সংস্কৃতিপ্ৰাণ ব্যক্তি গোপাল ৰায়চৌধুৰী
- বীৰ্কে বি. থাপা
অসমৰ বায়ু-পানী-মাটিৰ স'তে মিলি অসমীয়া ভাষা-সাহিত্য-কৃষ্টি-সংস্কৃতিক নিজৰ বুলি আকোঁৱালী লৈ অসমীয়া সমাজৰ বাবে নিৰলসভাৱে কাম কৰি যোৱা এগৰাকী ব্যক্তি হৈছে - তিনিচুকীয়া জিলাৰ অন্তৰ্গত তালাপৰ বিশিষ্ট নাগৰিক শ্ৰীযুত গোপাল ৰায়চৌধুৰী। জন্মসূত্ৰে এগৰাকী বাংলাভাষী লোক হোৱা সত্ত্বেও ৰায়চৌধুৰীছাৰে তেখেতৰ জীৱনাদৰ্শৰ মাজেৰে দেখুৱাই অহা অসমীয়া জাতিপ্ৰেম আৰু সম্প্ৰীতি ভৱিষ্যৎ প্রজন্মৰ বাবে নি:সন্দেহে এক আদৰ্শ হৈ ৰ'ব।
গোপাল ৰায়চৌধুৰী ছাৰৰ পিতৃ প্ৰয়াত হৰিপদ ৰায়চৌধুৰী আৰু মাতৃ প্ৰয়াত চাৰুলতা ৰায়চৌধুৰী আছিল ডাঙৰী চিৰিং গাঁৱৰ বহু পুৰনি বাসিন্দা। উল্লেখযোগ্য যে ,ডাঙৰী ৰেল ষ্টেচনৰ কাষৰ এটা বৃহৎ এলেকাত (বৰ্তমানৰ নিজৰা পাৰৰ পৰা বিল গাঁৱৰ দলঙলৈকে) প্ৰায় বাৰ-পোন্ধৰ ঘৰ বাংলাভাষীলোকে বহুবছৰ ধৰি বসবাস কৰি আছিল।পঞ্চাশৰ দশকত এইসকলৰ বেছিভাগ লোকেই অন্য ঠাইলৈ প্ৰত্যাৱৰ্তন কৰিছিল যদিও নিজৰ মাটি-ভেঁটি এৰি প্ৰয়াত হৰিপদ ৰায়চৌধুৰীৰ পৰিয়ালটো অন্য ক'লৈকো যোৱা নাছিল।
ঘৰখনৰ জ্যেষ্ঠ সন্তান ৰূপে 1938 চনত জন্ম গ্ৰহণ কৰা গোপাল ৰায়চৌধুৰী ছাৰে তেখেতৰ শিক্ষা জীৱনৰ পাতনি মেলিছিল ডাঙৰী প্ৰাথমিক বিদ্যালয়ত।1959 চনত তেখেতে ডাঙৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।1962 চনত কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰায়চৌধুৰীছাৰে 1963 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যয়নৰ বাবে নাম ভৰ্তি কৰে।কিন্তু পিতৃৰ অসুস্থতাৰ বাবে তেখেতে অধ্যয়ন সম্পূৰ্ণ কৰিব নোৱাৰিলে।1964 চনত তেখেতে ডাঙৰী উচ্চ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।তেখেতে চাকৰিত যোগ দিয়াৰ এবছৰমানৰ পাছতে একমাত্ৰ ভায়েক নেপাল ৰয়ৰ অকাল মৃত্যু ঘটিছিল।এই ঘটনা আছিল তেখেতৰ জীৱনৰ এক মৰ্মান্তিক ঘটনা।নেপাল ৰয় অাছিল অত্যন্ত মেধাৱী ছাত্ৰ।ডাঙৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত গণিতত লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰথমজন ছাত্ৰই আছিল তেওঁ।তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
গোপাল ৰায়চৌধুৰীছাৰে কৰ্মজীৱনৰ এটা সুদীৰ্ঘ কাল ডাঙৰী উচ্চ ইংৰাজী বিদ্যালয়তে অত্যন্ত নিষ্ঠা আৰু সততাৰে অতিবাহিত কৰিছিল।1988 চনত তেখেতে ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ আৰু পাছত 1996 চনত বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব কান্ধ পাতি লয়। 2000 চনত কৰ্মজীৱনৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে।
গোপাল ৰায়চৌধুৰী ছাৰ ডাঙৰ দীঘল হৈছিল ডাঙৰী অঞ্চলৰ অসমীয়া সমাজত।গতিকে
স্বাভাৱিকতে অসমীয়া সমাজ-জীৱনৰ সৈতে তেখেত ল'ৰালি কালৰে পৰা পৰিচিত আছিল।এটা সংস্কৃতিপ্ৰাণ মনৰ বাবে সেয়ে তেখেতে সৰুৰে পৰাই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীসমূহত অংশগ্ৰহণো কৰিছিল।সৰুতে দুৰ্গা পূজাৰ সময়ছোৱাত দেউতাকৰ লগত গৈ তেখেতে চাহ বাগিচাসমূহত উৰে নিশা ' যাত্ৰা ' উপভোগ কৰিছিল।তেখেতৰ দেউতাকো এসময়ত 'যাত্ৰা পাৰ্টি'ত আছিল আৰু সুন্দৰ অভিনয় কৰিছিল।নাটক আৰু অভিনয়ৰ প্ৰতি এনেদৰেই তেখেতৰ মনত এক প্ৰকাৰৰ দুৰ্বলতা সৰুৰে পৰাই গঢ় লৈ উঠিছিল-যাৰ ফলস্বৰূপে স্কুলত পঢ়ি থকা কালতে 1949 চনত নাটক এখনত অভিনয় কৰি তেখেতে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈকো সক্ষম হৈছিল।পৰৱৰ্তী কালত এই অভিনয় -অনুৰাগী মনৰ এক সৰ্বাত্মক প্ৰভাৱ প্ৰতিফলিত হৈ উঠিছিল তেখেতৰ ব্যক্তিত্বত।
উল্লেখযোগ্য যে , শিক্ষা-সাহিত্য-সংস্কৃতি আদিৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰত ডাঙৰী অঞ্চলৰ খ্যাতি বহু পূৰ্বৰে পৰা আছিল।প্ৰয়াত যাদৱচন্দ্ৰ খাখলাৰী,দণ্ডীধৰ ফাটোৱালী আদিৰ দৰে ব্যক্তিসকলৰ প্ৰচেষ্টাত চল্লিশৰ দশকৰ পৰাই বৃহত্তৰ ডাঙৰী অঞ্চলত শিক্ষা-সাহিত্য-সংস্কৃতিৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল।পৰৱৰ্তী কালত এইক্ষেত্ৰত আগভাগ লৈছিল প্ৰয়াত ভুৱন চন্দ্ৰ শইকীয়া,গকুল সোনোৱাল,বিধান চন্দ্ৰ বড়া,দণ্ডীধৰ ফাটোৱালী,ভীমকান্ত বুঢ়াগোঁহাই, ভৱানন্দ বুঢ়াগোঁহাই,শ্ৰীনন্দ গোস্বামী,দয়াল শইকীয়া,যতীন্দ্ৰ ৰাম খাউণ্ড আদিৰ দৰে বহুকেইগৰাকী ব্যক্তিয়ে। ৰায়চৌধুৰীছাৰে তেখেতৰ জীৱনৰ আগবয়সৰ পৰাই এইসকল ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল আৰু তেখেতসকলৰ সাহচৰ্যত বিভিন্ন সাহিত্য-সংস্কৃতিমূলক কামৰ সৈতে জড়িত হৈ পৰিছিল।ক'বলৈ গ'লে বৃহত্তৰ ডাঙৰী আৰু তালাপ অঞ্চলৰ শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে ষাঠীৰ দশকৰ পৰা যিসকল বৰেণ্য ব্যক্তিয়ে নিৰলসভাৱে চেষ্টা চলাই গৈছিল সেই সকলৰ ভিতৰত ৰায়চৌধুৰী ছাৰো আছিল অন্যতম।
শিক্ষকতাৰ উপৰিও তেখেতে নিজৰ সমাজখনৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰে আনুমানিক 60ৰ দশকৰ পৰাই এগৰাকী লেখক, চিত্ৰশিল্পী , অভিনেতা আৰু সাহিত্য -সংগঠক হিচাপে এই অঞ্চললৈ প্ৰভুত অৱদান আগবঢ়াই গৈছিল।প্ৰাপ্ত তথ্য মতে তেখেতসকলৰ দৰে এচাম সংস্কৃতিপ্ৰেমী লোকৰ প্ৰচেষ্টাতে 1964 চনত 'মিলিত শিল্পী সমাজ' নামে এটি অনুষ্ঠান গঠন কৰা হৈছিল।এই অনুষ্ঠানৰ তেখেত আছিল এগৰাকী সক্ৰিয় সদস্য।সেইদৰে ডাঙৰীত 'সাহিত্য কলা-সংস্কৃতি আলোচনা চক্ৰ' গঠনৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছিল যথেষ্ট তেখেতৰ উদ্যোগ আৰু প্ৰচেষ্টাতে জন্ম লাভ কৰিছিল 'নৱনাট্যৰূপ বহুমূখী নাট্য সমাজ', 'অংগীকাৰ নাট্য সমাজ'আদিৰ দৰে অনুষ্ঠান। এই অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ তেখেতে বহুকেইখন নাট নিজে ৰচনা কৰি মঞ্চস্থ কৰাইছিল।তেখেতৰ দ্বাৰা ৰচিত ও পৰিচালিত
লতিঘটি,পৰিণাম,বোৱাৰী বিচাৰি,আমিয়েই ৰাখিম দেশখন,ফিফ্টি ফিফ্টি আদি নাটকসমূহে দৰ্শকৰ প্ৰশংসা বুটলাৰ উপৰিও সমগ্ৰ অঞ্চলতে নাট্যচৰ্চাৰ এক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছিল।মঞ্চনাটৰ উপৰিও তেখেতে অনাতাঁৰ নাটতো অংশ গ্ৰহণ কৰিছিল আৰু পুৰস্কৃতও হৈছিল। এগৰাকী লেখক হিচাপে গোপাল ৰায়চৌধুৰী ছাৰৰ প্ৰতিভাৰ সুন্দৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায় তেখেতৰ দ্বাৰা ৰচিত নাটসমূহত।
নাটকৰ উপৰিও তেখেতে 'নতুন অসমীয়া' কাকতত গল্প লিখিছিল।তেখেতৰ দ্বাৰা ৰচিত গল্পসমূহ হৈছে-কলংকিনী চন্দ্ৰমা,শিল্পী,কুঁৱলী আঁতৰি গ'ল,নীৰৱ বহ্নি শিখা,গংগা আদি।চুটি গল্পৰ নিৰ্মান শৈলী ,ভাৱ আৰু বিষয়বস্তুৰ গভীৰতা আদিৰ দিশৰ পৰা লক্ষ কৰিলে গল্পকাৰ হিচাপে তেখেতৰ মাজত প্ৰচুৰ সম্ভাৱনা লুকাই আছিল বুলি ক'ব পাৰি।কিন্তু এই দিশত তেখেত একাণপতীয়াকৈ লাগি নাথাকিল।গল্পৰ উপৰিও স্থানীয় বিভিন্ন অনুষ্ঠানৰ মুখপত্ৰ,স্মৃতিগ্ৰন্থ আদিত তেখেতৰ প্ৰবন্ধ আৰু কবিতাও প্ৰকাশ পাইছে। ৰায়চৌধুৰীছাৰৰ প্ৰবন্ধসমূহ যথেষ্ঠ তথ্যসমৃদ্ধ।বৃহত্তৰ ডাঙৰী অঞ্চলৰ শিক্ষা,সংস্কৃতি আৰু নাট্যচৰ্চা সম্পৰ্কত তেখেতে কেইবাটাও অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছে।অৱসৰ গ্ৰহণৰ পাছত তেখেতে এখনি শিক্ষাবিষয়ক পুথি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও পূৰ্বতে লিখা গল্পসমূহৰ পাণ্ডুলিপিও প্ৰকাশৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
এগৰাকী চিত্ৰশিল্পী হিচাপেও তেখেতৰ প্ৰতিভা আছিল অতুলনীয়। তেখেতে পেঞ্চিল আৰ্ট,ডাষ্ট পেইন্ট,ৱাটাৰ পেইন্ট,অইল পেইন্ট আদি সকলোতে অপূৰ্ব দক্ষতাৰ পৰিচয় দিছিল।তেখেতে অংকণ কৰা চিত্ৰসমূহ আছিল চিত্রশিল্পী হিচাপে থকা তেখেতৰ প্ৰতিভা ও নিপুনতাৰ পৰিচায়ক। বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ বাবে ছাৰে লিখা চাইনবোৰ্ডবোৰে তেখেতৰ সুন্দৰ হাতৰ আখৰৰ চানেকি বহন কৰিছিল।সেইদৰে ধান খেৰৰ নৰা,গছৰ ডাল-পাত, কাপোৰ আদিৰে তেখেতে বিভিন্ন বয়বস্তু তৈয়াৰ কৰিছিল।নিজ হাতে মাছ ধৰা জাল গুঁঠিছিল,পাচি-খৰাহী সাজিছিল, বেজীৰে সি নিজে পিন্ধা চোলা -কামিজ তৈয়াৰ কৰিছিল।
ডাঙৰী শাখা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ গুৰু দায়িত্বও গোপাল ৰায়চৌধুৰীছাৰে নি:স্বাৰ্থভাৱে পালন কৰি গৈছিল।সাহিত্য সভাৰ সাংগঠনিক কামত তেখেতে দিনে নিশাই অক্লান্তভাৱে শ্ৰম কৰি গৈছিল।অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ তেখেত আছিল পত্ৰিকা সম্পাদক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য।শিক্ষক হিচাপেও ৰায়চৌধুৰীছাৰ আছিল অত্যন্ত নিষ্ঠাৱান শিক্ষক। এই নিষ্ঠাপূৰ্ণ কৰ্মৰ বাবেই 2000 চনত তেখেতক তিনিচুকীয়া জিলাৰ কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় । 2004 চনতো 'জনমভূমি কাকত গোষ্ঠী'ৰ দ্বাৰা তেখেতক চিত্ৰশিল্পৰ ক্ষেত্ৰত যুগুৱা বৰঙনীৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
ছাৰৰ স্বভাৱগত বহুবল্কিতা আৰু স্পষ্টবাদিতাই কেতিয়াবা কাৰোবাক বিতুষ্ট কৰিলেও এই কথা সত্য যে তেখেতৰ সৰল মন আৰু নিষ্পাপ আন্তৰিকতাই কিন্তু সকলোকে আপোন কৰি তোলে।খং উঠিলে তেখেতে কাৰোবাক ধমক দিয়ে ,কিন্তু কাৰো প্ৰতি মনত অসূয়া ভাৱ লৈ থাকিব নোৱাৰে।এইয়াই হৈছে তেখেতৰ ব্যক্তিত্বৰ এটা ডাঙৰ গুণ।দ্বিতীয়তে,তেখেতে কেতিয়াও ৰাজনীতিৰ বোকাত সোমাই লুতুৰি-পুতুৰি হোৱা আমি দেখা নাই।ৰাজনীতি,সাম্প্ৰদায়িক বিদ্বেষ, বিভাজন আদিৰ পৰা তেখেত সদায়ে আঁতৰত।
তেখেতৰ প্ৰাণত সজ্জীৱিত হৈ থকা অসমীয়া জাতিপ্ৰেম তথা ভাষা-সাহিত্য-সমাজ আৰু সংস্কৃতি অনুৰাগী মন আমাৰ নতুন প্ৰজন্মৰ বাবে সদায়ে এক আদৰ্শ হৈ ৰ'ব।
(সমাপ্ত)
No comments:
Post a Comment