Friday, December 11, 2020
Laxmiprasad Devkota
Tuesday, December 8, 2020
আৰ্ভিং ষ্ট'নৰ লাষ্ট ফ'ৰ লাইফ আৰু ভেন গঘৰ জীৱন চিত্ৰ
আৰ্ভিং ষ্ট'নৰ 'লাষ্ট ফ'ৰ লাইফ'
আৰু ভেন গঘৰ জীৱন-চিত্ৰ
বীৰ্কে বি. থাপা
(9954249916)
আমেৰিকাৰ প্ৰখ্যাত লেখক আৰ্ভিং ষ্ট'ন(Irving Stone ,1903-1989) ঘাইকৈ জনাজাত জীৱনীমূলক উপন্যাস ৰচনাৰ বাবে। বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘ,মাইকেল এঞ্জেল' , কেমিল পিচাৰো আদিৰ উপৰিও অন্যান্য কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ জীৱন-কাহিনীৰ ভিত্তিত তেওঁ উপন্যাস ৰচনা কৰিছে।তেওঁৰ দ্বাৰা ৰচিত উপন্যাসসমূহৰ ভিতৰত Lust For Life(1934), Agony And Ecstacy(1961), Depths Of Glory (1985) আদি বিশেষ উল্লেখযোগ্য।অন্যান্য গ্ৰন্থসমূহ হ'ল-
Adversary in the House (1947),Clarence Darrow for the Defence (1949),Immortal Wife (1950),The Passionate Journey (1950),The President's Lady (1952),Love Is Eternal (1955),Those Who Love (1966)
The Passions of the Mind (1971),The Greek Treasure (1975),The Origin (1980)
আদি।
আৰ্ভিং ষ্ট'নৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ প্ৰকৃততে তেওঁৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ ফলশ্ৰুতি।পেৰিচত নৱবিবাহিতা পত্নীৰ সৈতে কেইবাবছৰ থকাৰ পাছত যুক্তৰাষ্ট্ৰলৈ উভতি আহিয়েই তেওঁ 1931 চনত বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘৰ দুৰ্দশাগ্ৰস্ত আৰু সংগ্ৰামময় জীৱন কাহিনীৰ ভিত্তিত Lust For Life নামৰ উপন্যাসখন ৰচনা কৰিছিল ।কিন্তু উপন্যাসখনৰ প্ৰকাশক নোপোৱাত তেওঁ তিনি বছৰ অপেক্ষা কৰিব লগীয়া হয়।নিউয়ৰ্ক টাইমচৰ মতে,সৰ্বমুঠ সোতৰ গৰাকী প্ৰকাশকে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ অন্তত 1934 চনত উপন্যাসখনে প্ৰকাশৰ মুখ দেখা পাইছিল ।উপন্যাসখনৰ প্ৰকাশে প্ৰকৃততে তেওঁলৈ বিপুল যশস্যা আৰু কৃতিত্ব কঢ়িয়াই আনিছিল।
জীৱনকালত দুহেজাৰতকৈয়ো অধিক চিত্ৰ অংকণ কৰি আধুনিক চিত্ৰশিল্পৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰা ভিনচেণ্ট ভেন গঘৰ (Vincent Van Gogh) জন্ম হৈছিল 1853 চনত নেদাৰলেণ্ডৰ জুণ্ডাৰ্টত আৰু মৃত্যু হৈছিল 1890 চনত ফ্ৰাঞ্চত।মাত্ৰ সাতত্ৰিশ বছৰ বয়সতে মৃত্যু হোৱা ভেন গঘৰ সৰুৰে পৰাই চিত্ৰ-শিল্পৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। জীৱিকাৰ বাবে 1869 চনত মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁ ডি হেগ(The Hague)ত থকা গ'পিল এণ্ড কোম্পানীৰ চাকৰিত সোমাব লগীয়া হৈছিল। 1873 চনত তেওঁ লণ্ডনলৈ বদলি হয় আৰু এই সময়ছোৱাত তেওঁ প্ৰথম প্ৰেমত পৰে।
আৰভিং ষ্ট'নে তেওঁৰ Lust For Life উপন্যাসৰ আৰম্ভণি (Prologue) অধ্যায়তে ভেন গঘৰ প্ৰথম প্ৰেমৰ কথা উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণনা কৰা মতে,সেই সময়ত তেওঁ মিচেচ লয়াৰ নামৰ যি গৰাকী ফৰাচী মহিলাৰ ঘৰত বাস কৰিছিল তেওঁৰে জীয়েক উৰ্চুলা (Ursula)ৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।এই প্ৰেমৰ উন্মাদনাই ভেন গঘক এনে অস্থিৰ কৰি তুলিছিল যে উৰ্চুলাৰ আগত সেই কথা প্ৰকাশ নকৰাকৈ থাকিব পৰা নাছিল। সদায় সহজভাৱে মিলা-মিচা কৰা উৰ্চুলাই সেই প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিব বুলি তেওঁ নিশ্চিত আছিল।কিন্তু অনাকাংক্ষিতভাৱেই উৰ্চুলাই তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল,কাৰণ ইতিমধ্যে উৰ্চুলা আন এজনৰ বাকদত্তা হৈছিল।এই ঘটনাত তেওঁৰ অন্তৰ ভাগি পৰিছিল যদিও প্ৰচণ্ড জেদত উৰ্চুলাক জোৰকৈ নিজৰ কৰি ল'ব বিচাৰিছিল।ঘটনা ইমান খিনিলৈ আগ বাঢ়িছিল যে অৱশেষত মিচেছ লয়াৰে তেওঁক ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ দিব লগীয়া হৈছিল।
ভাড়া ঘৰৰ পৰা বহিস্কৃত হোৱাৰ পাছত তেওঁ ঘৰলৈ ঘুৰি আহিল যদিও সুস্থিৰে থাকিব নোৱাৰিলে।পুনৰ তেওঁ লণ্ডনলৈ উভতি গ'ল আৰু মিচেছ লয়াৰৰ ঘৰৰ পৰা কিছু আঁতৰত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে।তাৰ পৰাই তেওঁ সদায় সন্ধিয়া খোজ কাঢ়ি উৰ্চুলাহঁতৰ ঘৰৰ ফালে গৈছিল আৰু আন্ধাৰ আলিবাটত থিয় হৈ বহু পৰলৈ ঘৰটোলৈ চাই ৰৈছিল।তাৰ পাচত তেওঁ ৰেমচ্ গেটত নতুন ঘৰ ভাড়ালৈ লৈছিল। ৰেমচ্ গেটৰ পৰা লণ্ডনলৈ প্ৰায় চাৰে চাৰি ঘন্টাৰ বাট ।এদিন হাতত পইচা নথকাত তেওঁ বৰষুণত তিতি বুৰি খোজ কাঢ়ি লণ্ডন পাইছিলহি। দূৰৰ পৰাই তেওঁ মিচেছ লয়াৰৰ ঘৰত মানুহৰ জুম দেখি আৰু কৰুণ সুৰত বাজি থকা ভায়'লিনৰ সুৰ শুনি অজান আশংকাত কঁপি উঠিল। ঘৰৰ সন্মুখত বুঢ়া ঘোঁৰাচালক এজনে প্ৰকাণ্ড ছাটি এটা লৈ বৰষুণত বহি আছিল। তেওঁ ঘোঁৰাচালকজনৰ কাষলৈ আগবাঢ়ি গ'ল আৰু তেওঁৰ পৰাই উৰ্চুলাৰ বিয়াৰ বুলি তেওঁ গম পালে।ক্ষন্তেক পাছতে তেওঁ দেখিলে উৰ্চুলা আৰু তাইৰ স্বামী আহি ঘোঁৰাগাড়ীখনত বহিছেহি।আন্ধাৰৰ আঁৰৰ পৰাই তেওঁ উৰ্চুলালৈ চাই থাকিল।ইয়াৰ পাচ দিনাই ভেন গঘ গুচি আহিল আইজেলৱৰ্থলৈ।
কিছুকাল অ'ত ত'ত অস্থায়ীভাৱে কটোৱাৰ পাছত তেওঁ ৰেমচ্ গেটৰ প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰিবলৈ লয়।ৰেমচ্ গেটৰ গ্ৰাম্য অঞ্চলৰ দুখীয়া মানুহবোৰৰ দুৰ্দশাগ্ৰস্ত জীৱন দেখি তেওঁৰ অন্তৰে কান্দি উঠিল আৰু তেতিয়াই তেওঁ সিদ্ধান্ত কৰি পেলাইছিল যে ধৰ্মযাজক হিচাপে তেওঁ আজীৱন দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে কাম কৰি যাব।সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ নিকটৱৰ্তী গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে । সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ নিকটৱৰ্তী গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে ।
1881 চনত ভেন গঘে ডি হেগলৈ যাত্ৰা কৰে।তাত তেওঁ পুনৰ প্ৰেমত পৰে এজনী বেশ্যাৰ।আচলতে নাৰীৰ প্ৰেম পাবৰ বাবে ব্যাকুল হৈ পৰা ভেন গঘে সেই সময়ত ভাড়াতীয়া বেশ্যাবোৰৰ মাজতে শান্তি বিচাৰিবলৈ আৰম্ভ কৰিছিল।চিয়েন (Sien) নামৰ বেশ্যা এগৰাকীৰ প্ৰেমত তেওঁ এনেদৰে অন্ধ হৈ পৰিছিল যে তেওঁ এখন চিঠিত ভায়েক থিওলৈ লিখিছিল- For the last month or two,I have been sleeping with a prostitute.I want to live with her,I am going to marry her.
ডি হেগত তেওঁলোক দুয়ো একেখন ঘৰতে বাস কৰিছিল।চিয়েনক মডেল ৰূপে লৈ ভেন গঘে কেইবাখনো পেইন্টিং আঁকিছিল-তাৰ ভিতৰত উলংগ আৰু গৰ্ভৱতী নাৰীৰ পেইন্টিং আৰু পেঞ্চিল স্কেচ্ছ অংকন কৰিছিল।প্ৰায় দুবছৰ একেলগে থকাৰ পাছত চিয়েন নামৰ সেই বেশ্যা গৰাকী পুনৰ তাইৰ অভ্যস্ত জীৱনলৈ উভতি গুচি গৈছিল।
এনেদৰে বাৰে বাৰে প্ৰেমত বিফল হৈ তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল।তাৰ মাজতো কিন্তু তেওঁৰ অন্তৰ্সত্বাত সৃষ্টিৰ তাড়ণা
নি:শেষ হৈ যোৱা নাছিল।শিল্প জগতত নতুনত্বৰ সন্ধান বিচাৰি এইবাৰ তেওঁ 1886 চনত পেৰিচলৈ যাত্ৰা কৰিলে।তেওঁ পেৰিচলৈ যোৱা ঘটনাটো চিত্ৰশিল্পৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা।কাৰণ,ইয়াৰ আগলৈকে তেওঁৰ চিত্ৰশিল্প আছিল গতানুগতিক শৈলীৰ।পেৰিচলৈ যোৱাৰ পাছত তেওঁ ভায়েক থিওৰ যোগেদি ইম্প্ৰছনিষ্টসকলৰ আৰ্ট কাষৰ পৰা পৰ্যৱেক্ষন কৰিবলৈ সুযোগ লাভ কৰে। অকল সেয়ে নহয়,পেৰিচতে ভেন গঘে কেমিল পিছাৰো,প'ল গগাঁ আদিৰ দৰে বিখ্যাত ইম্প্ৰেছনিষ্ট সকলৰ সান্নিধ্যও লাভ কৰে।
কেমিল পিছাৰো আৰু প'ল গগাঁৰ শিল্পৰীতিয়ে তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিল ।এইসকল শিল্পীৰ পেইণ্টিংচত ব্যৱহৃত ৰং আৰু ষ্টুডিঅ'ৰ বাহিৰৰ মুকলি আকাশৰ তলত তেওঁলোকে ছবি অঁকা ষ্টাইলে তেওঁক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। কিন্তু অতি সোনকালেই তেওঁ এই ইম্প্ৰেছনিষ্ট সকলৰ মাজতো বুৰ্জোৱা চৰিত্ৰ আৱিস্কাৰ কৰিলে আৰু সেয়ে ইউৰোপত ইতিমধ্যে প্ৰায় প্ৰতিষ্ঠা লাভ কৰা ইম্প্ৰেছনিজমৰো আগলৈ গৈ চিত্ৰশিল্পৰ ইতিহাসত এটা নতুন আন্দোলন গঢ়ি তোলাৰ চিন্তা কৰিলে। সেই উদ্দেশ্যে তেওঁ 1888 চনত দক্ষিণ ফ্ৰাঞ্চৰ আৰ্লচলৈ যাত্ৰা কৰে।
জাপানীজ আৰ্টৰ প্ৰতি ভেন গঘৰ মনত গঢ় লৈ উঠিছিল গভীৰ অনুৰাগ।প্ৰকৃততে আৰ্লচক তেওঁ জাপানৰ ফৰাচী সংস্কৰণ বুলিয়েই গণ্য কৰিছিল।জাপানী সংস্কৃতিৰ প্ৰভাৱপুষ্ট আৰ্লচৰ যিটো দুমহলীয়া ঘৰত তেওঁ থাকিবলৈ লৈছিল-সেই ঘৰৰ চাৰিবেৰ আছিল হালধীয়া ৰঙৰ।জাপানী লোক বিশ্বাসত হালধীয়া ৰঙৰ বিশেষ তাৎপৰ্য আছিল।হালধীয়া ৰঙে সূৰ্যৰ তেজস্বিতা আৰু সৃষ্টিৰ প্ৰতীক সোণ বৰণীয়া ঘেঁহুকো প্ৰতিনিধিত্ব কৰে।আৰ্লচত সূৰ্যৰ ৰ'দো প্ৰখৰ।সেয়ে হালধীয়া ৰঙৰ প্ৰতি আকৃষ্ট হৈ তেওঁ সেই সময়ত অঁকা প্ৰায়কেইখন ছবিতে হালধীয়া ৰঙৰ সমাৱেশ ঘটায়।ভেন গঘৰ এই নতুন শৈলীৰ ছবিসমূহত কেমিল পিছাৰোৰ দৰে ইম্প্ৰেছনিষ্ট আৰু জাপানীজ আৰ্টৰ প্ৰভাৱত এক নতুন ৰূপ বা আৰ্টফৰ্মৰ সৃষ্টি হৈছিল।এই সময়ছোৱাত ভেন গঘে অঁকা বিখ্যাত ছবিসমূহৰ ভিতৰত Sun Flower আৰু কিছুমান Self Portrait আছিল বিশেষ উল্লেখযোগ্য।উল্লেখযোগ্য যে ভেন গঘে বৰিনেজৰ খনি শ্ৰমিকসকলক লৈ অঁকা Potato Eaters,The peasant women আদি ছবিসমূহত ক'লা বা গাঢ় ধূসৰ বৰণে প্ৰাধান্য লাভ কৰিছিল।তাৰ বিপৰীতে আৰ্লচত থকা কালত তেওঁ অঁকা ছবিসমূহত উজ্জ্বল হালধীয়া ৰঙৰ প্ৰয়োগ দেখিবলৈ পোৱা গ'ল ।
উপৰ্যোপৰি প্ৰেমত পোৱা আঘাতৰ ফলত ভেন গঘ প্ৰায় উন্মাদৰ দৰে হৈ পৰিছিল।প্ৰতিদিনে ষোল্ল ঘণ্টাকৈ ছবি আঁকিছিল তেওঁ। লগে লগে অত্যাধিক পৰিমানে মদ্যপান কৰাৰ ফলত তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল।আনফালে জীৱিকা বুলিবলৈ তেওঁৰ একো নাছিল।ভায়েক থিও ভেন গঘৰ ওপৰতে তেওঁ আছিল সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
ভায়েক থিও আছিল এজন আৰ্ট ডিলাৰ।ডি হেগত(The Hague) থকা Goupil Art Dealers নামৰ কোম্পানী এটাত তেওঁ কাম কৰিছিল।ভেন গঘৰ শিল্প-জীৱনত তেওঁৰ প্ৰেৰণা আৰু সহযোগ আছিল যথেষ্ট।তেওঁ সকলো সময়তে ভেন গঘক আৰ্থিকভাৱে সহায় কৰি গৈছিল।কিন্তু 1889 চনত থিওৱে বিয়া পতাৰ পাছত ভেন গঘ নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে। তাতে এটাৰ পাছত এটাকৈ কেইবাটাও প্ৰেমৰ বিফলতায়ো তেওঁৰ জীৱনত এক সৰ্বগ্ৰাসী কৰুণ প্ৰভাৱ পেলাইছিল।নিজৰ কুৎসিত মুখখনক লৈয়ো তেওঁ আজীৱন এটা নীচাত্মিকাবোধত ভূগিছিল।
তথাপিতো কিন্তু নিজৰ শিল্পকৰ্মৰ ওপৰত তেওঁৰ আস্থা হেৰুৱা নাছিল।অকলেই তেওঁ চিত্ৰ-শিল্পৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছিল।ভায়েক থিওৱে তেওঁক বুজাব বিচাৰিছিল যে ইমান খৰকৈ ছবি অঁকাৰ ফলত তেওঁৰ ছবিসমূহৰ মানদণ্ড হ্ৰাস পোৱাৰ আশংকা আছে।কিন্তু তেওঁৰ উত্তৰ আছিল-Quick work does not mean less serious work, it depends on off one's self confidence and experience.
মৃত্যুৰ আগে আগে তেওঁ কেইবাখনো আত্ম প্ৰতিকৃতি (self portrait) অংকন কৰিছিল।1890 চনত অঁকা তেনেধৰণৰ এখন প্ৰতিকৃতিত ভেন গঘক এক প্ৰবল অশান্ত ঘূৰ্ণীৰ মাজত অত্যন্ত ক্লান্ত আৰু বিধ্বস্ত ৰূপত দেখা গৈছে।চকু-মুখত প্ৰতিবিম্বিত হৈছে তেওঁৰ যন্ত্ৰণাক্লিষ্ট মন আৰু আশা ভংগৰ কৰুণ প্ৰচ্ছায়া।
1888 চনত বিখ্যাত চিত্ৰকৰ প'ল গগাঁ আহে আৰ্লচত থকা ভেন গঘৰ ঘৰলৈ। পেৰিচত থকা কালতে ভেন গঘে প'ল গগাঁৰ সহযোগত কমিউনিষ্ট আৰ্ট ক'লনি এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল,কিন্তু সেই পৰিকল্পনা বাস্তৱায়িত হোৱা নাছিল।এইবাৰ গগাঁ নিজেই আহি উপস্থিত হোৱাত পূৰ্বৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সুযোগ তেওঁ পালে।কিন্তু প্ৰথম দিনাৰ পৰাই তেওঁলোকৰ মাজত মনোমালিন্য আৰম্ভ হ'ল। ইয়াৰ কাৰণ আছিল-ভেন গঘৰ অস্থিৰ আৰু খেয়ালী মন।তেওঁৰ মানসিক উন্মাদনাও যথেষ্ট বাঢ়িছিল।এদিন তেওঁলোকৰ মাজত হোৱা এটা সাধাৰণ তৰ্কই এনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যে ভেন গঘে হাতত লৈ থকা মদৰ গিলাচটোকেই গগাঁৰ গালৈ মাৰি পঠিয়াই দিলে।তাৰ পাছত হাতত খুৰ এখন লৈ গগাঁক খেদা মাৰি গ'ল।প'ল গগাঁই কোনোমতে ওচৰৰে হোটেল এখনত আত্মগোপন কৰি নিজক ৰক্ষা কৰিলে।সিমানতে
ক্ষান্ত নাথাকি ভেন গঘে খঙত উন্মত্ত হৈ খুৰ খনেৰে নিজৰ কান এখন কাটি পেলালে আৰু কটা কানখন খাম এটাত ভৰাই ,তেওঁক প্ৰত্যাখান কৰা আৰু তেওঁৰ ডাঙৰ কান দুখনক ঠাট্টা কৰা বেশ্যা এজনীৰ হাতত তুলি দিলে।
প্ৰচুৰ ৰক্তপাত হোৱাত ভেন গঘ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ল। কিন্তু তেওঁৰ উন্মাদগ্ৰস্ত আচৰণৰ অন্ত নপৰিল।তেওঁৰ অপ্ৰকৃতিস্থ আচৰণত সাধাৰণ নাগৰিক ইমানেই আতংকিত হৈ উঠিছিল যে চিকিৎসালয়ৰ পৰা মুক্তি পোৱাৰ দিনাই প্ৰায় চাৰিকুৰি নাগৰিকে ভেন গঘক 'পগলা' বুলি উল্লেখ কৰি তেওঁক চহৰৰ পৰা দূৰৱৰ্তী স্থানলৈ স্থানান্তৰিত কৰবলৈ চিকিৎসালয় কৰ্তৃপক্ষক দাবী জনায়।
কেমিল পিছাৰোৰ পৰামৰ্শ অনুসৰি ভেন গঘ 1890 চনত পেৰিচৰ উত্তৰ-পশ্চিম সীমান্তৰ গ্ৰাম্যাঞ্চল অ'ভাৰ্চ (Auvers)লৈ চিকিৎসাৰ বাবে যাত্ৰা কৰে।কিন্তু তাতো তেওঁ সুস্থিৰে থাকিব নোৱাৰিলে।মানসিক সন্তুলন হেৰুৱাই তেওঁ নিজৰ ৰিভলভাৰেৰে বুকুত গুলিয়াই আত্মহত্যা কৰিলে।
নিজৰ জীৱন সম্পৰ্কে আশাবাদী নহ'লেও ভেন গঘ আছিল নিজৰ সৃষ্টিকৰ্মৰ প্ৰতি পূৰ্ণমাত্ৰাই আস্থাশীল।সেইবাবেই উন্মাদৰ দৰে অক্লান্তভাৱে তেওঁ ছবি আঁকি গৈছিল।ভেন গঘৰ অবিশ্ৰান্ত কৰ্মশক্তি আৰু সংগ্ৰামময় জীৱনৰ সমস্ত কাহিনী আৰভিং ষ্ট'নে 'লাষ্ট ফ'ৰ লাইফ'ত উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণিত ' মায়া' এনে একমাত্ৰ এটা নাৰী চৰিত্ৰ যি ভেন গঘক আৰু তেওঁৰ শিল্প-প্ৰতিভাক সঁচা অৰ্থত অন্তৰেৰে শ্ৰদ্ধা কৰিছিল আৰু ভাল পাইছিল।উপন্যাসখনৰ এঠাইত তেওঁ মায়াক সুধিছে-তেওঁৰ দৰে এজন কুন্ধচ আৰু কুৎসিত চেহেৰাৰ মানুহক তাই কেনেকৈ ভাল পাব পাৰে? ইয়াৰ উত্তৰত মায়াই কৈছে---You are not ugly, Vincent.You are beautiful.You have tormented and tortured this poor body in which your soul is wrapped, but you can not injure your soul.It is that I love.And when you have destroyed yourself by your passionate labours,that soul will go on...endlessly. -অৰ্থাৎ 'তুমি কুৎসিত নোহোৱা,ভিনচেণ্ট-তুমি সুন্দৰ।তুমি সেই শৰীৰক যন্ত্ৰণা দিছা যি শৰীৰত তোমাৰ আত্মা বন্দী হৈ আছে।কিন্তু এই আত্মাক তুমি কেতিয়াও আঘাত সানিব নোৱাৰা যাক মই ভাল পাওঁ।তুমি উদ্ভ্ৰান্ত শ্ৰমেৰে নিজক ধ্বংস কৰিছা,কিন্তু তোমাৰ আত্মা অন্তহীনভাৱে চিৰকাললৈ জীয়াই থাকিব..' ।
স্বাভাৱিকতে প্ৰশ্ন হয়-আৰভিং ষ্ট'নে উপন্যাসখনত বৰ্ণনা কৰা কাহিনীবোৰৰ সত্যতা কিমান?কাহিনীবোৰ ভেন গঘৰ জীৱনত যথাযথভাৱে সঁচাকৈয়ে ঘটিছিল নে? এই প্ৰশ্নৰ উত্তৰত আৰভিং ষ্ট'নে উপন্যাসখনৰ শেষৰ এটি টোকাত লিখিছে--'There is an occasional stretch of pure fiction,such as the Maya scene...I have portrayed a minor incident where I was convinced of its probability even though I could not document it......Aside from these technical liberties ,the book is entirely true. ' অৰ্থাৎ কাহিনীৰ স্বাৰ্থত তেওঁ কিছুমান ঘটনা বা পৰিৱেশৰ লগতে 'মায়া'ৰ দৰে কাল্পনিক নাৰী চৰিত্ৰও অংকণ কৰিছে যিবোৰৰ সন্দৰ্ভত প্ৰামাণিক তথ্য নাথাকিলেও বাস্তৱতাৰ সম্ভাৱনাও কিন্ত যথেষ্ট আছিল ।তাৰোপৰি ভেন গঘে ভায়েক থিওলৈ বিভিন্ন সময়ত লিখা চিঠি-পত্ৰসমূহৰ ওপৰত ভিত্তি কৰিয়েই উপন্যাসখন লিখা বুলিও আৰভিং ষ্ট'নে উল্লেখ কৰিছে।যি কি নহওক,কাল্পনিক হ'লেও 'মায়া' চৰিত্ৰৰ মাজেদি উপন্যাসিকে ভেন গঘৰ অক্লান্ত প্ৰাণশক্তি আৰু প্ৰতিভাৰ এটা অনন্য দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। (সমাপ্ত)
ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস,বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ
ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস, বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ
-বীৰ্কে বি. থাপা
(9954249916)
ভাৰতবৰ্ষত সাংবাদিকতাৰ ভেঁটি নিৰ্মান কৰাৰ ক্ষেত্ৰত জেমচ্ অ'গষ্টাচ হিকিৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। 1779 /80 চনত কলিকতাৰ পৰা প্ৰকাশিত ভাৰতবৰ্ষৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত ' বেংগল গেজেট'ত নিয়মীয়াকৈ লিখি থকা স্তম্ভ -লেখ(columns) সমূহৰ জড়িয়তে এইগৰাকী সাংবাদিকে ক'বলৈ গ'লে প্ৰায় অকলেই ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰূদ্ধে মুক্ত কণ্ঠেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই কাকতখনতে তেওঁ চৰকাৰৰ কাৰ্যাৱলীৰ বিৰূদ্ধে জনতাৰ কণ্ঠক নিৰ্ভীকভাৱে প্ৰকাশ কৰিছিল।
ভাৰতবৰ্ষত বাতৰি কাকতৰ ইতিহাসলৈ দৃষ্টি নিক্ষেপ কৰিলে 'বেংগল গেজেটৰ জেমচ্ অ'গষ্টাচ হিকিৰ নাম সৰ্বপ্ৰথমেই উল্লেখ কৰা হয় তথাপিতো কিন্তু আমি মনত ৰাখিব লাগিব যে সেইকালত সাংবাদিকতাই ভাৰতবৰ্ষত বিশেষ মূৰ দাঙি থিয় হ'ব পৰা নাছিল। কাৰণ মি: হিকিয়ে বাতৰি কাকতখনৰ জড়িয়তে বৃটিছ চৰকাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনিয়মৰ বিৰূদ্ধে কঠোৰ প্ৰতিবাদ কৰাৰ ফলস্বৰূপে কাকতখন প্ৰকাশ পোৱাৰ এবছৰতেই 1781 চনত তেওঁৰ বিৰূদ্ধে চৰকাৰী নোটিচ জাৰি কৰা হয় আৰু বিচাৰৰ অন্তত কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল।গতিকে সিমানতে তেওঁৰ সাংবাদিকতাৰ পৰিসমাপ্তি ঘটিছিল।
ভাৰতবৰ্ষত সাংবাদিকতাৰ প্ৰকৃত সোণালী যুগ (Golden Era of newspaper in India)
আৰম্ভ হৈছিল 'বেংগল গেজেট' বন্ধ হোৱাৰ প্ৰায় তিনি দশকৰ পাছত ।সেই সময়ত অৰ্থাৎ 1811 চনত জেমচ্ চিল্ক বাকিংহামৰ (James Silk Buckingham) সম্পাদনাত প্ৰকাশ পাইছিল ‘Calcutta Chronicle’ নামৰ এখন বাতৰি কাকত।এইগৰাকী সাংবাদিকেই পোন প্ৰথমবাৰৰ বাবে সাংবাদিকতাৰ সম্পৰ্কত এক নতুন ধাৰণা প্ৰতিষ্ঠা কৰিছিল।তেওঁ সাংবাদিকতাৰ নিকা আৰু স্পষ্ট প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ উপৰিও জনসাধাৰণৰ স্থানীয় সমস্যাসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সততে গুৰুত্ব প্ৰদান কৰিছিল। সেই সময়ত ৰক্ষণশীল ভাৰতীয় সমাজ-ব্যৱস্থাত প্ৰচলিত 'সতীদাহ প্ৰথা'ৰ দৰে কিছুমান দোষ-ত্ৰুটিসমূহৰ বিৰূদ্ধে যথেষ্ট লেখা-মেলা কৰিছিল।তাৰ পাছতে ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিয়েও সংবাদ পত্ৰৰ শক্তি বা ভূমিকাৰ কথা উপলদ্ধি কৰিছিল আৰু 'সংবাদ কৌমুদী' নামৰ বাংলা ভাষাৰ কাকত এখনৰ প্ৰকাশ আৰম্ভ কৰিছিল 1822 চনত। সেই সময়ত আৰু দুখনমান সংবাদ -পত্ৰ প্ৰকাশ পোৱাৰ তথ্য পোৱা যায় ।বৃটিচৰ শাসন আৰু ভাৰতীয় ৰক্ষণশীল সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ বিৰূদ্ধে জনসাধাৰণক সচেতন কৰি তোলাই এই সংবাদপত্ৰসমূহৰ মুখ্য উদ্দেশ্য আছিল।অৱশ্যে তাৰে কিছুসংখ্যক সংবাদ-পত্ৰ বৃটিছ শাসনৰ সপক্ষতো থিয় দিয়া কথা অস্বীকাৰ কৰিব নোৱাৰি।আন কিছু সংখ্যক সংবাদ-পত্ৰৰ লক্ষ্য আৰু উদ্দেশ্য আছিল কেৱল ব্যৱসায়িক স্বাৰ্থ।সেইকালৰ ভাৰতীয় পুঁজিপতি বণিক-গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ বাবেও সেইবোৰ বাতৰি কাকত বা সংবাদ -পত্ৰসমূহ ব্যৱহাৰ কৰিছিল।বাতৰিতকৈ বিভিন্ন পণ্য সামগ্ৰিৰ বিজ্ঞাপন প্ৰকাশতে সেই সংবাদ -পত্ৰসমূহে অধিক গুৰুত্ব দিয়া দেখা গৈছিল।
1861 চনত ৰবাৰ্ট নাইট(Robert Knight)ৰ সম্পাদনাত প্ৰকাশ পোৱা এখন উল্লেখযোগ্য বাতৰি কাকত আছিল The Times of India নামৰ কাকতখন।কাকতখন আজিও চলি আছে আৰু এইখনেই হৈছে ভাৰতবৰ্ষৰ সৰ্বাধিক প্ৰচলিত ইংৰাজী ভাষাৰ বাতৰি-কাকত। কাকতখনে আৰম্ভণিৰে পৰাই বৃটিছ চৰকাৰ আৰু শাসনৰ সমৰ্থন আগবঢ়াই আহিছিল।আনহাতে 1868 চনত প্ৰকাশ পোৱা 'অমৃত বাজাৰ পত্ৰিকা' নামৰ আন এখন বহুল প্ৰচাৰিত বাংলা ভাষাৰ কাকতখনে কিন্তু তৎকালীন ভাৰতীয় সমাজ-ব্যৱস্থাৰ দোষ-ত্ৰুটি,কেৰোণ সমূহৰ ৰূপান্তৰ,পৰিশোধন আদিৰ লগতে বৃটিছ শাসন-ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি গৈছিল।একে উদ্দেশ্যৰে প্ৰকাশ পোৱা আন এখন উল্লেখযোগ্য কাকত আছিল 1878 চনত প্ৰকাশিত The Hindu নামৰ কাকতখন আৰু এইখন কাকত তামিলনাডু আৰু কেৰেলাতে সৰ্বাধিক প্ৰচলিত আছিল।
বৃটিচৰ শাসনকালত প্ৰকাশিত বহুকেইখন সংবাদপত্ৰই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰগতিতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা সংবাদ-পত্ৰসমূহৰ ভিতৰত বাল গংগাধৰ তিলকৰ 'কেশৰী',মহাত্মা গান্ধীৰ 'ইয়ং ইণ্ডিয়া ' আৰু 'হৰিজন' তথা জৱাহৰলাল নেহৰুৰ 'নেশ্যনেল হেৰাল্ড' নামৰ বাতৰি-কাকতৰ কথা বিশেষ উল্লেখযোগ্য। কিন্তু যিকেইখন বাতৰি-কাকতে বৃটিছৰ শাসন আৰু কাৰ্যাৱলীৰ কঠোৰ সমালোচনা কৰিছিল সেইকেইখন বাতৰি কাকতৰ স্বাধীনতাক খৰ্ব কৰাৰ উদ্দেশ্যেৰে বৃটিছ চৰকাৰে পূৰ্বৰে পৰা চেষ্টা চলাই যোৱা পৰিলক্ষিত হয়। বৃটিছ চৰকাৰে Vernacular Press Act in 1878 , the Newspapers (Incitement to offences )Act of 1908, the Indian Press Act 1931, the Press Objectionable Matter Act 1951, the Newspaper Price and Page Act 1956 আদিৰ দৰে এক্ট জোৰকৈ জাপি দি সংবাদ পত্ৰ আৰু সাংবাদিকৰ স্বাধীনতাত নাকী লগাবলৈ অহৰহ চেষ্টা চলাইছিল। The Vernacular Press Act (VPA) অনুসৰি ভাৰতবৰ্ষৰ স্থানীয় ভাষাত প্ৰকাশিত যিকোনো বাতৰি কাকতৰ মুদ্ৰক আৰু প্ৰকাশকক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে যিকোনো সময়ত আদালতলৈ চমন জাৰি কৰিব পাৰিব আৰু বৃটিছ চৰকাৰৰ বিৰূদ্ধে বা অন্য যিকোনো ধৰ্ম -সম্প্ৰদায়ৰ বিৰূদ্ধে যাতে কাকতখনে কোনো বক্তব্য প্ৰকাশ নকৰে সেই কথাৰ নিশ্চয়তা কাকত-কৰ্তৃপক্ষই প্ৰদান কৰিব লাগিব।এই ক্ষেত্ৰত মেজিষ্ট্ৰেট গৰাকীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আৰু আদালতত এই সন্দৰ্ভত কোনো আৱেদন গ্ৰহণ কৰা নহ'ব। সংবাদ-পত্ৰৰ স্বাধীনতা খৰ্ব কৰা এনে ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততে 1883 চনত 'দি বেংগলী'নামৰ বাতৰি কাকতখনৰ সম্পাদকীয়ত কলিকতা হাই ক'ৰ্টৰ এগৰাকী ন্যায়াধীশক কঠোৰভাৱে সমালোচনা কৰাৰ অপৰাধত সুৰেন্দ্ৰ নাথ বেণাৰ্জীক কাৰাদণ্ড বিহা হৈছিল।তেঁৱেই আছিল কাৰাবৰণ কৰা প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক।সেইদৰে বাল গংগাধৰ তিলকেও তেওঁৰ নিজৰ বাতৰি কাকত 'কেশৰী'ৰ জড়িয়তে বৃটিছ শাসনৰ বিৰুধীতা কৰিছিল যাৰ বাবে চৰকাৰে তিলকক প্ৰতিহত কৰিবলৈ চেলু বিচাৰি আছিল।অৱশেষত 'কেশৰী' কাকতত প্ৰকাশিত তেওঁৰ এটি কবিতাৰ ভিত্তিত হত্যাকাণ্ডৰ ঘটনা এটাৰ সৈতে তেওঁ জড়িত থকাৰ অভিযোগত তিলকক গ্ৰেপ্তাৰ কৰি ওঠৰ মাহৰ কাৰাদণ্ড দিয়া হৈছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় সংবাদপত্ৰসমূহে হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই পাইছিল আৰু দেশ-জাতি-সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপে পুনৰ নিৰ্ভীকভাৱে থিয় দিছিল। স্বাধীনোত্তৰ কালৰ চৰকাৰৰ কাৰ্যাৱলীৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু সেই কাৰ্যাৱলীৰ দোষ-ত্ৰুটিসমূহ আঙুলিয়া দিয়াৰ ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে অভূতপূৰ্ব ভূমিকাত অৱতীৰ্ণ হৈছিল।
চৰকাৰেও ভাৰতীয় সংবিধানৰ পৰিপ্ৰেক্ষিতত সংবাদ-মাধ্যমৰ স্বাধীনতা আৰু উন্নতিৰ বাবে নিশ্চিতভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এটা উল্লেখযোগ্য পদক্ষেপ আছিল 'প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়া' গঠণ। উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক চেয়াৰমেন হিচাপে ৰখা এই কাউঞ্চিলত সংসদৰ দুয়োটা সদনৰ সাংসদ,সংবাদ আৰু সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত সৰ্বমুঠ আঠাইশ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল।ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে স্বাধীনোত্তৰ কালত প্ৰেছৰ স্বাধীনতাক আৰু প্ৰেছৰ স্থিতিক ভাৰতীয় গণতন্ত্ৰত যথেষ্ট গুৰত্ব দিয়া হৈছে।সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে।
কিন্তু তৎস্বত্ত্বেও সাংবাদিক নিগ্ৰহৰ ঘটনা নঘটাকৈ থকা নাই।বিগত কালত চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়োৱা বহু কেইগৰাকী সাংবাদিক আৰু সংবাদ-পত্ৰ তথা দূৰদৰ্শন আদি বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত সংবাদকৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা সকলোৰে জ্ঞাত।সংবাদ-পত্ৰৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈ বিগত কালত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰে সংবাদ-পত্ৰৰ স্বাধীনতাত পুনৰ হস্তক্ষেপ কৰিবলৈ তৎপৰ হৈ উঠা পৰিলক্ষিত হয়।
অসমৰ প্ৰেক্ষাপটলৈ দৃষ্টি নিক্ষেপ কৰিলেও দেখা যায় যে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তিৰ হত্যাকাণ্ডৰ সৈতে প্ৰতিক্ৰিয়াশীল শক্তি জড়িত আছিল।গতিকে অসমৰ সাংবাদিকসকলেও সত্যনিষ্ঠ আৰু নিৰপেক্ষ সংবাদ পৰিৱেশনৰ বেলিকা নানান প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয়।আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত বহু সংবাদ প্ৰতিষ্ঠানৰ মালিক,সম্পাদক বা সংবাদকৰ্মীসকল ৰাজনৈতিক দলসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলস্বৰূপে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সংবাদ প্ৰকাশ পোৱাত যথেষ্ট বাধাৰ সৃষ্টি হৈছে।আৰু এটা লক্ষনীয় কথা এই যে,আজি বহুলোকে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সাংবাদিকতাত নিজকে উচৰ্গা কৰি দিলেও ৰাজনৈতিক প্ৰভাৱগ্ৰস্ত মালিকপক্ষৰ মইমতালিৰ বাবে মুক্তভাৱে সংবাদ পৰিৱেশন কৰাত বাধাৰ সন্মুখীন হৈ আহিছে।দ্বিতীয়তে,সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়টো আজিও সুনিচ্ছিত হোৱা নাই।গণতান্ত্ৰিক দেশ এখনত যুক্তিপূৰ্ণভাৱে চৰকাৰৰ বিৰুদ্ধেও বাতৰি-কাকতত লিখা-মেলা কৰাৰ স্বাধীনতা সকলোৰে থাকে।সেয়ে তেনে কাৰ্যক দেশবিৰুধী কাৰ্য বুলি অন্যায়ভাৱে কাৰোবাক এৰেষ্ট কৰাটো সংবিধান বিৰুদ্ধ।গতিকে শাসকপক্ষই সাধাৰণতেই সাংবাদিকক এৰেষ্ট কৰা কাৰ্যৰ পৰা বিৰত থকাই দেখা যায়।কিন্তু শাসকপক্ষৰ উদ্যোগত অন্য প্ৰতিক্ৰিয়াশীল চক্ৰই সংশ্লিষ্ট সাংবাদিকসকলক অমানুষিক অত্যাচাৰ কৰা কাৰ্যক কোনে ৰোধ কৰিব?গুপ্তঘাতকৰ হাতত পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'লনে? আইনৰ মেৰপাচত দোষী সকল হাৰি যোৱাটোৱে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ দুৰ্বলতা ।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকসকলৰ নিৰাপত্তা তেনেই অনিশ্চিত ৰূপে পৰিগণিত হৈছে।
আজিৰ যুগত আমাৰ সমাজত বাতৰি কাকতৰ ভূমিকা যথেষ্ট।ই আমাক বিভিন্ন ঘটনাৱলীৰ খবৰ দিয়াৰ উপৰিও শিক্ষা আৰু মনোৰঞ্জনৰো যোগান ধৰে।অৰ্থাৎ বাতৰি কাকতৰ ভূমিকা আজি কেৱল বাতৰি দিয়াতে সীমাবদ্ধ হৈ থকা নাই।বাতৰি কাকত হৈ পৰিছে
info-edu-tainment -অৰ্থাৎ এনে এটা মাধ্যম য'ত information, education আৰু entertainment সমানে পাব পাৰি।
সংবাদ মাধ্যম(media)ক গণতন্ত্ৰৰ ‘Fourth Estate’ or ‘Fourth Pillar’ অৰ্থাৎ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।কাৰণ সংবিধান প্ৰদত্ত 'গণতন্ত্ৰ'ৰ তাৎপৰ্য নিৰ্ভৰ কৰে জনসাধাৰণৰ বাক স্বাধীনতাৰ ওপৰত।জনসাধাৰণৰ কণ্ঠক সংবাদ-পত্ৰসমূহে প্ৰকাশ কৰে।সংবাদ মাধ্যমে জনসাধাৰণলৈ সকলো প্ৰকাৰৰ বাৰ্তা যোগান ধৰাৰ উপৰিও চৰকাৰী নীতি আৰু কাৰ্যাৱলীৰ ওপৰত চোকা নজৰ ৰাখি জনতাক সেই বিষয় সম্পৰ্কত সজাগ কৰি ৰাখে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা বৰ্তমানলৈকে সংবাদ আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছুমান লক্ষণীয় পৰিৱৰ্তনে দেখা দি আহিছে ,যেনে-(1) বাতৰি-কাকতৰ ছপা কাৰ্যত ব্যাপক প্ৰযুক্তিগত উন্নতি সাধন হৈছে (2) পাঠকৰ সংখ্যা আৰু সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু (3) সংবাদপত্ৰসমূহ ক্ৰমান্বয়ে কমাৰ্চিয়েল হ'বলৈ আৰম্ভ কৰিছে।আজি ভাৰতবৰ্ষৰ সংবাদ -উদ্যোগটো সমগ্ৰ বিশ্বৰে অন্যতম এক বৃহত্তম উদ্যোগলৈ পৰিণত হৈছে।বাতৰি কাকতসমূহ কমাৰ্চিয়েল আৰু প্ৰফিট -অৰিয়েণ্টেড হৈ পৰাৰ বাবেই পুঁজিবাদী ৰাষ্ট্ৰ-ব্যৱস্থাৰ দ্বাৰা উদ্ভূত ভোগবাদী মানসিকতাক অনুপ্ৰাণিত কৰা বাণিজ্যিক চলচিত্ৰ, ফ্যেশ্বন, বিলাসিতাপূৰ্ণ পণ্য-সামগ্ৰিৰ বিজ্ঞাপন,চাঞ্চল্য আৰু শিহৰণকাৰী হত্যা-ধৰ্ষণ-অবৈধ প্ৰেম আদিৰ দৰে বিষয়সমূহ বাতৰি কাকতৰ অন্যতম মুখ্য বিষয় হৈ পৰিছে।আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো বহুকেইখন বাতৰি কাকতে কেৱল পাঠকৰ সংখ্যা বৃদ্ধি কৰিবলৈকে ৰাশিফলৰ শিতান একোটা প্ৰতি দিনে প্ৰকাশ কৰি অহা দেখা যায়।
সংবাদজগতখন পৰ্যায়ক্ৰমে বহুতৰ বাবে,বিশেষকৈ সংবাদ -পত্ৰৰ সৈতে জড়িত মালিকপক্ষ,সম্পাদক আৰু সংবাদ দাতা(Reporters) সকলৰ বাবে আজি কৰ্মসংস্থাপনৰো মুখ্য উৎস হৈ পৰিছে।আজি সমগ্ৰ বিশ্বত ভাৰতীয় সংবাদ -উদ্যোগে দ্বিতীয় স্থান লাভ কৰিছে।তথ্য মতে,ভাৰতবৰ্ষত 70,000তকৈয়ো অধিক সৰু-ডাঙৰ বাতৰি কাকত আৰু 1,600 তকৈয়ো অধিক চেটেলাইট চেনেল আছে।তাৰে চাৰিশতকৈয়ো অধিক হৈছে নিউজ চেনেল।কোৱা হৈছে যে বাতৰি কাকতৰ এশ নিযুততকৈয়ো অধিক কপি প্ৰতিদিনে বিক্ৰী হয়। এনে এটা বৃহৎ উদ্যোগ হোৱা স্বত্ত্বেও কিন্তু সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ অৱস্থা আশানুৰূপভাৱে ভাল নহয়।
এই কথা আজি সকলোৰে জ্ঞাত যে, সাংবাদিকতাতে জীৱন উচৰ্গা কৰা বহুতৰ বাবে সাংবাদিকতাই একমাত্ৰ পেছা।ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰানালয়ে 2011 চনত মাঝিথিয়া দৰমহা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰি সাংবাদিকসকলৰ দৰমহা সন্দৰ্ভত উচিত আৰু স্থিৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতো আজিকোপতি তাৰ একো সুফল আমি দেখা নাই। পুঁজিপতি মালিকগোষ্ঠীৰ ব্যৱসায়িক স্বাৰ্থ,সাংবাদিকসকলৰ প্ৰতি প্ৰদৰ্শন কৰি অহা অসহানুভূতিশীল আচৰণ আদিৰ বাবে দিনে-নিশাই,ৰ'দে-বৰষুণে ঘূৰি ফুৰি বাতৰি সংগ্ৰহৰ দৰে কঠিন কাম কৰিবলগীয়া হোৱাৰ পাছতো বহু সংবাদ পত্ৰৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰখাটো অত্যন্ত দুৰ্ভাগ্যজনক।অৱশ্যে ইয়াৰ দ্বাৰা আমি সকলোবোৰ কাকতক দোষ দিব বিচৰা নাই।কিন্তু কিছু সংখ্যক কাকতৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰি অহা ঘটনাৰ কথা ভুক্তভোগী সাংবাদিকসকলৰ মুখেৰে আমি শুনিছোঁ।যিসকল সাংবাদিকৰ অক্লান্ত শ্ৰম,আহোপুৰুষাৰ্থ আৰু ত্যাগৰ ফলস্বৰূপে বাতৰি কাকত একোখনে ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰে সেই সকলক গুৰুত্বহীন কৰি তোলাটো অথবা তেওঁলোকক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়।সেইদৰে বাতৰি কাকতত লেখা-মেলা কৰি থকা লেখক-লেখিকাসকলৰো কাকতখনৰ ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত যথেষ্ট অৱদান থাকে।সাংবাদিকসকলৰ দৰে লেখক-লেখিকাসকলকো তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিষয়টোলৈ লক্ষ ৰাখি উপযুক্ত মাননি প্ৰদানৰ আইনসংগত বিধি তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আছে। সংবাদ মাধ্যমটো আজিৰ যুগত ৰাজনৈতিক প্ৰভাৱপুষ্ট হোৱাৰ লগতে পুঁজিপতি গোষ্ঠীৰ মালিকাধীন হৈ পৰাৰ ফলস্বৰূপে বাৰ্তাজীৱি লোকসকলৰ ভৱিষ্যৎ বহুখিনি অনিশ্চিত হৈ পৰিছে।এই বিষয়তো বিধি- ব্যৱস্থা তৎকালেই লোৱা উচিত।(সমাপ্ত)
ভল্টেয়ৰৰ কাঁদিদ আৰু আশাবাদ
ভল্টেয়ৰৰ 'কাঁদিদ' আৰু আশাবাদ
- বীৰ্কে বি.থাপা
লিচবনৰ প্ৰবল ভূমিকম্পই আছিল প্ৰকৃততে ভল্টেয়ৰৰ 'কাঁদিদ'(Candide) ৰচনাৰ মূল প্ৰেৰণা।1755 চনৰ 1 নৱেম্বৰত পৰ্টুগালৰ লিচবন চহৰত সংঘটিত হোৱা এই ভূমিকম্পৰ আগলৈকে ভল্টেয়ৰেও লাইবনিওজ(Leibniz) ৰ দৰেই গভীৰভাৱে বিশ্বাস কৰিছিল যে পৃথিৱীত ঘটা সকলো ঘটনাই মানুহৰ ভালৰ বাবেই ঘটে।
জাৰ্মান দাৰ্শনিক ও গণিতজ্ঞ লাইবনিওজ (1645-1716)ৰ মত আছিল-All is for the best in this best of all possible worlds. অষ্টাদশ শতিকাত লাইবনিওজৰ এই মতবাদে সমগ্ৰ ইউৰোপত ব্যাপক প্ৰসাৰতা লাভ কৰিছিল।কিন্তু খৃষ্টীয়সকলৰ পবিত্ৰ 'অল চেইণ্টচ ডে' উপলক্ষে লিচবনৰ গীৰ্জাত প্ৰাৰ্থনাৰ বাবে সমৱেত হোৱা হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বনিতাৰ যেতিয়া সেই প্ৰচণ্ড ভূমিকম্পৰ ফলত মুহূৰ্ততে মৃত্যু ঘটিছিল ,হাজাৰজনে যেতিয়া জীৱন আৰু মৃত্যুৰ দুৱাৰডলিত আৰ্ত চিৎকাৰ কৰি আকাশৰ বুকু বিদীৰ্ণ কৰিছিল-তেতিয়াই ভল্টেয়ৰৰ ঈশ্বৰ তথা আধ্যাত্মিক বিশ্বাসৰ ভেঁটি প্ৰথম বাৰৰ বাবে কঁপি উঠিছিল।অষ্টাদশ শতিকাৰ লাইবনিওজীয় আশাবাদৰ বিৰুদ্ধে তেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিছিল।সেই সময়ত লিখা কবিতাসমূহত তেওঁ ঈশ্বৰ- বিশ্বাস সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে-সেই কণ কণ শিশুবোৰে এনে কি পাপ কৰিছিল যাৰ বাবে সিহঁতক মাকৰ বুকুতে ৰক্তাক্ত মাংসপিণ্ডলৈ পৰিণত কৰা হ'ল? পেৰিচৰ গীৰ্জাৰ পুৰোহিতসকলে ভৱাৰ দৰে লিচবনৰ ভূমিকম্পৰ কাৰণ পৰ্টুগীজসকলৰ পাপ বুলি বিশ্বাস কৰাৰ কিবা যুক্তি আছেনে?
অষ্টাদশ শতিকাৰ ইউৰোপত ভল্টেয়ৰৰ সেই প্ৰশ্নৰ যুক্তিনিষ্ঠ উত্তৰ দিব পৰা শক্তি কোনো ৰক্ষণশীল ব্যক্তিৰ নাছিল।সেয়ে তেওঁৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ গীৰ্জাসমূহ খড়্গহস্ত হৈ থিয় দিছিল।তেনে এক প্ৰতিকুল পৰিস্থিতিত ভল্টেয়ৰে ৰচনা কৰিছিল তেওঁৰ যুগজয়ী উপন্যাস-'কাঁদিদ'।উপন্যাসখন প্ৰকাশ পাইছিল লিচবনৰ ভূমিকম্প সংঘটিত হোৱাৰ প্ৰায় চাৰি বছৰ পাছত 1759 চনত ।প্ৰচলিত বিশ্বাসৰ বিৰূদ্ধে জেহাদ ঘোষণা কৰা এই উপন্যাসখনত ভল্টেয়ৰৰ ব্যক্তিগত জীৱন আৰু দৰ্শনৰো স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।
1694 চনত পেৰিচত জন্ম গ্ৰহণ কৰা ভল্টেয়ৰৰ প্ৰকৃত নাম ফ্ৰাঁচোৱা মাৰি আৰৱেই(Francois Marie Arouet)। শিক্ষা জীৱনত তেওঁ শিক্ষাগুৰুসকলৰ পৰা সংশয়বাদ আৰু দ্বন্দাত্মক তৰ্কশাস্ত্ৰৰ শিক্ষা লাভ কৰিছিল।এই শিক্ষাই তেওঁৰ জীৱনত সৰ্বগ্ৰাসী প্ৰভাৱ পেলাইছিল।তেওঁ হৈ পৰিছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন কঠোৰ সমালোচক আৰু তাৰ্কিক।কলেজীত্রা জীৱনত আইনৰ ছাত্ৰ হোৱা স্বত্তেও ভল্টেয়ৰে সমালোচনাত্মক গদ্য আৰু কবিতাকে ৰক্ষণশীলতাৰ বিৰূদ্ধে অস্ত্ৰ হিচাপে তুলি লৈছিল।নিৰ্ভীক সমালোচনাৰ বাবে তেওঁ যথেষ্ট দুখো ভোগ কৰিবলগীয়া হৈছিল।1715 চনত চতুৰ্দশ লুইৰ মৃত্যুৰ পাছত ফ্ৰাঞ্চৰ শাসনভাৰ ৰিজেণ্ডৰ হাতলৈ যোৱাত ভল্টেয়ৰে স্বচ্ছাচাৰী শাসকৰ বিৰূদ্ধে ব্যংগবান নিক্ষেপ কৰি কবিতা লিখাৰ অপৰাধত 1716 চনত তেওঁক বেষ্টিলৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।কাৰাগাৰত বন্দী হৈ থকা কালতে তেওঁ 'ভল্টেয়ৰ' ছদ্মনামটো গ্ৰহণ কৰিছিল।বন্দীশালৰ পৰা ওলায়ে ভল্টেয়ৰে 1718 চনত 'অদীপ'(Oedipe) নামৰ এখন নাটক লিখি মঞ্চস্থ কৰাইছিল।তাৰ পৰাই আৰম্ভ কৰি সুদীৰ্ঘ 83 বছৰীয়া জীৱনকালত ৰচনা কৰা সমস্ত ৰচনাৱলীত তেওঁ অষ্টাদশ শতিকাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ চিত্ৰ অংকণ কৰিবলৈ চেষ্টা কৰি গৈছিল।
প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অষ্টাদশ শতিকাৰ ৰক্ষণশীল সমাজৰ বিপৰীত মেৰুত থিয় হৈ গীৰ্জাৰ নিয়ম আৰু যাজকশক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ আহ্বান জনাইছিল।বাইবেলৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত সংশয় প্ৰকাশ কৰি তেওঁ সমালোচনা লিখিছিল আৰু 'অ'ল্ড টেষ্টামেন্ট'ৰ কাহিনী আৰু কালৰ বিসংগতিক স্পষ্টকৈ দেখুৱাই দিছিল।এনেধৰণৰ বিষয়বস্তুৰ বাবেই তেওঁৰ 'কাঁদিদ' নামৰ উপন্যাসখনেও ৰক্ষণশীল সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
উল্লেখযোগ্য যে,'কাঁদিদ' উপন্যাসত বৰ্ণিত ড:পেনগ্লছ নামৰ চৰিত্ৰ এটাৰ জৰিয়তে ভল্টেয়ৰে লাইবনিওজীয় মতবাদটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।ড: পেনগ্লচ এগৰাকী অধ্যাপক আৰু তেওঁ লাইবনিওজৰ দৰেই বিশ্বাস কৰে যে সমগ্ৰ বিশ্বই হৈছে এক গাণিতিক পদ্ধতি আৰু এই জগতত ঘটা প্ৰতিটো ঘটনাৰ এটা শৃংখলাবদ্ধ পৰম্পৰা বা ধাৰাবাহিকতা আছে।পৃথিৱীত ঘটা সকলো ঘটনাই ভালৰ বাবে ঘটে বুলি বিশ্বাস কৰা অধ্যাপক গৰাকীয়ে কয়-Things can not be other than they are. For, since everything is made for a purpose, everything must be for the best possible purpose.
ড: পেনগ্লচ এগৰাকী অধ্যাপক।এই গৰাকী অধ্যাপকৰ অধীনতে কাঁদিদ নামৰ যুৱক এজনে অধ্যয়ন কৰে।কাঁদিদে ড: পেনগ্লচৰ প্ৰতিটো কথাকে নিৰ্বিবাদে বিশ্বাস কৰে।সৃষ্টিৰ সকলো বস্তুতে ইতিবাচক সংযোগ বা আন্ত: সম্পৰ্ক লক্ষ্য কৰা অধ্যাপকগৰাকীৰ প্ৰভাৱত কাঁদিদ হৈ পৰিছে সকলো কথাতে প্ৰবল আশাবাদী।কিন্তু লেখক হিচাপে ভল্টেয়ৰৰ উদ্দেশ্য আছিল-কাঁদিদৰ এই অন্ধ -আশাবাদৰ ওপৰত আঘাত সানি,কাঁদিদৰ জীৱনত উপৰ্যোপৰি দুৰ্যোগৰ ঢল বোৱাই আনি তেওঁক এই কথাই প্ৰতীয়মান কৰিবলৈ শিকোৱা যে সমগ্ৰ বিশ্ব-বিধান প্ৰকৃততে মানুহৰ প্ৰতি নিৰ্মমভাৱে উদাসীন।
উপন্যাসখনৰ কাহিনী আৰু ঘটনাক্ৰম আগবাঢ়িছে এনেদৰে: বেৰন দম্পত্তিৰ কন্যা কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত কাঁদিদক ৱেষ্টফেলিয়াৰ বৃহৎ প্ৰাসাদৰ পৰা বাহিৰ কৰি দিয়া হৈছে ।প্ৰেয়সীৰ সৈতে হোৱা বিচ্ছেদৰ পাছত কাঁদিদে ভগ্ন হৃদয়েৰে আৰম্ভ কৰিছে লক্ষ্য-উদ্দেশ্যহীন এক দীঘলীয়া যাত্ৰা।যাত্ৰাপথত তেওঁ মুখামুখি হৈছে বুলগেৰীয় সেনাৰ সৈতে আৰু সৈন্যবাহিনীত ভৰ্তি হৈ গুছি গৈছে যুদ্ধক্ষেত্ৰলৈ।যুদ্ধৰ নাৰকীয় দৃশ্যই কাঁদিদৰ মনত সৃষ্টি কৰিছে যুদ্ধৰ প্ৰতি তিক্ততা।
এদিন আহত অৱস্থাৰেই যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাওঁতে হলেণ্ডৰ পদপথত অকস্মাতে কাঁদিদে লগ পায় ৰোগগ্ৰস্ত আৰু গলিত দেহাৰে ভিক্ষাৰীৰ দৰে পৰি থকা এসময়ৰ শিক্ষাগুৰু ড: পেনগ্লচক।ক্ষয়ৰোগত ভূগি থকাৰ উপৰিও বেৰনৰ প্ৰাসাদত এগৰাকী পৰিচাৰিকাৰ সৈতে অবৈধ যৌনাচাৰত লিপ্ত হোৱাৰ ফলস্বৰূপে যৌনৰোগতো আক্ৰান্ত হৈ ড:পেনগ্লচৰ এই অৱস্থা হৈছিল।জীৱনৰ এনে দুৰ্যোগপূৰ্ণ আৰু কঠিনতম সময়তো কিন্তু তেওঁৰ আশাবাদৰ মৃত্যু ঘটা নাই।বিশ্বৰ প্ৰতিটো কাৰ্যকৰণতে পাৰস্পৰিক আন্ত: সংযোগ দেখা পোৱা অধ্যাপকগৰাকীয়ে সেই যৌন ৰোগৰ কাৰণ হিচাপে কলম্বাচৰ প্ৰসংগক টানি আনিছে।তেওঁৰ মতে কলম্বাচে আমেৰিকাৰ পৰা এই ৰোগ কঢ়িয়াই আনিছিল।কলম্বাচে এই ৰোগ কঢ়িয়াই ননা হ'লে আমি আজি ইমানবোৰ ঔষধ পালোঁহেঁতেন নে?অধ্যাপকগৰাকীৰ যুক্তিয়েই আছিল এনেধৰণৰ।নাকৰ আকৃতি সম্পৰ্কে যুক্তি দৰ্শাই তেওঁ কৈছিল যে নাকৰ এই আকৃতিৰ বাবেই আমি চচমা পিন্ধিব পাৰিছোঁ।শিলৰ সৃষ্টি হৈছে দুৰ্গ নিৰ্মান কৰিবলৈ।গাহৰীৰ প্ৰজনন ব্যাপক হাৰত বৃদ্ধি হৈছে যাতে আমি গোটেঅ বছৰ ধৰি গাহৰিৰ মাংসৰ সোৱাদ লৈ থাকিব পাৰোঁ।মূলত: তেওঁৰ সকলো যুক্তিয়েই আছিল ওলোটা।
ডঃ পেনগ্লচৰ যোগেদি কাঁদিদে জানিব পাৰিছে যে বুলগেৰীয় সৈন্যৰ হাতত বেৰন দম্পত্তি আৰু তেওঁলোকৰ কন্যা কুনেগুণ্ডেৰ মৃত্যু হোৱা কথা। কুনেগুণ্ডেৰ মৃত্যুৰ বাতৰি শুনি কাঁদিদ মৰ্মাহত হৈছে।
তাৰ পাছতে জাহাজত উঠি কাঁদিদে লিচবন অভিমুখে যাত্ৰা কৰিছে।জাহাজ গৈ লিচবনৰ ওচৰ পোৱাৰ আগমুহূৰ্ততে আৰম্ভ হ'ল প্ৰচণ্ড ধুমুহা- বৰষুণ।ফলত জাহাজ পানীত ডুব গ'ল।ড:পেনগ্লচ আৰু কাঁদিদে কাঠ এডোখৰৰ সহায়ত কোনোমতে পাৰত আহি উঠাত প্ৰাণৰক্ষা পৰিল।যি মুহূৰ্ততে আহি তেওঁলোক পাৰত উঠিল,প্ৰচণ্ড ভূমিকম্পই পৃথিৱী কঁপাই তুলিলে।
1755 চনৰ 1 নভেম্বৰ তাৰিখে সংঘটিত হোৱা লিচবনৰ সেই ইতিহাস প্ৰসিদ্ধ ভূমিকম্পটোৰ বিষয়ে ভল্টেয়ৰে উপন্যাসখনত লিখিছে--After the earthquake which destroyed three quarters of Lisbon,the county's leading thinkers decided that the best way of avoiding total destruction of the city was to give the people an auto-da-fe.-প্ৰচলিত বিশ্বাস অনুসৰি,অট'-ডা-ফে'ৰ আয়োজন কৰি লিচবনত পাপী লোকসকলক ধৰি নি পাপৰ প্ৰায়শ্চিত্ত হিচাপে জুইত পুৰি মৰা হৈছিল।লিচবনৰ ভূমিকম্পৰ কাৰণ পাপ বুলি গণ্য কৰা লোকলকলৰ ভিতৰত ' Leading Thinkers ' সকলো আছিল।
কিন্তু যি সময়ত ভূমিকম্পক ৰোধ কৰিবৰ বাবে পাপী লোকসকলক ধৰি নি জুইত পেলোৱা কাৰ্য চলি আছিল ঠিক সেই সময়তে পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰবল ভূমিকম্পৰ জোঁকাৰণিত পৃথিৱী কঁপি উঠিল।নিমিষতে গীৰ্জাৰ চূড়া খহি পৰিল আৰু অজস্ৰ লোকৰ মৃত্যু ঘটিল।চাৰিওফালে ধ্বংসাৱশেষ আৰু ৰক্তাক্ত মৃতদেহবোৰ দেখি কাঁদিদৰ বুকুয়ে কান্দি উঠিল।যি লাইবনিওজীয় আশাবাদ ইমানদিনে তেওঁ পুহি ৰাখিছিল সেয়া নিমিষতে শেষ হৈ গ'ল।ভগৱানৰ অস্তিত্ব সন্দৰ্ভত তেওঁৰ মনত সন্দেহৰ সৃষ্টি হ'ল।পাপীসকলক পাপৰ শাস্তি দিবলৈকে যদি ভগৱানে এই ভূমিকম্প পঠিয়াইছিল তেন্তে এই এই শ শ,হাজাৰ হাজাৰ অবোধ শিশুৱে এনে কি পাপ কৰিছিল যে তেওঁলোকক মাৰি পেলোৱা হ'ল?
ইয়াৰ পাছতে উপন্যাসখনৰ কাহিনীয়ে এক নতুন গতি লৈছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-বুলগেৰীয় সৈন্যৰ হাতত প্ৰকৃততে কুনেগুণ্ডেৰ মৃত্যু হোৱা নাছিল।সৈন্যবাহিনীৰ কেপ্তেইন এজনৰ কৃপাত তাইৰ জীৱন ৰক্ষা পৰিল।কিন্তু তাইৰ জীৱন ভোগৰ সামগ্ৰিলৈ পৰিণত হ'ল।জুৱা খেলত হাৰি কেপ্তেইনজনে তাইক ইহুদী এজনৰ হাতত বেচি দিছিল।এগৰাকী বৃদ্ধাৰ সহযোগত কাঁদিদে পুনৰ লগ পালে কুনেগুণ্ডেক আৰু বিয়া কৰালে।
কুনেগুণ্ডেক বিয়া কৰোৱাৰ পাছত কিন্তু কাঁদিদ সুখী হ'ব নোৱাৰিলে।কাৰণ,বিয়াৰ পাছত তাই পূৰ্বৰ সৌন্দৰ্য হেৰুৱাই পেলাইছিল আৰু খিংখিঙীয়া স্বভাৱৰ হৈ উঠিছিল।কাঁদিদৰ জীৱন তিক্ত হৈ উঠিল।তথাপিতো কিন্তুু নিজৰ বিশ্বাসত অতল ড:পেনগ্লচ।কাঁদিদক তেওঁ সান্ত্বনা দিয়ে-'ভাৱি চোৱাঁ,তুমি যদি কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত সেই বেৰনৰ প্ৰাসাদৰ পৰা বহিস্কৃত নহ'লাহেঁতেন আৰু যদি আমেৰিকা ভ্ৰমণ কৰি এল্ ডৰেট'ৰ পৰা ওভতোতে লগত অনা ভেঁড়াবোৰ নেহেৰুৱালাহেঁতেন,তেন্তে তুমি আজি ইয়াত নাথাকিলাহেঁতেন আৰু ইয়াৰ মিঠা সুমথিৰা আৰু বাদাম খাব নাপালাহেঁতেন।'
বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি তেওঁলোক তুৰস্কত উপস্থিত হৈছেহি।তাত ফলমূলৰ বাগিচা পাতি নতুন জীৱন আৰম্ভ কৰিছে।কিন্তু কুনেগুণ্ডেৰ কদৰ্য ৰূপ,খিংখিঙীয়া স্বভাৱে কাঁদিদৰ জীৱন বিপক্ত কৰি তুলিছে।ক্লান্ত,ৰোগগ্ৰস্ত,বিবৰ্ণ-মলিন কাঁদিদে পুনৰ যাত্ৰা আৰম্ভ কৰিলে এখন 'নতুন পৃথিৱী'ৰ সন্ধানত।যাত্ৰাপথত তেওঁ এইবাৰ মুখামুখি হ'ল এদল অশ্বাৰোহী সৈন্যৰ।অশ্বাৰোহী সৈন্যৰ গুলী লাগি তেওঁৰ এখন ভৰি পংগু হৈ পৰিল।অসহ্য যন্ত্ৰণাত ছটফটাই থকা কাঁদিদে ডঃ পেনগ্লচক উদ্দেশ্যি ক'লে-'Ah Pangloss, Pangloss....What would become of your optimism if you could see me now lacking a leg and in the hands of my betterest enemies...?'
আকৌ আৰম্ভ হৈছে কাঁদিদৰ যাত্ৰা।এই যাত্ৰাপথত তেওঁ ক্ষণিক সুখৰ বাবে পৰনাৰীৰ বাহুপাশতো আৱদ্ধ হৈছে।সেই সুখকৰ মুহূৰ্তৎ তেওঁৰ ধাৰণা হৈছে-ড: পেনগ্লচৰ কথাই যেন সত্য-Everything is for the best.
উপন্যাসখনৰ শেষত কাঁদিদৰ কোলাত মূৰ থৈয়ে ড: পেনগ্লচে শেষ নিশ্বাস ত্যাগ কৰিছে।এই মৃত্যুৰ মাজেৰেই প্ৰকৃততে প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অৱশেষত লাইবনিওজীয় দৰ্শনৰ চৰম পৰাজয় প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ অভিজ্ঞতাৰে কাঁদিদে বুজি উঠিছে যে বিশ্ব-প্ৰকৃতিত সংঘটিত সকলো ঘটনাই স্বতন্ত্ৰভাৱে সংঘটিত,কেৱল অহেতুক কিছুমান সংযোগে মানুহক হতবাক কৰি তোলে। Everything is for the best বুলিও কোনো কথা নাই।
জীৱনত অলেখ তিক্ত অভিজ্ঞতা লাভ কৰা কাঁদিদে শেষত জেনইদা নামৰ এগৰাকী নাৰীৰ প্ৰেমত পুনৰ সুখৰ সন্ধান কৰিছে আৰু তেওঁ উপলদ্ধি কৰিছে-Everything is not so good.. but everything is not too bad.এনেকৈয়ে প্ৰকৃততে অষ্টাদশ শতিকাৰ অত্যন্ত যুক্তিবাদী দাৰ্শনিক ভল্টেয়ৰে পৰম্পৰাগত কেথলিক ধৰ্মীয় বিশ্বাস,লাইবনিওজীয় দৰ্শন আদিৰ প্ৰকাশ্যে বিৰুধিতা কৰি যুক্তিবাদক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।উপন্যাসখনৰ জৰিয়তে ভল্টেয়ৰৰ 'আশাবাদ'ৰো প্ৰতিফলন ঘটিছে।(সমাপ্ত)
নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা
ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া
দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত প্ৰণতি বৰুৱাৰ কবিতা
দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত
প্ৰণতি বৰুৱাৰ কবিতা
বীৰ্কে বি থাপা
আধুনিক কবিতাৰ নিৰ্মানশৈলীত ইমে'জ বা চিত্ৰকল্পৰ প্ৰয়োগ এক অতুলনীয় সংযোজন।
বিংশ শতিকাৰ আৰম্ভণিতে টি.ই.হিউম,
এজৰা পাউণ্ড,জেমচ জয়েচ আদিৰ দৰে কবিয়ে তেওঁলোকৰ কবিতাত পোনপ্ৰথম বাৰৰ বাবে চিত্ৰকল্পৰ প্ৰয়োগৰ জৰিয়তে পাশ্চাত্যৰ সাহিত্যত এক নতুন চিত্ৰকল্পবাদী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমীয়া কবিতাতো চল্লিশৰ দশকৰ পৰা চিত্ৰকল্পৰ সমাহাৰেৰে সমৃদ্ধ কবিতা ৰচনাৰ ঢল বৈ আহে।কবি হেম বৰুৱা,নৱকান্ত বৰুৱা,হীৰেণ ভট্টাচাৰ্য আদিৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী কবিয়ে চিত্ৰকল্পৰ বহুল প্ৰয়োগেৰে অসমীয়া কাব্য-সাহিত্যক সমৃদ্ধ কৰি তুলিছিল।
পৰৱৰ্তী পৰ্যায়ত চিত্ৰকল্পবাদী আন্দোলনৰ পূৰ্বৱৰ্তী ধাৰা অব্যাহত ৰাখি যিসকল কবিয়ে পুনৰ আশীৰ দশকৰ পৰা কবিতাৰ নিৰ্মাণশৈলীত চিত্ৰকল্পৰ প্ৰয়োগ আৰু তাৰ জৰিয়তে কবিতাক অধিক ভাৱব্যঞ্জক কৰি তোলাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা চলাবলৈ আৰম্ভ কৰিছিল সেইসকলৰ ভিতৰত অন্যতম এগৰাকী উল্লেখযোগ্য কবি হৈছে প্ৰণতি বৰুৱা। 1997 চনত প্ৰকাশিত প্ৰথমখন কবিতাপুথি 'প্ৰতিটো ঋতুৰ আকাশ'ত সন্নিৱিষ্ট কবিতাসমূহত কবি প্ৰণতি বৰুৱাই ভিন্ন ঋতুত প্ৰকৃতিয়ে পৰিগ্ৰহণ কৰা ৰূপ- বৈচিত্ৰক বিভিন্ন চিত্ৰকল্পৰ প্ৰয়োগেৰে যথাৰ্থ ৰূপত চিত্ৰিত কৰা পৰিলক্ষিত হয়।ইতিমধ্যে সমসাময়িক বিভিন্ন কাকত-আলোচনীত তেখেতৰ অলেখ কবিতা প্ৰকাশ পাইছে।প্ৰকাশিত এই কবিতাসমূহৰ উপৰিও 'ফুল হৈ ফুলি আছে তেজীমলা' শীৰ্ষক তেখেতৰ 2015 চনত প্ৰকাশিত দ্বিতীয়খন কবিতা-সংকলনতো চিত্ৰকল্পৰ যথাৰ্থ প্ৰয়োগ আমি দেখা পাওঁ।উল্লেখযোগ্য যে তেখেতৰ প্ৰথমখন প্ৰকাশিত কবিতাপুথিৰ কবিতাসমূহ 'ফুল হৈ ফুলি আছে তেজীমলা' সংকলনত পুনৰ সন্নিৱিষ্ট হৈছে।
কবি প্ৰণতি বৰুৱাৰ জন্ম 1954 চনত ছৈখেৱাত।ডুমডুমা মহাবিদ্যালয়ৰ পৰা 1974 চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যথাক্ৰমে অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমে অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী হিচাপে আৰু পাছত অধ্যক্ষা হিতাপে কৰ্মজীৱনৰ সুদীৰ্ঘ কাল অতিবাহিত কৰাৰ পাছত 2014 চনত অৱসৰ গ্ৰহণ কৰে।সামাজিক জীৱনত একাধিক সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠানৰ সৈতে জড়িত প্ৰণতি বৰুৱাৰ সুৱলা কণ্ঠ,আকৰ্ষণীয় কথন-শৈলী আৰু সকলোকে মুগ্ধ কৰিব পৰা অত্যন্ত মৰমীয়াল অন্তৰ তেখেতৰ ব্যক্তিত্বৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য।
কবি প্ৰণতি বৰুৱাৰ কবিতাৰ অধ্যয়নৰ পৰা সামগ্ৰিকভাৱে এই কথাই পৰিলক্ষিত হয় যে তেখেতৰ নৈসৰ্গিক চেতনা অত্যন্ত প্ৰবল।পাৰিপাৰ্শ্বিক জগতখনক পৰ্যৱেক্ষণ কৰাৰ দৃষ্টি অত্যন্ত সূক্ষ্ম বাবেই প্ৰকৃতি আৰু ভিন্ন ঋতুৰ ৰূপবৈশিষ্ট্যক তেখেতে কবিতাৰ শব্দ -চিত্ৰৰে যথাৰ্থ ৰূপত অংকণ কৰিবলৈ সক্ষম হৈছে,যথা-
বহাগ এনেকৈয়ে আহে
কুলি-কেতেকীৰ কণ্ঠত ফেঁহুজালি তুলি
মেঘত ঢোলৰ চাপৰ মাৰি
এই বোকা এই পানীৰে
কুঁহিপাতত জেতুকাৰ বোল সানি...(বহাগ) ।
সেইদৰে অসমীয়া গ্ৰাম্য -জীৱনৰ উচ্ছল হাঁহি-উল্লাসৰ চিত্ৰও কবি প্ৰণতি বৰুৱাৰ কবিতাত বাংময় হৈ উঠিছে -
পথাৰৰ পৰা ছিটিকি পৰা
হাঁহিৰ শব্দবোৰ
তাৰেই ভৰি উঠে কান্ধৰ বিৰিয়া
নৰাৰ সুহুৰিত উৰি ফুৰে
মনৰ বাঁহী গঢ়াই লোৱা
এজাক গৰখীয়া........(পথাৰৰ বাঁহী)
প্ৰণতি বৰুৱাৰ অন্যান্য কবিতা ,যেনে-বহাগৰ স্নেপশ্বট,শৰতৰ বাতৰি,ফাগুনৰ স্তৱক,ফাগুন,শাওনৰ স্তৱক আদিতো নৈসৰ্গিক চিত্ৰণেই প্ৰধান বৈশিষ্ট্য।সেয়ে হ'লেও কবিতাবোৰ পঢ়ি গ'লে প্ৰকৃতিৰ সৈতে থকা কবিৰ হৃদয়ৰ গভীৰ সংযোগ চেতনাক উপলদ্ধি কৰিব পাৰি।
আধুনিক কবিতাৰ ৰূপ-গঠন বা আংগিক নিৰ্মানৰ ক্ষেত্ৰত চিত্ৰকল্পৰ প্ৰয়োগ এক বিশিষ্ট লক্ষন।প্ৰণতি বৰুৱাৰ কবিতাতো চিত্ৰকল্পৰ নিৰ্মানৰ ক্ষেত্ৰত কবিক সচেষ্ট হোৱা দেখা যায়।
কিন্তু আধুনিক অসমীয়া কবিতাত সততে পৰিলক্ষিত হোৱা দুৰ্বোধ্য শব্দৰ কাৰচাজিৰে অভিনৱত্ব প্ৰকাশৰ প্ৰচেষ্টা তেখেতৰ কবিতাত অনুপস্থিত।তাৰ পৰিৱৰ্তে তেখেতৰ কবিতাত দেখা যায় সহজ-সৰল বাক্য- বিন্যাস। সুসংহত আৰু পৰিমিত শব্দবিন্যাসেৰে কবিয়ে সৃষ্টি কৰা ইমে'জ বা চিত্ৰকল্পসমূহে তেখেতৰ বহুকেইটা কবিতাক ভাৱৰ গভীৰতা নথকা স্বত্তেও ব্যঞ্জনাপূৰ্ণ কৰি তুলিছে। বুকুৰ বাউলি বতাহ,ইচ্ছাৰ পলস,বসন্ত বতাহ,ৰ'দৰ পোছাক,দুখৰ দুকোল টঁকা বান,বেউলা আকাশ,অহল্যা পাথৰ, তেজীমলা আঁচল,দুখৰ জ্বালামুখী,দুষ্মন্ত প্ৰেম,কুৰুক্ষেত্ৰ সময়,যন্ত্ৰণাৰ স্তৱক আদি তেনে কিছু ব্যঞ্জণাপূৰ্ণ শব্দ বিন্যাসৰ উদাহৰণ।সেইবাবেই হয়তো 'প্ৰতিটো ঋতুৰ আকাশ' কবিতা পুথিখনিৰ সম্পৰ্কত কবি ৰাম গগৈদেৱে লিখিছিল-'প্ৰতিটো ঋতুৰ আকাশ-এই তিনিটা শব্দৰ সংযোজনত নিহিত হৈ আছে ঋতুৰ পৰিৱৰ্তনৰ ইংগিত।প্রতিটো ঋতুৰ বৰ্ণময় আকাশ আৰু প্ৰতিটো ঋতুৰ সতে জড়িত কবিৰ বিচিত্ৰ অম্ল-মধুৰ অভিজ্ঞতাৰে বিধৌত জীৱন বিন্যাস।এইফালৰ পৰা সংকলনখনিৰ নামকৰণ গভীৰ ব্যঞ্জনাময় ।'
কেৱল নৈসৰ্গিক দৃশ্যৰ অংকণতে কিন্তু তেখেতৰ কবিতা সীমাবদ্ধ হৈ থকা নাই।তেখেতৰ কবিতাত বাংময় হৈ উঠিছে অসমীয়া লোক-পৰম্পৰা, লোককৃষ্টি আদিৰো বিভিন্ন দিশ। আজিৰ দিনত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগো তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য ,যেনে--'চেৰেকিত আউল লগা সূতাৰ নেছাটো লৈ/জোঁট ভাঙিবলৈ বহি আছোঁ হাতত উঘাটো লৈ...'(অন্বেষণ)।সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাচীন মূল্যবোধৰ ক্ৰমশ: অৱলুপ্তিয়েও কবিৰ মনক মৰ্মাহত নকৰাকৈ থকা নাই।আজিৰ বস্তুবাদী সামাজিক বাতাবৰণে নতুন প্ৰজন্ম আৰু আমাৰ বাপতিসাহোন কৃষ্টি-সংস্কৃতি, লোককথা-লোকসাহিত্য আদিৰ মাজত কঢ়িয়াই অনা ব্যৱধান কথা প্ৰকাশ কৰি কবিয়ে এটি কবিতাত লিখিছে-'আছেনে বাৰু/আইতাৰ মৰম উপচা চোতালখনত/নাতিহঁত বহিবৰ বাবে তিলমান সময়/আছে জানো/চোতালৰ চূক-কোণ/জোনাক আহি নাচিবলৈ..'(এটা নতুন সাধুকথা)।
কবি হিচাপে প্ৰণতি বৰুৱাৰ আত্মপ্ৰকাশ প্ৰকৃততে আশীৰ দশকৰ ৰক্তাক্ত আৰু সাম্প্রদায়িক সংঘৰ্ষ-জৰ্জৰিত সময়ছোৱাত।সেই সময়ৰ পৰিৱেশ -পৰিস্থিতিয়ে অসমীয়া কবিসকলক ক্ৰমশ: আগবাঢ়ি অহা দু:সময় সম্পৰ্কে সচেতন কৰি তুলিছিল।কবি প্ৰণতি বৰুৱাও ইয়াৰ ব্যতিক্ৰম নাছিল।স্বদেশ আৰু স্বজাতিৰ বাবে আত্ম বলিদান দিয়া শত সহস্ৰ শ্বহীদৰ মৃত্যুত শোকাভিভূত কবিয়ে সেইসময়ত লিখিছিল--'কেনেকৈ আগবঢ়াও মোৰ দুহাত?/ইয়াত এতিয়া উত্তাল যৌৱনৰ স্বপ্নবোৰ শিল হৈ আছে যে শুই/বধ্যভূমিৰ শব্দ আৰু তেজত ইয়াত/ৰজনজনাই আছে ডেউকা ভঙা চৰাইৰ বিননিৰে/এখন আকাশ...'(ঋতুৰ স'তে আলাপ)।
কবিৰ দৃষ্টিত 'নিৰাপত্তাৰ অৰ্থ এতিয়া অনিশ্চয়তা/জাপি কিম্বা ছাটি একোৱেই নোৱাৰে ৰাখিব সামৰি/দুখৰ জাগলৰ পানী /..চান্দোৰ মেৰঘৰলৈ সোমাই আহে কালনাগ/দিশে দিশে দুখৰ দোকোল-টঁকা বানত উচুপে/বেউলা আকাশ...'(নিৰাপত্তা ইত্যাদি)। 'আপাতত: মই' শীৰ্ষক কবিতাত দেখা যায়,আজি সকলো মানুহ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে ।আজিৰ যুগত গাওঁ -জ্ঞাতিৰ বিপৰ্যয়ৰ সময়তো কোনেও আগৰ দৰে মাত এষাৰ নিদিয়ে।পৰিৱৰ্তিত সময়ৰ এই দুৰ্দশাই কবিৰ মনত সৃষ্টি কৰা উপলদ্ধি-- 'ৰ'দৰ দিনত ওমলি থকা সোণালী শস্যভূমিত/আজি ছনপৰা মাটি/য'ত আছিল এদিন মোৰ ককা আইতা পেহী/আৰু অনেক গঞা জ্ঞাতি/...সময়ৰ বানপানীত কেতিয়ানো ছিঙি গ'ল/আমাৰ হাতবোৰ/কেতিয়ানো আমি খেলিলোঁ হেতালি/ক'ত এতিয়া আমাৰ সতীৰ্থ সজাতি...এতিয়া যে/হাতৰ মুঠিত আত্মগোপন শিবিৰ পাতি/কুৰুক্ষেত্ৰ সময়.../তাহানি হাতে হাতে জোঁৰ লৈ/আমি পথাৰৰ পৰা সমদলে খেদিছিলোঁ/ঢোলে-দগৰে বনৰীয়া হাতীৰ জাক/এতিয়া কোনে জগাব কাক/কোনেনো বজাব ঢোল কোনে বজাব ঢাক...'। এনে পৰিস্থিতিত কবি 'চেতনাৰ অংকুশেৰে বিদ্ধ কলিজা'ৰে 'অচিন ব্যাধিৰ যন্ত্ৰনাত' জৰ্জৰিত-' এতিয়া কাক খুজিম/এঘটি পিয়াহৰ পানী/ক'ত সেই গাণ্ডীৱ দুহাত/পাতাল ভেদি আনিবলৈ নিজৰা....)(আপাতত: মই)।
আজি আমি এনে এটা যুগত বাস কৰি আছোঁ যিটো যুগত চকুৰ সন্মুখতে কোনোবাই কাৰোবাক হত্যা কৰিলেও কোনো আচৰিত নহয়,দূৰদৰ্শন-বাতৰি কাকতত মানৱতাক কলংকিত কৰা অজস্ৰ ঘটনা দেখি দেখিও কাৰো মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়।সকলো যেন তেনেই স্বাভাৱিক।মানুহৰ আত্মকেন্দ্ৰিক চৰিত্ৰ আৰু ভোগবাদী ব্যস্ততাত আজি 'অনুভুতি ' নামৰ বস্তুটোৱেই যেন অন্তৰ্হিত হৈ পৰিছে।সেয়ে কবিৰ দৃষ্টিত আজি 'অকস্মাৎ' বুলি কোনো কথা নাই।চকুৰ সন্মুখত সংঘটিত সকলো ঘটনাই যেন গোলকীয় উষ্ণতাৰ বিষয়টোৰ দৰেই পূৰ্বৰে পৰা চলি থকা ঘটনাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া।সেই বাবেই এটি কবিতাত তেখেতে লিখিছে- 'অকস্মাতে একোৱে নঘটে বাবেই/গছবোৰৰ সপোন ধৰাশায়ী হয়/অকস্মাতে গোলকীয় উষ্ণতাই/পৃথিৱীক স্পৰ্শ নকৰে বাবেই/হেৰাই যায় গছবোৰ...'(অকস্মাৎ) ।
কবি এনে এখন দেশৰ বাসিন্দা য'ত সীতা,সাবিত্ৰী,অহল্যা,দ্ৰৌপদীৰ দৰে অসহায়া নাৰীৰ ওপৰত যুগে যুগে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দ্বাৰা নিৰ্যাতন চলাই অহা হৈছে।সীতাৰ সতীত্বত প্ৰশ্ন তুলি অগ্নি-পৰীক্ষাৰ বাবে চিতাত তোলা হৈছে,সাবিত্ৰীক অকাল বৈধব্যৰ সাজ পিন্ধোৱা হৈছে,অহল্যাক শিললৈ ৰূপান্তৰিত কৰা হৈছে,দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত বিবস্ত্ৰা কৰা হৈছে।মহাকাব্যৰ দিনৰে পৰা নাৰীৰ ওপৰত চলি অহা এনে অত্যাচাৰৰ আজিও অন্ত পৰা নাই।দৈনন্দিন ঘটি থকা এনে অত্যাচাৰ-নিৰ্যাতনৰ ঘটনাবোৰ প্ৰত্যক্ষ কৰা কবিয়ে সেয়ে লিখিছিল--'ইয়াত,ইয়াতেইতো পৰি আছে মূক বধিৰ হৈ অহল্যা পাথৰ/এন্ধাৰ আৰু পোহৰৰ তয়াময়া যুঁজৰ স্বাক্ষৰ হৈ/এন্ধাৰত মুখ গুজি পৰি আছে ইয়াতে তেজীমলা/আঁচলত পাহি সৰা গোলাপ .../এতিয়া ইয়াত চকু মেলিলেই দ্ৰৌপদী/কেৱল দ্ৰৌপদী...'(অহল্যা দ্ৰৌপদী ইত্যাদি)।
যান্ত্ৰিকতাই আৱৰা বস্তুবাদী জগতত প্ৰেম আৰু মানৱতাৰ অপমৃত্যুয়ে কবিক শোকস্তব্ধ কৰি পেলাইছে।প্ৰণতি বৰুৱাৰ বহুকেইটা কবিতাত প্ৰেমৰ অন্বেষণো চকুত পৰে।কিন্তু তেখেতৰ কবিতাত ব্যক্তি-প্ৰেম নৈসৰ্গিক প্ৰেমৰ সমগোত্ৰীয় ৰূপতহে প্ৰকাশ পোৱা পৰিলক্ষিত হয়।প্ৰকৃতিৰ সেউজ নিৰ্জনতা আৰু বিশালতাৰ বুকুত বিলীন হ'ব পৰা প্ৰেমৰ আক্যাংক্ষী কবিয়ে এটি কবিতাত লিখিছিল---'তোমাৰ আলিংগনৰ মাজত/মই এনেকৈয়ে হওঁ ডাঙৰ/নীলিম উদ্দীপনাৰে কলিজাৰ স্পন্দনত/মই আঁকি লওঁ সেউজীয়া স্বপ্নময় ছবি/এখন সেউজীয়া ছবি..'(শিলাস্তৰৰ শেলুৱৈ)। কিন্তু কবিৰ প্ৰশ্ন--'বুকুত আছেনে তেওঁৰ /নদীৰ দৰে আলাপ বাৰিষাৰ দৰে বৰষুণ'অমৃতৰ দৰে আকাশত..'
(সপোনত)।
আশীৰ দশকত প্ৰণতি বৰুৱাই লিখা 'তুমি তোমাৰ স'তে এখন্তেক' শীৰ্ষক কবিতাটি এটি বিশেষ উল্লেখযোগ্য কবিতা। প্ৰকৃতিৰ স'তে হৃদয়ৰ সংযোগ চেতনাই হৈছে কবিতাটিৰ প্ৰধান বৈশিষ্ট্য।যান্ত্ৰিক যুগৰ ব্যস্ততাত মানুহৰ মনবোৰো যান্ত্ৰিক আৰু বস্তুবাদী হৈ পৰিছে।কবিয়ে উপলদ্ধি কৰিছে ,এই যান্ত্ৰিক মানসিকতাৰ পৰা যেন প্ৰিয়জনো বাদ পৰি যোৱা নাই।অথচ কবিয়ে আশা কৰিছে এখন্তেকৰ বাবে হ'লেও প্ৰিয়জনৰ স'তে প্ৰকৃতিৰ উন্মুক্ত কোলাত কেতিয়াবা বিলীন হৈ যাবলৈ।কবিৰ এই মানসিকতা এক মুহূৰ্তৰ বাবে মিলি গৈছে ডি.এইচ.লৰেঞ্চৰ Sun নামৰ গল্প এটাৰ নায়িকা জুলিয়েতৰ মানসিকতাৰ সৈতে।ব্যস্ততাপূৰ্ণ নাগৰিক জীৱনৰ পৰা সাময়িকভাৱে দুদিনমানৰ বাবে আঁতৰি দূৰৱৰ্তী সাগৰৰ পাৰলৈ স্বামীৰে সৈতে ফুৰিবলৈ যোৱা জুলিয়েতে দেহৰ সমস্ত আভৰণ সোলকাই নগ্ন দেহাৰে সূৰ্যস্নান কৰাৰ পাছত আৱিস্কাৰ কৰিছিল সূৰ্যৰ তাপ আৰু পোহৰে তাইৰ সমস্ত দেহ আৰু মনত পেলোৱা আচৰিত প্ৰভাৱৰ কথা।সভ্যতাৰ কৃত্ৰিম আধুনিকতাই মানুহক বেশ-ভূশাৰ শৃংখলত যিমানে বন্দী কৰি ৰাখিলেও প্ৰকৃতিৰ আদিম আহ্বানে মানুহক সদায়ে যেন হাত বাউল দি মাতি থাকে।অনুৰূপ এক ভাৱনাত উল্লেখিত কবিতাটিতো কবিয়ে লিখিছে--নিৰ্জন পৰত তুমি তোমাৰ স'তে'এখন্তেক মুখামুখি হৈ পাতিলানে কথা?/....চোৱাচোন তুমি/ইচ্ছাৰ পলসত কেনেকৈ বাঢ়ি আহে/ তোমাৰ বুকুৰ মাজত ৰোৱা গছজোপা/তোমাৰ স'তে তুমি কথা পাতিলেই /গছজোপাত ফুলবোৰে গীত গাব/আৰু পাতবোৰেও কথা ক'ব/তোমাৰ অজ্ঞাতে সাৰ পাই উঠিব/অনেক চৰাইৰ কাকলি/তোমাৰ বুকুৰ স্বৰলিপি বুটলি...'।
কিন্তু প্ৰেম আজি কেৱল যৌনতাৰ নামান্তৰ।আমি যিমানলৈকে কবি প্ৰণতি বৰুৱাৰ কবিতা পঢ়িছোঁ,আমাৰ বোধেৰে তেখেতৰ অন্যতম এটি উৎকৃষ্ট সৃষ্টি হৈছে-'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাটি।প্ৰেমক কেৱল যৌনতা বা বাসনা জৰ্জৰিত শাৰীৰিক ক্ষুধা নিবৃত্তিৰ এটি তাড়ণা বুলি বিশ্বাস কৰা আজিৰ যুগত কত অবলা নাৰী পুৰুষৰ ছলনাৰ বলি হ'ব লগীয়া হৈছে তাৰ হিচাপ নাই।সম্পূৰ্ণ বিশ্বাসেৰে পুৰুষৰ দুবাহুত নিজক সমৰ্পন কৰি দিয়া নাৰীয়ে নিজৰ সতীত্ব হেৰুৱাই পাছত লোক-লজ্জাৰ ভয়ত গৰ্ভত ধাৰণ কৰি লোৱা ভ্ৰণো হত্যা কৰিবলগীয়া হৈছে।পুৰুষৰ হাতত অসহায়া বহু নাৰীৰ বাবে তাৰ গত্যন্তৰো নাই।কিন্তু পুৰুষৰ ছলনাৰ বলি হোৱা নাৰীৰ অন্তৰৰ বেদনাৰে কবিয়ে গৰ্ভত থিতাপি লোৱা ভ্ৰূণটিক হত্যা কৰাৰ পৰিৱৰ্তে তাক জীয়াই ৰাখিব বিচাৰিছে।'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাত তেখেতে লিখিছে---'তোমাৰ আলিংগনৰ মাজত/প্ৰতিহত প্ৰতিজাক ধুমুহাৰ পিছত মই/উভালি পৰা গছৰ কুটা কঢ়িয়াই/পুনৰ সাজি লওঁ/শকুন্তলা প্ৰেমৰ আশাৰ পঁজা/তুলি লওঁ গৰ্ভত সৃষ্টিৰ ভ্ৰূণ/কঠিনতম সময়ৰ মাজত/জন্ম দিওঁ/দুষ্মন্ত প্ৰেমৰ সেউজীয়া সন্তান এজাক...'। কবিতাটিৰ পৰা এনে ভাৱ হয় যেন পুৰুষৰ কামনাৰ বলি হৈ বহু নাৰীয়ে ভীৰুৰ দৰে ভ্ৰূণ হত্যা কৰি মৌনতা অৱলম্বন কৰাৰ বিপৰীতে কবিয়ে তেখেতৰ স্বপ্নভংগৰ সুতীব্ৰ বেদনাৰে সেই ভ্ৰূণ গৰ্ভত ধাৰণ কৰি গান্ধাৰীৰ দৰে জাকে জাকে সন্তান জন্ম দি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে পুৰুষৰ চকু মুকলি কৰি দিব বিচাৰিছে।কিন্তু লক্ষনীয়ভাৱে তেখেতৰ কবিতাত প্ৰকাশ্য বিদ্ৰোহ পৰিলক্ষিত নহয়।প্ৰখ্যাত পাঞ্জাৱী লেখিকা অমৃতা প্ৰীতমৰ 'ডাক্তৰ দেৱ' উপন্যাসৰ মুখ্য চৰিত্ৰ মমতাৰ দৰে এই কবিতাটিতো বিদ্ৰোহৰ পৰিৱৰ্তে প্ৰতিফলিত হৈ উঠিছে কেৱল নাৰীমনৰ অভিমান আৰু আত্মমৰ্যাদাৰ চিত্ৰ।
প্ৰেম আৰু সুদিনৰ ওপৰত কিন্তু কবিয়ে কেতিয়াও আস্থা হেৰুৱা নাই।সেইবাবেই 'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত' শীৰ্ষক এটি কবিতাত তেখেতে লিখিছে-'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত /মেলি দিছোঁ চকুহাল/অগ্নিৰ গৰ্ভত হাত থৈ.../উজাগৰী নিশাৰ শেতেলিত/ওলমি আছে এতিয়া/কুৰুক্ষেত্ৰ বতাহ../বুটলি আনক সময়ে/গৈৰিক বাসনাৰ বুকুৰ পঞ্চশীল...'। কবিৰ বিশ্বাস যে কেৱল প্ৰেমেইহে পৃথিৱীলৈ শান্তি নমাই আনিব পাৰে।সেইবাবেই ' জননী' শীৰ্ষক কবিতা এটিত এগৰাকী মাতৃৰ হৃদয়ৰ প্ৰেম আৰু কোমলতাৰে যন্ত্ৰনাগ্ৰস্ত অজস্ৰ মানুহক সন্তানৰ দৰে আকোঁৱালী লোৱাৰ দুৰ্বাৰ আক্যাংক্ষাৰে কবিয়ে লিখিছে-'দুখৰ লোতকত উটি যোৱা মানুহবোৰক/যন্ত্ৰনাৰ স্তৱকত শুই থকা মানুহবোৰক/শিশুৰ দৰে তুলি লওঁ আহাঁ /....প্ৰেমৰ সাগৰত পখালি লওঁ সিহঁতৰ দেহা/শান্তিৰ নিজৰাকে আঁকি দিওঁ কপালত প্ৰেমৰ ৰেখা/হৃদয়েদি বোৱাই দিওঁ অমৰ প্ৰেমৰ দীপ্তিমান প্ৰভা..'।
এনেদৰেই কবি প্ৰণতি বৰুৱাৰ আৰু অনেক কবিতাত(যেনে-বাঞ্চিত সময়ৰ প্ৰতীক্ষাত, সোণালী সত্য,হৃদয় ক'ত, উন্মীলন,এজাক যুৱতী নাৰীৰ দেওধনী নাচ, সুহৃদ, সাম্প্ৰতিক, বিহুৱান, গছবোৰে গান গায়,এজাক পশুৰ মাজত এজনী পাগলী,শৈশৱ আদি) ব্যক্তিগত জীৱনৰ সুখ-দুখ,সামাজিক বিপৰ্যয় ,দু:সময় আদিৰ বাস্তৱ চিত্ৰণ পৰিলক্ষিত হয়।দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত তেখেতৰ কবিতাসমূহক অতুলনীয় চিত্ৰকল্প আৰু ভাৱৰ গভীৰতাই নতুন আয়তন প্ৰদান কৰিছে।(সমাপ্ত)
.................................
নাৰী স্বাধীনতা প্ৰসংগ আৰু তিলোত্তমা বৰগেহাঞিৰ গল্প
ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'
ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা- উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ' ...
-
আঘোণৰ কবিতা বীৰ্কে বি. থাপা সম্প্ৰতি প্ৰকাশনৰ প্ৰস্তুতিত থকা ...
-
প্ৰবন্ধ: কথাশিল্পী যোগেশ দাসৰ গল্প:এটি পৰ্যালোচনা বীৰ্কে বি থাপা ...