Sunday, September 27, 2026

যুদ্ধবীৰ ৰাণা: শিল্প আৰু সাহিত্যকৰ্মৰ এক সুদীৰ্ঘ বৰ্ণিল যাত্ৰা

 যুদ্ধবীৰ ৰাণা: শিল্প আৰু সাহিত্যকৰ্মৰ এক সুদীৰ্ঘ বৰ্ণিল যাত্ৰা

                                                - বীৰ্কে বি. থাপা


         যুদ্ধবীৰ ৰাণাছাৰক খুব সম্ভৱ মই প্ৰথম লগ পাইছিলোঁ 2006 চনত,ডিগবৈৰ নিকটৱৰ্তী টিংৰাইত অৱস্থিত তেখেতৰ নিজা বাসগৃহত।বিগত প্ৰায় ছয় দশক ধৰি শিল্প চৰ্চা কৰি অহা ৰাণাছাৰৰ ঘৰৰ ড্রয়িং ৰূমত বহি আমি দেখিছিলোঁ-অলেখ কাষ্ঠ শিল্প,পেঞ্চিল আৰ্ট আৰু ৱাটাৰ কালাৰ পেইণ্টিংচ। সুন্দৰকৈ সজাই থোৱা আছিল শিল্পী গৰাকীৰ কৰ্মৰাজীৰ স্বীকৃতি স্বৰূপ অলেখ মেডেল, সন্মান-পত্র আদি। শিল্পীৰ অধ্যয়ন অনুৰাগী মনৰ পৰিচয় পাইছিলোঁ- তেখেতৰ নিজস্ব সুবৃহৎ পুথিভৰাঁলটি দেখি।

         1939 চনত ডিগবৈত জন্মগ্রহণ কৰা শিল্পী গৰাকীৰ সৈতে কথা পাতিছিলো তেখেতৰ শিল্পকর্ম আৰু সাহিত্য সৃষ্টিৰ বিষয়ে। নিজৰ শিল্পকৰ্মৰ বৰ্ণময় যাত্ৰাৰ আৰম্ভণিৰ কথা কৈ তেখেতে উল্লেখ কৰিছিল অতীতৰ কথা।তেখেতে কোৱা মতে,বিভিন্ন গা-গছৰ ডাল কাটি কাষ্ঠ শিল্প তৈয়াৰ কৰা চখ এটা তেখেতৰ শৈশৱৰে পৰাই আছিল।তেনেদৰেই তেখেতে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাত হাতীৰ মূৰ্ত্তি সাজি ১৯৫৩ চনত প্রথম পুৰস্কাৰ লাভ কৰিছিল।এই পুৰস্কাৰেই তেখেতৰ মনত নিজৰ প্ৰতিভাৰ প্ৰতি গভীৰ আস্থা কঢ়িয়াই আনিছিল আৰু এটা প্ৰতিযোগী মনোভাৱ গঢ়ি তুলিছিল। ৬০ৰ দশকৰ পৰা তেখেতে কাষ্ঠ শিল্প নিৰ্ম্মাণৰ কামত বিশেষভাৱে লাগি পৰে আৰু বিভিন্ন গছৰ ডাল, শিপা আদি কাটি আনি সিবিলাকত নিজস্ব ষ্টাইলেৰে শৈল্পিক সৌন্দর্য প্রদান কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগে লগে তেখেতে ছবি অঁকা কামো কৰি যায়।তেখেতে কাষ্ঠ শিল্প বা চিত্রশিল্পৰ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল।জন্মগত স্বাভাৱিক প্ৰতিভাৰেই তেখেতে অতি নিপুনতাৰে অইল পেইন্টিং, ইংক পেইন্টিং, পেঞ্চিল আর্ট আদি অংকণ কৰিছিল।

          শিল্পীৰ ঘৰত আমি যিকেইটা কাষ্ঠ শিল্প দেখা পাইছিলো, সেইবিলাকৰ জৰিয়তে তেখেতে বিভিন্ন বিষয়বস্তু প্ৰকাশ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছিল। আদিম মানৱৰ জন্ম, বিকাশ আৰু জীৱন সংগ্ৰামৰ ইতিহাস তথা সুখ-দুখ, আৰ্তজনৰ হাঁহাকাৰ, বিষন্নতা, মাতৃস্নেহ, নৈসর্গ আদিয়েই তেখেতৰ শিল্প কর্ম সমূহৰ মূখ্য বিষয়। ৬০ৰ দশকৰ পৰা বৰ্তমানলৈকে এই সুদীর্ঘ কালছোৱাত শিল্পী গৰাকীয়ে সৃষ্টি কৰা কাষ্ঠ শিল্প সমূহৰ ভিতৰত Ascendus, Molestation, Towards Civilization, Awakening, Sage, Mother and Child, A Happy Family, Unity, Struggle For Existance, Embrace, Venus,Evolution, Cheer, A Couple আদি বিশেষ উল্লেখযোগ্য শিল্পকর্ম। গছৰ শিপাৰে কৰা Struggle for Existence ত শিল্পী গৰাকীয়ে তেখেতৰ নিপুণ হাতৰ কলা- কৌশলেৰে মানুহৰ যুগ যন্ত্ৰণা আৰু সংগ্ৰামৰ দৃশ্য প্রতিফলিত কৰিবলৈ চেষ্টা কৰা দেখিছিলোঁ। Human Progress, Towards Civilisation, Evolution আদিৰ বিষয় বস্তু প্রায় একে। আনহাতে Mother and Child ত তেখেতে মাতৃস্নেহ, Loving Couple ত প্রেমিক যুগলৰ আলিংগনাবদ্ধ মূহুৰ্ত্তটিক সজীৱ কৰি তুলিছে। Gymnastics আৰু Body Builder ত তেখেতে যেন ভিঞ্চি বা মাইকেল এঞ্জেলোৰ চিত্ৰত প্রতিফলিত শৰীৰ বিজ্ঞানৰ পৰীক্ষাকে পুনৰ সম্পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছে। মানৱ শৰীৰৰ অৱয়বক সুবহু প্ৰকাশ কৰাৰ ক্ষেত্ৰত যুদ্ধবীৰ ৰাণাৰ শৈল্পিক নৈপুণ্য আছিল নিঃসন্দেহে অনন্য। তেখেতে বিভিন্ন ঠাইত নিৰ্মাণ কৰা চিমেন্টৰ স্মাৰক সমূহতো তেখেতৰ এই শৈল্পিক নৈপুণ্যৰ পৰিচয় দেখিবলৈ পোৱা যায়। ডিগবৈৰ নেপালী বিষ্ণু মন্দিৰ প্ৰাংগনত থকা কবি ভানুভক্তৰ স্মাৰক মূৰ্ত্তি এই প্রসংগত বিশেষ উল্লেখযোগ্য।

         শিল্পী গৰাকীয়ে অঁকা পট্রেইট কেইখন মান তেখেতৰ ড্রয়িংৰূমৰ বেৰত ওলমি থকা দেখিছিলো। পর্ট্রেইট কেইখনৰ ভিতৰত আছিল শিল্পীৰ স্বৰ্গীয় পিতৃ-মাতৃৰ প্ৰতিচ্ছবি আৰু এখন আছিল কবি হৰিভক্ত কটোৱালৰ প্রতিচ্ছবি। শেহতীয়াভাৱে তেখেতে আঁকি সম্পূৰ্ণ কৰা পট্রেইটখন আছিল নেপালী সম্প্ৰদায়ৰ প্ৰথম গৰাকী এম. এল. এ আৰু সমাজ সংগঠক দলবীৰ সিং লোহাৰৰ প্ৰতিচ্ছবি।পৰ্ট্ৰেইটৰ উপৰিও তেখেতে যথেষ্ট এবছাৰ্ড আর্ট আৰু প্রতীকাত্মক ছবিও অংকন কৰিছে। তেখেতৰ The Earth on hands, shore at night, Hunger আদি তেনে চিত্র শিল্পৰ উদাহৰণ। এই চিত্র শিল্প সমূহতো শিল্পী গৰাকীৰ বৈপ্লৱিক চেতনা বাংময় হৈ উঠা পৰিলক্ষিত হয়। Hunger ত প্রতিফলিত ক্ষুধাৰ বিভৎস ৰূপ অত্যন্ত মর্মান্তিক।

        শিল্পকর্মৰ স্বীকৃতি হিচাপে যুদ্ধবীৰ ৰাণাছাৰে ১৯৬৬ চনত ডিগবৈত অনুষ্ঠিত ৰাজ্যিক স্তৰৰ চিত্ৰ কলা আৰু কাষ্ঠ শিল্প প্রদর্শনী অনুষ্ঠানত কাষ্ঠ কলা বিভাগত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।সেইদৰে ১৯৯৪ চনত শোণিতপুৰৰ 'নেপালী সংস্কৃতি বিকাশ সমিতি'য়ে তেখেতক পুৰস্কৃত কৰাৰ উপৰিও ২০০৫ চনত 'ললিত কলা অকাডেমী'ৰ উদ্যোগত গেংটকত অনুষ্ঠিত 'নেচনেল আৰ্ট ফেষ্টিভেল'ত অংশ গ্ৰহণ কৰাৰ সুযোগো তেখেতে লাভ কৰিছিল।

        শিল্প চৰ্চাৰ লগে লগে ৰাণাথাৰে সাহিত্য চর্চাও কৰি আহিছে। ১৯৮২ চনত তেখেতে ৰচনা কৰিছিল “চিহান নপায়েকা তক্মা হৰো' নামৰ সুদীর্ঘ এটি কবিতা।পৰৱৰ্তীকালত নেপালী ভাষাত ৰচিত এই কবিতাটি নেপালৰ ৰাজকীয় প্ৰকাশনৰ দ্বাৰা প্রকাশিত শ্রেষ্ঠ নেপালী কবিতাৰ সংকলনত সন্নিবিষ্ট হৈছিল।এই কবিতাটিৰ প্ৰকাশৰ লগে লগে তেখেতৰ কবিতা নেপালতো জনপ্ৰিয় হৈ পৰে। কবিতাটিৰ পটভূমি আৰু বিষয় বস্তু সম্পৰ্কত তেখেতে আমাক কোৱা মতে, বৃটিছৰ দিনত নেপালী সৈনিক সকলে অলেখ বীৰত্বৰ সম্মান লাভ কৰিলেও পৰৱৰ্ত্তী কালত তেওঁলোকে কিন্তু শ্মশানতো স্থান নোপোৱাৰ দৰে লঘু-লাঞ্চনা ভোগ কৰিবলগীয়া হৈছিল। এই পটভূমিকে বিষয়বস্তু হিচাপে লৈ তেখেতে অসমত জন্ম গ্ৰহণ কৰি এই দেশৰ বায়ু-পানী সেৱন কৰি ইয়াৰ বৃহত্তৰ অসমীয়া জাতিসত্তাৰ সৈতে মিলি যোৱা নেপালীসকলে 'অসম আন্দোলন'ৰ কালছোৱাত নিজৰ অস্তিত্বৰ সংকটত ভূগি আলৈ-আথানি অৱস্থা হোৱা ঘটনাৰ বাস্তৱ পটভূমিত তেখেতে এই সুদীর্ঘ কবিতাটি লিখিছিল। ইয়াৰ পাছত 2002 চনত তেখেতে ৰচনা কৰে' মানৱ যাত্ৰা' নামৰ এখন অতি তথ্যপূৰ্ণ গ্ৰন্থ। বেদ, উপনিষদ, পুৰাণ, ভাগৱত আদি গ্ৰন্থৰ গভীৰ অধ্যয়নৰ ভিত্তিত লিখা এইখন গ্ৰন্থৰ যোগেদি তেখেতে মানৱ জাতি, ধৰ্ম আৰু পৰম্পৰা সম্পর্কে যথেষ্ট বিতর্কমূলক তথ্য দাঙি ধৰে। হিন্দু সমাজ ব্যৱস্থাত থকা জাতি ভেদ প্রথা, অন্যায় অত্যাচাৰ, শোষণ আদিৰ প্ৰকৃত স্বৰূপ উদঙাই দি তেখেতে এইখন গ্ৰন্থৰ যোগেদি উচ্চ হিন্দুৰ জ্যাতাভিমানক প্রচণ্ড সমালোচনা কৰে।

        ২০০৬ চনত চিকিমৰ মুখ্যমন্ত্ৰীগৰাকীৰ উদ্যোগত প্রকাশিত যুদ্ধবীৰ ৰাণাছাৰৰ এখনি তাৎপৰ্যপূৰ্ণ গ্রন্থ হৈছে-'নেপালী সংস্কৃতিঃ হাম্‌ৰো অস্তিত্ব'।তাৰ পাছতে প্ৰকাশ পায় ক্ৰমান্বয়ে 'নয়াঁ পিঢ়ীঁলাই'(কনকসেন ডেকাৰ 'নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন অসম গঢ়ক' গ্ৰন্থৰ নেপালী ভাষালৈ অনুবাদ),'সৃষ্টি ৰ' প্ৰব্ৰজন', 'নেপালী লোকসাহিত্য ৰ লোকসংস্কৃতিকো পৰিচয়' আদি গ্ৰন্থ।শিল্পকৰ্ম আৰু সাহিত্য- সৃষ্টিৰ বাবে তেখেতক অসম আৰু চিকিমত কেইবাবাৰো পুৰস্কৃত আৰু অভিনন্দন জ্ঞাপন কৰা হৈছে।

        ডিগবৈত জন্মগ্ৰহণ কৰা নেপালী কবি হৰিভক্ত কটোৱালৰ সাহচৰ্য লাভ কৰা যুদ্ধবীৰ ৰাণাছাৰক দ্বিতীয়বাৰ লগ পাইছিলোঁ -কিছুবছৰ পূৰ্বে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াত অনুষ্ঠিত এটি সম্বৰ্ধনা অনুষ্ঠানত।আকৌ লগ পাইছিলোঁ মাৰ্ঘেৰিটাৰ ভিতৰৰ কোনোবা এখন গাঁৱত।সেইবাৰ ছাৰৰ লগত একেলগে গাড়ীত গৈছিলোঁ।ছাৰে কৈ গৈছিল কবি হৰিভক্ত কটোৱালৰ কথা।কৈছিল-কেনেকৈ হৰিভক্ত কটোৱালে নিজে 'য়ো দেশকো মাত'লে ভঞ্চ ' গীতটি লিখি,সুৰ দি গাবলৈ শিকাইছিল আৰু ৰাণাছাৰে পাছত নিজা খৰচেৰে নেপাললৈ গৈ গীতটি বাণীবদ্ধ কৰিছিল।ছাৰে কণ্ঠদান কৰা গীতটি সেইদিনা আমাক বজাইয়ো শুনাইছিল।ছাৰে লিখা আৰু তিলক নেৱাৰে গোৱা জনপ্ৰিয় গীত 'নাচ্ ভালে' গীতটিৰ সম্পৰ্কতো খুৱ হাঁহি উঠা কথা কিছুমানো ছাৰে আমাক কৈছিল।

        সি যি কি নহওক,ছাৰৰ ব্যক্তিত্বত মই আজিও দেখা পাওঁ এক দুৰ্বাৰ,অপ্ৰতিৰোধ্য শক্তি যি শক্তিৰে তেখেতে আশীৰ উৰ্ধৰ বয়সতো অবিৰতভাৱে সৃষ্টিকৰ্ম কৰি গৈছে,নিজৰ জাতীয় অস্তিত্বৰ বাবে সভা-সমিতিসমূহত চিঞৰিয়েই আছে।তেখেতৰ আক্ষেপ-আজিৰ দিনত মানুহে কিতাপ নপঢ়ে,তথাপিতো নিজৰ গাঁঠিৰ ধন ভাঙি তেখেতে কিতাপ লিখিছে জাতিটোৰ চকু মেল খাওক বুলি।আশা ৰাখিছোঁ-চৰকাৰে যেন যুদ্ধবীৰ ৰাণাছাৰলৈ শিল্পী বা সাহিত্যিক পেঞ্চন আগবঢ়াই তেখেতৰ শিল্প আৰু সাহিত্যকৰ্মৰ স্বীকৃতি প্ৰদান কৰে। (সমাপ্ত)

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...