Sunday, September 27, 2026

ইউটোপীয়াৰ সন্ধানত এখন উপন্যাস-' আমাৰ ধৰালৈ সৰগ নামিছে '


ইউটোপীয়াৰ সন্ধানত এখন উপন্যাস-' আমাৰ ধৰালৈ সৰগ নামিছে ' 

                                                 -   বীৰ্কে বি থাপা 

     ইংৰাজী উপন্যাস Heaven Descends on Our Earth ৰ লেখক হৈছে ডিগবৈৰ 'অসম অইল'ত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰি সম্প্ৰতি অৱসৰ গ্ৰহণ কৰা কেমিকেল ইঞ্জিনীয়াৰ মাণিক শইকীয়া।সম্প্ৰতি উপন্যাসখন 'আমাৰ ধৰালৈ সৰগ নামিছে ' নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে বিশিষ্ট অনুবাদক অতুলচন্দ্ৰ শৰ্মাই।

     অনুদিত 'আমাৰ ধৰালৈ সৰগ নামিছে'  উপন্যাসখনৰ নামকৰণৰ পৰাই অনুমান কৰিব পাৰি যে উপন্যাসখনৰ বিষয়বস্তুৱে নিশ্চিতভাৱে এক প্ৰবল আশাবাদৰ ইংগিত বহন কৰিছে।এই আশাবাদ ভৱিষ্যত পৃথিৱী সম্পৰ্কে।আজিৰ যুগত সৰ্বত্ৰে  উত্থাপিত হোৱা এটা গুৰুতৰ অভিযোগ এয়ে যে আজিৰ প্ৰজন্ম সমূলি ধ্বংস হৈ গৈছে।মূল্যবোধ,নৈতিকতা,মানৱতাবোধ  ইত্যাদি কথাবোৰক সম্পূৰ্ণৰূপে উলাই কৰি নিজকে মদ,ভাং,ড্ৰাগচৰ নিচাত মচগুল কৰি ৰাখি  ভোগবাদী সংস্কৃতিত নিজকে বিলীন কৰি দিয়া এই বিশৃংখলিত ,অধ:পতিত প্ৰজন্মৰ পৰা বিশ্বই ভৱিষ্যতে আৰু একো আশা কৰিব নোৱাৰে।সেইদৰে গোলকীয় উষ্ণতা, প্ৰদূষণ,ধৰ্মীয় অসহিষ্ণুতা,সাম্প্ৰদায়িক বিদ্বেষ, আন্তৰাষ্ট্ৰীয়- বিবাদ,যুদ্ধ-বিগ্ৰহ আদিৰ দৰে বিষয়সমূহেও পৃথিৱীৰ ভৱিষ্যৎ সম্পর্কে যথেষ্ট শংকাৰ সৃষ্টি কৰিছে।কিন্তু এই সকলোবোৰ দ্বিধা আৰু শংকাৰ বিপৰীতে উপন্যাসখনত নতুন প্ৰজন্মৰ হাতত গঢ় লৈ উঠিব পৰা এখন সুন্দৰ পৃথিৱীৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে।

     উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে আশ্চৰ্যজনকভাৱে এটা সুদীৰ্ঘ জীৱন যাপন কৰা এগৰাকী বৃদ্ধ -যিগৰাকী বৃদ্ধই তেওঁৰ শৈশৱতে সপোন দেখিছিল নিজৰ গাওঁখনক সুন্দৰকৈ গঢ়ি তোলাৰ।1955 চনত দৰংপুৰ নামৰ এখন অখ্যাত চহৰৰ সমীপৰ ফুলবাৰী নামৰ গাঁৱত জন্ম গ্ৰহণ কৰা শংকৰ নামৰ এই বৃদ্ধ লোকজনৰ শৈশৱৰ কাহিনীৰে উপন্যাসখনৰ আৰম্ভণি।গাঁৱৰ নতুনকৈ শিল পেলোৱা বাটত পুলিচৰ তীব্ৰবেগী বাহনে এদিন আঠবছৰীয়া শংকৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল।এই দুৰ্ঘটনাটোৰ পাছত শংকৰ আকৌ সুস্থ হৈ উঠিব বুলি কোনেও আশা কৰা নাছিল,কিন্তু তেওঁ লাহে লাহে সুস্থ হৈ উঠিছিল আৰু শৈশৱৰ লগৰীয়া জাকিৰৰ সৈতে পুনৰ খেলিব আৰু স্কুললৈ যাব পৰা হৈছিলগৈ। দুৰ্ঘটনাটোৰ সময়ত তেওঁক চাবলৈ অহা মানুহবোৰৰ মৰম-চেনেহবোৰ দেখি শংকৰে বুজিব পাৰিছিল যে এই পৃথিৱীত ভাল মানুহো আছে।তেওঁ তেতিয়াৰে পৰা মানুহক গভীৰভাৱে বিশ্বাসত ল'বলৈ আৰম্ভ কৰিছিল। ঈশ্বৰৰ প্ৰতি তেওঁৰ বিশ্বাস গভীৰ হৈ উঠিছিল।

       ক্ৰমান্বয়ে শংকৰৰ জীৱনকালত সংঘটিত বিভিন্ন ঘটনাৰ মাজেৰে কাহিনীয়ে অগ্ৰগতি লাভ কৰিছে।বৰ্ণিত কাহিনী অনুসৰি ডাঙৰ হৈ অহাৰ লগে লগে শংকৰ আৰু জাকিৰৰ দুচকুত নিজৰ গাওঁখনৰ ৰূপ এদিন সলাই পেলোৱাৰ সপোন জাগি উঠিছে। অকল গাওঁখনকে নহয় সমস্ত পৃথিৱীখনকে সলাই পেলোৱাৰ সপোন দেখিছে তেওঁলোকে।

       সময়বোৰ তীব্ৰ বেগেৰে পাৰ হৈ গৈছিল।শংকৰ এদিন কিশোৰৰ পৰা যুৱক হৈছিল।সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ মহাবিদ্যালয় এখনত ৰসায়ন বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হৈছিল।তেওঁৰ পত্নী হৈ আহিছিল ৰাণী নামৰ সুন্দৰী এগৰাকী যুৱতী।তাৰপাছতে শংকৰ আৰু ৰাণীৰ জীৱনলৈ আহিল তেওঁলোকৰ সন্তান মানৱ।শৈশৱৰে পৰা সুন্দৰ এখন পৃথিৱীৰ সপোন দেখা শংকৰে তেওঁৰ জীৱনকালত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পৃথিৱীলৈ অহা নতুন নতুন পৰিৱৰ্তনবোৰ প্ৰত্যক্ষ কৰিলে।এই প্ৰযুক্তিগত পৰিৱৰ্তনসমূহক তেওঁ স্বাগতম জনাইছিল,কাৰণ আমাৰ সমাজৰ আৰ্থ-সামাজিক উন্নয়ন আৰু জাতীয় সংহতি আৰু ঐক্য স্থাপনৰ ক্ষেত্ৰত এই প্রযুক্তিগত পৰিৱৰ্তনসমূহে অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।শংকৰে তেওঁৰ পৰৱৰ্তী  প্ৰজন্ম মানৱহঁতৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি দেখি যেনেদৰে বিস্ময়-বিমুগ্ধ হৈছিল,তেনেদৰে পৃথিৱীৰ ভৱিষ্যৎ সম্পৰ্কতো অধিক আশাবাদী হৈ উঠিছিল।তেওঁ দেখিছিল কেনেকৈ 1976 চনত মুম্বাই আৰু লণ্ডনৰ মাজত ইণ্টাৰনেচনেল ছাবস্ক্ৰাইবাৰ ডায়েলিং ছাৰ্ভিচ আৰম্ভ হৈছিল আৰু কেনেকৈ বিংশ শতিকাৰ শেষ ভাগত ম'বাইল ফোনৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছিল।এই এটা সৰু আয়তাকাৰ যন্ত্ৰৰ দ্বাৰা মানুহে পৃথিৱীৰ  যিকোনো ঠাইৰ মানুহৰ সৈতে তৎমুহূৰ্ততে যোগাযোগ কৰিব পৰা প্ৰযুক্তিগত ক্ষমতাই শংকৰক উৎফল্লিত কৰি তুলিলে।অৱশ্যে নতুন প্ৰজন্মই ব্যৱহাৰ কৰা ম'বাইল ফোন আৰু তাহানিৰ চিঠিপত্ৰৰ মাজত থকা পাৰ্থক্য সমূহে শংকৰৰ মনত কিঞ্চিৎ কষ্টও নিদিয়াকৈ থকা নাছিল।তেওঁ দেখিছিল যে আগৰ চিঠিপত্ৰসমূহত আৱেগ আছিল যথেষ্ট,কিন্তু নতুন প্ৰজন্মৰ ম'বাইলত আৱেগতকৈ তথ্যই ঠাই পাইছিল অধিক।তথাপিতো কিন্তু ম'বাইল ফোনৰ সৰ্বাত্মক আৰু ইতিবাচক প্ৰভাৱো তেওঁ লক্ষ কৰিছিল।শংকৰে দেখিছিল কেনেদৰে তেওঁৰ সন্তান মানৱে মোবাইলৰ সৰু পৰ্দাটোত আঙুলি বুলায়েই চাৰিওফালে ঘটি থকা বিভিন্ন ঘটনাপ্ৰবাহৰ অলেখ তথ্য আহৰণ কৰিব পাৰিছিল।

       সময়ৰ লগে লগে পৃথিৱীলৈ অহা আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তন শংকৰে প্ৰত্যক্ষ কৰিলে।কেৱল প্রযুক্তিগত পৰিৱৰ্তনেই নহয়,তেওঁ লক্ষ্য কৰিলে জলবায়ুৰো পৰিৱৰ্তন ঘটিছে।পৰিৱেশ প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ দৰে সমস্যাবোৰে সৃষ্টি কৰিব পৰা বিষম পৰিণামবোৰৰ কথা ভাৱি তেওঁ শংকিত হৈ পৰিল।এনে পৰিৱৰ্তনবোৰে এদিন পৃথিৱীখনত ধ্বংস কৰি পেলাব নেকি,এনে প্ৰশ্নই তেওঁকো আমনি কৰিলে। 

       ইতিমধ্যে শংকৰৰ পুত্ৰ মানৱ ডাঙৰ হৈছিল। যিখন মহাবিদ্যালয়ৰ পৰা শংকৰে ৰসায়ন বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল,সেইখন মহাবিদ্যালয়তে পুতেক মানৱ দৰ্শন বিভাগৰ এজন উচ্চাকাংক্ষী প্ৰবক্তা হিচাপে সকলোৰে পৰিচিত হৈ উঠিছিল। 2013 চনত শংকৰে তেওঁৰ 58 বছৰ বয়সত পত্নী ৰাণীক লগত লৈ ইউৰোপ ভ্ৰমণ কৰি উভতি অহাৰ পাছতে মানৱৰ এটি কন্যা সন্তান জন্ম হৈছিল,নাম দিছিল -জ্যোতি।প্ৰথম নাতিৰ মুখ দেখা পাই শংকৰ অত্যন্ত সুখী হৈছিল। কিন্তু দহমাহ বয়সত কণমানি ছোৱালীজনী হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত  হৈছিল।শংকৰে জানিব পাৰিছিল যে পৰিৱেশ প্ৰদূষণেই এই ৰোগৰ মূল কাৰণ।কষ্টকৰ কেম'থেৰাপী আৰু ৰেডিয়েচন দিয়াৰ পাছতো তাইক বচাব পৰা নগ'ল।দুবছৰৰ পাছত 2017 চনত জন্ম হৈছিল শংকৰৰ দ্বিতীয় নাতিল'ৰা বিকাশৰ।জ্যোতিৰ মৃত্যুৰ ঘটনাই শংকৰক এনেদৰে বিচলিত কৰি তুলিছিল যে বিকাশৰ ভৱিষ্যৎ সম্পর্কে তেওঁ শংকিত হৈ পৰিছিল ।

      উপন্যাসখনৰ দ্বিতীয় অধ্যায় এটা উল্লেখযোগ্য অধ্যায়।কাৰণ 60 বছৰ বয়সত ভৰি দিয়া সময়খিনিতে শংকৰ নামৰ বৃদ্ধ অধ্যাপকগৰাকীয়ে এনে এটি শুভসংবাদ শুনিবলৈ পাইছিল যে দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এলেক্স মাণ্ডেলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা চাৰ্লচ হ'প নামৰ যুৱক দুজন আজি আগবাঢ়ি আহিছে নতুন প্ৰজন্মৰ আশা-আক্যাংক্ষা আৰু শক্তিৰে এখন নতুন পৃথিৱী গঢ়িবলৈ। বৰ্ণিত এই দুটা চৰিত্ৰ কাল্পনিক চৰিত্ৰ যদিও উপন্যাসখনত তেনেই বাস্তৱৰূপত অংকণ কৰা হৈছে।এলেক্স মাণ্ডেলা আছিল সৰুৰে পৰাই সামাজিক ব্যৱস্থা,ধৰ্মীয় অন্ধবিশ্বাস আৰু সামাজিক মতবাদৰ বিৰুধী।তেওঁ নিজে এক মতবাদ আৰম্ভ কৰিছিল য'ত সকলো ধৰ্ম আৰু সকলো মানৱ জাতিকে সমানে ভাল পাব লাগিব।তেওঁ জীৱনৰ আগবয়সতে গান্ধীজীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু সমগ্ৰ বিশ্বৰ পৰা যুদ্ধ আৰু হিংসাৰ বাতাৱৰণ নি:শেষ হোৱাৰ সপোন দেখিছিল।সেই উদ্দেশ্যেৰে তেওঁ 21 শতিকাৰ 2য় দশকত বিশ্বস্ত বন্ধু এথানৰ সহযোগত 'ওৱান-ওৱৰ্ল্ড ডট কম' নামেৰে এটা ৱেবচাইট খুলি যুদ্ধ আৰু হিংসাবিহীন এখন সুন্দৰ পৃথিৱী গঢ়িব বিচৰা বিশ্বৰ সমগ্ৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক একগোট কৰিবলৈ চেষ্টা কৰিলে।আশ্চর্যজনকভাৱে  এলেক্সৰ আহ্বানৰ প্ৰতি সহঁৰি জনাই আগবাঢ়ি আহিল বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় দহলাখ যুৱক-যুৱতী।সেই সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা চাৰ্লচ হ'প নামৰ যুৱকজনেও এলেক্সৰ ৱেবচাইচত প্ৰকাশ পোৱা বাৰ্তাসমূহ পঢ়ি নিজৰ সপোনক পূৰ্ণ কৰাৰ এটা পথ বিচাৰি পাইছিল।কাৰণ চাৰ্লচ হ'পো আছিল এলেক্সৰ দৰেই এখন সুন্দৰ পৃথিৱী কল্পনা কৰা যুৱক।বিজ্ঞান-প্রযুক্তিৰ ক্ষেত্ৰত আমেৰিকাই দোপতদোপে উন্নতি কৰা দেখি তেওঁৰ বুকু গৌৰৱত উফন্দি উঠিছিল যদিও আমেৰিকাৰ আকাশত যুঁজাৰু বিমান সমূহে কৰা আক্ৰমনৰ আখৰাত দেখি তেওঁ ভীতিগ্ৰস্ত হৈছিল।সন্ত্রাসবাদীৰ আক্ৰমনত ট্ৰেড চেন্টাৰ ধ্বংস হোৱা সমগ্ৰ দৃশ্য টিভিৰ পৰ্দাত দেখি তেওঁ আতংকিত হৈ উঠিছিল। আধুনিক প্ৰযুক্তিৰ উন্নতিৰ লগে লগে কল-কাৰখানা,উদ্যোগ,যন্ত্ৰ-পাতি,গাড়ী-মটৰ, আকাশীযান, যুঁজাৰু বিমান আদিৰ পৰা অত্যাধিক কাৰ্বন ডাই অক্সাইড গেছৰ নি:সৰণ আৰু তাৰ পৰিণতিস্বৰূপে অদূৰ ভৱিষ্যতে হ'বলগীয়া ভয়ংকৰ বিপদৰ কথা ভাৱি তেওঁ আতংকিত হৈ উঠিছিল।এলেক্স দৰে সেয়ে তেৱোঁ যুদ্ধ,হিংসা,পৰিৱেশ প্ৰদূষণ আদিৰ পৰা পৃথিৱীক মুক্ত কৰি এখন নতুন পৃথিৱী গঢ়াৰ সপোন দেখিছিল ।এলেক্সৰ ৱেবচাইটে তেওঁক সাহস দিলে।তেওঁ এলেক্সক লগ কৰি তেওঁৰ কামত সহযোগ আগবঢ়ালে।

      2020 চনৰ ডিচেম্বৰ মাহত 'ওৱান ওৱৰ্ল্ড' ৰ উদ্যোগত  জোহান্সবাৰ্গত অনুষ্ঠিত হ'ল ইয়াৰ প্ৰথমখন অভিৱৰ্তন।জাতি, বৰ্ণ,ধৰ্ম নিৰ্ৱিশেষে বিশ্বৰ বিভিন্ন দেশৰ দুশতকৈয়ো অধিক যুৱ- প্ৰতিনিধিয়ে অভিৱৰ্তনত যোগ দিলে।এই বৃহৎ অভিৱৰ্তনে বিশ্বৰ ৰাজনৈতিক নেতৃবৃন্দৰ বিবেকত জোকাৰণি তুলিলে।পুনৰ এটা আন্তৰ্জাতিক যুৱ অভিৱৰ্তন অনুষ্ঠিত হ'ল 2025 চনৰ জুন মাহত দক্ষিণ আফ্ৰিকাৰ ডাৰবান চহৰত ।' ওৱান ৱৰ্ল্ড ' ৰ এই অভিৱৰ্তনত প্ৰায় 5000 লোক সমৱেত হ'ল।আমেৰিকা,ইংলেণ্ড,ফ্ৰাঞ্চ,জাৰ্মান আৰু অন্যান্য ইউৰোপীয় দেশসমূহৰ দৰে ভাৰত,দক্ষিণ আফ্ৰিকা,মালয়েছিয়া আদিৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে এই অভিৱৰ্তনত অংশ গ্ৰহণ কৰি হিংসামুক্ত,প্ৰদূষণমুক্ত এখন নতুন পৃথিৱী গঢ়াৰ দৃঢ় সংকল্প গ্ৰহণ কৰিলে। সত্তৰ বছৰ বয়সীয়া শংকৰে পৰিয়ালৰ লোকসকলৰে সৈতে টিভিৰ পৰ্দাত গভীৰ আগ্ৰহ আৰু কৌতিহলেৰে অভিৱৰ্তনৰ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিলে আৰু নতুন প্ৰজন্মৰ হাতত সুৰক্ষিত এখন নতুন পৃথিৱীৰ কথা কল্পনা কৰি আৱেগিক হৈ পৰিল।তেওঁ আশা কৰাৰ দৰেই এই অভিৱৰ্তনত পুত্ৰ মানৱেও ভাৰতীয় প্ৰতিনিধি হিচাপে অংশ গ্ৰহণ কৰিছিল।

      এলেক্স মাণ্ডেলাৰ 'ওৱান ৱৰ্ল্ড'ৰ প্ৰচেষ্টাই সুফল লাভ কৰিবলৈ আৰম্ভ কৰিলে।বৃদ্ধ শংকৰে প্ৰত্যক্ষ কৰিলে একবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা যেন সমগ্ৰ বিশ্বৰ পৰা যুদ্ধ-বিগ্ৰহ, আন্ত:ৰাষ্ট্ৰীয় কন্দল আদি অন্ত পৰিবলৈ আৰম্ভ কৰিছে।চতুৰ্থ দশকত বিশ্ব হৈ পৰিল পাৰমানৱিক অস্ত্ৰৰ পৰা মুক্ত।শংকৰে কল্পনা কৰাৰ দৰেই সমগ্ৰ বিশ্বৰ পৰা দাৰিদ্ৰতা,নিৰক্ষৰতা, লিংগ-বৈষম্য, যৌন-নিৰ্যাতন, শোষণ-অত্যাচাৰ বিলুপ্ত হৈ আহিবলৈ ধৰিলে।প্ৰদূষণমুক্ত হৈ পৰিল সমগ্ৰ বিশ্ব।বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ ঘটিল।পূৰ্বে যিবোৰ ৰোগক দূৰাৰোগ্য বুলি ভৱা হৈছিল,চিকিৎসা-বিজ্ঞানৰ উন্নতিয়ে সেইবোৰ ৰোগৰ পৰা মানুহক আৰোগ্য কৰি দীৰ্ঘ জীৱন প্ৰদান কৰিলে।বৃদ্ধ শংকৰে নিজেও উপলদ্ধি কৰিলে তেওঁ যেন আশাতীতভাৱেই এটা অত্যন্ত সুন্দৰ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে।2037 চনত তেওঁ দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈয়ো  আধুনিক চিকিৎসা বিজ্ঞানৰ বাবেই সেই ৰোগকো অনায়াসে জয় কৰি নতুন জীৱন লাভ কৰিছিল।সেই সময়ত তেওঁৰ বয়স হৈছিলগৈ আঠাশী বছৰ।

       লাহে লাহে তেওঁৰ পত্নী,পুত্ৰ,নাতি সকলোৰে মৃত্যু হৈছিল।আত্মীয় বুলিবলৈ কেৱল ৰৈ গৈছিল নাতিয়েক বিকাশৰ পুত্ৰ অৰ্থাৎ আজোনাতি কৃষ্ণ।আত্মীয়ক হেৰুৱাৰ বেদনাই তেওঁক কেতিয়াবা কৰুণ কৰি তুলিলেও তেওঁ বিচলিত হোৱা নাছিল।কাৰণ তেওঁ কল্পনা কৰা সুন্দৰ পৃথিৱীখন তেওঁ লাহে লাহে প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিছিল।মূৰৰ ওপৰৰ নীলা আকাশলৈ চাই প্রদূষণমুক্ত বতাহ সেৱন কৰি তেওঁ এটা নতুন জীৱনীশক্তি লাভ কৰিছিল।নতুন প্ৰজন্মৰ চিন্তা,যুক্তি, কৰ্মোদ্যম, সুন্দৰ পৃথিৱীৰ কল্পনা,শান্তিৰ কামনা,বৈষম্যহীন সমাজ-চেতনা,মানৱতাবোধ আদি কথাবোৰ তেওঁৰ ভাল লগা হৈ আহিছিল।তেওঁ লক্ষ্য কৰিছিল যে এই পৰিৱৰ্তনবোৰ পৰ্যায়ক্ৰমে হ'বলৈ আৰম্ভ কৰিছে।হত্যা,ধৰ্ষণ, যৌন-উৎপীড়ণ,দাসত্ব,শিশু শ্ৰমিক,শোষণ,ধৰ্মীয় সাম্প্ৰদায়িকতা ইত্যাদি কথাবোৰক তেওঁলোকৰ বাবে অসহনীয় বিষয় হৈ পৰিছে।এই প্ৰজন্মৰ হাতত পৃথিৱীখন ভৱিষ্যতে আৰু সুন্দৰ হৈ উঠিব বুলি বিশ্বাস কৰিছিল তেওঁ আৰু অধীৰ হৈ অপেক্ষা কৰিছিল সৰগলৈ ৰূপান্তৰিত হোৱা পৃথিৱীখন চাবলৈ।অৱশেষত সুন্দৰ এখন পৃথিৱীক লগত লৈয়ে 145 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল।

       মূলত: এক প্ৰবল আশাবাদৰ ভেটিত উপন্যাসখন ৰচিত।বিজ্ঞান-প্ৰযুক্তিৰ লগে লগে লগে আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু পৰিৱেশ-বিজ্ঞান সম্পৰ্কীয় অলেখ তথ্যৰে সমৃদ্ধ উপন্যাসখনত পটভূমি হিচাপে বিংশ শতিকাৰ 50ৰ দশকৰ পৰা একবিংশ শতিকাৰ সুদীৰ্ঘ এশবছৰৰ কালছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিগত দিশত বিশ্বত আহিবলগীয়া সম্ভাব্য পৰিৱৰ্তনসমূহৰ লগতে এনে এখন ভৱিষ্যৎ পৃথিৱীক সামৰি লোৱা হৈছে যিখন পৃথিৱী হিংসা-দ্বেষ, যুদ্ধ-অশান্তি, পাৰমানৱিক আক্ৰমণ,প্ৰদূষণ আদিৰ পৰা হ'ব সম্পূৰ্ণৰূপে মুক্ত।উপন্যাসখন পঢ়ি যাওঁতে ভৱিষ্যৎ পৃথিৱীলৈ আহিবলগীয়া প্ৰযুক্তিগত সম্ভাৱ্য পৰিৱৰ্তনসমূহৰ বৰ্ণনাই পাঠকক যেনেদৰে আশ্চৰ্যচকিত কৰি তুলে, তেনেদৰে বিশ্বৰ সকলোবোৰ দেশৰ পৰা ক্ৰমান্বয়ে যুদ্ধ-বিগ্ৰহ,পাৰমানৱিক অস্ত্ৰ নিৰ্মান আদি নি:শেষ হৈ যোৱা কথাবোৰে অৱশ্যেই পাঠকৰ মনত কিছু প্ৰশ্নবোধক চিহ্নৰো উদ্ৰেক নকৰাকৈ নাথাকে।প্ৰশ্ন হয়-বিশ্বৰ ৰাজনৈতিক নেতৃবৃন্দৰ কুটিল মস্তিষ্কক ইমান সহজে motivate কৰা অথবা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদ্ভৱ হোৱা অলেখ অমীমাংখিত সমস্যা, ৰাজনৈতিক অৰিয়া-অৰি,যুদ্ধ-বিগ্ৰহ, পাৰমানৱিক অস্ত্ৰ নিৰ্মান আদিৰ দৰে বিষয়বোৰৰ সমাধান ইমান সহজনে?বাৰ্ট্ৰেণ্ড ৰাচেলৰ দৰে প্ৰখৰ মেধা আৰু বুদ্ধিসম্পন্ন লোকসকলে বিশ্বশান্তিৰ বাবে আন্ত:ৰাষ্ট্ৰীয়  নেতৃবৃন্দৰ সৈতে অহৰ্নিশে চেষ্টা চলাই যোৱা সত্তেও অথবা ৰাষ্ট্ৰসংঘৰ দ্বাৰা এই সন্দৰ্ভত অলেখ চেষ্টা চলোৱাৰ পাছতো নিৰস্ত্ৰীকৰণ চুক্তিৰ বিফলতা আজি সকলোৱে দেখি আছোঁ।তথাপিতো ভৱিষ্যতৰ পৃথিৱীখনক এখন অমলিন, সুন্দৰ পৃথিৱীৰ ৰূপত চাব বিচৰা বৃদ্ধ শংকৰৰ দৰে মানুহো পৃথিৱীত আছে।প্ৰখ্যাত লেখক থমাচ ম'ৰ (Thomas More)য়ে Utopia নামৰ গ্ৰন্থতো এনে এখন পৃথিৱীৰে কল্পনা কৰিছিল।বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উল্লেখ কৰাৰ দৰে 'আমাৰ ধৰালৈ সৰগ নামিছে' উপন্যাসখনো প্ৰকৃততে কেৱল এজন ব্যক্তিৰে নহয়,বৰঞ্চ সমগ্ৰ মানৱ জীৱনৰে 'এক ইউটোপিয়া অভিমুখী যাত্ৰাৰ বিচিত্ৰ বিৱৰণ।' বাস্তৱিকতে বৰ সহজ নহয় যদিও এনে এখন সৰগীয় পৃথিৱী কিন্তু আমাৰ সকলোৰে কাম্য।     

        উপন্যাসখনত লেখকৰ কল্পনাপ্ৰসুত চৰিত্ৰ সৃষ্টিৰ দক্ষতা,গভীৰ অধ্যয়নশীলতা আদি দিশবোৰ প্ৰতিফলিত হোৱাৰ লগে লগে অনুবাদকৰো অপৰিসীম শ্ৰমৰ স্পষ্ট প্ৰতিফলন ঘটিছে। নি:সন্দেহে উপন্যাসখন অসমীয়া সাহিত্যলৈ এক অনবদ্য সংযোজন হৈ ৰ'ব।  (সমাপ্ত) 


No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...