Tuesday, December 8, 2020

দলিত সমাজ আৰু আম্বেদকাৰৰ সপোনৰ ভাৰত

দলিত সমাজ আৰু আম্বেদকাৰৰ সপোনৰ ভাৰত
                                                                       -- বীৰ্কে বি. থাপা

          আমাৰ সমাজত অস্পৃশ্যতা এক অভিশাপ স্বৰূপ।নিম্ন বৰ্ণৰ লোকসকলক সমাজত হেয় আৰু অস্পৃশ্য জ্ঞান কৰি পূজা-পাতল,উৎসৱ-পাৰ্বণ,শিক্ষা-দীক্ষা,কৰ্মস্থান আদি সকলোতে উচ্চ বৰ্ণৰ সমাজত তেওঁলোকক আঁতৰাই ৰখাটো ৰক্ষণশীল সমাজৰ পুৰনি নিয়ম।
          নিম্ন বৰ্ণৰ ওপৰত যুগে যুগে চলি অহা অবৰ্ণনীয় অত্যাচাৰ-উৎপীড়নৰ বাস্তৱ চিত্ৰ অংকন কৰি হিন্দী সাহিত্যৰ বিখ্যাত লেখক মুঞ্চি প্ৰেমচাঁদে অলেখ গল্প আৰু উপন্যাস ৰচনা কৰিছে।উদাহৰণ স্বৰূপে গোদান,ঠাকুৰ কা কুঁৱা,কফন আদি গল্প,উপন্যাসৰ কথা উল্লেখ কৰিব পাৰি।এই গল্প-উপন্যাসসমূহৰ জৰিয়তে প্ৰেমচাঁদে উচ্চ জাতৰ ঠাকুৰ-জমিদাৰসকলে সমাজৰ নিম্নবৰ্ণৰ লোকসকলৰ ওপৰত চলাই অহা অমানুষিক অত্যাচাৰ বৰ্ণনা কৰাৰ লগতে হিন্দু সমাজত প্ৰচলিত বৰ্ণ বিভেদ নীতিৰো তীব্ৰ বিৰুধীতা কৰিছে।আজিৰ দিনতো যে এনে অস্পৃশ্যতা বিৰাজমান সেয়া কাকতে-পত্ৰই প্ৰকাশ পাই থকা ঘটনাৱলীৰ পৰাই প্ৰমান হয়।অলপতে চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটি ভিডিঅ'ৰ কথা নিশ্চয় বহুতৰে মনত আছে ।উত্তৰ প্ৰদেশৰ ভিতৰুৱা কোনোবা এখন গাঁৱত ঠাকুৰৰ ঘৰত কাম কৰা নিম্নবৰ্ণৰ যুৱক এজনে বিয়া পতাৰ বাবে দুদিনমান কামলৈ নহাৰ অপৰাধত
উচ্চবৰ্ণৰ মানুহবোৰে গৈ যুৱকজনক  মাৰধৰ কৰাৰ উপৰিও  দুয়োকে সম্পূৰ্ণ উলংগ কৰি যুৱকৰ কান্ধত তেওঁৰ নৱবিবাহিতা পত্নীক বহুৱাই আলিবাটেদি খোজ কঢ়াই লৈ গ'ল।যুৱকজন ভাগৰি খোজ কাঢ়িব নোৱাৰাত পত্নীৰ কান্ধত যুৱকজনক বহুৱাই খোজ কাঢ়িবলৈ বাধ্য কৰালে।অমানুষিক এই ঘটনাৰ পাছতে লাজ আৰু অপমান সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে পাছত আত্মহত্যা কৰে।চ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া ক'ব নোৱাৰোঁ,কিন্তু অত্যন্ত পৰিতাপৰ কথা যে আজিৰ যুগতো মানুহে এনে অমানৱীয় কাৰ্য কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰা কথাটো অত্যন্ত চিন্তনীয়।
         2011 চনৰ লোকপিয়ল মতে,ভাৰতবৰ্ষত দলিত শ্ৰেণীৰ লোকৰ সংখ্যা আছিল প্ৰায় বিশ কোটি,সৰ্বমুঠ জনসংখ্যাৰ 16 শতাংশ । 1935 চনৰ আগলৈকে বৃটিছৰ শাসনৰ সময়ছোৱাত সমাজত অস্পৃশ্যৰূপে পৰিগণিত শূদ্ৰ বৰ্ণৰ লোকসকলক বুজাবলৈ 'দলিত" শব্দ ব্যৱহাৰ কৰা হৈছিল।বৃটিছসকলে তেওঁলোকক Depressed class বুলি উল্লেখ কৰিছিল।
পাছত আম্বেদকাৰে ' দলিত ' শব্দটো অধিক জনপ্ৰিয় কৰি তুলিছিল।উল্লেখযোগ্য যে 'দলিত' বুলি কওঁতে তেওঁ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো নিৰ্যাতিত শ্ৰেণীৰ লোককে সামৰি লৈছিল।সেই অৰ্থত আম্বেদকাৰে গঠন কৰা Labour Partyত সমাজৰ পিছপৰা অনুন্নত শ্ৰেণীৰ লোকসকলৰ লগতে মহিলা আৰু কৃষকসকলকো অন্তৰ্ভূক্ত কৰিছিল।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত নিৰ্মান কৰা  সংবিধানত ' দলিত ' শব্দৰ পৰিৱৰ্তে অনুসূচীত জাতি (Schedule Caste)  শব্দ ব্যৱহাৰ কৰা হয়।
       দলিত শ্ৰেণীৰ লোকসকলৰ হকে আজীৱন সংগ্ৰাম কৰি যোৱা ড:ভীমৰাও আম্বেদকাৰ (1891-  1956)ৰ  প্ৰচেষ্টাতে আৰম্ভ হৈছিল উচ্চ বৰ্ণ হিন্দুৰ হাতত যুগ যুগ ধৰি অন্যায় আৰু অবিচাৰৰ বলি হোৱা ভাৰতবৰ্ষৰ দলিত বা অস্পৃশ্যসকলৰ মুক্তিৰ আন্দোলন। দলিতসকলৰ ত্ৰাণকৰ্তা স্বৰূপে আগবাঢ়ি অহা  আম্বেদকাৰ প্ৰকৃততে নিজেও আছিল মহাৰাষ্ট্ৰৰ হিন্দু মাৰাঠি সম্প্ৰদায়ৰ নিম্নবৰ্ণৰ লোক।তেওঁলোক আছিল মহৰ সম্প্ৰদায়ৰ যাক শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন আৰু অস্পৃশ্য বুলি গণ্য কৰা হৈছিল।
        সমাজত অস্পৃশ্য হিচাপে পৰিগণিত হোৱা হেতুকে ল'ৰালি কালত আম্বেদকাৰে উচ্চ বৰ্ণৰ  হিন্দু শিক্ষকসকলৰ দ্বাৰা অবৰ্ণনীয় নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল।তেওঁক শ্ৰেণীকোঠাৰ ভিতৰত উচ্চ বৰ্ণৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে বহিবলৈ দিয়া নহৈছিল।ঘৰৰ পৰা নিয়া আলু-পিয়াঁজৰ বস্তা পাৰি তেওঁ পৃথকে বহি পঢ়িবলগীয়া হৈছিল।বিদ্যালয়ত পঢ়ি থকা কালত পানী খাওঁতে উচ্চ বৰ্ণৰ পিয়ন এজনে ওপৰৰ পৰা পানী বাকি দিছিল যাতে পাত্ৰটোত অস্পৃশ্যসকলৰ হাত নালাগে।পিয়নজন নহা দিনা আম্বেদকাৰে দিনটো পানী নোখোৱাকৈয়ে থাকিবলগীয়া হৈছিল।তেনে অৱস্থাৰ মাজতো নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ বলত তেওঁ অধ্যয়ন কৰি প্ৰখৰ মস্তিষ্ক আৰু মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
        1906 চনত মাথোঁ পোন্ধৰ বছৰ বয়সত আম্বেদকাৰে পৰম্পৰাগত নিয়মানুসৰি নবছৰীয়া ৰামাবাইক বিয়া কৰায়।তাৰ পাছতো তেওঁ অধ্যয়নত ব্ৰতী হৈ থাকি মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পুনৰ এম.এ আৰু পি.এইচ.ডি. তথা লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা ক্ৰমে এম.এচ.চি আৰু ডি.এচ.চি, গ্ৰেইজ ইনৰ পৰা আইনৰ ডিগ্ৰী অৰ্জন কৰিছিল।জীৱনৰ প্ৰথমছোৱা কালত আম্বেদকাৰে এগৰাকী অৰ্থনীতিবিদ,অধ্যাপক আৰু বেৰিষ্টাৰ হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল যদিও পৰৱৰ্তী কালত তেওঁ ৰাজনীতিৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল ।ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ উপৰিও তেওঁ দলিতসকলৰ স্বাধীনতা আৰু অধিকাৰৰ বাবেও  সংগ্ৰাম কৰি গৈছিল।উল্লেখযোগ্য যে ,আম্বেদকাৰে 1918 চনত মোম্বাইৰ এখন কলেজত ৰাজনৈতিক অৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি চাকৰি কৰি থকা কালতো সেই কলেজৰ অন্যন্য সহ: শিক্ষকসকলৰ মানসিকতাত তেওঁৰ প্ৰতি থকা অস্পৃশ্যতাৰ ভাৱনাক প্ৰত্যক্ষ কৰিছিল।এনেধৰণৰ কথাবোৰক লৈ তেওঁ চিন্তিত হৈছিল আৰু দলিত আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ন্যায়ৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল।1920 চনত তেওঁ সেই উদ্দেশ্যে মোম্বাইৰ পৰা 'মূক নায়ক' নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশৰ কাম আৰম্ভ কৰিছিল।পৰৱৰ্তী কালতো তেওঁ দলিতসকলৰ অধিকাৰ ৰক্ষাৰ বাবে 'বহিস্কৃত ভাৰত', 'সমতা', 'জনতা','প্ৰবুদ্ধ ভাৰত' আদি কেইবাখনো কাকত প্ৰকাশ কৰিছিল।তেওঁ মোম্বাই উচ্চ ন্যায়ালয়ত উকালতি কৰি থকা অৱস্থাতো দলিত আৰু অস্পৃশ্যসকলৰ শিক্ষাৰ প্ৰগতিৰ হকে কাম কৰিবলৈ অহৰহ চেষ্টা কৰিছিল।
       1926 চনত প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগ দিয়া আম্বেদকাৰে 1927 চনত অস্পৃশ্যতাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিছিল। আৰু সমাজত জাতি-ভেদ প্ৰথা আৰু অস্পৃশ্যতাক উদগনি যোগোৱা গ্ৰন্থ  'মনুস্মৃতি'ক  হাজাৰ হাজাৰ দলিতক লগত লৈ 25 ডিচেম্বৰ তাৰিখে ৰাজহুৱাভাৱে দাহ কৰিছিল।তেওঁৰ জোৰ প্ৰচেষ্টাত  বৃটিছ চৰকাৰে 1932 চনত দলিত শ্ৰেণীৰ বাবে এটা সুকীয়া নিৰ্বাচক মণ্ডলী গঠন কৰি দিয়াৰ কথা ঘোষনা কৰিবলৈ বাধ্য হৈছিল, কিন্তু  তেনে কাৰ্যই হিন্দুসকলক ভাগ ভাগ কৰিব বুলি সংশয় প্ৰকাশ কৰি মহাত্মা গান্ধীয়ে তাৰ বিৰুধীতা কৰিছিল।উল্লেখযোগ্য যে গান্ধীজীয়েও অস্পৃশ্যতাৰ বিৰুদ্ধে মাত মাতিছিল যদিও তেওঁৰ সৈতে আম্বেদকাৰৰ আদৰ্শগত সংঘাত বিভিন্ন দিশৰ পৰা আছিল।যি কি নহওক, পৰৱৰ্তীকালত কিন্তু আম্বেদকাৰে দলিতসকলৰ বাবে 148 টা আসন বিধান মণ্ডলীত লাভ কৰিবলৈ সক্ষম হৈছিল।দেশে স্বাধীনতা লাভ কৰাৰ পাছত ড: আম্বেদকাৰক ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়াৰ উপৰিও সংবিধান ৰচনাৰ দায়িত্বও অৰ্পন কৰা হয়।তেওঁ আছিল এগৰাকী বিশিষ্ট আইনবিদ,গতিকে ভাৰতবৰ্ষৰ সংবিধানখন লিখাৰ পূৰ্বে তেওঁ বিশ্বৰ প্ৰায় ষাঠীখন দেশৰ সংবিধান গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু জাত-পাত,উচ্চ-নীচৰ ভেদাভেদবিহীন এখন নতুন ভাৰত গঢ়াৰ লক্ষৰে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰিছিল।ধৰ্মীয় স্বাধীনতা, অস্পৃশ্যতা নিৰ্মূল আদিৰ জৰিয়তে দলিত সমাজৰ লোকসকলক তেওঁ সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছিল।তাৰোপৰি তেওঁ মহিলা আৰু শিশুৰ আৰ্থ-সামাজিক অধিকাৰ তথা অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে শিক্ষা-দীক্ষা,চৰকাৰী চাকৰি আদিত সংৰক্ষনৰ ব্যৱস্থা ৰখাৰ পৰামৰ্শ আগবঢ়াইছিল।
      কংগ্ৰেছ নেতৃতাধীন চৰকাৰৰ তেওঁ আছিল প্ৰথম কেন্দ্ৰীয় আইন মন্ত্ৰী।তাৰোপৰি তেওঁ দুবাৰকৈ (1952-1956 আৰু 1956-1962)ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু দলিত শ্ৰেণীৰ উন্নয়নৰ বাবে অহৰহ চেষ্টা কৰিছিল।বোম্বাইৰ বাসগৃহত তেওঁৰ যিটো গ্ৰন্থাগাৰ আছিল তাত প্ৰায় পঞ্চাশ হাজাৰ কিতাপৰ সংগ্ৰহ আছিল বুলি কোৱা হয়।তেওঁ লিখা অলেখ মূল্যবান গ্ৰন্থৰ ভিতৰত
 'Annihilation of Caste(1936) নামৰ গ্ৰন্থখন বিশেষ উল্লেখযোগ্য য'ত তেওঁ  হিন্দু সমাজত প্ৰচলিত জাতিভেদ প্ৰথাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।সেইদৰে Who were the Shudras নামৰ গ্ৰন্থত তেওঁ শূদ্ৰসকলৰ প্ৰকৃত পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰিছে।
       ভাৰতবৰ্ষৰ বাবে প্ৰস্তুত কৰা সংবিধানৰ জৰিয়তে ড: আম্বেদকাৰে সমতাপূৰ্ণ এখন নতুন ভাৰত গঢ়াৰ সপোন ৰচিছিল যদিও আম্বেদকাৰে লক্ষ কৰিছিল যে বৰ্ণ বৈষম্য বা জাতি ভেদ প্ৰথা ভাৰতীয় সমাজৰ এটা আতঁৰাব নোৱাৰা ব্যাধি।ধৰ্ম আৰু উচ্চ বৰ্ণৰ অহমিকাত এচাম মানুহে দলিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা অস্পৃশ্যতাৰ ভাৱনাক কেতিয়াও এৰিব নোৱাৰে।ফলত যুগে যুগে দলিতসকলৰ ওপৰত অন্যায়,অত্যাচাৰ উৎপীড়ন চলিয়েই থাকিব।দলিতসকলৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰিবলৈ হ'লে বৰ্ণবাদক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবই লাগিব।অকল সেয়ে নহয়,বৰ্ণবাদক প্ৰশ্ৰয় দিয়া ধৰ্মগ্ৰন্থসমূহকো আইনযোগে নিষিদ্ধ কৰাৰ পোষকতা তেওঁ কৰিছিল।আম্বেদকাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল যে সামাজিক মুক্তি অবিহনে ৰাজনৈতিক মুক্তি অৰ্থহীন, আৰু ইতিহাসৰ সকলোবোৰ ৰাজনৈতিক বিপ্লৱৰ পূৰ্বচৰ্ত হিচাপে পৰিলক্ষিত হয় একোটা সামাজিক বিপ্লৱ। গতিকে সমসাময়িক স্বাধীনতা আন্দোলনটো তেতিয়াহে সাৰ্থক হ'ব যদিহে সি ভাৰতৰ দলিত-নিপীড়িতসকললৈ সামাজিক মুক্তি কঢ়িয়াই আনিব পাৰে। কিন্তু জীৱিত কালত তেওঁ সেই সম্ভাৱনা কেতিয়াও দেখা নাছিল।
       1935 চনতে আম্বেদকাৰে স্বধর্ম ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।কিন্তু তাক কাৰ্যত: পৰিণত কৰিবলৈ তেওঁৰ বিশ বছৰ লাগিছিল ।লক্ষণীয় যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সংবিধান ৰচনা কৰাৰ দুৰ্লভ সুযোগ লাভ কৰা আম্বেদকাৰে দলিত/অনুসূচীত শ্ৰেণীৰ লোকসকলৰ সুৰক্ষাৰ বাবে সংবিধানত যথেষ্ট  ব্যৱস্থা ৰাখিছিল যদিও বাস্তৱ ক্ষেত্ৰত তেওঁ ইমানেই নিৰাশ হৈ পৰিছিল যে অৱশেষত 1956 চনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু নিজৰ লগতে তেওঁ কেইবালাখো দলিত লোককো বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল।
       ধৰ্মান্তৰিত হোৱাৰ পূৰ্বে আম্বেদকাৰে  বিভিন্ন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ যথেষ্ট অধ্যয়ন কৰিছিল আৰু বৌদ্ধ ধৰ্মতে দলিতসকলৰ মুক্তিৰ পথৰ সন্ধান পাইছিল ।তেওঁ কৈছিল-' মই বিশ্বাস কৰোঁ যে বৌদ্ধই হৈছে একমাত্র সঠিক ধর্ম, কাৰণ ইয়াৰ ভেটি হৈছে জ্ঞান, কৰুণা আৰু কর্তব্য–এই তিনি মূল নীতি ...'।বৌদ্ধ ধৰ্মৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ তেওঁ  ৰেংগুন, নেপাল, শ্ৰীলংকা আদিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বৌদ্ধ সন্মিলনসমূহত অংশ গ্ৰহণ কৰিছিল। বৌদ্ধ ধৰ্ম সম্পৰ্কত তেওঁ লিখিছিল-   "... I regard the Buddha's Dhamma  (Buddhism)   to be the best. No religion can be compared to it. If a modern man who knows science must have a religion, the only religion he can have is the Religion of the Buddha. This conviction has grown in me after thirty-five years of close study of all religions."— (The Buddha and His Dhamma).(সমাপ্ত)







    

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...