।উজনী অসমৰ সীমান্তৱৰ্তী ছৈখোৱাত কাকতখনৰ সৰ্বমুঠ গ্ৰাহকৰ সংখ্যা সেইসময়ত আছিল দহজন।1883 চনত অৰুণোদইৰ প্ৰকাশ বন্ধ হোৱা সময়লৈকে শদিয়া চৈখোৱা অঞ্চলত ইয়াৰ গ্ৰাহকৰ সংখ্যা কিমান আছিল ক'ব পৰা নাযায়।আমি পোৱা তথ্য মতে,উনবিংশ শতিকাৰ শেষৰ দশকৰ ফালে শদিয়াৰ প্ৰয়াত ধনীৰাম বাইলুং,ছৈখোৱাৰ মৌজাদাৰ ৰায়চাহেব দৌলত চন্দ্ৰ বুঢ়াগোঁহাই আদিৰ দৰে কিছু লোকে অৰুণোদই কাকতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যথেষ্ট চেষ্টা চলাইছিল।
ডাঙৰীত ঐতিহাসিক জনজাতীয় জাগৰণ:
আমেৰিকাৰ খৃষ্টান মিচনেৰীসকলে উনবিংশ শতিকাৰ দ্বিতীয়/তৃতীয় দশকৰ পৰা পঢ়াশলীয়া শিক্ষাৰ যি প্ৰসাৰ অভিযান অসমত আৰম্ভ কৰিছিল তাৰে প্ৰভাৱ পলমকৈ হ'লেও শদিয়া-চৈখোৱা অঞ্চলতে কিছু পৰিছিল।শদিয়াৰ খামতি,দেউৰী,চিংফৌ,দোৱনীয়া আদিৰ দৰে ছৈখোৱা-ডাঙৰী অঞ্চলৰ সোনোৱাল জনগোষ্ঠীৰ লোকসকলৰ মাজতো লাহে লাহে নিজৰ জাতীয় চেতনা প্ৰবল হৈ অহাৰ ফলস্বৰূপে 1860/70 চনৰ কালছোৱাত ডাঙৰীৰ লংবৰ(কিছুলোকৰ মতে, লহবৰ) কছাৰী নামৰ লোক এগৰাকীয়ে নিজৰ ঘৰতে টোল পাতি প্ৰথমবাৰৰ বাবে এখন অনানুষ্ঠানিক প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল।কালক্ৰমত সেই টোলটোৱেই 1885 চনত ডাঙৰী প্ৰাথমিক বিদ্যালয়লৈ উন্নীত হৈছিল।এই কথা ডাঙৰীৰ বিশিষ্ট শিক্ষক,সমাজসেৱক তথা জনজাতীয় নেতা প্ৰয়াত গকুল সোনোৱাল ছাৰে 'অসমৰ জনজাতীয় জাগৰণ আৰু জনজাতি জাগৰণত সোনোৱাল কছাৰীৰ ভূমিকা' শীৰ্ষক এটি মূল্যবান প্ৰবন্ধত উল্লেখ কৰিছে।
ডাঙৰী অঞ্চলক কেন্দ্ৰ কৰি অসমৰ অন্যান্য সোনোৱাল বসতিপূৰ্ণ অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা আত্মচেতনাই এক বৃহৎ জনজাতীয় জাগৰণলৈ পৰিণত হৈছিল কুৰি শতিকাৰ প্ৰথম/দ্বিতীয় দশকত।ডাঙৰীত হোৱা জনজাতীয় জাগৰণৰ পৰিপ্ৰেক্ষিততে 1921 চনত জন্মলাভ কৰিছিল 'ডাঙৰী কছাৰী যুৱক সন্মিলনী' নামৰ এটি অনুষ্ঠান।প্ৰয়াত ভৰতচন্দ্ৰ খাখলাৰী,সোনাৰাম বাগলাৰী,কীৰ্তিনাথ খাখলাৰী ,যাদৱচন্দ্ৰ খাখলাৰী,দণ্ডীধৰ ফাটোৱালী আদি সেইসময়ৰ জনজাতীয় নেতাসকলে সোনোৱাল সকলৰ নিজৰ আত্মপৰিচয় তথা আত্মসচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন সভাসমিতি,কাৰ্যসূচী আদিৰ জড়িয়তে চেষ্টা চলাইছিল।এইসকল লোকৰ প্ৰচেষ্টাতে ডাঙৰী কছাৰী যুৱ সন্মিলনীয়ে বিভিন্ন ৰূপান্তৰৰ মাজেৰে গৈ পাছলৈ আসাম ট্ৰাইবেল লীগ হৈছিলগৈ।
1925 চনত ডাঙৰী কছাৰী যুৱক সন্মিলনীয়ে 'প্ৰভাতী' আৰু 1933 চনত 'ৰাইজ' নামৰ আলোচনী উলিয়াইছিল।আৰ্থিক দূৰাৱস্থাৰ বাবে দুয়েখন কাকতৰে প্ৰকাশ বেছিদিনলৈ চলা নাছিল টদিও সোনোৱালসকলৰ মাজত ভাষা-সাহিত্য চিন্তা চৰ্চাৰ ক্ষেত্ৰত আলোচনী দুখনে প্ৰভূত অৱদান আগবঢ়াইছিল।
প্ৰথম গৰাকী সোণোৱাল লেখক ও সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত দণ্ডীধৰ ফাটোৱালীৰ আত্ম-প্ৰকাশ :
কুৰি শতিকাৰ দ্বিতীয় দশকত (অৰ্থাৎ1920 চন মানত) দণ্ডীধৰ ফাটোৱালীৰ দৰে লেখকৰ আত্মপ্ৰকাশ ঘটিছিল।তেখেতে সেইসময়ত অলেখ কবিতা , বহুকেইখন নাটক আৰু ব্যংগ ৰচনা কৰাৰ উপৰিও 1922 চনত চপলা আৰু 1924 চনত যুগল মূৰ্তি নামৰ দুখন উপন্যাসো ৰচনা কৰিছিল।চপলাত তেখেতে দ্বিতীয় মহাসমৰৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ মানসিক অৱক্ষয়ৰ চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছিল।তেনেদৰে যুগল মূৰ্তিত চাহ বাগিচাৰ সেউজীয়া পৰিৱেশ,চাহাবৰ বঙলা আৰু তাৰ জীৱন যাপনৰ লগতে চাহ বাগিচাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ বাবুগিৰি,সাধাৰণ মজদুৰ শ্ৰেণীৰ ওপৰত কৰা তেওঁলোকৰ অন্যায় অত্যাচাৰ আদিৰ চিত্ৰ অংকন কৰিছিল।উল্লেখযোগ্য যে ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী' প্ৰকাশ হোৱাৰ প্ৰায় 34 বছৰ পূৰ্বে যুগল মূৰ্তি প্ৰকাশ হৈছিল।
অসমীয়া সাহিত্যত যোগেশ দাসৰ আত্মপ্ৰকাশ:
প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ আত্মপ্ৰকাশৰ প্ৰায় তিনি দশকৰ পাছত লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল যোগেশ দাসে।
দণ্ডীধৰ ফাটোৱালীৰ 'মইনা' নামৰ উপন্যাস এখন পঢ়ি ল'ৰালি কালতে গভীৰভাৱে অভিভূত হৈ পৰা সোণোৱাল সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট সাহিত্যিক আছিল যোগেশ দাস।
অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক যোগেশ দাসৰ জন্ম হৈছিল ডুমডুমাৰ হাঁহচৰা চাহবাগিচাত 1927 চনত।পিতৃ সূৰ্যকান্ত দাস আছিল ডাঙৰীৰ লাইনা গাঁৱৰ আৰু তেখেতে চাকৰি কৰিছিল হাঁহচৰা বাগিচাত।
হাঁহচৰা বাগিচাৰ প্ৰাথমিক বিদ্যালয়তে যোগেশ দাসৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল।চতুৰ্থ শ্ৰেণীত প্ৰায় এবছৰৰ বাবে তেখেতে ডাঙৰী মাইনৰ স্কুলতো পঢ়িছিল।আৰু সেই সময়তে তেখেতে দণ্ডীধৰ ফাটোৱালীৰ 'মইনা'নামৰ উপন্যাসখন পঢ়ি ,সেই কম বয়সতে অভিভূত হৈ পৰিছিল।এই কথা তেখেতে পৰৱৰ্তী কালত উল্লেখ কৰিছিল।
কিতাপ-পত্ৰ পঢ়াৰ প্ৰতি যোগেশ দাসৰ ধাউতি ল'ৰালি কালতে গঢ় লৈ উঠিছিল ।হাঁহচৰা বাগিচাৰ ক্লাবঘৰৰ লাইব্ৰেৰীৰ পৰাও তেখেতে বঙলা ভাষাৰ কিতাপ-পত্ৰ নি পঢিবলৈ লৈছিল।
ইয়াৰ পাছত তেখেতে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্বনত পঢ়িবলৈ লয় আৰু 1945 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।প্ৰৱেশিকা পৰীক্ষা দি উঠাৰ পাছত প্ৰায় তিনি মাহ মানৰ বাবে চুক্ৰেটিং বিমান ঘাটিত ষ্ট'ৰ কীপাৰ হিচাপে চাকৰিত সোমায়।প্ৰৱেশিকা পাছ কৰাৰ পাছত সেই চাকৰি এৰি দি গুৱাহাটীলৈ পঢ়িবলৈ যায় আৰু 1949 চনত গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এ. পাছ কৰে।বি.এ.পাছ কৰাৰ পাছত পুনৰ ডুমডুমালৈ আহি প্ৰায় এবছৰৰ বাবে শিক্ষকতাৰ চাকৰি কৰে।সেই চাকৰিও বাদ দি তেখেত আকৌ গুৱাহাটীলৈ যায় আৰু সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে।প্ৰথমে তেখেতে 'নতুন অসমীয়া' কাকতত সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী কালত দৈনিক অসম,প্ৰহৰী,অধিনায়ক আদি কাকতৰ সম্পাদনাৰ সৈতে জড়িত হৈ পৰে।সমান্তৰালভাৱে অধ্যয়ন অব্যাহত ৰাখি তেখেতে 1953 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ.পাছ কৰে।এম.এ.পাছ কৰিয়েই তেখেতে বি.বৰুৱা কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু 1988 চনত অৱসৰ গ্ৰহণ কৰে। আৰু 1999 চনৰ 9 চেপ্তেম্বৰ তাৰিখে ইহলীলা ত্যাগ কৰে।
যোগেশ দাসৰ সাহিত্য কৰ্ম:
দণ্ডীধৰ ফাটোৱালীৰ 'মইনা' নামৰ উপন্যাসখন পঢ়ি ল'ৰালি কালতে অভিভূত হৈ পৰা যোগেশ দাসে ডিব্ৰুগড়ৰ জৰ্জ হাইস্কুলত পঢ়ি থাঁকোতে 'বাঁহী' কাকতলৈ লিখা চিঠি এখন প্ৰথমবাৰৰ বাবে ছপা আখৰত প্ৰকাশ পাইছিল।ইতিপূৰ্বে জৰ্জ হাইস্কুলত পঢ়ি থকা কালত তেখেতে হাতে লিখা আলোচনী এখন সম্পাদনা কৰিছিল।এনেধৰণৰ চৰ্চাৰ মাজেৰেই তেখেতে এটা দুটাকৈ অলেখ গল্প,উপন্যাস,নিবন্ধ ,শিশু সাহিত্য আদি ৰচনা কৰি গৈছিল।
তেখেতৰ দ্বাৰা সৃষ্ট বিভিন্ন ৰচনাৰ তালিকা--
উপন্যাস--কলপটুৱাৰ মৃত্য,ডাৱৰ আৰু নাই,জোনাকীৰ জুই, নিৰুপায়-নিৰুপায়,এমুঠি ধূলি,হাজাৰ ফুল,নেদেখা জুইৰ ধোঁৱা, অবিধা, নৰেশ, মালতী আৰু.,পোহৰৰ ফালেপোহৰ বিচাৰি,এজন খঙাল মানুহ,সঁহাৰি পাই,ৰজনী বিদূৰ আদি।
চুটিগল্প সংকলন---পপীয়া তৰা,আন্ধাৰৰ আঁৰে আঁৰে,ত্ৰিবেণী,মদাৰৰ বেদনা,হাজাৰ লোকৰ ভিৰ।
অনুবাদ গ্ৰন্থ---আমাৰ কবি,ব্ৰাহ্মণ কন্যা,ৰবীন হুড,বনে বনে।
ইংৰাজী গ্ৰন্থ--Folklore of Assam
অন্যান্য---গল্পৰ কুঁকি,হেম বৰুৱা,সমকালীন গল্প..আদি।
যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিছাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৩ চনত প্ৰকাশ পোৱা তেখেতৰ প্ৰথম উপন্যাস আছিল- "কলপটুৱাৰ মৃত্যু" ।কিন্তু ১১৯৫৫ চনত প্ৰকাশিত তেখেতৰ দ্বিতীয় উপন্যাস "ডাৱৰ আৰু নাই"ৰ বাবে তেখেতে এগৰাকী শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা লাভ কৰে । গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতবৰ্ষৰ বিভিন্ন ভাষালৈ অনুদিত হৈছিল।উপন্যাসখনৰ পটভূমি আছিল ডুমডুমাৰ চুক্ৰেটিং নামৰ ঠাইডোখৰ।চুক্ৰেটিঙৰ সামৰিক বিমান ঘাটিত চাকৰি কৰি থকা কালছোৱাত দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ানক ধ্বংসলীলা তেখেতে প্ৰত্যক্ষ কৰিছিল আৰু সেই অভিজ্ঞতাৰেই তেখেতে উপন্যাসখন ৰচনা কৰিছিল।উপন্যাসখনত বিশ্বযুদ্ধৰ প্ৰভাৱ স্বৰূপে ঘটা মানুহৰ নৈতিক স্খলনৰ অতি কৰুণ চিত্ৰ তেখেতে অংকন কৰিছে।
চুটিগল্পৰ সংকলন "পৃথিৱীৰ অসুখ" গ্ৰন্থখনৰ বাবে 1980 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আসনো প্ৰদান কৰা হৈছিল 1985 চনত।1994 চনত প্ৰদান কৰা হৈছিল অসম উপত্যকা বঁটা।
কথা-সাহিত্যিক যোগেশ দাসৰ সাহিত্য-বৈশিষ্ট্য:
যোগেশ দাসে সাহিত্য ক্ষেত্ৰত গল্প আৰু উপন্যাসেই বিশেষকৈ ৰচনা কৰিছিল।তেখেতে 50ৰ দশকৰ ৰামধেনু যুগত গল্প লিখিবলৈ আৰম্ভ কৰিছিল যদিও তেখেতৰ গল্পত পূৰ্বৱৰ্তী আৱাহন যুগৰ বৈশিষ্ট্যই বিশেষভাৱে প্ৰকাশ পাইছিল বুলি ড:প্ৰহ্লাদ বৰুৱাই 'অসমীয়া চুটি গল্পৰ অধ্যয়ন' শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে।
অসমীয়া সাহিত্যত আৱাহন যুগটো আৰম্ভ হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফাল অৰ্থাৎ প্ৰায় 1929 চন মানৰ পৰা আৰু এই যুগ বৰ্তি আছিল প্ৰায় দহ বছৰ ধৰি অৰ্থাৎ 1940 চন মানলৈ।এই যুগৰ বিশিষ্ট গল্পকাৰসকল আছিল নগেন্দ্ৰ নাৰায়ন চৌধুৰী,লক্ষ্মীনাথ ফুকন,মহীচন্দ্ৰ বৰা,লক্ষ্মীধৰ শৰ্মা,ৰমা দাশ,বীণা বৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী আদি।সমাজ আৰু জাতীয় জীৱনত দেখা দিয়া সেইসময়ৰ বিভিন্ন সমস্যাৱলীৰ পৰিপ্ৰেক্ষিতত লেখকসকলে তেওঁলোকৰ গল্পত সেই সমস্যাসমূহ তুলি ধৰিবলৈ চেষ্টা কৰা দেখা যায়।গতিকে ক'ব পাৰি যে আৱাহন যুগৰ গল্পৰ অন্যতম বৈশিষ্ট্য আছিল সমাজ চেতনা।লেখকসকলে প্ৰবল সমাজ চেতনাৰে তেওঁলোকৰ গল্পত সামাজিক সমস্যা, মূল্যবোধৰ দ্বন্দ্ব আদিক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।কুসংস্কাৰ,অন্ধবিশ্বাস,নাৰীৰ প্ৰতি থকা সামাজিক অবিচাৰ আদিৰ বিৰূদ্ধে লেখক সকলে সততে চুটি গল্পৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।গল্পৰ আংগিক নিৰ্মানৰ সম্পৰ্কত ক'বলৈ গ'লে সেই কালৰ গল্পৰ নিৰ্মান কৌশলত কোনো জটিলতা নাছিল।সহজ-সৰল , পোনপটীয়া প্ৰকাশ ভংগীয়েই আছিল আংগিক নিৰ্মানৰ গতানুগতিক কৌশল।
পৰৱৰ্তী 1940 চনৰ পৰা আৰম্ভ হোৱা ৰামধেনু যুগত অসমৰ জাতীয় আৰু সমাজ জীৱনলৈ নামি অহা সমস্যাসমূহে জটিল ৰূপ ধাৰণ কৰিছিল।কাৰণ 1939 চনৰ পৰা আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱত অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থা অস্থিৰ হৈ পৰিছিল।অন্যায়, অবিচাৰ, মানৱতাৰ অপমৃত্যু,মূল্যবোধৰ দ্বন্দ্ব আদিৰ দৰে সমস্যাবোৰে সেই কালৰ গল্প লেখক সকলক গভীৰভাৱে প্ৰভাৱিত কৰাৰ ফলস্বৰূপে গল্পসমূহত সিবিলাকৰ স্পষ্ট প্ৰতিফলন ঘটিছিল।উল্লেখযোগ্য য়ে ৰামধেনু যুগত গল্পৰ ভাৱ বা বিংষয়বস্তুৰ লগে লগে নিৰ্মান শৈলীতো পৰিৱৰ্তন আহিছিল।গল্পৰ নিৰ্মান শৈলী পূৰ্বৰ আৱাহন যুগৰ সহজ-সৰল নিৰ্মান শৈলীৰ তুলনাত কিছু জটিল হৈ পৰিছিল।তাৰোপৰি মনস্তাত্বিক দ্বন্দ্বৰ বিষয়টোও সেই কালৰ গল্পৰৰ অন্যতম বৈশিষ্ট্য হৈ পৰিছিল।
যোগেশ দাসে এই ৰামধেনু যুগতে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।সেই কালৰ অন্যান্য গল্পকাৰ সকল আছিল-চৈয়দ আব্দুল মালিক,বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,প্ৰফুল্ল দত্ত গোস্বামী,মহিম বৰা,সৌৰভ কুমাৰ চলিহা,ভৱেন্দ্ৰ নাথ শইকীয়া,হোমেন বৰ গোহাঞি,চন্দ্ৰপ্ৰসাদ শইকীয়া,লক্ষীনন্দন বৰা,নিৰুপমা বৰগোহাঞি,পদ্ম বৰকটকী, মেদিনী চৌধুৰী,অতুলানন্দ গেস্বামী,নিৰোদ চৌধুৰী,শীলভদ্ৰ,মামনি ৰয়চম গোস্বামী,নগেন শইকীয়া,ইমৰাণ শ্বাহ,মহেন্দ্ৰ বৰঠাকুৰ,কুমুদ গেস্বামী,হৰেকৃষ্ণ ডেকা,দীপালী দত্ত,যদু বৰপূজাৰী, আলিমুনিচ্ছা পীয়াৰ, কামাখ্যা সভাপণ্ডিত, ত্ৰৈলোক্য ভট্টাচাৰ্য,কুমাৰ কিশোৰ আদি।কিন্তু ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱাই কোৱাৰ দৰে ৰামধেনু যুগত আত্ম প্ৰকাশ কৰিলেও যোগেশ দাসৰ গল্পত ভাৱ বা বিষয়বস্তুৰ নতুনত্ব নাছিল।আৱাহন যুগৰ গল্পকাৰসকলে ইতিপূৰ্বেই প্ৰকাশ কৰি অহাৰ দৰেই যেগেশ দাসেও সকলোৱে দেখি থকা সমাজৰ সাধাৰণ সমস্যাসমূহকে সহজ-সৰলভাৱে প্ৰকাশ কৰি গৈছিল।সমকালীন আব্দুল মালিক,সৌৰভ চলিহা,ভৱেন শইকীয়া,হোমেন বৰগোহাঞি আদিৰ গল্পত থকাৰ দৰে মানুহৰ মানসিক জগতত উদ্ভৱ হোৱা মনস্তাত্বিক সমস্যাসমূহৰ জটিল চিত্ৰণ যোগেশ দাসৰ গল্পত অনুপস্থিত।কিছুসংখ্যক গল্পত মনস্তত্বৰ বিষয়সমূহ আহি পৰিছে যদিও সিবিলাকৰ বিস্তৃত বা ক্ৰিয়াত্মক বিকাশ ঘটা নাই।উদাহৰণ স্বৰূপে 'কলপতুৱাৰ মৃত্যু' শীৰ্ষক গল্পৰ কথাকে ক'ব পাৰি।কলপটুৱাৰ মৃত্যু' নামৰ গল্পটিত দেখা যায় -মৌজাদাৰৰ পুতেকৰ কামনাৰ বলি হৈ অন্ত:সত্বা হোৱা ৰূপেশ্বৰীক বিয়া কৰাব লগীয়া হোৱাৰ পাছতো কিন্তু ধনীৰামৰ মনত কোনো ধৰণৰ দ্বন্দ্বৰ সৃষ্টি হোৱা নাই।বৰঞ্চ পুতেকৰ এই কলংক ঢাকিবৰ বাবে মৌজাদাৰৰ ঘৰখনে ধনীৰামক মতাই আনি তাৰ হাতত টকা দুশৰে সৈতে ৰূপেশ্বৰীক গটাই দিয়াত সি মৌজাদাৰৰ পুতেকৰ প্ৰতি কৃতজ্ঞহে হৈছে।মনে ভাল পোৱা ছোৱালী এজনী আনৰ দ্বাৰা অন্ত:সত্বা হোৱা ঘটনাটোত ধনীৰাম যেনেদৰে মানসিক দ্বন্দ্বত ভাগি পৰিব লাগিছিল তাৰ বিপৰীতে সি পৰিস্থিতিৰ দাস হৈ নিৰ্বিকাৰ ভাৱে সকলো ঘটনাক সহজে গ্ৰহণ কৰি লৈছে।
তেনেদৰে 'গৰাখহনীয়া'নামৰ গল্পৰ ক্ষেত্ৰত দেখা যায়-অৱনী অাৰু অপৰ্ণাৰ প্ৰেম কাহিনীয়েই 'গৰাখহনীয়া' গল্পৰ কেন্দ্ৰীয় বিষয় যদিও ঘৰখনৰ অাৰ্থিক দুৰাৱস্থাৰ বাবে শিক্ষক জীৱেশ্বৰ পণ্ডিতে জীয়েক অপৰ্ণাক অৱনীৰ পৰিৱৰ্তে অসৎ চৰিত্ৰৰ চহকী যুৱক এজনলৈ বিয়া দিয়া অথবা অপৰ্ণাৰ দৰে শিক্ষিতা গাভৰু এগৰাকীয়ে দেউতাকৰ এনে সিদ্ধান্তৰ কোনো প্ৰতিবাদ নকৰা আদি ঘটনাৰ জৰিয়তে লেখকে সমাজৰ এচাম লোকৰ অসহায় অৱস্থা আৰু তৎকালীন সমাজৰ ক্ষয়িষ্ণু ৰূপ এটা তুলি ধৰিবলৈ চেষ্টা কৰিছে যদিও জীৱেশ্বৰ পণ্ডীতৰ দৰে শিক্ষক এগৰাকীয়ে নিজৰ অাদৰ্শক জলাঞ্জলী দিয়া কথাষাৰ যুক্তিসংগত হোৱা নাই।সেইদৰে নিজৰ অনিচ্ছাৰ বিৰূদ্ধে বিয়াত বহিব লগা হোৱা অপৰ্ণাৰ মানসিক দ্বন্দ্বক প্ৰকাশ কৰাৰ থল গল্পটিত থকা স্বত্বেও লেখকে বিষয়টোত গুৰুত্ব আৰোপ কৰা দেখা নাযায়।
মূলতঃ যোগেশ দাসৰ গল্পৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হৈছে এয়ে যে,তেখেতে সমাজৰ বিভিন্ন সমস্যা নিৰীক্ষন কৰিছিল আৰু গল্পত সেই সমস্যাবোৰ তুলি ধৰিবলৈ চেষ্টা কৰিছিল।মনস্তত্বৰ জটিলতালৈ তেখেত যোৱা নাছিল।কিন্তু আধুনিক যুগৰ জটিলতাই কঢ়িয়াই অনা মানুহৰ মানসিক পৰিৱৰ্তনৰ দিশটোক তেখেতে সমুলি আওকান কৰিছিল বুলিও ক'ব নোৱাৰি।উদাহৰণ স্বৰূপে 'পৃথিৱীৰ অসুখ' গল্পৰ কথাকে উল্লেখ কৰিব পাৰি।অৱশ্যে এই কথাও লক্ষনীয় যে ,যোগেশ দাসৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত 'পৃথিৱীৰ অসুখ' নামৰ গল্প সংকলনখন প্ৰকাশ পাইছিল সত্তৰৰ দশকৰ শেষৰ ফালে।পূৰ্বৰ দশককেইটাত লিখা গল্পবোৰৰ দৰে এই সংকলনত সন্নিৱিষ্ট গল্প কেইটাতো লেখকে সমাজ আৰু ব্যক্তি জীৱনৰ কিছুমান বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে যদিও এই সংকলনৰ গল্পকেইটা চৰিত্ৰ চিত্ৰণ,বিষয়বস্তুৰ গভীৰতা অাদিৰ ক্ষেত্ৰত যথেষ্ট ব্যতিক্ৰমী ৰূপত চিত্ৰিত হৈছে।চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণ গল্প কেইটাত নাথাকিলেও আধুনিক যুগৰ জটিলতাৰ লগে লগে জটিল হৈ অহা দুই এটা চৰিত্ৰৰ উদ্ভট অাচৰণৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়।
মনস্তত্বৰ বিষয়টো বাদ দি যোগেশ দাসৰ গল্পক এটা ভিন্ন এংগোলৰ পৰা পৰ্যৱেক্ষণ কৰিলে কিন্তু দেখা যায় যে,তেখেতে আধুনিক চুটি গল্পৰ নিৰ্মান শৈলী,শিল্প বৈশিষ্ট্য অথবা মনস্তত্বৰ জটিল বিশ্লেষনৰ বিষয়টোত বৰ গুৰুত্ব নিদিয়াকৈয়ে সামাজিক সমস্যা সম্পৰ্কে মনত উদ্ভৱ হোৱা বক্তব্যৰ প্ৰকাশত অধিক গুৰুত্ব দিছিল।
যোগেশ দাসৰ গল্পত শিল্প-বৈশিষ্ট্যৰ অভাৱ পৰিলক্ষিত হয় যদিও তেখেতৰ অপূৰ্ব কথনশৈলী আৰু পৰিৱেশ চিত্ৰণৰ অপূৰ্ব দক্ষতাৰ বাবেই যথেষ্ট সংখ্যক গল্পই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
যোগেশ দাসৰ বেছিভাগ গল্পতে চুটিগল্পৰ শিল্প-বৈশিষ্ট্যৰ অভাৱ ঘটাৰ সম্পৰ্কতো এই কথা অৱশ্যেই মনত ৰখা উচিত যে পঞ্চাশৰ দশকৰ যিটো সময়ত তেখেতে গল্প লিখিবলৈ আৰম্ভ কৰিছিল সেই সময়লৈকে কিন্তু অসমীয়া চুটিগল্পত শিল্প-বৈশিষ্ট্যৰ দিশটোৱে বৰকৈ গুৰুত্বও লাভ কৰা নাছিল। তৎকালীন সমাজ-ব্যৱস্থাত দেখা দিয়া বিভিন্ন সামাজিক বৈষম্য, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দৰে দোষ-ত্ৰুটিসমূহক গল্পৰ জৰিয়তে প্ৰকাশ কৰাই আছিল সেই কালৰ লেখকসকলৰ মুখ্য উদ্দশ্য।পৰৱৰ্তী ৰামধেনু যুগৰ শেষৰ স্তৰৰ পৰাহে সৌৰভ কুমাৰ চলিহা,ভবেন্দ্ৰ নাথ শইকীয়া,হোমেন বৰগোহাঞি আদিৰ দৰে গল্পকাৰসকলে সামাজিক সমস্যাৱলীক বিষয়বস্তু হিচাপে গল্প লিখাৰ উপৰিও গল্পৰ শিল্প-বৈশিষ্ট্য,নিৰ্মান-শৈলী আদিৰ দৰে বিষয়সমূহতো গুৰত্ব দিবলৈ আৰম্ভ কৰিছিল। গল্পৰ শিল্প-বৈশিষ্ট্য,নিৰ্মান-শৈলী আদিৰ উপৰিও এইসকল গল্পকাৰে মানুহৰ চৰিত্ৰ আৰু মনস্তত্বকো গল্পত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল ।সেইদৰে এই যুগৰ গল্পত প্ৰতিফলিত হৈ উঠা পাশ্চাত্যৰ সমাজবাদ, বাস্তৱবাদ, মনস্তাত্ত্বিক অৱস্থিতিবাদ, অভিব্যক্তিবাদ, অধিবাস্তৱবাদ, চেতনাস্ৰোত আদিৰ দৰে বিষয়বস্তুসমূহেও অসমীয়া চুটিগল্পক এটা অভূতপূৰ্ব মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল।যোগেশ দাসে সত্তৰৰ দশকৰ পৰা লিখিবলৈ আৰম্ভ কৰা গল্পসমূহত ক্ৰমান্বয়ে পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছিল।
যোগেশ দাসৰ গল্পৰ আকৰ্ষনীয় বৈশিষ্ট্য আছিল তেখেতৰ কথনশৈলী।তেখেতৰ অপূৰ্ব কথন শৈলীৰ বাবেই বহুকেইটা গল্প ৰসোৰ্তীৰ্ণ হৈ উঠিছে।উদাহৰণ-'বৰদেউতা'নামৰ গল্পটো।লেখন আৰু কথন শৈলীৰ দিশৰ পৰা বিচাৰ কৰি চালে পূৰ্বৰ গল্পকেইটাৰ তুলনাত যোগেশ দাসৰ 'বৰদেউতা' এটা সাৰ্থক গল্প বুলি কোৱা হয়।প্ৰকৃততে পূৰ্বৰ গল্প কেইটাত লেখকে আমাৰ সমাজত ঘটি থকা ঘটনা বা সমস্যাবোৰক নিজস্বভাবে কোনো বিচাৰ- বিশ্লেষণ নকৰাকৈয়ে অনুৰূপ তুলি ধৰিছিল।অানহাতে 'বৰদেউতা' গল্পত তেখেতে নাম চৰিত্ৰৰ যোগেদি সমাজৰ কিছুমান অনৈতিক কাৰ্যৰ বিৰুদ্ধে জোৰ প্ৰতিবাদ নকৰিলেও অন্তত: নিজস্ব দৃস্টিভংগী একোটা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।গল্পটিত দেখুওৱা হৈছে -বিধৱা ৰাজেশ্বৰী আৰু তেওঁৰ জীয়েক মায়াৰ সম্পৰ্কত সমাজত নানা কুৎসা ৰটনা হয় ।ৰাজেশ্বৰীৰ কথা ওলালেই প্ৰায় মানুহে ভেকাহি মৰাৰ দৰে কৈ উঠে-'সেইজনী?কেনেকৈ চলেহে,কেনেকৈ চলে?ব্যৱসায় চলায় বুইছা,ব্যৱসায়!'আৰু তেনে কুৎসা ৰটনা কৰা মানুহবোৰ আচলতে সেইসকলেই যিসকলে ৰাজেশ্বৰী-মায়াহঁতৰ প্ৰতি সদায় অশ্লীল দৃষ্টি ৰাখে।নিজৰ অসৎ উদ্দেশ্য সিদ্ধি নোহোৱাৰ বাবেই তেওঁলোকক সমাজৰ দৃষ্টিত চৰিত্ৰহীনা সাজে।এই কথা জনাৰ পাছতো ৰমেশহঁতৰ দৰে যুৱকসকলে সমাজৰ তথাকথিত মুধাফুটা লোকসকলৰ পক্ষত থিয় হৈ মায়াহঁতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে।তেতিয়া বৰদেউতাই কৈছে-'তোমালোকে ঘৰটো জুই লগাই দিব পাৰা,তাতে ৰাজেশ্বৰীকো জাপি দিব পাৰা,আনকি মায়াকো বিচাৰি আনি সেই জুইত পেলাই দিব পাৰা ।কিন্তু তাৰ পৰা সমস্যাৰ সমাধান নহয়।মায়াহঁতে কিয় এনে কৰিছে--যদি সঁচাই সেইবোৰ কৰিছে--তেন্তে কিয় কৰিছে তাক বিচাৰ কৰি প্ৰতিকাৰ কৰিব নোৱাৰিলে ৰাজেশ্বৰী ,মায়া -ইহঁত ওলায়ে থাকিব।…'
লেখকে 'বৰদেউতা'গল্পটিত 'মায়া'চৰিত্ৰটিক এটা বলিষ্ঠ চৰিত্ৰ ৰূপে তুলি ধৰিবলৈ চেষ্টা কৰিছে।গাওঁ এৰি চিৰকাললৈ গুছি যোৱাৰ আগ মূহুৰ্তত বৰদেউতাক লগ কৰিবলৈ অহা মায়া ৰমেশৰ মুখামুখি হওঁতে অকনো বিচলিত হোৱা নাই,বৰঞ্চ সিহে বিচলিত হৈছে।বৰদেউতাৰ সন্মুখতে তাই কৈ দিছে কেনেকৈ তাই সহায় বিচাৰি যাওঁতে এইখন সমাজৰে কিছুমান মানুহে তাইক অশুভ ইংগিত দিছিল আৰু সেই ইংগিতত তাই সন্মত নোহোৱাৰ বাবেই তাইক চৰিত্ৰহীনা বুলি শাস্তি দিবলৈ সকলো তৎপৰ হৈ উঠিছে। বৰদেউতাৰ সন্মুখত তাই বক্ৰোক্তিপূৰ্ণ ভাষাৰে কোৱা এই কথা শুনি ৰমেশে পলাবলৈ বাট বিচাৰি পোৱা নাই।কিন্তু সমাজৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে অকলে থিয় হোৱাৰ সাহস মায়াৰ নাই।সেই দৃষ্টিৰে লক্ষ কৰিলে জ্যোতিপ্ৰসাদৰ 'কাৰেঙৰ লিগিৰী' নাটকৰ কাঞ্চন কুঁৱৰী চৰিত্ৰৰ এটি আভাস মায়াত দেখিবলৈ পোৱা যায়।কাঞ্চন কুঁৱৰীৰ দৰে মায়াও যুক্তিবাদী ,কিন্তু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে অকলে যুঁজ দিয়াৰ সাহস বা মানসিকতা তাই গোটাব পৰা নাই।আধুনিকতাই আমাৰ সমাজ ব্যৱস্থাৰ দৈনন্দিন জীৱন ধাৰাত ব্যাপক পৰিৱৰ্তন অানিলেও আমাৰ মানসিকতাৰ বিশেষ পৰিৱৰ্তন ঘটাব পৰা নাই।সেইবাবেই মায়াৰ দৰে ছোৱালীক কেৱল অৰ্থনৈতিক দূৰাৱস্থাই দুৰ্বল কৰি পেলোৱা নাই ,পৰম্পৰাগত নাৰী-ভাৱনাৰ পৰাও তাই মুক্ত নহয়।নহয় বাবেই অন্যায়ৰ প্ৰতিবাদ কৰাৰ সাহস তাইৰ নাই।
আধুনিক জীৱন প্ৰৱাহত ক্ৰমশ: হেৰাই যোৱা মানুহৰ মানৱতা অাৰু মূল্যবোধৰ অপমৃত্যুক প্ৰতিপাদ্য বিষয় হিচাপে লৈ যোগেশ দাসে লিখা 'প্ৰাত: সন্ধ্যা' নামৰ গল্পটি আন এটি উল্লেখযোগ্য গল্প।বাৰ্দ্ধক্য কালত মানুহ নিজৰে আত্মীয় -স্বজনৰ ওচৰতে অৱহেলিত হোৱাৰ সঁচা কাহিনীক হৃদয়স্পৰ্শী ৰূপত গল্পটিত সুন্দৰকৈ চিত্ৰিত কৰা হৈছে।গল্পত বৰ্ণিত তিনিজন বৃদ্ধ সদায় একেলগে প্ৰাত: ভ্ৰমনলৈ ওলাই যায়।তেওঁলোক অাটাইয়ে নিজৰ নিজৰ ঘৰত পুতেক-বোৱাৰীয়েক,জীয়েক-জোঁৱায়েকহঁতৰ দ্বাৰা অৱহেলিত।কিন্তু এই কথা পৰস্পৰৰ পৰা লুকুৱাই ৰাখি আটাইকেইজন বৃদ্ধই এজনে আন এজনৰ আগত নিজৰ নিজৰ সুখ-স্বাচ্ছন্দ্যৰ মিছা কাহিনী বৰ্ণনা কৰিবলৈ ব্যৰ্থ চেষ্টা কৰে।আচল সত্য কিন্তু সকলোৱে জানে।গল্পত বৰ্ণিত পদ্ম হাজৰিকাৰ চৰিত্ৰটো লেখকৰ দ্বাৰা সৃষ্ট এটা বৰ সুন্দৰ অাৰু সাৰ্থক চৰিত্ৰ বুলি ক'ব পাৰি।পদ্ম হাজৰিকাই হাজৰিকানীৰ অমত স্বত্তেও সৰু পুতেক দুজনৰ বিয়া পাতি দিছিল সিহঁতৰ পচন্দ মতে ।এই কথাৰ বাবেই হাজৰিকাৰ লগত মনোমালিন্য ঘটাত হাজৰিকানীয়ে উচাৎ মাৰি গৈ ডাঙৰ পুতেকৰ লগত থাকিবলৈ লৈছিল।ইফালে দিন বাগৰি যোৱাৰ লগে লগে পুতেক -বোৱাৰীয়েকহঁতে হাজৰিকাক দেখিব নোৱাৰা হৈ অাহিছে।ঘৰখনৰ বাবে তেওঁ বোজা স্বৰূপ হৈ পৰাৰ লগে লগে এই বৃদ্ধ বয়সতো গেবাৰী খাটিব লগীয়া অৱস্থা হৈছে।তেনে অৱস্থাত হাজৰিকাই তেওঁৰ লগৰ অন্য এজন বৃদ্ধৰ কথা মতে পুতেক-বোৱাৰীয়েকহঁতক মজা দেখুৱাবলৈ উকীল এজনৰ তাত সম্পত্তিৰ উইল কৰাৰ ভাও জুৰিলে।উইলৰ কথা জনাজনি হোৱাৰ লগে লগে হঠাৎ পুতেক-বোৱাৰীয়েকহঁতৰ অাচৰণৰো সলনি হ'ল।সকলোৱে তেওঁক খুব আল পৈচান ধৰিবলৈ অাৰম্ভ কৰিলে।টান কাম একো এটা তেওঁক কৰিব নিদিয়া হ'ল।আনকি ডাঙৰ পুতেকৰ ঘৰৰ পৰা হাজৰিকানীও ল'ৰি আহিল অাৰু হাজৰিকাৰ আদৰ যত্ন ল'বলৈ ধৰিলে।মানুহৰ স্বাৰ্থপৰতাৰ এনে ৰূপ দেখাৰ পাছতো কিন্তু ঘৈণীয়েকৰ উপস্থিতি আৰু সান্নিধ্য তেওঁৰ ভাল লাগিল।গল্পকাৰৰ ভাষাত- 'হাজৰিকানীৰ উপস্থিতিয়ে অৱশ্যে তেওঁক বৰ দুৰ্বল কৰি পেলাইছিল।মানুহজনীয়ে যিমানেই তেওঁক অৱহেলা নকৰক,খং কৰি তেওঁক এৰি পুতেকৰ তালৈ গুচি গ'লেও তেওঁ অনুভৱ কৰিলে যে এই মানুহজনীৰ লগত তেওঁ এৰাব নোৱাৰাকৈ বান্ধ খাই অাছে।হাজৰিকানীক এৰি তেওঁ তেওঁৰ জীৱনৰ কথা ভাৱিবই নোৱাৰে।চাহটোপা আনি দিয়া,গা ধুবলৈ পানী তপতাই দিয়া,ভাত খাই থাকোঁতে চাই থাকি কেতিয়াবা বোৱাৰীয়েকহঁতক 'দেউতাৰক মাছ অাৰু অকন দে অ' বুলি কোৱা,এইবোৰে তেওঁক কল্পনা কৰিবলৈ দিয়ে যে তেওঁলোকৰ সেই পুৰনা দিনবোৰ এতিয়াও অাছে,সেইবোৰ দিন কেতিয়াও পুৰনা নহয়।হাজৰিকানীৰ স্বাৰ্থপৰতাৰ কথা,তেওঁ যে বৰপুতেকৰ কাৰণেহে অাহিছে,এই কথা তেওঁৰ বিশ্বাস নকৰিবলৈ মন যায়।কিন্তু তেনেকুৱা মুহূৰ্তবোৰ বাদ দিলে সমস্ত ঘটনাটোৱে হাজৰিকাক বৰ কৰুণ কৰি তুলিলে।'
দৈনন্দিন জীৱনৰ ঘাত-প্ৰতিঘাত,স্বাৰ্থপৰতা আদিৰ বাবে স্বামী-স্ত্ৰীৰ সম্বন্ধত কেতিয়াবা ফাঁট মেলিলেও এই সম্পৰ্কটোত গল্পকাৰ যোগেশ দাসে এটা অটুত বান্ধোন লক্ষ কৰিছে।তেওঁৰ 'বান্ধৱ' নামৰ গল্পটিত তেনে এটি চিত্ৰ অত্যন্ত সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত হৈছে: ব্ৰজমোহন বৰুৱা আৰু তেওঁৰ পত্নী জ্যোতিৰ্ময়ীৰ সম্পৰ্কত অাছে এখন বৃহৎ দেৱাল।নিতান্তই প্ৰয়োজন নহ'লে বৰুৱাই তেওঁৰ লগত কথা-বতৰা একো নাপাতে।গল্পকাৰৰ ভাষাৰে-' মদ,কুকুৰ অাৰু কিতাপযে বৰুৱাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে সেই কথা ইয়াৰ বহুতে কোৱা বখনা কৰে।আৰু এটি সংগী তেওঁৰ অাছে :বন্দুকটো।'কুকুৰক খোৱাবলৈ অনাৰ বাহিৰে মানুহজনীয়ে খাওক বুলি তেওঁ কেতিয়াও ঘৰলৈ মাংস অকন নানে।গিৰিয়েকৰ এনে আচৰণত অতীষ্ঠ হৈ জ্যোতিৰ্ময়ীয়েও বৰুৱাৰ লগত কথা পাতিবলৈকে এৰি দিছে।তেওঁ কিছু খিংখিঙীয়াও হৈ উঠিছে।বৰুৱাই 'হয়নে হেৰা,ই গুবিনে বজাৰৰ পৰা মাংস আনিলেনে ?'বুলি সুধিলে জ্যোতিৰ্ময়ীয়ে নুশুনাৰ ভাও জুৰি বহি থাকে।কাৰণ তেওঁ জানে যে বৰুৱাৰ এইষাৰ মাতত কোনো অান্তৰিকতা নাই।তেওঁ একো উত্তৰ নিদিয়া দেখি বৰুৱাই পুনৰ একেষাৰ প্ৰশ্নকে সুধিলে সেয়ে তেওঁৰ মুখেৰে টানকৈয়ে ওলাই অাহে-'আনিলে আনিলে'।টানকৈ উত্তৰটো দিয়াৰ পাছত আকৌ জ্যোতিৰ্ময়ীয়ে ভাৱে-এনেকৈ টানকৈ উত্তৰ দিব নালাগিছিল নেকি বাৰু?সিফালে বৰুৱাই জ্যোতিৰ্ময়ীৰ খংটোলৈ ভ্ৰূক্ষেপ নকৰি স্বাভাৱিক ভাৱে গাত নলগা ভাৱেৰে 'বেচ' বুলি কৈ বাথৰূমৰ ফালে যায়গৈ।এই যে বৰুৱা আৰু বৰুৱানীৰ মাজৰ সম্পৰ্কৰ ফাঁটটো- তাৰো কাৰণ অাছিল।দোষ দুয়োৰে আছিল।বৰুৱাৰ আছিল মদ খোৱাৰ অভ্যাস আৰু এই অভ্যাসটোকে জ্যোতিৰ্ময়ীয়ে আটাইতকৈ বেয়া পাইছিল।বাহিৰত মদ খাই আহি ঘৰত হুলস্থূল কৰাটো বৰুৱাৰ অভ্যাসত পৰিণত হৈছিল।অসৎ চৰিত্ৰৰ কোনোবা তিৰোতা এজনীৰ লগত তেওঁৰ সম্পৰ্ক থকা বুলিও জ্যোতিৰ্ময়ীয়ে গম পাইছিল।অতীষ্ঠ হৈ তেওঁ নিজৰ ছোৱালী কেইজনীক দেউতাকৰ ছাঁৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।অকল সেয়ে নহয়,গিৰিয়েকক এসেকা দিবৰ বাবে ডেকা ল'ৰা এজনৰ লগত বৰুৱাই দেখাকৈ বৰকৈ হলি গলি কৰাৰ অভিনয়ো কৰিছিল।পাছত সেই অভিনয়ে কাল হৈছিলগৈ।কাৰণ, নিজে ক'ব নোৱাৰাকৈয়ে তেওঁ সেই ল'ৰাজনক সঁচাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰিছিল।কিন্তু কোনো অঘটন হোৱাৰ পূৰ্বে ,ভাগ্যে ল'ৰাজন বদলি হৈ তাৰ পৰা গুচি গৈছিল।ইতিমধ্যে ছোৱালীকেইজনীৰো বিয়া হৈ গৈছিল।দিনবোৰ বাগৰি গৈছিল,কিন্তু বৰুৱাই পাহৰিব পৰা নাছিল জ্যোতিৰ্ময়ীয়ে কৰা বিশ্বাসঘাতকতাৰ কথা।অন্য নাৰীৰ সৈতে লেটি-পেটি তেৱোঁ কৰিছিল,কিন্তু সামন্ততান্ত্ৰিক মানসিকতাৰে তেওঁ পুৰুষে কৰা এনে অনৈতিক কাৰ্য যেন একো কথাই নহয় তেনে ভাৱেৰে দোষ ধৰিলে কেৱল ঘৈণীয়েকৰ।বৰুৱাই তেওঁক পোনপটীয়াকৈ খং -ৰাগ একো নকৰিলে যদিও জ্যোতিৰ্ময়ীৰ সৈতে মাতবোল কৰিবলৈ সমুলি এৰি দিলে।নিতান্তই প্ৰয়োজন নহ'লে তেওঁ পত্নীৰ সৈতে একো কথাই নপতা হ'ল।এতিয়া কেৱল মদ,কুকুৰ আৰু কিতাপেই তেওঁৰ সংগী।এজনী এজনীকৈ আটাইকেইজনী ছোৱালীক বিয়া দি উলিয়াই দিয়াৰ পাছত ঘৰখন তেনেই নিজান পৰি গ'ল।ইফালে বয়স বাঢ়ি অহাৰ লগে লগে জ্যোতিৰ্ময়ীৰো দেহাত বেমাৰে লগ নেৰা হ'ল।স্বামীৰ দ্বাৰা একপ্ৰকাৰে অৱহেলিত আৰু পৰিত্যক্ত হোৱা জ্যোতিৰ্ময়ী বেমাৰী দেহাৰে যন্ত্ৰবৎ ভাৱে সকলো কাম কৰি যায়।...এদিন ৰাতিপুৱা বৰুৱাই দেখিলে পত্নীৰ গাত প্ৰচণ্ড জ্বৰ।তেওঁ গৈ কাষতে বহিল আৰু মূৰত হাত বুলাই দিলে।বৰুৱাক তেনেদৰে বহুদিনৰ মূৰত কাষত দেখা পাই জ্যোতিৰ্ময়ীৰ চকুপানী ওলাই আহিল।আওবাটে গৈ বিশ্বাসঘাতকতা কৰা জ্যোতিৰ্ময়ীৰ প্ৰতি যিমানে কঠোৰ হ'লেও বৰুৱাৰ হৃদয়ৰ কোনোবা এচুকত যে পত্নীৰ প্ৰতি অকন হ'লেও মৰম বা সহানুভূতি আছিল সেই কথাকে গল্পকাৰে অত্যন্ত হৃদয়স্পৰ্শী ৰূপত গল্পটিত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
যোগেশ দাসৰ 'ক্ষুদ্ৰাতিক্ষুদ্ৰ' নামৰ গল্পটিত বাৰ্ধক্য-মনস্তত্বক সুন্দৰ আৰু কলাত্মক ৰূপত প্ৰতিফলিত কৰা হৈছে।ইতিমধ্যে ওপৰত আলোচনা কৰা 'প্ৰাত:সন্ধ্যা' নামৰ গল্পটিৰ দৰে এই গল্পটিতো তেখেতে অংকিত কৰিবলৈ চেষ্টা কৰিছে-বাৰ্ধক্য কালত অাত্মীয়-স্বজনৰ ওচৰতে মানুহ অৱহেলিত হৈ উঠা এক হৃদয়স্পৰ্শী দৃশ্য।তাৰ লগতে অাছে এক বিশেষ বাৰ্ধক্য মনস্তত্বৰ প্ৰকাশ।গল্পৰ মুখ্য চৰিত্ৰ শান্তনু বৰুৱাৰ সমস্যা হৈছে তেওঁ অাজিকালি সকলো বস্তুকে প্ৰয়োজনতকৈ বেছি সৰুকৈ দেখা পায়।সেয়ে তেওঁ আই স্পেচিয়েলিষ্ট ডাক্টৰ সনৎ দত্তৰ ওচৰলৈ গৈছে।ডা:সনৎ দত্তই তেওঁৰ চকু পৰীক্ষা কৰি নতুন চচমা এযোৰ দিছে।কেইদিনমানৰ পাছত বুঢ়া আকৌ ওলালহি।তেওঁৰ চকু ভাল হোৱা নাই।সকলো বস্তু আগৰ দৰেই সৰু দেখা পায়।ডাক্টৰে অনুমান কৰিলে যে তেওঁৰ যদি অন্য একো প্ৰব্লেম নাই তেন্তে নিশ্চয় বয়সজনিত মানসিক ৰোগো হ'ব পাৰে।সেয়ে তেওঁ বৃদ্ধক মানসিক ৰোগৰ চিকিৎসক ডা:ৰূপালী কাকতিৰ চেম্বাৰলৈ পঠিয়াই দিছে।ডা:ৰূপালী কাকতিৰ তালৈ গৈয়ো বৃদ্ধই তেওঁৰ স্বভাৱ বা অভ্যাসবশত: অনৰ্গল ভাৱে কথা পাতিবলৈ আৰম্ভ কৰিলে- 'আইদেউ,তুমি তেনেই ছোৱালী মানুহ।তোমাৰ নাম শুনি মই অান ধৰণেৰেহে ভাৱি অাছিলোঁ।মই তোমাক তুমিয়েই বুলিলোঁ-মই বুঢ়া মানুহ-তুমি বেয়া পাবা নেকি?' উত্তৰত ৰূপালীয়ে এনেয়ে 'নাই পোৱা' বুলি কোৱাত বৃদ্ধই নিজৰ চকুৰ সমস্যাৰ পৰিৱৰ্তে অন্য কথাৰহে বকলা মেলিলে-'বেছ বেছ বেছ…বৰ সন্তোষ পালোঁ,বৰ সন্তোষ পালোঁ।বিদূষী ছোৱালী তুমি,ইমান জ্ঞানী হৈছা তোমালোকৰ আচল ঘৰ ক'ত?…'ইত্যাদি।গল্পকাৰৰ কথনশৈলীৰ দক্ষতা বুজিবলৈ এই গল্পটিয়েই যথেষ্ট।চুটি চুটি ৰসঘন বাক্যৰে গল্পকাৰে বৃদ্ধৰ মানসিকতাক এনেদৰে তুলি ধৰিছে যে গল্পটি পঢ়ি যাওঁতে পাঠকৰ উৎস্যুকতা বাঢ়ি গৈ থাকিব।কথাৰ মাজতে বৃদ্ধই ৰূপালী কাকতিক তেওঁ থকা ঘৰটো নিজা নেকি বুলি সোধাত 'নাই,ক'ত নিজা?ভাড়াঘৰ,নিজা ঘৰ হ'বলৈ গোটেই জীৱনটো লাগিব যেন পাইছোঁ' বুলি ৰূপালীয়ে উত্তৰ দিছে।তেতিয়া বৃদ্ধই অলপ ধেমেলিয়া সুৰত ক'লে-'ধন-পইচা হোৱা নাই নেকি?' ৰূপালীৰ উত্তৰ-'নাই,ক'ৰ ধন-পইচা হ'ব?' বৃদ্ধই তেতিয়া কৈছে-'তুমি বাট ল'ব জনা নাই হ'বলা'। আকৌ ডা: ৰূপালী কাকতিয়ে তেওঁৰ অসুখৰ কথা জানিব খোজাত শান্তনু বৰুৱাই ক'লে- 'থোৱাহে অসুখ-চসুখ!তোমাৰ লগত চিনাকী হ'লো যেতিয়া বেমাৰ আজাৰ দেখুৱাই থাকিব পাৰিম।আজিলৈ চিনাকী হোৱাতে থ'কচোন-কি বোলা?' ....বৃদ্ধৰ অনৰ্গল কথাত ৰূপালী কাকতি বিৰক্ত হৈছিল যদিও তেওঁৰ কথাবোৰৰ মাজত আত্মীয়-স্বজন অৰ্থাৎ নিজৰ পুতেক-জীয়েকসকলৰ প্ৰতি বৃদ্ধৰ তীব্ৰ বিষোদগাৰৰ ভাৱ স্পষ্টকৈ তেওঁ উপলদ্ধি কৰিলে।আচলতে যি অাদৰ্শ আৰু সংস্কাৰত তেওঁ পুতেক-জীয়েকহঁতক ডাঙৰ -দীঘল কৰিব বিচাৰিছিল সেয়া বাস্তৱত হোৱা নাছিল।সেইবাবেই বৃদ্ধই নতুন নতুন চচমা সলাই পিন্ধাৰ পাছতো সকলো বস্তুকে তেনেই তুচ্ছ বা সৰু দেখাৰ অন্তৰালত যে প্ৰকৃততে ক্ষয়িষ্ণু মূল্যবোধৰ বিৰুদ্ধে বিক্ষুব্ধ এটা মনস্তাত্বিক কাৰণ লুকাই আছিল সেই কথা বুজিবলৈ ৰূপালী কাকতিৰ বেছি পৰ নালাগিল।
যোগেশ দাসৰ উপন্যাস সমূহতো একেদৰে সামাজিক সমস্যাসমূহৰ চিত্ৰণ দেখিবলৈ পোৱা যায়।ডুমডুমাৰ চুক্ৰেটিং এয়াৰ ফিল্ডত চাকৰি কৰি থকা কালত প্ৰত্যক্ষ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ পটভুমিত ৰচনা কৰা 'ডাৱৰ আৰু নাই' তেখেতৰ সাৰ্থক সৃষ্টি।উপন্যাসখনৰ সম্পৰ্কত যথেষ্ট আলেচনা হৈছে।সমালোচক সকলৰ মতেও উপন্যাসখন অসমীয়া সাহিত্যলৈ এক অনবদ্য সংযোজন।সেইদৰে তেখেতৰ দ্বাৰা অনুদিত গ্ৰন্থ সমূহে অসমীয়া অনুবাদ সাহিত্যৰ আয়তন যথেষ্ট বৃদ্ধি কৰিছে।ইংৰাজীত ৰচিত Folklore of Assam গ্ৰন্থৰ জৰিয়তে তেখেতে অসমীয়া লোক সংস্কৃতিৰ বহু দিশ আলোকিত কৰিছে।
1999 চনত ইহ সংসাৰ ত্যাগ কৰা যোগেশ দাসৰ সাহিত্য-জগতলৈ যোগোৱা অতুলনীয় অৱদান চিৰস্মৰণিয় হৈ থাকিব। (সমাপ্ত)
No comments:
Post a Comment