Tuesday, December 8, 2020

সাম্প্ৰদায়িকতাৰ উৰ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন আৰু সৃষ্টি

সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন 
আৰু সৃষ্টি
                                                              -বীৰ্কে বি. থাপা

      ব্যক্তিগত জীৱনত সাহিৰ লুধিয়ানৱী আছিল তেনেই উচ্ছৃংখল আৰু বেপৰুৱা।এক বহেমিয়ান লাইফ ষ্টাইল আকোঁৱালী লোৱা এই গৰাকী কবিয়ে নিজক উটুৱাই দিছিল কেৱল চিগাৰেটৰ ধোঁৱা আৰু বন্ধুবৰ্গৰ সৈতে মদৰ আড্ডাত।কিন্তু কোনেও ক'ব নোৱাৰাকৈ তেওঁ হৃদয়ত কঢ়িয়াই লৈ ফুৰিছিল অলেখ দু:সহ যন্ত্ৰণাৰ ভাৰ।জীৱনৰ পদে পদে পাই অহা দুখ আৰু যন্ত্ৰণাৰ সৈতে আজন্ম সংগ্ৰাম কৰি যোৱা সাহিৰ লুধিয়ানৱীয়ে বন্ধুবৰ্গৰ সৈতে মাজনিশালৈকে মদ খাই আড্ডা পিটি কটাই দিলেও নিজৰ সৃষ্টি প্ৰতিভাক কেতিয়াও ধ্বংস হ'বলৈ দিয়া নাছিল।
      মাথোঁ বাইশ বছৰ বয়সত তেওঁ লুধিয়ানাৰ পৰা লাহোৰলৈ আহিছিল নিজৰ প্ৰথমখন কবিতাপুথি 'তলখিয়াঁ 'প্ৰকাশ কৰাৰ উদ্দেশ্যে।সেই সময়ছোৱাত 'কবি' হোৱাৰ এটা বাসনা তেওঁৰ জাগি উঠিছিল।কবিতাপুথিখন প্ৰকাশ হৈ   ওলোৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি  পৰিছিল আৰু এই খ্যাতিৰ বাবেই প্ৰসিদ্ধ উৰ্দু পত্ৰিকা 'আদৱ -এ-লতীফ' আৰু 'শাহকাৰ 'ৰ তেওঁ সম্পাদক নিযুক্ত হৈছিল।
      লাহোৰৰ যিট়ো এলেকাত তেওঁ বাস কৰিছিল তাত চৌদিশে কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছিল।সেই কট্টৰ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বাস কৰি তেওঁ সুখী হ'ব পৰা নাছিল।কাৰণ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত সদায়ে তেওঁ মানৱতাৰ বিষয়টোত অধিক গুৰুত্ব দিছিল।ইতিমধ্যে তেওঁৰ লেখাসমূহে কট্টৰপন্থীসকলৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু  তেওঁৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছিল।জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁ সঘনে স্থান পৰিৱৰ্তন কৰিবলগীয়া হৈছিল যদিও বিদ্ৰোহী লেখাসমূহ লিখিবলৈ এৰা নাছিল।'সৱেৰা' আৰু 'প্ৰীতলড়ী' নামৰ দুখন বাতৰি কাকত তেওঁ নিজে সম্পাদনাও কৰিবলৈ লৈছিল।'সৱেৰা' কাকতত প্ৰকাশিত তেওঁৰ বিদ্ৰোহী লেখাসমূহৰ বাবে পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰী কৰাত আত্মৰক্ষাৰ বাবে তেওঁ  দিল্লীলৈ পলাই যাবলৈ বাধ্য হৈছিল।কিন্তু দিল্লীতো তেওঁৰ জীৱন সুৰক্ষিত নাছিল।
      দিল্লীত দুমাহ থকাৰ পাছত সাহিৰ লুধিয়ানৱী বোম্বাইলৈ যায় আৰু বোম্বাইৰ চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।বোম্বাইৰ এটা অখ্যাত গলিৰ সৰু এটা ঘৰত থাকি তেওঁ সংগ্ৰাম কৰি গৈছিল।এই সময়ছোৱাত তেওঁ বাতৰি কাকতত বিদ্ৰোহী গীত,কবিতা,শায়েৰী আৰু গজল লিখাত মনেনিৱেশ কৰিছিল।ইতিমধ্যে তেওঁৰ প্ৰথম কবিতাপুথি 'তলখিয়াঁ 'ৰ উৰ্দু সংস্কৰণ একৈশবাৰ আৰু হিন্দী সংস্কৰণ এঘাৰবাৰ প্ৰকাশ হৈ পাইছিল।
      সাহিৰ লুধিয়ানৱীৰ প্ৰকৃত নাম আছিল আব্দুল হাৱী।1921 চনৰ ওঠৰ মাৰ্চ তাৰিখে লুধিয়ানাৰ এক আঢ্যৱন্ত ঘৰত জন্ম হোৱা সাহিৰৰ ল'ৰালি কাল সুখ-স্বাচ্ছন্দ্যৰ মাজত অতিবাহিত হৈছিল যদিও দেউতাকৰ দুৰ্বল চৰিত্ৰ আৰু বিলাসী জীৱনৰ প্ৰতি অতীষ্ঠ হৈ মাকে বিবাহ বিচ্ছেদ ঘটাই বেলেগে থাকিবলৈ লোৱাৰ পাছৰে পৰাই তেওঁৰ জীৱনলৈ বিপৰ্যয় নামি আহিছিল।জীৱনৰ কঠিনতম দিনবোৰত তেওঁৰ শিক্ষা-দীক্ষা ,ভৰণ-পোষণ আদিৰ বাবে মাকে নিজৰ সা-সম্পত্তি,আ-অলংকাৰ সকলো বেচিবলগীয়া হোৱা অৱস্থা তেওঁ লক্ষ কৰিছিল।আনফালে, দেউতাকে তেওঁক মাকৰ বুকুৰ পৰা কাঢ়ি নি হত্যা কৰাৰ ভাবুকি দিছিল।সেয়ে এক প্ৰকাৰৰ ভয়,সংশয় আৰু ত্ৰাসৰ মাজত তেওঁ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ কটাবলগীয়া হৈছিল।অশেষ কষ্টৰ মাজেৰে তেওঁ কলেজলৈকে পঢ়িছিল যদিও কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল।
      কবি হোৱাৰ বাসনাৰে লুধিয়ানাৰ পৰা লাহোৰলৈ আহি সাহিৰে তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি পৰিছিল যদিও বোম্বাই চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ তেওঁ যি সপোন দেখিছিল সেয়া বাস্তৱিকতে বৰ সহজ নাছিল।বোম্বাইৰ এটা অখ্যাত গলিত থাকি তেওঁ গীত লিখিছিল আৰু নিতৌ প্ৰযোজক-পৰিচালকৰ ঘৰলৈ দৌৰিছিল।সংঘাত-সংঘৰ্ষেৰে জৰ্জৰিত সেই দিনবোৰত তেওঁ অত্যন্ত মদ্যপান কৰিছিল আৰু এটা উচ্ছৃংখল জীৱন কটাইছিল।বন্ধুবৰ্গৰ সৈতে দিনৰ দিনটো আৰু মাজ নিশালৈকে আড্ডা পিটি থকাই আছিল তেওঁৰ কাম।খোৱা-বোৱা ,পিন্ধা-উৰা কোনো কথাতে তেওঁৰ লাগ-বান্ধ নাছিল।সমসাময়িক প্ৰকাশ পণ্ডিতৰ মতে,তেওঁ আছিল বহেমিয়ান স্বভাৱৰ লোক।পুৱা এঘাৰ বজাৰ আগতে তেওঁ কেতিয়াও শুই নুঠিছিল।শুই উঠাৰ লগে লগে বেমাৰী আৰু বৃদ্ধা মাকে দিয়া চাহ-কাপ খাই তেওঁ হাত-মুখ ধুইছিল আৰু দিনটো অনৰ্গল কথা কৈ গৈছিল।মাজ নিশালৈকে তেওঁৰ মুখ জাপ নাখাইছিল।চিগাৰেটৰ পাছত চিগাৰেট ,মদৰ পাছত মদ খাই খাই তেওঁ বন্ধুবৰ্গৰ সৈতে আজে-বাজে কথাৰ আড্ডা পিটিছিল,কেতিয়াবা শ্বেৰ-শায়েৰী ,গজলৰ মেহফিল বহুৱাইছিল।কোনো ফিল্মৰ বাবে গীত লিখি পোৱা সমস্ত টকা তেওঁ বন্ধুবৰ্গৰ ওপৰতে ঢালি দিছিল।
      মদৰ আড্ডা মাজনিশালৈকে চলাৰ পাছত এজন এজনকৈ সকলো গুচি যোৱাৰ পাছত যেতিয়া তেওঁ অকলশৰীয়া হৈ পৰিছিল ,তেতিয়া বহু সময় ধৰি অস্থিৰভাৱে বিচনাত চটফটাই থকাৰ পাছত লাহেকৈ টোপনি গৈছিল।অকলশৰীয়া মূহুৰ্তবোৰ তেওঁৰ বাবে আছিল অসহনীয়।নিজৰ এই অসহনীয় নিৰ্জনতাৰ সময়খিনিতো কাৰোবাৰ উপস্থিতি তেওঁৰ বাবে আছিল অত্যন্ত প্ৰয়োজনীয়।সেয়ে দৰমহা দি তেওঁ সকলো সময়তে লগত থকাকৈ এজন মানুহ ৰাখিছিল।মানুহজনৰ কাম আছিল নিশা সকলো বন্ধুবৰ্গ গুচি যোৱাৰ পাছতো তেওঁ সাহিৰৰ কোঠাত মজুত থাকিব লাগিব আৰু শুনি থাকিব লাগিব সাহিৰৰ মুখৰ অনৰ্গল বকবকনি।দিনটোত লগ পোৱা বিভিন্ন জনৰ কথাবোৰ তেওঁ পৰ্যালোচনা কৰিছিল আৰু তেওঁলোকৰ মূঢ়তাক ব্যংগ কৰিছিল।সেই সময়ত তেওঁ  সংসাৰৰ সকলো মানুহক তেনেই মুৰ্খ আৰু তুচ্ছ যেন অনুভৱ কৰিছিল।তেনে মুৰ্খ আৰু 'মতলবী' বন্ধুবৰ্গৰ বাবে  নিজৰ অমূল্য সময় আৰু টকা-পইচা খৰচ কৰাৰ বাবে তেওঁ অনুশোচনা কৰিছিল আৰু ভৱিষ্যতে খৰচ নকৰাৰ সংকল্প কৰিছিল।কিন্তু পাছদিনা তেওঁলোকক লগ পোৱাৰ লগে লগে আগনিশা লোৱা সকলো সিদ্ধান্তৰ কথা তেওঁ পাহৰি গৈছিল আৰু আকৌ আগৰ দৰেই মদৰ বটল খুলি আড্ডা পিটিবলৈ  বহি গৈছিল।
      নিজৰ খোৱা-বোৱা ,পিন্ধা-উৰাৰ সম্পৰ্কত তেওঁ আছিল সম্পূৰ্ণৰূপে বেপৰুৱা।জীৱনৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁ কেতিয়াও ল'ব নোৱাৰিছিল।তেওঁৰ এনে স্বভাৱৰ বাবে বন্ধুবৰ্গই কেতিয়াবা তেওঁক নাভূত-নাশ্ৰুত কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দি বহুৱা সজাইছিল।দুপৰীয়াৰ আহাৰত আইচক্ৰিম পৰ্যন্ত তেওঁক খুৱাইছিল।বন্ধুবৰ্গই যি কৈছিল তেওঁ তাকেই কৰি গৈছিল।নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁ ইমানেই বেপৰুৱা আছিল যে চিকিৎসকৰ পৰামৰ্শকো আওকাণ কৰি তেওঁ জীৱনৰ শেষ বয়সলৈকে চিগাৰেট আৰু মদ এৰা নাছিল।ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।
      ইতিমধ্যে বোম্বাইৰ চলচিত্ৰ জগতত তেওঁ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।খাজা আহমদ আব্বাছ, গুলজাৰ, খায়াম,চৰ্দাৰ জাফৰি,লতা মংগেশকাৰ ,কিশোৰ কুমাৰ ,মহেন্দ্ৰ কাপুৰ,দিলীপ কুমাৰ আদিৰ দৰে চলচিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সৈতে তেওঁৰ পৰিচয় আৰু অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠিছিল।পঞ্চাশ আৰু ষাঠীৰ দশকত -ধুল কা ফুল,বৰষাত কে ৰাত ,গুমৰাহী, কভি কভি ,তাজমহল,নয়া দৌৰ,প্যাসাঁ আদিৰ দৰে অলেখ ছবিৰ বাবে তেওঁ গীত লিখিছিল।তেওঁ লিখা- চল’ এক বাৰ হম অজনবী  বন জায়েঁ, মেই পল দ’ পল কে শায়ৰ , কভি কভি মেৰে দিল মে খয়াল আতা হে ,খ'য়া খ'য়া চান্দ খুলা আচমান, তেৰে ঘৰ কে সামনে এক ঘৰ বনাওঁগা , দিল কা ভঁৱৰ কৰে পুকাৰ আদি গীত অত্যন্ত জনপ্রিয় হৈ উঠিছিল।
      খ্যাতি আৰু জনপ্রিয়তাৰ লগে লগে সাহিৰ লুধিয়ানৱীৰ জীৱনলৈ গাড়ী ঘোঁৰা, বঙলা,ধন-ঐশ্বর্য সকলাে আহিছিল।গীত ৰচনাৰ লগে লগে তেওঁ সুৰ সংযােজনাৰ কামতো ব্যস্ত হৈ পৰিছিল।লাহে লাহে ছবিৰ পৰিচালনা আৰু প্রযােজনা কৰা কামতো তেওঁ হাত দিছিল। অৱশ্যে এই কথা সত্য যে, সাহিৰ লুধিয়ানৱী প্রযােজক-পৰিচালক হিচাপে বিশেষ সফল হ’ব পৰা নাছিল।সফলতা তেওঁ লাভ কৰিছিল গীত ৰচনাৰ জৰিয়তেহে। সঁচা অৰ্থত চলচিত্র জগতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল সাহিৰ লুধিয়ানৱীয়ে।চলচিত্র সমালােচক সকলৰ মতে তেওঁৰ গীতসমূহ আছিল সেই সময়ৰ চলচিত্ৰসমূহৰ প্রাণ বা অাত্মা স্বৰূপ।
      সমগ্র জীবন তেওঁ অবিবাহিত ৰূপতে অতিবাহিত কৰিছিল। প্রেম তেওঁৰ জীৱনলৈ অহা নাছিলনে? প্রেমৰ দুঃসহ যন্ত্রণা বুকুত নাথাকিলে কেনেদৰে তেওঁ লিখিব পাৰে হৃদয় স্পৰ্শী সেই কবিতা-শ্বেৰ-শায়েৰী-গজল?
      লাহোৰত অনুষ্ঠিত হােৱা কবি  সন্মিলন এখনত তেওঁ লগ পাইছিল অমৃতা প্রীতমক। প্রসিদ্ধ পাঞ্জাৱী লেখিকা অমৃতা প্রীতমে নিজৰ আত্মজীৱনীমূলক গ্রন্থ The Revenue Stamp ত সেই প্ৰেমৰ কথা উল্লেখ কৰিছে।তেওঁ লিখিছে- 'মই জনা নাছিলোঁ সেয়া সাহিৰৰ কবিতাৰ সুৰ আছিল নে সেই নীৰৱ দুচকুৰ যাদু যি মােক মুগ্ধ কৰিছিল। ....কবি সন্মিলন শেষ হােৱাৰ লগে লগে টোপা টোপে বৰষুণ পৰিছিল। মই ক'ব নােৱাৰাকৈয়ে সেইদিনা ভাগ্যই মােৰ মনৰ মাটিডৰাত প্ৰেমৰ গুটি এটা সিঁচি দিছিল।'
      অমৃতাৰ সৌন্দৰ্যৰ কমনীয়তাত সাহিৰো মুগ্ধ হৈছিল।
কিন্তু সমাজৰ কঠোৰ নিয়মৰ বাবে সেই প্ৰেম আগবঢ়া নাছিল।অমৃতাৰ কাষ চাপি যােৱাৰ সাহস তেওঁ কৰিব পৰা নাছিল। বিফল প্রেমৰ বেদনা বুকুত সাৱটি সাহিৰ লাহােৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা বােম্বাইলৈ গুছি আহিছিল।আনফালে দাম্পত্য জীৱনত অসুখী অমৃতাৰ জীৱনলৈ সোমাই আহিছিল আন এজন প্ৰেমিক - চিত্ৰকৰ ইমৰোজ।ইমৰোজৰ সৈতে অমৃতাৰ প্ৰেম সম্পৰ্ক জীৱনৰ শেষ দিন পৰ্যন্ত আছিল।অমৃতা প্ৰীতমৰ জীৱনত ইমৰোজৰ প্ৰভাৱ আছিল অপৰিসীম।সেয়া এক অন্য প্ৰসংগ।
      লাহোৰৰ কবি সন্মিলনত লগ পোৱা ঘটনাৰ বিশ বছৰৰ পাছত সাহিৰে অমৃতাক পুনৰ লগ পাইছিল দিল্লীত। অমৃতা সেই সময়ত নিজৰ দুই পুত্ৰৰ সৈতে দিল্লীত স্থায়ীভাৱে বাস কৰি আছিল ।অমৃতাৰ আগত সাহিৰে বিশ বছৰ আগৰ কথা উল্লেখ কৰি কৈছিল-' মই লাহােৰত  থকা কালছোৱাত প্ৰায়েই তােমালােকৰ ঘৰৰ ওচৰলৈ গৈছিলােঁ আৰু তিনি আলিৰ মূৰৰ চুকটোত থকা পান দোকানখনৰ কাষত থিয় হৈ কেতিয়াবা পান, কেতিয়াবা চিগাৰেট খাইছিলোঁ অথবা কেতিয়াবা চ'ডা পানীৰ গিলাচ হাতত লৈ বহুপৰ কটাই দিছিলােঁ। তাৰ পৰাই তােমাৰ কোঠাৰ সেই বাটৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ ফালে চাই ৰৈছিলোঁ..'।
      সাহিৰ লুধিয়ানৱীয়ে অমৃতা প্রীতমক পুনৰ অন্তৰংগ ভাৱে লগ পাইছিল। কিন্তু তেওঁ মৰ্যাদা লংঘন কৰা নাছিল।অমৃতাৰ সৈতে সদায়ে বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি চলিবলৈ তেওঁ চেষ্টা কৰিছিল। The Revenue Stamp ত অমৃতাই লিখা কথাবোৰৰ পৰা জানিব পৰা যায় যে সাহিৰ-অমৃতাৰ প্রেম আছিল দৈহিক সম্পর্ক ৰহিত এক অনন্য প্রেম ।এদিনৰ ঘটনা উল্লেখ কৰি অমৃতা প্রীতমে  লিখিছে— 'এদিন সাহিৰ যেতিয়া আহিছিল তেতিয়া তেওঁৰ গাত জ্বৰ আছিল।সেইদিনা মই তেওঁৰ ডিঙি আৰু  বুকুত ভিক্স ঘঁহি  দিছিলাে। সেই সময়ত এনে লাগিছিল যেন তেওঁৰ বুকুত এনেদৰে হাতৰ তলুৱাৰে মালিচ কৰি কৰি মই গােটেই জীৱন পাৰ কৰি দিব পাৰিম। মােৰ অন্তৰৰ এই নাৰী সত্বাক প্রকাশ কৰিবলৈ পৃথিৱীৰ কোনাে কাগজ-কলমৰ আৱশ্যক নাই।'
      কিন্তু ইমৰােজৰ সৈতে থকা থকা অমৃতাৰ প্ৰেম-সম্পৰ্কৰ কথা জানিব পাৰি তেওঁ আহত হৈছিল।সেই সম্পর্কক তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।তেওঁ ডুব গৈছিল মদৰ নিচাত।
      সাহিৰ লুধিয়ানৱীৰ জীৱনত আৰু এগৰাকী নাৰী অহাৰ কথা জনা যায়। তেওঁ আছিল সেই সময়ৰ প্রসিদ্ধ গায়িকা আৰু অভিনেত্রী সুধা মালহােত্রা। এই প্রেমাে তেওঁৰ জীৱনত সফল হােৱা নাছিল। প্ৰেমৰ বিফলতাই তেওঁৰ হৃদয়ত যি যন্ত্রণা দিছিল সেই যন্ত্রণাক তেওঁ যেন প্রকাশ কৰিব বিচাৰিছিল গীত আৰু কবিতাৰ মাজেৰে।
যি সময়ত সাহিৰ লুধিয়ানৱীৰ নাম এগৰাকী উর্দু কবি বা 'শায়ৰ' আৰু গজলৰ 'ফনকাৰ' ৰূপে প্রসিদ্ধ হৈ উঠিছিল সেই সময়ত ইকবালৰ পৰৱৰ্তী কবি ফিৰাক,ফৈজ,মজাজ আদিৰ কবিতা মানুহৰ মুখে মুখে আছিল।গতিকে স্বাভাৱিকতে এই সকল কবিৰ প্রভাৱ তেওঁৰ প্ৰথমাৱস্থাৰ কবিতা সমূহত নপৰাকৈ থকা নাছিল। কিন্তু ক্রমে ক্রমে তেওঁৰ কবিতাত চিন্তাৰ মৌলিকত্ব আৰু ভাৱৰ গভীৰতাই এক নতুন মাত্রা প্রদান কৰিছিল।ব্যক্তিগত প্ৰেমৰ যন্ত্ৰণাক তেওঁ হৃদয়স্পৰ্শী ৰূপত গীত আৰু কবিতাৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছিল।তেওঁ লিখিছিল-' মেৰা ত কুছ ভী  নেহী, মেই ৰ' ৰ' কে জী লুংগা/মগৰ খােদা কে লিয়ে তুম গম ন ৰহ’ /হুৱা হী ক্যা জ' জমানে নে তুমক' ছিন লিয়া/ য়াহাঁ পে কৌন হুৱা হে' কিসকা ?'
      প্ৰেমৰ অন্ধগলিত বাট হেৰুৱাই সাহিৰ লুধিয়ানৱীয়ে সাময়িকভাৱে এটা লক্ষ্য আৰু আদৰ্শহীন,উচ্ছৃৃংখল জীৱন অতিবাহিত কৰিলেও তেওঁ ক্রমাম্বয়ে কঠোৰ বাস্তৱক আঁকোৱালী ল'বলৈ শিকিছিল। ' দিল ক' হৰ তৰহ সে বৰবাদ  কিয়া হে’ মেইনে ' বুলি কোৱাৰ পাছতো  তেওঁ উপলদ্ধি কৰিলে - ' ইস্ক নাকাম সহী/জিন্দগী নাকাম নহী '  ।
      চহৰৰ সুউচ্চ অট্টালিকাৰ তলত বাস কৰা গৃহহীন নাঙঠ, ভোকাতুৰ  শিশুবোৰৰ আৰ্তচিৎকাৰ,কল-কাৰখানাত অবিশ্ৰান্তভাৱে কাম কৰি যোৱা  শ্ৰমিকৰ দুখ-যন্ত্ৰণা, বদনাম গলিত বিক্ৰী হৈ যোৱা যৌৱনৰ অপমৃত্যু ,সমাজৰ ব্যভিচাৰ, মানৱতাৰ স্খলন আদিয়ে সাহিৰৰ চকু মুকলাই দিলে।তেওঁ লিখিলে- ' য়ে কাৰখানো  মে লোহে কা শৌৰগুল /জিসমে হে দফন লাখ গৰীৱ' কী ৰুহ কা নগমা/য়ে গম বহুত হে মেৰি জিন্দগী মিটানে কো/উদাস ৰুহকে মেৰে দিল কো/তুমহাৰে গম কে সিৱা ঔৰ ভী গম হে..'।
      স্বত:স্ফূৰ্তভাৱে  সাহিত্যৰ প্ৰগতিশীল  ধাৰা তেওঁৰ পৰৱৰ্তী কালৰ গীত আৰু কবিতাসমূহত স্পষ্টভাৱে ধৰা দিছিল। 1947 চনৰ দেশ বিভাজনৰ পাছতো সাহিৰ লুধিয়ানৱী সাম্প্ৰদায়িকতাৰ  উৰ্ধত এগৰাকী মানৱ দৰদী কবি হিচাপে  ভাৰতৰ শত সহস্ৰ শ্ৰমজীৱি জনতাৰ দুখ যন্ত্ৰণাৰ সৈতে একাত্ম হৈ পৰিছিল।সেই সময়ত তেওঁ  লিখা ' সাথী হাথ বঢ়ানা'ৰ দৰে গীত মেহনতী জনতাৰ বাবে এক নতুন উদ্যম আৰু প্ৰেৰণা স্বৰূপ হৈ উঠিছিল।আন এটি গীতত তেওঁ লিখিছিল-
       সদিয়ঁ তক চুপ ৰহনে ৱালে ,অব অপনা হক
       লেকে ৰহেংগে
       জ কৰনা হে খুলকে কৰেংগে,জ কহনা হে 
       সাফ কহেংগে
       জীতে জী ঘুঁত ঘুঁত কৰ মৰনা 
       ইস য়ুগ কা  দস্তুৰ নেহি....
      পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্যায় আৰু অবিচাৰৰ বলি হৈ  নাৰী উপভোগৰ সামগ্ৰী হৈ পৰা তেওঁ যেতিয়া  দেখিছিল তেতিয়া সমস্ত পুৰুষ জাতিকে ভৎসৰ্না কৰি তেওঁ লিখিছিল-"ঔৰত নে জনম দিয়া মৰ্দ কো/মৰ্দ নে উসে বাজাৰ দিয়া/জৱ জী চাহা মচলা কুচলা/জৱ জী চাহা দুৎকাৰ দিয়া...'।
      জীৱনৰ সুদীৰ্ঘ কাল বোম্বাইত থাকি তাৰ অলিয়ে গলিয়ে বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্য প্ৰত্যক্ষ কৰা সাহিৰ লুধিয়ানৱীয়ে কোনো কালেই সাম্প্রদায়িক সংঘৰ্ষ,হিন্দুস্তান-পাকিস্তানৰ বিভাজন আদি বিষয়বোৰক অন্তৰেৰে মানি ল'ব পৰা নাছিল।সেই বাবেই দেশ বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গৈয়ো আকৌ উভতি আহিছিল আৰু  মৃত্যুৰ শেষ দিন পর্যন্ত ভাৰতবৰ্ষতে বাস কৰিছিল।মাৰ্ক্সবাদত গভীৰ আস্থা ৰখা কবি সাহিৰ লুধিয়ানৱীয়ে হিন্দুস্তান আৰু পাকিস্তান দুয়োখন দেশকে নিজৰ দেশ বুলি আকোঁৱালী লৈছিল।সাম্প্ৰদায়িকতাৰ বিৰূদ্ধে তেওঁ লিখা এটি গীত আছিল -' তু হিন্দু বনেগা না মুছলমান বনেগা/ইনসান কী  ঔলাদ হে /ইনসান বনেগা /...মালিক নে হৰ ইনসান কো ইনসান বনায়া/হমনে ওসে হিন্দু য়া মুছলমান বনায়া..' ।
      জীৱনৰ শেষৰ ফালে নিজৰ জীৱনলৈ পৰোৱা নকৰি তেওঁ যন্ত্ৰণাৰ উপশম ঘটাবলৈ অত্যাধিক মদ্যপান কৰিছিল যাৰ বাবে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল আৰু 1980 চনৰ 25 অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।কিন্তু নিজক 'শায়ৰ' অৰ্থাৎ কবি কৰি তােলাৰ যি সুতীব্র ইচ্ছা বুকুত বান্ধি লুধিয়ানাৰ আব্দুল হাৱী এদিন বােম্বাইলৈ আহিছিল সেই ইচ্ছা তেওঁৰ পূৰ্ণ হৈছিল। তেওঁৰ গীত আৰু কবিতা সমূহ ইংৰাজী, ৰুচ, আৰবী, ফার্চী, চেক আদি বিভিন্ন ভাষালৈ অনুদিত হৈছিল। 'তাজমহল’ ছবিৰ 'জ' ৱাদা কিয়া ৱহ নিভানা পৰেগা ’ গীতৰ বাবে তেওঁ লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্রেষ্ঠ সন্মান। তাৰোপৰি তেওঁ লাভ কৰিছিল 'ছােভিয়েত নেহৰু এৱাৰ্ড ' আৰু 'উর্দু একাডেমী এৱাৰ্ড'।ভাৰত  চৰকাৰে ১৯৭১ চনত সাহিৰ লুধিয়ানৱীক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছিল। ভাৰত-পাক যুদ্ধৰ সময় ছােৱাত ভাৰতীয় সেনা বাহিনীয়ে সীমান্তৰ এটা চকীৰ নামকৰণো কৰিছিল তেওঁৰ নামেৰে। তেওঁৰ মৃত্যুত মহেন্দ্র কাপুৰে কৈছিল— 'I don't think a writer like Sahir Ludhiyanvi will be born again. ।(সমাপ্ত)







No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...