Tuesday, December 8, 2020

দিহিঙৰ পাৰত কবিতাৰ এসন্ধ্যা

দিহিঙৰ পাৰত কবিতাৰ এসন্ধ্যা
          -----------------------------------------------
                                         বীৰ্কে বাহাদুৰ থাপা
                অসম-অৰুনাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত যোৱা ১৭ জানুৱাৰী ('১৫)তাৰিখে অনুষ্ঠিত হৈ গ'ল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিবেশন উপলক্ষে অায়োজন কৰা প্ৰথম দিনাৰ কাৰ্যসূচী এখনি ব্যতিক্ৰমধৰ্মী 'কৱি সন্মিলন' |মাঘ মাহৰ দুৰু দুৰু বুকু কঁপোৱা জাৰৰ সন্ধিয়া বুঢ়ীদিহিং নৈৰ পাৰত অনুষ্ঠিত হোৱা এই কবি সন্মিলন খনিত অংশ গ্ৰহণ কৰিছিল বহুসংখ্যক নৱ-প্ৰজন্মৰ কবিয়ে|কবি সন্মিলন খনি উদ্ৱোধন কৰিবলৈ গৈ অামি অভিভূত হৈ পৰিছিলো  -দিহিং পৰীয়া কবিৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি অাৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।
              সাম্প্ৰতিক কালৰ অসমীয়া কবিতাত কবিতাৰ  কেৱল অাংগিক  পৰিৱৰ্তনেই দ্ৰুত গতিত হোৱা নাই  ,বৰঞ্ছ তাৰ লগে লগে অন্তৰ্নিহিত ভাৱ  অাৰু বিষয়বস্তুৰো পৰিৱৰ্তন ঘটিছে।বিগত কালছোৱাত তেনে বহুতো ভাল অাৰু যুগজয়ী কবিতা  অামি  নবপ্ৰজন্মৰ কবি  সকলৰ  পৰা পাইছো। কিন্তু দুখৰ বিষয় যে কিছু সংখ্যক  কবিয়ে কবিতাক কেৱল বিলাসীতা হিচাপে লৈ তেনেই নৈতিকতা অাৰু  অাদৰ্শহীন কবিতা ৰচনা কৰি অসমীয়া কবিতাক  একপ্ৰকাৰেৰে  বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হৈছে ।বিশেষকৈ কংক্ৰীটৰ মহানগৰত বিলাসী জীৱন কটোৱা এচাম কবিয়ে কেৱল সস্তীয়া প্ৰেমৰ কবিতা লিখি মহাবিদ্যালয় অাৰু বিশ্ববিদ্যালয়ৰ যুৱক-যুৱতী সকলৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছে| দুৰ্ভাগ্যস্বৰূপে অামাৰ বাতৰি কাকত অাৰু অালোচনী সমূহে এই সকল কবিক জনপ্ৰিয় কৰি তোলাত যথেষ্ঠ সহায় কৰি অাহিছে| পশ্চিমীয়া ভোগবাদী সংস্কৃতিয়ে অামাক শিকোৱাৰ দৰে এইসকল কবিয়েও অাদৰ্শ অাৰু নৈতিকতাহীন এক প্ৰকাৰৰ বহেমিয়ান জীৱনেই যেন নতুন প্ৰজন্মৰ লক্ষ -তেনে বাৰ্তা প্ৰচাৰ কৰি অহা অামি লক্ষ কৰিছোঁ । সমস্যা-জৰ্জৰিত অসমৰ সাম্প্ৰতিক পৰিস্থিতিত এই সমস্যা সমূহৰ প্ৰকৃত বাস্তৱতালৈ ভ্ৰূক্ষেপ নকৰি প্ৰেমৰ বিচ্ছেদত নিজকে ধ্বংস কৰি বহেমিয়ান জীৱন কটোৱা এইচাম কবিৰ কবিতাই নি:সন্দেহে  অসমীয়া কবিতাক বিপথগামী কৰি তুলিছে। সামাজিক দায়বদ্ধতাক  স্বীকাৰ নকৰি বহেমিয়ান জীৱন অাকোঁৱালী লোৱা এই কবি সকলৰ প্ৰভাৱত অাজি যি সময়ত নতুন প্ৰজন্মৰ মাজত কবিতা লিখাৰ প্ৰৱণতা গা কৰি উঠিছে সেই সময়ত বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলে জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি অাৰু সামাজিক দায়বদ্ধতাৰে কবিতা লিখাতযে বৰ্তি হৈ অাছে -এই কথাৰ  প্ৰত্যক্ষ নজীৰ দাঙি ধৰিছিল কবি সন্মিলন খনিত কবিতা পাঠ কৰা নতুন প্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কবিয়ে।অন্য বহু কবি সন্মিলনতকৈ ব্যতিক্ৰম এই কবি সন্মিলনত অংশ গ্ৰহন কৰা দিহিং পৰীয়া কবিসকল অসমীয়া কাব্য জগতত তেনেই নতুন অথবা বহুতৰ বাবে অপৰিচিত,কিন্তু তেওঁ লোকৰ কবিতাৰ বৰষুণত তিতি জীপাল হৈ উঠিছিল ক্ৰমশ: শুকান হৈ পৰা আমাৰ হৃদয়|
               'কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ প্ৰকৃততে অামন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা ড:অৰুণা গগৈ বৰুৱা বাইদেউক,কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰক|কবি অমৃত সাগৰ ওৰফে যোগেশ্বৰ মৰানে ইতিমধ্যে ''প্ৰেমৰ কোনো অাৱৰণ  নাই"শীৰ্ষক কবিতা পুথি ২০০৭ চনতে প্ৰকাশ কৰাৰ উপৰিও বিভিন্ন কাকতে -পত্ৰে অলেখ কবিতা অাৰু প্ৰৱন্ধ লিখিছে।কবি অমৃত সাগৰৰ সঞ্চালনাত বৰ সুন্দৰৱভাৱে অনুস্থিত হৈছিল কবিতাৰ অনুষ্ঠান|অসমীয়া সাহিত্যৰ তথাকথিত পৰ্যালোচক অাৰু সমালোচক সকলৰ স্বীকৃতিলৈ অপেক্ষা
নকৰি নীৰৱে বুঢ়ীদিহিঙৰ পাৰত কবিতাৰ নিৰলস চৰ্চা অব্যাহত ৰখা কবি সকলৰ কণ্ঠত মুখৰিত হৈ উঠিছিল ৰতনী পথাৰ- বোকাপথাৰ গাঁও|
               এই দিহিংপৰীয়া কবিসকলৰ ভিতৰত যিসকলৰ কবিতা শুনাৰ সৌভাগ্য সিদিনা অামাৰ হৈছিল সেই সকলৰ ভিতৰত অন্যতম অাছিল অাধুনিক কবিতাৰ নতুন অাংগিক অাৰু নিৰ্মান কৌশল অায়ত্ব কৰি সম্পূৰ্ণ নিজস্ব ষ্টাইলেৰে কবিতা লিখাত ব্ৰতী হোৱা নতুন প্ৰজন্মৰ কবি মৃদুল কুমাৰ দহোতীয়া| ইতিমধ্যে 'সকলো শেষ হৈ যোৱাৰ পাচত' নামৰ এখনি কবিতা পুথি ৰচনাৰে সকলোৰে পৰিচিত হৈ পৰা মৃদুল কুমাৰ দহোতীয়াৰ কবিতাত অামি লক্ষ কৰিলো-অাধুনিক কবিতাৰ নিৰ্মান কৌশল অাৰু চিত্ৰকল্পৰ সুন্দৰ প্ৰয়োগ|মাৰ্ঘেৰিতা কলেজৰ প্ৰবক্তা এই গৰাকী কবিয়ে পাঠ কৰা'সোণাৰু গধুলি' শীৰ্ষক কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা ভাৱ-ব্যঞ্জণাই  শ্ৰোতাৰ হৃদয়ত পাতল দু:খবোধ এটা দি গ'ল-----
              'হালধীয়া গধুলি এটা পাৰ হৈ গ'ল
               অামাৰ সমুখেদি
               তুমি ক'লা:
               সোণাৰু গধুলি
               বুকুলৈকে উজাই অাহিল শোক
               অাৰু কিছুমান হালধীয়া কবিতা
               শুনিবা নেকি
               তুমি ক'লা ,থাকক দিয়া,হালধীয়া কবিতা
               শুনি
               সেমেকা নকৰোঁ এই সোণাৰু গধুলি…
নোপোৱাৰ বেদনাৰে সিক্ত অান এটি কবিতা 'দুখ'ৰ মাজেৰে তেওঁ 'শিমলু ফুল'ৰ দৰে লাজ অাৰু ভয়ত ৰঙা পৰা প্ৰেয়সীৰ মুখ খনো খন্তেকলৈ মনত পেলালে,কিন্তু অসমতাৰে পূৰ্ণ অামাৰ সমাজ ব্যৱস্থাত প্ৰেমৰ বাট বৰ সহজ নহয়,সেয়ে "তেওঁ গুচি গ'ল তেওঁৰ বাটেদি/মই মোৰ…"
               প্ৰথম দৃষ্টিত মৃদুল এগৰাকী প্ৰেমৰ কবি যদিও সেই প্ৰেমৰ কঠিন বাটেৰেই তেওঁ উচ্চ শ্ৰেণীৰ অহমিকাৰে পূৰ্ণ অামাৰ সমাজ ব্যৱস্থাৰ এটা নাঙঠ সত্যকো উদঙাই দেখুৱাইছে---
              লাহে লাহে মই সেমেকি উঠিলো
               সংকুচিত হৈ অাহিল মোৰ শৰীৰ
              বিষাদ এটাই বাঁহ বান্ধিলেহি
              মোৰ কলিজাটোত
              বৰফৰ দৰে বগা হৈ পৰিল সকলো
              কেৱল বৰফ বৰফ অাৰু বৰফ
              মই কাহানিও চুব নোৱাৰিলো
              তেওঁৰ উচ্চতা…
      
              অান  এগৰাকী কবি বাবুল বৰুৱাৰ কবিতাত নিভাঁজ  অসমীয়া শব্দ অাৰু বাক্য গাঁঠনিৰ প্ৰয়োগ দেখি ভাল লাগিল|সাম্প্ৰতিক কালৰ কবিতাত সততে অামাৰ কবিসকলে মাটিৰ সুবাস লাগি থকা গ্ৰাম্য শব্দৰ ব্যবহাৰ প্ৰায় এৰি দিয়াৰ সময়ত বাবুল বৰুৱাৰ দৰে কবি সকলে সেই শব্দ বোৰ ধৰি ৰাখিবলৈ কৰা প্ৰচেষ্ঠা সঁচাই প্ৰশংসনীয়|অাধুনিকতা অাৰু বিশ্বায়ণৰ নামত ক্ৰমে হেৰাই যোৱা অসমীয়া সংস্কৃতিৰ অস্তিত্ব সম্পৰ্কত নতুন প্ৰজন্মৰ কবি হিচাপে তেওঁ খুবেই সচেতন |'কুশলে অাছনে বহাগ?' শীৰ্ষক কবিতাত তেওঁ বৰ সুন্দৰকৈ লিখিছিল--
                নিজৰ বুলিবলৈ মোৰ একোৱেই নাই
                তথাপি তই অাহিলে
                প্ৰাণভৰি সুহুৰিয়াওঁ
                বুকুৰ ভিতৰখন জুমি জুমি চাওঁ
                 অাগৰ দৰেই অাছনে তই
                অাগৰ দৰেই………
                বিশ্বায়ণৰ বুকুত হেৰাই গ'ল নেকি
                 তোৰ সাঁচিপতীয়া ৰংবোৰ
                হেৰাই গ'ল নেকি
                 নাচনী খোপাৰ কপৌ ফূলবোৰ
                 গোলাপী ওঁঠৰ বৰ্হমথুৰিৰ হাঁহি…
              অামাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱা ঢেঁকীৰ বিপন্ন অস্তিত্বয়ো কবি বাবুল বৰুৱাক শংকিত কৰি তুলিছে| গাৱঁৰ ঢেঁকীশাল খনত লুকাই থকা বহু সুখ-দুখ,অাশা-নিৰাশাৰ অকথিত কাহিনী যেন তেওঁ ক'ব খুজিছে এই কবিতাটিৰ মাজেৰে--
                  এদিন ঢেঁকীৰ চাবত বিলীন হৈ অাছিল
                  অাইৰ দুভৰিৰ
                  নিলিখা বুৰঞ্জী
                  খুবলি ভৰি উপচি অাছিল
                  অাধাপেটীয়া দুখ
                  বৰণি মাৰিৰে বঢ়াই বঢ়াই খুন্দিছিল
                  ভোকৰ অাহু শালি
                  চালনি মাৰি বাচিছিল
                  সুখ দুখৰ মলখু……
               কবি বাবুল বৰুৱাৰ কবিতাত 'কাঁইটীয়া ৰাতি'ৰ চিত্ৰকল্প প্ৰকৃততেই তাৎপৰ্যপূৰ্ণ হৈ উঠিছিল।ঢেঁকীৰ চাবত সপোন ৰচা অাইৰ টোপনি ভাঙিছিল কাঁইটীয়া ৰাতিয়ে,তথাপিতো মহাজনৰ পথাৰত পুৱা বোকোচাত কেঁচুৱা বান্ধি তেওঁ  ধান দাইছিল…
                   বেলিয়ে অাটে মানে কাঁচিয়ে কাটিছিল
                   অাইৰ দুচকুত ক্ষীণ অাশা
                   বন্ধোৱা পিতাই মুকলি হয়েইবা  ?

                  সামন্তযুগীয় শোষণ -অত্যাচাৰৰ অন্ত অাজিও যে পৰা নাই অথবা অাজিও যে শেষ হৈ যোৱা নাই বন্ধোৱা শ্ৰমিকৰ কান্দোন -এই কথা কবিয়ে পাহৰি যোৱা নাই  |   সঞ্চালক অমৃত সাগৰে কোৱাৰ দৰে সচাঁকৈয়ে বাবুল বৰুৱাৰ কবিতাত নিভাঁজ অসমীয়া  গ্ৰাম্য শব্দৰ প্ৰয়োগ দেখিলে অামাৰ ঈৰ্ষা হয়  ।তেওঁৰ প্ৰকাশিত কবিতাপুথি "সপোন অাঁকি তেওঁ মোৰ হেপাহৰ পাঞ্চৈ" পঢ়াৰ সৌভাগ্য অামাৰ হোৱা নাই,তথাপি অনুমান কৰিব পাৰি --কবি বাবুল বৰুৱাৰ এই কবিতা পুথি খনতো নিশ্চয় শব্দই সোনালী পথাৰৰ গেঁৰ ধৰা ধাননিৰ সুবাসেৰে ফুলি উঠিছে।  তথাপিতো শব্দ সংযোজনাৰ লগতে প্ৰতীক- চিত্ৰকল্প অাদিৰ প্ৰয়োগৰ ক্ষেত্ৰত কিছু সতৰ্কতাৰে অাগবাঢ়িলে ভৱিষ্যতে এই গৰাকী কবিৰ পৰা অামি অাৰু বহু- ভাল কবিতা পাম বুলি অাশা কৰিব পাৰোঁ|     
                   কবিৰ সভাত অকবিৰ অনাধিকাৰ প্ৰৱেশ বুলি নিজকে উল্লেখ কৰি 'ৰিতুপথাৰৰ জুই'শীৰ্ষক কবিতা পাঠ কৰা বলীন্দ্ৰ মহন্তৰ কবিতাত অামি দেখা পালো শব্দৰ বলীষ্ঠ প্ৰকাশ |জানিব পৰা মতে বোকাপথাৰ-ৰতনীপথাৰ গাৱঁৰ গাতে লাগি থকা ৰিতুপথাৰৰ জুইৰ এটা ইতিহাস অাছে |সেই গাৱঁৰ ৰাইজে কঠোৰ শ্ৰম কৰাৰ পাছতো কেইবা বছৰ ধৰি খেতিৰ ভাল ফচল নোপোৱাত অৱশেষত পথাৰৰ বননি জুৰি তাত জুই লগাই দি পুনৰ খেতি কৰিছিল অাৰু ভাল উৎপাদন লাভ কৰিছিল| তেতিয়াৰে পৰা গাঁৱৰ ৰাইজে প্ৰতিবছৰে বননিত জুই লগাই দিয়ে অাৰু ৰিতুপথাৰৰ সেই জুইৰ ধোঁৱাই ওচৰৰ গাঁও সমূহকো ছানি ধৰেহি|কবি বলীন্দ্ৰ মহন্তই সেই ৰিতুপথাৰৰ জুইক সজীৱ কৰি তুলিলে এনেদৰে---
                   জানে ?
                   এয়া বিষাদৰ জুই
                   অজলা ককাইৰ বুকুত
                   উমি উমি জ্বলি উঠা একুৰা
                   নিৰাশাৰ জুই
                   একুৰা হতাশাৰ জুই
                   এই জুই জ্বলিছে,জ্বলক
                   বিষাদ পুৰি অাশাৰ বীজ
                                     সিচিঁবৰ বাবে
                    এই জুই জ্বলক……

                  ফিনিক্স পখীয়ে জুইৰ মাজত জ্বলি জ্বলিও গীত গাই যোৱাৰ দৰে  ধ্বংসৰ মাজতো  সৃষ্টিৰ সপোন দেখা পোৱা এই গৰাকী কবিৰ কবিতাত প্ৰচুৰ সম্ভাৱনা অামি দেখা পালোঁ| অঞ্চল টোৰ সৰবৰহী যুৱক মহেন্দ্ৰ বৰুৱাৰ ঘৰত বৰ অন্তৰংগভাবে লগ পোৱা এই গৰাকী কবিৰ  সৈতে খন্তেকীয়া  কথা-বাৰ্তাৰ পৰাই অামি তেওঁৰ মাজত লুকাই থকা সৃষ্টিশীলতাৰ উমান পাইছিলো। 
                  কবি সন্মিলনত কবিতা পাঠ কৰি প্ৰচুৰ সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই অনা অন্যান্য কবি সকলৰ ভিতৰত অন্যতম অাছিল  ডুমডুমা কৰ্দৈগুৰিৰ পৰা যোৱা উদীয়মান কবি ৰমন কৰ্দৈগুৰি  অাৰু কাকপথাৰৰ পৰা যোৱা কবি ৰতন বড়া। ইতিমধ্যে "সপোন সপোন যেন লাগে তোমাক হেৰুৱাই" অাৰু "তোমাক বিদায় জনাব নোৱাৰোঁ" এই দুখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও বিভিন্ন কাকতে পত্ৰে যথেষ্ঠ সংখ্যক কবিতা অাৰু মৰান জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতি বিষয়ক অালোচনী-স্মৃতিগ্ৰন্থ অাদি সম্পাদনা কৰা ৰমন কৰ্দৈগুৰিৰ কবিতাত পৰিস্ফুত হৈ উঠিছে প্ৰতীক অাৰু চিত্ৰকল্পৰ সঘন ব্যৱহাৰ| কবি সন্মিলনত পঠিত ' 'জংলী যাযাবৰ সেই বলীয়া ল'ৰাটো'শীৰ্ষক কবিতাটিত তেওঁ লিখিছিল--'হেঙুলীয়া ৰহন সানি/নৈৰ বুকুত হেৰাই যোৱা/বেলিটোৰ দৰেই/জংলী যাযাবৰ সেই/বলীয়া ল'ৰাটো গ'লগৈ/কলমৌ ঠাৰিৰে/পেঁপাটি বজাই…''! যতদূৰ সম্ভৱ ,তেওঁ এই কবিতাটি ড:ভূপেন হাজৰিকাৰ স্মৃতিত লিখা |কবিতাটিৰ নিৰ্মান শৈলীত ক্ষীণকৈ ড:নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা এটিৰ প্ৰভাৱ লক্ষ কৰা যায় যদিও কবি ৰমনৰ কবিতাত নিজস্ব ভাৱ-ব্যঞ্জনা স্পষ্টভাবে পৰিলক্ষিত হৈছিল|চৰ্চা অব্যাহত ৰাখিলে কাকপথাৰৰ কবি ৰতন বড়াৰ পৰাও অামি বহু ভাল কবিতা এদিন নিশ্চয় পাম|কাকপথাৰৰ পৰা প্ৰকাশিত "ন-দিহিং" নামৰ কবিতা অালোচনী এখন সম্পাদনা কৰি থকা এই গৰাকী উদীয়মান কবিয়ে অত্যন্ত সৰল শব্দ সজ্জাৰে লিখা 'ছাতি' শীৰ্ষক কবিতাটিৰ ভাৱ-বস্তুও তেনেই সহজ|কবি নীলিম কুমাৰৰ দৰে তেৱোঁ বৰ কম শব্দ অাৰু তেনেই সহজ নিৰ্মান শৈলীৰে সচৰাচৰ অামি দেখি থকা সাধাৰণ কথা কিছুমান প্ৰকাশ কৰাৰ কৌশল অায়ত্ব কৰিব পাৰিছে ।ৰং-বিৰঙৰ ছাতিৰ প্ৰেমত কোন নপৰে?ছাতিৰ  প্ৰেমত পৰে ৰ'দ,বতাহ ,বৰষুণ--প্ৰেমত পৰে যুৱতী- বোৱাৰী সকলো |অৱশ্যে ভাৱ-বস্তুৰ গভীৰতালৈ তেওঁ গুৰুত্ব দিলে অাৰু ভাল কবিতা নিশ্ছয় পাম|
        প্ৰেয়সী কাষত থাকিলে "চিপ চিপ বৰষুণ" অনুভৱ কৰা দিহিংপৰীয়া কবি লাচিত বড়াৰ কবিতাত পাঠকৰ হৃদয় চুই যাব পৰা অনুভৱ অাছে,যেনে-''তুমি বোকামাটি ভালপোৱা যদি/মই শাওণৰ কৃষক হ'ব পাৰোঁ/অাপদীয়া সকলো মলিন অাঁতৰাই/সেই একেজাক বৰষুণত তিতি/পচোৱা সেমেকা হ'ব পাৰোঁ মই…'
        ইতিমধ্যে অামি কৈ অাহিছোঁ যে কবিতা কবিৰ বিলাসিতা হ'ব নালাগে|প্ৰেয়সীৰ বাবে তাজমহল সাজিব বিচৰা অথবা প্ৰেয়সীৰ বিচ্ছেদত অাত্মহত্যা কৰিব বিচৰা মানসিকতাৰে কবিতা লিখাৰো দিন অাজি অাৰু নাই!অাজিৰ সংঘাত অাৰু সমস্যা জৰ্জৰিত পৃথিৱীত  জীৱনৰ নতুন অৰ্থ বিচাৰি নোপোৱা কবিৰো কোনো অৰ্থই থাকিব নোৱাৰে|কবি লাচিত বড়াৰ কবিতাত অামি প্ৰেমৰ নতুন সংজ্ঞা বিচাৰি পাওঁ।কবিয়ে যথাৰ্থতে ব্যক্তিগত প্ৰেমত নিজৰ কৃষক জীৱনৰ বাস্তৱতাকো পাহৰি যোৱা নাই,বৰঞ্চ তাক প্ৰেমৰ অাকুলতাৰে সৃষ্টিশীল কৰি তুলিব বিচাৰিছে।
        কবিতাৰ নিৰ্মান শৈলী এটা বৰ জটিল বিষয়।শব্দৰ সুবিন্যষ্ট সংযোজনাৰে এটা সুন্দৰ অাৰু পৰিশীলিত চিত্ৰকল্প পাঠকৰ মানসপটত অংকন কৰিব পৰাতেই অাধুনিক কবিতাৰ সাৰ্থকতা।কবি সন্মিলনত পঠিত জয়ন্ত মৰাণৰ কবিতাত অামি লক্ষ কৰিলোঁ অাধুনিক কবিতাৰ নতুন অাংগিক অাৰু নিৰ্মাণশৈলীৰ অনুপস্থিতি যিটো অত্যন্তই প্ৰয়োজন।কিন্তু তেওঁৰ কবিতাত সহজ সৰল শিশুৰ প্ৰতি প্ৰকাশ পোৱা অকৃত্ৰিম স্নেহ   প্ৰশংসনীয়| ইতিমধ্যে "পুৱাৰ পোহৰ" নামৰ এখনি কবিতাপুথি তেখেতৰ প্ৰকাশ হৈছে।সেইদৰে মাঘবিহুৰ নামত অসমীয়া সংস্কৃতিত বিয়পি পৰা অনৈতিক কাৰ্যসমূহক লিমাৰিকৰ জৰিয়তে বৰ সুন্দৰকৈ ব্যংগ কৰিলে কবি ইন্দ্ৰকুমাৰ ফুকনে অাৰু   কবিৰ হৃদয়জুৰি উপচি থকা  ভাৱক "দুকোল টঁকা" বানৰ সৈতে বৰ সুন্দৰ অাৰু কম শব্দেৰে প্ৰকাশ কৰিলে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মোহন মৰানে।মোহন মৰান মূলত: এগৰাকী  অত্যন্ত শক্তিশালী গদ্যৰ প্ৰাৱন্ধিক যদিও ভালেমান গীত অাৰু কবিতাও ৰচনা কৰিছে।ইতিমধ্যে তেখেতে মৰান জনগোষ্ঠীৰ সংস্কৃতি অাৰু শিক্ষা বিষয়ক কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ উপৰিও বহু তথ্যসমৃদ্ধ স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।বুঢ়ীদিহিঙৰ পাৰৰ এই সমগ্ৰ অঞ্চলটোতে সাহিত্য অাৰু সংস্কৃতি চৰ্চাৰ এক অনুকুল  পৰিৱেশ তেখেতে গঢ়ি তুলিবলৈ বহুদিন ধৰি চেষ্টা চলাই অাহিছে।এই সকল কবিৰ উপৰিও কবি লেখন চন্দ্ৰ দেউৰী,ইলেশ্বৰ চেতিয়া,লীলাকান্ত শইকীয়া,ৰাজীব দহোতীয়া,কিশোৰ বৰুৱা,যোগেন্দ্ৰ গগৈৰ কবিতাইয়ো সিদিনাৰ কবি সন্মিলন মুখৰ কৰি তুলিছিল।দিহিং-দিয়ুংৰ নিকটৱৰ্তী এই অঞ্চলটোত অাৰু ভালেসংখ্যক কৱিয়ে কবিতা চৰ্চা কৰি অাছে যদিও এই প্ৰৱন্ধত অামি কেৱল সিদিনাৰ কবিসন্মিলনত অামাৰ হৃদয় স্পৰ্শ কৰা মাথোঁ কেইটামান কবিতাৰ প্ৰসংগহে উল্লেখ কৰিলোঁ|
      দিহিংপৰীয়া নতুন প্ৰজন্মৰ কবিসকলৰ চৰ্চা অাৰু অনুশীলনৰ পৰ্যায় বৰ্তমানে চলি থকাৰ বাবে
অাধুনিক কবিতাৰ নিৰ্মানশৈলী অাৰু ভাৱৰ গভীৰতাৰ দিশত  সম্পূৰ্ণ পৰিপক্কতা লাভ কৰিব পাৰিছে বুলি এতিয়াই কৈ দিব নোৱাৰি|কিন্তু  নিৰলস অনুশীলন,চৰ্চা অাৰু অধ্যয়নে তেওঁলোকক নি:সন্দেহে ভৱিষ্যতে অাৰু বহুদূৰ বাট অাগুৱাই লৈ যাব।দিহিংপৰীয়া এই নতুন প্ৰজন্মৰ কবিসকলৰ প্ৰতি অামি খুবেই অাশাবাদী|
                                                    (সমাপ্ত)
          
         
          


No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...