Tuesday, December 8, 2020

আৱেগত উটি যোৱা কক্ষচ্যুত জীৱনৰ কাহিনী

আৱেগত উটি যোৱা কক্ষচ্যুত জীৱনৰ কাহিনী
                                                                      ..... বীৰ্কে বি. থাপা

      
      আত্মসন্মানত আঘাত লগা কিছুমান কথাৰ পৰাই অভিমানৰ সৃষ্টি হয় আৰু সৰু-সুৰা মান অভিমানেও বহু সময়ত জীৱনৰ সুখ-দুখ নিয়ন্ত্ৰণ কৰে। সাধাৰণতে কিছু-অলপ মৰম আবদাৰতে সৰু-সুৰা মান-অভিমানবোৰ আঁতৰিও যায়। কিন্তু কেতিয়াবা এই মান-অভিমানবোৰেও এনে একোটা চিৰিয়াচ ৰূপ লয়গৈ যে তাক সহজে ভাঙিব নোৱাৰা হয়গৈ আৰু আৱেগসৰ্বস্ব এনে মান-অভিমানৰ বাবেই জীৱনটো দুখেৰে ভৰি পৰে। এই কথাও সত্য যে,ক্ষন্তেকীয়া আৱেগৰ একোটা সাধাৰণ অভিমানত জীৱন কক্ষচ্যুত হৈ পৰিলেও এটা সময়ত হয়তো জীৱনে পুনৰ নিজক আৱিস্কাৰ কৰে,নিজৰ হেৰুৱা কক্ষপথ পুনৰ বিচাৰি পায়।কিন্তু তেতিয়ালৈকে জীৱনৰ বহু আপুৰুগীয়া সময়,দিন,মাহ,বছৰ অবাবত নষ্ট হৈ যায় যাক আৰু কাহানিও ঘূৰাই পাব নোৱাৰি।
      ক্ষন্তেকীয়া আৱেগত কক্ষচ্যুত হোৱা জীৱনৰ প্ৰসংগত বিখ্যাত পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমৰ 1968 চনত প্ৰকাশিত 'ডাক্টৰ দেৱ' নামৰ উপন্যাসখনৰ কথা উল্লেখ কৰিব পাৰি। উপন্যাস খনৰ নায়িকা মমতাই বিয়াৰ পূৰ্বে ভাল পাইছিল ডাক্টৰ দেৱক।কিন্তু তেওঁৰ সৈতে বিয়া হোৱা নাছিল অমৃতাৰ।মমতাৰ বিয়া হৈছে জগদীশৰ সৈতে।জগদীশৰ সৈতে বিয়া হৈ কেইবাবছৰ সংসাৰ কৰাৰ পাছতো মমতাই জীৱনৰ প্ৰথম প্ৰেম ডাক্তৰ দেৱৰ কথা পাহৰিব পৰা নাছিল।যুক্তিতকৈ অধিক আৱেগৰ বশৱৰ্তী হৈ মমতাই নিজৰ ভাগ্য,পিতৃ-মাতৃ-সমাজ সকলোৰে প্ৰতি অভিমানী হৈ প্ৰচণ্ড এক জেদী মনোভাৱেৰে স্বামী জগদীশৰ সংসাৰৰ পৰা আঁতৰি গুছি গৈছে।এনে নহয় যে স্বামী জগদীশে মমতাক মৰম কৰা নাছিল।জগদীশৰ মৰমৰ কথা মমতায়ো ভালদৰেই জানিছিল,তথাপিতো এক অপ্ৰতিৰোধ্য অভিমানত তেওঁ জীৱনৰ সৈতে 'কম্প্ৰমাইজ' কৰিবলৈ ৰাজী হোৱা নাছিল যাৰ বাবে কেৱল স্বামীকে নহয়,নিজৰ একমাত্ৰ সন্তানকো ত্যাগ কৰি মমতাই সুদীৰ্ঘ বিশ বছৰলৈকে এটা নি:সংগ জীৱন কটাই দিছিল।ডাক্তৰ দেৱৰ জীৱনলৈয়ো তেওঁ উভতি যোৱা নাছিল।বিশ বছৰৰ মূৰত এটা দুৰ্ঘটনাত স্বামী জগদীশ পংগু হোৱাৰ খবৰ পোৱা মাত্ৰকে মমতা পুনৰ উভতি আহিল পূৰ্বৰ সংসাৰলৈ।এই যে এটা অভিমান যাৰ বাবে কেৱল মমতাৰে নহয়,মমতাৰ স্বামী জগদীশ আৰু কণমানি ছোৱালীজনীৰো জীৱনৰ সুদীৰ্ঘ বিশটা বছৰ অৱাবত ধ্বংস হৈ গৈছিল -এনে অভিমানৰ কি যুক্তি থাকিব পাৰে?নিজৰ ভাগ্যৰ প্ৰতি অভিমানী হোৱাটো মমতাৰ অপৰিপক্ক চিন্তাৰ প্ৰতিফলন নহয়নে? সেইদৰে মমতাৰ বিয়াৰ বাবে যদি সমাজেই দায়ী আছিল তেন্তে সেইখন সমাজৰ বিৰুদ্ধে প্ৰতিবাদ বা বিদ্ৰোহ সাব্যস্ত কৰিবৰ বাবে মমতাই নিজৰ স্বামী,নিজৰ কণমানি কন্যা সকলোকে ত্যাগ কৰি অকলশৰে জীৱনৰ সুদীৰ্ঘ কাল কটোৱাটোৱেই উপযুক্ত পথ আছিল বুলি জানো ভাৱিব পাৰোঁ?
    এইখিনিতে ছোফিয়া ল'ৰেন (Sophia Loren) অভিনীত হলিউদৰ এখন বিখ্যাত ছবি ' ব্ৰিফ এনকাউণ্টাৰ' (Brief Encounter) ৰ কথাও উল্লেখযোগ্য।হলিউদৰ মোহময়ী অভিনেত্ৰী ছোফিয়া ল'ৰেনে ছবিখনত এগৰাকী মধ্যবয়স্কা বিবাহিতা মহিলাৰ নি:সংগতাক বৰ সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত প্ৰতিফলিত কৰিছে।ছোফিয়াৰ বিপৰীতে অভিনয় কৰিছে হলিউডৰ বিখ্যাত অভিনেতা ৰিচাৰ্ড বাৰ্টন (Richard Burton)য়ে। 1974 চনত মুক্তি লাভ কৰা এই ছবিখন মূলত: Noel Coward ৰ দ্বাৰা 1936  চনত ৰচিত আৰু David Leanৰ দ্বাৰা পৰিচালিত নাটক Still Life ৰ পৰা লোৱা হৈছিল। 
     ছবিখনত দেখুৱা হৈছে -মধ্যবিত্ত পৰিয়ালৰ এগৰাকী মহিলা হিচাপে ছোফিয়াই প্ৰতি বৃহস্পতিবাৰে ট্ৰেইনত উঠি ওচৰৰে এখন চহৰলৈ  বজাৰ কৰিবলৈ অথবা চিনেমা চাবলৈ যায়।তাৰ পাছত পুনৰ নিৰ্দিষ্ট এখন ট্ৰেইনেৰেই ঘৰলৈ উভটি আহে।প্ৰত্যেক দিনে চলি থকা এনে জীৱনচৰ্যাৰ মাজতে এদিন তেওঁ ঘৰলৈ উভতাৰ পথত ৰেলৰ বাবে ষ্টেচনৰ ৱেইটিং ৰূমত অপেক্ষা কৰি আছে।হঠাৎ তেওঁৰ চকুত বালিৰ কণা এটা পৰিছে।ছোফিয়াই বালিৰ কণাটো চকুৰ পৰা উলিয়াবলৈ চেষ্টা কৰিও বিফল হোৱাত সেই ৱেইটিং ৰূমতে ৰেলৰ বাবে অপেক্ষা কৰি থকা আন এগৰাকী যাত্ৰী ৰিচাৰ্ড বাৰ্টনে আগবাঢ়ি আহি পকেটৰ পৰা ৰুমাল এখন উলিয়াই তেওঁৰ চকুৰ পৰা বালিৰ কণাটো  উলিয়াই দিছে।ইয়াৰ পাচতে দুয়োৰে চিনাকী আৰু সেই চিনাকী সূত্ৰেই লাহে লাহে গঢ় লৈ উঠিছে আত্মীয়তা।
     ছোফিয়াৰ দৰে ৰিচাৰ্ড বাৰ্টনো বিবাহিত আৰু সন্তানৰ পিতৃ।পেচাত তেওঁ এজন চিকিৎসক। প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্কই আছিল যদিও লাহে লাহে সেই সম্পৰ্ক গভীৰ হৈ পৰিল। তেওঁলোক এতিয়া নিজানত অকলশৰে লগ হ'বলৈ ধৰিলে।কাৰো চকুত সন্দেহজনক ভাৱে ধৰা নপৰিবৰ বাবে ছোফিয়াই ঘৰত মিছা কথা ক'ব লগা হ'ল।ছোফিয়াৰ অন্যমনস্ক আচৰণ,চিন্তাগ্ৰস্ত মুখ আদিৰ পৰা স্বামী জেক্ হেডলিয়ে তেওঁক সন্দেহ নকৰাকৈ নাথাকিল।কিন্তু তেওঁ একো নক'লে।নিজৰ স্বামী, সন্তান, ঘৰ-সংসাৰ থকা সত্তেও ছোফিয়াই সকলো পাহৰি এতিয়া ৰিচাৰ্ডৰ সৈতে গোপন অভিসাৰত লিপ্ত হৈ পৰিল।অভিসাৰৰ বাবে তেওঁলোকে বাচি ল'লে ৰিচাৰ্ডৰ চিকিৎসক বন্ধু এজনৰ খালী পৰি থকা ফ্লেটটো।
     ৰিচাৰ্ডৰ চিকিৎসক বন্ধু জনে তেওঁলোকৰ গোপন অভিসাৰৰ কথা অলপো গম পোৱা নাছিল।এদিন আকস্মিকতে তেওঁ তালৈ অহাত ছোফিয়াই অবিন্যস্ত কাপোৰ কানিৰে সৈতে খৰখেদাকৈ পাছ দুৱাৰেদি পলাই আলিবাট পালেগৈ।আলিবাটত উঠি তেওঁ উশাহবিহীনভাৱে খোজ কাঢ়ি গৈ থাকিল।মধ্যবিত্ত সমাজৰ এগৰাকী মহিলা হ'লেও সদায়ে এক প্ৰচণ্ড আত্মসন্মান আৰু আত্মমৰ্যাদাসহ জীয়াই থকা ছোফিয়াই আজি নিজৰ এটা ভুলৰ বাবে এনেদৰে অবিন্যস্ত কাপোৰ-কানিৰ সৈতে পলাই আহিবলগীয়া ঘটনাটোত নিজৰ ওচৰতে একেবাৰে তুচ্চ আৰু মূল্যহীন হৈ পৰিল।তেওঁ নিজকে এজনী বেশ্যা যেন অনুভৱ কৰিলে-'I felt like a prostitute, exposed.. ' প্ৰচণ্ড লাজ,অপমান আৰু নীচাত্মিকাবোধত তেওঁৰ সৰ্বশৰীৰ কঁপি উঠিল। উল্লেখযোগ্য যে ছবিখনৰ এই দৃশ্যৰ এটা বিশেষ তাৎপৰ্য আছে।সাময়িক আৱেগত পৰপুৰুষৰ বাহুবন্ধনত আত্মসমৰ্পন কৰা বহু মহিলাৰ জীৱনতো নিশ্চয় কেতিয়াবা এনে অৱস্থাৰ উদ্ভৱ হৈছে কিন্তু আজিৰ ভোগবাদী যুগত মানুহে নিজৰ লাজ,মান-মৰ্যাদা,আত্মসন্মানবোধ আদি এনেদৰে হেৰুৱাই পেলাইছে যে সম্পূৰ্ণ নগ্ন,বিবস্ত্ৰ অৱস্থাত ধৰা পৰিলেও ছোফিয়াৰ দৰে কোনেও আত্মদহনত নোভোগে।ছোফিয়াৰ দৰে অৰ্ধনগ্ন দেহাৰে চুৰৰ দৰে পলাই আহিব লগা ঘটনাত কাৰো মনত নীচাত্মিকাবোধৰ সৃষ্টি নহয়।
      শেহতীয়াভাৱে ঘটি যোৱা আৰু কেইবাটাও ঘটনাৰ পৰাও ইতিমধ্যে ছোফিয়া আৰু ৰিচাৰ্ডে লাহে লাহে অনুভৱ কৰিব ধৰিছিল যে তেওঁলোকৰ মিলন আৰু সম্ভৱ নহয়।তেওঁলোকৰ নিজস্ব ঘৰ-সংসাৰ আছিল আৰু সেয়ে নিজৰ নিজৰ পৰিয়ালৰ মংগলৰ বাবেই তেওঁলোকে সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ সিদ্ধান্ত লৈছিল।ছবিখনৰ শেষৰ ফালৰ দৃশ্যত দেখা যায়- জোহানেচবাৰ্গলৈ যাব ওলোৱা ৰিচাৰ্ড বাৰ্টনক শেষ বিদায় দিয়াৰ পাছতো তেওঁ অপেক্ষা কৰিছে জানোচা ৰিচাৰ্ড উভতি আহিব...কিন্তু ৰিচাৰ্ড উভতি নাহিল।পুনৰ ছোফিয়াৰ আত্মসন্মানত এটা প্ৰচণ্ড আঘাত ।ৰিচাৰ্ড উভতি নহাটো যেন তেওঁৰ নাৰীসত্বাৰ বাবে এক প্ৰচণ্ড অপমান। তীব্ৰ বেগেৰে অহা ট্ৰেইনৰ লাইটৰ পোহৰত ছোফিয়াৰ মুখখন দেখা গ'ল।মুখখনত স্পষ্টভাৱে ফুটি উঠিল ছোফিয়াৰ মনত জাগি উঠা আত্মহত্যাৰ মনোভাৱ।
কিন্তু ছোফিয়াই আত্মহত্যা নকৰিলে।চকুৰ সন্মুখেদি ট্ৰেইনখন পাৰ হৈ গুছি যোৱাৰ পাছত তেওঁ ঘৰলৈ উভতি আহিল আৰু  স্বামীৰ বুকুত মুখ গুজি উচুপি উঠিল।
      ছবিখনত ছোফিয়া ল'ৰেনৰ দুৰ্দান্ত অভিনয়ৰ মাজেৰে নাৰী মনৰ নি:সংগতা,আত্মসন্মানবোধ আৰু সাময়িক আৱেগত উটি কক্ষচ্যুত হোৱা জীৱনৰ চৰম গ্লানি আৰু অপৰাধবোধেৰে পূৰ্ণ এটি কৰুণ কাহিনী অন্তৰ্স্পশীৰূপত প্ৰতিফলিত কৰা হৈছে।(সমাপ্ত) 
      
   


     


     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...