Tuesday, December 8, 2020

দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত প্ৰণতি বৰুৱাৰ কবিতা

দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত
          প্ৰণতি বৰুৱাৰ কবিতা 
                                             বীৰ্কে বি থাপা

      আধুনিক কবিতাৰ নিৰ্মানশৈলীত ইমে'জ বা চিত্ৰকল্পৰ প্ৰয়োগ এক অতুলনীয় সংযোজন।
বিংশ শতিকাৰ আৰম্ভণিতে টি.ই.হিউম,
এজৰা পাউণ্ড,জেমচ জয়েচ আদিৰ দৰে কবিয়ে তেওঁলোকৰ কবিতাত পোনপ্ৰথম বাৰৰ বাবে চিত্ৰকল্পৰ প্ৰয়োগৰ জৰিয়তে পাশ্চাত্যৰ সাহিত্যত এক নতুন চিত্ৰকল্পবাদী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমীয়া কবিতাতো চল্লিশৰ দশকৰ পৰা  চিত্ৰকল্পৰ সমাহাৰেৰে সমৃদ্ধ কবিতা ৰচনাৰ ঢল বৈ আহে।কবি হেম বৰুৱা,নৱকান্ত বৰুৱা,হীৰেণ ভট্টাচাৰ্য আদিৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী কবিয়ে  চিত্ৰকল্পৰ বহুল প্ৰয়োগেৰে অসমীয়া কাব্য-সাহিত্যক সমৃদ্ধ কৰি তুলিছিল।
       পৰৱৰ্তী পৰ্যায়ত চিত্ৰকল্পবাদী আন্দোলনৰ পূৰ্বৱৰ্তী ধাৰা অব্যাহত ৰাখি যিসকল কবিয়ে পুনৰ  আশীৰ দশকৰ পৰা কবিতাৰ নিৰ্মাণশৈলীত চিত্ৰকল্পৰ প্ৰয়োগ আৰু তাৰ জৰিয়তে কবিতাক অধিক ভাৱব্যঞ্জক কৰি তোলাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা চলাবলৈ আৰম্ভ কৰিছিল সেইসকলৰ ভিতৰত অন্যতম  এগৰাকী উল্লেখযোগ্য কবি হৈছে প্ৰণতি বৰুৱা। 1997 চনত প্ৰকাশিত প্ৰথমখন কবিতাপুথি 'প্ৰতিটো ঋতুৰ আকাশ'ত সন্নিৱিষ্ট কবিতাসমূহত কবি প্ৰণতি বৰুৱাই ভিন্ন ঋতুত প্ৰকৃতিয়ে পৰিগ্ৰহণ কৰা ৰূপ- বৈচিত্ৰক বিভিন্ন চিত্ৰকল্পৰ প্ৰয়োগেৰে যথাৰ্থ ৰূপত চিত্ৰিত কৰা পৰিলক্ষিত হয়।ইতিমধ্যে সমসাময়িক বিভিন্ন কাকত-আলোচনীত তেখেতৰ অলেখ কবিতা প্ৰকাশ পাইছে।প্ৰকাশিত এই কবিতাসমূহৰ  উপৰিও  'ফুল হৈ ফুলি আছে তেজীমলা' শীৰ্ষক তেখেতৰ 2015 চনত প্ৰকাশিত দ্বিতীয়খন কবিতা-সংকলনতো চিত্ৰকল্পৰ যথাৰ্থ প্ৰয়োগ আমি দেখা পাওঁ।উল্লেখযোগ্য যে তেখেতৰ প্ৰথমখন প্ৰকাশিত কবিতাপুথিৰ কবিতাসমূহ 'ফুল হৈ ফুলি আছে তেজীমলা' সংকলনত পুনৰ সন্নিৱিষ্ট হৈছে।
        কবি প্ৰণতি বৰুৱাৰ জন্ম 1954 চনত ছৈখেৱাত।ডুমডুমা মহাবিদ্যালয়ৰ পৰা 1974 চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যথাক্ৰমে অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমে অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী হিচাপে আৰু পাছত অধ্যক্ষা হিতাপে কৰ্মজীৱনৰ সুদীৰ্ঘ কাল অতিবাহিত কৰাৰ পাছত 2014 চনত অৱসৰ গ্ৰহণ কৰে।সামাজিক জীৱনত একাধিক সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠানৰ সৈতে জড়িত প্ৰণতি বৰুৱাৰ সুৱলা কণ্ঠ,আকৰ্ষণীয় কথন-শৈলী আৰু সকলোকে মুগ্ধ কৰিব পৰা অত্যন্ত মৰমীয়াল অন্তৰ তেখেতৰ ব্যক্তিত্বৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য।
         কবি প্ৰণতি বৰুৱাৰ কবিতাৰ অধ্যয়নৰ পৰা সামগ্ৰিকভাৱে এই কথাই পৰিলক্ষিত হয় যে তেখেতৰ  নৈসৰ্গিক চেতনা অত্যন্ত প্ৰবল।পাৰিপাৰ্শ্বিক জগতখনক পৰ্যৱেক্ষণ কৰাৰ দৃষ্টি অত্যন্ত সূক্ষ্ম বাবেই প্ৰকৃতি আৰু ভিন্ন ঋতুৰ ৰূপবৈশিষ্ট্যক তেখেতে কবিতাৰ শব্দ -চিত্ৰৰে যথাৰ্থ ৰূপত অংকণ কৰিবলৈ সক্ষম হৈছে,যথা-
     বহাগ এনেকৈয়ে আহে
     কুলি-কেতেকীৰ কণ্ঠত ফেঁহুজালি তুলি
     মেঘত ঢোলৰ চাপৰ মাৰি
     এই বোকা এই পানীৰে
     কুঁহিপাতত জেতুকাৰ বোল সানি...(বহাগ) ।
      সেইদৰে অসমীয়া গ্ৰাম্য -জীৱনৰ উচ্ছল হাঁহি-উল্লাসৰ চিত্ৰও কবি প্ৰণতি বৰুৱাৰ কবিতাত বাংময় হৈ উঠিছে -
পথাৰৰ পৰা ছিটিকি পৰা
হাঁহিৰ শব্দবোৰ
তাৰেই ভৰি উঠে কান্ধৰ বিৰিয়া
নৰাৰ সুহুৰিত উৰি ফুৰে
মনৰ বাঁহী গঢ়াই লোৱা
এজাক গৰখীয়া........(পথাৰৰ বাঁহী)
       প্ৰণতি বৰুৱাৰ অন্যান্য কবিতা ,যেনে-বহাগৰ স্নেপশ্বট,শৰতৰ বাতৰি,ফাগুনৰ স্তৱক,ফাগুন,শাওনৰ স্তৱক আদিতো নৈসৰ্গিক চিত্ৰণেই প্ৰধান বৈশিষ্ট্য।সেয়ে হ'লেও কবিতাবোৰ পঢ়ি গ'লে প্ৰকৃতিৰ সৈতে থকা কবিৰ হৃদয়ৰ গভীৰ সংযোগ চেতনাক  উপলদ্ধি কৰিব পাৰি।
       আধুনিক কবিতাৰ ৰূপ-গঠন বা আংগিক নিৰ্মানৰ ক্ষেত্ৰত চিত্ৰকল্পৰ প্ৰয়োগ এক বিশিষ্ট লক্ষন।প্ৰণতি বৰুৱাৰ কবিতাতো চিত্ৰকল্পৰ নিৰ্মানৰ ক্ষেত্ৰত কবিক সচেষ্ট হোৱা দেখা যায়।
কিন্তু আধুনিক অসমীয়া কবিতাত সততে পৰিলক্ষিত হোৱা দুৰ্বোধ্য শব্দৰ কাৰচাজিৰে অভিনৱত্ব প্ৰকাশৰ প্ৰচেষ্টা তেখেতৰ কবিতাত অনুপস্থিত।তাৰ পৰিৱৰ্তে তেখেতৰ কবিতাত দেখা যায় সহজ-সৰল বাক্য- বিন্যাস। সুসংহত আৰু পৰিমিত শব্দবিন্যাসেৰে কবিয়ে সৃষ্টি কৰা ইমে'জ বা চিত্ৰকল্পসমূহে তেখেতৰ বহুকেইটা কবিতাক ভাৱৰ গভীৰতা নথকা স্বত্তেও ব্যঞ্জনাপূৰ্ণ কৰি তুলিছে। বুকুৰ বাউলি বতাহ,ইচ্ছাৰ পলস,বসন্ত বতাহ,ৰ'দৰ পোছাক,দুখৰ দুকোল টঁকা বান,বেউলা আকাশ,অহল্যা পাথৰ, তেজীমলা আঁচল,দুখৰ জ্বালামুখী,দুষ্মন্ত প্ৰেম,কুৰুক্ষেত্ৰ সময়,যন্ত্ৰণাৰ স্তৱক আদি তেনে কিছু ব্যঞ্জণাপূৰ্ণ শব্দ বিন্যাসৰ উদাহৰণ।সেইবাবেই হয়তো 'প্ৰতিটো ঋতুৰ আকাশ' কবিতা পুথিখনিৰ সম্পৰ্কত কবি ৰাম গগৈদেৱে লিখিছিল-'প্ৰতিটো ঋতুৰ আকাশ-এই তিনিটা শব্দৰ সংযোজনত নিহিত হৈ আছে ঋতুৰ পৰিৱৰ্তনৰ ইংগিত।প্রতিটো ঋতুৰ বৰ্ণময় আকাশ আৰু প্ৰতিটো ঋতুৰ সতে জড়িত কবিৰ বিচিত্ৰ অম্ল-মধুৰ অভিজ্ঞতাৰে বিধৌত জীৱন বিন্যাস।এইফালৰ পৰা সংকলনখনিৰ নামকৰণ গভীৰ ব্যঞ্জনাময় ।'
      কেৱল নৈসৰ্গিক দৃশ্যৰ অংকণতে কিন্তু তেখেতৰ কবিতা সীমাবদ্ধ হৈ থকা নাই।তেখেতৰ কবিতাত বাংময় হৈ উঠিছে অসমীয়া লোক-পৰম্পৰা, লোককৃষ্টি আদিৰো বিভিন্ন দিশ। আজিৰ দিনত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা নিভাঁজ  অসমীয়া শব্দৰ প্ৰয়োগো তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য ,যেনে--'চেৰেকিত আউল লগা সূতাৰ নেছাটো লৈ/জোঁট ভাঙিবলৈ বহি আছোঁ হাতত উঘাটো লৈ...'(অন্বেষণ)।সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাচীন মূল্যবোধৰ ক্ৰমশ: অৱলুপ্তিয়েও কবিৰ মনক মৰ্মাহত নকৰাকৈ থকা নাই।আজিৰ বস্তুবাদী সামাজিক বাতাবৰণে নতুন প্ৰজন্ম আৰু আমাৰ বাপতিসাহোন কৃষ্টি-সংস্কৃতি, লোককথা-লোকসাহিত্য আদিৰ মাজত কঢ়িয়াই অনা ব্যৱধান কথা প্ৰকাশ কৰি কবিয়ে এটি কবিতাত  লিখিছে-'আছেনে বাৰু/আইতাৰ মৰম উপচা চোতালখনত/নাতিহঁত বহিবৰ বাবে তিলমান সময়/আছে জানো/চোতালৰ চূক-কোণ/জোনাক আহি নাচিবলৈ..'(এটা নতুন সাধুকথা)।
      কবি হিচাপে প্ৰণতি বৰুৱাৰ আত্মপ্ৰকাশ প্ৰকৃততে আশীৰ দশকৰ ৰক্তাক্ত আৰু সাম্প্রদায়িক সংঘৰ্ষ-জৰ্জৰিত সময়ছোৱাত।সেই সময়ৰ পৰিৱেশ -পৰিস্থিতিয়ে অসমীয়া কবিসকলক ক্ৰমশ: আগবাঢ়ি অহা দু:সময় সম্পৰ্কে সচেতন কৰি তুলিছিল।কবি প্ৰণতি বৰুৱাও ইয়াৰ ব্যতিক্ৰম নাছিল।স্বদেশ আৰু স্বজাতিৰ বাবে আত্ম বলিদান দিয়া শত সহস্ৰ শ্বহীদৰ মৃত্যুত শোকাভিভূত কবিয়ে সেইসময়ত লিখিছিল--'কেনেকৈ আগবঢ়াও মোৰ দুহাত?/ইয়াত এতিয়া উত্তাল যৌৱনৰ স্বপ্নবোৰ শিল হৈ আছে যে শুই/বধ্যভূমিৰ শব্দ আৰু তেজত ইয়াত/ৰজনজনাই আছে ডেউকা ভঙা চৰাইৰ বিননিৰে/এখন আকাশ...'(ঋতুৰ স'তে আলাপ)।
      কবিৰ দৃষ্টিত 'নিৰাপত্তাৰ অৰ্থ এতিয়া অনিশ্চয়তা/জাপি কিম্বা ছাটি একোৱেই নোৱাৰে ৰাখিব সামৰি/দুখৰ জাগলৰ পানী /..চান্দোৰ মেৰঘৰলৈ সোমাই আহে কালনাগ/দিশে দিশে দুখৰ দোকোল-টঁকা বানত উচুপে/বেউলা আকাশ...'(নিৰাপত্তা ইত্যাদি)। 'আপাতত: মই' শীৰ্ষক কবিতাত  দেখা যায়,আজি সকলো মানুহ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে ।আজিৰ যুগত গাওঁ -জ্ঞাতিৰ বিপৰ্যয়ৰ সময়তো কোনেও আগৰ দৰে মাত এষাৰ নিদিয়ে।পৰিৱৰ্তিত সময়ৰ এই দুৰ্দশাই কবিৰ মনত সৃষ্টি কৰা উপলদ্ধি-- 'ৰ'দৰ দিনত ওমলি থকা সোণালী শস্যভূমিত/আজি ছনপৰা মাটি/য'ত আছিল এদিন মোৰ ককা আইতা পেহী/আৰু অনেক গঞা জ্ঞাতি/...সময়ৰ বানপানীত কেতিয়ানো ছিঙি গ'ল/আমাৰ হাতবোৰ/কেতিয়ানো আমি খেলিলোঁ হেতালি/ক'ত এতিয়া আমাৰ সতীৰ্থ সজাতি...এতিয়া যে/হাতৰ মুঠিত আত্মগোপন শিবিৰ পাতি/কুৰুক্ষেত্ৰ সময়.../তাহানি হাতে হাতে জোঁৰ লৈ/আমি পথাৰৰ পৰা সমদলে খেদিছিলোঁ/ঢোলে-দগৰে বনৰীয়া হাতীৰ জাক/এতিয়া কোনে জগাব কাক/কোনেনো বজাব ঢোল কোনে বজাব ঢাক...'। এনে পৰিস্থিতিত কবি 'চেতনাৰ অংকুশেৰে বিদ্ধ কলিজা'ৰে 'অচিন ব্যাধিৰ যন্ত্ৰনাত' জৰ্জৰিত-' এতিয়া কাক খুজিম/এঘটি পিয়াহৰ পানী/ক'ত সেই গাণ্ডীৱ দুহাত/পাতাল ভেদি আনিবলৈ নিজৰা....)(আপাতত: মই)।
       আজি আমি এনে এটা যুগত বাস কৰি আছোঁ যিটো যুগত চকুৰ সন্মুখতে কোনোবাই কাৰোবাক হত্যা কৰিলেও কোনো আচৰিত নহয়,দূৰদৰ্শন-বাতৰি কাকতত মানৱতাক কলংকিত কৰা অজস্ৰ ঘটনা দেখি দেখিও কাৰো মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়।সকলো যেন তেনেই স্বাভাৱিক।মানুহৰ আত্মকেন্দ্ৰিক চৰিত্ৰ আৰু ভোগবাদী ব্যস্ততাত আজি 'অনুভুতি ' নামৰ বস্তুটোৱেই যেন অন্তৰ্হিত হৈ পৰিছে।সেয়ে কবিৰ দৃষ্টিত আজি 'অকস্মাৎ' বুলি কোনো কথা নাই।চকুৰ সন্মুখত সংঘটিত সকলো ঘটনাই যেন গোলকীয় উষ্ণতাৰ বিষয়টোৰ দৰেই পূৰ্বৰে পৰা চলি থকা ঘটনাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া।সেই বাবেই এটি কবিতাত তেখেতে লিখিছে- 'অকস্মাতে একোৱে নঘটে বাবেই/গছবোৰৰ সপোন ধৰাশায়ী হয়/অকস্মাতে গোলকীয় উষ্ণতাই/পৃথিৱীক স্পৰ্শ নকৰে বাবেই/হেৰাই যায় গছবোৰ...'(অকস্মাৎ) ।
       কবি এনে এখন দেশৰ বাসিন্দা য'ত সীতা,সাবিত্ৰী,অহল্যা,দ্ৰৌপদীৰ দৰে অসহায়া নাৰীৰ ওপৰত যুগে যুগে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দ্বাৰা নিৰ্যাতন চলাই অহা হৈছে।সীতাৰ সতীত্বত প্ৰশ্ন তুলি অগ্নি-পৰীক্ষাৰ বাবে চিতাত তোলা হৈছে,সাবিত্ৰীক অকাল বৈধব্যৰ সাজ পিন্ধোৱা হৈছে,অহল্যাক শিললৈ ৰূপান্তৰিত কৰা হৈছে,দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত বিবস্ত্ৰা কৰা হৈছে।মহাকাব্যৰ দিনৰে পৰা নাৰীৰ ওপৰত চলি অহা এনে অত্যাচাৰৰ আজিও অন্ত পৰা নাই।দৈনন্দিন ঘটি থকা এনে অত্যাচাৰ-নিৰ্যাতনৰ ঘটনাবোৰ প্ৰত্যক্ষ কৰা কবিয়ে সেয়ে লিখিছিল--'ইয়াত,ইয়াতেইতো পৰি আছে মূক বধিৰ হৈ অহল্যা পাথৰ/এন্ধাৰ আৰু পোহৰৰ তয়াময়া যুঁজৰ স্বাক্ষৰ হৈ/এন্ধাৰত মুখ গুজি পৰি আছে ইয়াতে তেজীমলা/আঁচলত পাহি সৰা গোলাপ .../এতিয়া ইয়াত চকু মেলিলেই দ্ৰৌপদী/কেৱল দ্ৰৌপদী...'(অহল্যা দ্ৰৌপদী ইত্যাদি)।
       যান্ত্ৰিকতাই আৱৰা বস্তুবাদী জগতত প্ৰেম আৰু মানৱতাৰ অপমৃত্যুয়ে কবিক শোকস্তব্ধ কৰি পেলাইছে।প্ৰণতি বৰুৱাৰ বহুকেইটা কবিতাত প্ৰেমৰ অন্বেষণো চকুত পৰে।কিন্তু তেখেতৰ কবিতাত ব্যক্তি-প্ৰেম নৈসৰ্গিক প্ৰেমৰ সমগোত্ৰীয় ৰূপতহে প্ৰকাশ পোৱা পৰিলক্ষিত হয়।প্ৰকৃতিৰ সেউজ নিৰ্জনতা আৰু বিশালতাৰ বুকুত বিলীন হ'ব পৰা প্ৰেমৰ আক্যাংক্ষী কবিয়ে এটি কবিতাত লিখিছিল---'তোমাৰ আলিংগনৰ মাজত/মই এনেকৈয়ে হওঁ ডাঙৰ/নীলিম উদ্দীপনাৰে কলিজাৰ স্পন্দনত/মই আঁকি লওঁ সেউজীয়া স্বপ্নময় ছবি/এখন সেউজীয়া ছবি..'(শিলাস্তৰৰ শেলুৱৈ)। কিন্তু কবিৰ প্ৰশ্ন--'বুকুত আছেনে তেওঁৰ /নদীৰ দৰে আলাপ বাৰিষাৰ দৰে বৰষুণ'অমৃতৰ দৰে আকাশত..'
(সপোনত)।
       আশীৰ দশকত প্ৰণতি বৰুৱাই লিখা 'তুমি তোমাৰ স'তে এখন্তেক' শীৰ্ষক কবিতাটি এটি বিশেষ উল্লেখযোগ্য কবিতা। প্ৰকৃতিৰ স'তে হৃদয়ৰ সংযোগ চেতনাই হৈছে কবিতাটিৰ প্ৰধান বৈশিষ্ট্য।যান্ত্ৰিক যুগৰ ব্যস্ততাত মানুহৰ মনবোৰো যান্ত্ৰিক আৰু বস্তুবাদী হৈ পৰিছে।কবিয়ে উপলদ্ধি কৰিছে ,এই যান্ত্ৰিক মানসিকতাৰ পৰা যেন প্ৰিয়জনো বাদ পৰি যোৱা নাই।অথচ কবিয়ে আশা কৰিছে এখন্তেকৰ বাবে হ'লেও প্ৰিয়জনৰ স'তে প্ৰকৃতিৰ উন্মুক্ত কোলাত কেতিয়াবা বিলীন হৈ যাবলৈ।কবিৰ এই মানসিকতা এক মুহূৰ্তৰ বাবে মিলি গৈছে ডি.এইচ.লৰেঞ্চৰ Sun নামৰ গল্প এটাৰ নায়িকা জুলিয়েতৰ মানসিকতাৰ সৈতে।ব্যস্ততাপূৰ্ণ নাগৰিক জীৱনৰ পৰা সাময়িকভাৱে দুদিনমানৰ বাবে আঁতৰি দূৰৱৰ্তী সাগৰৰ পাৰলৈ স্বামীৰে সৈতে ফুৰিবলৈ যোৱা জুলিয়েতে দেহৰ সমস্ত আভৰণ সোলকাই নগ্ন দেহাৰে সূৰ্যস্নান কৰাৰ পাছত আৱিস্কাৰ কৰিছিল সূৰ্যৰ তাপ আৰু পোহৰে তাইৰ সমস্ত দেহ আৰু মনত পেলোৱা আচৰিত প্ৰভাৱৰ কথা।সভ্যতাৰ কৃত্ৰিম আধুনিকতাই মানুহক বেশ-ভূশাৰ শৃংখলত যিমানে বন্দী কৰি ৰাখিলেও  প্ৰকৃতিৰ আদিম আহ্বানে মানুহক সদায়ে যেন হাত বাউল দি মাতি থাকে।অনুৰূপ এক ভাৱনাত উল্লেখিত কবিতাটিতো কবিয়ে লিখিছে--নিৰ্জন পৰত তুমি তোমাৰ স'তে'এখন্তেক মুখামুখি হৈ পাতিলানে কথা?/....চোৱাচোন তুমি/ইচ্ছাৰ পলসত কেনেকৈ বাঢ়ি আহে/ তোমাৰ বুকুৰ মাজত ৰোৱা গছজোপা/তোমাৰ স'তে তুমি কথা পাতিলেই /গছজোপাত ফুলবোৰে গীত গাব/আৰু পাতবোৰেও কথা ক'ব/তোমাৰ অজ্ঞাতে সাৰ পাই উঠিব/অনেক চৰাইৰ কাকলি/তোমাৰ বুকুৰ স্বৰলিপি বুটলি...'।
      কিন্তু প্ৰেম আজি কেৱল যৌনতাৰ নামান্তৰ।আমি যিমানলৈকে কবি প্ৰণতি বৰুৱাৰ কবিতা পঢ়িছোঁ,আমাৰ বোধেৰে তেখেতৰ অন্যতম এটি উৎকৃষ্ট সৃষ্টি হৈছে-'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাটি।প্ৰেমক কেৱল যৌনতা বা বাসনা জৰ্জৰিত শাৰীৰিক ক্ষুধা নিবৃত্তিৰ এটি তাড়ণা বুলি বিশ্বাস কৰা আজিৰ যুগত কত অবলা নাৰী পুৰুষৰ ছলনাৰ বলি হ'ব লগীয়া হৈছে তাৰ হিচাপ নাই।সম্পূৰ্ণ বিশ্বাসেৰে পুৰুষৰ দুবাহুত নিজক সমৰ্পন কৰি দিয়া নাৰীয়ে নিজৰ সতীত্ব হেৰুৱাই পাছত লোক-লজ্জাৰ ভয়ত গৰ্ভত ধাৰণ কৰি লোৱা ভ্ৰণো হত্যা কৰিবলগীয়া হৈছে।পুৰুষৰ হাতত অসহায়া বহু নাৰীৰ বাবে তাৰ গত্যন্তৰো নাই।কিন্তু পুৰুষৰ ছলনাৰ বলি হোৱা নাৰীৰ  অন্তৰৰ বেদনাৰে কবিয়ে গৰ্ভত থিতাপি লোৱা ভ্ৰূণটিক হত্যা কৰাৰ পৰিৱৰ্তে তাক জীয়াই ৰাখিব বিচাৰিছে।'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাত তেখেতে লিখিছে---'তোমাৰ আলিংগনৰ মাজত/প্ৰতিহত প্ৰতিজাক ধুমুহাৰ পিছত মই/উভালি পৰা গছৰ কুটা কঢ়িয়াই/পুনৰ সাজি লওঁ/শকুন্তলা প্ৰেমৰ আশাৰ পঁজা/তুলি লওঁ গৰ্ভত সৃষ্টিৰ ভ্ৰূণ/কঠিনতম সময়ৰ মাজত/জন্ম দিওঁ/দুষ্মন্ত প্ৰেমৰ সেউজীয়া সন্তান এজাক...'। কবিতাটিৰ পৰা এনে ভাৱ হয় যেন পুৰুষৰ কামনাৰ বলি হৈ বহু নাৰীয়ে ভীৰুৰ দৰে ভ্ৰূণ হত্যা কৰি মৌনতা অৱলম্বন কৰাৰ বিপৰীতে কবিয়ে তেখেতৰ স্বপ্নভংগৰ সুতীব্ৰ বেদনাৰে  সেই ভ্ৰূণ গৰ্ভত ধাৰণ কৰি গান্ধাৰীৰ দৰে জাকে জাকে সন্তান জন্ম দি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে পুৰুষৰ চকু মুকলি কৰি দিব বিচাৰিছে।কিন্তু লক্ষনীয়ভাৱে তেখেতৰ কবিতাত প্ৰকাশ্য বিদ্ৰোহ  পৰিলক্ষিত নহয়।প্ৰখ্যাত পাঞ্জাৱী লেখিকা অমৃতা প্ৰীতমৰ 'ডাক্তৰ দেৱ' উপন্যাসৰ মুখ্য চৰিত্ৰ মমতাৰ দৰে এই কবিতাটিতো বিদ্ৰোহৰ পৰিৱৰ্তে প্ৰতিফলিত হৈ উঠিছে কেৱল নাৰীমনৰ অভিমান আৰু আত্মমৰ্যাদাৰ চিত্ৰ।
        প্ৰেম আৰু সুদিনৰ ওপৰত কিন্তু কবিয়ে কেতিয়াও আস্থা হেৰুৱা নাই।সেইবাবেই 'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত' শীৰ্ষক এটি কবিতাত তেখেতে লিখিছে-'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত /মেলি দিছোঁ চকুহাল/অগ্নিৰ গৰ্ভত হাত থৈ.../উজাগৰী নিশাৰ শেতেলিত/ওলমি আছে এতিয়া/কুৰুক্ষেত্ৰ বতাহ../বুটলি আনক সময়ে/গৈৰিক বাসনাৰ বুকুৰ পঞ্চশীল...'। কবিৰ বিশ্বাস যে কেৱল প্ৰেমেইহে পৃথিৱীলৈ শান্তি নমাই আনিব পাৰে।সেইবাবেই ' জননী' শীৰ্ষক কবিতা এটিত এগৰাকী মাতৃৰ হৃদয়ৰ প্ৰেম আৰু কোমলতাৰে যন্ত্ৰনাগ্ৰস্ত অজস্ৰ মানুহক সন্তানৰ দৰে আকোঁৱালী লোৱাৰ দুৰ্বাৰ আক্যাংক্ষাৰে  কবিয়ে লিখিছে-'দুখৰ লোতকত উটি যোৱা মানুহবোৰক/যন্ত্ৰনাৰ স্তৱকত শুই থকা মানুহবোৰক/শিশুৰ দৰে তুলি লওঁ আহাঁ /....প্ৰেমৰ সাগৰত পখালি লওঁ সিহঁতৰ দেহা/শান্তিৰ নিজৰাকে আঁকি দিওঁ কপালত প্ৰেমৰ ৰেখা/হৃদয়েদি বোৱাই দিওঁ অমৰ প্ৰেমৰ দীপ্তিমান প্ৰভা..'।
       এনেদৰেই কবি প্ৰণতি বৰুৱাৰ আৰু অনেক কবিতাত(যেনে-বাঞ্চিত সময়ৰ প্ৰতীক্ষাত, সোণালী সত্য,হৃদয় ক'ত, উন্মীলন,এজাক যুৱতী নাৰীৰ দেওধনী নাচ, সুহৃদ, সাম্প্ৰতিক, বিহুৱান, গছবোৰে গান গায়,এজাক পশুৰ মাজত এজনী পাগলী,শৈশৱ আদি) ব্যক্তিগত জীৱনৰ সুখ-দুখ,সামাজিক বিপৰ্যয় ,দু:সময় আদিৰ বাস্তৱ চিত্ৰণ পৰিলক্ষিত হয়।দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত তেখেতৰ কবিতাসমূহক অতুলনীয় চিত্ৰকল্প আৰু ভাৱৰ গভীৰতাই নতুন আয়তন প্ৰদান কৰিছে।(সমাপ্ত)
     
.................................










   
     






     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...