Tuesday, December 8, 2020

গিৰিশ কৰনাডৰ 'হায়াবদনা' আৰু নাৰী মনস্তত্বৰ জটিল চিত্ৰ


     গিৰিশ কৰনাডৰ 'হায়াবদনা' আৰু নাৰী-মনস্তত্বৰ জটিল চিত্ৰ
                                                                           -বীৰ্কে বি. থাপা
                                            
       প্ৰগতিশীল সাহিত্য আৰু অভিনয় জগতৰ এক বিপ্লৱী সত্তাৰ নাম গিৰিশ কৰনাড।নিজৰ অপূৰ্ব প্ৰতিভাৰে তেওঁ সুদীৰ্ঘ প্ৰায় চাৰিটা দশক ধৰি কন্নড় আৰু হিন্দী নাটক আৰু চলচিত্ৰ জগতত নিজকে এগৰাকী বলিষ্ঠ অভিনেতা,পৰিচালক তথা চিত্ৰনাট্য লেখক হিচাপে প্ৰতিষ্ঠা কৰাৰ উপৰিও সাহিত্য জগততো এগৰাকী প্ৰগতিশীল ধাৰাৰ বলিষ্ঠ  লেখক হিচাপে নিজৰ পৰিচয় যুগমীয়া কৰি থৈ গৈছিল।
       যোৱা 10 জুন 2019 চন তাৰিখে 81 বছৰ বয়সত মৃত্যুবৰণ কৰা গিৰিশ কৰনাডে কৰ্ণাটক আৰ্টচ কলেজৰ পৰা 1958 চনত গণিত আৰু পৰিসংখ্যা বিজ্ঞানত স্নাতক ডিগ্ৰী লোৱাৰ পাছত দৰ্শন,ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰাৰ উদ্দেশ্যে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যোৱা গিৰিশ কৰনাডে অধ্যয়ন সমাপ্ত কৰি অক্সফ'ৰ্ড ইউনিভাৰ্চিটি প্ৰেছত কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু তাত সাতবছৰ কাম কৰাৰ পাছত ভাৰতলৈ উভতি আহি নাট্যজগতৰ সৈতে জড়িত হৈ পৰিছিল। 1974/75 চনত তেওঁ Film and Television Institute of Indiaৰ  সঞ্চালক হিচাপে আৰু সংগীত নাটক একাডেমীৰ চেয়াৰমেন তথা 1987/88 চনত  চিকাগো বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপেও নিযুক্ত হৈছিল।
        কৰনাডে লিখা প্ৰথমখন নাটক আছিল1961 চনত লিখা ''যযাতি' নামৰ  নাটকখন।তাৰ পাছতে লিখিছিল 'টোঘলক' 1964 চনত।হায়াবদনা'  হৈছে গিৰিশ কৰনাডে 1971 চনত লিখা তেওঁৰ তৃতীয় আৰু সৰ্বাধিক জনপ্ৰিয় এখন  নাটক।এই কেইখন মাত্ৰ আৰম্ভণিহে,ইয়াৰ পাছত কৰনাডে তেওঁৰ জীৱন কালত আৰু অলেখ নাটক আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।তেওঁৰ নাটকসমূহ ভাৰতীয় বিভিন্ন ভাষালৈ তথা ইংৰাজী ভাষালৈয়ো অনুদিত হৈছে।
নাটকৰ উপৰিও তেওঁ কন্নড় আৰু হিন্দী চলচিত্ৰত অভিনয় কৰিও দুৰ্দান্ত অভিনয় প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।গিৰিশ কৰনাডে চাৰিবাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড ,1971 চনত 'বংশ বৃক্ষ' নামৰ কন্নড় ভাষাৰ ছবি এখনৰ বাবে  National Film Award for Best Direction ৰ পুৰস্কাৰ,কন্নড় ভাষাত ৰচিত 'নাগ-মণ্ডল' নামৰ নাটকখনৰ বাবে 1989 চনত  কৰ্ণাটক সাহিত্য একাডেমী বঁটা,1998 চনত জ্ঞানপীঠ বঁটা আদি লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী আৰু পদ্মভূষন বঁটাৰেও বিভূষিত কৰিছিল।গিৰিশ কৰনাড আছিল প্ৰগতিশীল চিন্তাৰ বাৰ্তাবাহক এজন অতি নিৰ্ভীক লেখক আৰু সমালোচক।ধৰ্মীয় মৌলবাদক তেওঁ চোকা ভাষাৰে সমালোচনা কৰিছিল আৰু সাম্প্ৰদায়িকতাৰ উৰ্ধত তেওঁ এখন ধৰ্মহীন সমাজ গঢ়াৰ সপোন দেখিছিল।তথাকথিত 'হিন্দুত্ববাদ ' তথা 1992 চনত সংঘটিত হোৱা  বাবৰি মচজিদ ধ্বংসৰ তেওঁ তীব্ৰ সমালোচনা কৰিছিল।
         গিৰিশ কৰনাডৰ ' হায়াবদনা' এখন অতি চিন্তাকৰ্ষক নাটক।নাটকখন প্ৰথমে তেওঁ কন্নড় ভাষাত লিখিছিল আৰু পাছত ইংৰাজীলৈ অনুবাদ কৰিছিল ।হায়াবদনা শব্দৰ অৰ্থ হৈছে-ঘোঁৰাৰ দৰে শৰীৰ।1971 চনত প্ৰকাশিত এইখন নাটকৰ থিমটো(Theme)তেওঁ গ্ৰহণ কৰিছিল টমাচ মানৰ বিখ্যাত  The Transposed Heads নামৰ উপন্যাস এখনৰ পৰা। টমাচ মানে থিমটো লৈছিল 'কথাচৰিত সাগৰ'নামৰ সংস্কৃত গ্ৰন্থখনৰ পৰা।
নাটকখনৰ জৰিয়তে গিৰিশ কৰনাডে নাৰী মনস্তত্বৰ এটা গোপন সত্য প্ৰকাশ কৰাৰ লগতে শৰীৰ আৰু মনৰ সম্পৰ্কক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে।
         নাটকখন দুটা অংকত বিভক্ত।প্ৰথম অংকৰ আৰম্ভণিতে দেখা যায়-দেৱতা গণেশৰ উপাসনা।এই উপাসনাৰ পাছতে পূজাৰী ভাগৱতৰ মঞ্চত প্ৰৱেশ ।ভাগৱতেই নাটকৰ সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে।তেওঁ দেৱদত্ত আৰু কপিলা নামৰ দুজন অন্তৰংগ বন্ধুৰ এটা অতি হৃদয়স্পৰ্শী কাহিনী আৰম্ভ কৰিছে।কিন্তু কাহিনী আৰম্ভ হ'বলৈ লওঁতেই নেপথ্যৰ পৰা মানুহ এজন প্ৰায় ল'ৰি অহাদি  ভাগৱতৰ কাষলৈ আহিছে।তেওঁক দেখিলেই ধৰিব পাৰি যে কিবা কথাত তেওঁ  ভীতিগ্ৰস্ত হৈ পৰিছে।তেওঁ ভাগৱতক কৈছে যে ক্ষন্তেক পূৰ্বে তেওঁ শৌচ কৰি থাকোঁতে ঘোঁৰা এটাই মানুহৰ মাতেৰে তেওঁক তাচ্ছিল্য কৰি আছিল।এই কথা শুনি ভাগৱত আচৰিত হ'ল।তেওঁ মানুহজনৰ  কথা বিশ্বাস কৰিব নোৱাৰিলে।ঘোঁৰা এটাই মানুহৰ দৰে মাত মাতিব,সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে?
         তেওঁলোকে এই বিষয়ে যুক্তি-তৰ্ক কৰি থাকোতে ঘোঁৰাটোৱে মঞ্চত প্ৰৱেশ কৰিছে।ঘোঁৰাটোৰ নাম হায়াবদনা।হায়াবদনাৰ মূৰটো মানুহৰ আৰু শৰীৰটো সাইলাথ ঘোঁৰাৰ দৰে। ভাগৱতে এই আচৰিত জীৱটোক দেখি আচৰিত হৈছে আৰু কৈছে এয়া নিশ্চয় কাৰোবাৰ অভিশাপৰ ফলত হোৱা।তেতিয়া হায়াবদনাই কৈছে যে,তাৰ মাক এগৰাকী ৰাজকুমাৰী আছিল।ৰাজকুমাৰীয়ে এটা ঘোঁৰাৰ প্ৰেমত পৰিছিল।পোন্ধৰ বছৰৰ তপস্যাৰ পাছত ঘোঁৰাটোৱে মানুহৰ শৰীৰ লাভ কৰিছিল আৰু আশা কৰিছিল যে ৰাজকুমাৰীয়ে এইবাৰ তেওঁৰ লগত বিয়া হ'বলৈ নিশ্চয় সন্মত হ'ব।কিন্তু ৰাজকুমাৰীয়ে  সেই প্ৰেমিকৰ মানৱ শৰীৰটো গ্ৰহণ কৰিব পৰা নাছিল।তেতিয়া তেওঁ ৰাজকুমাৰীক অভিশাপ দি ঘোঁৰালৈ পৰিণত কৰিছিল।ঘোঁৰালৈ ৰূপান্তৰিত হোৱাৰ পাছত ৰাজকুমাৰীয়ে এটি কেঁচুৱা জন্ম দিছিল।সেই কেঁচুৱাটিয়েই হায়াবদনা।এই কাহিনী শুনাৰ পাছত ভাগৱতে হায়াবদনাক কালীৰ মন্দিৰলৈ গৈ পূজা কৰিবলৈ উপদেশ দিছে।হায়াবদনা যোৱাৰ পাছতে ভাগৱতে মূল কাহিনী আৰম্ভ কৰিছে।
          দেৱদত্ত আৰু কপিলা দুয়ো অন্তৰংগ বন্ধু।দেৱদত্ত এজন কবি আৰু তেওঁ ভাৱৰ জগতত  বাস কৰে।জাতত তেওঁ ব্ৰাক্ষ্মন।তেওঁ সুন্দৰ,জ্ঞানী ,দয়ালু আৰু বুদ্ধিমান।আনফালে কপিলা দেখাত সুন্দৰ আৰু দেৱদত্তৰ দৰে জ্ঞানী,বুদ্ধিমান নহয় যদিও তেওঁৰ শাৰীৰিক গঠণ অত্যন্ত সুন্দৰ,কঠিন আৰু শক্তিশালী।জাতত তেওঁ ক্ষত্ৰিয়।মঞ্চত দেৱদত্ত চিন্তাক্লিষ্টভাৱে বহি আছে।তেওঁ পদ্মিনী নামৰ সুন্দৰী গাভৰু এজনীৰ প্ৰেমত পৰিছে ।কিন্ত এই কথা পদ্মিনীক ক'ব পৰা  নায়।তেনেতে তেওঁৰ অন্তৰংগ বন্ধু কপিলা তালৈ আহিছে আৰু তেওঁৰ চিন্তাৰ কাৰণ সুধিছে।দেৱদত্তৰ মুখেৰে তেওঁৰ প্ৰেমৰ কথা জানিব পাৰি কপিলাই পদ্মিনীৰ সন্ধানত যাত্ৰা কৰিছে ।।কপিলাই পদ্মিনীৰ সন্ধান লাভ কৰিছে আৰু দেৱদত্তৰ প্ৰেমৰ কথা তেওঁৰ আগত প্ৰকাশ কৰি দুয়োৰে বিয়া পাতি দিছে ।
         দেৱদত্ত আৰু পদ্মিনীৰ দাম্পত্য জীৱন আৰম্ভ হৈছে।দেৱদত্তৰ দৰে এজন জ্ঞানী,বুদ্ধিমান স্বামীক পাই পদ্মিনী সুখী হ'ল।তেওঁলোকৰ সংসাৰত কপিলাৰ সুসম্পৰ্ক পূৰ্বৰ দৰেই অটুত থাকিল।লাহে লাহে কপিলাৰ শাৰীৰিক গঠন আৰু সৌন্দৰ্যই পদ্মিনীক আকৰ্ষন কৰিবলৈ ধৰিলে।প্ৰকৃততে দেৱদত্তৰ শৰীৰে পদ্মিনীৰ কাম বাসনাক তৃপ্ত কৰিব পৰা নাছিল।সেয়ে পদ্মিনীয়ে কপিলাৰ শৰীৰটো পাবলৈ ব্যাকুল হৈ পৰিল।ফলত পদ্মিনী আৰু দেৱদত্তৰ সংসাৰত আউল লাগিবলৈ আৰম্ভ কৰিলে।দেৱদত্তয়ো পদ্মিনীৰ মনৰ দুৰ্বলতাৰ কথা লাহে লাহে জানিব পাৰিলে ।
         এদিন তিনিও একেলগে উজ্জয়নৰ মেলালৈ বুলি যাত্ৰা কৰিলে।বাটত কালীৰ মন্দিৰ এটা দেখি দেৱদত্তই  তেওঁৰ পত্নী পদ্মিনী আৰু বন্ধু কপিলাক বাটতে এৰি  মন্দিৰটোলৈ গ'ল সেৱা কৰিবলৈ। দেৱদত্তই  কালীদেৱীৰ মন্দিৰলৈ গৈ নিজৰ মূৰটো দেৱীৰ আগত কাটি পেলালে,কাৰণ তেওঁ পত্নী আৰু বন্ধু দুয়োকে গভীৰভাৱে ভাল পাইছিল।কাকো এৰি তেওঁ জীয়াই থাকিব নোৱাৰে।আনফালে বহুপৰলৈ দেৱদত্ত মন্দিৰৰ পৰা উভতি নহাত কপিলাই দেৱদত্তক বিচাৰি মন্দিৰ পালেগৈ আৰু মন্দিৰৰ ভিতৰত দেৱদত্তক শিৰচ্ছেদ অৱস্থাত তেজেৰে লুতুৰি-পুতুৰিকৈ পৰি থকা দেখা পালে।কপিলাৰ বাবেই দেৱদত্তই নিজৰ জীৱন আহুতি দিয়া বুলি জানি কপিলা অন্তৰ্দ্বন্দত ভূগিল আৰু নিজক তাৰ বাবে জগৰীয়া বুলি ভাৱি কপিলাইয়ো নিজৰ মূৰটো কাটি পেলালে। 
          কপিলাও বহু পৰলৈ উভতি নহাত এইবাৰ পদ্মিনী চিন্তিত হৈ পৰিল আৰু তেওঁলোকক বিচাৰি গৈ দুয়োকে মৃত অৱস্থাত দেখি দুখত মৰ্মাহত হৈ পৰিল।তেঁৱো নিজকে বলি দিবলৈ উদ্যত হ'ল।কিন্তু সেই সময়তে দেৱী কালী তাত আবিৰ্ভূত হ'ল আৰু পদ্মিনীক বাধা দিলে।দেৱীয়ে পদ্মিনীক ক'লে যে দেৱদত্ত আৰু কপিলাই   দেৱীৰ বাবে নিজক বলি দিয়া নাই,বলি দিছে কেৱল নিজৰ স্বাৰ্থৰ বাবে।তাৰ পাছতে দেৱীয়ে পদ্মিনীক ক'লে যে দুয়োৰে মূৰকেইটা পুনৰ শৰীৰত লগলগাই দিলেই তেওঁলোকে জীৱন ঘূৰাই পাব।সেইমতেই পদ্মিনীয়ে মূৰ কেইটা লগ লগাই দিলে।কিন্তু ভুলক্ৰমে(নে ইচ্ছাকৃতভাৱে?) দেৱদত্তৰ শৰীৰত কপিলাৰ মূৰ আৰু কপিলাৰ শৰীৰত দেৱদত্তৰ মূৰটোহে লাগিল।
          দেৱদত্ত আৰ কপিলাই মানৱ জীৱন ঘূৰাই পালে,কিন্তু প্ৰশ্ন হ'ল এতিয়া পদ্মিনীৰ প্ৰকৃত স্বামী কোনজন? কপিলা নে দেৱদত্ত?কপিলাৰ মূৰটোৱে যুক্তি দেখুৱায় যে তেওঁৰ শৰীৰটোৱে পদ্মিনীৰ গৰ্ভত থকা সন্তানটিক  সৃষ্টি কৰিছে,দেৱদত্তৰ মূৰটোৱে যুক্তি দেখুৱায় যে শৰীৰৰ দায়িত্ব মূৰটোৰ ওপৰত থাকে ,গতিকে দেৱদত্তইহে পদ্মিনীৰ প্ৰকৃত স্বামী।এই প্ৰশ্নৰ সমিধান বিচাৰি তেওঁলোক এজন সন্যাসীৰ ওচৰলৈ গ'ল।তেতিয়া সন্যাসীজনে ক'লে যে দেৱদত্তৰ মূৰটো থকা শৰীৰটোৱেই পদ্মিনীৰ প্ৰকৃত স্বামী।পদ্মিনী আৰু দেৱদত্ত ঘৰলৈ আনন্দ মনেৰে উভতি আহিল।কিন্তু কপিলাই মনৰ আঘাতত অৰণ্যতে অকলশৰে থাকিবলৈ সিদ্ধান্ত কৰিলে।
         নাটকৰ দ্বিতীয়  অংকত দেখা যায়-কেইমাহমানৰ পাছত পদ্মিনীয়ে এটি সন্তান জন্ম দিছে।লাহে লহে দেৱদত্তৰ শৰীৰটো দুৰ্বল হৈ পৰিবলৈ ধৰিছে।এতিয়া দেৱদত্তই পূৰ্বৰ দৰে পদ্মিনীক শাৰীৰিক তৃপ্তি প্ৰদান কৰিব নোৱাৰা হ'ল।ফলত আকৌ আৰম্ভ হ'ল দুয়োৰে মাজত সাংসাৰিক কন্দল।
          এদিন পদ্মিনীয়ে কেঁচুৱাটিক লৈ কপিলাৰ ওচৰলৈ গৈছে আৰু তেওঁৰ সৈতে সহবাস কৰি অতৃপ্ত বাসনা পূৰ্ণ কৰিছে।দেৱদত্তই আহি পদ্মিনীক তাত দেখা পাই খঙত উন্মত্ত হৈ উঠিছে আৰু কপিলাৰ সৈতে তৰোৱাল যুদ্ধত অৱতীৰ্ণ হৈছে।যুদ্ধত দুয়োৰে মৃত্যু হৈছে।দেৱদত্ত আৰু কপিলাৰ মৃত্যু হোৱাত পদ্মিনীয়েও তেওঁলোকৰ চিতাত আত্মজাহ দিছে।আত্মজাহ দিয়াৰ পূৰ্বে পদ্মিনীয়ে নিজৰ সন্তানটিক ভাগৱতৰ হাতত তুলি দিছে।
          নাটকখনত উত্থাপিত এটা চিৰন্তন প্ৰশ্ন এয়ে যে নাৰীয়ে পুৰুষৰ মাজত কি বিচাৰে?পুৰুষৰ জ্ঞান,বুদ্ধিমত্তা,শান্ত-শিষ্ট স্বভাৱ নে শক্তিশালী,পেশীবহুল শৰীৰ?নাৰীক কিহে  তৃপ্ত কৰে-কেৱল প্ৰেমে নে যৌনতাই?চিৰন্তন এই প্ৰশ্নৰ সমিধান নাটকখনে যেন দিবলৈ চেষ্টা কৰিছে।'হায়াবদনা' নাটকত দেখা যায় কপিলাই গৈ পদ্মিনীক দেৱদত্তৰ গুণ বখানি বিবাহৰ প্ৰস্তাৱ দিয়াৰ লগে লগে পদ্মিনীয়ে দেৱদত্তৰ সৈতে বিয়া হ'বলৈ সন্মত হৈছে।কাৰণ প্ৰতিগৰাকী নাৰীয়েই বিচাৰে দেৱদত্তৰ দৰে জ্ঞানী, বুদ্ধিমান, সাহিত্য-সংস্কৃতিপ্ৰাণ,উদাৰ হৃদয়ৰ পুৰুষক নিজৰ স্বামী হিচাপে পাবলৈ।কিন্তু দেৱদত্তৰ সৈতে সাংসাৰিক জীৱন কটোৱাৰ পাছত পদ্মিনীয়ে উপলদ্ধি কৰিছে তেওঁ যেন দেৱদত্তৰ সৈতে সুখী হ'ব পৰা নাই।কাৰণ,পদ্মিনীৰ দৰে নাৰীৰ যৌনাকাংক্ষাক তৃপ্ত কৰাৰ শক্তি দেৱদত্তৰ নাই।যৌন-জীৱনত অসুখী পদ্মিনী লাহে লাহে আকৰ্ষিত হ'বলৈ ধৰে কপিলাৰ কঠিন,পেশীবহুল শৰীৰৰ প্ৰতি।এই কথাত দেৱদত্ত ঈৰ্ষান্বিত হৈছে,তীব্ৰ মানসিক যন্ত্ৰণা আৰু নীচাত্মিকাবোধত ভূগিছে।দেৱদত্তৰ মানসিক স্থিতিয়ে এনে এক ৰূপ লৈছেগৈ যে অৱশেষত দেৱী কালীৰ মূৰ্তিৰ আগত নিজক বলি দিছে।
      দেৱদত্তই কপিলাৰ শৰীৰ লাভ কৰাত পদ্মিনী সন্তুষ্ট হ'ল।কাৰণ তেওঁ সেয়াই বিচাৰিছিল-এজন পুৰুষত দেৱদত্তৰ দৰে জ্ঞানী,দয়াবান,কবিপ্ৰাণ,শান্ত-শিষ্ট ব্যক্তিক আৰু লগতে কপিলাৰ দৰেই কঠিন,পেশীবহুল শৰীৰ যি দিব পাৰে অপাৰ যৌন তৃপ্তি।কিন্তু নাটকখনত দেখুওৱা হৈছে যে খুব সোনকালেই দেৱদত্তৰ শৰীৰ পুনৰ আগৰ দৰেই নিশকটীয়া আৰু দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰিছে,কাৰণ দেৱদত্তৰ মন-মস্তিষ্কই কপিলাৰ সেই প্ৰকাণ্ড শৰীৰৰ বোজা বহন কৰিব পৰা নাই।মন-মস্তিষ্ক আৰু শৰীৰৰ মাজত যে এক প্ৰকাৰৰ ভাৰসাম্যতাৰ খুবেই প্ৰয়োজন-বৈজ্ঞানিকভাৱেও সত্য এই কথাষাৰকে নাটকখনত সুন্দৰ ৰূপত তুলি ধৰা হৈছে।আনফালে কপিলাই দেৱদত্তৰ দুৰ্বল ,নিশকটীয়া শৰীৰ পালেও কঠোৰ মেহনতেৰে তেওঁ  সেই শৰীৰক পুনৰ সুন্দৰ-সুঠাম আৰু পেশীবহুল কৰি তুলিছে।পদ্মিনীৰ অতৃপ্ত বাসনাই কপিলাৰ সেই শৰীৰৰ প্ৰতি আকৌ আকৰ্ষিত হৈছে আৰু তেওঁ কপিলাৰ সৈতে যৌন সম্ভোগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।কপিলাই এই কথাত মান্তি নোহোৱাত পদ্মিনীয়ে যুক্তি দৰ্শাই কৈছে যে কপিলাই তেওঁৰ সন্তানৰ প্ৰকৃত  আৰু ন্যায়সংগত পিতৃ।কাৰণ কপিলাই বহন কৰি থকা দেৱদত্তৰ শৰীৰৰ পৰা নিৰ্গত বীৰ্যৰ পৰাই পদ্মিনী গৰ্ভৱতী হৈছিল।পদ্মিনীৰ কাতৰ আহ্বান আৰু যোন -নিৱেদনক কপিলাই অনিচ্ছা সত্বেও উপেক্ষা কৰিব পৰা নাই আৰু  পদ্মিনীৰ সৈতে সংগমত লিপ্ত হৈছে।
       নাটকৰ শেষৰ ফালৰ দৃশ্যত দেখা যায়,তৰোৱাল যুদ্ধত অৱতীৰ্ণ হোৱা দেৱদত্ত আৰু কপিলা দুয়োৰে মৃত্যু হোৱাত পদ্মিনীয়েও অৱশেষত তেওঁলোকৰ চিতাতে আত্মজাহ দি মৃত্যুক আকোঁৱালী লৈছে।ইয়াৰ প্ৰতীকি তাৎপৰ্য এয়ে যে ইয়াৰ মাজেৰেও যেন নাট্যকাৰে প্ৰকাশ কৰিব বিচাৰিছে-নাৰী আৰু পুৰুষৰ সুষম সম্পৰ্ক অবিহনে জীৱন কেতিয়াও সম্পূৰ্ণ বা অৰ্থপূৰ্ণ হ'ব নোৱাৰে।ইয়াৰ পাছতে দেখা যায়-মঞ্চত হায়াবদনা নামৰ ঘোঁৰাটোৰ প্ৰৱেশ।ঘোঁৰাটোৱে ভাগৱতৰ কাষলৈ আহি মানুহৰ মাতেৰে কৈছে যে দেৱী কালীৰ আশীৰ্বাদত তেওঁ ঘোঁৰাৰ পূৰ্ণ শৰীৰ লাভ কৰিছে যদিও মাতটো মানুহৰ দৰেই হৈ আছে।এই বুলি কৈ ঘোঁৰাটোৱে মানুহৰ মাতেৰে ৰাষ্ট্ৰীয় সংগীত গাইছে।ঘোঁৰাটোৱে ৰাষ্ট্ৰীয় সংগীত গোৱা শুনি পদ্মিনীয়ে ভাগৱতৰ হাতত অৰ্পন কৰা কেঁচুৱাটিয়ে জোৰেৰে হাঁহিবলৈ ধৰিছে।কেঁচুৱাটিয়ে হঁহা দেখি ঘোঁৰাটোৱেও হাঁহে আৰু হাঁহোতে হাঁহোতে তাৰ মাতটো লাহে লাহে ঘোঁৰাৰ মাতলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছে।ইমানতে নাটকখনৰ সামৰণি ।হাঁহি আৰু আনন্দৰ মাজেৰেই নাটকখনিৰ সামৰণি যদিও দৰ্শকৰ মনত দেৱদত্ত,কপিলা আৰু পদ্মিনীৰ ত্ৰিকোণ প্ৰেমৰ কাহিনীয়ে এটা দুখৰ ছাঁ পেলাই থৈ যায়।দৰ্শকৰ মনত বাজি থাকে সেই এটাই চিৰন্তন প্ৰশ্ন -নাৰীয়ে প্ৰকৃততে কি বিচাৰে?মানুহ মানসিক আৰু শাৰীৰিকভাৱে পূৰ্নাংগ হ'ব পাৰেনে?অথবা নাৰী কেৱল এজন পুৰুষতে সন্তুষ্ট হৈ থাকিব পাৰেনে?
        গিৰিশ কৰনাডৰ নাটকসমূহৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল এই যে ইতিহাস আৰু আখ্যানৰ ভিত্তিত আধুনিক চিন্তা-দৰ্শনেৰে সমসাময়িক সমস্যাৱলীক লৈ তেওঁ নাটকসমূহ  ৰচনা কৰিছিল।'হায়াবদনা' ইয়াৰ উৎকৃষ্ট উদাহৰণ।একাদশ শতিকাত ৰচিত' কথাচৰিত সাগৰ'ৰ এটা কাহিনীক আধুনিক পৰিমণ্ডলত নতুনকৈ সজাই নাটকৰ ৰূপত তুলি ধৰাৰ লগে লগে অতৃপ্ত নাৰী মনস্তত্বৰ এটা জটিল দিশ উন্মোচিত কৰাতেই গিৰিশ কৰনাডৰ আধুনিক আৰু প্ৰগতিশীল চিন্তা-দৰ্শন আৰু নাট্য-প্ৰতিভাৰ অপূৰ্ব দক্ষতা প্ৰতিফলিত হৈ উঠিছে।(সমাপ্ত)


No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...