Sunday, September 27, 2026

সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন আৰু সৃষ্টি

 সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন আৰু সৃষ্টি

                                                  - বীৰ্কে বি.থাপা


      ব্যক্তিগত জীৱনত সাহিৰ লুধিয়ানৱী আছিল তেনেই উচ্ছৃংখল আৰু বেপৰুৱা।এক বহেমিয়ান লাইফ ষ্টাইল আকোঁৱালী লোৱা এই গৰাকী কবিয়ে নিজক উটুৱাই দিছিল কেৱল চিগাৰেটৰ ধোঁৱা আৰু বন্ধুবৰ্গৰ সৈতে মদৰ আড্ডাত।কিন্তু কোনেও ক'ব নোৱাৰাকৈ তেওঁ হৃদয়ত কঢ়িয়াই লৈ ফুৰিছিল অলেখ দু:সহ যন্ত্ৰণাৰ ভাৰ।জীৱনৰ পদে পদে পাই অহা দুখ আৰু যন্ত্ৰণাৰ সৈতে আজন্ম সংগ্ৰাম কৰি যোৱা সাহিৰ লুধিয়ানৱীয়ে বন্ধুবৰ্গৰ সৈতে মাজনিশালৈকে মদ খাই আড্ডা পিটি কটাই দিলেও নিজৰ সৃষ্টি প্ৰতিভাক কেতিয়াও ধ্বংস হ'বলৈ দিয়া নাছিল।

      মাথোঁ বাইশ বছৰ বয়সত তেওঁ লুধিয়ানাৰ পৰা লাহোৰলৈ আহিছিল নিজৰ প্ৰথমখন কবিতাপুথি 'তলখিয়াঁ 'প্ৰকাশ কৰাৰ উদ্দেশ্যে।সেই সময়ছোৱাত 'কবি' হোৱাৰ এটা বাসনা তেওঁৰ জাগি উঠিছিল।কবিতাপুথিখন প্ৰকাশ হৈ ওলোৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি পৰিছিল আৰু এই খ্যাতিৰ বাবেই প্ৰসিদ্ধ উৰ্দু পত্ৰিকা 'আদৱ -এ-লতীফ' আৰু 'শাহকাৰ 'ৰ তেওঁ সম্পাদক নিযুক্ত হৈছিল।

     লাহোৰৰ যিট়ো এলেকাত তেওঁ বাস কৰিছিল তাত চৌদিশে কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছিল।সেই কট্টৰ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বাস কৰি তেওঁ সুখী হ'ব পৰা নাছিল।কাৰণ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত সদায়ে তেওঁ মানৱতাৰ বিষয়টোত অধিক গুৰুত্ব দিছিল।ইতিমধ্যে তেওঁৰ লেখাসমূহে কট্টৰপন্থীসকলৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু তেওঁৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছিল।জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁ সঘনে স্থান পৰিৱৰ্তন কৰিবলগীয়া হৈছিল যদিও বিদ্ৰোহী লেখাসমূহ লিখিবলৈ এৰা নাছিল।'সৱেৰা' আৰু 'প্ৰীতলড়ী' নামৰ দুখন বাতৰি কাকত তেওঁ নিজে সম্পাদনাও কৰিবলৈ লৈছিল।'সৱেৰা' কাকতত প্ৰকাশিত তেওঁৰ বিদ্ৰোহী লেখাসমূহৰ বাবে পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰী কৰাত আত্মৰক্ষাৰ বাবে তেওঁ দিল্লীলৈ পলাই যাবলৈ বাধ্য হৈছিল।কিন্তু দিল্লীতো তেওঁৰ জীৱন সুৰক্ষিত নাছিল।

      দিল্লীত দুমাহ থকাৰ পাছত সাহিৰ লুধিয়ানৱী বোম্বাইলৈ যায় আৰু বোম্বাইৰ চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।বোম্বাইৰ এটা অখ্যাত গলিৰ সৰু এটা ঘৰত থাকি তেওঁ সংগ্ৰাম কৰি গৈছিল।এই সময়ছোৱাত তেওঁ বাতৰি কাকতত বিদ্ৰোহী গীত,কবিতা,শায়েৰী আৰু গজল লিখাত মনেনিৱেশ কৰিছিল।ইতিমধ্যে তেওঁৰ প্ৰথম কবিতাপুথি 'তলখিয়াঁ 'ৰ উৰ্দু সংস্কৰণ একৈশবাৰ আৰু হিন্দী সংস্কৰণ এঘাৰবাৰ প্ৰকাশ হৈ পাইছিল।

      সাহিৰ লুধিয়ানৱীৰ প্ৰকৃত নাম আছিল আব্দুল হাৱী।1921 চনৰ ওঠৰ মাৰ্চ তাৰিখে লুধিয়ানাৰ এক আঢ্যৱন্ত ঘৰত জন্ম হোৱা সাহিৰৰ ল'ৰালি কাল সুখ-স্বাচ্ছন্দ্যৰ মাজত অতিবাহিত হৈছিল যদিও দেউতাকৰ দুৰ্বল চৰিত্ৰ আৰু বিলাসী জীৱনৰ প্ৰতি অতীষ্ঠ হৈ মাকে বিবাহ বিচ্ছেদ ঘটাই বেলেগে থাকিবলৈ লোৱাৰ পাছৰে পৰাই তেওঁৰ জীৱনলৈ বিপৰ্যয় নামি আহিছিল।জীৱনৰ কঠিনতম দিনবোৰত তেওঁৰ শিক্ষা-দীক্ষা ,ভৰণ-পোষণ আদিৰ বাবে মাকে নিজৰ সা-সম্পত্তি,আ-অলংকাৰ সকলো বেচিবলগীয়া হোৱা অৱস্থা তেওঁ লক্ষ কৰিছিল।আনফালে, দেউতাকে তেওঁক মাকৰ বুকুৰ পৰা কাঢ়ি নি হত্যা কৰাৰ ভাবুকি দিছিল।সেয়ে এক প্ৰকাৰৰ ভয়,সংশয় আৰু ত্ৰাসৰ মাজত তেওঁ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ কটাবলগীয়া হৈছিল।অশেষ কষ্টৰ মাজেৰে তেওঁ কলেজলৈকে পঢ়িছিল যদিও কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল।

      কবি হোৱাৰ বাসনাৰে লুধিয়ানাৰ পৰা লাহোৰলৈ আহি সাহিৰে তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি পৰিছিল যদিও বোম্বাই চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ তেওঁ যি সপোন দেখিছিল সেয়া বাস্তৱিকতে বৰ সহজ নাছিল।বোম্বাইৰ এটা অখ্যাত গলিত থাকি তেওঁ গীত লিখিছিল আৰু নিতৌ প্ৰযোজক-পৰিচালকৰ ঘৰলৈ দৌৰিছিল।সংঘাত-সংঘৰ্ষেৰে জৰ্জৰিত সেই দিনবোৰত তেওঁ অত্যন্ত মদ্যপান কৰিছিল আৰু এটা উচ্ছৃংখল জীৱন কটাইছিল।বন্ধুবৰ্গৰ সৈতে দিনৰ দিনটো আৰু মাজ নিশালৈকে আড্ডা পিটি থকাই আছিল তেওঁৰ কাম।খোৱা-বোৱা ,পিন্ধা-উৰা কোনো কথাতে তেওঁৰ লাগ-বান্ধ নাছিল।সমসাময়িক প্ৰকাশ পণ্ডিতৰ মতে,তেওঁ আছিল বহেমিয়ান স্বভাৱৰ লোক।পুৱা এঘাৰ বজাৰ আগতে তেওঁ কেতিয়াও শুই নুঠিছিল।শুই উঠাৰ লগে লগে বেমাৰী আৰু বৃদ্ধা মাকে দিয়া চাহ-কাপ খাই তেওঁ হাত-মুখ ধুইছিল আৰু দিনটো অনৰ্গল কথা কৈ গৈছিল।মাজ নিশালৈকে তেওঁৰ মুখ জাপ নাখাইছিল।চিগাৰেটৰ পাছত চিগাৰেট ,মদৰ পাছত মদ খাই খাই তেওঁ বন্ধুবৰ্গৰ সৈতে আজে-বাজে কথাৰ আড্ডা পিটিছিল,কেতিয়াবা শ্বেৰ-শায়েৰী ,গজলৰ মেহফিল বহুৱাইছিল।কোনো ফিল্মৰ বাবে গীত লিখি পোৱা সমস্ত টকা তেওঁ বন্ধুবৰ্গৰ ওপৰতে ঢালি দিছিল।

      মদৰ আড্ডা মাজনিশালৈকে চলাৰ পাছত এজন এজনকৈ সকলো গুচি যোৱাৰ পাছত যেতিয়া তেওঁ অকলশৰীয়া হৈ পৰিছিল ,তেতিয়া বহু সময় ধৰি অস্থিৰভাৱে বিচনাত চটফটাই থকাৰ পাছত লাহেকৈ টোপনি গৈছিল।অকলশৰীয়া মূহুৰ্তবোৰ তেওঁৰ বাবে আছিল অসহনীয়।নিজৰ এই অসহনীয় নিৰ্জনতাৰ সময়খিনিতো কাৰোবাৰ উপস্থিতি তেওঁৰ বাবে আছিল অত্যন্ত প্ৰয়োজনীয়।সেয়ে দৰমহা দি তেওঁ সকলো সময়তে লগত থকাকৈ এজন মানুহ ৰাখিছিল।মানুহজনৰ কাম আছিল নিশা সকলো বন্ধুবৰ্গ গুচি যোৱাৰ পাছতো তেওঁ সাহিৰৰ কোঠাত মজুত থাকিব লাগিব আৰু শুনি থাকিব লাগিব সাহিৰৰ মুখৰ অনৰ্গল বকবকনি।দিনটোত লগ পোৱা বিভিন্ন জনৰ কথাবোৰ তেওঁ পৰ্যালোচনা কৰিছিল আৰু তেওঁলোকৰ মূঢ়তাক ব্যংগ কৰিছিল।সেই সময়ত তেওঁ সংসাৰৰ সকলো মানুহক তেনেই মুৰ্খ আৰু তুচ্ছ যেন অনুভৱ কৰিছিল।তেনে মুৰ্খ আৰু 'মতলবী' বন্ধুবৰ্গৰ বাবে নিজৰ অমূল্য সময় আৰু টকা-পইচা খৰচ কৰাৰ বাবে তেওঁ অনুশোচনা কৰিছিল আৰু ভৱিষ্যতে খৰচ নকৰাৰ সংকল্প কৰিছিল।কিন্তু পাছদিনা তেওঁলোকক লগ পোৱাৰ লগে লগে আগনিশা লোৱা সকলো সিদ্ধান্তৰ কথা তেওঁ পাহৰি গৈছিল আৰু আকৌ আগৰ দৰেই মদৰ বটল খুলি আড্ডা পিটিবলৈ বহি গৈছিল।

      নিজৰ খোৱা-বোৱা ,পিন্ধা-উৰাৰ সম্পৰ্কত তেওঁ আছিল সম্পূৰ্ণৰূপে বেপৰুৱা।জীৱনৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁ কেতিয়াও ল'ব নোৱাৰিছিল।তেওঁৰ এনে স্বভাৱৰ বাবে বন্ধুবৰ্গই কেতিয়াবা তেওঁক নাভূত-নাশ্ৰুত কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দি বহুৱা সজাইছিল।দুপৰীয়াৰ আহাৰত আইচক্ৰিম পৰ্যন্ত তেওঁক খুৱাইছিল।বন্ধুবৰ্গই যি কৈছিল তেওঁ তাকেই কৰি গৈছিল।নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁ ইমানেই বেপৰুৱা আছিল যে চিকিৎসকৰ পৰামৰ্শকো আওকাণ কৰি তেওঁ জীৱনৰ শেষ বয়সলৈকে চিগাৰেট আৰু মদ এৰা নাছিল।ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

      ইতিমধ্যে বোম্বাইৰ চলচিত্ৰ জগতত তেওঁ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।খাজা আহমদ আব্বাছ, গুলজাৰ, খায়াম,চৰ্দাৰ জাফৰি,লতা মংগেশকাৰ ,কিশোৰ কুমাৰ ,মহেন্দ্ৰ কাপুৰ,দিলীপ কুমাৰ আদিৰ দৰে চলচিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সৈতে তেওঁৰ পৰিচয় আৰু অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠিছিল।পঞ্চাশ আৰু ষাঠীৰ দশকত -ধুল কা ফুল,বৰষাত কে ৰাত ,গুমৰাহী, কভি কভি ,তাজমহল,নয়া দৌৰ,প্যাসাঁ আদিৰ দৰে অলেখ ছবিৰ বাবে তেওঁ গীত লিখিছিল।তেওঁ লিখা- চল’ এক বাৰ হম অজনবী বন জায়েঁ, মেই পল দ’ পল কে শায়ৰ , কভি কভি মেৰে দিল মে খয়াল আতা হে ,খ'য়া খ'য়া চান্দ খুলা আচমান, তেৰে ঘৰ কে সামনে এক ঘৰ বনাওঁগা , দিল কা ভঁৱৰ কৰে পুকাৰ আদি গীত অত্যন্ত জনপ্রিয় হৈ উঠিছিল।

      খ্যাতি আৰু জনপ্রিয়তাৰ লগে লগে সাহিৰ লুধিয়ানৱীৰ জীৱনলৈ গাড়ী ঘোঁৰা, বঙলা,ধন-ঐশ্বর্য সকলাে আহিছিল।গীত ৰচনাৰ লগে লগে তেওঁ সুৰ সংযােজনাৰ কামতো ব্যস্ত হৈ পৰিছিল।লাহে লাহে ছবিৰ পৰিচালনা আৰু প্রযােজনা কৰা কামতো তেওঁ হাত দিছিল। অৱশ্যে এই কথা সত্য যে, সাহিৰ লুধিয়ানৱী প্রযােজক-পৰিচালক হিচাপে বিশেষ সফল হ’ব পৰা নাছিল।সফলতা তেওঁ লাভ কৰিছিল গীত ৰচনাৰ জৰিয়তেহে। সঁচা অৰ্থত চলচিত্র জগতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল সাহিৰ লুধিয়ানৱীয়ে।চলচিত্র সমালােচক সকলৰ মতে তেওঁৰ গীতসমূহ আছিল সেই সময়ৰ চলচিত্ৰসমূহৰ প্রাণ বা অাত্মা স্বৰূপ।

      সমগ্র জীবন তেওঁ অবিবাহিত ৰূপতে অতিবাহিত কৰিছিল। প্রেম তেওঁৰ জীৱনলৈ অহা নাছিলনে? প্রেমৰ দুঃসহ যন্ত্রণা বুকুত নাথাকিলে কেনেদৰে তেওঁ লিখিব পাৰে হৃদয় স্পৰ্শী সেই কবিতা-শ্বেৰ-শায়েৰী-গজল?

      লাহোৰত অনুষ্ঠিত হােৱা কবি সন্মিলন এখনত তেওঁ লগ পাইছিল অমৃতা প্রীতমক। প্রসিদ্ধ পাঞ্জাৱী লেখিকা অমৃতা প্রীতমে নিজৰ আত্মজীৱনীমূলক গ্রন্থ The Revenue Stamp ত সেই প্ৰেমৰ কথা উল্লেখ কৰিছে।তেওঁ লিখিছে- 'মই জনা নাছিলোঁ সেয়া সাহিৰৰ কবিতাৰ সুৰ আছিল নে সেই নীৰৱ দুচকুৰ যাদু যি মােক মুগ্ধ কৰিছিল। ....কবি সন্মিলন শেষ হােৱাৰ লগে লগে টোপা টোপে বৰষুণ পৰিছিল। মই ক'ব নােৱাৰাকৈয়ে সেইদিনা ভাগ্যই মােৰ মনৰ মাটিডৰাত প্ৰেমৰ গুটি এটা সিঁচি দিছিল।'

      অমৃতাৰ সৌন্দৰ্যৰ কমনীয়তাত সাহিৰো মুগ্ধ হৈছিল।

কিন্তু সমাজৰ কঠোৰ নিয়মৰ বাবে সেই প্ৰেম আগবঢ়া নাছিল।অমৃতাৰ কাষ চাপি যােৱাৰ সাহস তেওঁ কৰিব পৰা নাছিল। বিফল প্রেমৰ বেদনা বুকুত সাৱটি সাহিৰ লাহােৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা বােম্বাইলৈ গুছি আহিছিল।আনফালে দাম্পত্য জীৱনত অসুখী অমৃতাৰ জীৱনলৈ সোমাই আহিছিল আন এজন প্ৰেমিক - চিত্ৰকৰ ইমৰোজ।ইমৰোজৰ সৈতে অমৃতাৰ প্ৰেম সম্পৰ্ক জীৱনৰ শেষ দিন পৰ্যন্ত আছিল।অমৃতা প্ৰীতমৰ জীৱনত ইমৰোজৰ প্ৰভাৱ আছিল অপৰিসীম।সেয়া এক অন্য প্ৰসংগ।

      লাহোৰৰ কবি সন্মিলনত লগ পোৱা ঘটনাৰ বিশ বছৰৰ পাছত সাহিৰে অমৃতাক পুনৰ লগ পাইছিল দিল্লীত। অমৃতা সেই সময়ত নিজৰ দুই পুত্ৰৰ সৈতে দিল্লীত স্থায়ীভাৱে বাস কৰি আছিল ।অমৃতাৰ আগত সাহিৰে বিশ বছৰ আগৰ কথা উল্লেখ কৰি কৈছিল-' মই লাহােৰত থকা কালছোৱাত প্ৰায়েই তােমালােকৰ ঘৰৰ ওচৰলৈ গৈছিলােঁ আৰু তিনি আলিৰ মূৰৰ চুকটোত থকা পান দোকানখনৰ কাষত থিয় হৈ কেতিয়াবা পান, কেতিয়াবা চিগাৰেট খাইছিলোঁ অথবা কেতিয়াবা চ'ডা পানীৰ গিলাচ হাতত লৈ বহুপৰ কটাই দিছিলােঁ। তাৰ পৰাই তােমাৰ কোঠাৰ সেই বাটৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ ফালে চাই ৰৈছিলোঁ..'।

      সাহিৰ লুধিয়ানৱীয়ে অমৃতা প্রীতমক পুনৰ অন্তৰংগ ভাৱে লগ পাইছিল। কিন্তু তেওঁ মৰ্যাদা লংঘন কৰা নাছিল।অমৃতাৰ সৈতে সদায়ে বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি চলিবলৈ তেওঁ চেষ্টা কৰিছিল। The Revenue Stamp ত অমৃতাই লিখা কথাবোৰৰ পৰা জানিব পৰা যায় যে সাহিৰ-অমৃতাৰ প্রেম আছিল দৈহিক সম্পর্ক ৰহিত এক অনন্য প্রেম ।এদিনৰ ঘটনা উল্লেখ কৰি অমৃতা প্রীতমে লিখিছে— 'এদিন সাহিৰ যেতিয়া আহিছিল তেতিয়া তেওঁৰ গাত জ্বৰ আছিল।সেইদিনা মই তেওঁৰ ডিঙি আৰু বুকুত ভিক্স ঘঁহি দিছিলাে। সেই সময়ত এনে লাগিছিল যেন তেওঁৰ বুকুত এনেদৰে হাতৰ তলুৱাৰে মালিচ কৰি কৰি মই গােটেই জীৱন পাৰ কৰি দিব পাৰিম। মােৰ অন্তৰৰ এই নাৰী সত্বাক প্রকাশ কৰিবলৈ পৃথিৱীৰ কোনাে কাগজ-কলমৰ আৱশ্যক নাই।'

      কিন্তু ইমৰােজৰ সৈতে থকা থকা অমৃতাৰ প্ৰেম-সম্পৰ্কৰ কথা জানিব পাৰি তেওঁ আহত হৈছিল।সেই সম্পর্কক তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।তেওঁ ডুব গৈছিল মদৰ নিচাত।

      সাহিৰ লুধিয়ানৱীৰ জীৱনত আৰু এগৰাকী নাৰী অহাৰ কথা জনা যায়। তেওঁ আছিল সেই সময়ৰ প্রসিদ্ধ গায়িকা আৰু অভিনেত্রী সুধা মালহােত্রা। এই প্রেমাে তেওঁৰ জীৱনত সফল হােৱা নাছিল। প্ৰেমৰ বিফলতাই তেওঁৰ হৃদয়ত যি যন্ত্রণা দিছিল সেই যন্ত্রণাক তেওঁ যেন প্রকাশ কৰিব বিচাৰিছিল গীত আৰু কবিতাৰ মাজেৰে।

যি সময়ত সাহিৰ লুধিয়ানৱীৰ নাম এগৰাকী উর্দু কবি বা 'শায়ৰ' আৰু গজলৰ 'ফনকাৰ' ৰূপে প্রসিদ্ধ হৈ উঠিছিল সেই সময়ত ইকবালৰ পৰৱৰ্তী কবি ফিৰাক,ফৈজ,মজাজ আদিৰ কবিতা মানুহৰ মুখে মুখে আছিল।গতিকে স্বাভাৱিকতে এই সকল কবিৰ প্রভাৱ তেওঁৰ প্ৰথমাৱস্থাৰ কবিতা সমূহত নপৰাকৈ থকা নাছিল। কিন্তু ক্রমে ক্রমে তেওঁৰ কবিতাত চিন্তাৰ মৌলিকত্ব আৰু ভাৱৰ গভীৰতাই এক নতুন মাত্রা প্রদান কৰিছিল।ব্যক্তিগত প্ৰেমৰ যন্ত্ৰণাক তেওঁ হৃদয়স্পৰ্শী ৰূপত গীত আৰু কবিতাৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছিল।তেওঁ লিখিছিল-' মেৰা ত কুছ ভী নেহী, মেই ৰ' ৰ' কে জী লুংগা/মগৰ খােদা কে লিয়ে তুম গম ন ৰহ’ /হুৱা হী ক্যা জ' জমানে নে তুমক' ছিন লিয়া/ য়াহাঁ পে কৌন হুৱা হে' কিসকা ?'

      প্ৰেমৰ অন্ধগলিত বাট হেৰুৱাই সাহিৰ লুধিয়ানৱীয়ে সাময়িকভাৱে এটা লক্ষ্য আৰু আদৰ্শহীন,উচ্ছৃৃংখল জীৱন অতিবাহিত কৰিলেও তেওঁ ক্রমাম্বয়ে কঠোৰ বাস্তৱক আঁকোৱালী ল'বলৈ শিকিছিল। ' দিল ক' হৰ তৰহ সে বৰবাদ কিয়া হে’ মেইনে ' বুলি কোৱাৰ পাছতো তেওঁ উপলদ্ধি কৰিলে - ' ইস্ক নাকাম সহী/জিন্দগী নাকাম নহী ' ।

      চহৰৰ সুউচ্চ অট্টালিকাৰ তলত বাস কৰা গৃহহীন নাঙঠ, ভোকাতুৰ শিশুবোৰৰ আৰ্তচিৎকাৰ,কল-কাৰখানাত অবিশ্ৰান্তভাৱে কাম কৰি যোৱা শ্ৰমিকৰ দুখ-যন্ত্ৰণা, বদনাম গলিত বিক্ৰী হৈ যোৱা যৌৱনৰ অপমৃত্যু ,সমাজৰ ব্যভিচাৰ, মানৱতাৰ স্খলন আদিয়ে সাহিৰৰ চকু মুকলাই দিলে।তেওঁ লিখিলে- ' য়ে কাৰখানো মে লোহে কা শৌৰগুল /জিসমে হে দফন লাখ গৰীৱ' কী ৰুহ কা নগমা/য়ে গম বহুত হে মেৰি জিন্দগী মিটানে কো/উদাস ৰুহকে মেৰে দিল কো/তুমহাৰে গম কে সিৱা ঔৰ ভী গম হে..'।

      স্বত:স্ফূৰ্তভাৱে সাহিত্যৰ প্ৰগতিশীল ধাৰা তেওঁৰ পৰৱৰ্তী কালৰ গীত আৰু কবিতাসমূহত স্পষ্টভাৱে ধৰা দিছিল। 1947 চনৰ দেশ বিভাজনৰ পাছতো সাহিৰ লুধিয়ানৱী সাম্প্ৰদায়িকতাৰ উৰ্ধত এগৰাকী মানৱ দৰদী কবি হিচাপে ভাৰতৰ শত সহস্ৰ শ্ৰমজীৱি জনতাৰ দুখ যন্ত্ৰণাৰ সৈতে একাত্ম হৈ পৰিছিল।সেই সময়ত তেওঁ লিখা ' সাথী হাথ বঢ়ানা'ৰ দৰে গীত মেহনতী জনতাৰ বাবে এক নতুন উদ্যম আৰু প্ৰেৰণা স্বৰূপ হৈ উঠিছিল।আন এটি গীতত তেওঁ লিখিছিল-

       সদিয়ঁ তক চুপ ৰহনে ৱালে ,অব অপনা হক

       লেকে ৰহেংগে

       জ কৰনা হে খুলকে কৰেংগে,জ কহনা হে 

       সাফ কহেংগে

       জীতে জী ঘুঁত ঘুঁত কৰ মৰনা 

       ইস য়ুগ কা দস্তুৰ নেহি....

      পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্যায় আৰু অবিচাৰৰ বলি হৈ নাৰী উপভোগৰ সামগ্ৰী হৈ পৰা তেওঁ যেতিয়া দেখিছিল তেতিয়া সমস্ত পুৰুষ জাতিকে ভৎসৰ্না কৰি তেওঁ লিখিছিল-"ঔৰত নে জনম দিয়া মৰ্দ কো/মৰ্দ নে উসে বাজাৰ দিয়া/জৱ জী চাহা মচলা কুচলা/জৱ জী চাহা দুৎকাৰ দিয়া...'।

      জীৱনৰ সুদীৰ্ঘ কাল বোম্বাইত থাকি তাৰ অলিয়ে গলিয়ে বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্য প্ৰত্যক্ষ কৰা সাহিৰ লুধিয়ানৱীয়ে কোনো কালেই সাম্প্রদায়িক সংঘৰ্ষ,হিন্দুস্তান-পাকিস্তানৰ বিভাজন আদি বিষয়বোৰক অন্তৰেৰে মানি ল'ব পৰা নাছিল।সেই বাবেই দেশ বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গৈয়ো আকৌ উভতি আহিছিল আৰু মৃত্যুৰ শেষ দিন পর্যন্ত ভাৰতবৰ্ষতে বাস কৰিছিল।মাৰ্ক্সবাদত গভীৰ আস্থা ৰখা কবি সাহিৰ লুধিয়ানৱীয়ে হিন্দুস্তান আৰু পাকিস্তান দুয়োখন দেশকে নিজৰ দেশ বুলি আকোঁৱালী লৈছিল।সাম্প্ৰদায়িকতাৰ বিৰূদ্ধে তেওঁ লিখা এটি গীত আছিল -' তু হিন্দু বনেগা না মুছলমান বনেগা/ইনসান কী ঔলাদ হে /ইনসান বনেগা /...মালিক নে হৰ ইনসান কো ইনসান বনায়া/হমনে ওসে হিন্দু য়া মুছলমান বনায়া..' ।

      জীৱনৰ শেষৰ ফালে নিজৰ জীৱনলৈ পৰোৱা নকৰি তেওঁ যন্ত্ৰণাৰ উপশম ঘটাবলৈ অত্যাধিক মদ্যপান কৰিছিল যাৰ বাবে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল আৰু 1980 চনৰ 25 অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।কিন্তু নিজক 'শায়ৰ' অৰ্থাৎ কবি কৰি তােলাৰ যি সুতীব্র ইচ্ছা বুকুত বান্ধি লুধিয়ানাৰ আব্দুল হাৱী এদিন বােম্বাইলৈ আহিছিল সেই ইচ্ছা তেওঁৰ পূৰ্ণ হৈছিল। তেওঁৰ গীত আৰু কবিতা সমূহ ইংৰাজী, ৰুচ, আৰবী, ফার্চী, চেক আদি বিভিন্ন ভাষালৈ অনুদিত হৈছিল। 'তাজমহল’ ছবিৰ 'জ' ৱাদা কিয়া ৱহ নিভানা পৰেগা ’ গীতৰ বাবে তেওঁ লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্রেষ্ঠ সন্মান। তাৰোপৰি তেওঁ লাভ কৰিছিল 'ছােভিয়েত নেহৰু এৱাৰ্ড ' আৰু 'উর্দু একাডেমী এৱাৰ্ড'।ভাৰত চৰকাৰে ১৯৭১ চনত সাহিৰ লুধিয়ানৱীক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছিল। ভাৰত-পাক যুদ্ধৰ সময় ছােৱাত ভাৰতীয় সেনা বাহিনীয়ে সীমান্তৰ এটা চকীৰ নামকৰণো কৰিছিল তেওঁৰ নামেৰে। তেওঁৰ মৃত্যুত মহেন্দ্র কাপুৰে কৈছিল— 'I don't think a writer like Sahir Ludhiyanvi will be born again. ।(সমাপ্ত)




গোৰ্খা লোক-কলা আৰু সংস্কৃতি

          গোৰ্খা লোক-কলা আৰু সংস্কৃতি

                                                - বীৰ্কে বি. থাপা


       গোৰ্খা জনগোষ্ঠীৰ লোকসকল মূলতঃ আৰ্য আৰু মংগোলীয় বংশোদ্ভূত— এই দুটা শ্রেণীত বিভক্ত। আর্য বংশোদ্ভূতসকলৰ ভিতৰত ব্ৰাহ্মণ আৰু ক্ষত্রিয় সম্প্ৰদায়ৰ লোকসকলেই প্রধান। তেনেদৰে ৰাই, লিম্বু, মগৰ, তামাং, শ্বেৰ্পা আদি সম্প্রদায়ৰ লোকসকল তিব্বতো-মংগোলীয় বংশোদ্ভূত লোকৰ অন্তৰ্গত।

       আর্য বংশোদ্ভূত গোৰ্খাসকলৰ সম্পৰ্কত আজি এই কথা ঐতিহাসিকভাৱেই সত্য যে, এই সম্প্ৰদায়ৰ লোকসকল অতীতত ভাৰতৰে বাসিন্দা আছিল। ইতিহাসৰ কোনো এক বিশেষ পৰিস্থিতিত তেওঁলোক নেপাললৈ প্ৰব্ৰজিত হৈছিল। নেপাললৈ তেওঁলোকৰ প্ৰব্ৰজনৰ কাৰণ হিচাপে ভাৰতবৰ্ষত মুছলমানসকলৰ আগমনৰ কথাকে ইতিহাসবিদসকলে আঙুলিয়াব বিচাৰে৷ মুছলমানসকলে ভাৰতবৰ্ষত আধিপত্য বিস্তাৰ কৰাৰ ফলস্বৰূপে ধৰ্মভীৰু ৰাজপুত সম্প্ৰদায়ৰ বহুলোক আশ্ৰয় বিচাৰি হিমালয়ৰ পাদদেশলৈ স্থানান্তৰিত হৈছিল। এই ঘটনা ঘটিছিল বিশেষকৈ চুলতান আলাউদ্দিন খিলিজিৰ ৰাজত্বকালত। সেই সময়ত ৰাজপুতসকলে হিমালয়ৰ নামনি অঞ্চলত থকা নেপালৰ অধীনস্থ নুৱাকোট, লমচুং, কাস্কী আদি অঞ্চলত বসবাস কৰিবলৈ লৈছিল আৰু অতি কম সময়ৰ ভিতৰতে পুনৰ শক্তিশালী হৈ উঠি সেই সমস্ত অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল । চিতোৰৰ ৰজা মহাৰাজ দ্রব্যশ্বাহে ১৫৫৯ খৃঃত সেইদৰেই নেপালৰ অন্তৰ্গত ‘গোর্খা' নামৰ সৰু ৰাজ্য এখন জয় কৰি তাত ৰাজপুত বংশধৰসকলৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল।

      উল্লেখযোগ্য যে, অতীতত নেপাল বহু সৰু সৰু ৰাজ্যৰ সমষ্টি আছিল। সেই ৰাজ্যসমূহত বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল। ওপৰত উল্লিখিত ‘গোর্খা'ও তেনে এক ৰাজ্য আছিল। ৰাজপুত সকলে ‘গোর্খা’ ৰাজ্য অধিকাৰ কৰাৰ সময়ত সেই ৰাজ্যৰ ৰজা আছিল খড়্গ। নেপালৰ শ্বাহ বংশৰ ৰজাসকল ভাৰতবৰ্ষৰ ৰাজপুতসকলৰে বংশধৰ বুলি ইতিহাসিকসকলে মত পোষণ কৰিছে। চিতোৰৰ ৰজা দ্রব্যশ্বাহৰ বংশধৰ পৃথ্বী নাৰায়ণ শ্বাহে পাছত কাঠমাণ্ডুকে ধৰি অন্যান্য বহুতো সৰু সৰু ৰাজ্য জয় কৰি পশ্চিমে পঞ্জাৱৰ পৰা পূৱে চিকিমলৈকে সমস্ত ভূ-খণ্ডকে নিজৰ অধীনলৈ আনিছিল আৰু তেওঁৱেই পূৰ্বৰ ৰাজধানী 'গোর্খা 'ক কাঠমাণ্ডুলৈ তুলি নিছিল।(উল্লেখযোগ্য যে পৰৱৰ্তী কালত ইংৰাজসকলে নেপালী লোকসকলৰ বীৰত্ব আৰু সাহসিকতাৰ বাবে সেনাবাহিনীৰ 'গোৰ্খা ৰেজিমেণ্ট' গঠন কৰিছিল। আহোম ৰজাৰ অনুৰোধক্ৰমে বৃটিছসকলে এই গোৰ্খা ৰেজিমেণ্টৰ সৈনিকসকলক লৈয়ে ব্ৰক্ষ্মদেশৰ মানৰ আক্ৰমন আৰু অত্যাচাৰৰ পৰা অসমক ৰক্ষা কৰিছিল।1826 খৃষ্টাব্দত ব্ৰক্ষ্মদেশ আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত গোৰ্খা ৰেজিমেণ্টৰ সৈনিকসকল উভতি গৈছিল।সেই সৈনিকসকলৰ বহুতেই আকৌ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত ৰৈ গৈছিল আৰু ইয়াতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল।এইসকল সৈনিক গোৰ্খা বা গোৰ্খালী ৰূপে পৰিচিত আছিল।গতিকে তেওঁলোকৰ সন্তান,সতি-সন্ততিৰ লগতে পৰৱৰ্তী কালত নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা লোকসকলক 'নেপালী' বুলি কোৱাৰ পৰিৱৰ্তে গোৰ্খা বা গোৰ্খালী বুলি কোৱাহে সমীচিন বুলি বহুতে ক'ব খোজে।ইয়াৰ যুক্তিও নথকা নহয়।কাৰণ,নেপালীসকল হৈছে নেপাল ৰাষ্ট্ৰৰ অধিবাসী বা নাগৰিক।নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহি ভাৰতবৰ্ষৰ নাগৰিকত্ব গ্ৰহণ কৰা লোকসকলক পুনৰ 'নেপালী' বুলি কোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে।)

     যিসময়ত নেপালত বিভিন্ন বংশৰ ৰজাই ৰাজত্ব কৰি আছিল সেইসময়ত ভাৰতবৰ্ষতো গুপ্ত, শ্বাহ, মল্ল ,পাল, সেন আদি বংশৰ ৰজাসকলে ৰাজত্ব কৰি থকা কথা জানিব পাৰি।সেই কালত দুয়োখন দেশৰ ৰজাসকলৰ মাজত সু-সম্পর্ক অটুট আছিল। বৈবাহিক সম্পর্কয়ো এই পাৰস্পাৰিক সম্পৰ্কক আৰু অধিক সবল কৰি তুলিছিল। সেই সূত্রেই প্রাচীন কামৰূপ বা অসমৰ সৈতেও নেপালৰ এটা প্রাচীন সুসম্পৰ্কৰ ভেটি গঢ় লৈ উঠিছিল। নেপালত আৱিষ্কৃত এটি শিলালিপিৰ ভাষ্য অনুসৰি কামৰূপৰ ৰজা হর্ষবৰ্মনৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা দ্বিতীয় জয়দেৱে বিয়া কৰাইছিল। সেইদৰে কোঁচ ৰাজবংশৰ প্রতিষ্ঠাতা বিশ্বসিংহই বিয়া কৰাইছিল নেপালৰ ৰাজকন্যা ৰত্নকান্তিক। আকৌ কোঁচ ৰাজকন্যা ৰূপমতীক নেপালৰ ৰজা ৰাজমল্ললৈ বিয়া দিয়াৰ কথা ইতিহাসত উল্লেখ আছে। তাৰোপৰি, প্রাচীন কামৰূপৰ ইতিহাসত দেখা যায়,কামৰূপৰ বৰ্মন বংশৰ ৰজাসকলে মিথিলা,কনৌজ,গৌড় আদিৰ ব্ৰাক্ষ্মণ পণ্ডিতসকলক কামৰূপলৈ অনাই মাটি-ভেটি

দি বহুৱাইছিল। সেই সময়ত মিথিলা নেপালৰ অংশবিশেষ আছিল।গতিকে বর্মন বংশীয় ৰজা সকলৰ দিনতে কামৰূপলৈ অনোৱা ব্ৰাহ্মণ পণ্ডিতসকলৰ ভিতৰত বহুতো নেপালী মূলৰ লোকো আছিল।

      ইতিহাসবিদসকলৰ মতে,ষষ্ঠ শতাব্দীত কামৰূপৰ চাৰিসীমা পশ্চিমে কুশী নৈ পর্যন্ত বিস্তৃত হৈ আছিল। ঐতিহাসিক আৰু ভৌগোলিকভাৱে যদি এই কথা সত্য হয়, তেন্তে বৰ্তমানৰ পূৱ নেপাল সেই সময়ত কামৰূপৰে অন্তৰ্গত আছিল বুলি ভৱাৰো থল আছে। নেপাল আৰু মিথিলাৰ ৰাজকীয় পুথিভঁৰালত প্ৰাপ্ত প্রাচীন 'হস্তমুক্তাৱলী' গ্ৰন্থৰ অসমীয়া অনুবাদৰ পাণ্ডুলিপিয়েও নিঃসন্দেহে সেই প্রাচীন ঐতিহাসিক যোগসূত্ৰৰ পৰিচয় দিয়ে। নেপালৰ ৰাজকীয় পুথিভঁৰালত প্রাপ্ত পণ্ডিত গোৰখ নাথৰ দ্বাৰা ৰচিত 'কামৰূপ তন্ত্র' তথা অন্যান্য ব্ৰজায়ান সম্বন্ধীয় গ্ৰন্থসমূহেও একেদৰে প্ৰাচীন কামৰূপৰ সৈতে নেপালৰ সুসম্বন্ধৰ স্বাক্ষৰ বহন কৰিছে।

      সি যি কি নহওক, ভাৰতবৰ্ষৰ মধ্যখণ্ডত আৰম্ভ হোৱা বৃহৎ আৰ্যীকৰণ প্ৰক্ৰিয়াৰ ফলশ্রুতিতে নেপালত হিন্দু ৰাষ্ট্ৰ স্থাপন হৈছিল বুলিও বহুতো ইতিহাসবিদে ক'ব খোজে । সমগ্ৰ ভাৰতবৰ্ষত মুছলমানসকলৰ আগমনৰ ফলস্বৰূপে আৰ্য হিন্দুসকলৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াই নেপালত যোগাত্মক সঁহাৰি লাভ কৰিছিল। গতিকে আর্য বংশোদ্ভূত গোৰ্খাসকলৰ সভ্যতা, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা আদি সকলোতে ভাৰতীয় আর্য হিন্দুৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। ভাৰতীয় আর্য ভাষা অন্তর্গত লিপি আৰু শব্দাৱলীৰ সৈতে নেপালী ভাষাৰ মিল দেখিবলৈ পোৱা যায়। নেপালত আৱিষ্কৃত প্রাচীন পুথিসমূহত সংস্কৃত মিশ্ৰিত নেৱাৰী ভাষাৰ লগতে কিছুমানত পালি আৰু ব্ৰাহ্মী ভাষাৰো বহুল প্ৰয়োগ লক্ষ্য কৰা যায়।

      নৃতাত্ত্বিক দৃষ্টিৰে লক্ষ্য কৰিলে ব্ৰাহ্মণ আৰু ক্ষত্রিয় সম্প্ৰদায়ৰ গোৰ্খালোকসকলৰ শাৰীৰিক গঠন, মুখাবয়ব আদিত আর্য লক্ষণ সুস্পষ্ট। লোককলা, সংস্কৃতি আদিৰ ক্ষেত্ৰত তেওঁলোকে সকলো মাংগলিক কার্য, উৎসৱ-পার্জন আদি বৈদিক নিয়মানুসৰি পালন কৰে। আৰ্য হিন্দুসকলৰ দ্বাৰা পালিত মাংগলিক কার্য, যেনে - জাত কৰ্ম, নামকৰণ, অন্নপ্রাসন্ন, চূড়াকৰণ, উপনয়ন,ৰজঃস্বলা সংস্কাৰ,বিবাহ, অন্তেষ্টি ক্ৰিয়া আদি তেওঁলোকেও অনুৰূপভাৱে নির্দিষ্ট বিধি-বিধান অনুসৰি সম্পন্ন কৰে।

     অসমত বসবাস কৰা আর্য বংশোদ্ভূত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে স্বকীয় ৰীতি-নীতিৰে 'বৈশাখ সংক্রান্তি', 'তীজ', 'দশাই", "তিহাৰ', 'নাগ পঞ্চমী' আদি নিয়মিতৰূপে পালন কৰি অহা দেখা যায়। উল্লেখযোগ্য যে, এই উৎসৱ-পার্বনসমূহ মংগোলীয় বংশোদ্ভূত গোৰ্খাসকলেও জাতীয় উৎসৱৰূপে উদাৰভাৱে পালন কৰে। 


পৰম্পৰাগত উৎসৱ-পাৰ্বন আদি :

--------------------------------------------------

      বছৰটোৰ প্ৰথম মাহ হিচাপে আৰ্য আৰু মংগোলীয় বংশোদ্ভূত উভয় মূলৰ গোৰ্খা লোকসকলে ব'হাগত ‘বৈশাখ সংক্ৰান্তি' পালন কৰা পৰম্পৰা অতি প্রাচীন। এই সময়ছোৱাত ঘৰ-গৃহস্থ, সন্তান-সন্ততিসকলৰ মংগল কামনা কৰি ঘৰ লিপা -মোচা কৰা, গো-মূত্ৰ ছটিওৱা আদি কাম কৰা হয়। গাই-গৰু আৰু গো-মূত্ৰক তেওঁলোকে পবিত্র জ্ঞান কৰে আৰু যিকোনো মাংগলিক কার্যত গাখীৰ আৰু গো-মূত্ৰ ব্যৱহাৰ কৰে। অসমত বসবাস কৰা সংখ্যাগৰিষ্ঠ গোৰ্খা লোকৰ জীৱিকা হিচাপেও গো-পালন, কৃষি আৰু গাখীৰৰ ব্যৱসায়েই মুখ্য স্থান অধিকাৰ কৰি আহিছে।গ্রামাঞ্চল আৰু চৰ-চাপৰি অঞ্চলত বসবাস কৰা লোকসকলে তেওঁলোকৰ পৰম্পৰাগত খেতি সঁজুলি, যেনে, হাল, নাঙল, যুৱঁলি আদিৰে ব'হাগ মাহৰ পৰাই বৰ্ষাকালীন খেতি আৰম্ভ কৰে। ব’হাগ মাহৰে পূৰ্ণিমা তিথিত তেওঁলোকে 'বৈশাখী পূর্ণিমা'ও পালন কৰে।বুদ্ধদেৱৰ এই জন্মতিথি মূলতঃ বৌদ্ধধর্মী গোৰ্খাসকলে(তামাং,শ্বেৰপা আদি) পালন কৰে যদিও সেইদিনা গোৰ্খা সম্প্ৰদায়ৰ অন্যান্য লোকসকলেও বৌদ্ধ বিহাৰ/গুম্পাসমূহলৈ গৈ পূজা-উপাসনা কৰে। 

       শাওন মাহ অহাৰ লগে লগে তেওঁলোকৰ খেতি-খোলাৰ কাম শেষ হয়। এই মাহত পালিত 'নাগ পঞ্চমী' পূজাত ব্রাহ্মণ পুৰোহিতসকলে নাগ সাপৰ পূজা কৰে আৰু সৰ্পদেৱতা নাগৰ ছবি ঘৰে ঘৰে গৈ বেৰত আঁৰি দিয়ে। এনে কৰিলে দৈৱিক দুর্যোগ, অগ্নি ব্ৰজ্রপাত, ধুমুহা, সর্পদংশন আদিৰ পৰা ৰক্ষা পাব পাৰি বুলি তেওঁলোকে বিশ্বাস কৰে। এই শাওন মাহতে ব্রাহ্মণ সম্প্ৰদায়ৰ লোকসকলে 'ঋষি তৰ্পনী' বা ' জনেই পুর্ণিমা ' পালন কৰি লগুণ সলায়। 'কুশে আঁউসী' পাৰ্ৱণত ব্ৰাহ্মণ পুৰোহিতসকলে ঘৰে ঘৰে গৈ দুৱাৰ মুখত 'কুশ' নামৰ এবিধ তৃণজাতীয় উদ্ভিদ গুজি থৈ আহে। ভাদ মাহত পালন কৰা এই পাৰ্ৱণৰ উদ্দেশ্যও অপায় অমংগলৰ পৰা ৰক্ষা বুলি বিশ্বাস কৰা হয়।

       গোৰ্খা সম্প্রদায়ৰ লোকসকলে তেওঁলোকৰ সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যৰে ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনা ‘ তীজ ’ উৎসৱ পালন কৰে। তীজৰ সময়ত বিয়া দিয়া জীয়েকসকলক মাকৰ ঘৰ(মাইতী ঘৰ) লৈ অন্য হয়। তীজৰ আগদিনা ‘দৰ খানে' বুলি এটি পৰম্পৰা পালন কৰা হয়।সেইদিনা জীয়েকসকলক খুৱাবৰ বাবে দৈ, ঘি, মাছ-মাংসৰে সুন্দৰ ব্যঞ্জণ তৈয়াৰ কৰা হয়। পাছ দিনা মুখত পানী এটুপিও নিদিয়াকৈ বিয়া হোৱা তিৰোতাসকলে স্বামীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি শিৱৰ ব্রত পালন কৰে। 

       বৈদিক ৰীতি অনুসৰি ভাদ আহিন মাহতে নেপালী সম্প্ৰদায়ৰ লোকসকলে স্বৰ্গগত মৃতকৰ উদ্দেশ্যে 'শ্ৰাদ্ধ' পালন কৰে। প্রতিপদৰ দিনাৰ পৰা ষোল্ল দিনলৈকে পিতৃ পুৰুষৰ শ্ৰাদ্ধৰ তিথি অনুসৰি তৰ্পণ কৰা হয়। আহিন মাহৰ আঁউসী তিথিত এই শ্রাদ্ধ শেষ হয়। ইয়াৰ পাছতে 'নৱৰাত্ৰি 'আৰম্ভ হয়। ইয়াক 'নৌ দুর্গা লাগেক' বুলিও কোৱা হয়। শাক্ত ধর্মী নেপালীসকলে আহিন মাহৰ প্ৰতিপদৰ দিনা দা, কটাৰী, খুকুৰী আদি উলিয়াই ধুই মাজি চাফা কৰি বলি কটা তেজ সানি পূজা কৰে। বৈদিক আৰু শাক্ত বিধান অনুসৰি তাৰ পাছতে যথা সময়ত দুর্গা পূজা সম্পন্ন কৰা হয়। দশমীৰ দিনা জ্যেষ্ঠসকলে নিজৰ সন্তান-সন্ততি, মিতিৰ কুটুমসকলক চাউলৰ ফোঁট (দশাই টিকা) আৰু '‘যমৰা' (ধান, যৱ, গোমধান, ঘেঁহু আদি কেইবিধমান শস্যৰ গঁজালি)ৰে আশীর্বাদ প্ৰদান কৰে।

        কাতি মাহৰ কৃষ্ণা ত্রয়োদশী তিথিত উদযাপিত এক বিশেষ উল্লেখযোগ্য উৎসৱ হৈছে 'তিহাৰ'। অন্যান্য হিন্দু ধর্মাৱলম্বী লোকসকলেও পালন কৰা এই দেৱালী বা দীপাৱলী উৎসৱৰ সময়ছোৱাত গোৰ্খা লোকসকলে ভাতৃ-ভগ্নীৰ সম্পর্ক অটুট ৰখাৰ উদ্দেশ্যে ‘ভাই তিহাৰ’ পালন কৰে। 'ভাই তিহাৰ ’ৰ দিনা বায়েক-ভনীয়েক সকলে নিজৰ নিজৰ ভাই ককাই সকলক ঘট-কলহ, ফুল-তুলসীৰে পূজা কৰি চাউলৰ গুৰিৰে কপালত ফোঁট (ভাই টিকা)লগাই দিয়ে। বহাগত হুঁচৰি গোৱাৰ দৰে তিহাৰৰ সময়ছোৱাতো গোৰ্খাসকলে ঘৰে ঘৰে গৈ ‘দৈচী ’ আৰু ‘ভৈলী’ গীত গায়।

         মংগোলীয় বংশোদ্ভূত গোৰ্খাসকলেও এই উৎসৱ-পাৰ্ৱণসমূহ পালন কৰে। তাৰোপৰি তেওঁলোকে সম্পূৰ্ণ নিজস্ব ৰীতি-নীতিৰে অন্য কিছুমান উৎসৱ-পার্বণো পালন কৰে৷ 

        প্রাচীন ধর্মশাস্ত্র, বেদ-পুৰাণ আদিত ‘কিৰাত’ ৰূপে বর্ণিত ৰাই, লিম্বু, মগৰ, শ্বেৰ্পা, তামাং আদি মূলতঃ নেপালৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু সেয়ে তেওঁলোকৰ ৰীতি-নীতি, উৎসৱ-পাৰ্ৱণ আদিত বেদৰ প্ৰভাৱ পৰিলক্ষিত নহয়। ব্রাহ্মণ পুৰোহিতৰ পৰিৱৰ্তে তেওঁলোকৰ নিজস্ব পুৰোহিত -বিজুৱা,ফেদাংবা আদি থাকে আৰু তেওঁলোকেই সকলো ধৰণৰ মাংগলিক কাৰ্য, পূজা-পার্বণ, শুধি কর্ম আদি সম্পন্ন কৰে। ৰাইসকলে কেচুৱা জন্ম হ'লে বিজুৱাৰ দ্বাৰা শুদ্ধি কৰ্ম কৰে। বিয়াৰ বাবে ছোৱালী খুজিবলৈ যাওঁতে প্রথমে ছোৱালীৰ মোমায়েকৰ ঘৰলৈ এযোৰ কুকুৰা আৰু দুবটল মদ ল'ৰাঘৰে নিয়াটো বাধ্যতামূলক। এই কার্যক ‘লৈবা হাল্‌নু’ বুলি কোৱা হয়। এই কার্য সম্পন্ন হোৱাৰ পাছতহে মোমায়েকে ছোৱালীৰ মাক দেউতাকৰ ঘৰলৈ গৈ ছোৱালী খোজে। বিয়া সম্পন্ন হোৱাৰ পাছত দৰাঘৰত কইনাক আদৰিবলৈ দুৱাৰ মুখত কলহ, তাম বা মাটিৰ গাগৰি, ফুলপাত আৰু বগা কাপোৰ চোতালৰ পৰা ঘৰৰ ভিতৰলৈ পৰা হয়। দুৱাৰ মুখত পুৰোহিত মাংবুঙে মন্ত্ৰ উচ্চাৰণ কৰি কুকুৰা কাটি গৃহ দেৱতালৈ তেজ আগবঢ়ায়। লিম্বুসকলৰ বিয়াৰ ক্ষেত্ৰতো এনে নিয়ম প্রযোজ্য। কলপাত এখিলাৰ ওপৰত দুবটল মদ প্ৰথমে আগ কৰিহে ল’ৰা পক্ষই বিয়াৰ বাবে ছোৱালী খুজিব পাৰে। পুৰোহিত ফেদাংবাই কুকুৰা এযোৰ মাৰি তাৰ তেজ কলপাতত ছটিয়াই মঙল চোৱাৰ পৰম্পৰাও লিঙ্গু সমাজৰ বিয়া ঘৰৰ এক এৰাব নোৱাৰা পৰম্পৰা।

       শ্বেৰ্পাসকলৰ সমাজতো ছোৱালী খুজিবলৈ যাওঁতে প্রথমে মদৰ কলহ আগবঢ়োৱাৰ নিয়ম। অন্যান্য সকাম, যেনে – মৃতকৰ কাজ-কর্ম আদিতো মদৰ ব্যৱহাৰ বাধ্যতামূলক। বৈদিক ৰীতি-নীতিৰ পৰিৱৰ্তে এই সম্প্ৰদায়ৰ লোকসকলে কীৰাতি ধর্ম অনুসৰি মৃতকৰ কাজ কর্ম সম্পন্ন কৰে। ৰাই-লিম্বুসকলৰ পুৰোহিত ফেদাংবাই ‘দেও জগোৱা’, তামাংসকলে শৱ-দাহ কৰাৰ পৰিবৰ্তে গাঁত খান্দি বাকচত ভৰাই কবৰ দিয়া, আদি কার্য পৰম্পৰাগত স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ। 


লোককলা আৰু সংস্কৃতি :

-------------------------------------

        জাতীয় বেশভূষা হিচাপে গোৰ্খা লোকসকলে সাধাৰণতে পুৰুষৰ সাজ দৌৰা-চুৰুৱাল, ফেটা, ট’পী, আচকট আৰু মহিলাৰ সাজ গুণ্য, চ'লি, পটুকা আদি পৰিধান কৰে। পুৰুষসকলে কঁকালত খুকুৰি ওলোমায়। মহিলাসকলে সোণ-ৰূপৰ অলংকাৰ, যেনে,— মুন্দ্ৰী, বুলাকী, ফুলি, নৌগেড়ী, তিল'হৰি, পটে' আদি পিন্ধে। তেওঁলোকৰ জাতীয় খাদ্যাভাস, দৈনন্দিন ব্যৱহার্য সা-সামগ্রী, হস্তশিল্প, কৃষিকৰ্মৰ সঁজুলি আদিতো তেওঁলোকৰ স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হয়। খাদ্যৰ ভিতৰত মাকৈ আৰু ক'দৰ আটা, ধিঁৰ’ (এবিধ লেকেটিয়া খাদ্য), লাই-মূলা-কবিপাত আদি খুন্দি গাঁতত পুতি ৰাখি তৈয়াৰ কৰা গুন্দ্ৰুক, ছিংকী আদিৰ প্ৰচলন গোৰ্খা সমাজত আছে। উৎসৱ-পাৰ্ৱণ আদিত মদ প্ৰচলনৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। চাউলেৰে প্ৰস্তুত মদ 'জাঁৰ' আৰু চুলাই মদ – ‘ৰক্‌চী' তথা ছাগলী-গাহৰি আদিৰ মাংস তেওঁলোকৰ প্ৰিয় খাদ্য।

        দৈনন্দিন ব্যবহার্য সা-সামগ্ৰীসমূহৰ ভিতৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ভাৱে তাম-পিতল আৰু কাঁহৰ কলহ, ঘটি, লোটা, কাঁহী, পাচি-খৰাহি, ডলা, টুকুৰী তথা শিলেৰে নির্মিত মচলা পিঁহা পটা, খুন্দনা আদি ব্যৱহাৰ কৰে। খেৰ-পাতেৰে তৈয়াৰী কঠ, ঢাৰি, পাটী আদিও উল্লেখযোগ্য। এই লোককলাসমূহত আর্য আৰু অনার্য দুয়োটা সংস্কৃতিৰ প্ৰতিফলন ঘটা দেখা যায়।

        গোৰ্খা লোককলা -সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হিচাপে পূৰ্বৰ পৰা প্ৰচলিত খণ্ডবাক্য, যোজনা, জতুৱাঠাঁচ আদিয়েও নেপালী ভাষা-সংস্কৃতিক সমৃদ্ধ কৰিছে৷ সাধাৰণ কথা-বতৰাত তেওঁলোকে সততে ব্যৱহাৰ কৰা 'হাত পার্ণো' (হস্তগত কৰা), মুখ ফুলাওনো (মুখ ওফন্দোৱা), মুখ চলাওনো (প্রত্যুত্তৰ দিয়া), বাট' কাটনু (যাত্রা পথত বাধা দিয়া) আদিৰ দৰে শত-সহস্র স্বকীয় কথন-ভংগীয়ে তেওঁলোকৰ ভাষাক সুকীয়া মাধুৰ্য প্ৰদান কৰে।

       দশাই, তিহাৰ, তীজ আদি বিভিন্ন উপলক্ষ্যত গোৱা গীত-মাত আদিতো গোৰ্খা জন-জীৱনৰ দৈনন্দিন সুখ, দুখ, হাঁহি-কান্দোন, প্রেম বিৰহ আদি সুন্দৰ ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। তীজ উৎসৱত এই জনগোষ্ঠীৰ তিৰোতাসকলে একগোট হৈ গছৰ তলত গোৱা তীজৰ গীত সমূহত (অসমীয়া বিয়ানামসমূহত প্রকাশ পোৱাৰ দৰে) বিয়া হৈ শহুৰৰ ঘৰলৈ যোৱা বিবাহিতা নাৰীৰ, ঘনে পতি মাকৰ ঘৰলৈ মনত পৰা ব্যাকুল হৃদয়ৰ কথা হৃদয়স্পর্শী ৰূপত প্ৰকাশ পাইছে। তেনেদৰে তিহাৰত গোৱা দেউশী বা ভৈলী গীত সমূহতো অসমীয়া সমাজৰ হুঁচৰিৰ সাদৃশ্যতা লক্ষ্য কৰিবলগীয়া। হুঁচৰিৰ দৰে ঘৰে ঘৰে গৈ দেউশী বা ভৈলী গোৱা ডেকা গাভৰুসকলেও গিৰিহঁতৰ মংগলৰ অৰ্থে আশীৰ্বাদ প্রদান কৰে।

       ঝাঁউৰে গীতসমূহ মূলতঃ ডেকা-গাভৰু সকলৰ মাজত প্ৰচলিত প্ৰেম-পীৰিতি সম্পৰ্কীয় গীত। তাহানিকালত গোৰ্খা ডেকা-গাভৰুসকলে ঘাঁহ কাটিবলৈ বা খৰি লুৰিবলৈ গৈ নিজৰ নিজৰ প্রেম নিৱেদন কৰি এই গীত গাইছিল।একেধৰণৰ 'দোহাৰী' গীতবোৰো অসমীয়া যোৰা নামৰ দৰে প্ৰেম-পীৰিতি আৰু দুষ্টালিৰে ভৰা। শ্বেৰ্পাসকলৰ প্রেম বিষয়ক গীতৰ আৱেদনে গোৰ্খা সম্প্ৰদায়ৰ সকলো লোককে আকৃষ্ট কৰা দেখা যায়। এইক্ষেত্ৰত শ্বের্পাসকলৰ 'ৰেবালুবা' গীত উল্লেখযোগ্য ।সেইদৰে তামাংসকলৰ 'তামাং চেলু’ বা ‘ভোটে চেলু’ গীতসমূহ ডমফু নামৰ এবিধ বাদ্যৰ তালে তালে গোৱা হয়। ইয়াৰ লগতে নৃত্যও কৰা হয়। 'তামাং চেলুসমূহত সঘনে ব্যৱহৃত ‘চ্যেংবা’, ‘মাইচ্যং’ আদি (মৰমৰ সোণটো, সোণজনী) প্রেমবাচক শব্দৰ সুকীয়া মাধুৰ্য আছে -যি গোৰ্খা জনমানসক সদায়ে আকৃষ্ট কৰি আহিছে। এই গীত-মাতসমূহৰ হৃদয়স্পৰ্শী ভাৱ-ভাষা,সুৰ-তাল আদিৰ বাবেই হয়তো সৌ তাহানিতেই বফাবৃত হিমালয়ৰ বুকুত প্ৰতিধ্বনিত হোৱা এই গীতসমূহ আজিও অসমৰ চৰ-চাপৰি আৰু গ্ৰামাঞ্চলবোৰত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ মাজত জীয়াই আছে।(সমাপ্ত)

মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য-খেৰি

 


       মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য-খেৰি

                                                 -   বীৰ্কে বি থাপা


      অসমৰ অন্যতম এক প্ৰাচীন জনগোষ্ঠী মৰাণসকলৰ মাজত প্ৰচলিত 'খেৰি' হৈছে তেওঁলোকৰ গীতি সাহিত্যৰ আপুৰুগীয়া সম্পদ।'খেৰি' শব্দৰ ব্যুৎপত্তিগত অৰ্থ নাম বা গীত।মৰাণসকলে তেওঁলোকৰ সমাজ-জীৱনৰ বিভিন্ন উপলক্ষত গোৱা গীত-মাতবোৰকে 'খেৰি' বোলা হয়।

     খেৰিসমূহ হৈছে কৃষিজীৱি চহা লোকৰ সৃষ্টি।মৰাণ সমাজৰ বিভিন্ন লোকাচাৰ, লোকবিশ্বাস, ধৰ্মীয়-ভাৱাবেগ আদিৰ পৰাই তাহানি কৃষিজীৱি লোকসকলে সৃষ্টি কৰি যোৱা খেৰিসমূহত প্ৰতিফলিত হোৱা দেখা যায় মৰাণ সমাজৰ সুন্দৰ প্ৰতিচ্ছবি।

     মৰাণ জনগোষ্ঠীৰ গীতি -সাহিত্যৰ অনুপম আৰু আপুৰুগীয়া সম্পদ এই খেৰি বা লোকগীতসমূহৰ সম্পৰ্কত প্ৰকাশ পোৱা এখনি অতি মূল্যবান গ্ৰন্থ হৈছে যতীন মৰাণৰ 'মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য -খেৰি'।তাহানি আশীৰ দশকৰ পৰাই ছেগাছোৰোকাকৈ খেৰি সম্পৰ্কত বিভিন্ন কাকত-আলোচনীত লিখা-মেলা কৰি থকা মৰাণদেৱে যথেষ্ট সংখ্যক খেৰি এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।ইতিপূৰ্বে প্ৰকাশিত বিভিন্ন লেখকৰ গ্ৰন্থ আৰু লেখাসমূহৰ পৰা সংগ্ৰহ কৰাৰ উপৰিও তেখেতে এই গীতসমূহ ঘাইকৈ সংগ্ৰহ কৰিছে গাঁৱৰ লোকসকলৰ পৰা।উল্লেখযোগ্য যে লেখকে গ্ৰন্থখনত কেৱল খেৰিসমূহৰ সংকলনেই কৰা নাই,বৰঞ্চ খেৰিসমূহৰ বিশ্লেষণাত্মক আলোচনাও আগবঢ়াইছে।

      যতীন মৰাণদেৱে গ্ৰন্থখনৰ আৰম্ভণিতে 'মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য:খেৰি- বিচাৰ আৰু বিশ্লেষণ' শীৰ্ষক অধ্যায়ত আদিম সমাজত শ্ৰমজীৱনৰ সৈতে সম্পৰ্কিত গীত-নৃত্য-বাদ্য আদিৰ সৃষ্টিৰ লগতে মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক পৰিচয় তথা তেওঁলোকৰ সমাজত প্ৰচলিত 'খেৰি'শব্দৰ ব্যুৎপত্তিগত অৰ্থৰ বিষয়ে সম্যক আলোচনা আগবঢ়াইছে।

      বিষয়বস্তু অনুসৰি খেৰিসমূহক ধৰ্মীয়, লোকবিশ্বাসমূলক,সামাজিক অনুষ্ঠান-আচাৰ মূলক আৰু বিবিধ ৰং-ধেমালিমূলক খেৰি হিচাপে ভাগ কৰি প্ৰতিটো ভাগকে গ্ৰন্থখনত সুকীয়া সুকীয়াকৈ আলোচনা কৰা হৈছে।সেই অনুসৰি লেখকে গোসাঁই খেৰি,আই খেৰি, অপেচৰী খেৰি,লখিমী খেৰি, সৰস্বতী খেৰি, বিঘিনি বিয়পা খেৰি,জিগিনী খেৰি,কান্দনী খেৰি,কলাইৰ খেৰি,কুলাবুঢ়ী নাচৰ খেৰি,মুগুৰা খেৰি,চুৱা বিয়াৰ খেৰি,বৰবিয়াৰ খেৰি, ভেকুলীবিয়াৰ খেৰি,শিল বিয়াৰ খেৰি,শিপিনী খেৰি,ৰান্ধনীৰ খেৰি,হাতী শিকোৱা খেৰি,নিচুকনি খেৰি আৰু বিভিন্ন ৰং ধেমালিত গোৱা খেৰিসমূহৰ সন্দৰ্ভত তথ্যসমৃদ্ধ আলোচনা ও বিশ্লেষণ আগবঢ়াইছে।গুৰুত্বপূৰ্ণ কথাটো হৈছে এয়ে যে গ্ৰন্থখনত লেখকে মৰাণসকলৰ প্ৰাচীন ইতিহাস,তেওঁলোকৰ প্ৰাচীন ধৰ্মীয় ঐতিহ্য,মৰাণ সমাজত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ প্ৰৱৰ্তিত মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ,মায়ামৰা সত্ৰ আৰু নামঘৰসমূহৰ বৈশিষ্ট্য,সমাজ জীৱনত খেৰিসমূহৰ সম্পৰ্ক ইত্যাদি সন্দৰ্ভত অলেখ তথ্য সন্নিৱিষ্ট কৰিছে।খেৰিসমূহৰ আলোচনা প্ৰসংগত লেখকে মৰাণসকলৰ লোকবিশ্বাস,পৰম্পৰা আৰু বৃত্তিগত দিশসমূহৰ(বিশেষকৈ অতি পুৰণি কালৰে পৰাই মৰাণসকলে বনত হাতী চিকাৰ কৰা আৰু বনৰীয়া হাতীৰ জাকৰ পৰা পোৱালী হাতী ধৰি আনি বশ কৰা আৰু প্ৰশিক্ষণ দিয়া কাৰ্য) অলেখ নজনা দিশ সামৰি লৈছে।সেইদৰে গ্ৰন্থখনৰ সামৰণিত 'শব্দাৰ্থ আৰু টোকা' শিতানত সন্নিনিষ্ট হোৱা মৰাণসকলৰ মাজত প্ৰচলিত মাত-কথাসমূহৰ অৰ্থ আৰু ব্যাখ্যাই খেৰিসমূহ হৃদয়ংগম কৰাত পাঠকক যথেষ্ট সহায় কৰিছে।

      যতীন মৰাণ তালাপ ধুলিজান গাঁৱৰ এগৰাকী উদ্যোগী লেখক।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মৰাণদেৱে আশীৰ দশকৰ পৰাই খেৰি সংগ্ৰহৰ কামত নিমজ্জিত হৈ থকা কথা আমি জানোঁ। যতীন মৰাণদেৱে খেৰিৰ উপৰিও ভিন্ন বিষয়ত অলেখ নিৱন্ধ কাকত-আলোচনীসমূহত লিখি আহিছে।সম্প্রতি ব্যৱসায়ৰ সৈতে জড়িত মৰাণদেৱে ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এনে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো সঁচাই প্ৰশংসনীয়।মৰাণ জনগোষ্ঠীৰ আপুৰুগীয়া সম্পদ খেৰিসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত গ্ৰন্থখন ভৱিষ্যতে এক বৃহৎ সম্বল হৈ ৰ'ব বুলি আমাৰ বিশ্বাস। (সমাপ্ত) 

সাহিত্যত যৌনতা-শ্লীল নে অশ্লীল?

          সাহিত্যত যৌনতা-শ্লীল নে অশ্লীল?

                                                  -বীৰ্কে বি.থাপা

        গতানুগতিক অৰ্থত অশ্লীল শব্দই যৌনতাৰ উলংগ প্ৰকাশকে বুজায়।ফলত স্বাভাৱিকতে যৌনতৈৰ লগত যে অশ্লীলতাৰ এটা অবিচ্ছেদ্য সম্পৰ্ক বিদ্যমান সি স্পষ্ট হৈ পৰে।তথাপিতো কিন্তু অশ্লীলতাৰ আভিধানিক অৰ্থ যুকেতিগত দিশৰ পৰা স্পষ্ট নহয়।কাৰণ,যৌনতাৰ সৈতে সম্পৰ্কিত অনেক কথা বা ঘটনা দৰ্শন বা শ্ৰৱণৰ অযোগ্য হ'লেও বহুসময়ত অশ্লীলতাৰ গণ্ডীত নপৰে।

যৌনতা হ'ল মানৱ জীৱনৰ এটা উলংগ সত্য।যৌনতাৰ সৈতে সম্পৰ্কিত নৰনাৰীৰ যৌন জীৱনৰ সম্ভোগ কলাক গতানুগতিক অৰ্থত সেয়ে অশ্লীল আখ্যা দিলেও প্ৰকৃত বিচাৰত তাক অশ্লীল বুলি ক'ব নোৱাৰি ।কেৱল ৰক্ষণশীল মনোভাৱেহে নৰনাৰীৰ গোপন যৌন সম্পৰ্কক অশ্লীল আখ্যা দিব পাৰে।অৱশ্যে শ্ৰুতিকটু হ'লেও উল্লেখযোগ্য যে যৌন জীৱনৰ সম্ভোগ কলাউ যেতিয়া বিকৃত ৰূপ পৰিগ্ৰহণ কৰে তেতিয়াহে ই হয়গা অশ্লীল।অৰ্থাৎ বিকৃত বা পশুসুলভ হৃদয়বৃত্তি,যৌনতা,সমকামী মনোভাৱ ,কাম আচৰণ ,পৰপুৰুষৰ প্ৰতু কামভাৱ পোষণ তথা যৌনতা চিন্ত্য ঐন্দ্ৰজালিক জীৱন যাপনেই প্ৰকৃততে অশ্লীল।তেনে এক বিচাৰত,মানৱ জীৱনৰ চৰম সত্য যৌনতাক আমি কোনো গুহাচিত্ৰত অংকিত হোৱা অথবা কোনো শিল্পীৰ তুলিকাত চিত্ৰিত হোৱা দেখিবলৈ পাওঁ তেতিয়া তাক অদৰ্শনীয় বা লজ্জাজনকবুলি ক'লেও অশ্লীল আখ্যা দিব নোৱাৰোঁ।অজন্তা ইলোৰাৰ গুহাত অংকিত মৈথুনাৱস্থাত থকা নৰনাৰীৰ চিত্ৰক অশ্লীল আখ্যা দিয়াৰ অৰ্থ জীৱন সম্পৰ্কে অসম্পূৰ্ণ তথা ভ্ৰান্ত ধাৰণা।বিশ্ব বিখ্যাত চিত্ৰ শিল্পী সকলৰ অনেক চিত্ৰ আছে যি নৰনাৰীৰ নগ্নতাক ৰং আৰু তুলিকাৰে পৰিদৃশ্যমান কৰি তোল্ ,যৌন ৰহস্যৰ গোপন চাবিকাঠি তুলি দিয়ে দৰ্শকৰ অনুভূতিপ্ৰবণ হৃদয়ত।এনে চিত্ৰক অশ্লীল আখ্যা দিয়াৰ প্ৰশ্নই নুঠে।কিন্তু সিবিলাকৰ বিপৰীতে বজাৰত প্ৰচলিত ব্লুফিল্মৰ কেচেট সমূহত যি বিকৃত যৌন সম্ভোগ দৃশ্য প্ৰদৰ্শন কৰা হয় সিবিলাকক নিৰ্বিবাদে অশ্লীল আখ্যা দিব পাৰি ।কাৰণ,যৌন সম্ভোগৰ বিকৃত পদ্ধতিৰ জন্ম সদায়ে অসংস্কৃত আৰু পাশৱিক ,অশ্লীল মস্তিষ্কৰ পৰা হয়।বজাৰত প্ৰচলিত উৎকট যৌনতামূলক গ্ৰন্থ আৰু চিত্ৰসমূহকো অশ্লীলতা আখা দিব পাৰি।ইয়াৰ মূলতে হ'ল,দাম্পত্য জীৱনত যৌনতাৰ টি গুৰুত্ব এই গুৰুত্বক আমি সামাজিক গুৰুত্ব বুলিও ক'ব পাৰোঁ।সেই গুৰুত্বক ইবিলাকে প্ৰকৃত বিচাৰত দাঙি ধৰিবলৈ অক্ষম।

         যৌনতাৰ গুৰুত্বলৈ লক্ষ ৰাখি প্ৰাচীন ভাৰতৰ যৌন তত্ববিদ মনু,বাৎসায়ন আদিয়ে যৌনতা বিষয়ক যিবোৰ গ্ৰন্থ প্ৰণয়ন কৰি গৈছে সিবিলাকৰ সাহিত্যিক আৰু নান্দনিক তাৎপৰ্য চিৰকালেই স্বীকৃত হৈ আহিছে।উক্ত গ্ৰন্থ সমূহৰ ব্যৱহাৰিক তাৎপৰ্যও কোনেও অস্বীকাৰ কৰিব নোৱাৰে।আজি বাৎসায়নৰ 'কামসূত্ৰ' প্ৰত্যেক বিবাহিত নৰনাৰীৰ বাবে বেদস্বৰূপ।মনু,বাৎসায়ন আদিৰ দৰে আধুনিক লেখক -চিন্তাবিদসকলেও সাহিত্যৰ যোগেদি যৌনতাৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে।যৌনতাক যিহেতু গতানুগতিক অৰ্থত অশ্লীল বুলিয়েই গণ্য কৰি অহা হৈছে সেয়ে সাহিত্যত ইয়াৰ প্ৰকাশ কিমান দূৰ প্ৰযোজ্য বা যুক্তিসংগত সেই লৈয়ো বিতৰ্কৰ আজিও অন্ত পৰা নাই।তথাপিতো বিশ্ব সাহিত্যত এনে অলেখ উদাহৰণ আছে যি যৌনতাৰ প্ৰকৃত সত্যক মনোবিজ্ঞান আৰু শৰীৰ বিজ্ঞানৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।উল্লেখযেগ্য যে জীৱনৰ সত্যক উদঙাই দিবলৈ সক্ষম হেৱা এনে কেইবাখনেো গ্ৰন্থই নানা বিতৰ্ক আৰু সমালেচনাৰ সন্মুখীন হৈয়ো নিজৰ স্থিতি বাহাল ৰাখিবলৈ সক্ষম হৈছে।লগে লগে সৃষ্টি কৰি গৈছে এক বৃহত্তৰ পাঠকসমাজ।কাৰণ,জ্ঞানান্বেষী পাঠকে জানে-Literature is a vital record of what men have seen in life ,what they experienced of it, what they have thought and felt about those aspects of it which have the most immediate and enduring interest for all of us.. গতানগতিক অৰ্থত যৌনতা অশ্লীল হ'লেও সাহিত্যই সেই অশ্লীলতাকো জীৱনৰ এক সত্য হিচাপে প্ৰকাশ কৰে।

       জন্ম আৰু মৃত্যুৰ মাজৰ এটা সুদীৰ্ঘ পথ পৰিক্ৰমাই হৈছে জীৱন।এই জীৱন নামৰ বাস্তৱটোতেই সংঘটিত হয় অলেখ শাৰীৰিক আৰু মানসিক কাৰ্যাৱলী -যি ব্যক্তিৰ জীৱনলৈ কেতিয়াবা কঢ়িয়াই আনে সুখ আৰু আনন্দৰ ঢৌ আৰু কেতিয়াবা কঢ়িয়াই আনে দুখ আৰু বেদনাৰ অশ্ৰুধাৰা।সুখ আৰু দুখ বুলি কওঁতে আমি সাধাৰণতে এটা মানসিক অভিব্যক্তিক বুজোঁ।কিন্তু সুখ আৰু দুখৰ তাৎপৰ্য শৰীৰক বাদ দি নিলগাই চাব নোৱাৰি।অৰ্থাৎ যিটো মানসিক ধাৰণা তাৰ মূল কাৰণ বেছিভাগ কাৰণতে হয় শাৰীৰিক।আৰু এই কথাও সত্য যে ,আমাৰ তেজ-মাংসৰ শৰীৰেহে প্ৰকৃত অনুভূতিক প্ৰতিফলিত কৰিব পাৰে।কাৰণ ,মানুহ অসুখী হয় পেটৰ ক্ষুধাত,দৈহিক বিকৃতিত আৰু যৌন ক্ষুধাত।আৰু সুখীও হয় পেটত ক্ষুধা নাথাকিলে ,দৈহিক বিকৃতি নঘটিলে অথবা যৌন ক্ষুধা নিবাৰণৰ মাজেৰে যৌনতৃপ্তি লাভ কৰিবলৈ সক্ষম হ'লে।অৰ্থাৎ শৰীৰক বাদ দি মনৰ নিজস্ব সত্বা সদায়ে অকামিলা। তেজ মাংসৰ শৰীৰে প্ৰতিফলিত কৰা সত্য অভাৱেই মানৱ জীৱনৰ প্ৰকৃত অভাৱ।মনস্তত্ববিদসকলে ক'ব খোজে যে তেজ মাংসৰ শৰীৰে প্ৰতিফলিত নকৰা মানসিক অভাৱে প্ৰায়ে মানুহক বিশ্বাসঘাতকতা কৰে।ডেভিড হাৰ্বাট লৰেঞ্চৰ(D. H. Lawrence) মতে,বুদ্ধিমত্তাই বিশ্বাসঘাতকতা কৰিলও তেজ মাংসৰ শৰীৰটোৱে কেতিয়াও বিশ্বাসঘাতকতা নকৰে।(We can go wrong in our minds but what our blood feels and believes and says is always true.) মানৱ জীৱনৰ এই সত্যক প্ৰকাশ কৰি বিশ্ব সাহিত্যত যি কেইখন গ্ৰন্থ ৰচিত হৈছে সিবিলাকে নৰনাৰীৰ যৌন সম্পৰ্কৰ বিকৃত ৰূপ সম্পৰ্কে পাঠকক সজাগ কৰি তোলাৰ লগতে যৌনতা আৰু মানসিক সম্পৰ্কৰ অবিচ্ছেদ্য সম্পৰ্ক সম্পৰ্কে বিশ্লেষণাত্মক সত্য উদঙাই দেখুৱাইছে।

       এই প্ৰবন্ধত আমি আলোচনা কৰিবলৈ লোৱা বিশ্ব সাহিত্যৰ বিখ্যাত গ্ৰন্থ হৈছে -ডি.এইচ .লৰেঞ্চৰ ' লেডী চেটাৰ্লীজ ল'ভাৰ ' আৰু ভ্লাডিমিৰ নৱাকভৰ 'ল'লিতা'।উপন্যাস দুখন আলোচনাৰ বাবে হাতত তুলি লোৱাৰ উদ্দেশ্য হৈছে এয়ে যে যৌনতাক কেন্দ্ৰ কৰি জটিল মনস্তাত্বিক দৃষ্চিভংগীৰে ৰচিত এই গ্ৰন্থসমূহৰ ওপৰত এসময়ত ব্যাপক সমালোচনা আৰু বিতৰ্কৰ সৃষ্টি হোৱা সত্বেও দুয়োখন উপন্যাসেই বিশ্ব সাহিত্যৰ উচ্চ পৰ্যায়লৈ উত্তৰণ কৰিবলৈ সক্ষম হৈছে।সেয়া কেৱল যৌন উত্তেজক উত্তপ্ত বৰ্ণনাৰ বাবেই নহয় ,সম্ভৱ হৈছে যৌনতা সম্পৰ্কত ক্ৰমে নাৰী মনস্তত্ব আৰু পুৰুষ মনস্তত্বৰ জটিল দিশসমূহক প্ৰকাশ কৰি দেখুৱাৰ বাবেহে।

জীৱন ৰসিক পুণ্য শইকীয়া ছাৰ

         জীৱন ৰসিক পুণ্য শইকীয়া ছাৰ

                                                - বীৰ্কে বি. থাপা


     অফুৰন্ত প্ৰাণশক্তিৰে জীৱনক অত্যন্ত সহজ আৰু ইতিবাচক ৰূপত গ্ৰহণ কৰিব পৰা ব্যক্তি পুণ্য শইকীয়া ছাৰ।সঁচা অৰ্থত ক'বলৈ গ'লে,বহু ঘাত-প্ৰতিঘাতৰ মাজতো জীৱনটোক বেচ উপভোগ কৰিব জনা মানুহ তেখেত।জীৱনৰ দুখ-যন্ত্ৰণাবোৰক তেখেতেও উপলদ্ধি কৰে আৰু মৰ্মাহত হয়,কিন্তু জীৱনটোক সহজ আৰু উপভোগ্য ৰূপত গ্ৰহণ কৰিব পৰাকৈ নিজস্ব এটা দৃষ্টিভংগী আছে বাবেই তেখেতক সদায়ে হাঁহি-ফুৰ্টিৰে থকা দেখা যায়।এই এটা প্ৰাণশক্তিৰেই তেখেতে আজিও সভা-সমিতিসমূহত  প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা কৈ যায়,কবিতা পাঠ কৰি যায়,জীৱন সম্পৰ্কীয় নিজস্ব দৃষ্টিভংগীবোৰ ব্যংগাত্মক আৰু নাটকীয় শৈলীৰে প্ৰকাশ কৰি যায়।

       ৮০ৰ দশকত 'অগ্ৰদূত' কাকতৰ পাতত 'নেপথ্যৰ গুনগুননি' শীৰ্ষক এলানি ব্যংগাত্মক ৰচনাৰে বৃহৎ সংখ্যক পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা পুণ্য শইকীয়াছাৰ অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট লেখক।'নেপথ্যৰ গুণগুণনি'ৰ উপৰিও 'শ্বেতপত্ৰ','আলাপন',শুনিয়োক সৰ্বজন','শব্দৰ কাৰ্টুন','নেপথ্যৰ পৰা' আদি সমসাময়িক বিভিন্ন কাকত-আলোচনীৰ ব্যংগাত্মক ৰচনাৰ স্তম্ভলেখসমূহৰ জৰিয়তে তেখেতে বিগত প্ৰায় তিনিটা দশক ধৰি আমাৰ সমাজ-জীৱনত সততে ঘটি থকা দোষ-ত্ৰুটি সমূহক কটাক্ষ আৰু ক্ষুৰধাৰ সমালোচনা কৰি আহিছে।

      অকল ব্যংগ ৰচনাৰেই নহয়,গভীৰ মননশীল আৰু জীৱনবোধ সম্পন্ন গীত,কবিতা,নাটক আৰু অন্যান্য কিছুমান মৌলিক ৰচনাৰেও পুণ্য শইকীয়া ছাৰে অসমীয়া সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে।বিষয়বস্তুৰ মৌলিকত্বৰে অলেখ নিৱন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো মূল্যবান গ্ৰন্থ সম্পাদনাও কৰিছে । 'অৰণ্যৰ অধিকাৰ' শীৰ্ষক গ্ৰন্থখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰদত্ত শিশু সাহিত্যৰ পুৰস্কাৰো লাভ কৰিছে। সাহিত্য জগতলৈ আগবঢ়োৱা বিপুল অৱদানৰ বাবে সদৌ অসম কবি সন্মিলনে তেখেতক 'বকুল বনৰ বঁটা' প্ৰদান কৰাৰ উপৰিও অসম চৰকাৰে  ২০০৬ চনত সাহিত্যিক পেঞ্চন আগবঢ়াইছিল।

    ছাৰৰ গদ্যৰো নিজস্ব শৈলী আছে।স্বভাৱসুলভ ৰসিকতাৰে তেখেতে যিকোনো বস্তু বা ঘটনা একোটাক দেখাৰ লগে লগে নিজৰ অনুভৱখিনিক নিজস্ব শৈলীৰে প্ৰকাশ কৰাৰ অপূৰ্ব দক্ষতা ছাৰৰ আছে। তেখেতে লিখিছে-'বিশ্ব বিশ্ৰুত চিত্ৰ শিল্পী সকলে নিজৰ ছবি (Self portrait)খনকে এটা কুন্ধচ চেহেৰা দি আঁকে। ইয়াৰ মাজেদি তেওঁলোকে আচলতে এটা প্ৰচণ্ড বিদ্ৰোহ ঘোষণা কৰে।ময়ো আচলতে ব্যংগৰ মাজেদি নিজৰ ছবিখনকে প্ৰতিবিম্বিত কৰোঁ।আনক নহয়,নিজকে মই পীড়ণ কৰোঁ,নিজকে সতৰ্ক কৰোঁ,নিজক ভাঙো আৰু গঢ়োঁ।মই মোৰ ভিতৰৰ পৰাই শক্তি আহৰণ কৰোঁ।কথা কোৱাৰ মুন্সিয়ানা এটা বোধহয় মোৰ মাজত সৰুৰে পৰাই আছিল।বুদ্ধিদীপ্ত কথা বতৰা কৈ মই ভাল পাওঁ।তাকে মই পাঠকলৈ সংক্ৰমিত কৰোঁ।ভাৱবস্তুক নাটকীয় ৰূপত সজাই পৰাই দিওঁ।মোৰ হাস্য-ব্যংগ মূলত: সংলাপধৰ্মী।নাটক নাটক স্পৰ্শ এটা প্ৰায়েই থাকে।মই প্ৰক্ৰিয়াটো উপভোগ কৰেোঁ...'।                

        পুণ্য শইকীয়া ছাৰে এনেদৰেই তিনিশৰো অধিক হাস্য-ব্যংগ ৰচনা কৰিছিল।এই ব্যংগ ৰচনাসমূহৰ মাজেৰে তেখেতে আমাৰ সমাজ আৰু জাতীয় জীৱনৰ বিভিন্ন সমস্যা আৰু কেৰোণসমূহ উদঙাই দিছে।উদাহৰণ স্বৰূপে তেখেতে এটি ব্যংগ কবিতাত লিখিছে-   


        আয়কৰ নিদিয়াকৈ পাৰ যদি আয় কৰ

        ক'লা টকা আছে বুধি কৰি নাই কৰ

        ঘোচ খোৱা নাই যদি পাৰমানে ট্ৰাই কৰ

        ৰাতি ৰাতি মদ খাই দিনটোত ড্ৰাই কৰ

        বুকুখন বয়ল কৰি মগজুটো ফ্ৰাই কৰ

        কটাকটি মৰামৰি ভায়ে ভায়ে হাই কৰ

        সকলোৱে মিলিজুলি দেশখন ছাঁই কৰ..

                                                              (নাঙঠ)

        নিজৰ ব্যংগ -ৰচনাৰ সন্দৰ্ভত ছাৰে এটা সাক্ষাৎকাৰত কৈছিল-'মোৰ ব্যংগাত্মক সাহিত্যবিলাকত মই এটা বৈচিত্ৰ আনিবলৈ যত্ন কৰোঁ। মই গাঁৱলীয়া পটভূমিত লিখোঁ, চহৰীয়া পটভূমিত লিখোঁ, খেলা-ধূলা, চিনেমা আৰু লগতে অসমীয়া সংস্কৃতিৰ বিষয়েও লিখোঁ। এই বৈচিত্ৰটো লাগিবই। আৰু এই বৈচিত্ৰটো ভাষাটোৱেহে তুলি ধৰিব লাগিব। গ্ৰাম্য ভাষাটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে, চহৰীয়া ভাষাটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে, আৰু আলংকাৰিক যিটো ভাষা সেইটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে তেনেহলে ব্যংগ লিখিব কেনেকৈ? গতিকে নতুন প্ৰজন্মক মোৰ ক’বলগীয়া কথা এইটোৱে যে তেওঁলোকে ভাষাটো ভালকৈ শিকক। লাগিলে অলপ দেৰিকৈয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আহক। কিন্তু ভুলকৈ নহয়, শুদ্ধকৈ লিখক।'

      অকল ব্যংগই নহয়,পুণ্য শইকীয়া ছাৰৰ কবিতাত তেখেতৰ নিজস্ব জীৱন-দৰ্শনো আছে। 'বন কেচেৰুৰ পাত' তেখেতৰ প্ৰথম কবিতা সংকলন-য'ত তেখেতে, বিশিষ্ট কবিতা সমালোচক সত্যকাম বৰঠাকুৰে কোৱাৰ দৰে, জীৱনৰ এক প্ৰত্যাহ্বানপূৰ্ণ প্ৰতিচ্ছবিক আত্মিক দৰ্শনৰ গভীৰতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।তেখেতৰ পৰৱৰ্তী কালৰ কবিতাসমূহতো জীৱন আৰু জগত সম্পৰ্কীয় দৃষ্টিভংগী নাটকীয় কথন শৈলীৰে অনন্য ৰূপত প্ৰতিফলিত হৈ উঠা দেখা যায়-

1. মোৰ বাবে অত্যন্ত লাজৰ কথাটো হ'ল

     মই আজিকালি একোতেই লাজ নাপাওঁ

     দুখ পাব নজনাটোৱেই মোৰ দুখ

     মোৰ অপ্ৰেমত প্ৰেমৰ চিৰন্তন হতাশা

     মোৰ কেৱল বিৰুধ নাই 

     মৃত্যুৰ সতে....                (ভাৱ বল্লৰী)


2.  ক্ৰমাগত সংকুচিত হয় মোৰ ছাঁটো

     মোৰ অজ্ঞাতসাৰেই ই কেতিয়াবা বেলুনৰ

     আকৃতি লয়

     কেতিয়াবা মেকুৰী হৈ মোলৈ চিকাৰী দৃষ্টিৰে

     চায়

     মই ভয় খাওঁ  কিজানিবা ছাঁটো

     মোতকৈয়ো বেছি সঁচা হৈ পৰে...

                                             ( মন মৰ্মৰ)


     পুণ্য শইকীয়া ছাৰে লিখা কবিতাসমূহৰ পৰা নিৰ্বাচন কৰি কেইটামান অত্যন্ত সুন্দৰ কবিতাৰ বংগানুবাদ কৰিছে অতুল চন্দ্ৰ শৰ্মাই।ছাৰৰ ভাৱ-ভাষা আৰু কথন শৈলী 'ঋতম্বৰা' নামৰএই অনুবাদ পুথিখনতো বৰ সুন্দৰ ৰূপত প্ৰতিফলিত হৈ উঠিছে,যেনে-


   এই ধৰো তোমাৰ পকেটে একটাও ফুটোকড়ি  

   নেই বলে

   তুমি উদ্বিগ্ন ছিলে-কিন্তু পকেটে হাত দিতেই

   ৰুমালেৰ সংগে বেৰিয়ে এল একটা

   দশ টাকাৰ নোট


   এসব দেখতে একদম ছোট্ট কথা


   কিন্তু এৰও আছে এক একটি তাৎপৰ্য


   আৰ আছে একটা সমাসবদ্ধ আচৰণ


   স্থানাংক জ্যামিতিৰ মতন শিহৰণ..                                      (জ্যামিতিৰ মতন কথাগুলো)


    ছাৰৰ কবিতা পঢ়িলে এনে লাগে যেন তেখেতে কেতিয়াবা  কবি জীৱনানন্দ দাশৰ দৰে প্ৰকৃতিৰ  সৈতে একাত্ম হৈ যাব খোজে আৰু প্ৰকৃতিৰ ৰূপ-ৰস-গন্ধক শব্দেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। প্ৰেম-ভালপোৱা আদিৰ দৰে বিষয়বোৰতো তেনেদৰে  গালিবৰ শায়েৰী যেন অনুৰণিত হয়। গ্ৰাম্য জীৱনৰ বাস্তৱ চিত্ৰকো তেখেতে অত্যন্ত হৃদয়স্পৰ্শী ৰূপত  তুলি ধৰা দেখা যায়--যেনে:

'আহিনৰ পথাৰত মই পাওঁ বাৰুদৰ গোন্ধ/ মই হেৰা পাওঁ/ঘাম আৰু চকুলোৰে দেউতাই লিখি যোৱা/বন্ধকী দলিল/ম্যাদ তাৰ মৰিশালী জুৰি..(সেই শব্দবোৰ)।

     চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সাধাৰণতে বহুতে মানুহে নিজক অকামিলা বুলি ভাৱি  ঘৰৰ ভিতৰতে সোমাই থাকে ,কিন্তু পুণ্য শইকীয়া ছাৰ আছিল ব্যতিক্ৰম।2003 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে এবাৰ  ডিগবৈৰ মুলিয়াবাৰীস্থিত ঘৰলৈ কিবা কামত যাওঁতে  বাইদেউক ছাৰৰ লিখা-মেলাৰ বিষয়ে সুধিছিলোঁ।বাইদেউৰ পৰা জানিব পাৰিছিলোঁ,অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেখেতে আগৰ কাঠৰ বাটাম দিয়া ঘৰটো ভাঙি নতুন পকী ঘৰ সাজিছিল,পুৰণি ভেস্পা স্কুটাৰখন এৰি হিৰ'হুণ্ডা বাইক কিনিছিল  আৰু পুত্ৰ সায়ন্তৰ সৈতে সৰু ল'ৰাৰ দৰে বহি কম্পিউটাৰত গেইম খেলিবলৈ আৰম্ভ কৰিছিল।এইবোৰত লাগি থাকোঁতে তেখেতৰ লিখা-মেলা সকলো বাদ পৰি গৈছিল। জীৱন ৰসিক পুণ্য শইকীয়া ছাৰৰ কাণ্ড-কাৰখানাবোৰ শুনি বেচ আমোদ পাইছিলোঁ।প্ৰকৃততে ছাৰে যেন জীৱনত সুখেৰে জীয়াই থকাৰ বিভিন্ন পথৰ সন্ধান কৰিছিল। ছাৰৰ সত্তৰ বছৰ পূৰ্ণ উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থ  'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি'তে ছাৰে এই বিষয়ে লিখিছিল-'মই সহজে বুঢ়া হোৱাত নাই।অৱসৰ গ্ৰহণ কৰাৰ কেইদিনমান পাছতে এল এম এল ভেস্পাখন বিক্ৰী কৰি হিৰোহোণ্ডা ল'লোঁ।আগতকৈ অলপ বেছি জোৰেৰে যোৱাৰ উদ্দেশ্যে।তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ভিতৰৰ কোনো ঠাইলৈ নিজা উদ্যোগত যাব লগা হ'লে মই বাইক চলাই যাওঁ। মানুহে ইস্ ইস্ আস্ আস্ কৰে,মই আৰামত উঃ উঃ কৰোঁ..'!

     খুব সম্ভৱ,শেহতীয়াভাৱে গঢ় লৈ উঠা ছাৰৰ চখটো হৈছে ফেচবুক।আজিৰ দিনত চাৰি কুৰিৰ দেওনা অতিক্ৰম কৰা কোনজন মানুহে ফেচবুক চলায়?ছাৰক কিন্তু ফেচবুকতো সততে পোৱা যায়।ফেচবুকত নিজৰ ফটো আপলোড কৰি তেখেতে ভাল পায়। কোনোবা এখন সভাত তেখেতে কোৱা মনত আছে-'মই মানুহটো ক'লা,চেহেৰাটো কিবা এঙাৰ ক'লা, কুন্ধচ, আপচু।ৰিক্সাৰ পৰা নামিলে মানুহে ভুলেই কৰে প্ৰকৃততে ৰিক্সাচালকজন কোনজন?ছাৰে সভাই সমিতিয়ে নিজৰ সম্পৰ্কত এনেদৰে ক'লেও এই কথা কিন্তু সত্য যে কোনো ধৰণৰ নীচাত্মিকাবোধ তেখেতৰ নাই।কেৱল আনক হঁহুৱাবলৈকে যেন তেখেতে কথাবোৰ কয়।আনক হঁহুৱাই তেখেতে আমোদ পায় আৰু সেয়ে প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা পাতি যায়।জীৱনৰ বাস্তৱতাক সহজভাৱে গ্ৰহণ কৰি জীৱনক পৰিপূৰ্ণভাৱে উপভোগ কৰাৰ কৌশল ছাৰে জানে। তেখেতৰ এই দিলখোলা আৰু কৌতুকপ্ৰিয় স্বভাৱৰ বাবেই  'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি' ত  বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছিল যে় তেখেতে মানুহৰ মাজত সদায় সন্ধান কৰি থকা এক বিৰল সাৰল্য আৱিস্কাৰ কৰিছিল দিলখোলা হাঁহিৰে জীৱনক আশ্বৰ্যকৰ সহজভাৱে গ্ৰহণ কৰিব পৰা পুণ্য শইকীয়া ছাৰৰ মাজত।

     আৰু এটা কথা যে ছাৰৰ কৌতুকপ্ৰিয় মনটোৰ মাজতে দেখিবলৈ পোৱা এটা ডাঙৰ বস্তু হৈছে -তেখেতৰ আধুনিক-যুক্তিবাদী মনটো।জীৱন আৰু জগতক তেখেতে ৰক্ষণশীলতাৰ বিপৰীতে সদায়ে একোটা যুক্তিবাদী মন আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গভীৰ আৰু সূক্ষ্ম ভাৱে পৰ্যৱেক্ষণ কৰে।এটা সাক্ষাৎকাৰত তেখেতে ঈশ্বৰৰ প্ৰসংগতে নিজক দ্বিধাগ্ৰস্ত বুলিও উল্লেখ কৰিছে।তেখেতে এইষাৰ কথাকো ৰগৰ কৰিয়েই  কৈছে-'মই অকনো সৎ মানুহ নহয়..ঈশ্বৰৰ প্ৰসংগতেই মই দেখোন দ্বিধাগ্ৰস্ত। মোৰ বাবে স্বৰ্গত ক'ত ঠাই  হ'ব?' সেয়াও ৰগৰ।ব্যংগও আছে ইয়াত।ভাৰতবৰ্ষত আজি ইমান সাধু-সন্ত,মহাপুৰুষৰ ভীৰ যে সেই সকলোৱে মৃত্যুৰ পাছত স্বৰ্গত স্থান পাবলৈ ঠেলা-হেঁচা,হেঁতা-ওপৰা কৰিব লাগিলে ক'ৰবাত ছিটিকি পৰিব বুলিহে তেখেতৰ ভয়।এনেদৰেই আক্ৰমনাত্মক ক্ষুৰধাৰ ব্যংগৰ পৰিৱৰ্তে নাটকীয় শ্লেষাত্মক ব্যংগৰে তেখেতে ৰগৰ কৰি কৰিয়েই জীৱনটোক উপভোগ কৰি আহিছে।আনকো এই ধৰণৰ ব্যংগৰ মাজেৰে সকলোবোৰ কথাক নতুনকৈ চিন্তা কৰি চোৱাৰ বাট কাটি দিয়ে।                    

(সমাপ্ত)



অসমৰ সংবাদ জগতলৈ গোৰ্খাসকলৰ অৱদান

    অসমৰ সংবাদ জগতলৈ গোৰ্খাসকলৰ অৱদান

                                                     - বীৰ্কে বি থাপা


      ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত বিশেষকৈ ভাষিক আৰু জনগোষ্ঠীয় গাঁথনিৰ ভিত্তিত দেশৰ পুণৰ্গঠনৰ কাম আৰম্ভ কৰা হয়। এই সময়ছোৱাত ছিকিম, দাৰ্জিলিং, অসম আদিত বহু যুগ ধৰি বসবাস কৰি থকা গোৰ্খাসকল বিভিন্ন কাৰণত শংকিত হৈ পৰে। শংকিত হোৱাৰ কাৰণবোৰ আছিল মূলত: (এক) ভাৰতত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বসবাস কৰি থকাৰ পাছতো ভাৰতীয় গোৰ্খাসকলক প্ৰায়ে ভাৰতীয় মূলসুঁতিৰ ৰাজনীতিত বহুতে বিদেশী বা নেপালী অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰিছিল আৰু (খ) ছিকিম- দাৰ্জিলিং আদি অঞ্চলৰ বাংলাভাষী আৰু অসমৰ অসমীয়াভাষীসকলৰ মাজত নেপালীভাষী গোৰ্খাসকলৰ ভাষা-সংস্কৃতি, ৰাজনৈতিক অধিকাৰ আদি বিপদাপন্ন হোৱাৰ আশংকা ঘনীভূত হৈছিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত গোৰ্খাসকলৰ আত্ম- পৰিচয় ও আত্মনিয়ন্ত্ৰণৰ স্বাৰ্থত ১৯৪৩ চনত গঠন হোৱা 'অল ইণ্ডিয়া গোৰ্খা লীগ'য়ে স্বাধীন ভাৰতৰ কংগ্ৰেছ চৰকাৰৰ আগত ৰাজনৈতিক অধিকাৰৰ দাবী সজোৰে উত্থাপন কৰে। জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে সেই সময়ত গোৰ্খাসকলৰ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত উল্লেখনীয় আছিল ১৯৪৮ চনৰ দাৰ্জিলিং চুক্তি। এই চুক্তি অনুসৰি ভাৰতীয় গোৰ্খাসকলকো অন্যান্য ভাৰতীয়সকলৰ দৰে নাগৰিকত্ব আৰু সম - অধিকাৰ প্ৰদান কৰাৰ আশ্বাস দিয়া হয়। সেইদৰে দাৰ্জিলিঙক পশ্চিম বংগৰ সৈতে একত্ৰীকৰণ কৰা, পশ্চিমবংগত গোৰ্খাসকলৰ বাবে স্বায়ত্বশাসনৰ সুবিধা প্ৰদান কৰা, পূৰ্বৰে পৰা চলি অহা অনুক্ৰমত গোৰ্খাসকলক সেনা-বাহিনীত নিযুক্তি বাহাল ৰখা আদিৰ দৰে আশ্বাসো চৰকাৰে দিয়ে। কিন্তু কাৰ্যত: সেই আশ্বাসবোৰ চৰকাৰে পূৰ্ণ নকৰাত গোৰ্খা লীগৰ নেতাসকল ভৱিষ্যৎ নিৰাপত্তা সম্পৰ্কত শংকিত হৈ পৰে আৰু এখন সুকীয়া গোৰ্খালেণ্ডৰ দাবীৰে তীব্ৰ আন্দোলন গঢ়ি তোলে। 

      উল্লেখযোগ্য যে ছিকিম, দাৰ্জিলিং আদিৰ নেপালীভাষী গোৰ্খাসকলে এই গোৰ্খালেণ্ডৰ দাবীত সম্পূৰ্ণ সঁহাৰি জনালেও অসমত বহু যুগ ধৰি বসবাস কৰি থকা গোৰ্খাসকলে কেতিয়াও সমৰ্থন জনোৱা নাছিল। অৱশ্যে এই কথাও সত্য যে ভাষিক আৰু জনগোষ্ঠীয় গাঁথনিৰ ভিত্তিত স্বাধীনোত্তৰ কালৰ ৰাজ্যসমূহৰ পুণৰ্গঠনৰ বিষয়টোৱে ছিকিম আৰু দাৰ্জিলিঙৰ দৰে অসমবাসী গোৰ্খাসকলৰো অস্তিত্ব সম্পৰ্কে আশংকাৰ সৃষ্টি নকৰাকৈ থকা নাছিল। অসমবাসী গোৰ্খাসকলেও তেওঁলোকৰ ভাষা-কৃষ্টি-সংস্কৃতি সংকটাপন্ন হৈ পৰিব বুলি আশংকা কৰিছিল।তাৰোপৰি স্বাধীনতা আন্দোলনত অসমৰ গোৰ্খাসকলেও দেহে কেহে অংশ গ্ৰহণ কৰিছিল আৰু তাৰ পাছতো স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পাবলগীয়া সম-অধিকাৰৰ পৰা তেওঁলোক পদে-পদে বঞ্চিত হ'বলগীয়া হৈছিল। তেওঁলোকক বিদেশীৰ দৃষ্টিৰে আচৰণ কৰা এচাম ৰাজনৈতিক নেতাৰ অসমতাপূৰ্ণ কাৰ্যত অসমৰ কিছু সংখ্যক শিক্ষিত আৰু সচেতন গোৰ্খা সম্প্ৰদায়ৰ লোক আশংকিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নেপালী জাতীয় কৃষ্টি-সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে তথা ন্যায্য প্ৰাপ্যৰ বাবে 'অখিল ভাৰতীয় গোৰ্খা লীগ' ৰ অসম শাখা-অসম গোৰ্খা সন্মিলন তথা নেপালী ভাষা প্ৰচাৰ সমিতি(তেজপুৰ), নেপালী সাহিত্য সংঘ(শ্বিলং) আদিৰ দৰে সংগঠণ আৰু অনুষ্ঠানসমূহৰ জন্ম দিছিল।

      নেপালী ভাষা-সাহিত্য- সংস্কৃতিৰ প্ৰসাৰ, বিকাশ আৰু সুৰক্ষা সম্পৰ্কত অসমবাসী গোৰ্খাসকলৰ সচেতনতাৰ প্ৰতিফলন ঘটা দেখা যায়-বিভিন্ন কাকত-আলোচনীত এচাম শিক্ষিত লোকে লিখা-মেলা কৰিবলৈ লোৱা কাৰ্যত। সেই সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুকেইগৰাকী লেখক-সাহিত্যিকে আত্মপ্ৰকাশ কৰিছিল।সেইসকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তেজপুৰৰ ছবিলাল উপাধ্যায়,ধন বাহাদুৰ সোণাৰ,হৰি প্ৰসাদ গোৰ্খা ৰাই,বিষ্ণুলাল উপাধ্যায়,পুষ্পলাল উপাধ্যায়, হৰিভক্ত কটোৱাল,শ্যামৰাজ জইশী,অগ্নি বাহাদুৰ ছেত্ৰী, আদিৰ নাম উল্লেখযোগ্য।এইসকলৰ ভিতৰত বহুকেইগৰাকীয়ে নেপালী ভাষাৰ লগে লগে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰি সমন্বয়ৰ ভেঁটি সুদৃঢ় কৰি তুলিছিল।অবিভক্ত অসমৰ কোহিমাত জন্ম গ্ৰহণ কৰা স্বৰ্গীয় ধন বাহাদুৰ সোণাৰে হৰিপ্ৰসাদ গোৰ্খাৰাই আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি নগাভূমিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজীৱন চেষ্টা চলাই যোৱা কথা জনা যায়।সেইদৰে ষাঠীৰ দশকত এই জনগোষ্ঠীৰ বহুকেইগৰাকী শিক্ষিত লোকে (যেনে-ধন বাহাদুৰ সোণাৰ, পদ্ম প্ৰসাদ উপাধ্যায়, মহানন্দ সাপাকোটা, হৰিপ্ৰসাদ গোৰ্খাৰাই হৰিভক্ত কটোৱাল আদি) 

আৱাহন, চেতনা, বাঁহী আদিৰ দৰে কাকত- আলোচনীসমূহত লেখা মেলা কৰি অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়াইছিল।পৰৱৰ্তীকালতো আৰু বহু লেখক-সাহিত্যিকে আত্মপ্ৰকাশ কৰিছিল। এইবিষয়ে আমি ইতিপূৰ্বে 'প্ৰান্তিক'ৰ পাতত (১-১৫ জানুৱাৰী ২০২৬ সংখ্যা) প্ৰকাশিত 'অসমৰ সাহিত্য জগতলৈ গোৰ্খাসকলৰ অৱদান' শীৰ্ষক লেখাত সবিশেষ লিখিছোঁ। 

     সাহিত্যৰ দৰে সাংবাদিকতাৰ ক্ষেত্ৰতো অসমৰ নেপালী বা গোৰ্খা সমাজৰ যথেষ্ট অৱদান আছে। 

এই কথা সকলোৰে জ্ঞাত যে অসমীয়া সংবাদ পত্ৰৰ ইতিহাসত এক সুকীয়া জাতীয়তাবাদী ধাৰাৰ জন্ম দিয়াৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা আলোচনীখন আছিল অম্বিকাগিৰী ৰায়চৌধুৰী আৰু চন্দ্ৰনাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত আলোচনী 'চেতনা' ।১৯১৯ চনত জন্মলাভ কৰা এই আলেচনীখনৰ পৰৱৰ্তীকালত সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল গোৰ্খা জনগোষ্ঠীৰ সন্তান মহানন্দ সাপকোটাই। সাপকোটাই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ উপৰিও অসমীয়া জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ হৈ সংবাদ সেৱাৰ কামতো নিজকে নিমজ্জিত কৰিছিল। 

     স্বাধীনোত্তৰ কালত অবিভক্ত অসমৰ গোৰ্খা সমাজৰ পৰা প্ৰকাশিত কেইখনমান কাকত-আলোচনীৰ কথা জানিব পৰা যায়। ১৯৭৩ চনত 'সাপ্তাহিক নীলাচল'ত প্ৰকাশিত অধ্যাপক দুৰ্গা ঘিমিৰে আৰু অধ্যাপক ঝাণ্ডী ঘিমিৰেৰ নিৱন্ধ 'নেপালীসকলৰ সাহিত্যিক অৱদান'ত উল্লেখ কৰা অনুসৰি 'গোৰ্খা সেৱক' আছিল শ্বিলঙৰ পৰা ১৯৩৫ চনত প্ৰকাশিত প্ৰথম নেপালী ভাষাৰ 

 আলোচনী। আলোচনীখনৰ সম্পাদক আছিল মণি সিং গুৰুং।সেইদৰে ১৯৪৮ চনত গুৱাহাটীৰ পৰা 'হিমাদ্ৰী' নামৰ আন এখন নেপালী ভাষাৰ আলোচনী প্ৰকাশ পাইছিল। গোৰ্খাজনগোষ্ঠীৰ লোকসকলৰ আশা-আক্যাংক্ষা, মৰ্মবেদনা, ৰাজনৈতিক অধিকাৰ আদিৰ বাস্তৱ প্ৰতিফলন ঘটোৱা আন কেইখনমান বাতৰি-কাকতৰ ভিতৰত আছিল-৫০ ৰ দশকত শ্বিলঙৰ পৰা প্ৰকাশিত 'ফিলিংগো', তিনিচুকীয়াৰ পৰা প্ৰকাশিত' 'গোৰ্খা ৰাণা জ্যোতি', গুৱাহাটীৰ পৰা প্ৰকাশিত' সংকল্প',' জনশক্তি' আৰু' আৰণ্যক' তথা ইংৰাজীত প্ৰকাশিত' দ্য হিমালয়ান গাৰ্জিয়েন'। উল্লেখযোগ্য যে ১৯৫২ চনত তিনিচুকীয়াৰ পৰা প্ৰকাশিত 'গোৰ্খা ৰাণা জ্যোতি'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মন বাহাদুৰ ছেত্ৰী। এই কাকতখনৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ থকা আন এগৰাকী বিশিষ্ট লেখক ও সাংবাদিক আছিল দল সিং ভণ্ডাৰী। 'সংকল্প'ৰ সৈতে জড়িত আছিল জ্যেষ্ঠ সাংবাদিক কৃষ্ণ কুমাৰ সিনহা। 'দ্য হিমালয়ান গাৰ্জিয়েন' কাকতৰ অন্যতম প্ৰতিষ্ঠাপক নন্দ কিৰাতী দেৱানো আছিল এগৰাকী জ্যেষ্ঠ সাংবাদিক। 

      পৰৱৰ্তীকালত তেজপুৰৰ পৰা প্ৰকাশিত 'ব্ৰক্ষ্মপুত্ৰ', শ্বিলঙৰ পৰা প্ৰকাশিত 'সগৰমাথা', দৰঙৰ পৰা প্ৰকাশিত 'আঁখা', দুলীয়াজানৰ পৰা প্ৰকাশিত 'হিমালয়', মনিপুৰৰ পৰা প্ৰকাশিত 'সন্দেশ', মালিগাঁৱৰ পৰা প্ৰকাশিত 'হাম্ৰো ধ্বনি' আদি। ডিগবৈৰ সচেতন লোকসকলেও পঞ্চাশ আৰু ষাঠীৰ দশকত মুক্তি,কোপিলো, মিলন,হামী আদি নামেৰে কেইবাখনো নেপালী ভাষাৰ কাকত-আলোচনী প্ৰকাশ কৰি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলোৱা কথা জনা যায়।মাহেকীয়া বাৰ্তালোচনীসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে-' মৌকা', 'আৰণ্যক প্ৰভা', ' সংস্কৃতি' আদি। 

     ঐতিহাসিক অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৮০ৰ দশকত উদ্ভৱ হোৱা অগ্নিগৰ্ভা সময়ছোৱাত অসমৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকল পুনৰ অস্তিত্বৰ সংকটত পৰে। ফলত দৰং জিলাৰ তেজপুৰ, শোণিতপুৰ আদিৰ লগতে অসমৰ নেপালী জনবসতিপ্ৰধান বিভিন্ন অঞ্চলৰ শিক্ষিত আৰু সংস্কৃতিবান বহুকেইগৰাকী লোক সংবাদ জগতৰ সৈতে জড়িত হৈ পৰে। গেংটকৰ পৰা প্ৰকাশিত 'হাম্ৰো প্ৰজাশক্তি' নামৰ নেপালী ভাষাৰ আলোচনীখন ক্ৰমে গুৱাহাটী আৰু তেজপুৰৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই অহাত অসমৰ শিক্ষিত গোৰ্খা জনগোষ্ঠীৰ লোকসকলে সহযোগ আগবঢ়াই আহিছে।

      সম্প্ৰতিক কালত সংবাদ সেৱা আগবঢ়াই থকা গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত যিসকলৰ নাম সততে মনলৈ আহে সেইসকলৰ ভিতৰত উল্লেখযোগ্য সকল হৈছে ওদালগুৰিৰ ৰেৱতি ৰমন সাপকোটা, গোৱালপাৰাৰ ৰোহিত গৌতম, মৰাণৰ শোভিত কুমাৰ ছেত্ৰী আদি। জানিব পৰা মতে, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সংবাদ সেৱা আগবঢ়াই থকা সকলৰ ভিতৰত মৰাণৰ শোভিত কুমাৰ ছেত্ৰীয়ে ৮০ ৰ দশকত 'সাপ্তাহিক জনমভূমি' কাকতত ক্ৰীড়া-নিবন্ধকাৰ হিচাপে সংবাদ জগতত প্ৰৱেশ কৰি সাদিনীয়া প্ৰহৰী,নতুন দৈনিক,আজিৰ বাতৰি, ৰংপুৰ,দৈনিক জনমভূমি আদি বহুকেইখন কাকতত সাংবাদিকতা কৰাৰ সুদীৰ্ঘ অভিজ্ঞতা লাভ কৰিছে।নি:স্বাৰ্থ সাংবাদিকতাৰ বাবে ইতিমধ্যে তেওঁক আসাম প্ৰেছ কৰেচপণ্ডেন্স ইউনিয়ন (আপকু)ৰ দ্বাৰা ১৯৯৩ আৰু ১৯৯৬ চনত 'পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী বঁটা',শিৱসাগৰ প্ৰেছ ক্লাৱৰ দ্বাৰা ২০০০ চনত শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা,২০০৮ চনত 'ৰবীন মৰান সোঁৱৰণি শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা',২০১২ চনত 'দৈনিক জনমভূমি'ৰ দ্বাৰা 'কনক চন্দ্ৰ শৰ্মা সোঁৱৰণি সাংবাদিকতা বঁটা আৰু ২০১৩ চনত 'ভাৰত-নেপাল মৈত্ৰী বঁটা' প্ৰদান কৰা হয়।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ তথা ক্ৰীড়া আলোচনী 'অভিৰুচি',শিশু আলোচনী 'মুকুতা', 'মৌচাক' আদিত তেওঁৰ অলেখ লেখাও প্ৰকাশ পাইছে। সেইদৰে ফিল'বাৰীৰ উদীয়মান লেখক লীলা উপাধ্যায়েও (এডভোকেট) ২০০২ চনৰ পৰা সাংবাদিকতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থাকি সংবাদ সেৱা আগবঢ়াই আহিছে।প্ৰথমে তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'দৈনিক ভূমিপুত্ৰ'ত যোগদান কৰে।২০০৪ চনত 'দৈনিক জনমভূমি' কাকতত যোগদান কৰি অনেক ব্যতিক্ৰমধৰ্মী আৰু অনুসন্ধান মূলক বাতৰি পৰিৱেশন কৰি বিশেষ সমাদৰ লাভ কৰে। তিনিচুকীয়া জিলাৰ দুৰ্গম অঞ্চল তথা মাত্ৰ সাতটা পৰিয়াল বসবাস কৰা 'লংকা দ্বীপ' ক তেওঁ প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ যোগেদি ৰাইজক পৰিচয় কৰাই দিছিল।দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ৰ 'মানুহৰ পৃথিৱী' শিতানত তেওঁ লিখা এলানি লেখায়ো পাঠকৰ সমাদৰ লাভ কৰিছিল।বাৰ বছৰ বয়সত শিশু আলোচনী 'মৌচাক'ত প্ৰথম লেখা প্ৰকাশ কৰা লীলা উপাধ্যায়ে বৰ্তমানলৈকে সাতখনৰো অধিক কিতাপ/আলোচনী সম্পাদনা কৰাৰ উপৰিও অসমীয়া, ইংৰাজী আৰু নেপালী ভাষাত গল্প,কবিতা আৰু প্ৰবন্ধ লিখিছে।সৎ,যুক্তিনিষ্ঠ সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে তেওঁক 'দৈনিক জনমভূমি' কাকতে ২০১৭ চনত 'ৰবীন মৰাণ গ্ৰাম্য সাংবাদিকতাৰ বঁটা' প্ৰদান কৰে।

     জাগুনৰ অনিল শৰ্মা,খীলানাথ শৰ্মা অধিকাৰী, ডিগবৈৰ কমল ছেত্ৰী আদিয়েও বিভিন্ন বাতৰি -কাকতৰ জৰিয়তে সংবাদ সেৱা কৰি আহিছে।খীলানাথ শৰ্মা অধিকাৰীয়ে জাগুনৰ পৰা প্ৰকাশিত বাতৰি-কাকত ' দৈনিক পূৰ্বোদয়' আৰু ত্ৰৈমাসিক পত্ৰিকা/আলোচনী' নৱয়াত্ৰা'ৰ সম্পাদনা কৰি সংবাদ জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। 

       বাতৰি কাকতৰ উপৰিও বৈদ্যুতিন মাধ্যম্যৰ জৰিয়তে প্ৰকাশিত 'গোৰ্খা টাইমচ'তো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গোৰ্খাসকলৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমস্যাৰাজিৰ প্ৰতিফলন ঘটিছে। বৈদুতিন মাধ্যমৰ জৰিয়তে সংবাদ সেৱা আগ বঢ়োৱা সকলৰ ভিতৰত 'আসাম ফ'কাচ'ৰ নেপালী বিভাগৰ সম্পাদনাৰ সৈতে জড়িত গায়ত্ৰী ভট্টৰাই তথা সাংবাদিক মিলন কৌশিক ৰিমাল(শোণিতপুৰ), বেদনিধি উপাধ্যায়(বিশ্বনাথ) আৰু ভাস্কৰ দাহাল(ফিল'বাৰী, তিনিচুকীয়া)ৰ নাম উল্লেখনীয়।এইসকলৰ দৰে আৰু বহু গোৰ্খামূলৰ সাংবাদিকে সংবাদ সেৱাৰ জৰিয়তে অসমৰ সংবাদজগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। (সমাপ্ত) 


তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী-মনস্তত্বৰ চিত্ৰণ

 তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী-মনস্তত্বৰ চিত্ৰণ

                                             - বীৰ্কে বি থাপা

                - - - - - - - - - - - - - -                                              

       নাৰী মনস্তত্বক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত যথেষ্ট সংখ্যক গল্প-উপন্যাস আদি ৰচনা হৈছে।আশীৰ দশকৰ পৰা এনেদৰে নাৰী মনস্তত্বক কেন্দ্ৰ কৰি গল্প ৰচনাত মনোনিৱেশ কৰি অহা লেখক-লেখিকাসকলৰ ভিতৰত তিলোত্তমা বৰগোহাঞিৰ নাম বিশেষ উল্লেখযোগ্য। 2002 চনত মাথোঁ বিয়াল্লিশ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা তিলোত্তমা বৰগোহাঞিয়ে আশীৰ দশকৰ শেষৰছোৱা কালত আত্মপ্ৰকাশ কৰি প্ৰান্তিক, শ্ৰীময়ী, পূবালী আদিৰ দৰে কাকত-আলোচনীত যথেষ্ট সংখ্যক গল্প লিখি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছিল।তেওঁৰ গল্পত প্ৰতিফলিত হৈ উঠিছিল মধ্যবিত্তীয় সমাজৰ আধুনিক নাৰীৰ কৰ্মব্যস্ত জীৱন,নাৰীৰ নিজস্ব চিন্তা-ভাৱনা,আৱেগ-অনুভূতি,মান-অভিমান,মানসিক দ্বন্দ্ব,সংঘাত আদিৰ চিত্ৰ।জীৱনৰ একো একোটা আৱেগময় খণ্ডিত মুহূৰ্তক গল্পৰ মাজেৰে অত্যন্ত সজীৱতাৰে তুলি ধৰিব পৰা অপূৰ্ব টেকনিক বা কৌশল আৰু কলাত্মক দক্ষতা তেওঁ আয়ত্ব কৰিব পাৰিছিল।তেওঁৰ মাত-কথাত সততে লাগি থকা অপূৰ্ব কথনশৈলীৰ আভাস তেওঁৰ গল্পবোৰতো পৰিলক্ষিত হয়।

       তিলোত্তমা বৰগোহাঞি বাইদেউৰ সৈতে হোৱা আমাৰ চিনাকীৰ প্ৰথম দিনবোৰত তেওঁ যে উগ্ৰ নাৰীবাদী লেখিকা তচলিমা নাচৰিনৰ অত্যন্ত অনুৰাগী আছিল সেই কথা জানিব পাৰিছিলোঁ।তেওঁ তচলিমা নাচৰিণৰ লেখাসমূহ যথেষ্ট অধ্যয়ন কৰিছিল আৰু সেই বিষয়ে কেতিয়াবা আমাৰ লগত আলোচনাও কৰিছিল।কিন্তু সেই সময়ত আমি তচলিমা নাচৰিণৰ উগ্ৰ নাৰীবাদী লেখাসমূহৰ পক্ষপাতি নাছিলোঁ।কাৰণ,ইছলামধৰ্মী সমাজ ব্যৱস্থাৰ পটভূমিত তচলিমা নাচৰিনে সমগ্ৰ পুৰুষ জাতিক কৰা ব্যংগক সম্পূৰ্ণৰূপে মানি লোৱাৰ কোনো যুক্তি আমি দেখা নাছিলোঁ।এই কথা অৱশ্যে সত্য যে,আমাৰ সমাজ ব্যৱস্থাত নাৰী-পুৰুষৰ অসমতাক একেবাৰে নুই কৰিব নোৱাৰি। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজ ব্যৱস্থাত থকা নাৰীৰ উচ্চ সামাজিক মৰ্যাদাৰ পৰিপ্ৰেক্ষিতত ইছলামিক সমাজ ব্যৱস্থাত চলি থকা নাৰী নিৰ্যাতনৰ দৰে চৰম দুৰৱস্থা আমাৰ ইয়াত কেতিয়াও হোৱা নাই।তিলোত্তমা বৰগোহাঞিয়ে তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী লেখিকাৰ যুক্তিসমূহক সম্পূৰ্ণৰূপে মানি লৈছিল নে নাই ক'ব নোৱাৰি,কিন্তু পৰৱৰ্তী কালৰ ৰচনাসমূহত তেওঁ তচলিমা নাচৰিনৰ দৰে পুৰুষ বিদ্বেষী মনোভাৱ পোষণ কৰাৰ পৰিৱৰ্তে নাৰী-পুৰুষৰ মাজত এক বন্ধুত্বসুলভ সুষম সম্পৰ্ক স্থাপনতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।আমি যিমানখিনিলৈকে তিলোত্তমা বৰগোঁহাঞিৰ গল্প পঢ়িছোঁ-তেওঁৰ গল্পত পুৰুষৰ দম্ভৰ বিৰুদ্ধে প্ৰতিবাদ দেখিছোঁ ,কিন্তু কেতিয়াও তচলিমা নাচৰিনৰ দৰে সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে বিষোদ্গাৰ অথবা পুৰুষাতংক দেখা নাই।আধুনিক নাৰীৰ অস্তিত্ব ,চিন্তা-ভাৱনা, আৱেগ-অনুভূতি আদিৰ সূক্ষ্ম প্ৰতিফলনৰ মাজেৰে তেওঁ পুৰুষপ্ৰধান সমাজতো নাৰীৰ সমমৰ্যাদা স্থাপন কৰিব খোজা পৰিলক্ষিত হয়।তাৰোপৰি সঘনে ব্যৱহৃত ' নাৰী-স্বাধীনতা' , 'সমানাধিকাৰ' আদি শব্দসমূহৰ তাৎপৰ্যকো তেওঁ নিজস্ব দৃষ্টিভংগীৰে পৰ্যৱেক্ষন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়-তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত 'সঁজাৰ পখীৰ গান' গল্প সংকলনত সন্নিৱিষ্ট কেইবাটাও গল্পত। 'উন্মীলন' নামৰ গল্পটিত।

       'উন্মীলন' নামৰ গল্পটিত তেওঁ আধুনিক শিক্ষাৰে শিক্ষিতা অনুসূয়া নামৰ উচ্চ পদস্থ বিষয়াৰ চাকৰিত অধিষ্ঠিত এজনী ছোৱালীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ ছবিখনক অত্যন্ত সুন্দৰ আৰু কলাত্মক ভাৱে তুলি ধৰিবলৈ চেষ্টা কৰিছে।একেটা অফিচৰে সমমৰ্যাদাপূৰ্ণ উচ্চ পদস্থ সুধাকৰৰ প্ৰতি থকা অনুসূয়াৰ ভাল পোৱাৰ সম্পৰ্কটোক যেতিয়া সুধাকৰে নিজৰ পুৰুষসুলভ দাম্ভিকতাৰে উপেক্ষা কৰিছে তেতিয়া স্বাভাৱিকতে অনুসূয়াৰ নাৰীত্বত আঘাত লাগিছে।অনুসূয়াৰ পদবীটোৰ বাহিৰে তাইৰ নাৰীত্বক সুধাকৰে কেতিয়াবা মৰ্যাদা দিয়া নাছিল বুলি জনাৰ পাছত সুধাকৰৰ সৈতে সকলো সম্পৰ্ক ছিঙি পেলাবলৈ তাই সিদ্ধান্ত লৈছে।তাই সুধাকৰক কোৱা কথাষাৰৰ মাজেৰে এগৰাকী নাৰীৰ ক্ষোভ আৰু আত্মমৰ্যাদা স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে।তাই কৈছে-'চোৱা সুধাকৰ,এইটো অফিচতে বহি বহুদিন তোমাৰ লগত অফিচৰ সম্পৰ্কৰ উপৰিও আন এটা সুসম্পৰ্কক শ্ৰদ্ধা কৰাৰ লগতে শ্ৰদ্ধাখিনিৰ প্ৰতি চিৰিয়াচো আছিলোঁ।এই ডাঙৰ অফিচটোত তুমি মই দুই জনেই একোটা সন্মানীয় পদত আছোঁ।বোধহয় তুমি মোৰ পদবীটোৰ বাদে নাৰী বুলি মোক কোনো দিনেই সন্মান নকৰিলা।কৰা হ'লে তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাৰ গুৰুত্ব তুমি উপলদ্ধি কৰিব পাৰিলাহেঁতেন।'

       এটা সুসম্পৰ্কৰ প্ৰতি নাৰী হিচাপে অনুসূয়া চিৰিয়াচ হোৱাৰ সময়ত সুধাকৰ নামৰ বিষয়াগৰাকী আছিল তেনেই উদাস।তেওঁৰ এই উদাসীনতাৰ কাৰণ তেওঁৰ সমাজ ব্যৱস্থা বুলি জনাৰ প্ৰয়োজনীয়তা তাই দেখা নাই ।প্ৰতিবাদ কৰিও একো লাভ নাই।সুধাকৰ হৈছে পুৰুষপ্ৰধান সমাজৰ দাম্ভিকতাৰ প্ৰতীক।জ্যামিতিক সূত্ৰত দুডাল সৰল ৰেখাই সমান্তৰালভাৱে গতি কৰে কিন্তু কেতিয়াও লগ নালাগে।এনে কথাত বিশ্বাস কৰা ব্যক্তি তেওঁ।কিন্তু সুধাকৰৰ দম্ভক আঙুলিয়াই তাই কৈছে-'তুমি নিজকে এডাল সৰল ৰেখা বুলি কৈ যি পুৰুষত্ব দেখুৱাব বিচাৰিলা,অকনমান হাউলি বেঁকা হ'বলৈ ভয় কৰি কিন্তু কাপুৰুষালি কৰিলা।এজন উচ্চ পদস্থ বিষয়া হিচাপে তোমাৰ পুৰুষত্বৰ মৰ্যাদা মোৰ ওচৰত শূণ্য।

       'অকাল বসন্ত' গল্পৰ বিষয়বস্তুও অনুৰূপ।যাক অন্তৰেৰে ভাল পোৱা যায়,আকাংক্ষিত সেই পুৰুষে সময় থাকোতে সেই প্ৰেমৰ মূল্য নুবুজিলে এগৰাকী নাৰীৰ মন স্বাভাৱিকতে অভিমানী হৈ উঠে।অধ্যাপিকা দেৱাহুতি ভট্টৰ দৰে শিক্ষিতা যুৱতী গৰাকীয়েও উচ্চ পদস্থ বিষয়া অলকৰ বাবে অপেক্ষা কৰি জীৱনৰ সুদীৰ্ঘ বছৰ পাৰ কৰি দিয়াৰ পাছত হঠাৎ এদিন অলক আহি তেওঁৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হোৱাত এগৰাকী সাধাৰণ নাৰীৰ দৰেই প্ৰথমে তেওঁ ক্ষন্তেকৰ বাবে সাময়িক আৱেগ আৰু উত্তেজনাত বিচলিত হৈ পৰিছে।ক্ষন্তেকৰ বাবে যন্ত্ৰণাত কাতৰ হৈ পৰিছে তেওঁৰ মুখ।কিন্তু যিজন মানুহে সময় থাকোতে কেতিয়াও তেওঁৰ প্ৰেমক উপলদ্ধি কৰিবলৈ চেষ্টা নকৰিলে ,আজি তেওঁ অতবছৰৰ মূৰত নিশ্চয় প্ৰেমৰ কথা ক'বলৈ অহা নাই।এই কথা উপলদ্ধি কৰাৰ পাছত তেওঁ নিজৰ উৎকণ্ঠিত মনটোক চম্ভালি লৈছে।উচ্ছসিত হৈ কলেজৰ ছাত্ৰ এজনৰ হাতত চাবিপাত দি দেৱাহুতিয়ে কৈ পঠিয়াইছে-মিটিং শেষ কৰি ঘৰ পাওঁতে তেওঁৰ পলম হ'ব।ইয়াৰ পাছত আৰু অলক নামৰ বিষয়াগৰাকী ৰৈ থকা নাছিল।

         তিলোত্তমা বৰগোহাঞিৰ এনে ধৰণৰ গল্পৰ প্ৰসংগত অমৃতা প্ৰীতমৰ গল্প-উপন্যাসৰ নাৰী চৰিত্ৰ সমূহৰ কথা সততে মনত পৰে।উল্লেখযোগ্য যে,নাৰীবাদী লেখিকা অমৃতা প্ৰীতমৰ প্ৰায়বোৰ গল্প আৰু উপন্যাসৰ নাৰী চৰিত্ৰসমূহ প্ৰতিবাদী চৰিত্ৰ যদিও বহু সময়ত বাস্তৱতাৰ সৈতে সম্পৰ্কৰহিত একোটা আৱেগিক মানসিকতাৰে ৰোগগ্ৰস্ত।সেইবাবেই তেওঁৰ প্ৰায়বোৰ নাৰী চৰিত্ৰই প্ৰচণ্ড জেদ আৰু অভিমানত নিমিষতে স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কত দেখা দিয়া মানসিক ব্যৱধানৰ সমস্যাটোক সমাধান কৰাৰ প্ৰকৃত পথৰ সন্ধান কৰাৰ পৰিৱৰ্তে একোটা আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে।পুৰুষৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰাৰ পৰিৱৰ্তে তেওঁৰ নাৰী চৰিত্ৰসমূহে প্ৰকৃততে নিজকে শাস্তি বা যন্ত্ৰণা দিয়াহে পৰিলক্ষিত হয়।উদাহৰণ স্বৰূপে 'ডাক্তৰ দেৱ' উপন্যাসৰ ' মমতা ' নামৰ চৰিত্ৰৰ কথা ক'ব পাৰি ।জগদীশৰ সৈতে বিয়া হোৱাৰ পূৰ্বে মমতাই আন কাৰোবাক ভাল পাইছিল।এই ভালপোৱাৰ মায়াজালত মমতা এনিজকে শাস্তি আৰু যন্ত্রনা দিয়ে। উদাহৰণ স্বৰূপে ‘ডাঃ দেৱ’ উপন্যাসৰ ‘মমতা’নামৰ চৰিত্ৰৰ কথা ক’ব পাৰি। জগদীশৰ সৈতে বিয়া হােৱাৰ পূর্বে মমতাই আন কাৰােবাক ভাল পাইছিল। এই ভালপােৱাৰ মােহ জালত মমতা এনেদৰে বন্দী যে অশেষ চেষ্টা কৰা স্বত্বেও তাই স্বামী জগদীশক ভাল পাব নােৱাৰিলে। শেষত,এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত সন্তানটিক জগদীশৰ কোলাত এৰি থৈ তাই বৈবাহিক জীৱনৰ সকলাে সম্পর্ক ত্যাগ কৰি এটি অকলশৰীয়া জীৱন কটাবলৈ গুচি গ'ল। স্বামী জগদীশৰ সৈতে মমতাৰ কোনাে মানসিক সংঘাত নাছিল। জগদীশেও তাইক কেৱল ভালেই পােৱা নাছিল, শ্রদ্ধাও কৰিছিল। তেনেস্থলত স্বামীৰ জীৱন উকা কৰি উদ্দেশ্যহীন এটা সুদীর্ঘ জীৱন অকলশৰে অতিবাহিত কৰা মমতাৰ অর্থহীন জেদ আৰু অভিমানৰ বাস্তৱিক মূল্য কি থাকিল ? অমৃতা প্রীতমৰ দৰে নাৰীবাদী লেখিকাৰ প্ৰভাৱ সম্প্রতি অন্যান্য নাৰীবাদী লেখিকাৰ ৰচনাতাে পৰিছে।

     তিলােত্তমা বৰগােহাঞি বাইদেৱেও নাৰীৰ নিজস্ব মান-অভিমান, চিন্তা-চেতনা আদিক গল্পৰ মাজেৰে প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ গল্পৰ নাৰী চৰিত্ৰসমুহে অহেতক জেদ আৰু অভিমানত আত্মধ্বংসী সিদ্ধান্ত গ্রহণ কৰা নাই। অমৃতা প্রীতমৰ নাৰী চৰিত্ৰ সমূহৰ দৰে তেওঁৰ নাৰী চৰিত্ৰ সমূহ কল্পনা বা ভাবজগতৰ বাসিন্দা নহয় । তেওঁৰ ' উন্মীলন’নামৰ গল্পৰ প্ৰসংগতে ক'ব পাৰি যে অনুসূয়াই সুধাকৰৰ অবিহনেই জীৱনৰ বাটত খােজ দিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে তাৰ পৰা কিন্তু এই কথা অনুমান কৰিব নােৱাৰি যে তাই আজীৱন পুৰুষৰ সংগৰ পৰা আঁতৰিয়েই থাকিব। সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে অনুসূয়াৰ বিৰােধ বা বিতৃষ্ণাৰ ভাৱ লেখিকাই ক'তাে প্রকাশ কৰা নাই। অনুসূয়াৰ অভিমান বা বিৰােধ কেৱল সুধাকৰ নামৰ ব্যক্তি বিশেষৰ প্রতিহে।

        নাৰী -পুৰুষ বা স্বামী-স্ত্রীৰ মাজৰ সুষম সম্পৰ্কক শ্রদ্ধা জনােৱা লেখিকা তেওঁ। সেইবাবে নাৰীৰ নিজস্ব চিন্তা-চেতনাক মূল্য দিলেও তেওঁ স্বামী-স্ত্রীৰ পবিত্ৰ সম্পৰ্কত অকাৰণ জেদ,অভিমান আদিক তেনে স্পর্শকাতৰ বা বিধ্বংসী ৰূপত প্ৰকাশ কৰা নাই। 'জোনাকৰ মাজেদি' গল্পত দেখা যায় স্বামী অমৃতে পত্নী নীলাৰ আৱেগ- অনুভূতিক উপলব্ধি কৰিবলৈ চেষ্টা নকৰে। দুয়ােৰে মানসিকতাৰ বিৰাট সংঘাত হৈছে তেনে ইংগিতাে অৱশ্যে গল্পত নাই । সাধাৰণ খুঁটি-নাতি, যেনে প্রয়াস আৰু প্রাচুর্য ফুৰিবলৈ আহোঁতে নীলাই ৰাতিপুৰাৰ পৰা সকলাে কৰি মেলি ডাইনিং টেবুলত সকলােকে একেলগে খাবলৈ দিছে। গেছৰ চিলিণ্ডাৰটোও শেষ হৈ যােৱাত আলহী যুৱক দুজনে নিজেই আগবাঢ়ি আহি খৰি ফালি দিছে। অমৃতৰ সেই ফালে খবৰেই নাই। ডাইনিং টেবুলত বহি তেওঁ নীলাই নিজৰ বাবে লৈছে নে নাই খবৰ নােলােৱাকৈ খপজপকৈ খাই উঠাৰ পাছত প্রয়াসে ‘আহকনা বাইদেউ, একেলগে খাওঁ, বহকহি'- বুলি কওঁতে নীলাৰ আত্ম-চেতনাত পাতলকৈ দুখ এটা লাগিছে। নীলাই খীণ হাঁহি মাৰি কৈছে-'আমাৰ মধ্যবিত্ত সমাজত কোনজনী গৃহিণীয়ে আলহীৰ লগতে বহি খাবলৈ পােৱা দেখিছা?'- ইয়াৰ মাজেৰে লেখিকাই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বলি নাৰীৰ মানসিকতাৰ এচুকত লুকাই থকা দুঃখবােধৰ মর্মান্তিক চিত্র অংকন কৰিছে। মধ্যবিত্ত সমাজত নাৰীৰ এনে অৱস্থা সততে চকুত পৰে। অথচ, এয়ে সমাজৰ নিয়ম বুলি প্রতিবাদ কৰিবলৈ নাৰীয়ে সাহস কৰিব নােৱাৰে। এনে সৰু সুৰা কথাক বা স্বামী-স্ত্রীৰ মাজত ক্ৰমাৎ বাঢ়ি অহা মানসিক ব্যৱধানক চিৰিয়াচলি নলৈ সহজভাবে স্বীকাৰ কৰি লােৱাতে মধ্যবিত্ত সমাজৰ নাৰী যেন অভ্যস্ত। তিলােত্তমা বাইদেউৰ গল্পত নাৰীয়ে এনে

অসমানতাৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ কৰা নাই যদিও তাৰ ইংগিত আছে।'জোনাকৰ মাজেদি’গল্পত প্রয়াসে কৈছে- 'সমভাগৰ কাৰণে আন্দোলন কৰিব নালাগে। আন্দোলন কৰিব লগাকৈ এইবােৰতাে সমস্যা নহয়। যদি সমস্যা বুলি ভাবে তেন্তে সমাধানৰ পথো আপুনিয়েই জানে। এইযে আমি অহাৰ পৰা আপুনি ইমান ভালকৈ কৰি মেলি আমাক সন্মুখত সজাই পৰাই খাবলৈ দিছে, আমাক দিয়াৰ লগতে আপুনিও ল’ব পাৰে- একেলগে বহিবলৈ আপােনালােকৰ হেজিটেশ্যন নে ট্রেডিশ্যন ?.. কওকচোন। আপুনি খাওঁ বুলি বহিলে ভিনিদেৱে আপােনাক উঠি যােৱা বুলি ক'ব

নেকি?'

         নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ দাবীত আজিকালি মহিলা সংগঠনসমূহে ৰাজপথলৈ ওলাই আহিছে।স্থানীয় মহিলা সমিতি বা অন্যান্য মহিলা সংগঠন সমূহৰ সৈতে তিলোত্তমা বৰগোঁহাঞি জড়িত আছিল বুলি আমি জানোঁ।কিন্তু এগৰাকী নাৰীবাদী লেখিকা হিচাপে নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ সম্পৰ্কত তেওঁৰ নিজস্ব দৃষ্টিভংগী আছিল।ৰাজপথত আন্দোলন কৰি পৰিৱৰ্তন আনিব নোৱাৰি বুলি যে তেওঁ বিশ্বাস কৰিছিল তাৰ প্ৰমান 'অনুবন্ধ' নামৰ গল্পটিত পোৱা যায়।গল্পটিত তেওঁ স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যু মুখত পৰা সুচৰিতা পাল নামৰ বঙালী সম্প্ৰদায়ৰ এজনী ছোৱালীৰ কাহিনী অংকন কৰিছে।এজনী শিক্ষিতা ছোৱালী হোৱা সত্বেও পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিব নোৱাৰা সুচৰিতাৰ মৃত্যুত লেখিকাৰ ক্ষোভ গল্পটিত স্পষ্টভাৱে পৰিলক্ষিত হয়।নাৰীয়ে নিজেই অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ নকৰিলে কেৱল মহিলা সমিতি সমূহে ৰাজপথত নামি ধর্ণা দিলেই বা শােভাযাত্রা উলিয়ালেই সমস্যাৰ ওৰ নপৰে এই কথা প্ৰকাশ কৰি তেওঁ লিখিছে- ‘সুচৰিতাহতঁৰ এনেকৈয়ে মৃত্যু হয়। দেউতাকে বিয়াৰ ধাৰেই পৰিশােধ কৰা নাই, সুচৰিতাৰ এখন শাৰীও পুৰণি হােৱা নাই, তাৰ মাজতে তাই হেৰাই থাকিল। দুদিন মান মহিলা সমিতিয়ে প্রতিবাদ কৰিব, দাবী জনাব, ধর্ণা দিব, শােভাযাত্রা উলিয়াব, বাতৰি কাগজত শােভাযাত্ৰাৰ ফটো সহ খবৰ ওলাব। সুচৰিতাৰ মৃত্যৰ খবৰ পুৰণি হ’ব, দেউতাকৰ গােটেই খিনি চুলি পকিব, ধাৰবােৰ মাৰিয়েই থাকিব...।'

        সকলাে গল্পতে যে তেওঁ কেৱল নাৰীৰ প্রতিবাদী মন বা নাৰী পুৰুষ সম্পর্কৰ মাজত দেখা দিয়া মানসিক সংঘাতৰ দৃশ্যকে প্রতিফলিত কৰিছে তেনে নহয়। 'নাৰী ' নামৰ গল্পত তেওঁ নাৰীৰ উদাৰ মানসিকতাৰ এক সুন্দৰ দৃশ্য প্রতিফলিত কৰিবলৈও চেষ্টা কৰিছে। গল্পটিত মাতৃহীনা কণমানি ছােৱালী এজনীৰ মৰমক নেওচা দিব নােৱাৰি নায়িকা প্রিয়ম্বদাই গ্রহণ কৰা এক সাহসিক পদক্ষেপক দেখুওৱা হৈছে। প্রভাকৰৰ পৰিয়ালৰ সৈতে প্রিয়ম্বদাৰ পূৰ্বৰে পৰাই আত্মীয়তা আছিল। প্রভাকৰৰ পত্নী উৎপলাৰ মৃত্যু হােৱাত ঘৰখন তেনেই শূন্য হৈ পৰিল। কণমানি ছােৱালী মৌ-মাৰ মুখখন চাবলৈ ব্যাকুল হৈ পৰা প্রিয়ম্বদাই প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিব পাৰিবনে? প্রিয়ম্বদাই নিজৰ স'তে বহু কথা পতাৰ অন্তত এই সত্য উপলব্ধি কৰিলে যে- নাৰীৰ একেটা সত্বাতে লুকাই আছে অন্তৰতম বন্ধু, দায়িত্বপূর্ণ পত্নী আৰু স্নেহময়ী মাতৃৰ মােহময়ী ৰূপ। সেই বাবেই তাই প্রভাকৰৰ কাৰণে নহয়, বৰঞ্চ কণমানি ছােৱালীজনীৰ বাবেই আৰু প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিবলৈকে বিয়াৰ প্রস্তাৱটোত সন্মতি জনাবলৈ

সিদ্ধান্ত লৈছে।

         ‘অসময়’ নামৰ গল্পত তেওঁ প্রকাশ কৰিবলৈ চেষ্টা কৰিছে-চল্লিশাের্ধ্ব বয়সৰ এগৰাকী আধুনিক আৰু শিক্ষিতা নাৰীৰ

অন্তৰৰ বেদনা।বয়স উকলি গৈ যৌৱনৰ ৰং ৰূপ সৌন্দর্য শেষ হৈ যোৱাৰ পাছত এগৰাকী মহিলাই নিজৰ ৰূপ সম্পৰ্কে যিমানেই সচেতন নহওক কিয়,তেওঁৰ মূল্য স্বাভাৱিকতে নোহোৱা হৈ যায়।প্ৰায় প্ৰত্যেক দিনেই 'ৰংমহল' নামৰ দোকানখনলৈ গৈ আঠ বছৰীয়া ল'ৰা নূপুৰৰ ফৰমাইচৰ বস্তুবোৰ কিনা বা দামী আৰ্চিজৰ পেকেট কিনাটো অপৰাজিতাৰ অভ্যাস।দোকানখনৰ ময়ুৰ নামৰ ল'ৰাটোৰ লগতো তাইৰ সহজ আত্মীয়তা গঢ় লৈ উঠিছে।সদায় যোৱাৰ দৰে সিদিনাও তাই ময়ুৰৰ দোকানখনলৈ গৈ দেখিলে কলেজৰ ছোৱালীবোৰৰ ভিৰ লাগি আছিল তাত।অপৰাজিতা গৈ পোৱাৰ লগে লগে দোকানখনৰ পৰিৱেশ হঠাৎ সলনি গ'ল।ছোৱালীকেইজনীয়ে হাঁহি বন্ধ কৰি অস্বস্তিৰে অলপ আঁতৰি গ'ল।ময়ুৰৰ মুখখনো অলপ গহীন হৈ পৰিল।'কি হ'ল ময়ুৰ,হঠাৎ গহীন হৈ গ'লা যে?'-তাই সুধিলে।ইতিমধ্যে ' ৰংমহল 'ৰ বাৰাণ্ডাৰ পৰা নামি যোৱা ছোৱালী কেইজনীলৈ চাই সেমেকা হাঁহি এটা মাৰি ময়ুৰে ক'লে-'আপুনি আজি বৰ অসময়ত আহিল যে! ইয়াত আপোনাৰ বাবে সময় আবেলি বা গধুলি বুলিহে ধৰি থৈছোঁ।এইটো বেলেগ কাষ্ট'মাৰৰ সময়।'-ময়ুৰৰ কথাষাৰে অপৰাজিতাক শেলে বিন্ধাদি বিন্ধিলে।ঠিকেইতো ,নিজৰ ৰূপ সম্পৰ্কে তাই যিমানেই সচেতন নহওক কিয়,তাই আজি সোতৰ-ওঠৰ বছৰীয়া ছোৱালী নহয়।তাইৰ দৰে এগৰাকী বয়সস্থা মহিলা যে সময় বিশেষে অবাঞ্চিত অতিথিৰ দৰে আমনিদায়ক -এই সত্যটোকে ময়ুৰে আওপকীয়াকৈ কৈ নিদিয়ালৈকে তাইৰ মনলৈ কিয় আগতে অহা নাছিল? কথাষাৰ উপলদ্ধি কৰাৰ পাছত অপৰাজিতাৰ বুকূ ভেদি ওলাই অহা হুমুনিয়াহটো এটা চেপা কান্দোনৰ দৰে বিয়পি পৰিল। 

        আধুনিক যুগৰ নাৰী হিচাপে তিলোত্তমা বৰগোহাঞিয়ে এইদৰেই নাৰীৰ জটিল মনস্তত্বক সূক্ষ্মভাৱে উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিটো গল্পৰ মাজেৰে তাক অত্যন্ত সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল ।++

                   

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...