Tuesday, December 8, 2020

তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী মনস্তত্বৰ চিত্ৰণ

    তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী-মনস্তত্বৰ চিত্ৰণ
                                                                           বীৰ্কে বি. থাপা   

          নাৰী মনস্তত্বক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত যথেষ্ট সংখ্যক গল্প-উপন্যাস আদি ৰচনা হৈছে।আশীৰ দশকৰ পৰা এনেদৰে নাৰী মনস্তত্বক কেন্দ্ৰ কৰি গল্প ৰচনাত মনোনিৱেশ কৰি অহা লেখক-লেখিকাসকলৰ ভিতৰত তিলোত্তমা বৰগোহাঞিৰ নাম বিশেষ উল্লেখযোগ্য। 2002 চনত মাথোঁ বিয়াল্লিশ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা তিলোত্তমা বৰগোহাঞিয়ে আশীৰ দশকৰ শেষৰছোৱা কালত আত্মপ্ৰকাশ কৰি প্ৰান্তিক, শ্ৰীময়ী, পূবালী আদিৰ দৰে কাকত-আলোচনীত যথেষ্ট সংখ্যক গল্প লিখি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছিল।তেওঁৰ গল্পত প্ৰতিফলিত হৈ উঠিছিল মধ্যবিত্তীয় সমাজৰ আধুনিক নাৰীৰ কৰ্মব্যস্ত জীৱন,নাৰীৰ নিজস্ব চিন্তা-ভাৱনা,আৱেগ-অনুভূতি,মান-অভিমান,মানসিক দ্বন্দ্ব,সংঘাত আদিৰ চিত্ৰ।জীৱনৰ একো একোটা আৱেগময় খণ্ডিত মুহূৰ্তক গল্পৰ মাজেৰে অত্যন্ত সজীৱতাৰে তুলি ধৰিব পৰা অপূৰ্ব টেকনিক বা কৌশল আৰু কলাত্মক দক্ষতা তেওঁ আয়ত্ব কৰিব পাৰিছিল।তেওঁৰ মাত-কথাত সততে লাগি থকা অপূৰ্ব কথনশৈলীৰ আভাস তেওঁৰ গল্পবোৰতো পৰিলক্ষিত হয়।
         তিলোত্তমা বৰগোহাঞি বাইদেউৰ সৈতে হোৱা আমাৰ চিনাকীৰ প্ৰথম দিনবোৰত তেওঁ যে উগ্ৰ নাৰীবাদী লেখিকা তচলিমা নাচৰিনৰ অত্যন্ত অনুৰাগী আছিল সেই কথা জানিব পাৰিছিলোঁ।তেওঁ তচলিমা নাচৰিণৰ লেখাসমূহ যথেষ্ট অধ্যয়ন কৰিছিল আৰু সেই বিষয়ে কেতিয়াবা আমাৰ লগত আলোচনাও কৰিছিল।কিন্তু সেই সময়ত আমি তচলিমা নাচৰিণৰ উগ্ৰ নাৰীবাদী লেখাসমূহৰ পক্ষপাতি নাছিলোঁ।কাৰণ,ইছলামধৰ্মী সমাজ ব্যৱস্থাৰ পটভূমিত তচলিমা নাচৰিনে সমগ্ৰ পুৰুষ জাতিক কৰা ব্যংগক সম্পূৰ্ণৰূপে মানি লোৱাৰ কোনো যুক্তি আমি দেখা নাছিলোঁ।এই কথা অৱশ্যে সত্য যে,আমাৰ সমাজ ব্যৱস্থাত নাৰী-পুৰুষৰ অসমতাক একেবাৰে নুই কৰিব নোৱাৰি। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজ ব্যৱস্থাত থকা নাৰীৰ উচ্চ সামাজিক মৰ্যাদাৰ পৰিপ্ৰেক্ষিতত ইছলামিক সমাজ ব্যৱস্থাত চলি থকা নাৰী নিৰ্যাতনৰ দৰে চৰম দুৰৱস্থা আমাৰ ইয়াত কেতিয়াও হোৱা নাই।তিলোত্তমা বৰগোহাঞিয়ে তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী লেখিকাৰ যুক্তিসমূহক সম্পূৰ্ণৰূপে মানি লৈছিল নে নাই ক'ব নোৱাৰি,কিন্তু পৰৱৰ্তী কালৰ ৰচনাসমূহত তেওঁ তচলিমা নাচৰিনৰ দৰে পুৰুষ বিদ্বেষী মনোভাৱ পোষণ কৰাৰ পৰিৱৰ্তে নাৰী-পুৰুষৰ মাজত এক বন্ধুত্বসুলভ সুষম সম্পৰ্ক স্থাপনতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।আমি যিমানখিনিলৈকে তিলোত্তমা বৰগোঁহাঞিৰ গল্প পঢ়িছোঁ-তেওঁৰ গল্পত পুৰুষৰ দম্ভৰ বিৰুদ্ধে প্ৰতিবাদ দেখিছোঁ ,কিন্তু কেতিয়াও তচলিমা নাচৰিনৰ দৰে সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে বিষোদ্গাৰ অথবা পুৰুষাতংক দেখা নাই।আধুনিক নাৰীৰ অস্তিত্ব ,চিন্তা-ভাৱনা,আৱেগ-অনুভূতি আদিৰ সূক্ষ্ম প্ৰতিফলনৰ মাজেৰে তেওঁ পুৰুষপ্ৰধান সমাজতো নাৰীৰ সমমৰ্যাদা স্থাপন কৰিব খোজা পৰিলক্ষিত হয়।তাৰোপৰি সঘনে ব্যৱহৃত ' নাৰী-স্বাধীনতা' ,'সমানাধিকাৰ' আদি শব্দসমূহৰ তাৎপৰ্যকো তেওঁ নিজস্ব দৃষ্টিভংগীৰে পৰ্যৱেক্ষন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়-তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত 'সঁজাৰ পখীৰ গান' গল্প সংকলনত সন্নিৱিষ্ট কেইবাটাও গল্পত। 'উন্মীলন' নামৰ গল্পটিত।
        'উন্মীলন' নামৰ গল্পটিত তেওঁ আধুনিক শিক্ষাৰে শিক্ষিতা অনুসূয়া নামৰ উচ্চ পদস্থ বিষয়াৰ চাকৰিত অধিষ্ঠিত এজনী ছোৱালীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ ছবিখনক অত্যন্ত সুন্দৰ আৰু কলাত্মক ভাৱে তুলি ধৰিবলৈ চেষ্টা কৰিছে।একেটা অফিচৰে সমমৰ্যাদাপূৰ্ণ উচ্চ পদস্থ সুধাকৰৰ প্ৰতি থকা অনুসূয়াৰ ভাল পোৱাৰ সম্পৰ্কটোক যেতিয়া সুধাকৰে নিজৰ পুৰুষসুলভ দাম্ভিকতাৰে উপেক্ষা কৰিছে তেতিয়া স্বাভাৱিকতে অনুসূয়াৰ নাৰীত্বত আঘাত লাগিছে।অনুসূত্রাৰ পদবীটোৰ বাহিৰে তাইৰ নাৰীত্বক সুধাকৰে কেতিয়াবা মৰ্যাদা দিয়া নাছিল বুলি জনাৰ পাছত সুধাকৰৰ সৈতে সকলো সম্পৰ্ক ছিঙি পেলাবলৈ তাই সিদ্ধান্ত লৈছে।তাই সুধাকৰক কোৱা কথাষাৰৰ মাজেৰে এগৰাকী নাৰীৰ ক্ষোভ আৰু আত্মমৰ্যাদা স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে।তাই কৈছে-'চোৱা সুধাকৰ,এইটো অফিচতে বহি বহুদিন তোমাৰ লগত অফিচৰ সম্পৰ্কৰ উপৰিও আন এটা সুসম্পৰ্কক শ্ৰদ্ধা কৰাৰ লগতে শ্ৰদ্ধাখিনিৰ প্ৰতি চিৰিয়াচো আছিলোঁ।এই ডাঙৰ অফিচটোত তুমি মই দুই জনেই একোটা সন্মানীয় পদত আছোঁ।বোধহয় তুমি মোৰ পদবীটোৰ বাদে নাৰী বুলি মোক কোনো দিনেই সন্মান নকৰিলা।কৰা হ'লে তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাৰ গুৰুত্ব তুমি উপলদ্ধি কৰিব পাৰিলাহেঁতেন।'
       এটা সুসম্পৰ্কৰ প্ৰতি নাৰী হিচাপে অনুসূয়া চিৰিয়াচ হোৱাৰ সময়ত সুধাকৰ নামৰ বিষয়াগৰাকী তেনেই উদাস আছিল।তেওঁৰ এই উদাসীনতাৰ কাৰণ তেওঁৰ সমাজ ব্যৱস্থা বুলি জনাৰ প্ৰয়োজনীয়তা তাই দেখা নাই ।প্ৰতিবাদ কৰিও একো লাভ নাই।সুধাকৰ হৈছে পুৰুষপ্ৰধান সমাজৰ দাম্ভিকতাৰ প্ৰতীক।জ্যামিতিক সূত্ৰত দুডাল সৰল ৰেখাই সমান্তৰালভাৱে গতি কৰে কিন্তু কেতিয়াও লগ নালাগে।এনে কথাত বিশ্বাস কৰা ব্যক্তি তেওঁ।কিন্তু সুধাকৰৰ দম্ভক আঙুলিয়াই তাই কৈছে-'তুমি নিজকে এডাল সৰল ৰেখা বুলি কৈ যি পুৰুষত্ব দেখুৱাব বিচাৰিলা,অকনমান হাউলি বেঁকা হ'বলৈ ভয় কৰি কিন্তু কাপুৰুষালি কৰিলা।এজন উচ্চ পদস্থ বিষয়া হিচাপে তোমাৰ পুৰুষত্বৰ মৰ্যাদা মোৰ ওচৰত শূণ্য।
       'অকাল বসন্ত' গল্পৰ বিষয়বস্তুও অনুৰূপ।যাক অন্তৰেৰে ভাল পোৱা যায়,আকাংক্ষিত সেই পুৰুষে সময় থাকোতে সেই প্ৰেমৰ মূল্য নুবুজিলে এগৰাকী নাৰীৰ মন স্বাভাৱিকতে অভিমানী হৈ উঠে।অধ্যাপিকা দেৱাহুতি ভট্টৰ দৰে শিক্ষিতা যুৱতী গৰাকীয়েও উচ্চ পদস্থ বিষয়া অলকৰ বাবে অপেক্ষা কৰি জীৱনৰ সুদীৰ্ঘ বছৰ পাৰ কৰি দিয়াৰ পাছত হঠাৎ এদিন অলক আহি তেওঁৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হোৱাত এগৰাকী সাধাৰণ নাৰীৰ দৰেই প্ৰথমে তেওঁ ক্ষন্তেকৰ বাবে সাময়িক আৱেগ আৰু উত্তেজনাত বিচলিত হৈ পৰিছে।ক্ষন্তেকৰ বাবে যন্ত্ৰণাত কাতৰ হৈ পৰিছে তেওঁৰ মুখ।কিন্তু যিজন মানুহে সময় থাকোতে কেতিয়াও তেওঁৰ প্ৰেমক উপলদ্ধি কৰিবলৈ চেষ্টা নকৰিলে ,আজি তেওঁ অতবছৰৰ মূৰত নিশ্চয় প্ৰেমৰ কথা ক'বলৈ অহা নাই।এই কথা উপলদ্ধি কৰাৰ পাছত তেওঁ নিজৰ উৎকণ্ঠিত মনটোক চম্ভালি লৈছে।উচ্ছসিত হৈ কলেজৰ ছাত্ৰ এজনৰ হাতত চাবিপাত দি দেৱাহুতিয়ে কৈ পঠিয়াইছে-মিটিং শেষ কৰি ঘৰ পাওঁতে তেওঁৰ পলম হ'ব।ইয়াৰ পাছত আৰু অলক নামৰ বিষয়াগৰাকী ৰৈ থকা নাছিল।
         তিলোত্তমা বৰগোহাঞিৰ এনে ধৰণৰ গল্পৰ প্ৰসংগত অমৃতা প্ৰীতমৰ গল্প-উপন্যাসৰ নাৰী চৰিত্ৰ সমূহৰ কথা সততে মনত পৰে।উল্লেখযোগ্য যে,নাৰীবাদী লেখিকা অমৃতা প্ৰীতমৰ প্ৰায়বোৰ গল্প আৰু উপন্যাসৰ নাৰী চৰিত্ৰসমূহ প্ৰতিবাদী চৰিত্ৰ যদিও বহু সময়ত বাস্তৱতাৰ সৈতে সম্পৰ্কৰহিত একোটা আৱেগিক মানসিকতাৰে ৰোগগ্ৰস্ত।সেইবাবেই তেওঁৰ প্ৰায়বোৰ নাৰী চৰিত্ৰই প্ৰচণ্ড জেদ আৰু অভিমানত নিমিষতে স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কত দেখা দিয়া মানসিক ব্যৱধানৰ সমস্যাটোক সমাধান কৰাৰ প্ৰকৃত পথৰ সন্ধান কৰাৰ পৰিৱৰ্তে একোটা আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে।পুৰুষৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰাৰ পৰিৱৰ্তে তেওঁৰ নাৰী চৰিত্ৰসমূহে প্ৰকৃততে নিজকে শাস্তি বা যন্ত্ৰণা দিয়াহে পৰিলক্ষিত হয়।উদাহৰণ স্বৰূপে 'ডাক্তৰ দেৱ' উপন্যাসৰ ' মমতা ' নামৰ চৰিত্ৰৰ কথা ক'ব পাৰি ।জগদীশৰ সৈতে বিয়া হোৱাৰ পূৰ্বে মমতাই আন কাৰোবাক ভাল পাইছিল।এই ভালপোৱাৰ মায়াজালত মমতা এনিজকে শাস্তি আৰু যন্ত্রনা দিয়ে। উদাহৰণ স্বৰূপে ‘ডাঃ দেৱ’ উপন্যাসৰ ‘মমতা’নামৰ চৰিত্ৰৰ কথা ক’ব পাৰি। জগদীশৰ সৈতে বিয়া হােৱাৰ পূর্বে মমতাই আন কাৰােবাক ভাল পাইছিল। এই ভালপােৱাৰ মােহ জালত মমতা এনেদৰে বন্দী যে অশেষ চেষ্টা কৰা স্বত্বেও তাই স্বামী জগদীশক ভাল পাব নােৱাৰিলে। শেষত,এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত সন্তানটিক জগদীশৰ কোলাত এৰি থৈ তাই বৈবাহিক জীৱনৰ সকলাে সম্পর্ক ত্যাগ কৰি এটি অকলশৰীয়া জীৱন কটাবলৈ গুচি গ'ল। স্বামী জগদীশৰ সৈতে মমতাৰ কোনাে মানসিক সংঘাত নাছিল। জগদীশেও তাইক কেৱল ভালেই পােৱা নাছিল, শ্রদ্ধাও কৰিছিল। তেনেস্থলত স্বামীৰ জীৱন উকা কৰি উদ্দেশ্যহীন এটা সুদীর্ঘ জীৱন অকলশৰে অতিবাহিত কৰা মমতাৰ অর্থহীন জেদ আৰু অভিমানৰ বাস্তৱিক মূল্য কি থাকিল ? অমৃতা প্রীতমৰ দৰে নাৰীবাদী লেখিকাৰ প্ৰভাৱ সম্প্রতি অন্যান্য নাৰীবাদী লেখিকাৰ ৰচনাতাে পৰিছে।
        তিলােত্তমা বৰগােহাঞি বাইদেৱেও নাৰীৰ নিজস্ব মান-
অভিমান, চিন্তা-চেতনা আদিক গল্পৰ মাজেৰে প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ গল্পৰ নাৰী চৰিত্ৰসমুহে অহেতক জেদ আৰু অভিমানত আত্মধ্বংসী সিদ্ধান্ত গ্রহণ কৰা নাই। অমৃতা প্রীতমৰ নাৰী চৰিত্ৰ সমূহৰ দৰে তেওঁৰ নাৰী চৰিত্ৰ সমূহ কল্পনা বা ভাবজগতৰ বাসিন্দা নহয় । তেওঁৰ ' উন্মীলন’নামৰ গল্পৰ প্ৰসংগতে ক'ব পাৰি যে অনুসূয়াই সুধাকৰৰ অবিহনেই জীৱনৰ বাটত খােজ দিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে তাৰ পৰা কিন্তু এই কথা অনুমান কৰিব নােৱাৰি যে তাই আজীৱন পুৰুষৰ সংগৰ পৰা আঁতৰিয়েই  থাকিব। সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে অনুসূয়াৰ বিৰােধ বা বিতৃষ্ণাৰ ভাৱ লেখিকাই ক'তাে প্রকাশ কৰা নাই। অনুসূয়াৰ অভিমান বা বিৰােধ  কেৱল সুধাকৰ নামৰ ব্যক্তি বিশেষৰ প্রতিহে।
       নাৰী -পুৰুষ বা স্বামী-স্ত্রীৰ মাজৰ সুষম সম্পৰ্কক শ্রদ্ধা জনােৱা লেখিকা তেওঁ। সেইবাবে নাৰীৰ নিজস্ব চিন্তা-চেতনাক মূল্য দিলেও তেওঁ স্বামী-স্ত্রীৰ পবিত্ৰ সম্পৰ্কত অকাৰণ জেদ,অভিমান আদিক তেনে স্পর্শকাতৰ বা বিধ্বংসী ৰূপত প্ৰকাশ কৰা নাই। 'জোনাকৰ মাজেদি' গল্পত দেখা যায় স্বামী অমৃতে পত্নী নীলাৰ আৱেগ- অনুভূতিক উপলব্ধি কৰিবলৈ চেষ্টা নকৰে। দুয়ােৰে মানসিকতাৰ বিৰাট সংঘাত হৈছে তেনে ইংগিতাে অৱশ্যে গল্পত নাই । সাধাৰণ খুঁটি-নাতি, যেনে প্রয়াস আৰু প্রাচুর্য ফুৰিবলৈ আহোঁতে নীলাই ৰাতিপুৰাৰ পৰা সকলাে কৰি মেলি ডাইনিং টেবুলত সকলােকে একেলগে খাবলৈ দিছে। গেছৰ চিলিণ্ডাৰটোও শেষ হৈ যােৱাত আলহী যুৱক দুজনে নিজেই আগবাঢ়ি আহি খৰি ফালি দিছে। অমৃতৰ সেই ফালে খবৰেই নাই। ডাইনিং টেবুলত বহি তেওঁ নীলাই নিজৰ বাবে লৈছে নে নাই খবৰ নােলােৱাকৈ খপজপকৈ খাই উঠাৰ পাছত প্রয়াসে ‘আহকনা বাইদেউ, একেলগে খাওঁ, বহকহি'- বুলি কওঁতে নীলাৰ আত্ম-চেতনাত পাতলকৈ দুখ এটা লাগিছে। নীলাই খীণ হাঁহি মাৰি কৈছে-'আমাৰ মধ্যবিত্ত সমাজত কোনজনী গৃহিণীয়ে আলহীৰ লগতে বহি খাবলৈ পােৱা দেখিছা?'- ইয়াৰ মাজেৰে লেখিকাই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বলি নাৰীৰ মানসিকতাৰ এচুকত লুকাই থকা দুঃখবােধৰ মর্মান্তিক চিত্র অংকন কৰিছে। মধ্যবিত্ত সমাজত নাৰীৰ এনে অৱস্থা সততে চকুত পৰে। অথচ, এয়ে সমাজৰ নিয়ম বুলি প্রতিবাদ কৰিবলৈ নাৰীয়ে সাহস কৰিব নােৱাৰে। এনে সৰু সুৰা কথাক বা স্বামী-স্ত্রীৰ মাজত ক্ৰমাৎ বাঢ়ি অহা মানসিক ব্যৱধানক চিৰিয়াচলি নলৈ সহজভাবে স্বীকাৰ কৰি লােৱাতে মধ্যবিত্ত সমাজৰ নাৰী যেন অভ্যস্ত। তিলােত্তমা বাইদেউৰ গল্পত নাৰীয়ে এনে
অসমানতাৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ কৰা নাই যদিও তাৰ ইংগিত
আছে।'জোনাকৰ মাজেদি’গল্পত প্রয়াসে কৈছে- 'সমভাগৰ কাৰণে
আন্দোলন কৰিব নালাগে। আন্দোলন কৰিব লগাকৈ এইবােৰতাে
সমস্যা নহয়। যদি সমস্যা বুলি ভাবে তেন্তে সমাধানৰ পথো 
আপুনিয়েই জানে। এইযে আমি অহাৰ পৰা আপুনি ইমান ভালকৈ
কৰি মেলি আমাক সন্মুখত সজাই পৰাই খাবলৈ দিছে, আমাক
দিয়াৰ লগতে আপুনিও ল’ব পাৰে- একেলগে বহিবলৈ
আপােনালােকৰ হেজিটেশ্যন নে ট্রেডিশ্যন ?.. কওকচোন। আপুনি
খাওঁ বুলি বহিলে ভিনিদেৱে আপােনাক উঠি যােৱা বুলি ক'ব
নেকি?'
       নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ দাবীত আজিকালি মহিলা সংগঠনসমূহে ৰাজপথলৈ ওলাই আহিছে।স্থানীয় মহিলা সমিতি বা অন্যান্য মহিলা সংগঠন সমূহৰ সৈতে তিলোত্তমা বৰগোঁহাঞি জড়িত আছিল বুলি আমি জানোঁ।কিন্তু এগৰাকী নাৰীবাদী লেখিকা হিচাপে নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ সম্পৰ্কত তেওঁৰ নিজস্ব দৃষ্টিভংগী আছিল।ৰাজপথত আন্দোলন কৰি পৰিৱৰ্তন আনিব নোৱাৰি বুলি যে তেওঁ বিশ্বাস কৰিছিল তাৰ প্ৰমান 'অনুবন্ধ' নামৰ গল্পটিত পোৱা যায়।গল্পটিত তেওঁ স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যু মুখত পৰা সুচৰিতা পাল নামৰ বঙালী সম্প্ৰদায়ৰ এজনী ছোৱালীৰ কাহিনী অংকন কৰিছে।এজনী শিক্ষিতা ছোৱালী হোৱা সত্বেও পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিব নোৱাৰা সুচৰিতাৰ মৃত্যুত 
লেখিকাৰ ক্ষোভ গল্পটিত স্পষ্টভাৱে পৰিলক্ষিত হয়।নাৰীয়ে নিজেই অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ নকৰিলে কেৱল মহিলা
সমিতি সমূহে ৰাজপথত নামি ধর্ণা দিলেই বা শােভাযাত্রা  উলিয়ালেই সমস্যাৰ ওৰ নপৰে এই কথা  প্ৰকাশ কৰি তেওঁ লিখিছে- ‘সুচৰিতাহতঁৰ এনেকৈয়ে মৃত্যু  হয়। দেউতাকে বিয়াৰ ধাৰেই পৰিশােধ কৰা নাই, সুচৰিতাৰ এখন শাৰীও পুৰণি হােৱা নাই, তাৰ মাজতে তাই হেৰাই থাকিল। দুদিন মান মহিলা সমিতিয়ে
প্রতিবাদ কৰিব, দাবী জনাব, ধর্ণা  দিব, শােভাযাত্রা উলিয়াব, বাতৰি কাগজত শােভাযাত্ৰাৰ ফটো সহ খবৰ ওলাব। সুচৰিতাৰ মৃত্যৰ খবৰ পুৰণি হ’ব, দেউতাকৰ গােটেই খিনি চুলি পকিব, ধাৰবােৰ মাৰিয়েই থাকিব...।'
        সকলাে গল্পতে যে তেওঁ কেৱল নাৰীৰ প্রতিবাদী মন বা নাৰী পুৰুষ সম্পর্কৰ মাজত দেখা দিয়া মানসিক সংঘাতৰ  দৃশ্যকে প্রতিফলিত কৰিছে তেনে নহয়। 'নাৰী ' নামৰ গল্পত তেওঁ
নাৰীৰ উদাৰ মানসিকতাৰ এক সুন্দৰ দৃশ্য প্রতিফলিত কৰিবলৈও
চেষ্টা কৰিছে। গল্পটিত মাতৃহীনা কণমানি ছােৱালী এজনীৰ মৰমক
নেওচা দিব নােৱাৰি নায়িকা প্রিয়ম্বদাই গ্রহণ কৰা এক সাহসিক
পদক্ষেপক দেখুওৱা হৈছে। প্রভাকৰৰ পৰিয়ালৰ সৈতে প্রিয়ম্বদাৰ পূৰ্বৰে পৰাই আত্মীয়তা আছিল। প্রভাকৰৰ পত্নী উৎপলাৰ মৃত্যু হােৱাত ঘৰখন তেনেই শূন্য হৈ পৰিল। কণমানি ছােৱালী মৌ-মাৰ মুখখন চাবলৈ ব্যাকুল হৈ পৰা প্রিয়ম্বদাই প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিব পাৰিবনে? প্রিয়ম্বদাই নিজৰ স'তে বহু কথা পতাৰ অন্তত এই সত্য উপলব্ধি কৰিলে যে- নাৰীৰ একেটা সত্বাতে লুকাই আছে  অন্তৰতম বন্ধু, দায়িত্বপূর্ণ পত্নী আৰু স্নেহময়ী মাতৃৰ মােহময়ী ৰূপ। সেই বাবেই তাই প্রভাকৰৰ  কাৰণে নহয়, বৰঞ্চ কণমানি ছােৱালীজনীৰ বাবেই আৰু প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিবলৈকে বিয়াৰ প্রস্তাৱটোত সন্মতি জনাবলৈ
সিদ্ধান্ত লৈছে।
        ‘অসময়’ নামৰ গল্পত তেওঁ প্রকাশ কৰিবলৈ চেষ্টা কৰিছে-
চল্লিশাের্ধ্ব বয়সৰ এগৰাকী আধুনিক আৰু শিক্ষিতা নাৰীৰ
অন্তৰৰ বেদনা।বয়স উকলি গৈ যৌৱনৰ ৰং ৰূপ সৌন্দর্য শেষ হৈ যোৱাৰ পাছত এগৰাকী মহিলাই নিজৰ ৰূপ সম্পৰ্কে যিমানেই সচেতন নহওক কিয়,তেওঁৰ মূল্য স্বাভাৱিকতে নোহোৱা হৈ যায়।প্ৰায় প্ৰত্যেক দিনেই 'ৰংমহল' নামৰ দোকানখনলৈ গৈ আঠ বছৰীয়া ল'ৰা নূপুৰৰ ফৰমাইচৰ বস্তুবোৰ কিনা বা দামী আৰ্চিজৰ পেকেট কিনাটো অপৰাজিতাৰ অভ্যাস।দোকানখনৰ ময়ুৰ নামৰ ল'ৰাটোৰ লগতো তাইৰ সহজ আত্মীয়তা গঢ় লৈ উঠিছে।সদায় যোৱাৰ দৰে সিদিনাও তাই ময়ুৰৰ দোকানখনলৈ গৈ দেখিলে কলেজৰ ছোৱালীবোৰৰ ভিৰ লাগি আছিল তাত।অপৰাজিতা গৈ পোৱাৰ লগে লগে দোকানখনৰ পৰিৱেশ হঠাৎ সলনি গ'ল।ছোৱালীকেইজনীয়ে হাঁহি বন্ধ কৰি অস্বস্তিৰে অলপ আঁতৰি গ'ল।ময়ুৰৰ মুখখনো অলপ গহীন হৈ পৰিল।'কি হ'ল ময়ুৰ,হঠাৎ গহীন হৈ গ'লা যে?'-তাই সুধিলে।ইতিমধ্যে ' ৰংমহল 'ৰ বাৰাণ্ডাৰ পৰা নামি যোৱা ছোৱালী কেইজনীলৈ চাই সেমেকা হাঁহি এটা মাৰি ময়ুৰে ক'লে-'আপুনি আজি বৰ অসময়ত আহিল যে! ইয়াত আপোনাৰ বাবে সময় আবেলি বা গধুলি বুলিহে ধৰি থৈছোঁ।এইটো  বেলেগ কাষ্ট'মাৰৰ সময়।'-ময়ুৰৰ কথাষাৰে অপৰাজিতাক  শেলে বিন্ধাদি বিন্ধিলে।ঠিকেইতো ,নিজৰ ৰূপ সম্পৰ্কে তাই যিমানেই সচেতন নহওক কিয়,তাই আজি সোতৰ-ওঠৰ বছৰীয়া ছোৱালী নহয়।তাইৰ দৰে  এগৰাকী বয়সস্থা মহিলা যে সময় বিশেষে অবাঞ্চিত অতিথিৰ দৰে আমনিদায়ক  -এই সত্যটোকে ময়ুৰে আওপকীয়াকৈ কৈ নিদিয়ালৈকে তাইৰ মনলৈ কিয় আগতে অহা নাছিল? কথাষাৰ উপলদ্ধি কৰাৰ পাছত অপৰাজিতাৰ বুকূ ভেদি ওলাই অহা হুমুনিয়াহটো এটা চেপা কান্দোনৰ দৰে বিয়পি পৰিল। 
       আধুনিক যুগৰ নাৰী হিচাপে তিলোত্তমা বৰগোহাঞিয়ে এইদৰেই নাৰীৰ জটিল মনস্তত্বক সূক্ষ্মভাৱে উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৰু  প্ৰতিটো গল্পৰ মাজেৰে তাক অত্যন্ত  সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা কৰিছিল ।(সমাপ্ত) 
    






No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...