সোনোৱাল লোক-সাহিত্যৰ অন্বেষক : গগন চন্দ্ৰ সোনোৱাল
- বীৰ্কে বি.থাপা
বিশিষ্ট লেখক,সংস্কৃতি-সাধক আৰু সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত গগন চন্দ্ৰ সোনোৱাল এনে এগৰাকী ব্যক্তি যি গৰাকী ব্যক্তিয়ে সোনোৱাল জনগোষ্ঠীৰ অতীত ইতিহাস, ঐতিহ্য, লোককৃষ্টি-সংস্কৃতি আৰু লোক সাহিত্যৰ অন্বেষণত নিজৰ সমগ্ৰ জীৱন ব্যতিত কৰি দিছিল।গগন চন্দ্ৰ সোনোৱাল বুলি ক'লেই সেইগৰাকী সহজ -সৰল ব্যক্তিৰ কথা মনত পৰে যি গৰাকী ব্যক্তিয়ে কলাফুললৈকে বগা ধুতি আৰু কপাহী পাঞ্জাৱী পিন্ধি ,কান্ধত বেগ এটা ওলোমাই লৈ সুদা ভৰিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল লোককৃষ্টিৰ আপুৰুগীয়া সম্পদ বিচাৰি।
সোনোৱাল লোক-কৃষ্টি, সংস্কৃতি আৰু লোক-সাহিত্যৰ অন্বেষক গগন চন্দ্ৰ সোনোৱালদেৱৰ জন্ম ১৯২৬ চনৰ ২৪ ডিচেম্বৰত। বৃত্তিগতভাৱে শিক্ষকতাৰ চাকৰী কৰি ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰাৰ উপৰিও জীৱিত কালত বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত হৈ থকা সোনোৱালদেৱ আছিল অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি । তিনিচুকীয়া জিলা সাহিত্য সভাৰো প্ৰথম প্ৰতিস্থাপক সভাপতি সোনোৱালদেৱে ' সদৌ সোনোৱাল-কছাৰী সৰ্ব বংশাৱলী সভা'ৰ অন্যতম সভাপতি,অসম জন সাংস্কৃতিক পৰিষদৰ কাৰ্যকৰী সভাপতি আৰু পাছলৈ সভাপতি হিচাপেও সফলতাৰে কাৰ্য নিৰ্বাহ কৰি গৈছিল।আশীৰ দশকত তেখেতে 'অসম জন সাংস্কৃতিক পৰিষদ'ৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বও বহন কৰিছিল।উল্লেখযোগ্য যে,'জন -সাংস্কৃতিক পৰিষদ'ৰ মুখ্য সভাপতি আছিল ড.ভূপেন হাজৰিকা। ৮৩ৰ অবৈধ নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰ-নেলী আদিত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ছোৱাত ড. ভূপেন হাজৰিকাৰ নেতৃত্বত শান্তি -সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাবে যি জনসাংস্কৃতিক অভিযানৰ পাতনি মেলা হৈছিল তাৰে দ্বিতীয়টো অভিযানৰ নেতৃত্ব দিছিল গগন সোনোৱালদেৱে।জন সাংস্কৃতিক পৰিষদৰ একনিষ্ঠ কৰ্মী লোকনাথ গোস্বামীৰ 'গগন চন্দ্ৰ সোনোৱাল:দুৰ্লভ ব্যক্তিত্বৰ মানুহজন' শীৰ্ষক লেখাৰ পৰা জানিব পাৰি যে শীতৰ হাড় কপোঁৱা ঠাণ্ডাকো নেওচি সুদা ভৰিৰেই তেখেতে কাকপথাৰৰ পৰা কোকৰাঝাৰলৈ,কোকৰাঝাৰৰ পৰা গোগামুখ-ধেমাজীলৈ,ডিব্ৰুগড়ৰ পৰা কাৰ্বি আংলঙলৈ জন সাংস্কৃতিক অভিযানৰ সফল নেতৃত্ব বহন কৰিছিল।গোস্বামীদেৱে লিখিছে- '৮৩ ৰ সংকটময় পৰিস্থিতিৰ বুকুত অনুষ্ঠিত নিখিল বড়ো সাহিত্য সভাৰ মুকলি সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ প্ৰাক-মুহূৰ্তত কাষত গগন সোনোৱাল ছাৰক থিয় কৰাই বিশাল ৰাইজক সম্বোধি ভূপেন হাজৰিকাই কৈছিল-'এইয়া সুদূৰ ডিবৰুৰ গাঁৱৰ পৰা বিষ্ণু ৰাভাদেৱৰ লগৰ গগন সোনোৱালক আনিছোঁ আপোনালোকৰ সন্মুখলৈ,তেখেত পৰিষদৰ কাৰ্যকৰী সভাপতি।'
২৭ অক্টোবৰ ২০০৯চন তাৰিখে ৮৩ বছৰ বয়সত মৃত্যু বৰণ কৰা গগণ সোনোৱালদেৱক অসমীয়া সাহিত্যলৈ যোগোৱা বিশাল অৱদানৰ বাবে অসম চৰকাৰেও তেখেতলৈ 1989 চনত সাহিত্যিক পেঞ্চন আগঢ়াইছিল।
গগন চন্দ্ৰ সোনোৱালদেৱে উল্লেখ কৰা মতে,কৈশোৰাৱস্থাতে তেখেতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰো সান্নিধ্য লাভ কৰিছিল। 'শিপাৰ উৎস বিচাৰি ফুৰা বন ফৰিং গগন সোনোৱাল' শীৰ্ষক লেখাতো গকুল সোনোৱালদেৱে উল্লেখ কৰিছে যে সমগ্ৰ অসমৰ সত্ৰ ,নামঘৰ,মঠ-মন্দিৰ,গাঁৱে-ভূঞে থকা কলা-সংস্কৃতিৰ অধ্যয়ন,সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে ভ্ৰমি ফুৰাৰ আচিলাতে ডাঙৰী অঞ্চলৰো কৃষ্টি-সংস্কৃতিৰ ভূ লোৱাৰ উদ্দেশ্যে 1942 /43 চনত বিষ্ণু ৰাভা আহিছিল ডাঙৰীলৈ আৰু ডাঙৰী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰয়াত ভুৱন চন্দ্ৰ শইকীয়া ছাৰৰ বাহৰত দুদিনমান আছিলহি।সেই বছৰতে স্কুলত অনুষ্ঠিত সৰস্বতী পূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়াত মঞ্চস্থ কৰিবৰ বাবে ' সুন্দৰ-দেউল' নামৰ এখন নৃত্য- নাটিকা ৰচনা কৰি গকুল সোনোৱাল,গগন চন্দ্ৰ সোনোৱাল আদিকে ধৰি কেইগৰাকীমান ছাত্ৰক নৃত্য-নাটিকাখন কৰিবলৈ শিকাইছিল।গগন চন্দ্র সোনোৱাল সেই সময়ত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল আৰু সোনোৱালদেৱে 'অগ্নিবীণ'ৰ অভিনয় কৰিছিল।এইখন নৃত্য-নাটিকাতে সন্নিৱিষ্ট আছিল সেই বিখ্যাত গীতটি--'সুৰৰে দেউলৰে /ৰূপৰে শিকলি/ভাঙি দিলি খুলি/দুৱাৰ সোনোৱালী/পূজাৰী অ'…/সুন্দৰৰ পূজাৰী…'। ডাঙৰীৰ প্ৰয়াত ভূৱন চন্দ্ৰ শইকীয়াৰ ঘৰৰ ড্ৰয়িং ৰূমতে এইখন নৃট্য-নাটিকাৰ আখৰা হৈছিল।
ইয়াৰ পাছতে সোনোৱাল লোককৃষ্টি আৰু সংস্কৃতিৰ পথাৰখনত তেখেতৰ প্ৰথম পদাৰ্পন ঘটে 1945 চন মানত।এই সম্পৰ্কে উল্লেখ কৰি গগন চন্দ্ৰ সোনোৱালদেৱে 'দুইখা তিৰীৰ চাওৱাই কান্দে' শীৰ্ষক এটি লেখাত লিখিছে- ' ইংৰাজী 1945 চন মানৰ কথা।সেই সময়ত মই বৰ্তমানৰ তিনিচুকীয়া জিলাৰ ডাঙৰী প্ৰাইভেট স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ।স্বীকাৰ্য, বিদ্যালয়ৰ ছাত্ৰ একতা বা জ্ঞানদায়িনী সভাবোৰৰ প্ৰতি মোৰ আশৈশৱ প্ৰীতিভাৱ আছিল।আৰু সভা-সমিতি, সামাজিক অনুষ্ঠানাদিৰ সৈতে মই আজিও একপ্ৰকাৰ জড়িত বুলি ক'ব পাৰি।তাৰেই বদ অভ্যাসত পৰি স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্য - সংস্কৃতি চৰ্চাৰ বাবে 'তৰুণ লেখক সংঘ,গুৱাহাটী(স্থাপিত ইংৰাজী 1944 চন)ৰ এটি শাখা খুলি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰোঁ।সভা-সমিতি পাতোঁ আৰু মূল সংঘৰ নিৰ্দেশানুযায়ী সংঘ পৰিচালনা কৰি যাওঁ।আকস্মিকভাৱে সংঘৰ কেন্দ্ৰীয় সম্পাদক বিপিন শৰ্মাই এখন পত্ৰৰ যোগেদি মোলৈ বিশেষ অনুৰোধ কৰি জনালে যে সংঘৰ স্থায়ী সভাপতি ড. প্ৰফুল্ল দত্ত গোস্বামী,এম এ ,ডি ফিল (কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক)দেৱক ডাঙৰী অঞ্চলৰ সোনোৱাল- কছাৰী সমাজত প্ৰচলিত হায়দাং গীত আৰু হুঁচৰি গীত আদি সংগ্ৰহ কৰি দিব লাগে।..' গগন চন্দ্ৰ সোনোৱালদেৱে লিখা মতে,এই গীতসমূহৰ বিষয়ে তেতিয়ালৈকে তেখেতৰ সমূলি জ্ঞান বা ধাৰণা নাছিল।পাছত গাঁৱৰ বুঢ়া-মেথা সকলক সোধ-পোচ কৰি বাইথ' শালৰ কথা জানিব পৰাত এদিন ৰাতিপুৱাতে গৈ বৰপথাৰ পাইছিলগৈ।বৰপথাৰ গাঁৱৰ গীতঘাই গৰাকীক (বগা সোনোৱাল)সাক্ষাৎ কৰি এডুখৰি বস্ত্ৰ ,গুৱা-পাণ আৰু কিঞ্চিত অৰিহণাসহ মাননি হিচাপে এটি টোপোলা আগবঢ়াই উদ্দেশ্য অৱগত কৰাত তেওঁ বৰঘৰৰ ভিতৰলৈ গৈ ধোঁৱাচাঙত তুলি থোৱা এটি সৰু বাঁহৰ ৰঙামুৱা সাঁফৰ মৰা চুঙা আনি তেখেতক দেখুৱাইছিল।আগলৈ তেখেতে লিখিছে-'সাঁফৰ খুলি চাই দেখোঁ অতি সযতনে অপৰিস্কাৰ কেইখিলামান তুলাপাতত শুদ্ধাশুদ্ধভাৱে লিখি থোৱা হায়দাং গীতৰ জুমুঠি।মোক আৰু কোনে পায়?সৰগখন যেন হাততে পালোঁ।' এই প্ৰসংগত মন কৰিবলগীয়া যে হায়দাং আৰু হুঁচৰি গীতসমূহ বাইথ' মন্দিৰৰ বিশেষ বিশেষ সেৱকী আৰু ভক্তবৃন্দইহে পূজাৰী তথা ৰাইজৰ অনুমতি সাপেক্ষে গোৱা-মেলা কৰাটো নিয়ম।তেনে ক্ষেত্ৰত ড.প্ৰফুল্ল দত্ত গোস্বামীৰ উদগনিত সামন্তীয় ধ্যান-ধাৰণাৰ হেঙাৰ ভাঙি ,সমাজৰ মুখিয়ালসকলৰ অনুমোদন নথকা,নিষিদ্ধ কাম এটা কৰি সোনোৱালদেৱে দৰাচলতে একপ্ৰকাৰক প্ৰগতিশীল কাৰ্যকে কৰিছিল বুলি বিশিষ্ট লেখক হৰেন্দ্ৰ নাথ বৰঠাকুৰেও উল্লেখ কৰিছে।(দ্ৰষ্টব্য : 'গগন চন্দ্ৰ সোনোৱাল: ব্যক্তিত্য আৰু সাধনা'-হৰেন্দ্ৰ নাথ বৰঠাকুৰ)।
তাৰপাছত সেই হায়দাং গীতখিনি সম্পূৰ্ণ লিখি আনি তেখেতে ড:প্ৰফুল্ল দত্ত গোস্বামীলৈ পঠিয়াই দিছিল।গুৱাহাটিৰ পৰা ১৯৪৮ চনত প্ৰকাশিত সংঘৰ মুখপত্ৰ 'সন্ধান'ত সেই হায়দাংগীত সমূহ ড: প্ৰফুল্ল দত্ত গোস্বামীয়ে প্ৰকাশ কৰি উলিওৱাৰ লগে লগে হায়দাং গীতৰ কথা সমগ্ৰ অসমে প্ৰথম বাৰৰ বাবে জানিব পাৰে। গগন চন্দ্ৰ সোনোৱালদেৱে লিখা 'মোৰ সাহিত্য কৃতিৰ কঠিয়াতলী বৰপথাৰ গাওঁ' শীৰ্ষক নিৱন্ধৰ পৰা জানিব পৰা যায় যে তেখেতে হায়দাং গীত সংগ্ৰহ কৰা এই কাৰ্যক , গুৱাহাটীৰ তৰুন লেখক সংঘৰ সম্পাদক বিপিন শৰ্মাই পত্ৰযোগে তেখেতক জানিবলৈ দিয়া মতে ড.সূৰ্যকুমাৰ ভূঞা,ড.বাণীকান্ত কাকতি, ড.বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰমুখ্যে পণ্ডিতসকলেও যথেষ্ট প্ৰশংসা কৰিছিল। ইয়াৰ পাছত ১৯৫১ চনত ড:বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত আলোচনী 'ৰংঘৰ'ত প্ৰকাশ পায় তেখেতৰ 'লখিমীৰ পৃথিৱী' নামৰ সোনোৱাল জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত এটি সাধু।এইদৰেই সাহিত্য আৰু সংস্কৃতিৰ পথাৰখনত তেখেতৰ পদাৰ্পণ ঘটিছিল।
সংস্কৃতিৰ পথাৰখনত তেখেতে যি এবাৰ ভৰি দিছিল, তাৰ পাছত আৰু কেতিয়াও সেই পথাৰৰ বোকা-মাটিৰ পৰা ভৰি আঁতৰাই অনা নাছিল।বিষ্ণু ৰাভাৰ দৰে তেখেতেও সুদা ভৰিৰে কৃষ্টিৰ দ-বোকা পথাৰত নামি আপুৰুগীয়া সম্পদৰাজি বুটলি আনিবলৈ চেষ্টা কৰিছিল ।কৃষ্টিৰ পথাৰত তেখেতৰ বিচৰণভূমি আছিল শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন অঞ্চল।তাৰ ভিতৰত বিশেষকৈ ডাঙৰী বৰপথাৰ আৰু লক্ষিমপুৰৰ ফালৰ জনগোষ্ঠীয় গাওঁসমূহ।তেখেতে কিছু সমল অৰুণাচলৰ ভিতৰুৱা গাওঁ এখনৰ পৰাও সংগ্ৰহ কৰা কথা উল্লেখ কৰিছে।কৃষ্টিৰ পথাৰৰ পৰা বুটলি অনা লোক-সাহিত্যৰ আপুৰুগীয়া সেই সম্পদৰাজিৰ বিষয়ে বিভিন্ন কাকতে -পত্ৰে তেখেতে লিখি গৈছিল।পৰৱৰ্তী কালত তেখেতৰ এই লেখনি সমূহে সোনোৱাল সংস্কৃতিৰ আন বহুতো লেখক-গৱেষকক বিশেষভাৱে সহায় কৰিছিল।
গৱেষণামূলক ভাৱে লিখা তেখেতৰ প্ৰবন্ধসমূহৰ বিষয়বস্তু আছিল-সোনোৱাল-কছাৰীসকলৰ অতীত ইতিহাস আৰু ঐতিহ্যৰ অন্বেষণ,সামাজিক জীৱন, লোক-সংস্কৃতি আৰু পৰম্পৰা, লোক সাহিত্য আদি।
মংগোলীয় বংশোদ্ভূত জনগোষ্ঠীসমূহৰ ভিতৰত অসমৰ অন্যতম এক প্ৰাচীন জনগোষ্ঠী সোনোৱালসকলৰ ব্যুৎপত্তিগত ইতিহাস সম্পৰ্কত তেখেতৰ উল্লেখযোগ্য নিৱন্ধসমূহ হৈছে-'সোনোৱাল কছাৰীসকলৰ ঐতিহ্য','অসমৰ জনজাতি সোনোৱাল কছাৰী','সোনোৱাল কছাৰী সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সামাজিক জীৱনৰ এটি চমু পৰিচয়','সোনোৱাল কছাৰী' আদি।কিন্তু সোনোৱালসকলৰ অতীত সম্পৰ্কে কোনো লিখিত বা প্ৰামাণিক সম্বল অদ্যপৰিমিত পাবলৈ নথকা হেতুকে সোনোৱালদেৱেও প্ৰচলিত পুৰনি গীত-মাত,লোক-কথা, কিম্বদন্তী আদিৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকৰ অতীত ইতিহাস আৰু ঐতিহ্যৰ অন্বেষণ কৰিবলৈ চেষ্টা কৰা দেখা যায়।
সোনোৱাল সকলৰ অতীত সম্পৰ্কত থকা জনশ্ৰুতিৰ কথা তেখেতে একাধিক স্থানত উল্লেখ কৰি লিখিছে যে বাণ ৰজা অথবা তেওঁৰ পিছৰ কোনো এজন ৰজাৰ ডিমাচা,গাৰ,ভালুকবীৰ আৰু হগ্ৰা নামে চাৰি পুত্ৰ আছিল।ডিমাচাই ডিমাপুৰ বা কাছাৰত বড়ো বা কছাৰী ৰাজ্য,গাৰই গাৰো পাহাাৰত গাৰো ৰাজ্য, ভালুকবীৰে বালিপাৰাত অকা ৰাজ্য প্ৰতিষ্ঠা কৰে।হগ্ৰাই এহেজাৰ লোক লগত লৈ উত্তৰ দিশ শদিয়া অঞ্চললৈ উজাই আহে।' জনশ্ৰুতি মতে,হগ্ৰাৰ লগত উজাই অহা কছাৰীসকলে লিকাম,কৰাম, কাৰ্দং,চেৰদং, হাগু,তাগু,নৰ আৰু ডফলা নামৰ মিৰিকেইঘৰত প্ৰথমে আশ্ৰয় লয়হি,তাৰ পাছত আৰু উত্তৰলৈ উজাই গৈ লালিসুঁতি পাৰ হৈ কুণ্ডিলৰ পাৰত বসতি কৰে আৰু ' হালালী ৰাজ্য ' স্থাপন কৰে।
এইসকল লোকেই সময়ৰ মূৰকত সোনোৱাল কছাৰী বা শদিয়ালী কছাৰী বুলি জনাজাত হয়। তেখেতে উল্লেখ কৰা মতে, সোনোৱালসকলে শদিয়াত বসতি কৰি থকা সময়ছোৱাত আহোম ৰাজপাটত গদাধৰ সিংহ ৰজা হৈ আছিল। সেই সময়তে কেশ দেউ (কেশৱ দেৱ মহন্ত) নামৰ আউনিআটি সত্ৰৰ এজন গোঁসায়ে আহি টেঙাপানী নৈৰ মুখত শিষ্যসহ আহি বাহৰ পাতিছিল।সোনোৱালসকলে গোঁসাইৰ অলৌকিক মাহাত্ম্যৰ কথা জানিব পাৰি পূৰ্বৰ স্ব-ধৰ্ম ত্যাগ কৰি তেওঁৰ চৰণত শৰণ লৈছিল।এইজনা গোঁসাইক সোণ দি ভজাৰ বাবেই তেওঁলোকক 'সোনোৱাল ' আখ্যা দিয়া হয়।
সেইদৰে আন এক জনশ্ৰুতিৰ কথাও তেখেতে উল্লেখ কৰি লিখিছে-'আৰিমত্ত ৰজাই নিজ পিতৃক বধ কৰি পিতৃহত্যা পাপৰ পৰা নিষ্কৃতি পাবৰ হেতুকে এক বিৰাট যজ্ঞৰ আয়োজন কৰিছিল।সেই যজ্ঞৰ পৰা ব্ৰাক্ষ্মণ-সজ্জন সকলোৱে বিৰত থকাত মনৰ সন্তাপত নাও ভৰাই সোণ লৈ আহোঁতে সোৱণশিৰি নৈত নাও বুৰে।তেতিয়াৰে পৰা সোৱণশিৰিত সোণৰ চেকুৰা বিয়পি পৰে।সোনোৱাল কছাৰীসকলে এই কথাৰ ভূ পাই উক্ত নৈৰ পৰা সোণ চাকি উলিয়াবলৈ সক্ষম হৈছিল।'
এনেধৰণৰ জনশ্ৰুতি সম্পৰ্কত বিভিন্ন জনৰ মাজত মত-বিৰোধ নথকা নহয়।তাৰোপৰি ইতিহাস অন্বেষণৰ এই সম্বলসমূহ মূলত: জনশ্ৰুতি বা কিম্বদন্তী হোৱা হেতুকে সিবিলাকৰ বিজ্ঞানসন্মত যুক্তিযুক্ততা সম্পৰ্কতো প্ৰশ্নৰ অৱতাৰণা নোহোৱাকৈ নাথাকে। অৱশ্যে এই কথাও সত্য যে জনশ্ৰুতি মতে চলি অহা এই কাহিনীসমূহৰ সত্যতা-অসত্যতা সম্পৰ্কত তেখেতে নিজস্ব কোনো মতামত আগবঢ়োৱা নাই। জনশ্ৰুতিসমূহ তেখেতে কেৱল সংগ্ৰহহে কৰিছে।
সোনোৱালসকলৰ অতীত ইতিহাস সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য লিখিত সম্বল নথকা হেতুকে এই সম্পৰ্কে উত্থাপিত বিতৰ্কিত বিষয়বোৰৰ সন্দৰ্ভত বস্তুনিষ্ঠ অধ্যয়ণ তথা লেখা আগবঢ়োৱাৰ পৰা সোনোৱালদেৱে তেখেতৰ স্বভাৱসুলভ সৰলতাৰে ইচ্ছাকৃতভাৱেই আতঁৰি আছিল যেন লাগে।কিম্বদন্তী বা জনশ্ৰুতিসমূহ তেখেতে বিভিন্ন লেখাত উল্লেখ কৰিছিল যদিও সিবিলাকৰ সমৰ্থনত নিজস্ব মত পোষণ কৰা নাছিল,বৰঞ্চ নতুন চিন্তাৰ বাটহে মুকলি কৰি দিছিল।
ইতিহাস চৰ্চাৰ বিতৰ্কিত বিষয়সমূহৰ পৰিৱৰ্তে সোনোৱালসকলৰ মাজত প্ৰচলিত লোক-সাহিত্যসমূহৰ সংগ্ৰহৰ কামতহে তেখেতে অধিক মনোনিৱেশ কৰিছিল।এই সন্দৰ্ভত হৰেন্দ্ৰ নাথ বৰঠাকুৰে কোৱা এষাৰ কথা প্ৰণিধানযোগ্য।সেয়া হৈছে-বিষ্ণু ৰাভাৰ দৰে গগন সোনোৱালদেৱেও ক্ষেত্ৰ অধ্যয়ণেৰে গাওঁ-ভূঁই চলাথ কৰি,চহা ৰাইজৰ মাজত একাত্ম হৈ ,বুঢ়া-মেথাক লগ কৰি,ধোঁৱা-চাঙৰ পৰা পুৰণি পুথি-পাঁজি নমাই আনি লোক-সংস্কৃতিৰ বিস্তৰ সমল আৰু সিবোৰৰ বিৱৰণ সংগ্ৰহ কৰি এক কষ্টসাধ্য আৰু শ্ৰম সাপেক্ষ কাম গভীৰ নিষ্ঠাৰে কৰিছিল আৰু অসমৰ লোক সংস্কৃতিৰ ইতিহাস চৰ্চাত প্ৰভূত অৰিহনা যোগাইছিল।'
গগন চন্দ্ৰ সোনোৱালদেৱে ডাঙৰীৰ বৰপথাৰ গাঁৱৰ পৰা আৰম্ভ কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সুদা ভৰিৰে গাঁৱে-ভূঞে চলাথ কৰি অশেষ কষ্টেৰে সংগ্ৰহ কৰা সম্পদসমূহৰ ভিতৰত সোনোৱাল লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদৰ প্ৰায় সকলোখিনিয়েই আছিল।এই সমূহৰ ভিতৰত আটাইতকৈ আপুৰুগীয়া সম্পদ হায়দাং গীতৰ কথা ইতিপূৰ্বে উল্লেখ কৰি অহা হৈছে।উল্লেখযোগ্য যে, হায়দাং গীতসমূহ সোনোৱাল কছাৰীসকলৰ প্ৰধান আৰাধ্য দেৱতা খ্ৰীং খৃীং বাইথ' দেৱতা বা খৃীং ৰাজা দেৱতাৰ পূজাৰ দিনা পূজা -পাতলৰ সমাপনৰ পাছত বাইথ' মন্দিৰৰ পবিত্ৰ স্থলীত বয়সীয়াল লোকৰ দ্বাৰা পৰিৱেশন কৰা হয়।এঘাৰটা খণ্ডত বিভক্ত এই গীতসমূহত সৃষ্টিৰ পাতনি,দেৱ আৰু প্ৰকৃতিৰ মহত্ব, সোনোৱালসকলৰ বংশ-খেল আদিৰ বৰ্ণনা কৰা হয়।
হায়দাং গীতৰ উপৰিও তেখেতে হুঁচৰি গীত সংগ্ৰহ কৰিছিল।হুঁচৰি গীতসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে,যথা-বাৰেমন্ত্ৰ,পোহাৰী গীত,থিয় গীত আৰু বৰগীত।সেইদৰে তেখেতে সংগ্ৰহ কৰা লোক-গীতসমূহৰ প্ৰত্যকৰে নিজস্ব বৈশিষ্ট্য আছে,যেনে-লখিমী সবাহৰ নামসমূহ হৈছে কৃষিৰ অধিষ্ঠাত্ৰী দেৱী আই লখিমীৰ উদ্দেশ্যে গোৱা নাম।গাত বসন্তই দেখা দিলে গোপিনীসকলে আই সবাহ পাতি গোৱা নামবোৰ হৈছে আই নাম।অপেচৰী নামসমূহ হৈছে - বেমাৰ-আজাৰ , অপায়-অমংগল হ'লে খাল-বিলৰ যখ-যখিনী,দেও-দেৱতা আদি অসন্তুষ্ট হোৱা বুলি বিশ্বাস কৰি এইসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যে বুঢ়ী বিধবা মহিলাই চোতালত বা নৈৰ পাৰত সবাহ পাতি গোৱা নাম ।গোঁসাই বা নামঘৰৰ নামবোৰ হৈছে-আউনীআটি সত্ৰৰ গোঁসাই কেশৱ দেৱ মহন্তৰ মাহাত্ম্যত আপ্লুত হৈ সোনোৱালসকলে ৰচনা কৰা নাম। সেইদৰে মৰণা মাৰোতে গোৱা গীত,বহাগ বিহুত গৰুক নতুন পঘা পিন্ধাবৰ বাবে ব্যৱহাৰ কৰা তৰা ৰছী বটাৰ আগেয়ে তৰাগছবোৰ সৰু সৰুকৈ ছিৰি লোৱা সময়ত গোৱা গীত,চাকচন মাগা গীত,হগ্ৰা নাচৰ গীত,ধাই নাম,নিচুকনি গীত,খেল-ধেমালিৰ গীত, জুনা, মালিতা, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত আদি প্ৰতিটো গীতেই স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ।
অশেষ কষ্ট কৰি তেখেতে এই গীত বা নামসমূহ সংগ্ৰহ কৰাৰ উপৰিও 'সোনোৱাল কছাৰী লোক-সাহিত্য','সোনোৱাল সমাজৰ গীত','সোনোৱাল কছাৰী জনজাতিৰ হুঁচৰি গীত','সোনোৱাল হুঁচৰিৰ তাৎপৰ্য','হায়দাং গীত আৰু ইয়াৰ মৌলিক তাৎপৰ্য', 'সোনোৱালসকলৰ বহুৱা নৃত্য','বৰগাঁতিয়াল বাঘদেউ পূজা' আদি বিভিন্ন নিৱন্ধত সিবিলাকৰ ব্যাখ্যাত্মক আলোচনাও আগবঢ়াইছে।তেখেতৰ প্ৰচেষ্টাতে সোনোৱালসকলৰ হায়দাং গীত অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হৈছিল।লোক-গীতসমৃহৰ দৰে লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদ স্বৰূপ বিভিন্ন লোক- কথা, প্রবাদ- প্ৰবচন(মৎস্য কুলৰ ৰজা ভিচলি চন্দা,লাখুটিৰ নটা গুণবিশেষ,ছাগলীয়ে খালে সাতখন গাওঁ), ফকৰা-যোজনা,পটন্তৰ সাধুকথা আদিও তেখেতে সংগ্ৰহ কৰিছিল।তেখেতৰ দ্বাৰা সংগৃহীত সাধুকথাসমূহৰ ভিতৰত আছিল নুমলীয়া কোঁৱৰ,দুটি হাঁহি,বাসুকীৰ আঙঠি, মাউৰী টেঙৰ,লখিমীৰ পৃথিৱী,চেঙেলী টেটোন,মৰণৰ মহামেলা,কেতেকী আৰু কুলি, শিয়ালৰ বুদ্ধিত বাঁৰীৰ ল'ৰা ৰজা ,মাণিকৰ কথা,শিপিনীৰ ফুল,মিত্ৰদ্ৰোহীৰ পৰিণাম, সন্ধ্যাৰ আগমনত আন্ধাৰৰ সৃষ্টি,বৰ চৰাইৰ সাধু,এক আছিল বাঘকোঁৱৰ,সোনোৱালৰ গোঁসাই প্ৰীতি,বেঙাৰ হাঁহি,তিনিটা টেটকুটীয়া কথা,এজনী সৰু ছোৱালী আৰু এজন চোৰাংচোৱা, এক চহাৰ ৰাজ বিষয় লাভ, শিয়ালৰ বুদ্ধি প্ৰয়োগ,গৰু-মহে মানুহৰ আশ্ৰয়ত থাকিবলগীয়া হ'ল কিয়,মদ সৃষ্টিৰ আঁৰৰ কথা আদি।এই সাধুকথাসমূহৰ বেছিভাগেই 1978 চনত প্ৰকাশিত 'সোনোৱালৰ সাধু' নামৰ পুথিত সন্নিৱিষ্ট হৈছে।
তেখেতৰ দ্বাৰা সংগৃহীত লোক-সাহিত্যৰ সমল তথা লোক-সাহিত্য বিষয়ক নিৱন্ধসমূহ ইতিপূৰ্বে উল্লেখ কৰি অহাৰ দৰে 'তৰুণ লেখক সংঘ,গুৱাহাটী'ৰ মুখপত্ৰ 'সন্ধান', ৰামধেনু,অসম সাহিত্য সভা পত্ৰিকা, সোনোৱাল কছাৰী সাহিত্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ 'সোনোৱাল কছাৰীৰ সমাজ আৰু সংস্কৃতি',ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ 'অসমৰ জনগোষ্ঠীয় লোক-সাহিত্য', সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ 'সোনোৱাল সৌৰভ',অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত 'বিশ্বকোষ'ৰ নৱম খণ্ড আদিৰ উপৰিও বিভিন্ন কাকত আলোচনী, স্মৃতিগ্ৰন্থ আদিত সিঁচৰিত হৈ আছে যদিও জীৱিত কালত তেখেতৰ মাত্ৰ দুখনেই কিতাপ প্ৰকাশ হৈছিল- এখন আছিল ১৯৭৮ চনত অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা 'সোনোৱালৰ সাধু' আৰু আনখন আছিল ২০০৫ চনত তিনিচুকীয়া জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা -'সাহিত্য-সংস্কৃতি-বিচিত্ৰা'।কিন্তু মৰণোত্তৰভাৱে সোনোৱাল- কছাৰী স্বায়ত্ব শাসিত পৰিষদে ২০১৩ চনত প্ৰকাশ কৰা 'গগন চন্দ্ৰ সোনোৱাল ৰচনা সম্ভাৰ' খন এখনি আপুৰুগীয়া গ্ৰন্থ য'ত সোনোৱালদেৱৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত-অপ্ৰকাশিত প্ৰায় এশৰো অধিক সংস্কৃতি বিষয়ক নিবন্ধ, অভিভাষণ, সাক্ষাৎকাৰ, প্ৰতিথযশা বিভিন্ন ব্যক্তিলৈ লিখা চিঠিপত্ৰ আৰু অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰিত কথিকাসমূহ একত্ৰে সন্নিৱিষ্ট হৈছে।প্ৰকৃততে গগন চন্দ্ৰ সোনোৱালদেৱক লগ নোপোৱাকৈ যেনেদৰে তেখেতৰ ব্যক্তিত্ব আৰু সাগৰৰ দৰে বিশাল হৃদয়ৰ উমান পাব নোৱাৰি তেনেদৰে 'ৰচনা সমগ্ৰ'খন অধ্যয়ন নকৰাকৈয়ো সোনোৱাল জনগোষ্ঠীৰ অতীত ইতিহাস, ঐতিহ্য, লোককৃষ্টি,লোক-সাহিত্য আদিৰ অন্বেষণ,উদ্ধাৰ আৰু সংগ্ৰহৰ ক্ষেত্ৰত থকা তেখেতৰ অৱদানৰ কথা অনুমান কৰিব নোৱাৰি।(সমাপ্ত)
বি:দ্ৰ:- ইতিপূৰ্বে 'প্ৰান্তিক'ত প্ৰকাশিত।
No comments:
Post a Comment