Tuesday, December 8, 2020

অ' মোৰ সুৱদী মাত

 অ' মোৰ সুৱদী মাত....
                                                             -বীৰ্কে বি. থাপা

         মাতৃভাষা বুলি ক'লে সাধাৰণতে জন্মদাতৃ আইৰ মুখৰ  ভাষাকে বুজোঁ যাৰ দ্বাৰা আমি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ।কেৱল মনৰ ভাৱ প্ৰকাশ কৰিবলৈকে নহয়,চিন্তা কৰিবলৈয়ো আমাৰ ভাষাৰ প্ৰয়োজন হয়।চিন্তা নকৰাকৈ কোনো মানুহেই থাকিব নোৱাৰে।কিন্তু কি ভাষাৰে মানুহে চিন্তা কৰে?বহুতৰ  মতে,মৌন হৈ চিন্তা কৰি থকা মূহুৰ্তৎ মানুহৰ অন্তৰ্জগতত যি ভাষাই ক্ৰিয়া কৰি থাকে প্ৰকৃততে সেয়াই হৈছে মাতৃভাষা।মুখেৰে উচ্চাৰণ নকৰা পৰ্যন্ত অন্তৰ্জগতৰ এই ভাষা কেৱল 'চিন্তা' হৈ থাকে আৰু উচ্চাৰিত হ'লেই সি 'ভাষা' হৈ যায়।
         জন্মদাতৃ আইৰ মুখৰ ভাষাই মাতৃভাষা ,কিন্তু মন কৰিবলগীয়া যে এটি শিশুৰ জন্মদাতৃ আইৰ ৰ ভাষা যিয়েই নহওক কিয়,শিশুটিয়ে যি পৰিৱেশত ডাঙৰ-দীঘল হয় সেই পৰিৱেশ অনুসৰিয়েই শিশুৰ বৌদ্ধিক আৰু সাংস্কৃতিক মনোজগতে গঢ় লৈ উঠে তথা সেই পৰিৱেশৰ মাত-কথাতে শিশুটি  অভ্যস্ত হৈ পৰে।ৰবীন্দ্ৰ নাথ ঠাকুৰৰ 'গোৰা' নামৰ উপন্যাসখন যিসকলে পঢ়িছে,তেওঁলোকৰ নিশ্চয় মনত আছে যে  পিতৃ-মাতৃ  আইৰিছ হ'লেও গোৰা নামৰ শিশুটিয়ে জন্মৰ পাছতে মাক-দেউতাকক হেৰুৱাই বংগীয় ব্ৰাক্ষ্মন এজনৰ ঘৰত ডাঙৰ -দীঘল হৈছিল। তাত  সি সদায় শুনি থকা ভাষাটো আছিল বাংলা আৰু সেইবাবেই  সি  বাংলাভাষা সলসলীয়াকৈ ক'ব শিকিছিল। মাকৰ ভাষা আইৰিছ হ'লেও সি আইৰিছৰ পৰিৱৰ্তে বাংলাভাষাৰ জৰিয়তে মনৰ চিন্তা-ভাৱনা,আৱেগ-অনুভূতি আদি সকলো প্ৰকাশ কৰিছিল।এই ক্ষেত্ৰত তাৰ মাতৃভাষা কি হ'ব-আইৰিছ নে বাংলা?স্বাভাৱিকতে সেয়া এক জটিল প্ৰশ্ন।কিন্তু মানুহে যি ভাষাত অন্তৰ্জগতৰ চিন্তা-ভাৱনাবোৰ কৰে সেয়াই প্ৰকৃততে মাতৃভাষা বুলি ধৰি ল'লে বাংলা ভাষাকে গোৰাৰ মাতৃভাষা বুলি ক'ব লাগিব।কাৰণ এই ভাষাই গোৰাৰ সমস্ত চিন্তা-ভাৱনাক পৰিপুষ্টি যোগাইছিল,তাৰ বৌদ্ধিক আৰু সাংস্কৃতিক মনোজগতক গঢ় দিছিল।
         মাতৃভাষাক বাদ দি মানুহৰ পৰিচয়ৰ সকলো উপাদানেই পৰিৱৰ্তনীয়।অৰ্থাৎ বৃত্তি,ধৰ্ম,আদৰ্শ আদি সকলো সলনি হ'ব পাৰে,কিন্তু মাতৃভাষাক কোনেও সলনি কৰিব নোৱাৰে।মাতৃভাষাৰ জৰিয়তে মানুহে মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও নিজৰ চিন্তা-দৰ্শনৰ মাজেৰে সমাজক গতিশীল কৰি তুলে।এটা জাতি বা সমাজৰ প্ৰগতিৰ বাবে মাতৃভাষাই হৈছে মূল চালিকা শক্তি।যি জাতিৰ ভাষা নাই সেই জাতি ইতিহাসত নি:চিহ্ন হৈ যোৱা অলেখ উদাহৰণ আছে।এই কথাষাৰ গভীৰভাৱে উপলদ্ধি কৰিয়েই চেমুৱেল জনচনে (Samuel Johnson) কৈছিল-I am always sorry when any language is lost, because languages are the pedigrees of nations.
        মাতৃভাষাৰ তাৎপৰ্যৰ প্ৰসংগত আলফঞ্চ ড'ডে (Alphonse Daudet)  লিখা The Last Lesson' নামৰ গল্পটোৰ কথাই স্বাভাৱিকতে মনলৈ আহে।বিচমাৰ্কৰ নেতৃত্বত প্ৰুচিয়ান সৈন্যই 1870 চনত ফ্ৰাঞ্চৰ অধিনস্থ ল'ৰেইন আৰু আলচেক দখল কৰাৰ পাছত সেই দুখন ঠাইত ফৰাচী ভাষা আঁতৰাই জাৰ্মান ভাষা প্ৰচলন কৰিবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা এক হৃদয়স্পৰ্শী কাহিনীৰে ৰচিত হৈছে আলফঞ্চ ড'ডে (Alphonse Daudet) ৰ The Last Lesson নামৰ বিখ্যাত গল্পটি।গল্পটিত বৰ্ণিত এম হেমেল হৈছে বিদ্যালয় এখনত সুদীৰ্ঘ চল্লিশ বছৰ ধৰি কণ কণ শিশুসকলক ফৰাচী ভাষা পঢ়ুৱা এজন শিক্ষক।বাৰ্লিনৰ পৰা অহা নিৰ্দেশ অনুসৰি তেওঁ আৰু বিদ্যালয়খনত ফৰাচী শিকাব নোৱাৰিব।তেওঁৰ পৰিৱৰ্তে বিদ্যালয়খনত জাৰ্মান ভাষা শিকাবলৈ নতুন এজন শিক্ষক আহিব।নিজৰ দেশ ফ্ৰাঞ্চ আৰু মাতৃভাষা ফৰাচীৰ এনে দুৰ্দশাত এম হেমেলৰ হৃদয়ে উচুপি উঠিছে।শেষবাৰৰ বাবে বিদ্যালয়ত উপস্থিত হৈ তেওঁ ফৰাচী ভাষাৰ শিক্ষা দিবলৈ চেষ্টা কৰিছে।আজি যেন তেওঁ জনা সকলোবোৰ কথা একে কোবেই শিশুসকলক বুজাবলৈ চেষ্টা কৰিলে আৰু আশ্চৰ্যজনকভাৱে শিশুসকলেও যিবোৰ কথা ইমানদিনে টান পাইছিল সেইবোৰ সহজে বুজি পোৱা হ'ল।কাৰণ মাতৃভাষাক হেৰুৱাৰ বেদনা সিহঁতেও উপলদ্ধি কৰিছিল।মাতৃভাষাৰ তাৎপৰ্যৰ বিষয়ে শিক্ষকগৰাকীয়ে কৈছিল-when people are enslaved, as long as they hold fast to their language it is as if they had the key to their prison-অৰ্থাৎ  পৰাধীন অৱস্থাত মানুহে যেতিয়ালৈকে মাতৃভাষাক জীয়াই ৰাখে তেতিয়ালৈকে সেই মাতৃভাষাই তেওঁলোকৰ বন্দীশালৰ এপাত ছাবিৰ দৰে হৈ থাকে ।
         আজিৰ পৰা প্ৰায় ডেৰশ বছৰ পূৰ্বে আলফঞ্চ ড'ডে লিখা এই গল্পৰ যোগেদি লেখকে মাতৃভাষাৰ প্ৰতি সাধাৰণতে সকলোৱে প্ৰদৰ্শন কৰা অৱজ্ঞা আৰু বীতশ্ৰদ্ধ মনোভাৱৰ পৰিণতিৰ দৃশ্য বৰ হৃদয়বিদাৰকভাৱে অংকিত কৰিছে। গল্পটোৰ সৈতে আজি আমাৰ মাতৃভাষাৰ ওপৰত নামি অহা বিপৰ্যয়ৰ এক সামঞ্জস্য থকা পৰিলক্ষিত হয়।
       অসমীয়া  ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমন নতুন কথা নহয়।। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰে পৰা  অসমীয়া ভাষাৰ ওপৰত বাৰে বাৰে অনা-অসমীয়াৰ ভাষিক আগ্ৰাসন বা আক্ৰমণ চলি থকা পৰিলক্ষিত হৈছে।ইংৰাজৰ আমোলত অসমৰ অফিচ-কাছাৰী আদিত প্ৰথমে ইংৰাজী ভাষাৰ প্ৰচলন আৰু তাৰ পাছত মধ্যবিত্তীয় বঙালী লোকসকলৰ ষড়যন্ত্ৰত বঙলা ভাষাৰ প্ৰচলন কৰি অসমীয়া ভাষাৰ অস্তিত্ব নোহোৱা কৰিবলৈ অহৰহ চেষ্টা কৰা কাৰ্য সকলোৱে জানে।আনকি অফিচ-কাছাৰী আদিত কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে চৰকাৰী চাকৰি দিয়াৰ আইনো প্ৰৱৰ্তন কৰা হৈছিল যাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত নিজ সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ  মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু আৰু নিজৰ মাতৃভাষাক অৱমাননা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।1836 চনৰ পৰা 1873 চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি। সৌভাগ্যক্ৰমে অসমলৈ খৃষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আমেৰিকাৰ পৰা অহা মিছনেৰীসকলৰ প্ৰচেষ্টাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষা প্ৰচলন হৈছিল।
         1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল যদিও অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।1947 চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিলে।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গঢ়ি তোলা আন্দোলনক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।1948 চনত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলি জিন্নাই পূৱ আৰু পশ্চিম পাকিস্তানৰ বাবে প্ৰশাসনীয় ভাষা হিচাপে উৰ্দু ভাষাক বলবৎ কৰাৰ বিৰুদ্ধে বাংলাদেশত প্ৰতিবাদৰ জোৱাৰ উঠিল।পূৰ্বৰ পৰা চলি থকা বাংলা ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিয়াৰ প্ৰতিবাদত 1952 চনত সূচনা হোৱা ব্যাপক ধৰ্মঘট আৰু আন্দোলনকাৰীসকলৰ ওপৰত চলোৱা গুলিবৰ্ষণৰ ফলত বহু লোকৰ মৃত্যু ঘটাত পাকিস্তান চৰকাৰে ইতিমধ্যে জাৰি কৰা ঘোষণা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।ইফালে এই ঘটনাৰ আঠ বছৰৰ পাছত অসমতো 1960 চনত অসমীয়া ভাষাক চৰকাৰী ভাষালৈ উন্নীত কৰাৰ উদ্দেশ্যে আন্দোলনৰ সূচনা হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল জাঙুৰ খাই উঠিল আৰু আন্দোলন আৰম্ভ কৰিলে।এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষৰো সৃষ্টি হয়।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰে যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰটা ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন এনে তুংগত উঠিছিল যে পুলিচে গুলি চালনা কৰিবলৈ বাধ্য হৈছিল আৰু কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বাধ্যত পৰি  বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।ইয়াৰ পাছতো  অসমৰ ৰাইজে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে 1972 চনত পুনৰ মাধ্যম আন্দোলন কৰিবলগীয়া হৈছিল।আজি বিজেপি নেতৃত্বাধীন চৰকাৰে লাখ লাখ অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ যি নাগৰিকত্ব (সংশোধনী)আইন প্ৰৱৰ্তন কৰিছে তাৰ দ্বাৰা অসমীয়া ভাষাৰ ভাষিক অস্তিত্ব পুনৰ বিপন্ন হোৱাৰ আশংকাক নুই কৰিব নোৱাৰি।ইতিপূৰ্বে উল্লেখ কৰি অহাৰ দৰে  বৰাক উপত্যকাৰ বংগভাষীসকলে অসমীয়া ভাষাৰ ওপৰত চলোৱা আক্ৰমন তথা সংসদত 'কেব' গৃহিত নৌহওতেই সিদিনা পুনৰ বৰাক উপত্যকাৰ এজন তথাকথিত বংগভাষী নেতাই অসমৰ ৰাজ্যভাষা অসমীয়া নহয় বুলি দাবী কৰা আৰু বাংলাভাষাক অসমৰ ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ হুংকাৰ দিয়া ঘটনাবোৰৰ পৰা এই কথা ন-দি ক'ব নোৱাৰি যে অবৈধভাৱে নাগৰিকত্ব লাভ কৰা হিন্দু বাংলাদেশী লোকসকলে অসমীয়া ভাষালৈ সংকট কঢ়িয়াই নানিব।
        বিষয়টোৰ গুৰুত্বলৈ লক্ষ ৰাখি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যদিও এই কথাও সত্য যে পূৰ্বৰ তুলনাত এই প্ৰতিবাদ যথেষ্ট স্তিমিত হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ কাৰণ এয়ে যে কা-বিৰুধী আন্দোলনৰ প্ৰকৃত তাৎপৰ্য এতিয়াও বহুতে হৃদয়ংগম কৰা নাই।অথবা হৃদয়ংগম কৰিলেও তাক গুৰুত্ব দিয়া নাই।প্ৰকৃততে আলফঞ্চ ড'ডেৰ গল্পৰ দৰে আমি অধ্যয়ন কৰা পঢ়াশালীবোৰত কাইলৈ অসমীয়া ভাষা আঁতৰাই অন্য ভাষা বাধ্যতামূলক কৰিলে অথবা আমাৰ মুখৰ ভাষা কোনোবাই কাঢ়ি নিলে আমাৰ অৱস্থা কি হ'বগৈ সেয়া অনুমান কৰিব নোৱাৰাটোৱেই আমাৰ দোষ।
        কিন্তু আমি এই কথাও মনত ৰখা উচিত যে কেৱল নাগৰিকত্ব (সংশোধনী)আইনক প্ৰতিৰোধ কৰিব পাৰিলেই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা পৰিব বুলি ভৱাটো তেনেই ভুল।ভাষাটোক মনে-প্ৰাণে শুদ্ধকৈ ধৰি ৰাখিব নোৱাৰিলে সকলো মিছা।অসমীয়া ভাষা আৰু অসমৰ জাতি গঠন প্ৰক্ৰিয়াত যিহেতু অসমৰ বড়ো, কছাৰী, ৰাভা, দেউৰী,আহোম,মৰাণ-মটক, চিংফৌ,নক্টে,টাংচা,কাৰ্বি,আদি সকলোবোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অৱদান জড়িত হৈ আছে,গতিকে সকলোবোৰ জাতি-জনগোষ্ঠীৰ ভাষা-দোৱান আদিৰ সুৰক্ষাৰ জৰিয়তেহে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰিব লাগিব।অত্যন্ত দুখ আৰু পৰিতাপৰ কথা যে আমি অতদিনে আৰবি, উৰ্দু, পাৰ্চী,ইংৰাজী আদি বিভিন্ন ভাষাৰ অলেখ শব্দক উদাৰতাৰে আকোঁৱালি  লৈ আমি অসমীয়া ভাষাক সমৃদ্ধ কৰিলোঁ,কিন্তু অসমৰ এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষা আৰু শব্দসমূহক আজিলৈকে আকোঁৱালী ল'ব নোৱাৰিলোঁ।বৰঞ্চ আমাৰ অতীতৰ ভুলৰ বাবে অসমৰ বহুকেইটা জনগোষ্ঠী আমাৰ পৰা আঁতৰি গ'ল।এই জনগোষ্ঠীসমূহৰ বহুতৰে নিজস্ব লিপি নথকা হেতুকে তেওঁলোকে আজি অসমীয়া লিপিৰ পৰিৱৰ্তে ৰোমান লিপি বা ইংৰাজী-দেৱনাগৰী লিপি আদি ব্যৱহাৰ কৰিছে যাৰ ফলস্বৰূপে অসমীয়াৰ ভাষিক সংখ্যাগৰিষ্ঠতা যথেষ্ট হ্ৰাস পাইছে।
        গতিকে আমি বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগিব আৰু  অসমীয়া ভাষা  শুদ্ধকৈ ক'ব আৰু লিখিব  পৰাৰ উপৰিও আমাৰ মাত-কথা ,ভাষা-সাহিত্য আদি  সকলোতে বিজতৰীয়া শব্দবোৰৰ পৰিৱৰ্তে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ শব্দৰাজি ব্যৱহাৰ কৰাৰ উদাৰ মানসিকতা গঢ়ি তুলিব লাগিব।অন্যথা আমাৰ ভাষাক কোনেও ৰক্ষা কৰিব নোৱাৰিব।অ' মোৰ সুৱদী মাত বুলিবলৈ আইৰ মুখৰ মাত আৰু নাথাকিব।

(সমাপ্ত) 


              
               
            


       

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...