Sunday, September 27, 2026

বিশিষ্ট সমাজ-সংস্কৃতিপ্ৰাণ ব্যক্তি প্ৰয়াত বিধান চন্দ্ৰ বড়া

বিশিষ্ট সমাজ-সংস্কৃতিপ্ৰাণ ব্যক্তি প্ৰয়াত বিধান চন্দ্ৰ বড়া

                                                        - বীৰ্কে বি থাপা

     কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহচৰ্য লাভ কৰা এগৰাকী অগ্ৰণী জনজাতীয় নেতা আছিল প্ৰয়াত বিধান চন্দ্ৰ বড়া।

     সদৌ অসম ট্ৰাইবেল সংঘৰ একনিষ্ঠ কৰ্মী তথা সোনোৱাল জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিকাশ ও উন্নতিৰ লগতে সোনোৱাল কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণৰ বাবে আজীৱন কাম কৰি যোৱা বিধান চন্দ্ৰ বড়াৰ জন্ম হৈছিল 1922 চনত ডাঙৰীৰ লাউপাতি গাঁৱত।লাউপাতি প্ৰাইমেৰী স্কুলত প্ৰাথমিক শিক্ষা আৰু ডাঙৰী মাইনৰ স্কুলত শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে 1940 চনত যোৰহাট নৰ্মাল স্কুলৰ পৰা নৰ্মাল উত্তীৰ্ণ হয় ।ইয়াৰ পাছতে তেখেতে শিৱসাগৰৰ পৰা মেট্ৰিক পাছ কৰি যোৰহাট জগন্নাথ বৰুৱা কলেজত অধ্যয়ন কৰিবলৈ লয়। 1947 চনত আই.এ.পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে 1948 চনত দিহিংমুখ হাইস্কুল স্থাপন কৰে আৰু শিক্ষকতাৰে তাতে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ মাজতে তেখেত জনশিক্ষা বিভাগৰ অস্থায়ী সহকাৰী উপ-পৰিদৰ্শক পদতো নিযুক্ত হয়।কিন্তু 1953 চনত পিতৃ বিয়োগ ঘটাত তেখেত নিজৰ গাঁও লাউপাতিলৈ উভতি আহিবলগীয়া হয়।

      1954 চনত তেখেতে শিক্ষক হিচাপে যোগদান কৰে ডাঙৰী হাইস্কুলত।সদায় চুৰিয়া-পাঞ্জাৱী পৰিধান কৰা বিধান চন্দ্ৰ বড়া আছিল বিদ্যালয়খনৰ এগৰাকী আদৰ্শ শিক্ষক।এগৰাকী সুবক্তা হোৱাৰ উপৰিও তেখেত আছিল এক জীৱন্ত অভিধানস্বৰূপ।তেখেতৰ অসমীয়া ব্যাকৰণ আৰু ভাষাজ্ঞান আছিল বিস্ময়কৰ।শ্ৰেণীকোঠাত পাঠ পঢাওতে প্ৰয়োজন সাপেক্ষে তেখেতে কীৰ্তনৰ পদ সুললিত কণ্ঠেৰে ছাত্ৰ-ছাত্ৰীসকলক গাই শুনাইছিল।

      বিধানচন্দ্র বড়া ছাৰৰ কৰ্মজীৱনলৈ লক্ষ্য কৰিলে দেখা যায় তেখেতৰ জীৱনৰ এটা সুদীৰ্ঘ কাল অতিবাহিত হৈছিল জন্মস্থান ডাঙৰী-লাউপাতি গাঁৱৰ পৰা আঁতৰত খোৱাং -কোটোহা আদি অঞ্চলত।এই অঞ্চলসমূহত তেখেতে যথেষ্ট সামাজিক-সাংস্কৃতিক কৰ্মৰাজি কৰি গৈছিল। খোৱাং নিৰ্মলা প্ৰিন্টিং প্ৰেছৰ পৰা প্ৰকাশিত আৰু যোগেন্দ্ৰনাথ হাজৰিকাৰ দ্বাৰা সম্পাদিত "নায়ক' আলোচনীত তেখেতে সহ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও পঞ্চাছৰ বৰভূইকঁপৰ পাছত গঠিত 'খোৱাং সাহাৰ্য সমিতি'ৰো তেখেত সম্পাদক নিযুক্ত হৈছিল।উল্লেখযোগ্য যে,ভূইকঁপত বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ অহা তদানিন্তন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সন্মুখত তেখেতেই আদৰণি ভাষণ আগবঢ়াইছিল।

      তাৰোপৰি তেখেতে সেইসময়ত খোৱাং- কোটোহা অঞ্চলৰ গাঁওসমূহত বিভিন্ন অনুষ্ঠান গঠণ কৰি সমাজত প্ৰচলিত কুসংস্কাৰ-অন্ধবিশ্বাস আদি আঁতৰোৱাৰ লগতে মদ্যপান সেৱনৰ অপকাৰিতা সম্পৰ্কে ৰাইজক সচেতন কৰি তুলিবলৈ চেষ্টা কৰিছিল। তেখেতে কোটোহাতো এম,ই স্কুল স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল।ঘূগুলনি এম ই স্কুল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ঠ অৱদান আছিল।

      বৃহত্তৰ ডাঙৰী অঞ্চলৰ বিভিন্ন সামাজিক- সাংস্কৃতিক কৰ্মতো তেখেত সদায়ে আগৰণুৱা আছিল।বিশেষকৈ বৰভূইকঁপৰ পাছত ব্ৰক্ষ্মপুত্ৰৰ পাৰত মথাউৰি বন্ধাৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি তেখেতে দণ্ডীধৰ ফাটোৱালীৰ দৰে ব্যক্তিসকলক লগত লৈ ৰাজধানী শিলংলৈ গৈ নিজৰ দাবী সজোৰে উত্থাপন কৰিছিল।সেইদৰে ডাঙৰী ৰাজ্যিক চিকিৎসালয়খন লোকেল বোৰ্ডৰ হাতত হস্তান্তৰ কৰা,ভূইকঁপপীড়িত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰা তথা তেওঁলোকক উপযুক্ত স্থানত সংস্থাপিত কৰা আদিৰ দৰে কামত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

      সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ অৱদানৰ কথা ক'বলৈ গ'লে দেখা যায় যে বিধানচন্দ্ৰ বড়াৰ দৰে কিছুসংখ্যক ব্যক্তিৰ প্ৰচেষ্টাতে 1959 চনত পোন প্ৰথমবাৰৰ বাবে সোনোৱালসকলৰ হাইদাং গীত বিহু মঞ্চত পৰিৱেশন কৰা হয়।কলাগুৰু বিষ্ণু ৰাভা,মেদিনী চৌধুৰী আদিৰ অনুৰোধক্ৰমে হাইদাং গীত শিৱসাগৰতো প্ৰদৰ্শন কৰিবলৈ লৈ যোৱা হয় আৰু হাইদাং গীত তথা সোনোৱাল সকলৰ অন্যান্য গীত-মাতসমূহ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জড়িয়তে প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

     ডাঙৰী শাখা সাহিত্য সভাৰ সৈতে তেখেত আজীৱন জড়িত হৈ আছিল। 1964 চনত ডাঙৰী শাখা সাহিত্য সভাৰ অধিৱেশনলৈ কবি বিনন্দ চন্দ্ৰ বৰুৱা,পৰীক্ষিত হাজৰিকা,ড:লীলা গগৈ আদিৰ দৰে সাহিত্য জগতৰ পুৰুধা ব্যক্তিসকলক ডাঙৰীলৈ অনা হৈছিল।এই ক্ষেত্ৰত বড়া ছাৰৰ ভূমিকাই আছিল সৰ্বাধিক। পৰৱৰ্তী কালতো এইসকল ব্যক্তিৰ সৈতে তেখেতৰ চিঠিৰ আদান-প্ৰদান চলি আছিল।তেখেত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা 1967-68 চনত ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ উপ-সভাপতিও আছিল।

      1933 চনত গঠন হোৱা 'অসম ট্ৰাইবেল লীগ'ৰ নৱম নাৰায়ণপুৰ(উত্তৰ লখিমপুৰ) অধিৱেশনৰ (1950)তেখেত আছিল সহ: সম্পাদক।1952 চনত অনুষ্ঠিত স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত ৰাজনৈতিক কাৰণত আৰম্ভ হোৱা ট্ৰাইবেল লীগৰ অন্তৰ্কন্দলৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ ট্ৰাইবেল লীগ 1953 চনত ভংগ হোৱাৰ পাছত গঠণ হোৱা ট্ৰাইবেল সংঘৰ সৈতেও তেখেত জড়িত হৈ আছিল। 1964 চনত অনুষ্ঠিত চতুৰ্থ দিচপুৰ অধিৱেশনত বিধান চন্দ্ৰ বড়া আছিল সহ: সম্পাদক। পুণৰ 1985 চনত শিৱসাগৰৰ দিহিংমুখ ৰঙাদৰীয়া গাঁৱত অনুষ্ঠিত সদৌ কছাৰী সন্মিলনৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনৰ সম্পাদক হিচাপে তেখেতে সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।    

     আত্মগোপন কৰি থকা কালত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাও 60 ৰ দশকত আহিছিল তেখেতৰ ঘৰলৈ।ৰাভাদেৱৰ সাহচৰ্য লাভ কৰা বড়াদেৱে সেইসময়তে আদৰ্শগতভাৱে চ'চিয়েলিষ্ট পাৰ্টিৰ প্ৰতি গভীৰ আস্থাশীল হৈ পৰিছিল।কিন্ত ভাৰতবৰ্ষত কমিউনিষ্ট দলৰ শোচনীয় অৱস্থাই নিশ্চয় তেখেতক শংকিত নকৰাকৈ থকা নাছিল।সেইবাবেই তেখেতে কংগ্রেছ দলক প্রতক্ষভাৱে সমৰ্থন আগবঢ়াইছিল।অগ্নিগৰ্ভা তিৰাশীৰ কালছোৱাত কংগ্ৰেছ দলক সমৰ্থন কৰাৰ বাবে তেখেত সামাজিকভাৱে লাঞ্চিত হ'বলগীয়াও হৈছিল ।তথাপিতো নিজৰ সততাত অবিচলিত বড়াদেৱে কেতিয়াও পৰাজয় স্বীকাৰ কৰা নাছিল অথবা নিজৰ আদৰ্শক জলাঞ্জলি দিয়া নাছিল।

     তেখেত যথেষ্ট অধ্যয়নপীপাসু ব্যক্তিও আছিল।সাহিত্যৰ প্ৰতি গভীৰ অনুৰাগী বড়াদেৱে সুললিত কণ্ঠেৰে যেনেদৰে কীৰ্তনৰ পদ গাব পাৰিছিল তেনেদৰে সুন্দৰ সাৱলীল ছন্দত গীতো ৰচনা কৰিব পাৰিছিল।

      1981 চনৰ গণতন্ত্ৰ দিৱসত তেখেত ভাৰত চৰকাৰৰ আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰি নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ দ্বাৰা সম্বৰ্ধিত হৈছিল।প্ৰজ্ঞাৰ সাধক এইগৰাকী ব্যক্তিৰ মৃত্যু হয়1996 চনৰ আঠ চেপ্তেম্বৰ তাৰিখে 74 বছৰ বয়সত । (সমাপ্ত) 

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...