Tuesday, December 8, 2020

নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা

      নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা
                                                                   -   বীৰ্কে বি. থাপা

        আশীৰ দশকৰ অসম আন্দোলনৰ সময়ছোৱাত আত্মপ্ৰকাশ কৰি অসমীয়া সংবাদ জগতত এক প্ৰকাৰৰ নতুন গণমুখী সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰা এজন অতি নিৰ্ভীক সাংবাদিক আছিল পৰাগ কুমাৰ দাস। কেৱল সাধাৰণ সংবাদ পৰিৱেশনতে আৱদ্ধ হৈ নাথাকি  তেওঁ অসমৰ ওপৰত চলি থকা কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ আৰু বঞ্চনা তথা অবৈধভাৱে ঘটি থকা বাংলাদেশী প্ৰব্ৰজন আৰু তাৰ পৰিণতি স্বৰূপে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আহি পৰা ব্যাপক প্ৰভাৱৰ বিৰূদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল -যাৰ বাবে স্বাভাৱিকতে  তেওঁ প্ৰতিক্ৰিয়াশীল চক্ৰৰ ৰোষত পৰি গুপ্তঘাতকৰ হাতত মৃত্যু বৰণ কৰিব লগীয়া হৈছিল।
       দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ  পৰা  অৰ্থনীতিত সন্মানসহ প্ৰথম বিভাগত স্নাতক ডিগ্ৰী আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'-ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অত্যন্ত মেধাৱী আৰু কৰ্মোদ্যোগী পৰাগ কুমাৰ দাসে আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক -জীৱন আৰম্ভ কৰিছিল সাংবাদিকতাত একনিষ্ঠভাৱে নিজকে উচৰ্গা কৰাৰ পূৰ্বে প্ৰথমে তেওঁ আছিল বেংকৰ বিষয়া আৰু তাৰ পাছতে  গুৱাহাটী ষ্ট'ক এক্সচেঞ্জৰ মহাপ্ৰৱন্ধক । কিন্তু তেনে চাকৰিও ত্যাগ কৰি পৰাগ কুমাৰ দাসে ১৯৮৯ চনৰ পৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে সাংবাদিকতাৰ জগতত সক্ৰিয়ভাৱে প্ৰৱেশ কৰিছিল।তাৰ পাছতে ক্ৰমে ১৯৯৪ চনত 'আগান' আৰু 1995 চনত 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
       এজন নিৰ্ভীক আৰু সত্যনিষ্ঠ সাংবাদিক হিচাপে পৰাগ কুমাৰ দাসে অসমৰ সংবাদ-জগতলৈ আগবঢ়োৱা অৱদানৰ তাৎপৰ্য আৰু সাম্প্ৰতিক কালত সিবিলাকৰ প্ৰাসংগিকতাও যথেষ্ট আছে।কাৰণ,অসমৰ অৰ্থনীতি,কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ ,জনগোষ্ঠীয় গাঁঠনি, বহিৰাগত সমস্যা আদিৰ বিষয়ে সততে চিন্তিত হৈ থকা পৰাগ কুমাৰ দাসে আশীৰ দশকৰ অসম আন্দোলন তথা  আলফাৰ উত্থানৰ বিষয়টোক সূক্ষ্মভাৱে নিৰীক্ষন কৰিছিল আৰু তেওঁলোকৰ লক্ষ্য , নীতি,আদৰ্শ ,কাৰ্যাৱলী আদিৰ সম্পৰ্কত সূক্ষ্ম আৰু নিৰ্মোহ সমালোচনা আগবঢ়াই অসমীয়া জাতীয় চেতনাক সঠিক গতিপথৰ সন্ধান দিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছিল।
     অসম আন্দোলনৰ প্ৰেক্ষাপটলৈ লক্ষ কৰিলে দেখা যায় যে বৃটিছৰ শাসনকালৰ পৰা আৰম্ভ কৰি স্বাধীনোত্তৰ কালৰ বিভিন্ন চৰকাৰৰ সময়লৈকে  অসমৰ থলুৱা সম্পদৰ ওপৰত কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ চলি আহিছিল।অসমৰ পৰা বহিৰ্ৰাজ্যলৈ লৈ যোৱা কয়লা, খাৰুৱা তেল, গেছ, পেট্ৰলিয়াম, চাহপাত আদিৰ বিনিময়ত দিবলগীয়া ন্যায্য ৰয়েলটি বা প্ৰাপ্যৰ পৰা অসমক যুগ যুগ ধৰি বঞ্চিত কৰি অহা হৈছিল।তাৰোপৰি পূৰ্ববংগৰ পৰা চলি থকা অবৈধ বাংলাদেশী প্ৰব্ৰজনে  অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল।এনে এক প্ৰেক্ষাপটতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে  অসম আন্দোলনৰ সূচনা হৈছিল আৰু আন্দোলনে ৰাজপথ কঁপাই তুলিছিল। তাৰ পাছতে নব্বৈৰ দশকত উত্থান ঘটিছিল আলফাৰ দৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ।
        আলফাৰ উত্থানে দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ ভেঁটি কঁপাই তুলিছিল।ফলত আলফাক দমন কৰাৰ নামত নিৰপৰাধী ৰাইজৰ ওপৰত পুলিচ-মিলিটেৰীৰ অত্যাচাৰ বৃদ্ধি পাইছিল।পৰাগ কুমাৰ দাসে এই সমস্ত ঘটনাৱলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তেৱোঁ উপলদ্ধি কৰিছিল যে অসমত ঔপনিৱেশিক শাসন-শোষণ চলি থকালৈকে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক বিকাশ কেতিয়াও সম্ভৱপৰ নহয়। বিশেষকৈ আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সূক্ষ্ম পৰ্যৱেক্ষনৰ অন্তত তেওঁ বিভিন্ন লেখাৰ জৰিয়তে আলফাৰ প্ৰতি থকা তেওঁৰ সমৰ্থন মুকলিকৈ প্ৰকাশো কৰিছিল।আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সৈতে তেওঁৰ কিছুমান মৌলিক পাৰ্থক্য থকা সত্বেও  আলফাৰ স্বাধীন অসমৰ বিতৰ্কিত দাবীটোক ন্যায্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। 
          বিভিন্ন কাকতত প্ৰকাশিত সংবাদধৰ্মী লেখাসমূহৰ উপৰিও পৰাগ কুমাৰ দাসে অসমৰ আৰ্থ-সামাজিক সমস্যাৱলীক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।তেওঁৰ  প্ৰকাশিত গ্ৰন্থ কেইখন আছিল-ছাংলট ফেন্ লা,স্বাধীনতাৰ প্ৰস্তাৱ,নিষিদ্ধ কলম আৰু অন্যান্য,আমি যি কথা কৈছিলো,ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি,মোক স্বাধীনতা লাগে,স্বাধীন অসমৰ অৰ্থনীতি আদি।তেওঁৰ ‘স্বাধীন অসমৰ অৰ্থনীতি' এনে এখন গ্ৰন্থ য'ত অসমৰ থলুৱা পুঁজিৰ তথ্যসমৃদ্ধ ইতিহাসৰ উপৰি এই পুঁজিৰ পুনৰ্গঠন, বিকাশ আৰু প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে তেওঁ আলোচনা কৰিছে।সেইদৰে 'ছাংলট ফেনলা' নামৰ জনপ্ৰিয় উপন্যাসখনিৰ মাজেৰে তেওঁ সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ উত্থান আৰু অৱক্ষয়,অসমৰ সমাজ জীৱনত সংগঠনটোৰ প্ৰভাৱ আদিৰ নিৰ্মোহ চিত্ৰ অংকণ কৰাৰ লগতে আলফাৰ সংগ্ৰামৰ যুক্তিযুক্ততাও ব্যক্ত কৰিছিল।
         আলফাৰ সৈতে পৰাগ কুমাৰ দাসৰ চিন্তা আৰু দৰ্শনৰ সাদৃশ্য আছিল এয়ে যে তেৱোঁ আলফাৰ দৰে প্ৰগতিশীল বিপ্লৱত বিশ্বাস ৰাখিছিল আৰু অসমৰ জাতীয় স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিছিল।কিন্তু তেওঁ আলফাক অন্ধভাৱে সমৰ্থনো কৰা নাছিল।বিশেষকৈ আলফাৰ সৈতে তেওঁৰ মতাদৰ্শগত  পাৰ্থক্য  আছিল এয়ে যে আলফাই স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সংগ্ৰাম কৰিছিল আৰু তেওঁৰ দৰ্শন আছিল ভাৰতৰ ভিতৰতে থাকি স্বাধিকাৰ সাব্যস্ত কৰা। তেওঁ ফেডাৰেল ব্যৱস্থাত অত্যাধিক গুৰুত্ব দিছিল। আলফাৰ দৰে বিচ্ছিন্নতাবাদ তেওঁৰ লক্ষ্য নাছিল।জনগোষ্ঠীয় সমস্যা ,বহিৰাগত সমস্যা আদিৰ সম্পৰ্কত পৰাগ দাসৰ স্থিতি আছিল অত্যন্ত প্ৰগতিশীল। কেৱল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহ'ব বুলি উপলদ্ধি কৰি তেওঁ জাতীয় মুক্তিৰ সংগ্ৰামত কৃষক-শ্ৰমিক শ্ৰেণীৰ সন্মিলিত প্ৰচেষ্টা আৰু সহযোগিতাকো সংযুক্ত কৰিব বিচাৰিছিল,কিন্তু আলফাৰ দৰে প্ৰত্যক্ষভাৱে তেওঁ মাৰ্ক্সবাদ বা বৈজ্ঞানীক সমাজবাদৰ সৈতে যুক্ত নাছিল। 
       পৰাগ কুমাৰ দাসে আলফাৰ সশস্ত্ৰ সংগ্ৰাম পদ্ধতি আৰু বিশেষকৈ হত্যা কাৰ্যক কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। 'ছাংলট ফেনলা' উপন্যাসৰ জৰিয়তে সেয়ে তেওঁ আলফাৰ সশস্ত্ৰ  সংগ্ৰামৰ বিৰুধীতা কৰিছিল আৰু বিভিন্ন লেখা-মেলাৰ জৰিয়তে আলফাৰ সংগ্ৰাম-পদ্ধতিৰ পৰিৱৰ্তনৰ  বাবে চেষ্টা কৰিছিল ৷ কিন্তু  আলফাৰ হিংসাত্মক কাৰ্যকলাপসমূহক তেওঁ কঠোৰভাৱে সমালোচনা কৰাৰ পাছতো অসমৰ দুৰ্যোগপূৰ্ণ জাতীয় সংকটৰ সময়ত আলফাৰ বিকল্প নাই বুলিও বাৰে বাৰে উল্লেখ কৰিছিল।আৰু এই কথাৰ বাবেই এচাম বুদ্ধিজীৱিয়ে তেওঁক আলফাৰ সৈতে যুক্ত কৰিছিল।
       প্ৰকৃততে পৰাগ কুমাৰ দাস আছিল মানৱ -অধিকাৰ উলংঘন কৰা শক্তিসমূহৰ ঘোৰ বিৰুধী। অসম আন্দোলন আৰু আলফাৰ উত্থানক মষিমূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰাৰ ফলস্বৰূপে সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা নোহোৱা অৱস্থাত জনসাধাৰণৰ নিৰাপত্তা আৰু গণতান্ত্ৰিক অধিকাৰৰ কথা চিন্তা কৰি সেয়ে তেওঁ  অসমৰ বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি 1994 চনত 'গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) 'গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামত অৱৰ্তীৰ্ণ হৈছিল । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মঞ্চৰ পৰা তেওঁ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ বাবে দাবী জনাইছিল আৰু সেনাৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিছিল।      
         ইতিমধ্যে বিভিন্ন বাতৰি-কাকতত প্ৰকাশিত তেওঁৰ লেখাসমূহ তথা প্ৰকাশিত গ্ৰন্থ সমূহৰ পৰা  নিষিদ্ধ ঘোষিত সংগঠণ আলফাৰ প্ৰতি থকা তেওঁক সমৰ্থনৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছিল।সেয়ে শাসনাধিষ্ট চৰকাৰৰ দৃষ্টি তেওঁৰ ওপৰত পৰিছিল আৰু তেওঁ লিখা 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। অকল সেয়ে নহয়,1992 আৰু 1993 চনত তেওঁক ক্ৰমে 'ৰাষ্ট্ৰীয় নিৰাপত্তা আইন" আৰু "টাডা" আইনৰ অধীনত গ্ৰেপ্তাৰো কৰিছিল।
      বিগত বহু বছৰ ধৰি এটা অমিমাংসিত প্ৰশ্ন হিচাপে ৰৈ থাকি আজি এটা গভীৰ সমস্যা ৰূপে দেখা দিয়া অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যা টোৰ সন্দৰ্ভত পৰাগ কুমাৰ দাসৰ নিজস্ব চিন্তা-দৰ্শন কেনে আছিল সেই বিষয়েও আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।এই কথা সত্য যে ,বহু বছৰ ধৰি অসমত চলি থকা অবৈধ প্ৰব্ৰজনৰ ফলস্বৰূপে অসমৰ আৰ্থ-সামাজিক,ভাষিক-শৈক্ষিক,ৰাজনৈতিক আদি সকলোবোৰ ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা সত্বেও কিন্তু তেওঁ তথাকথিত অন্য উগ্ৰ জাতীয়তাবাদী সকলৰ দৰে চৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা অভিবাসী মুছলমানসকলক অযথা হাৰাশাস্তি কৰাৰ পক্ষপাতি নাছিল। যি সময়ত অসমৰ জাতীয়তাবাদী শিবিৰে চৰ-চাপৰিৰ লোকসকলৰ সৈতে মানসিকভাবে যুক্ত হ'ব পৰা নাছিল , সেইসময়তো পৰাগ কুমাৰ দাসে চৰ-চাপৰিৰ অভিবাসী মুছলমানৰ সৈতে সহমৰ্মিতাৰে তেওঁলোকক জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা কৰিছিল । 
       পৰাগ কুমাৰ দাসে তেওঁৰ' চৰ  অঞ্চলৰ  বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন' শীৰ্ষক এটি লেখাত লিখিছে যে ছবছৰীয়া অসম আন্দোলনৰ জাতীয় আন্দোলনটোৰ মূলতে কেৱল বিদেশী নাগৰিকৰ সমস্যা নাছিল,আছিল স্বৰাজোত্তৰ কালছোৱাত কেন্দ্ৰ চৰকাৰে অসমৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা অৱহেলা আৰু অসমৰ থলুৱা সম্পদৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ।সেইদৰে  ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ ফলস্বৰূপে
ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা জনসংখ্যাৰ বিষয়টোৱেও অসমৰ খিলঞ্জীয়া লোকসকলক  চিন্তিত কৰি তুলিছিল।গতিকে এই 'বহিৰাগত'সকলক বহিস্কাৰ কৰাৰ দাবী তোলা হৈছিল।কিন্তু পাছলৈ আন্দোলনটোক সংবিধানৰ গণ্ডীৰ ভিতৰলৈ আনিবৰ বাবেই 'বহিৰাগত'ৰ পৰিৱৰ্তে নেপাল,বাংলাদেশ আদিৰ পৰা অবৈধভাৱে আহি অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ সমস্যাৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হ’ল আৰু অইন সমস্যাবোৰ তল পৰি গ’ল। 
         এই সন্দৰ্ভত পৰাগ কুমাৰ দাসে উত্থাপন কৰা এটা অভিযোগ লক্ষনীয়।তেওঁৰ মতে, 'বিদেশী নাগৰিকৰ সংখ্যাৰ কোনো চৰকাৰী তথ্য-পাতি নথকাত, আন্দোলনটোৰ যুক্তিযুক্ততা সুদৃঢ় কৰিবৰ নিমিত্তেই আমি অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক হিচাপ ক্ৰমান্বয়ে বঢ়াই নিলো আৰু ফলস্বৰূপে অনেক স্থায়ী বাসিন্দাকো আমি বিদেশীৰ শাৰীত পেলাবলগীয়া হ’ল। এবাৰ আন্দোলনটো আৰম্ভ কৰাৰ পাছত পিছ হোঁহকাৰ প্ৰশ্ন আৰু যিহেতু নুঠে, গতিকে চক্ৰবৃদ্ধি হাৰত সেই ভুলবোৰ ক্ৰমান্বয়ে বাঢ়িহে গ’ল, ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একে পৰ্যায়লৈ লৈ যোৱাৰ ফলত তেওঁলোকক একগোট হ’বলৈহে বাধ্য কৰি বহুতো ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাৰ গভীৰতা আমি নিজেই বৃদ্ধি কৰিলো।'
        পৰাগ কুমাৰ দাসে লিখা মতে,১৮৪৭ চনত পাইনা জাহাজৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰ বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। তাৰ পাছৰেপৰা শাসক দলটোৱেও সস্তীয়া ভোটবেংকৰ আশাত এওঁলোক অহাত উদগনি জনাইছিল। তেওঁৰ মতে,স্বাধীনতাৰ পাছৰে পৰাই পমুৱা মুছলমান মানুহখিনিৰ নিৰক্ষৰতাৰ সুযোগ লৈ স্থানীয় মাতব্বৰবিলাকক অৰ্থৰ প্ৰলোভনেৰে হাত কৰি কংগ্ৰেছে দীৰ্ঘদিন ধৰি ভোটবেংকৰ ৰাজনীতি কৰি আহিছিল আৰু তাৰ দ্বাৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ ৰাজনৈতিক দিশত সদায়ে ক্ষতিগ্ৰস্ত হৈ আহিছিল। এই ভোটবেংকবোৰৰ সহায়তে কংগ্ৰেছে সংখ্যাগৰিষ্ঠ ৰাইজৰ সমৰ্থন নোহোৱাকৈয়ে দিছপুৰত চৰকাৰ চলাই আছিল। এই ভোটবেংকবোৰ ভাঙিবৰ বাবেই অনেকেই  বিদেশী বহিস্কাৰৰ বাবে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে দাবী কৰিছিল।"
        পৰাগ কুমাৰ দাসে পমুৱা মুছলমান বসতি প্ৰধান চৰ অঞ্চলসমূহ  ভ্ৰমণ কৰি লিখিছিল যে সমস্ত চৰ অঞ্চলত তেওঁ এখনো বাঙালী মাধ্যমৰ স্কুল দেখা পোৱা নাছিল। একেবাৰে ভিতৰুৱা 'বিদেশী-অধ্যুষিত অঞ্চল'ৰূপে খ্যাত চৰতো তেওঁ ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিল। সেই ঠাইৰ মানুহে  ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতিছিল  যদিও বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কৈছিল। এম ইলিমউদ্দিন দেৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে-চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’এই গৰাকী লোক ১৯৬৪ চনৰে পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। কিন্তু দুই পুৰুষ ধৰি অসমতে বাস কৰা এই গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত 'বিদেশী' বুলি অভিযোগ তৰা হৈছে আৰু তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে।অসমত কেইবা পুৰুষো ধৰি বসবাস কৰি নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো  এই সকল  মানুহ ' বিদেশী' বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰিব।
অত্যন্ত দুখেৰে পৰাগ কুমাৰ দাসে লিখিছে--'হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে। আৰু তাৰ ফলত লাভ হৈছে অসমবিৰোধী শক্তিবোৰৰ। নিৰাপত্তা বিচাৰি এই ন-অসমীয়া মানুহখিনি এতিয়া কাৰোবাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে আৰু তেনেকুৱা সুবিধাকে বিচাৰি ফুৰা ৰাজনৈতিক শক্তিবোৰে এতিয়া সেইবোৰ অঞ্চলত সুন্দৰ সংগঠন আৰম্ভ কৰি দিছে। যোৱা নিৰ্বাচনত অসম-বিৰোধী সাম্প্ৰদায়িক শক্তি কিছুমানে 'অসমীয়া' অঞ্চলবোৰতো অভূতপূৰ্ব সফলতা লাভ কৰাৰ মুলতে আছিল ছবছৰে আমি কৰি অহা কিছুমান ভুল। সেই ভুলবোৰৰ এতিয়া শুধৰণি নকৰিলে অচিৰেই এনেকুৱা এটা দিন আহিব যে, বাংলাদেশ সীমান্ত সুৰক্ষিত হোৱাৰ পাছতো অসমত 'বিদেশী'ৰ সংখ্যা বাঢ়িহে যাব আৰু 'অসমীয়া'ৰ সংখ্যা কমি আহিব।''
           তেওঁৰ মতে,পমুৱা মুছলমানখিনিয়ে স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ মুল কাৰণ আছিল অৰ্থনৈতিক। আৰ্থিক সংকট,দুৰ্ভিক্ষ,কৰ্মহীনতা আদি বিভিন্ন কাৰণত সৰ্বশ্ৰান্ত হোৱা লোকসকলে জীয়াই থকাৰ তাড়নাতহে অসমলৈ অাহিছিল,এওঁলোকৰ নিমিত্তে অইন কিবা ৰাজনৈতিক বা সাংস্কৃতিক অভিলাষ একেবাৰে অৰ্থহীন আছিল আৰু সেয়েহে, অসমত নিজৰ অৱস্থিতি সুদৃঢ় কৰিবৰ নিমিত্তেই এওঁলোক প্ৰচলিত সাংস্কৃতিক জীৱনধাৰাত জীন যাবলৈ অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু এই মানুহখিনিক লৈ অসমত এতিয়া ধৰ্মীয় আৰু ৰাজনৈতিক চক্ৰান্ত চলোৱা হৈছে।
         চৰ অঞ্চলৰ অভিবাসী মুছলমানসকলৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ কিবা অনিষ্ট হ'ব বুলি তেওঁ কেতিয়াও আশংকা কৰা নাছিল।বৰঞ্চ তেওঁৰ মতে,এইসকল লোকে নিজস্ব ভাষা-সংস্কৃতি, সকলো ত্যাগ কৰি স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লোৱাৰ ফলত ক্ৰমান্বয়ে সংকোচিত হৈ অহা অসমীয়া ভাষা-সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰাৰ নিমিত্তে মাধ্যম এটাহে বিচাৰি পাইছিল।তাৰোপৰি ইছলাম ধৰ্মৰ লোকসকল যি ঠাইলৈকে যায়, য’তে বসবাস কৰে, যি ঠাইৰ বায়ু-মাটি-পানী গ্ৰহণ কৰে, সেই ঠাইৰ স্থানীয় ভাষা-সংস্কৃতি সম্পূৰ্ণ আঁকোৱালি লোৱাত গুৰুত্ব দিয়ে বুলিও তেওঁ বিশ্বাস কৰিছিল।
        পমুৱা মুছলমান লোকসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি দ্ৰুত হোৱাৰ কাৰণ হিচাপে তেওঁ লিখিছিল--'পমুৱা মুছলমানখিনিৰ মাজত শিক্ষা-দীক্ষাৰ প্ৰভাৱ অতি কম হোৱাৰ নিমিত্তে আৰু তেওঁলোকৰ সমাজত বহুবিবাহ প্ৰথা এতিয়াও গ্ৰহণযোগ্য হোৱা হেতুকেই জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বেছি । ভিতৰুৱা চৰবোৰত একোজন মানুহৰ এঘাৰ-বাৰটা সন্তান থকাটো এতিয়াও স্বাভাৱিক বুলি তেওঁলোকে গণ্য কৰে । সেয়েহে, অসমৰ অইন অঞ্চলতকৈ এইবোৰ অঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহু বেছি; ফলত, মূলসুঁতিৰ নিমিত্তে ৰাজনৈতিকভাৱে অনিষ্টকাৰী বুলি এতিয়ালৈকে পৰিগণিত হৈ অহা ভোটবেংকবোৰো ক্ৰমান্বয়ে একে হাৰতে শকত হৈ গৈ আছে।'
        উল্লেখযোগ্য যে,কিছুমান স্বাৰ্থান্বেষী লোকৰ ষড়যন্ত্ৰত চৰ অঞ্চলৰ অভিবাসী লোকসকলৰ গাত ধৰ্মৰ লেবেল মাৰি সমগ্ৰ বিষয়টোক ধৰ্মীয়-সাম্প্ৰদায়িক ইচ্ছ্যুৰ ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছিল।কিন্তু কেৱল ধৰ্মৰ ভিত্তিতে সম্প্ৰদায় বিশেষক চিহ্নিত কৰি বাংলাদেশী মুছলমান সকলক কেৱল বহিষ্কাৰ কৰিব বিচৰা সিদ্ধান্তৰ তেওঁ বিৰুধী আছিল।ধৰ্মনিৰপেক্ষভাৱে তেওঁ অবৈধ প্ৰব্ৰজনৰ বিষয়টোক নিৰীক্ষণ কৰিছিল আৰু নেপালী -অনুপ্ৰৱেশৰ বিষয়টোকো সোঁৱৰাই দিছিল। নেপালী জনগোষ্ঠীৰ লোকসকল হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বাবেই অসম- আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত নেপালী -অনুপ্ৰৱেশৰ সমস্যাটো তেনেই তলপৰি যোৱা কথাষাৰ নিশ্চয় সকলোৰে জ্ঞাত।পৰাগ কুমাৰ দাসে এই কথাষাৰৰ বিৰুধ কৰি অনাগত দিনত নেপালী অনুপ্ৰৱেশৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল।অৱশ্যে মনত ৰখা প্ৰয়োজন যে তেওঁ ইয়াৰ দ্বাৰা খিলঞ্জীয়া নেপালী জনগোষ্ঠীৰ লোকসকলক কেতিয়াও আক্ৰমন কৰা নাছিল।
     অসমীয়া জাতিয়ে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰে সদায়ে ধৰ্মতকৈ ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অহা কথাটো তেওঁ বাৰে বাৰে উল্লেখ কৰিছে।সেইদৰে ন-পুৰণি সকলো প্ৰব্ৰজনকাৰীকে একে পৰ্যায়ত বিবেচনা কৰা কথাটোকো তেওঁ সমালোচনা কৰিছিল।চৰ অঞ্চলত আহি বসবাস কৰিবলৈ লোৱা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰিবৰ বাবে সেই অঞ্চলসমূহৰ পুৰণি আৰু খিলঞ্জীয়া লোকসকলক বিশ্বাসত ল’বই লাগিব বুলি তেওঁ মত পোষণ কৰিছিল।
       অসম আন্দোলনৰ অন্ত পেলাই 'অসম চুক্তি' স্বাক্ষৰিত হোৱাৰ পাছত অসম গণ পৰিষদ শাসনলৈ অহাত পৰাগ কুমাৰ দাসে আশা কৰিছিল যে শাসনাধিস্থ নতুন চৰকাৰখনে চৰ অঞ্চলবিলাকত ক্ষিপ্ৰতাৰে সংগঠন চলাই পুৰণি মানুহখিনিক আস্থালৈ আনি  ভুল বুজা-বুজিবোৰ আঁতৰ কৰিব। এইক্ষেত্ৰত তেওঁ  বিভিন্ন সময়ত নানা গঠনমূলক পৰামৰ্শও  আগবঢ়াইছিল। কিন্তু এই দিশত গণ পৰিষদ চৰকাৰে কোনো উদ্যমেই লোৱা চকুত নপৰিল ।ফলত অগপৰ প্ৰতি তেওঁৰ আস্থা সমুলি নোহোৱা হৈছিল।সেয়ে তেওঁ  চৰ অঞ্চলৰ পৰা ওলাই অহা  শিক্ষিতচাম  যুৱকসকলৰ সহায়ত অভিবাসীসকলৰ মাজলৈ সোমাই গৈ পুৰনি মাতব্বৰী প্ৰথাক এইবোৰ অঞ্চলৰ পৰা একেবাৰে নিঃশেষ কৰি পেলাবলৈ পৰামৰ্শ আগবঢাইছিল।সেয়ে হ’লে,অনিষ্টকাৰী ভোটবেংকবোৰো ভাঙিব পৰা যাব বুলি তেওঁ বিশ্বাস কৰিছিল।এই কথাও তেওঁ বিশ্বাস কৰিছিল যে,চৰ অঞ্চলৰ লোকসকলৰ সৈতে সৃষ্টি হোৱা সংঘাত,ভুল বুজা-বুজি আদি আতঁৰাবলৈ আমি চেষ্টা কৰিব লাগিব। বাগৰি অহা উৰা বাতৰিৰ ওপৰতে ভিত্তি কৰি সংবাদ পৰিবেশন কৰাৰ পৰিবৰ্তে প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত এইবোৰ অঞ্চলৰ প্ৰকৃত চিত্ৰখন ডাঙি ধৰিলে আমাৰ মাজৰ অনেক ভুল বুজাবুজি দৰাচলতে আপোনা-আপুনি আঁতৰ হৈ যাব ।
         ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁ লিখিছিল-প্ৰকৃত নাগৰিক সকলৰ আটাইবোৰ তথ্য-পাতি যদি কম্পিউটাৰত ৰাখিব পৰা যায়, তেন্তে একোজন সন্দেহযুক্ত ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণৰ নিমিত্তে ইমানবোৰ মেৰপাকৰ প্ৰয়োজন নহ’ব । আমাৰ এই প্ৰস্তাৱ প্ৰচুৰ ব্যয় সাপেক্ষ হ’ব সঁচা, কিন্তু ৰাজ্য চৰকাৰ এতিয়া এইখিনি ব্যয় বহন কৰিবলৈ সাজু নহ’লে তাৰ ফলত ভৱিষ্যতে যিমানবোৰ জটিল সমস্যাৰ উদ্ভৱ হ’ব, সেইবিলাকৰ সমাধানত হয়তো ইয়াতকৈ কেইবাগুণে অধিক ধন ব্যয় কৰিব লগীয়া হ’ব । আৰু ৰাজ্য চৰকাৰৰ ৰাজহত এই কামৰ নিমিত্তে যদি সঁচাকৈয়ে ৰাজহৰ অভাৱ বুলি ভৱা হয, তেন্তে ৰাইজৰ ওপৰতে অতিৰিক্ত কৰ বহুওৱা হওক;- বিদেশী সমস্যাৰ সমাধানৰ নিমিত্তে প্ৰাণ পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰা অসমৰ ৰাইজে এই উদ্দেশ্যত অতিৰিক্ত কিছু কৰৰ বোজা বহন কৰিবলৈ বোধকৰো কুণ্ঠাবোধ নকৰিব । বিভিন্ন পুৰণি নথি-পত্ৰৰ সহায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সংশোধন কৰি ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকৰ প্ৰকৃত সংখ্যা এটা উলিয়াব পাৰিলে এই সমস্যাৰ আতিশয্যৰ যথাৰ্থ আভাস এটা পোৱা যাব আৰু তেতিয়া হ’লে সমস্যাটোক অতিৰঞ্জিত কৰি ৰাজনীতি খেলি অহাসকলৰ কু-চক্ৰান্তৰো মুদা মৰিব । ৰাজ্য চৰকাৰে যদি এতিয়া এইখিনি কাম কৰিবলৈকো গাত নলয়, তেন্তে এনেবোৰ ৰাজনৈতিক কু-চক্ৰান্তৰ তেওঁলোকো অংশীদাৰ বুলি ভাৱিবলৈ ৰাইজ বাধ্য হ’ব ।
            ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আজিলৈকে সংশোধন নকৰাৰ ফলত এপিনে যিদৰে বিদেশী নাগৰিকৰ চিনাক্তকৰণত অসুবিধা হৈছে; আনপিনে তেনেদৰে অনেক খিলঞ্জীয়া মানুহে হাৰাশাস্তি ভুগিবলগীয়া হৈছে বুলি তেওঁ আশী আৰু নব্বৈৰ দশকতে লিখিছিল।তেওঁৰ মতে, 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সংশোধনৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বা অনুমতি, কোনোটোৰে আৱশ্যক নাই ।পুৰণি ভোটাৰ তালিকা আৰু বিভিন্ন বৈধ নথি-পত্ৰ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰে নিজৰ ববীয়াকৈয়ে এই কাম আৰম্ভ কৰিব পাৰে । জনসাংখ্যিক গাঁথনিৰ পিনৰ পৰা যিবোৰ অঞ্চল এতিয়া আমাৰ নিমিত্তে ভয়ৰ কাৰণ হৈ পৰিছে সেইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাৰ হাতত এতিয়াও অনেক মূল্যবান নথি-পত্ৰ পোৱা যাব; কাৰণ, নিজৰ নিৰাপত্তাৰ বাবেই এওঁলোকে এই নথিপত্ৰ বোৰ সযতনে সংগ্ৰহ কৰি আহিছিল । আমি পৰিভ্ৰমণ কৰা চৰ অঞ্চল কিছুমানত পুৰণা বাসিন্দাৰ হাতত ১৯৫৫, ১৯৬৬ চনৰ ভোটাৰ তালিকাও সযতনে ৰখা অৱস্থাত পাইছো।'
          তেওঁৰ মতে,' চৰ অঞ্চলৰ বাসিন্দা মানেই বিদেশী বুলি গণ্য কৰা বিভ্ৰান্ত মানসিকতা ত্যাগ কৰি এই পুৰণি মানুহখিনিৰ ওচৰ চাপিব লাগিব, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’ব লাগিব । কেইবা পুৰুষো ধৰি অসমতে থাকি, ইয়াতে জীণ যোৱাৰ পাছতো এই মানুহ খিনিক ‘ন-অসমীয়া’ ৰূপেহে আখ্যা দি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি অহা ভুলবোৰৰ এতিয়া আৰু পুনৰাবৃত্তি ঘটা অনুচিত । '
      সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ এই ধৰণৰ প্ৰগতিশীল চিন্তা-দৰ্শনৰ যথেষ্ট তাৎপৰ্য আৰু প্ৰাসংগিকতা আছে।অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ চিন্তা-চৰ্চা আৰু দৰ্শনৰ পুনৰ্মূল্যায়ন নকৰাকৈ কেৱল ধৰ্মীয় দৃষ্টিকোণেৰে চৰ অঞ্চলৰ সকলো লোককে বিদেশী বা বাংলাদেশী মুছলিম বুলি গণ্য কৰা মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সমস্যাবোৰ জটিল হৈ গৈ থাকিব।(সমাপ্ত) 


           

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...