Tuesday, December 8, 2020

ভল্টেয়ৰৰ কাঁদিদ আৰু আশাবাদ

    ভল্টেয়ৰৰ 'কাঁদিদ' আৰু আশাবাদ
                                                 -  বীৰ্কে বি.থাপা

         লিচবনৰ প্ৰবল ভূমিকম্পই আছিল প্ৰকৃততে ভল্টেয়ৰৰ 'কাঁদিদ'(Candide) ৰচনাৰ মূল প্ৰেৰণা।1755 চনৰ 1 নৱেম্বৰত পৰ্টুগালৰ লিচবন চহৰত সংঘটিত হোৱা এই ভূমিকম্পৰ আগলৈকে ভল্টেয়ৰেও লাইবনিওজ(Leibniz) ৰ দৰেই গভীৰভাৱে বিশ্বাস কৰিছিল যে পৃথিৱীত ঘটা সকলো ঘটনাই মানুহৰ ভালৰ বাবেই ঘটে।
        জাৰ্মান দাৰ্শনিক ও গণিতজ্ঞ লাইবনিওজ (1645-1716)ৰ মত আছিল-All is for the best in this best of all possible worlds. অষ্টাদশ শতিকাত লাইবনিওজৰ এই মতবাদে সমগ্ৰ ইউৰোপত ব্যাপক প্ৰসাৰতা লাভ কৰিছিল।কিন্তু খৃষ্টীয়সকলৰ পবিত্ৰ 'অল চেইণ্টচ ডে' উপলক্ষে লিচবনৰ গীৰ্জাত প্ৰাৰ্থনাৰ বাবে সমৱেত হোৱা হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বনিতাৰ যেতিয়া সেই প্ৰচণ্ড ভূমিকম্পৰ ফলত মুহূৰ্ততে মৃত্যু ঘটিছিল ,হাজাৰজনে যেতিয়া জীৱন আৰু মৃত্যুৰ দুৱাৰডলিত আৰ্ত চিৎকাৰ কৰি আকাশৰ বুকু বিদীৰ্ণ কৰিছিল-তেতিয়াই  ভল্টেয়ৰৰ ঈশ্বৰ তথা আধ্যাত্মিক বিশ্বাসৰ ভেঁটি প্ৰথম বাৰৰ বাবে কঁপি উঠিছিল।অষ্টাদশ শতিকাৰ লাইবনিওজীয় আশাবাদৰ বিৰুদ্ধে তেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিছিল।সেই সময়ত লিখা কবিতাসমূহত তেওঁ ঈশ্বৰ- বিশ্বাস সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে-সেই কণ কণ শিশুবোৰে এনে কি পাপ কৰিছিল যাৰ বাবে সিহঁতক মাকৰ বুকুতে ৰক্তাক্ত মাংসপিণ্ডলৈ পৰিণত কৰা হ'ল? পেৰিচৰ গীৰ্জাৰ পুৰোহিতসকলে ভৱাৰ দৰে লিচবনৰ ভূমিকম্পৰ কাৰণ পৰ্টুগীজসকলৰ পাপ বুলি বিশ্বাস কৰাৰ কিবা যুক্তি আছেনে?
      অষ্টাদশ শতিকাৰ ইউৰোপত ভল্টেয়ৰৰ সেই প্ৰশ্নৰ যুক্তিনিষ্ঠ উত্তৰ দিব পৰা শক্তি কোনো ৰক্ষণশীল ব্যক্তিৰ নাছিল।সেয়ে তেওঁৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ গীৰ্জাসমূহ খড়্গহস্ত হৈ থিয় দিছিল।তেনে এক প্ৰতিকুল পৰিস্থিতিত ভল্টেয়ৰে ৰচনা কৰিছিল তেওঁৰ যুগজয়ী উপন্যাস-'কাঁদিদ'।উপন্যাসখন প্ৰকাশ পাইছিল লিচবনৰ ভূমিকম্প সংঘটিত হোৱাৰ প্ৰায় চাৰি বছৰ পাছত 1759  চনত ।প্ৰচলিত বিশ্বাসৰ বিৰূদ্ধে জেহাদ ঘোষণা কৰা এই উপন্যাসখনত ভল্টেয়ৰৰ ব্যক্তিগত জীৱন আৰু দৰ্শনৰো স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।
      1694 চনত পেৰিচত জন্ম গ্ৰহণ কৰা ভল্টেয়ৰৰ প্ৰকৃত নাম ফ্ৰাঁচোৱা মাৰি আৰৱেই(Francois Marie Arouet)। শিক্ষা জীৱনত তেওঁ শিক্ষাগুৰুসকলৰ পৰা সংশয়বাদ আৰু দ্বন্দাত্মক তৰ্কশাস্ত্ৰৰ  শিক্ষা লাভ কৰিছিল।এই শিক্ষাই তেওঁৰ জীৱনত সৰ্বগ্ৰাসী প্ৰভাৱ পেলাইছিল।তেওঁ হৈ পৰিছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন কঠোৰ সমালোচক আৰু তাৰ্কিক।কলেজীত্রা জীৱনত আইনৰ ছাত্ৰ হোৱা স্বত্তেও ভল্টেয়ৰে সমালোচনাত্মক গদ্য আৰু কবিতাকে ৰক্ষণশীলতাৰ বিৰূদ্ধে অস্ত্ৰ হিচাপে তুলি লৈছিল।নিৰ্ভীক সমালোচনাৰ বাবে তেওঁ যথেষ্ট দুখো ভোগ কৰিবলগীয়া হৈছিল।1715 চনত চতুৰ্দশ লুইৰ মৃত্যুৰ পাছত ফ্ৰাঞ্চৰ শাসনভাৰ ৰিজেণ্ডৰ হাতলৈ যোৱাত ভল্টেয়ৰে স্বচ্ছাচাৰী শাসকৰ বিৰূদ্ধে ব্যংগবান নিক্ষেপ কৰি কবিতা লিখাৰ অপৰাধত 1716 চনত তেওঁক বেষ্টিলৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।কাৰাগাৰত বন্দী হৈ থকা কালতে তেওঁ 'ভল্টেয়ৰ' ছদ্মনামটো গ্ৰহণ কৰিছিল।বন্দীশালৰ পৰা ওলায়ে ভল্টেয়ৰে 1718 চনত 'অদীপ'(Oedipe) নামৰ এখন নাটক লিখি মঞ্চস্থ কৰাইছিল।তাৰ পৰাই আৰম্ভ কৰি সুদীৰ্ঘ 83 বছৰীয়া জীৱনকালত ৰচনা কৰা সমস্ত ৰচনাৱলীত তেওঁ অষ্টাদশ শতিকাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ চিত্ৰ অংকণ কৰিবলৈ চেষ্টা কৰি গৈছিল।
       প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অষ্টাদশ শতিকাৰ ৰক্ষণশীল সমাজৰ বিপৰীত মেৰুত থিয় হৈ গীৰ্জাৰ নিয়ম আৰু যাজকশক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ আহ্বান জনাইছিল।বাইবেলৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত সংশয় প্ৰকাশ কৰি তেওঁ সমালোচনা লিখিছিল আৰু 'অ'ল্ড টেষ্টামেন্ট'ৰ কাহিনী আৰু কালৰ বিসংগতিক স্পষ্টকৈ দেখুৱাই দিছিল।এনেধৰণৰ বিষয়বস্তুৰ বাবেই তেওঁৰ 'কাঁদিদ' নামৰ উপন্যাসখনেও ৰক্ষণশীল সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
       উল্লেখযোগ্য যে,'কাঁদিদ' উপন্যাসত বৰ্ণিত ড:পেনগ্লছ নামৰ চৰিত্ৰ এটাৰ জৰিয়তে ভল্টেয়ৰে লাইবনিওজীয় মতবাদটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।ড: পেনগ্লচ এগৰাকী অধ্যাপক আৰু তেওঁ লাইবনিওজৰ দৰেই  বিশ্বাস কৰে যে সমগ্ৰ বিশ্বই হৈছে  এক গাণিতিক পদ্ধতি আৰু এই জগতত ঘটা প্ৰতিটো ঘটনাৰ এটা শৃংখলাবদ্ধ পৰম্পৰা বা ধাৰাবাহিকতা আছে।পৃথিৱীত ঘটা সকলো ঘটনাই ভালৰ বাবে ঘটে বুলি বিশ্বাস কৰা অধ্যাপক গৰাকীয়ে কয়-Things can not be other than they are. For, since everything is made for a purpose, everything must be for the best possible purpose.
      ড: পেনগ্লচ এগৰাকী অধ্যাপক।এই গৰাকী অধ্যাপকৰ অধীনতে কাঁদিদ নামৰ যুৱক এজনে  অধ্যয়ন কৰে।কাঁদিদে ড: পেনগ্লচৰ প্ৰতিটো কথাকে নিৰ্বিবাদে বিশ্বাস কৰে।সৃষ্টিৰ সকলো বস্তুতে ইতিবাচক সংযোগ বা আন্ত: সম্পৰ্ক লক্ষ্য কৰা অধ্যাপকগৰাকীৰ প্ৰভাৱত কাঁদিদ হৈ পৰিছে সকলো কথাতে প্ৰবল আশাবাদী।কিন্তু লেখক হিচাপে ভল্টেয়ৰৰ উদ্দেশ্য আছিল-কাঁদিদৰ এই অন্ধ -আশাবাদৰ ওপৰত আঘাত সানি,কাঁদিদৰ জীৱনত উপৰ্যোপৰি দুৰ্যোগৰ ঢল বোৱাই আনি তেওঁক এই কথাই প্ৰতীয়মান কৰিবলৈ শিকোৱা যে সমগ্ৰ বিশ্ব-বিধান প্ৰকৃততে মানুহৰ প্ৰতি নিৰ্মমভাৱে উদাসীন।
      উপন্যাসখনৰ কাহিনী আৰু ঘটনাক্ৰম আগবাঢ়িছে এনেদৰে: বেৰন দম্পত্তিৰ কন্যা কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত কাঁদিদক ৱেষ্টফেলিয়াৰ বৃহৎ প্ৰাসাদৰ পৰা বাহিৰ কৰি দিয়া হৈছে ।প্ৰেয়সীৰ সৈতে হোৱা বিচ্ছেদৰ পাছত কাঁদিদে ভগ্ন হৃদয়েৰে আৰম্ভ কৰিছে লক্ষ্য-উদ্দেশ্যহীন এক দীঘলীয়া যাত্ৰা।যাত্ৰাপথত তেওঁ মুখামুখি হৈছে বুলগেৰীয় সেনাৰ সৈতে আৰু সৈন্যবাহিনীত ভৰ্তি হৈ গুছি গৈছে যুদ্ধক্ষেত্ৰলৈ।যুদ্ধৰ নাৰকীয় দৃশ্যই কাঁদিদৰ মনত সৃষ্টি কৰিছে যুদ্ধৰ প্ৰতি তিক্ততা।
     এদিন আহত অৱস্থাৰেই যুদ্ধক্ষেত্ৰৰ পৰা পলাই  যাওঁতে হলেণ্ডৰ পদপথত অকস্মাতে কাঁদিদে লগ পায় ৰোগগ্ৰস্ত আৰু গলিত দেহাৰে ভিক্ষাৰীৰ দৰে পৰি থকা এসময়ৰ শিক্ষাগুৰু ড: পেনগ্লচক।ক্ষয়ৰোগত ভূগি থকাৰ উপৰিও বেৰনৰ প্ৰাসাদত এগৰাকী পৰিচাৰিকাৰ সৈতে অবৈধ যৌনাচাৰত লিপ্ত হোৱাৰ ফলস্বৰূপে  যৌনৰোগতো আক্ৰান্ত হৈ ড:পেনগ্লচৰ এই অৱস্থা হৈছিল।জীৱনৰ এনে দুৰ্যোগপূৰ্ণ আৰু কঠিনতম সময়তো কিন্তু তেওঁৰ আশাবাদৰ মৃত্যু ঘটা নাই।বিশ্বৰ প্ৰতিটো কাৰ্যকৰণতে পাৰস্পৰিক আন্ত: সংযোগ দেখা পোৱা অধ্যাপকগৰাকীয়ে সেই যৌন ৰোগৰ কাৰণ হিচাপে কলম্বাচৰ প্ৰসংগক টানি আনিছে।তেওঁৰ মতে কলম্বাচে আমেৰিকাৰ পৰা এই ৰোগ কঢ়িয়াই আনিছিল।কলম্বাচে এই ৰোগ কঢ়িয়াই ননা হ'লে আমি আজি ইমানবোৰ ঔষধ পালোঁহেঁতেন নে?অধ্যাপকগৰাকীৰ যুক্তিয়েই আছিল এনেধৰণৰ।নাকৰ আকৃতি সম্পৰ্কে যুক্তি দৰ্শাই তেওঁ কৈছিল যে নাকৰ এই আকৃতিৰ বাবেই আমি চচমা পিন্ধিব পাৰিছোঁ।শিলৰ সৃষ্টি হৈছে দুৰ্গ নিৰ্মান কৰিবলৈ।গাহৰীৰ প্ৰজনন ব্যাপক হাৰত বৃদ্ধি হৈছে যাতে আমি গোটেঅ বছৰ ধৰি গাহৰিৰ মাংসৰ সোৱাদ লৈ থাকিব পাৰোঁ।মূলত: তেওঁৰ সকলো যুক্তিয়েই আছিল ওলোটা।
        ডঃ পেনগ্লচৰ যোগেদি কাঁদিদে জানিব পাৰিছে  যে বুলগেৰীয় সৈন্যৰ হাতত বেৰন দম্পত্তি আৰু তেওঁলোকৰ কন্যা কুনেগুণ্ডেৰ মৃত্যু হোৱা কথা। কুনেগুণ্ডেৰ মৃত্যুৰ বাতৰি শুনি কাঁদিদ মৰ্মাহত হৈছে।
        তাৰ পাছতে জাহাজত উঠি কাঁদিদে লিচবন অভিমুখে যাত্ৰা কৰিছে।জাহাজ গৈ লিচবনৰ ওচৰ পোৱাৰ আগমুহূৰ্ততে আৰম্ভ হ'ল প্ৰচণ্ড ধুমুহা- বৰষুণ।ফলত জাহাজ পানীত ডুব গ'ল।ড:পেনগ্লচ আৰু কাঁদিদে কাঠ এডোখৰৰ সহায়ত কোনোমতে পাৰত আহি উঠাত প্ৰাণৰক্ষা পৰিল।যি মুহূৰ্ততে আহি তেওঁলোক পাৰত উঠিল,প্ৰচণ্ড ভূমিকম্পই পৃথিৱী কঁপাই তুলিলে।
       1755 চনৰ 1 নভেম্বৰ তাৰিখে সংঘটিত হোৱা লিচবনৰ সেই ইতিহাস প্ৰসিদ্ধ ভূমিকম্পটোৰ বিষয়ে ভল্টেয়ৰে উপন্যাসখনত লিখিছে--After the earthquake which destroyed three quarters of Lisbon,the county's leading thinkers decided that the best way of avoiding total destruction of the city was to give the people an auto-da-fe.-প্ৰচলিত বিশ্বাস অনুসৰি,অট'-ডা-ফে'ৰ আয়োজন কৰি লিচবনত পাপী লোকসকলক ধৰি নি পাপৰ প্ৰায়শ্চিত্ত হিচাপে জুইত পুৰি মৰা হৈছিল।লিচবনৰ ভূমিকম্পৰ কাৰণ পাপ বুলি গণ্য কৰা লোকলকলৰ ভিতৰত ' Leading Thinkers ' সকলো আছিল।
        কিন্তু যি সময়ত ভূমিকম্পক ৰোধ কৰিবৰ বাবে পাপী লোকসকলক ধৰি নি জুইত পেলোৱা কাৰ্য চলি আছিল ঠিক সেই সময়তে পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰবল ভূমিকম্পৰ জোঁকাৰণিত পৃথিৱী কঁপি উঠিল।নিমিষতে গীৰ্জাৰ চূড়া খহি পৰিল আৰু অজস্ৰ লোকৰ মৃত্যু ঘটিল।চাৰিওফালে ধ্বংসাৱশেষ আৰু ৰক্তাক্ত মৃতদেহবোৰ দেখি কাঁদিদৰ বুকুয়ে কান্দি উঠিল।যি লাইবনিওজীয় আশাবাদ ইমানদিনে তেওঁ পুহি ৰাখিছিল সেয়া নিমিষতে শেষ হৈ গ'ল।ভগৱানৰ অস্তিত্ব সন্দৰ্ভত তেওঁৰ মনত সন্দেহৰ সৃষ্টি হ'ল।পাপীসকলক পাপৰ শাস্তি দিবলৈকে যদি ভগৱানে এই ভূমিকম্প পঠিয়াইছিল তেন্তে এই এই শ শ,হাজাৰ হাজাৰ অবোধ শিশুৱে এনে কি পাপ কৰিছিল যে তেওঁলোকক মাৰি পেলোৱা হ'ল?
      ইয়াৰ পাছতে উপন্যাসখনৰ কাহিনীয়ে এক নতুন গতি লৈছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-বুলগেৰীয় সৈন্যৰ হাতত প্ৰকৃততে কুনেগুণ্ডেৰ মৃত্যু হোৱা নাছিল।সৈন্যবাহিনীৰ কেপ্তেইন এজনৰ কৃপাত তাইৰ জীৱন ৰক্ষা পৰিল।কিন্তু তাইৰ জীৱন ভোগৰ সামগ্ৰিলৈ পৰিণত হ'ল।জুৱা খেলত হাৰি কেপ্তেইনজনে তাইক ইহুদী এজনৰ হাতত বেচি দিছিল।এগৰাকী বৃদ্ধাৰ সহযোগত কাঁদিদে পুনৰ লগ পালে কুনেগুণ্ডেক আৰু বিয়া কৰালে।
       কুনেগুণ্ডেক বিয়া কৰোৱাৰ পাছত কিন্তু কাঁদিদ সুখী হ'ব নোৱাৰিলে।কাৰণ,বিয়াৰ পাছত তাই পূৰ্বৰ সৌন্দৰ্য হেৰুৱাই পেলাইছিল আৰু খিংখিঙীয়া স্বভাৱৰ হৈ উঠিছিল।কাঁদিদৰ জীৱন তিক্ত হৈ উঠিল।তথাপিতো কিন্তুু নিজৰ বিশ্বাসত অতল ড:পেনগ্লচ।কাঁদিদক তেওঁ সান্ত্বনা দিয়ে-'ভাৱি চোৱাঁ,তুমি যদি কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত সেই বেৰনৰ প্ৰাসাদৰ পৰা বহিস্কৃত নহ'লাহেঁতেন আৰু যদি আমেৰিকা ভ্ৰমণ কৰি এল্ ডৰেট'ৰ পৰা ওভতোতে লগত অনা ভেঁড়াবোৰ নেহেৰুৱালাহেঁতেন,তেন্তে তুমি আজি ইয়াত নাথাকিলাহেঁতেন আৰু ইয়াৰ মিঠা সুমথিৰা আৰু বাদাম খাব নাপালাহেঁতেন।'
        বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি তেওঁলোক তুৰস্কত উপস্থিত হৈছেহি।তাত ফলমূলৰ বাগিচা পাতি নতুন জীৱন আৰম্ভ কৰিছে।কিন্তু কুনেগুণ্ডেৰ কদৰ্য ৰূপ,খিংখিঙীয়া স্বভাৱে কাঁদিদৰ জীৱন বিপক্ত কৰি তুলিছে।ক্লান্ত,ৰোগগ্ৰস্ত,বিবৰ্ণ-মলিন কাঁদিদে পুনৰ যাত্ৰা আৰম্ভ কৰিলে এখন 'নতুন পৃথিৱী'ৰ সন্ধানত।যাত্ৰাপথত তেওঁ এইবাৰ মুখামুখি হ'ল এদল অশ্বাৰোহী সৈন্যৰ।অশ্বাৰোহী সৈন্যৰ গুলী লাগি তেওঁৰ এখন ভৰি পংগু হৈ পৰিল।অসহ্য যন্ত্ৰণাত ছটফটাই থকা কাঁদিদে ডঃ পেনগ্লচক উদ্দেশ্যি ক'লে-'Ah Pangloss, Pangloss....What would become of your optimism if you could see me now lacking a leg and in the  hands of my betterest enemies...?'
        আকৌ আৰম্ভ হৈছে কাঁদিদৰ যাত্ৰা।এই যাত্ৰাপথত তেওঁ ক্ষণিক সুখৰ বাবে পৰনাৰীৰ বাহুপাশতো আৱদ্ধ হৈছে।সেই সুখকৰ মুহূৰ্তৎ  তেওঁৰ ধাৰণা হৈছে-ড: পেনগ্লচৰ কথাই যেন সত্য-Everything is for the best.
        উপন্যাসখনৰ শেষত কাঁদিদৰ কোলাত মূৰ থৈয়ে ড: পেনগ্লচে শেষ নিশ্বাস ত্যাগ কৰিছে।এই মৃত্যুৰ মাজেৰেই প্ৰকৃততে প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অৱশেষত লাইবনিওজীয় দৰ্শনৰ চৰম পৰাজয় প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
        জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ অভিজ্ঞতাৰে কাঁদিদে বুজি উঠিছে যে বিশ্ব-প্ৰকৃতিত সংঘটিত সকলো ঘটনাই স্বতন্ত্ৰভাৱে সংঘটিত,কেৱল অহেতুক কিছুমান সংযোগে মানুহক হতবাক কৰি তোলে। Everything is for the best বুলিও কোনো কথা নাই।
       জীৱনত অলেখ তিক্ত অভিজ্ঞতা লাভ কৰা কাঁদিদে শেষত জেনইদা নামৰ এগৰাকী নাৰীৰ প্ৰেমত পুনৰ সুখৰ সন্ধান কৰিছে আৰু তেওঁ উপলদ্ধি কৰিছে-Everything is not so good.. but everything is not too bad.এনেকৈয়ে প্ৰকৃততে অষ্টাদশ শতিকাৰ অত্যন্ত যুক্তিবাদী দাৰ্শনিক ভল্টেয়ৰে পৰম্পৰাগত কেথলিক ধৰ্মীয় বিশ্বাস,লাইবনিওজীয় দৰ্শন আদিৰ প্ৰকাশ্যে বিৰুধিতা কৰি যুক্তিবাদক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।উপন্যাসখনৰ জৰিয়তে ভল্টেয়ৰৰ 'আশাবাদ'ৰো প্ৰতিফলন ঘটিছে।(সমাপ্ত)

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...