Tuesday, December 8, 2020

জ্যোতিপ্ৰসাদৰ শৈল্পিক মন আৰু বৈপ্লৱিক দৃষ্টি

      জ্যোতিপ্ৰসাদৰ শৈল্পিক মন আৰু বৈপ্লৱিক দৃষ্টি
                                                                          বীৰ্কে বি. থাপা
            জ্যোতি প্রসাদ মুলত: এগৰাকী শিল্পীমনৰ ৰূপান্তৰ ভাল পোৱা কবি।সেই অৰ্থত তেওঁৰ  জীৱনত শিল্প আৰু বিপ্লৱ অঙ্গাংগীভাৱে জড়িত হৈ থকা দেখিবলৈ পোৱা যায়।তেওঁ বিশ্বাস কৰিছিল-  'ৰূপান্তৰেহে  জগত ধুনীয়া কৰে।' জ্যোতি প্ৰসাদৰ এই শিল্পীমনৰ বাবেই জ্যোতি-দৰ্শনৰ বিচাৰক সকলৰ দৃষ্টিত, জ্যোতি প্ৰসাদৰ দৰ্শন কেতিয়াবা পাশ্চাত্যৰ মানৱতাবাদ আৰু গান্ধীবাদৰ ওপৰত প্রতিষ্ঠিত, কেতিয়াবা সামাবাদ অভিমুখী, কেতিয়াবা উগ্র জাতীয়তাবাদী, আকৌ কেতিয়াবা প্রগতিশীল হােৱা সত্বেও
কিঞ্চিৎ ভাববাদী। সি যি কি নহওক,জ্যোতি প্ৰসাদৰ সামগ্রিক জীৱন দর্শন,কর্মাদর্শ আৰু ৰচনাৱলীৰ ওপৰত সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰিলে জ্যোতি দর্শনৰ এটাই বৈশিষ্টা বিশেষভাৱে পৰিলক্ষিত হয়-সেয়া হৈছে ৰূপান্তৰৰ দৰ্শন। তেওঁৰ শিল্পীমনে ৰূপান্তৰৰ মাজেদি এনে এখন শিল্পীৰ পৃথিৱীৰ কামনা কৰিছিল য'ত সকলাে নীতিয়েই সাংস্কৃতিক হ'ব লাগিব।
            জ্যোতি প্ৰসাদৰ বৈপ্লৱিক মনে এক বিশেষ সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল। সংস্কৃতিৰ প্ৰসঙ্গত তেওঁ এফালে যেনেকৈ বিচাৰিছিল মানুহৰ অন্তর্জগতৰ পৰিৱর্তন তেনেকৈ তেওঁ মানুহৰ বহির্জগতত অন্তর্জগতৰ সবল আত্ম
প্রকাশো  কামনা কৰিছিল। আৰু এই দুটা বস্তুৰ বাবেই তেওঁ এফালে অন্তর্জগতৰ প্রয়ােজন অনুসৰি ভাৱবাদী দৰ্শনৰ উপাদান
সমুহক অাকুণ্ঠ চিত্তে যেনেদৰে স্বীকাৰ কৰিছিল, তেনেদৰে বহির্জগতৰ পৰিৱৰ্তনৰ বাবে সময় সাপেক্ষে দ্বন্দ্বাত্মক বস্তুবাদী
দৰ্শনৰ উপাদান সমূহকো সমানে গ্ৰহণ কৰিছিল। কিন্তু ভাৱবাদী হ'লেও তেওঁ অদৃষ্টবাদী, কর্মবিমুখ অথবা সমাজ উদাসীন নাছিল আৰু দ্বন্দ্বাত্মক বস্তুবাদী দর্শনত বিশ্বাসী হ'লেও অনীশ্বৰবাদী নাছিল।ধ্বংসাত্মক বা হিংসাত্মক বিপ্লৱক তেওঁ কেতিয়াও সঁহাৰি দিয়া নাছিল। 
           “শিল্পীৰ পৃথিৱী' নামৰ সুদীৰ্ঘ ৰচনাত (প্ৰকৃততে অভিভাষণ) জ্যোতি প্ৰসাদে লিখিছে ,মানুহ হৈছে সপােনক দিঠকলৈ পৰিণত কৰা শিল্পী।সেইহে মই মানুহ,মই শিল্পী ।আপােনালোক মানুহ- আপােনালােক প্রত্যেকজনেই শিল্পী।” মানৱৰ গােটই জীৱন বিকাশেই তেওঁৰ মতে সংস্কৃতিৰ অভিযান। আকৌ তেওঁ কৈছে যে,এক প্ৰকাৰৰ উচ্চ স্তৰৰ মানসিক আৰু সাংস্কৃতিক অৱস্থালৈ যাবলৈ মানুহে কৰা যত্নই হৈছে প্ৰগতি।এই প্রগতিৰ বাবেই প্ৰয়োজন বিপ্লৱৰ।
            জ্যোতিপ্ৰসাদৰ মতে,পৃথিৱীত সংস্কৃতি যেনেদৰে আছে তেনেদৰে  সংস্কৃতিৰ  বিপৰীতে দুস্কৃতিও আছে। দুস্কৃতি হৈছে  ‘পৃথিৱীৰ গৰ্ভত... আন্ধাৰৰ বলাৎকাৰৰ পৰা হােৱা কুসন্তান।' আনহাতে সংস্কৃতিৰ  প্রতীক শিল্পী হৈছে-'পৃথিৱীৰ গৰ্ভত পােহৰৰ চুমাত ওপজা পৃথিৱীৰ সুসন্তান।' মহাভাৰতৰ যুদ্ধক প্রতীকি অৰ্থত গ্রহণ কৰা জ্যোতি প্ৰসাদৰ মতে,' কুৰু -পাণ্ডৱৰ দৰে এই সন্তান (সংস্কৃতি আৰু দুষ্কৃতি) অৱশ্যেই সংঘাতলৈ আহিব আৰু শিল্পী অৰ্জুনটোৱে সংস্কৃতিৰ অর্থাৎ আগৰ যুগৰ ৰূপত প্রকাশিত হােৱা কৃষ্ণক  সাৰথি কৰি লৈ এই মীমাংসাৰ কুৰুক্ষেত্ৰত কোনােবা দিনা নামিবই লাগিব। ' শিল্পীৰ পথিৱী ' ত তেওঁ শিল্পীৰ ভূমিকাৰ কথা উল্লেখ কৰি কৈছে - ' যি জনতাই নিজৰ বুকুৰ তেজ দি যুগে যুগে দিও সংস্কৃতিক জীয়াই ৰাখি- দুস্কৃতিৰ পৰা সিয়েই সিহঁতৰ যাউতি যুগীয়া দুখ কষ্ট গুচাই জীৱনৰ হাঁহি ফুলাব বুলি বাট চাই আছে-আজি শিল্পী প্ৰথমেই সকলাে ভয়, দুর্বলতা, ভ্ৰান্তি গচকি খচকি সুকুমাৰ কলাৰ অস্ত্ৰ লৈ সেই দুৰ্ভগীয়াৰ মাজতেই  থিয় হ'বগৈ লাগিব- মােহমুক্ত  অৰ্জুন যেনেকৈ থিয় হৈছিল সংগ্রামৰ কাৰণে। '
             কিন্তু শিল্পীৰ পৃথিৱীত সকলাে নীতিয়েই যিদৰে সাংস্কৃতিক হ'ব লাগিব, তেনেদৰে কুৰু সদৃশ দুস্কৃতিৰ  বিৰুদ্ধে চলােৱা সমৰ নীতিও হ'ব লাগিব সাংস্কৃতিক ।সংস্কৃতিৰ এক ব্যাপক অর্থ আগত ৰাখিয়েই সেয়ে জ্যোতিপ্ৰসাদে এখন মানুহৰ সমাজ গঢ়ি তুলিব বিচাৰিছিল আৰু আশা পােষণ কৰিছিল -মানুহে যদি  ভিতৰৰ শিল্পী সত্বাক জগাই ৰাখি আগবাঢ়ি যাব পাৰে তেন্তে পৃথিৱী খন বাঞ্চিত পৃথিৱীলৈ ৰূপান্তৰিত হ'ব। 
            মানুহৰ আদিম অৱস্থাৰ পৰা বৰ্তমানলৈকে- তিনিটা দীঘলীয়া পৰিক্ৰমা। শিল্পীৰ পৃথিৱীৰ কথা কওঁতে জ্যোতি প্ৰসাদে মানুহৰ আদিম অৱস্থাতে পৰিলক্ষিত হােৱা সৌন্দর্যবােধৰ কথা ক'বলৈ পাহৰা নাই। আদিম অৱস্থাত মানুহে পশুৰ দৰে জীৱন ধাৰণ কৰিছিল।কিন্তু পশুতকৈ পৃথক মানুহৰ এটা নিজস্ব মন আছিল, সৌন্দর্যবোধ আছিল, শৈল্পিক চেতনা আছিল। গছৰ খােৰোঙত বা পৰ্বতৰ গুহাত বাস কৰিও আদিম মানৱে যিদিনাই প্রথমে বিভিন্ন আঁক-বাকেৰে থকা ঠাইডােখৰ ধুনীয়া কৰিবলৈ চেষ্টা কৰিলে বা হাতৰ অস্ত্ৰপাত মস্ৰিণ আৰু চকুত লগা  কৰি তুলিবলৈ প্রয়াস কৰিলে- সিদিনাই পৃথিৱীত প্রথম সংস্কৃতিৰ জন্ম হ’ল। তাৰ পাছত আজিলৈকে সংস্কৃতিৰ এটা দীঘলীয়া পৰিক্ৰমা । এই দীঘলীয়া পৰিক্ৰমাত মানুহে আজি নিজৰ আৱশ্যকতাৰ সৈতে সৌন্দর্যক আৰু সৌন্দৰ্যৰ মাজেদি সংস্কৃতিক একেলগ কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু জ্যোতি প্ৰসাদৰ দৃষ্টিত আজিও আমাৰ শিল্পীৰূপে পূর্ণ প্রকাশ পাব পৰা সংস্কৃতিৰ সম্পূৰ্ণ বিকাশ হোৱা নাই।
            আমাৰ অন্তৰ-সংস্কৃতি আজিও অসম্পূর্ণ। ইয়াৰ মূলতে হ’ল মানুহৰ অন্তর্জগতত লুকাই থকা শিল্পী সত্বাৰ পূর্ণ প্রকাশ আৰু বিকাশ নােহােৱাটো আৰু দ্বিতীয়তে মানুহৰ এই আত্ম- অসচেতনতাৰ সুযােগ লৈ দুষ্কৃতিয়ে চলােৱা পূর্ণ আধিপত্য। প্রকৃততে, মানুহৰ সমস্ত বাস্তৱ  জীৱনটোৱেই মানুহৰ অন্তৰখনৰে অবিকল প্রতিচ্ছবি। জ্যোতি প্ৰসাদৰ দৃষ্টিত মানুহৰ মনৰ ভিতৰত লুকাই থকা সৌন্দর্যই মানুহৰ হাতৰ আঙুলিৰ মূৰেদি ওলাই গৈ বিভিন্ন সঁজুলি, হাথিয়াৰৰ যােগেদি মানৱ সৃষ্ট বিভিন্ন সামগ্রীত আত্ম প্রকাশ কৰে। জীৱনত সৌন্দর্যৰ এই সু-প্রয়ােগেই হৈছে সংস্কৃতি।গতিকে আজি মানুহ শিল্পীয়ে এফালে অন্তৰ- সংস্কৃতিৰ হৃদিক আৰু মানসিক, আৰু আনফালে এই অন্তৰ- সংস্কৃতি প্রতিফলিত হােৱা বস্তু সংস্কৃতি দুয়ােটাকে সমানে গ্ৰহণ কৰিব পাৰিব লাগিব। দুয়ােটাৰ সুসমন্বয়তে জীৱনে পূর্ণতা লাভ কৰে। কেৱল অন্তৰ- সংস্কৃতিক আঁকোৱালী লৈ হিমালয়ত সন্যাসী হৈ ঘূৰি ফুৰা বা কেৱল বহিঃ সংস্কৃতিক আঁকোৱালী লৈ বস্তুবাদী জীৱন নির্বাহ কৰাৰাে কোনাে সাৰ্থকতা থাকিব নোৱাৰে।
            বস্তুবাদী জীৱন ধাৰাৰ ফলস্বৰূপে পাশ্চাত্যত গা- কৰি উঠা সাম্রাজ্যবাদ আৰু ধনতন্ত্ৰবাদ --এই দুয়োটা বাদকে জ্যোতিপ্ৰসাদে ‘পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ ৰূপত ছদ্মবেশী দুস্কৃতিৰ পূৰ্ণ ৰূপ বুলি উল্লেখ কৰিছে। তেওঁৰ মতে এই দুই শক্তিক পৃথিৱীৰ পৰা উচ্ছেদ কৰি পৃথিৱীত শান্তি আৰু সংস্কৃতি স্থাপন কৰিবলৈ হ'লে এক ব্যাপক গণ-বিপ্লৱৰ প্ৰয়ােজন হ'ব। এটা মহান সাংস্কৃতিক অৱস্থা সমাজলৈ অনাটোৱেই তেওঁৰ মতে প্রকৃত বিপ্লৱৰ উদ্দেশ্য। কৃষ্ণৰূপী ধাৰণাটোক তেওঁ এক বিশেষ প্রতীকি অৰ্থত গ্রহণ কৰাৰ মূলতেও আছিল এই বিশ্বাস।সেইবাবেই গান্ধীজীৰ অহিংস নীতিত গভীৰ বিশ্বাস ৰাখিও জ্যোতিপ্ৰসাদে দুস্কৃতিক নাশিবলৈ কৃষ্ণৰ দৰে   হাতত অস্ত্ৰ তুলি লোৱাৰ পোষকতাও কৰা পৰিলক্ষিত হয়।
           কৃষ্ণৰূপী ধাৰণাটোক জ্যোতিপ্রসাদে  ভাৰতীয় সংস্কৃতিৰ প্ৰতীকৰূপে গ্রহণ কৰিছিল। তেওঁৰ মতে, ভাৰতত সত্য,ত্রেতা যুগ পাৰ হৈ দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধাৰণ কৰিছিল--সেই ৰূপটোৱেই হৈছে কৃষ্ণ ।প্রাচীন ভাৰতৰ আৰ্যীয় প্রাণে বিশ্ব জগত আৰু মানুহৰ জীৱন সম্পৰ্কে উপলদ্ধি কৰা সত্যই হৈছে কৃষ্ণ বুলি তেওঁ উল্লেখ কৰি 'কৃষ্ণ সংস্কৃতি'ৰ বাখ্যা প্ৰসংগত লিখিছে যে আৰ্যৰ বেদ-বেদান্ত-উপনিষদৰ চিন্তা-জ্ঞান-ধ্যান,মানৱ প্ৰকৃতিৰ বিষয়ে অভ্ৰান্ত সুগভীৰ অভিজ্ঞতা,জাগতিক সকলাে বিষয়ৰেই হেজাৰ বছৰ ধৰা নিৰ্ভুল অভিজ্ঞতাৰ পৰা হোৱা চূড়ান্ত  সিদ্ধান্তই হৈছে কৃষ্ণ। ' গতিকে এই কথা স্পষ্ট যে কৃষ্ণ চৰিত্ৰত নিহিত হৈ থকা উপনিষদীয় যি সনাতন সত্য তাক জ্যোতিপ্ৰসাদেও বিনাদ্বিধাই স্বীকাৰ কৰি লৈছে। কৃষ্ণৰ ভূৱন ভোলােৱা বাঁহীৰ সুৰটিক তেওঁ যেনেকৈ গ্ৰহণ কৰিছে, কৃষ্ণৰ সুদর্শন চক্ৰকো তেনেকৈ গ্ৰহণ কৰিছে। জ্যোতিপ্ৰসাদে এই প্রসংগত উল্লেখ কৰিছে যে কৃষ্ণৰ জীৱনেই এই পৃথিৱীৰ মানৱ জীৱনৰ বিষয়ে সনাতন সত্য হৈ আছে। কৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৱলীৰ প্ৰতীকি অর্থও জ্যোতিপ্ৰসাদে দাঙি ধৰিছে। অৱশ্যে এই কথাও সত্য যে, উপনিষদৰ মনীষাই কৃষ্ণকেই  মানৱ সংস্কৃতিৰ চূড়ান্ত সত্য বুলি ক'লেও জ্যোতিপ্রসাদেও বিশ্বাস কৰে যে পৃথিৱীত সনাতন সত্য বুলি কোনাে সত্য নাই। সাম্যবাদী দার্শনিকসকলে কোৱাৰ দৰে জ্যোতি প্ৰসাদেও বিশ্বাস কৰিছিল-বেলেগ বেলেগ অৱস্থাত সত্যৰো বেলেগ বেলেগ প্রকাশ। সেই বাবেই যুগে  যুগে আৰু সময় সাপেক্ষে কৃষ্ণই বিভিন্ন ৰূপ ধাৰণ কৰে। শিল্পী ৰূপে কৃষ্ণৰ
জীৱনৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰিব পৰাতেই মানুহৰ জীৱনৰ সার্থকতা। অর্থাৎ মানুহৰ পূর্ণ জীৱন শিল্পী ৰূপতহে (কৃষ্ণ)
প্রকাশ পাব লাগিব। 
           জ্যোতিপ্ৰসাদৰ মতে, বিপ্লৱ হৈছে শিল্পৰ মুক্তিৰ পথ। বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক, সৰব বা নীৰৱ হ'ব পাৰে। কিন্তু বিপ্লৱৰ অৰ্থ ধ্বংস নহয়-বৰঞ্চ  সৃষ্টিহে। তেওঁৰ মতে, সমাজত প্রকৃত সাংস্কৃতিক জীৱনৰ বিকাশ ঘটাবলৈ হ'লে সেই সমাজৰ ভিতৰত থকা সংস্কৃতিবিৰােধী সমস্যাবোৰ প্ৰথমে  সমাধান কৰিব লাগিব। মানুহৰ স্বাৰ্থপৰতা, লােভ, সংকীর্ণতা আৰু ক্ষমতা লিপ্সুতাৰ পৰা উদ্ভৱ হােৱা মানৱ সমাজৰ নানা দোষ আঁতৰ কৰিব লাগিব। এইবােৰক আঁতৰ কৰিবলৈ মানুহৰ প্ৰতিৰােধ আৰু সংঘাতমূলক অভিযানেই হৈছে বিপ্লৱ।
          জ্যোতিপ্ৰসাদৰ বিপ্লৱ বিজড়িত ৰাজনৈতিক আৰু সামাজিক আদৰ্শৰ অন্তৰালত অহৰহ ক্রিয়া কৰি আছিল তেওঁৰ সদা জাগ্রত শিল্পী মনটোৱে। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে  ৰূপান্তৰেহে জগত ধুনীয়া কৰে। তেওঁৰ এই ৰূপান্তৰ প্রেমী বৈপ্লৱীক দৃষ্টি সম্প্রসাৰিত হৈছে তেওঁৰ সমস্ত কর্ম আৰু ৰচনা ৰাজীলৈ।উদাহৰণস্বৰূপে 'সুন্দৰ কোঁৱৰ'ৰ দৰে বিপ্লৱী মনীষাৰ প্ৰতীক স্বৰূপ চৰিত্ৰত আৰােপিত হৈছে সৌন্দর্য পীপাসু আৰু যুক্তিবাদত বিশ্বাসী মন তথা সামাজিক স্থিতাৱস্থা আৰু প্ৰতিক্রিয়াশীলতাৰ বিৰুদ্ধে এক সবল মনােভাৱ। সেইদৰে 
' লভিতা' 'ৰ দৰে চৰিত্ৰ সৃষ্টিৰ মাজেদি প্ৰবল দেশ -প্ৰেমৰ ভাৱনাক উদ্দীপ্ত ৰূপত দাঙি ধৰাৰ জৰিয়তে জ্যোতিপ্ৰসাদে প্ৰকৃততে নিজৰেই শৈল্পিক আৰু বৈপ্লৱিক সত্ত্বাক প্ৰকাশ কৰিছিল। তেওঁৰ প্রাণত উজ্জীৱিত হৈ থকা  শৈল্পিক চিন্তা-ধাৰাৰ সৈতে বিপ্লৱৰ অংগাঙ্গী সম্পৰ্ক থকা হেতুকে সেই দ্বৈত প্রেৰণাৰ মাজত কোনো কালে কোনে  বিৰােধ নাছিল।(সমাপ্ত)




No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...