Tuesday, December 8, 2020

দিহিঙৰ পাৰত কবিতাৰ এসন্ধ্যা

দিহিঙৰ পাৰত কবিতাৰ এসন্ধ্যা
          -----------------------------------------------
                                         বীৰ্কে বাহাদুৰ থাপা
                অসম-অৰুনাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত যোৱা ১৭ জানুৱাৰী ('১৫)তাৰিখে অনুষ্ঠিত হৈ গ'ল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিবেশন উপলক্ষে অায়োজন কৰা প্ৰথম দিনাৰ কাৰ্যসূচী এখনি ব্যতিক্ৰমধৰ্মী 'কৱি সন্মিলন' |মাঘ মাহৰ দুৰু দুৰু বুকু কঁপোৱা জাৰৰ সন্ধিয়া বুঢ়ীদিহিং নৈৰ পাৰত অনুষ্ঠিত হোৱা এই কবি সন্মিলন খনিত অংশ গ্ৰহণ কৰিছিল বহুসংখ্যক নৱ-প্ৰজন্মৰ কবিয়ে|কবি সন্মিলন খনি উদ্ৱোধন কৰিবলৈ গৈ অামি অভিভূত হৈ পৰিছিলো  -দিহিং পৰীয়া কবিৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি অাৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।
              সাম্প্ৰতিক কালৰ অসমীয়া কবিতাত কবিতাৰ  কেৱল অাংগিক  পৰিৱৰ্তনেই দ্ৰুত গতিত হোৱা নাই  ,বৰঞ্ছ তাৰ লগে লগে অন্তৰ্নিহিত ভাৱ  অাৰু বিষয়বস্তুৰো পৰিৱৰ্তন ঘটিছে।বিগত কালছোৱাত তেনে বহুতো ভাল অাৰু যুগজয়ী কবিতা  অামি  নবপ্ৰজন্মৰ কবি  সকলৰ  পৰা পাইছো। কিন্তু দুখৰ বিষয় যে কিছু সংখ্যক  কবিয়ে কবিতাক কেৱল বিলাসীতা হিচাপে লৈ তেনেই নৈতিকতা অাৰু  অাদৰ্শহীন কবিতা ৰচনা কৰি অসমীয়া কবিতাক  একপ্ৰকাৰেৰে  বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হৈছে ।বিশেষকৈ কংক্ৰীটৰ মহানগৰত বিলাসী জীৱন কটোৱা এচাম কবিয়ে কেৱল সস্তীয়া প্ৰেমৰ কবিতা লিখি মহাবিদ্যালয় অাৰু বিশ্ববিদ্যালয়ৰ যুৱক-যুৱতী সকলৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছে| দুৰ্ভাগ্যস্বৰূপে অামাৰ বাতৰি কাকত অাৰু অালোচনী সমূহে এই সকল কবিক জনপ্ৰিয় কৰি তোলাত যথেষ্ঠ সহায় কৰি অাহিছে| পশ্চিমীয়া ভোগবাদী সংস্কৃতিয়ে অামাক শিকোৱাৰ দৰে এইসকল কবিয়েও অাদৰ্শ অাৰু নৈতিকতাহীন এক প্ৰকাৰৰ বহেমিয়ান জীৱনেই যেন নতুন প্ৰজন্মৰ লক্ষ -তেনে বাৰ্তা প্ৰচাৰ কৰি অহা অামি লক্ষ কৰিছোঁ । সমস্যা-জৰ্জৰিত অসমৰ সাম্প্ৰতিক পৰিস্থিতিত এই সমস্যা সমূহৰ প্ৰকৃত বাস্তৱতালৈ ভ্ৰূক্ষেপ নকৰি প্ৰেমৰ বিচ্ছেদত নিজকে ধ্বংস কৰি বহেমিয়ান জীৱন কটোৱা এইচাম কবিৰ কবিতাই নি:সন্দেহে  অসমীয়া কবিতাক বিপথগামী কৰি তুলিছে। সামাজিক দায়বদ্ধতাক  স্বীকাৰ নকৰি বহেমিয়ান জীৱন অাকোঁৱালী লোৱা এই কবি সকলৰ প্ৰভাৱত অাজি যি সময়ত নতুন প্ৰজন্মৰ মাজত কবিতা লিখাৰ প্ৰৱণতা গা কৰি উঠিছে সেই সময়ত বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলে জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি অাৰু সামাজিক দায়বদ্ধতাৰে কবিতা লিখাতযে বৰ্তি হৈ অাছে -এই কথাৰ  প্ৰত্যক্ষ নজীৰ দাঙি ধৰিছিল কবি সন্মিলন খনিত কবিতা পাঠ কৰা নতুন প্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কবিয়ে।অন্য বহু কবি সন্মিলনতকৈ ব্যতিক্ৰম এই কবি সন্মিলনত অংশ গ্ৰহন কৰা দিহিং পৰীয়া কবিসকল অসমীয়া কাব্য জগতত তেনেই নতুন অথবা বহুতৰ বাবে অপৰিচিত,কিন্তু তেওঁ লোকৰ কবিতাৰ বৰষুণত তিতি জীপাল হৈ উঠিছিল ক্ৰমশ: শুকান হৈ পৰা আমাৰ হৃদয়|
               'কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ প্ৰকৃততে অামন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা ড:অৰুণা গগৈ বৰুৱা বাইদেউক,কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰক|কবি অমৃত সাগৰ ওৰফে যোগেশ্বৰ মৰানে ইতিমধ্যে ''প্ৰেমৰ কোনো অাৱৰণ  নাই"শীৰ্ষক কবিতা পুথি ২০০৭ চনতে প্ৰকাশ কৰাৰ উপৰিও বিভিন্ন কাকতে -পত্ৰে অলেখ কবিতা অাৰু প্ৰৱন্ধ লিখিছে।কবি অমৃত সাগৰৰ সঞ্চালনাত বৰ সুন্দৰৱভাৱে অনুস্থিত হৈছিল কবিতাৰ অনুষ্ঠান|অসমীয়া সাহিত্যৰ তথাকথিত পৰ্যালোচক অাৰু সমালোচক সকলৰ স্বীকৃতিলৈ অপেক্ষা
নকৰি নীৰৱে বুঢ়ীদিহিঙৰ পাৰত কবিতাৰ নিৰলস চৰ্চা অব্যাহত ৰখা কবি সকলৰ কণ্ঠত মুখৰিত হৈ উঠিছিল ৰতনী পথাৰ- বোকাপথাৰ গাঁও|
               এই দিহিংপৰীয়া কবিসকলৰ ভিতৰত যিসকলৰ কবিতা শুনাৰ সৌভাগ্য সিদিনা অামাৰ হৈছিল সেই সকলৰ ভিতৰত অন্যতম অাছিল অাধুনিক কবিতাৰ নতুন অাংগিক অাৰু নিৰ্মান কৌশল অায়ত্ব কৰি সম্পূৰ্ণ নিজস্ব ষ্টাইলেৰে কবিতা লিখাত ব্ৰতী হোৱা নতুন প্ৰজন্মৰ কবি মৃদুল কুমাৰ দহোতীয়া| ইতিমধ্যে 'সকলো শেষ হৈ যোৱাৰ পাচত' নামৰ এখনি কবিতা পুথি ৰচনাৰে সকলোৰে পৰিচিত হৈ পৰা মৃদুল কুমাৰ দহোতীয়াৰ কবিতাত অামি লক্ষ কৰিলো-অাধুনিক কবিতাৰ নিৰ্মান কৌশল অাৰু চিত্ৰকল্পৰ সুন্দৰ প্ৰয়োগ|মাৰ্ঘেৰিতা কলেজৰ প্ৰবক্তা এই গৰাকী কবিয়ে পাঠ কৰা'সোণাৰু গধুলি' শীৰ্ষক কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা ভাৱ-ব্যঞ্জণাই  শ্ৰোতাৰ হৃদয়ত পাতল দু:খবোধ এটা দি গ'ল-----
              'হালধীয়া গধুলি এটা পাৰ হৈ গ'ল
               অামাৰ সমুখেদি
               তুমি ক'লা:
               সোণাৰু গধুলি
               বুকুলৈকে উজাই অাহিল শোক
               অাৰু কিছুমান হালধীয়া কবিতা
               শুনিবা নেকি
               তুমি ক'লা ,থাকক দিয়া,হালধীয়া কবিতা
               শুনি
               সেমেকা নকৰোঁ এই সোণাৰু গধুলি…
নোপোৱাৰ বেদনাৰে সিক্ত অান এটি কবিতা 'দুখ'ৰ মাজেৰে তেওঁ 'শিমলু ফুল'ৰ দৰে লাজ অাৰু ভয়ত ৰঙা পৰা প্ৰেয়সীৰ মুখ খনো খন্তেকলৈ মনত পেলালে,কিন্তু অসমতাৰে পূৰ্ণ অামাৰ সমাজ ব্যৱস্থাত প্ৰেমৰ বাট বৰ সহজ নহয়,সেয়ে "তেওঁ গুচি গ'ল তেওঁৰ বাটেদি/মই মোৰ…"
               প্ৰথম দৃষ্টিত মৃদুল এগৰাকী প্ৰেমৰ কবি যদিও সেই প্ৰেমৰ কঠিন বাটেৰেই তেওঁ উচ্চ শ্ৰেণীৰ অহমিকাৰে পূৰ্ণ অামাৰ সমাজ ব্যৱস্থাৰ এটা নাঙঠ সত্যকো উদঙাই দেখুৱাইছে---
              লাহে লাহে মই সেমেকি উঠিলো
               সংকুচিত হৈ অাহিল মোৰ শৰীৰ
              বিষাদ এটাই বাঁহ বান্ধিলেহি
              মোৰ কলিজাটোত
              বৰফৰ দৰে বগা হৈ পৰিল সকলো
              কেৱল বৰফ বৰফ অাৰু বৰফ
              মই কাহানিও চুব নোৱাৰিলো
              তেওঁৰ উচ্চতা…
      
              অান  এগৰাকী কবি বাবুল বৰুৱাৰ কবিতাত নিভাঁজ  অসমীয়া শব্দ অাৰু বাক্য গাঁঠনিৰ প্ৰয়োগ দেখি ভাল লাগিল|সাম্প্ৰতিক কালৰ কবিতাত সততে অামাৰ কবিসকলে মাটিৰ সুবাস লাগি থকা গ্ৰাম্য শব্দৰ ব্যবহাৰ প্ৰায় এৰি দিয়াৰ সময়ত বাবুল বৰুৱাৰ দৰে কবি সকলে সেই শব্দ বোৰ ধৰি ৰাখিবলৈ কৰা প্ৰচেষ্ঠা সঁচাই প্ৰশংসনীয়|অাধুনিকতা অাৰু বিশ্বায়ণৰ নামত ক্ৰমে হেৰাই যোৱা অসমীয়া সংস্কৃতিৰ অস্তিত্ব সম্পৰ্কত নতুন প্ৰজন্মৰ কবি হিচাপে তেওঁ খুবেই সচেতন |'কুশলে অাছনে বহাগ?' শীৰ্ষক কবিতাত তেওঁ বৰ সুন্দৰকৈ লিখিছিল--
                নিজৰ বুলিবলৈ মোৰ একোৱেই নাই
                তথাপি তই অাহিলে
                প্ৰাণভৰি সুহুৰিয়াওঁ
                বুকুৰ ভিতৰখন জুমি জুমি চাওঁ
                 অাগৰ দৰেই অাছনে তই
                অাগৰ দৰেই………
                বিশ্বায়ণৰ বুকুত হেৰাই গ'ল নেকি
                 তোৰ সাঁচিপতীয়া ৰংবোৰ
                হেৰাই গ'ল নেকি
                 নাচনী খোপাৰ কপৌ ফূলবোৰ
                 গোলাপী ওঁঠৰ বৰ্হমথুৰিৰ হাঁহি…
              অামাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱা ঢেঁকীৰ বিপন্ন অস্তিত্বয়ো কবি বাবুল বৰুৱাক শংকিত কৰি তুলিছে| গাৱঁৰ ঢেঁকীশাল খনত লুকাই থকা বহু সুখ-দুখ,অাশা-নিৰাশাৰ অকথিত কাহিনী যেন তেওঁ ক'ব খুজিছে এই কবিতাটিৰ মাজেৰে--
                  এদিন ঢেঁকীৰ চাবত বিলীন হৈ অাছিল
                  অাইৰ দুভৰিৰ
                  নিলিখা বুৰঞ্জী
                  খুবলি ভৰি উপচি অাছিল
                  অাধাপেটীয়া দুখ
                  বৰণি মাৰিৰে বঢ়াই বঢ়াই খুন্দিছিল
                  ভোকৰ অাহু শালি
                  চালনি মাৰি বাচিছিল
                  সুখ দুখৰ মলখু……
               কবি বাবুল বৰুৱাৰ কবিতাত 'কাঁইটীয়া ৰাতি'ৰ চিত্ৰকল্প প্ৰকৃততেই তাৎপৰ্যপূৰ্ণ হৈ উঠিছিল।ঢেঁকীৰ চাবত সপোন ৰচা অাইৰ টোপনি ভাঙিছিল কাঁইটীয়া ৰাতিয়ে,তথাপিতো মহাজনৰ পথাৰত পুৱা বোকোচাত কেঁচুৱা বান্ধি তেওঁ  ধান দাইছিল…
                   বেলিয়ে অাটে মানে কাঁচিয়ে কাটিছিল
                   অাইৰ দুচকুত ক্ষীণ অাশা
                   বন্ধোৱা পিতাই মুকলি হয়েইবা  ?

                  সামন্তযুগীয় শোষণ -অত্যাচাৰৰ অন্ত অাজিও যে পৰা নাই অথবা অাজিও যে শেষ হৈ যোৱা নাই বন্ধোৱা শ্ৰমিকৰ কান্দোন -এই কথা কবিয়ে পাহৰি যোৱা নাই  |   সঞ্চালক অমৃত সাগৰে কোৱাৰ দৰে সচাঁকৈয়ে বাবুল বৰুৱাৰ কবিতাত নিভাঁজ অসমীয়া  গ্ৰাম্য শব্দৰ প্ৰয়োগ দেখিলে অামাৰ ঈৰ্ষা হয়  ।তেওঁৰ প্ৰকাশিত কবিতাপুথি "সপোন অাঁকি তেওঁ মোৰ হেপাহৰ পাঞ্চৈ" পঢ়াৰ সৌভাগ্য অামাৰ হোৱা নাই,তথাপি অনুমান কৰিব পাৰি --কবি বাবুল বৰুৱাৰ এই কবিতা পুথি খনতো নিশ্চয় শব্দই সোনালী পথাৰৰ গেঁৰ ধৰা ধাননিৰ সুবাসেৰে ফুলি উঠিছে।  তথাপিতো শব্দ সংযোজনাৰ লগতে প্ৰতীক- চিত্ৰকল্প অাদিৰ প্ৰয়োগৰ ক্ষেত্ৰত কিছু সতৰ্কতাৰে অাগবাঢ়িলে ভৱিষ্যতে এই গৰাকী কবিৰ পৰা অামি অাৰু বহু- ভাল কবিতা পাম বুলি অাশা কৰিব পাৰোঁ|     
                   কবিৰ সভাত অকবিৰ অনাধিকাৰ প্ৰৱেশ বুলি নিজকে উল্লেখ কৰি 'ৰিতুপথাৰৰ জুই'শীৰ্ষক কবিতা পাঠ কৰা বলীন্দ্ৰ মহন্তৰ কবিতাত অামি দেখা পালো শব্দৰ বলীষ্ঠ প্ৰকাশ |জানিব পৰা মতে বোকাপথাৰ-ৰতনীপথাৰ গাৱঁৰ গাতে লাগি থকা ৰিতুপথাৰৰ জুইৰ এটা ইতিহাস অাছে |সেই গাৱঁৰ ৰাইজে কঠোৰ শ্ৰম কৰাৰ পাছতো কেইবা বছৰ ধৰি খেতিৰ ভাল ফচল নোপোৱাত অৱশেষত পথাৰৰ বননি জুৰি তাত জুই লগাই দি পুনৰ খেতি কৰিছিল অাৰু ভাল উৎপাদন লাভ কৰিছিল| তেতিয়াৰে পৰা গাঁৱৰ ৰাইজে প্ৰতিবছৰে বননিত জুই লগাই দিয়ে অাৰু ৰিতুপথাৰৰ সেই জুইৰ ধোঁৱাই ওচৰৰ গাঁও সমূহকো ছানি ধৰেহি|কবি বলীন্দ্ৰ মহন্তই সেই ৰিতুপথাৰৰ জুইক সজীৱ কৰি তুলিলে এনেদৰে---
                   জানে ?
                   এয়া বিষাদৰ জুই
                   অজলা ককাইৰ বুকুত
                   উমি উমি জ্বলি উঠা একুৰা
                   নিৰাশাৰ জুই
                   একুৰা হতাশাৰ জুই
                   এই জুই জ্বলিছে,জ্বলক
                   বিষাদ পুৰি অাশাৰ বীজ
                                     সিচিঁবৰ বাবে
                    এই জুই জ্বলক……

                  ফিনিক্স পখীয়ে জুইৰ মাজত জ্বলি জ্বলিও গীত গাই যোৱাৰ দৰে  ধ্বংসৰ মাজতো  সৃষ্টিৰ সপোন দেখা পোৱা এই গৰাকী কবিৰ কবিতাত প্ৰচুৰ সম্ভাৱনা অামি দেখা পালোঁ| অঞ্চল টোৰ সৰবৰহী যুৱক মহেন্দ্ৰ বৰুৱাৰ ঘৰত বৰ অন্তৰংগভাবে লগ পোৱা এই গৰাকী কবিৰ  সৈতে খন্তেকীয়া  কথা-বাৰ্তাৰ পৰাই অামি তেওঁৰ মাজত লুকাই থকা সৃষ্টিশীলতাৰ উমান পাইছিলো। 
                  কবি সন্মিলনত কবিতা পাঠ কৰি প্ৰচুৰ সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই অনা অন্যান্য কবি সকলৰ ভিতৰত অন্যতম অাছিল  ডুমডুমা কৰ্দৈগুৰিৰ পৰা যোৱা উদীয়মান কবি ৰমন কৰ্দৈগুৰি  অাৰু কাকপথাৰৰ পৰা যোৱা কবি ৰতন বড়া। ইতিমধ্যে "সপোন সপোন যেন লাগে তোমাক হেৰুৱাই" অাৰু "তোমাক বিদায় জনাব নোৱাৰোঁ" এই দুখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও বিভিন্ন কাকতে পত্ৰে যথেষ্ঠ সংখ্যক কবিতা অাৰু মৰান জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতি বিষয়ক অালোচনী-স্মৃতিগ্ৰন্থ অাদি সম্পাদনা কৰা ৰমন কৰ্দৈগুৰিৰ কবিতাত পৰিস্ফুত হৈ উঠিছে প্ৰতীক অাৰু চিত্ৰকল্পৰ সঘন ব্যৱহাৰ| কবি সন্মিলনত পঠিত ' 'জংলী যাযাবৰ সেই বলীয়া ল'ৰাটো'শীৰ্ষক কবিতাটিত তেওঁ লিখিছিল--'হেঙুলীয়া ৰহন সানি/নৈৰ বুকুত হেৰাই যোৱা/বেলিটোৰ দৰেই/জংলী যাযাবৰ সেই/বলীয়া ল'ৰাটো গ'লগৈ/কলমৌ ঠাৰিৰে/পেঁপাটি বজাই…''! যতদূৰ সম্ভৱ ,তেওঁ এই কবিতাটি ড:ভূপেন হাজৰিকাৰ স্মৃতিত লিখা |কবিতাটিৰ নিৰ্মান শৈলীত ক্ষীণকৈ ড:নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা এটিৰ প্ৰভাৱ লক্ষ কৰা যায় যদিও কবি ৰমনৰ কবিতাত নিজস্ব ভাৱ-ব্যঞ্জনা স্পষ্টভাবে পৰিলক্ষিত হৈছিল|চৰ্চা অব্যাহত ৰাখিলে কাকপথাৰৰ কবি ৰতন বড়াৰ পৰাও অামি বহু ভাল কবিতা এদিন নিশ্চয় পাম|কাকপথাৰৰ পৰা প্ৰকাশিত "ন-দিহিং" নামৰ কবিতা অালোচনী এখন সম্পাদনা কৰি থকা এই গৰাকী উদীয়মান কবিয়ে অত্যন্ত সৰল শব্দ সজ্জাৰে লিখা 'ছাতি' শীৰ্ষক কবিতাটিৰ ভাৱ-বস্তুও তেনেই সহজ|কবি নীলিম কুমাৰৰ দৰে তেৱোঁ বৰ কম শব্দ অাৰু তেনেই সহজ নিৰ্মান শৈলীৰে সচৰাচৰ অামি দেখি থকা সাধাৰণ কথা কিছুমান প্ৰকাশ কৰাৰ কৌশল অায়ত্ব কৰিব পাৰিছে ।ৰং-বিৰঙৰ ছাতিৰ প্ৰেমত কোন নপৰে?ছাতিৰ  প্ৰেমত পৰে ৰ'দ,বতাহ ,বৰষুণ--প্ৰেমত পৰে যুৱতী- বোৱাৰী সকলো |অৱশ্যে ভাৱ-বস্তুৰ গভীৰতালৈ তেওঁ গুৰুত্ব দিলে অাৰু ভাল কবিতা নিশ্ছয় পাম|
        প্ৰেয়সী কাষত থাকিলে "চিপ চিপ বৰষুণ" অনুভৱ কৰা দিহিংপৰীয়া কবি লাচিত বড়াৰ কবিতাত পাঠকৰ হৃদয় চুই যাব পৰা অনুভৱ অাছে,যেনে-''তুমি বোকামাটি ভালপোৱা যদি/মই শাওণৰ কৃষক হ'ব পাৰোঁ/অাপদীয়া সকলো মলিন অাঁতৰাই/সেই একেজাক বৰষুণত তিতি/পচোৱা সেমেকা হ'ব পাৰোঁ মই…'
        ইতিমধ্যে অামি কৈ অাহিছোঁ যে কবিতা কবিৰ বিলাসিতা হ'ব নালাগে|প্ৰেয়সীৰ বাবে তাজমহল সাজিব বিচৰা অথবা প্ৰেয়সীৰ বিচ্ছেদত অাত্মহত্যা কৰিব বিচৰা মানসিকতাৰে কবিতা লিখাৰো দিন অাজি অাৰু নাই!অাজিৰ সংঘাত অাৰু সমস্যা জৰ্জৰিত পৃথিৱীত  জীৱনৰ নতুন অৰ্থ বিচাৰি নোপোৱা কবিৰো কোনো অৰ্থই থাকিব নোৱাৰে|কবি লাচিত বড়াৰ কবিতাত অামি প্ৰেমৰ নতুন সংজ্ঞা বিচাৰি পাওঁ।কবিয়ে যথাৰ্থতে ব্যক্তিগত প্ৰেমত নিজৰ কৃষক জীৱনৰ বাস্তৱতাকো পাহৰি যোৱা নাই,বৰঞ্চ তাক প্ৰেমৰ অাকুলতাৰে সৃষ্টিশীল কৰি তুলিব বিচাৰিছে।
        কবিতাৰ নিৰ্মান শৈলী এটা বৰ জটিল বিষয়।শব্দৰ সুবিন্যষ্ট সংযোজনাৰে এটা সুন্দৰ অাৰু পৰিশীলিত চিত্ৰকল্প পাঠকৰ মানসপটত অংকন কৰিব পৰাতেই অাধুনিক কবিতাৰ সাৰ্থকতা।কবি সন্মিলনত পঠিত জয়ন্ত মৰাণৰ কবিতাত অামি লক্ষ কৰিলোঁ অাধুনিক কবিতাৰ নতুন অাংগিক অাৰু নিৰ্মাণশৈলীৰ অনুপস্থিতি যিটো অত্যন্তই প্ৰয়োজন।কিন্তু তেওঁৰ কবিতাত সহজ সৰল শিশুৰ প্ৰতি প্ৰকাশ পোৱা অকৃত্ৰিম স্নেহ   প্ৰশংসনীয়| ইতিমধ্যে "পুৱাৰ পোহৰ" নামৰ এখনি কবিতাপুথি তেখেতৰ প্ৰকাশ হৈছে।সেইদৰে মাঘবিহুৰ নামত অসমীয়া সংস্কৃতিত বিয়পি পৰা অনৈতিক কাৰ্যসমূহক লিমাৰিকৰ জৰিয়তে বৰ সুন্দৰকৈ ব্যংগ কৰিলে কবি ইন্দ্ৰকুমাৰ ফুকনে অাৰু   কবিৰ হৃদয়জুৰি উপচি থকা  ভাৱক "দুকোল টঁকা" বানৰ সৈতে বৰ সুন্দৰ অাৰু কম শব্দেৰে প্ৰকাশ কৰিলে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মোহন মৰানে।মোহন মৰান মূলত: এগৰাকী  অত্যন্ত শক্তিশালী গদ্যৰ প্ৰাৱন্ধিক যদিও ভালেমান গীত অাৰু কবিতাও ৰচনা কৰিছে।ইতিমধ্যে তেখেতে মৰান জনগোষ্ঠীৰ সংস্কৃতি অাৰু শিক্ষা বিষয়ক কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ উপৰিও বহু তথ্যসমৃদ্ধ স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।বুঢ়ীদিহিঙৰ পাৰৰ এই সমগ্ৰ অঞ্চলটোতে সাহিত্য অাৰু সংস্কৃতি চৰ্চাৰ এক অনুকুল  পৰিৱেশ তেখেতে গঢ়ি তুলিবলৈ বহুদিন ধৰি চেষ্টা চলাই অাহিছে।এই সকল কবিৰ উপৰিও কবি লেখন চন্দ্ৰ দেউৰী,ইলেশ্বৰ চেতিয়া,লীলাকান্ত শইকীয়া,ৰাজীব দহোতীয়া,কিশোৰ বৰুৱা,যোগেন্দ্ৰ গগৈৰ কবিতাইয়ো সিদিনাৰ কবি সন্মিলন মুখৰ কৰি তুলিছিল।দিহিং-দিয়ুংৰ নিকটৱৰ্তী এই অঞ্চলটোত অাৰু ভালেসংখ্যক কৱিয়ে কবিতা চৰ্চা কৰি অাছে যদিও এই প্ৰৱন্ধত অামি কেৱল সিদিনাৰ কবিসন্মিলনত অামাৰ হৃদয় স্পৰ্শ কৰা মাথোঁ কেইটামান কবিতাৰ প্ৰসংগহে উল্লেখ কৰিলোঁ|
      দিহিংপৰীয়া নতুন প্ৰজন্মৰ কবিসকলৰ চৰ্চা অাৰু অনুশীলনৰ পৰ্যায় বৰ্তমানে চলি থকাৰ বাবে
অাধুনিক কবিতাৰ নিৰ্মানশৈলী অাৰু ভাৱৰ গভীৰতাৰ দিশত  সম্পূৰ্ণ পৰিপক্কতা লাভ কৰিব পাৰিছে বুলি এতিয়াই কৈ দিব নোৱাৰি|কিন্তু  নিৰলস অনুশীলন,চৰ্চা অাৰু অধ্যয়নে তেওঁলোকক নি:সন্দেহে ভৱিষ্যতে অাৰু বহুদূৰ বাট অাগুৱাই লৈ যাব।দিহিংপৰীয়া এই নতুন প্ৰজন্মৰ কবিসকলৰ প্ৰতি অামি খুবেই অাশাবাদী|
                                                    (সমাপ্ত)
          
         
          


গিৰিশ কৰনাডৰ 'হায়াবদনা' আৰু নাৰী মনস্তত্বৰ জটিল চিত্ৰ


     গিৰিশ কৰনাডৰ 'হায়াবদনা' আৰু নাৰী-মনস্তত্বৰ জটিল চিত্ৰ
                                                                           -বীৰ্কে বি. থাপা
                                            
       প্ৰগতিশীল সাহিত্য আৰু অভিনয় জগতৰ এক বিপ্লৱী সত্তাৰ নাম গিৰিশ কৰনাড।নিজৰ অপূৰ্ব প্ৰতিভাৰে তেওঁ সুদীৰ্ঘ প্ৰায় চাৰিটা দশক ধৰি কন্নড় আৰু হিন্দী নাটক আৰু চলচিত্ৰ জগতত নিজকে এগৰাকী বলিষ্ঠ অভিনেতা,পৰিচালক তথা চিত্ৰনাট্য লেখক হিচাপে প্ৰতিষ্ঠা কৰাৰ উপৰিও সাহিত্য জগততো এগৰাকী প্ৰগতিশীল ধাৰাৰ বলিষ্ঠ  লেখক হিচাপে নিজৰ পৰিচয় যুগমীয়া কৰি থৈ গৈছিল।
       যোৱা 10 জুন 2019 চন তাৰিখে 81 বছৰ বয়সত মৃত্যুবৰণ কৰা গিৰিশ কৰনাডে কৰ্ণাটক আৰ্টচ কলেজৰ পৰা 1958 চনত গণিত আৰু পৰিসংখ্যা বিজ্ঞানত স্নাতক ডিগ্ৰী লোৱাৰ পাছত দৰ্শন,ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰাৰ উদ্দেশ্যে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যোৱা গিৰিশ কৰনাডে অধ্যয়ন সমাপ্ত কৰি অক্সফ'ৰ্ড ইউনিভাৰ্চিটি প্ৰেছত কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু তাত সাতবছৰ কাম কৰাৰ পাছত ভাৰতলৈ উভতি আহি নাট্যজগতৰ সৈতে জড়িত হৈ পৰিছিল। 1974/75 চনত তেওঁ Film and Television Institute of Indiaৰ  সঞ্চালক হিচাপে আৰু সংগীত নাটক একাডেমীৰ চেয়াৰমেন তথা 1987/88 চনত  চিকাগো বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপেও নিযুক্ত হৈছিল।
        কৰনাডে লিখা প্ৰথমখন নাটক আছিল1961 চনত লিখা ''যযাতি' নামৰ  নাটকখন।তাৰ পাছতে লিখিছিল 'টোঘলক' 1964 চনত।হায়াবদনা'  হৈছে গিৰিশ কৰনাডে 1971 চনত লিখা তেওঁৰ তৃতীয় আৰু সৰ্বাধিক জনপ্ৰিয় এখন  নাটক।এই কেইখন মাত্ৰ আৰম্ভণিহে,ইয়াৰ পাছত কৰনাডে তেওঁৰ জীৱন কালত আৰু অলেখ নাটক আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।তেওঁৰ নাটকসমূহ ভাৰতীয় বিভিন্ন ভাষালৈ তথা ইংৰাজী ভাষালৈয়ো অনুদিত হৈছে।
নাটকৰ উপৰিও তেওঁ কন্নড় আৰু হিন্দী চলচিত্ৰত অভিনয় কৰিও দুৰ্দান্ত অভিনয় প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।গিৰিশ কৰনাডে চাৰিবাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড ,1971 চনত 'বংশ বৃক্ষ' নামৰ কন্নড় ভাষাৰ ছবি এখনৰ বাবে  National Film Award for Best Direction ৰ পুৰস্কাৰ,কন্নড় ভাষাত ৰচিত 'নাগ-মণ্ডল' নামৰ নাটকখনৰ বাবে 1989 চনত  কৰ্ণাটক সাহিত্য একাডেমী বঁটা,1998 চনত জ্ঞানপীঠ বঁটা আদি লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী আৰু পদ্মভূষন বঁটাৰেও বিভূষিত কৰিছিল।গিৰিশ কৰনাড আছিল প্ৰগতিশীল চিন্তাৰ বাৰ্তাবাহক এজন অতি নিৰ্ভীক লেখক আৰু সমালোচক।ধৰ্মীয় মৌলবাদক তেওঁ চোকা ভাষাৰে সমালোচনা কৰিছিল আৰু সাম্প্ৰদায়িকতাৰ উৰ্ধত তেওঁ এখন ধৰ্মহীন সমাজ গঢ়াৰ সপোন দেখিছিল।তথাকথিত 'হিন্দুত্ববাদ ' তথা 1992 চনত সংঘটিত হোৱা  বাবৰি মচজিদ ধ্বংসৰ তেওঁ তীব্ৰ সমালোচনা কৰিছিল।
         গিৰিশ কৰনাডৰ ' হায়াবদনা' এখন অতি চিন্তাকৰ্ষক নাটক।নাটকখন প্ৰথমে তেওঁ কন্নড় ভাষাত লিখিছিল আৰু পাছত ইংৰাজীলৈ অনুবাদ কৰিছিল ।হায়াবদনা শব্দৰ অৰ্থ হৈছে-ঘোঁৰাৰ দৰে শৰীৰ।1971 চনত প্ৰকাশিত এইখন নাটকৰ থিমটো(Theme)তেওঁ গ্ৰহণ কৰিছিল টমাচ মানৰ বিখ্যাত  The Transposed Heads নামৰ উপন্যাস এখনৰ পৰা। টমাচ মানে থিমটো লৈছিল 'কথাচৰিত সাগৰ'নামৰ সংস্কৃত গ্ৰন্থখনৰ পৰা।
নাটকখনৰ জৰিয়তে গিৰিশ কৰনাডে নাৰী মনস্তত্বৰ এটা গোপন সত্য প্ৰকাশ কৰাৰ লগতে শৰীৰ আৰু মনৰ সম্পৰ্কক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে।
         নাটকখন দুটা অংকত বিভক্ত।প্ৰথম অংকৰ আৰম্ভণিতে দেখা যায়-দেৱতা গণেশৰ উপাসনা।এই উপাসনাৰ পাছতে পূজাৰী ভাগৱতৰ মঞ্চত প্ৰৱেশ ।ভাগৱতেই নাটকৰ সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে।তেওঁ দেৱদত্ত আৰু কপিলা নামৰ দুজন অন্তৰংগ বন্ধুৰ এটা অতি হৃদয়স্পৰ্শী কাহিনী আৰম্ভ কৰিছে।কিন্তু কাহিনী আৰম্ভ হ'বলৈ লওঁতেই নেপথ্যৰ পৰা মানুহ এজন প্ৰায় ল'ৰি অহাদি  ভাগৱতৰ কাষলৈ আহিছে।তেওঁক দেখিলেই ধৰিব পাৰি যে কিবা কথাত তেওঁ  ভীতিগ্ৰস্ত হৈ পৰিছে।তেওঁ ভাগৱতক কৈছে যে ক্ষন্তেক পূৰ্বে তেওঁ শৌচ কৰি থাকোঁতে ঘোঁৰা এটাই মানুহৰ মাতেৰে তেওঁক তাচ্ছিল্য কৰি আছিল।এই কথা শুনি ভাগৱত আচৰিত হ'ল।তেওঁ মানুহজনৰ  কথা বিশ্বাস কৰিব নোৱাৰিলে।ঘোঁৰা এটাই মানুহৰ দৰে মাত মাতিব,সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে?
         তেওঁলোকে এই বিষয়ে যুক্তি-তৰ্ক কৰি থাকোতে ঘোঁৰাটোৱে মঞ্চত প্ৰৱেশ কৰিছে।ঘোঁৰাটোৰ নাম হায়াবদনা।হায়াবদনাৰ মূৰটো মানুহৰ আৰু শৰীৰটো সাইলাথ ঘোঁৰাৰ দৰে। ভাগৱতে এই আচৰিত জীৱটোক দেখি আচৰিত হৈছে আৰু কৈছে এয়া নিশ্চয় কাৰোবাৰ অভিশাপৰ ফলত হোৱা।তেতিয়া হায়াবদনাই কৈছে যে,তাৰ মাক এগৰাকী ৰাজকুমাৰী আছিল।ৰাজকুমাৰীয়ে এটা ঘোঁৰাৰ প্ৰেমত পৰিছিল।পোন্ধৰ বছৰৰ তপস্যাৰ পাছত ঘোঁৰাটোৱে মানুহৰ শৰীৰ লাভ কৰিছিল আৰু আশা কৰিছিল যে ৰাজকুমাৰীয়ে এইবাৰ তেওঁৰ লগত বিয়া হ'বলৈ নিশ্চয় সন্মত হ'ব।কিন্তু ৰাজকুমাৰীয়ে  সেই প্ৰেমিকৰ মানৱ শৰীৰটো গ্ৰহণ কৰিব পৰা নাছিল।তেতিয়া তেওঁ ৰাজকুমাৰীক অভিশাপ দি ঘোঁৰালৈ পৰিণত কৰিছিল।ঘোঁৰালৈ ৰূপান্তৰিত হোৱাৰ পাছত ৰাজকুমাৰীয়ে এটি কেঁচুৱা জন্ম দিছিল।সেই কেঁচুৱাটিয়েই হায়াবদনা।এই কাহিনী শুনাৰ পাছত ভাগৱতে হায়াবদনাক কালীৰ মন্দিৰলৈ গৈ পূজা কৰিবলৈ উপদেশ দিছে।হায়াবদনা যোৱাৰ পাছতে ভাগৱতে মূল কাহিনী আৰম্ভ কৰিছে।
          দেৱদত্ত আৰু কপিলা দুয়ো অন্তৰংগ বন্ধু।দেৱদত্ত এজন কবি আৰু তেওঁ ভাৱৰ জগতত  বাস কৰে।জাতত তেওঁ ব্ৰাক্ষ্মন।তেওঁ সুন্দৰ,জ্ঞানী ,দয়ালু আৰু বুদ্ধিমান।আনফালে কপিলা দেখাত সুন্দৰ আৰু দেৱদত্তৰ দৰে জ্ঞানী,বুদ্ধিমান নহয় যদিও তেওঁৰ শাৰীৰিক গঠণ অত্যন্ত সুন্দৰ,কঠিন আৰু শক্তিশালী।জাতত তেওঁ ক্ষত্ৰিয়।মঞ্চত দেৱদত্ত চিন্তাক্লিষ্টভাৱে বহি আছে।তেওঁ পদ্মিনী নামৰ সুন্দৰী গাভৰু এজনীৰ প্ৰেমত পৰিছে ।কিন্ত এই কথা পদ্মিনীক ক'ব পৰা  নায়।তেনেতে তেওঁৰ অন্তৰংগ বন্ধু কপিলা তালৈ আহিছে আৰু তেওঁৰ চিন্তাৰ কাৰণ সুধিছে।দেৱদত্তৰ মুখেৰে তেওঁৰ প্ৰেমৰ কথা জানিব পাৰি কপিলাই পদ্মিনীৰ সন্ধানত যাত্ৰা কৰিছে ।।কপিলাই পদ্মিনীৰ সন্ধান লাভ কৰিছে আৰু দেৱদত্তৰ প্ৰেমৰ কথা তেওঁৰ আগত প্ৰকাশ কৰি দুয়োৰে বিয়া পাতি দিছে ।
         দেৱদত্ত আৰু পদ্মিনীৰ দাম্পত্য জীৱন আৰম্ভ হৈছে।দেৱদত্তৰ দৰে এজন জ্ঞানী,বুদ্ধিমান স্বামীক পাই পদ্মিনী সুখী হ'ল।তেওঁলোকৰ সংসাৰত কপিলাৰ সুসম্পৰ্ক পূৰ্বৰ দৰেই অটুত থাকিল।লাহে লাহে কপিলাৰ শাৰীৰিক গঠন আৰু সৌন্দৰ্যই পদ্মিনীক আকৰ্ষন কৰিবলৈ ধৰিলে।প্ৰকৃততে দেৱদত্তৰ শৰীৰে পদ্মিনীৰ কাম বাসনাক তৃপ্ত কৰিব পৰা নাছিল।সেয়ে পদ্মিনীয়ে কপিলাৰ শৰীৰটো পাবলৈ ব্যাকুল হৈ পৰিল।ফলত পদ্মিনী আৰু দেৱদত্তৰ সংসাৰত আউল লাগিবলৈ আৰম্ভ কৰিলে।দেৱদত্তয়ো পদ্মিনীৰ মনৰ দুৰ্বলতাৰ কথা লাহে লাহে জানিব পাৰিলে ।
         এদিন তিনিও একেলগে উজ্জয়নৰ মেলালৈ বুলি যাত্ৰা কৰিলে।বাটত কালীৰ মন্দিৰ এটা দেখি দেৱদত্তই  তেওঁৰ পত্নী পদ্মিনী আৰু বন্ধু কপিলাক বাটতে এৰি  মন্দিৰটোলৈ গ'ল সেৱা কৰিবলৈ। দেৱদত্তই  কালীদেৱীৰ মন্দিৰলৈ গৈ নিজৰ মূৰটো দেৱীৰ আগত কাটি পেলালে,কাৰণ তেওঁ পত্নী আৰু বন্ধু দুয়োকে গভীৰভাৱে ভাল পাইছিল।কাকো এৰি তেওঁ জীয়াই থাকিব নোৱাৰে।আনফালে বহুপৰলৈ দেৱদত্ত মন্দিৰৰ পৰা উভতি নহাত কপিলাই দেৱদত্তক বিচাৰি মন্দিৰ পালেগৈ আৰু মন্দিৰৰ ভিতৰত দেৱদত্তক শিৰচ্ছেদ অৱস্থাত তেজেৰে লুতুৰি-পুতুৰিকৈ পৰি থকা দেখা পালে।কপিলাৰ বাবেই দেৱদত্তই নিজৰ জীৱন আহুতি দিয়া বুলি জানি কপিলা অন্তৰ্দ্বন্দত ভূগিল আৰু নিজক তাৰ বাবে জগৰীয়া বুলি ভাৱি কপিলাইয়ো নিজৰ মূৰটো কাটি পেলালে। 
          কপিলাও বহু পৰলৈ উভতি নহাত এইবাৰ পদ্মিনী চিন্তিত হৈ পৰিল আৰু তেওঁলোকক বিচাৰি গৈ দুয়োকে মৃত অৱস্থাত দেখি দুখত মৰ্মাহত হৈ পৰিল।তেঁৱো নিজকে বলি দিবলৈ উদ্যত হ'ল।কিন্তু সেই সময়তে দেৱী কালী তাত আবিৰ্ভূত হ'ল আৰু পদ্মিনীক বাধা দিলে।দেৱীয়ে পদ্মিনীক ক'লে যে দেৱদত্ত আৰু কপিলাই   দেৱীৰ বাবে নিজক বলি দিয়া নাই,বলি দিছে কেৱল নিজৰ স্বাৰ্থৰ বাবে।তাৰ পাছতে দেৱীয়ে পদ্মিনীক ক'লে যে দুয়োৰে মূৰকেইটা পুনৰ শৰীৰত লগলগাই দিলেই তেওঁলোকে জীৱন ঘূৰাই পাব।সেইমতেই পদ্মিনীয়ে মূৰ কেইটা লগ লগাই দিলে।কিন্তু ভুলক্ৰমে(নে ইচ্ছাকৃতভাৱে?) দেৱদত্তৰ শৰীৰত কপিলাৰ মূৰ আৰু কপিলাৰ শৰীৰত দেৱদত্তৰ মূৰটোহে লাগিল।
          দেৱদত্ত আৰ কপিলাই মানৱ জীৱন ঘূৰাই পালে,কিন্তু প্ৰশ্ন হ'ল এতিয়া পদ্মিনীৰ প্ৰকৃত স্বামী কোনজন? কপিলা নে দেৱদত্ত?কপিলাৰ মূৰটোৱে যুক্তি দেখুৱায় যে তেওঁৰ শৰীৰটোৱে পদ্মিনীৰ গৰ্ভত থকা সন্তানটিক  সৃষ্টি কৰিছে,দেৱদত্তৰ মূৰটোৱে যুক্তি দেখুৱায় যে শৰীৰৰ দায়িত্ব মূৰটোৰ ওপৰত থাকে ,গতিকে দেৱদত্তইহে পদ্মিনীৰ প্ৰকৃত স্বামী।এই প্ৰশ্নৰ সমিধান বিচাৰি তেওঁলোক এজন সন্যাসীৰ ওচৰলৈ গ'ল।তেতিয়া সন্যাসীজনে ক'লে যে দেৱদত্তৰ মূৰটো থকা শৰীৰটোৱেই পদ্মিনীৰ প্ৰকৃত স্বামী।পদ্মিনী আৰু দেৱদত্ত ঘৰলৈ আনন্দ মনেৰে উভতি আহিল।কিন্তু কপিলাই মনৰ আঘাতত অৰণ্যতে অকলশৰে থাকিবলৈ সিদ্ধান্ত কৰিলে।
         নাটকৰ দ্বিতীয়  অংকত দেখা যায়-কেইমাহমানৰ পাছত পদ্মিনীয়ে এটি সন্তান জন্ম দিছে।লাহে লহে দেৱদত্তৰ শৰীৰটো দুৰ্বল হৈ পৰিবলৈ ধৰিছে।এতিয়া দেৱদত্তই পূৰ্বৰ দৰে পদ্মিনীক শাৰীৰিক তৃপ্তি প্ৰদান কৰিব নোৱাৰা হ'ল।ফলত আকৌ আৰম্ভ হ'ল দুয়োৰে মাজত সাংসাৰিক কন্দল।
          এদিন পদ্মিনীয়ে কেঁচুৱাটিক লৈ কপিলাৰ ওচৰলৈ গৈছে আৰু তেওঁৰ সৈতে সহবাস কৰি অতৃপ্ত বাসনা পূৰ্ণ কৰিছে।দেৱদত্তই আহি পদ্মিনীক তাত দেখা পাই খঙত উন্মত্ত হৈ উঠিছে আৰু কপিলাৰ সৈতে তৰোৱাল যুদ্ধত অৱতীৰ্ণ হৈছে।যুদ্ধত দুয়োৰে মৃত্যু হৈছে।দেৱদত্ত আৰু কপিলাৰ মৃত্যু হোৱাত পদ্মিনীয়েও তেওঁলোকৰ চিতাত আত্মজাহ দিছে।আত্মজাহ দিয়াৰ পূৰ্বে পদ্মিনীয়ে নিজৰ সন্তানটিক ভাগৱতৰ হাতত তুলি দিছে।
          নাটকখনত উত্থাপিত এটা চিৰন্তন প্ৰশ্ন এয়ে যে নাৰীয়ে পুৰুষৰ মাজত কি বিচাৰে?পুৰুষৰ জ্ঞান,বুদ্ধিমত্তা,শান্ত-শিষ্ট স্বভাৱ নে শক্তিশালী,পেশীবহুল শৰীৰ?নাৰীক কিহে  তৃপ্ত কৰে-কেৱল প্ৰেমে নে যৌনতাই?চিৰন্তন এই প্ৰশ্নৰ সমিধান নাটকখনে যেন দিবলৈ চেষ্টা কৰিছে।'হায়াবদনা' নাটকত দেখা যায় কপিলাই গৈ পদ্মিনীক দেৱদত্তৰ গুণ বখানি বিবাহৰ প্ৰস্তাৱ দিয়াৰ লগে লগে পদ্মিনীয়ে দেৱদত্তৰ সৈতে বিয়া হ'বলৈ সন্মত হৈছে।কাৰণ প্ৰতিগৰাকী নাৰীয়েই বিচাৰে দেৱদত্তৰ দৰে জ্ঞানী, বুদ্ধিমান, সাহিত্য-সংস্কৃতিপ্ৰাণ,উদাৰ হৃদয়ৰ পুৰুষক নিজৰ স্বামী হিচাপে পাবলৈ।কিন্তু দেৱদত্তৰ সৈতে সাংসাৰিক জীৱন কটোৱাৰ পাছত পদ্মিনীয়ে উপলদ্ধি কৰিছে তেওঁ যেন দেৱদত্তৰ সৈতে সুখী হ'ব পৰা নাই।কাৰণ,পদ্মিনীৰ দৰে নাৰীৰ যৌনাকাংক্ষাক তৃপ্ত কৰাৰ শক্তি দেৱদত্তৰ নাই।যৌন-জীৱনত অসুখী পদ্মিনী লাহে লাহে আকৰ্ষিত হ'বলৈ ধৰে কপিলাৰ কঠিন,পেশীবহুল শৰীৰৰ প্ৰতি।এই কথাত দেৱদত্ত ঈৰ্ষান্বিত হৈছে,তীব্ৰ মানসিক যন্ত্ৰণা আৰু নীচাত্মিকাবোধত ভূগিছে।দেৱদত্তৰ মানসিক স্থিতিয়ে এনে এক ৰূপ লৈছেগৈ যে অৱশেষত দেৱী কালীৰ মূৰ্তিৰ আগত নিজক বলি দিছে।
      দেৱদত্তই কপিলাৰ শৰীৰ লাভ কৰাত পদ্মিনী সন্তুষ্ট হ'ল।কাৰণ তেওঁ সেয়াই বিচাৰিছিল-এজন পুৰুষত দেৱদত্তৰ দৰে জ্ঞানী,দয়াবান,কবিপ্ৰাণ,শান্ত-শিষ্ট ব্যক্তিক আৰু লগতে কপিলাৰ দৰেই কঠিন,পেশীবহুল শৰীৰ যি দিব পাৰে অপাৰ যৌন তৃপ্তি।কিন্তু নাটকখনত দেখুওৱা হৈছে যে খুব সোনকালেই দেৱদত্তৰ শৰীৰ পুনৰ আগৰ দৰেই নিশকটীয়া আৰু দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰিছে,কাৰণ দেৱদত্তৰ মন-মস্তিষ্কই কপিলাৰ সেই প্ৰকাণ্ড শৰীৰৰ বোজা বহন কৰিব পৰা নাই।মন-মস্তিষ্ক আৰু শৰীৰৰ মাজত যে এক প্ৰকাৰৰ ভাৰসাম্যতাৰ খুবেই প্ৰয়োজন-বৈজ্ঞানিকভাৱেও সত্য এই কথাষাৰকে নাটকখনত সুন্দৰ ৰূপত তুলি ধৰা হৈছে।আনফালে কপিলাই দেৱদত্তৰ দুৰ্বল ,নিশকটীয়া শৰীৰ পালেও কঠোৰ মেহনতেৰে তেওঁ  সেই শৰীৰক পুনৰ সুন্দৰ-সুঠাম আৰু পেশীবহুল কৰি তুলিছে।পদ্মিনীৰ অতৃপ্ত বাসনাই কপিলাৰ সেই শৰীৰৰ প্ৰতি আকৌ আকৰ্ষিত হৈছে আৰু তেওঁ কপিলাৰ সৈতে যৌন সম্ভোগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।কপিলাই এই কথাত মান্তি নোহোৱাত পদ্মিনীয়ে যুক্তি দৰ্শাই কৈছে যে কপিলাই তেওঁৰ সন্তানৰ প্ৰকৃত  আৰু ন্যায়সংগত পিতৃ।কাৰণ কপিলাই বহন কৰি থকা দেৱদত্তৰ শৰীৰৰ পৰা নিৰ্গত বীৰ্যৰ পৰাই পদ্মিনী গৰ্ভৱতী হৈছিল।পদ্মিনীৰ কাতৰ আহ্বান আৰু যোন -নিৱেদনক কপিলাই অনিচ্ছা সত্বেও উপেক্ষা কৰিব পৰা নাই আৰু  পদ্মিনীৰ সৈতে সংগমত লিপ্ত হৈছে।
       নাটকৰ শেষৰ ফালৰ দৃশ্যত দেখা যায়,তৰোৱাল যুদ্ধত অৱতীৰ্ণ হোৱা দেৱদত্ত আৰু কপিলা দুয়োৰে মৃত্যু হোৱাত পদ্মিনীয়েও অৱশেষত তেওঁলোকৰ চিতাতে আত্মজাহ দি মৃত্যুক আকোঁৱালী লৈছে।ইয়াৰ প্ৰতীকি তাৎপৰ্য এয়ে যে ইয়াৰ মাজেৰেও যেন নাট্যকাৰে প্ৰকাশ কৰিব বিচাৰিছে-নাৰী আৰু পুৰুষৰ সুষম সম্পৰ্ক অবিহনে জীৱন কেতিয়াও সম্পূৰ্ণ বা অৰ্থপূৰ্ণ হ'ব নোৱাৰে।ইয়াৰ পাছতে দেখা যায়-মঞ্চত হায়াবদনা নামৰ ঘোঁৰাটোৰ প্ৰৱেশ।ঘোঁৰাটোৱে ভাগৱতৰ কাষলৈ আহি মানুহৰ মাতেৰে কৈছে যে দেৱী কালীৰ আশীৰ্বাদত তেওঁ ঘোঁৰাৰ পূৰ্ণ শৰীৰ লাভ কৰিছে যদিও মাতটো মানুহৰ দৰেই হৈ আছে।এই বুলি কৈ ঘোঁৰাটোৱে মানুহৰ মাতেৰে ৰাষ্ট্ৰীয় সংগীত গাইছে।ঘোঁৰাটোৱে ৰাষ্ট্ৰীয় সংগীত গোৱা শুনি পদ্মিনীয়ে ভাগৱতৰ হাতত অৰ্পন কৰা কেঁচুৱাটিয়ে জোৰেৰে হাঁহিবলৈ ধৰিছে।কেঁচুৱাটিয়ে হঁহা দেখি ঘোঁৰাটোৱেও হাঁহে আৰু হাঁহোতে হাঁহোতে তাৰ মাতটো লাহে লাহে ঘোঁৰাৰ মাতলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছে।ইমানতে নাটকখনৰ সামৰণি ।হাঁহি আৰু আনন্দৰ মাজেৰেই নাটকখনিৰ সামৰণি যদিও দৰ্শকৰ মনত দেৱদত্ত,কপিলা আৰু পদ্মিনীৰ ত্ৰিকোণ প্ৰেমৰ কাহিনীয়ে এটা দুখৰ ছাঁ পেলাই থৈ যায়।দৰ্শকৰ মনত বাজি থাকে সেই এটাই চিৰন্তন প্ৰশ্ন -নাৰীয়ে প্ৰকৃততে কি বিচাৰে?মানুহ মানসিক আৰু শাৰীৰিকভাৱে পূৰ্নাংগ হ'ব পাৰেনে?অথবা নাৰী কেৱল এজন পুৰুষতে সন্তুষ্ট হৈ থাকিব পাৰেনে?
        গিৰিশ কৰনাডৰ নাটকসমূহৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল এই যে ইতিহাস আৰু আখ্যানৰ ভিত্তিত আধুনিক চিন্তা-দৰ্শনেৰে সমসাময়িক সমস্যাৱলীক লৈ তেওঁ নাটকসমূহ  ৰচনা কৰিছিল।'হায়াবদনা' ইয়াৰ উৎকৃষ্ট উদাহৰণ।একাদশ শতিকাত ৰচিত' কথাচৰিত সাগৰ'ৰ এটা কাহিনীক আধুনিক পৰিমণ্ডলত নতুনকৈ সজাই নাটকৰ ৰূপত তুলি ধৰাৰ লগে লগে অতৃপ্ত নাৰী মনস্তত্বৰ এটা জটিল দিশ উন্মোচিত কৰাতেই গিৰিশ কৰনাডৰ আধুনিক আৰু প্ৰগতিশীল চিন্তা-দৰ্শন আৰু নাট্য-প্ৰতিভাৰ অপূৰ্ব দক্ষতা প্ৰতিফলিত হৈ উঠিছে।(সমাপ্ত)


জ্যোতিপ্ৰসাদৰ শৈল্পিক মন আৰু বৈপ্লৱিক দৃষ্টি

      জ্যোতিপ্ৰসাদৰ শৈল্পিক মন আৰু বৈপ্লৱিক দৃষ্টি
                                                                          বীৰ্কে বি. থাপা
            জ্যোতি প্রসাদ মুলত: এগৰাকী শিল্পীমনৰ ৰূপান্তৰ ভাল পোৱা কবি।সেই অৰ্থত তেওঁৰ  জীৱনত শিল্প আৰু বিপ্লৱ অঙ্গাংগীভাৱে জড়িত হৈ থকা দেখিবলৈ পোৱা যায়।তেওঁ বিশ্বাস কৰিছিল-  'ৰূপান্তৰেহে  জগত ধুনীয়া কৰে।' জ্যোতি প্ৰসাদৰ এই শিল্পীমনৰ বাবেই জ্যোতি-দৰ্শনৰ বিচাৰক সকলৰ দৃষ্টিত, জ্যোতি প্ৰসাদৰ দৰ্শন কেতিয়াবা পাশ্চাত্যৰ মানৱতাবাদ আৰু গান্ধীবাদৰ ওপৰত প্রতিষ্ঠিত, কেতিয়াবা সামাবাদ অভিমুখী, কেতিয়াবা উগ্র জাতীয়তাবাদী, আকৌ কেতিয়াবা প্রগতিশীল হােৱা সত্বেও
কিঞ্চিৎ ভাববাদী। সি যি কি নহওক,জ্যোতি প্ৰসাদৰ সামগ্রিক জীৱন দর্শন,কর্মাদর্শ আৰু ৰচনাৱলীৰ ওপৰত সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰিলে জ্যোতি দর্শনৰ এটাই বৈশিষ্টা বিশেষভাৱে পৰিলক্ষিত হয়-সেয়া হৈছে ৰূপান্তৰৰ দৰ্শন। তেওঁৰ শিল্পীমনে ৰূপান্তৰৰ মাজেদি এনে এখন শিল্পীৰ পৃথিৱীৰ কামনা কৰিছিল য'ত সকলাে নীতিয়েই সাংস্কৃতিক হ'ব লাগিব।
            জ্যোতি প্ৰসাদৰ বৈপ্লৱিক মনে এক বিশেষ সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল। সংস্কৃতিৰ প্ৰসঙ্গত তেওঁ এফালে যেনেকৈ বিচাৰিছিল মানুহৰ অন্তর্জগতৰ পৰিৱর্তন তেনেকৈ তেওঁ মানুহৰ বহির্জগতত অন্তর্জগতৰ সবল আত্ম
প্রকাশো  কামনা কৰিছিল। আৰু এই দুটা বস্তুৰ বাবেই তেওঁ এফালে অন্তর্জগতৰ প্রয়ােজন অনুসৰি ভাৱবাদী দৰ্শনৰ উপাদান
সমুহক অাকুণ্ঠ চিত্তে যেনেদৰে স্বীকাৰ কৰিছিল, তেনেদৰে বহির্জগতৰ পৰিৱৰ্তনৰ বাবে সময় সাপেক্ষে দ্বন্দ্বাত্মক বস্তুবাদী
দৰ্শনৰ উপাদান সমূহকো সমানে গ্ৰহণ কৰিছিল। কিন্তু ভাৱবাদী হ'লেও তেওঁ অদৃষ্টবাদী, কর্মবিমুখ অথবা সমাজ উদাসীন নাছিল আৰু দ্বন্দ্বাত্মক বস্তুবাদী দর্শনত বিশ্বাসী হ'লেও অনীশ্বৰবাদী নাছিল।ধ্বংসাত্মক বা হিংসাত্মক বিপ্লৱক তেওঁ কেতিয়াও সঁহাৰি দিয়া নাছিল। 
           “শিল্পীৰ পৃথিৱী' নামৰ সুদীৰ্ঘ ৰচনাত (প্ৰকৃততে অভিভাষণ) জ্যোতি প্ৰসাদে লিখিছে ,মানুহ হৈছে সপােনক দিঠকলৈ পৰিণত কৰা শিল্পী।সেইহে মই মানুহ,মই শিল্পী ।আপােনালোক মানুহ- আপােনালােক প্রত্যেকজনেই শিল্পী।” মানৱৰ গােটই জীৱন বিকাশেই তেওঁৰ মতে সংস্কৃতিৰ অভিযান। আকৌ তেওঁ কৈছে যে,এক প্ৰকাৰৰ উচ্চ স্তৰৰ মানসিক আৰু সাংস্কৃতিক অৱস্থালৈ যাবলৈ মানুহে কৰা যত্নই হৈছে প্ৰগতি।এই প্রগতিৰ বাবেই প্ৰয়োজন বিপ্লৱৰ।
            জ্যোতিপ্ৰসাদৰ মতে,পৃথিৱীত সংস্কৃতি যেনেদৰে আছে তেনেদৰে  সংস্কৃতিৰ  বিপৰীতে দুস্কৃতিও আছে। দুস্কৃতি হৈছে  ‘পৃথিৱীৰ গৰ্ভত... আন্ধাৰৰ বলাৎকাৰৰ পৰা হােৱা কুসন্তান।' আনহাতে সংস্কৃতিৰ  প্রতীক শিল্পী হৈছে-'পৃথিৱীৰ গৰ্ভত পােহৰৰ চুমাত ওপজা পৃথিৱীৰ সুসন্তান।' মহাভাৰতৰ যুদ্ধক প্রতীকি অৰ্থত গ্রহণ কৰা জ্যোতি প্ৰসাদৰ মতে,' কুৰু -পাণ্ডৱৰ দৰে এই সন্তান (সংস্কৃতি আৰু দুষ্কৃতি) অৱশ্যেই সংঘাতলৈ আহিব আৰু শিল্পী অৰ্জুনটোৱে সংস্কৃতিৰ অর্থাৎ আগৰ যুগৰ ৰূপত প্রকাশিত হােৱা কৃষ্ণক  সাৰথি কৰি লৈ এই মীমাংসাৰ কুৰুক্ষেত্ৰত কোনােবা দিনা নামিবই লাগিব। ' শিল্পীৰ পথিৱী ' ত তেওঁ শিল্পীৰ ভূমিকাৰ কথা উল্লেখ কৰি কৈছে - ' যি জনতাই নিজৰ বুকুৰ তেজ দি যুগে যুগে দিও সংস্কৃতিক জীয়াই ৰাখি- দুস্কৃতিৰ পৰা সিয়েই সিহঁতৰ যাউতি যুগীয়া দুখ কষ্ট গুচাই জীৱনৰ হাঁহি ফুলাব বুলি বাট চাই আছে-আজি শিল্পী প্ৰথমেই সকলাে ভয়, দুর্বলতা, ভ্ৰান্তি গচকি খচকি সুকুমাৰ কলাৰ অস্ত্ৰ লৈ সেই দুৰ্ভগীয়াৰ মাজতেই  থিয় হ'বগৈ লাগিব- মােহমুক্ত  অৰ্জুন যেনেকৈ থিয় হৈছিল সংগ্রামৰ কাৰণে। '
             কিন্তু শিল্পীৰ পৃথিৱীত সকলাে নীতিয়েই যিদৰে সাংস্কৃতিক হ'ব লাগিব, তেনেদৰে কুৰু সদৃশ দুস্কৃতিৰ  বিৰুদ্ধে চলােৱা সমৰ নীতিও হ'ব লাগিব সাংস্কৃতিক ।সংস্কৃতিৰ এক ব্যাপক অর্থ আগত ৰাখিয়েই সেয়ে জ্যোতিপ্ৰসাদে এখন মানুহৰ সমাজ গঢ়ি তুলিব বিচাৰিছিল আৰু আশা পােষণ কৰিছিল -মানুহে যদি  ভিতৰৰ শিল্পী সত্বাক জগাই ৰাখি আগবাঢ়ি যাব পাৰে তেন্তে পৃথিৱী খন বাঞ্চিত পৃথিৱীলৈ ৰূপান্তৰিত হ'ব। 
            মানুহৰ আদিম অৱস্থাৰ পৰা বৰ্তমানলৈকে- তিনিটা দীঘলীয়া পৰিক্ৰমা। শিল্পীৰ পৃথিৱীৰ কথা কওঁতে জ্যোতি প্ৰসাদে মানুহৰ আদিম অৱস্থাতে পৰিলক্ষিত হােৱা সৌন্দর্যবােধৰ কথা ক'বলৈ পাহৰা নাই। আদিম অৱস্থাত মানুহে পশুৰ দৰে জীৱন ধাৰণ কৰিছিল।কিন্তু পশুতকৈ পৃথক মানুহৰ এটা নিজস্ব মন আছিল, সৌন্দর্যবোধ আছিল, শৈল্পিক চেতনা আছিল। গছৰ খােৰোঙত বা পৰ্বতৰ গুহাত বাস কৰিও আদিম মানৱে যিদিনাই প্রথমে বিভিন্ন আঁক-বাকেৰে থকা ঠাইডােখৰ ধুনীয়া কৰিবলৈ চেষ্টা কৰিলে বা হাতৰ অস্ত্ৰপাত মস্ৰিণ আৰু চকুত লগা  কৰি তুলিবলৈ প্রয়াস কৰিলে- সিদিনাই পৃথিৱীত প্রথম সংস্কৃতিৰ জন্ম হ’ল। তাৰ পাছত আজিলৈকে সংস্কৃতিৰ এটা দীঘলীয়া পৰিক্ৰমা । এই দীঘলীয়া পৰিক্ৰমাত মানুহে আজি নিজৰ আৱশ্যকতাৰ সৈতে সৌন্দর্যক আৰু সৌন্দৰ্যৰ মাজেদি সংস্কৃতিক একেলগ কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু জ্যোতি প্ৰসাদৰ দৃষ্টিত আজিও আমাৰ শিল্পীৰূপে পূর্ণ প্রকাশ পাব পৰা সংস্কৃতিৰ সম্পূৰ্ণ বিকাশ হোৱা নাই।
            আমাৰ অন্তৰ-সংস্কৃতি আজিও অসম্পূর্ণ। ইয়াৰ মূলতে হ’ল মানুহৰ অন্তর্জগতত লুকাই থকা শিল্পী সত্বাৰ পূর্ণ প্রকাশ আৰু বিকাশ নােহােৱাটো আৰু দ্বিতীয়তে মানুহৰ এই আত্ম- অসচেতনতাৰ সুযােগ লৈ দুষ্কৃতিয়ে চলােৱা পূর্ণ আধিপত্য। প্রকৃততে, মানুহৰ সমস্ত বাস্তৱ  জীৱনটোৱেই মানুহৰ অন্তৰখনৰে অবিকল প্রতিচ্ছবি। জ্যোতি প্ৰসাদৰ দৃষ্টিত মানুহৰ মনৰ ভিতৰত লুকাই থকা সৌন্দর্যই মানুহৰ হাতৰ আঙুলিৰ মূৰেদি ওলাই গৈ বিভিন্ন সঁজুলি, হাথিয়াৰৰ যােগেদি মানৱ সৃষ্ট বিভিন্ন সামগ্রীত আত্ম প্রকাশ কৰে। জীৱনত সৌন্দর্যৰ এই সু-প্রয়ােগেই হৈছে সংস্কৃতি।গতিকে আজি মানুহ শিল্পীয়ে এফালে অন্তৰ- সংস্কৃতিৰ হৃদিক আৰু মানসিক, আৰু আনফালে এই অন্তৰ- সংস্কৃতি প্রতিফলিত হােৱা বস্তু সংস্কৃতি দুয়ােটাকে সমানে গ্ৰহণ কৰিব পাৰিব লাগিব। দুয়ােটাৰ সুসমন্বয়তে জীৱনে পূর্ণতা লাভ কৰে। কেৱল অন্তৰ- সংস্কৃতিক আঁকোৱালী লৈ হিমালয়ত সন্যাসী হৈ ঘূৰি ফুৰা বা কেৱল বহিঃ সংস্কৃতিক আঁকোৱালী লৈ বস্তুবাদী জীৱন নির্বাহ কৰাৰাে কোনাে সাৰ্থকতা থাকিব নোৱাৰে।
            বস্তুবাদী জীৱন ধাৰাৰ ফলস্বৰূপে পাশ্চাত্যত গা- কৰি উঠা সাম্রাজ্যবাদ আৰু ধনতন্ত্ৰবাদ --এই দুয়োটা বাদকে জ্যোতিপ্ৰসাদে ‘পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ ৰূপত ছদ্মবেশী দুস্কৃতিৰ পূৰ্ণ ৰূপ বুলি উল্লেখ কৰিছে। তেওঁৰ মতে এই দুই শক্তিক পৃথিৱীৰ পৰা উচ্ছেদ কৰি পৃথিৱীত শান্তি আৰু সংস্কৃতি স্থাপন কৰিবলৈ হ'লে এক ব্যাপক গণ-বিপ্লৱৰ প্ৰয়ােজন হ'ব। এটা মহান সাংস্কৃতিক অৱস্থা সমাজলৈ অনাটোৱেই তেওঁৰ মতে প্রকৃত বিপ্লৱৰ উদ্দেশ্য। কৃষ্ণৰূপী ধাৰণাটোক তেওঁ এক বিশেষ প্রতীকি অৰ্থত গ্রহণ কৰাৰ মূলতেও আছিল এই বিশ্বাস।সেইবাবেই গান্ধীজীৰ অহিংস নীতিত গভীৰ বিশ্বাস ৰাখিও জ্যোতিপ্ৰসাদে দুস্কৃতিক নাশিবলৈ কৃষ্ণৰ দৰে   হাতত অস্ত্ৰ তুলি লোৱাৰ পোষকতাও কৰা পৰিলক্ষিত হয়।
           কৃষ্ণৰূপী ধাৰণাটোক জ্যোতিপ্রসাদে  ভাৰতীয় সংস্কৃতিৰ প্ৰতীকৰূপে গ্রহণ কৰিছিল। তেওঁৰ মতে, ভাৰতত সত্য,ত্রেতা যুগ পাৰ হৈ দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধাৰণ কৰিছিল--সেই ৰূপটোৱেই হৈছে কৃষ্ণ ।প্রাচীন ভাৰতৰ আৰ্যীয় প্রাণে বিশ্ব জগত আৰু মানুহৰ জীৱন সম্পৰ্কে উপলদ্ধি কৰা সত্যই হৈছে কৃষ্ণ বুলি তেওঁ উল্লেখ কৰি 'কৃষ্ণ সংস্কৃতি'ৰ বাখ্যা প্ৰসংগত লিখিছে যে আৰ্যৰ বেদ-বেদান্ত-উপনিষদৰ চিন্তা-জ্ঞান-ধ্যান,মানৱ প্ৰকৃতিৰ বিষয়ে অভ্ৰান্ত সুগভীৰ অভিজ্ঞতা,জাগতিক সকলাে বিষয়ৰেই হেজাৰ বছৰ ধৰা নিৰ্ভুল অভিজ্ঞতাৰ পৰা হোৱা চূড়ান্ত  সিদ্ধান্তই হৈছে কৃষ্ণ। ' গতিকে এই কথা স্পষ্ট যে কৃষ্ণ চৰিত্ৰত নিহিত হৈ থকা উপনিষদীয় যি সনাতন সত্য তাক জ্যোতিপ্ৰসাদেও বিনাদ্বিধাই স্বীকাৰ কৰি লৈছে। কৃষ্ণৰ ভূৱন ভোলােৱা বাঁহীৰ সুৰটিক তেওঁ যেনেকৈ গ্ৰহণ কৰিছে, কৃষ্ণৰ সুদর্শন চক্ৰকো তেনেকৈ গ্ৰহণ কৰিছে। জ্যোতিপ্ৰসাদে এই প্রসংগত উল্লেখ কৰিছে যে কৃষ্ণৰ জীৱনেই এই পৃথিৱীৰ মানৱ জীৱনৰ বিষয়ে সনাতন সত্য হৈ আছে। কৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৱলীৰ প্ৰতীকি অর্থও জ্যোতিপ্ৰসাদে দাঙি ধৰিছে। অৱশ্যে এই কথাও সত্য যে, উপনিষদৰ মনীষাই কৃষ্ণকেই  মানৱ সংস্কৃতিৰ চূড়ান্ত সত্য বুলি ক'লেও জ্যোতিপ্রসাদেও বিশ্বাস কৰে যে পৃথিৱীত সনাতন সত্য বুলি কোনাে সত্য নাই। সাম্যবাদী দার্শনিকসকলে কোৱাৰ দৰে জ্যোতি প্ৰসাদেও বিশ্বাস কৰিছিল-বেলেগ বেলেগ অৱস্থাত সত্যৰো বেলেগ বেলেগ প্রকাশ। সেই বাবেই যুগে  যুগে আৰু সময় সাপেক্ষে কৃষ্ণই বিভিন্ন ৰূপ ধাৰণ কৰে। শিল্পী ৰূপে কৃষ্ণৰ
জীৱনৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰিব পৰাতেই মানুহৰ জীৱনৰ সার্থকতা। অর্থাৎ মানুহৰ পূর্ণ জীৱন শিল্পী ৰূপতহে (কৃষ্ণ)
প্রকাশ পাব লাগিব। 
           জ্যোতিপ্ৰসাদৰ মতে, বিপ্লৱ হৈছে শিল্পৰ মুক্তিৰ পথ। বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক, সৰব বা নীৰৱ হ'ব পাৰে। কিন্তু বিপ্লৱৰ অৰ্থ ধ্বংস নহয়-বৰঞ্চ  সৃষ্টিহে। তেওঁৰ মতে, সমাজত প্রকৃত সাংস্কৃতিক জীৱনৰ বিকাশ ঘটাবলৈ হ'লে সেই সমাজৰ ভিতৰত থকা সংস্কৃতিবিৰােধী সমস্যাবোৰ প্ৰথমে  সমাধান কৰিব লাগিব। মানুহৰ স্বাৰ্থপৰতা, লােভ, সংকীর্ণতা আৰু ক্ষমতা লিপ্সুতাৰ পৰা উদ্ভৱ হােৱা মানৱ সমাজৰ নানা দোষ আঁতৰ কৰিব লাগিব। এইবােৰক আঁতৰ কৰিবলৈ মানুহৰ প্ৰতিৰােধ আৰু সংঘাতমূলক অভিযানেই হৈছে বিপ্লৱ।
          জ্যোতিপ্ৰসাদৰ বিপ্লৱ বিজড়িত ৰাজনৈতিক আৰু সামাজিক আদৰ্শৰ অন্তৰালত অহৰহ ক্রিয়া কৰি আছিল তেওঁৰ সদা জাগ্রত শিল্পী মনটোৱে। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে  ৰূপান্তৰেহে জগত ধুনীয়া কৰে। তেওঁৰ এই ৰূপান্তৰ প্রেমী বৈপ্লৱীক দৃষ্টি সম্প্রসাৰিত হৈছে তেওঁৰ সমস্ত কর্ম আৰু ৰচনা ৰাজীলৈ।উদাহৰণস্বৰূপে 'সুন্দৰ কোঁৱৰ'ৰ দৰে বিপ্লৱী মনীষাৰ প্ৰতীক স্বৰূপ চৰিত্ৰত আৰােপিত হৈছে সৌন্দর্য পীপাসু আৰু যুক্তিবাদত বিশ্বাসী মন তথা সামাজিক স্থিতাৱস্থা আৰু প্ৰতিক্রিয়াশীলতাৰ বিৰুদ্ধে এক সবল মনােভাৱ। সেইদৰে 
' লভিতা' 'ৰ দৰে চৰিত্ৰ সৃষ্টিৰ মাজেদি প্ৰবল দেশ -প্ৰেমৰ ভাৱনাক উদ্দীপ্ত ৰূপত দাঙি ধৰাৰ জৰিয়তে জ্যোতিপ্ৰসাদে প্ৰকৃততে নিজৰেই শৈল্পিক আৰু বৈপ্লৱিক সত্ত্বাক প্ৰকাশ কৰিছিল। তেওঁৰ প্রাণত উজ্জীৱিত হৈ থকা  শৈল্পিক চিন্তা-ধাৰাৰ সৈতে বিপ্লৱৰ অংগাঙ্গী সম্পৰ্ক থকা হেতুকে সেই দ্বৈত প্রেৰণাৰ মাজত কোনো কালে কোনে  বিৰােধ নাছিল।(সমাপ্ত)




দলিত সমাজ আৰু আম্বেদকাৰৰ সপোনৰ ভাৰত

দলিত সমাজ আৰু আম্বেদকাৰৰ সপোনৰ ভাৰত
                                                                       -- বীৰ্কে বি. থাপা

          আমাৰ সমাজত অস্পৃশ্যতা এক অভিশাপ স্বৰূপ।নিম্ন বৰ্ণৰ লোকসকলক সমাজত হেয় আৰু অস্পৃশ্য জ্ঞান কৰি পূজা-পাতল,উৎসৱ-পাৰ্বণ,শিক্ষা-দীক্ষা,কৰ্মস্থান আদি সকলোতে উচ্চ বৰ্ণৰ সমাজত তেওঁলোকক আঁতৰাই ৰখাটো ৰক্ষণশীল সমাজৰ পুৰনি নিয়ম।
          নিম্ন বৰ্ণৰ ওপৰত যুগে যুগে চলি অহা অবৰ্ণনীয় অত্যাচাৰ-উৎপীড়নৰ বাস্তৱ চিত্ৰ অংকন কৰি হিন্দী সাহিত্যৰ বিখ্যাত লেখক মুঞ্চি প্ৰেমচাঁদে অলেখ গল্প আৰু উপন্যাস ৰচনা কৰিছে।উদাহৰণ স্বৰূপে গোদান,ঠাকুৰ কা কুঁৱা,কফন আদি গল্প,উপন্যাসৰ কথা উল্লেখ কৰিব পাৰি।এই গল্প-উপন্যাসসমূহৰ জৰিয়তে প্ৰেমচাঁদে উচ্চ জাতৰ ঠাকুৰ-জমিদাৰসকলে সমাজৰ নিম্নবৰ্ণৰ লোকসকলৰ ওপৰত চলাই অহা অমানুষিক অত্যাচাৰ বৰ্ণনা কৰাৰ লগতে হিন্দু সমাজত প্ৰচলিত বৰ্ণ বিভেদ নীতিৰো তীব্ৰ বিৰুধীতা কৰিছে।আজিৰ দিনতো যে এনে অস্পৃশ্যতা বিৰাজমান সেয়া কাকতে-পত্ৰই প্ৰকাশ পাই থকা ঘটনাৱলীৰ পৰাই প্ৰমান হয়।অলপতে চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটি ভিডিঅ'ৰ কথা নিশ্চয় বহুতৰে মনত আছে ।উত্তৰ প্ৰদেশৰ ভিতৰুৱা কোনোবা এখন গাঁৱত ঠাকুৰৰ ঘৰত কাম কৰা নিম্নবৰ্ণৰ যুৱক এজনে বিয়া পতাৰ বাবে দুদিনমান কামলৈ নহাৰ অপৰাধত
উচ্চবৰ্ণৰ মানুহবোৰে গৈ যুৱকজনক  মাৰধৰ কৰাৰ উপৰিও  দুয়োকে সম্পূৰ্ণ উলংগ কৰি যুৱকৰ কান্ধত তেওঁৰ নৱবিবাহিতা পত্নীক বহুৱাই আলিবাটেদি খোজ কঢ়াই লৈ গ'ল।যুৱকজন ভাগৰি খোজ কাঢ়িব নোৱাৰাত পত্নীৰ কান্ধত যুৱকজনক বহুৱাই খোজ কাঢ়িবলৈ বাধ্য কৰালে।অমানুষিক এই ঘটনাৰ পাছতে লাজ আৰু অপমান সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে পাছত আত্মহত্যা কৰে।চ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া ক'ব নোৱাৰোঁ,কিন্তু অত্যন্ত পৰিতাপৰ কথা যে আজিৰ যুগতো মানুহে এনে অমানৱীয় কাৰ্য কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰা কথাটো অত্যন্ত চিন্তনীয়।
         2011 চনৰ লোকপিয়ল মতে,ভাৰতবৰ্ষত দলিত শ্ৰেণীৰ লোকৰ সংখ্যা আছিল প্ৰায় বিশ কোটি,সৰ্বমুঠ জনসংখ্যাৰ 16 শতাংশ । 1935 চনৰ আগলৈকে বৃটিছৰ শাসনৰ সময়ছোৱাত সমাজত অস্পৃশ্যৰূপে পৰিগণিত শূদ্ৰ বৰ্ণৰ লোকসকলক বুজাবলৈ 'দলিত" শব্দ ব্যৱহাৰ কৰা হৈছিল।বৃটিছসকলে তেওঁলোকক Depressed class বুলি উল্লেখ কৰিছিল।
পাছত আম্বেদকাৰে ' দলিত ' শব্দটো অধিক জনপ্ৰিয় কৰি তুলিছিল।উল্লেখযোগ্য যে 'দলিত' বুলি কওঁতে তেওঁ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো নিৰ্যাতিত শ্ৰেণীৰ লোককে সামৰি লৈছিল।সেই অৰ্থত আম্বেদকাৰে গঠন কৰা Labour Partyত সমাজৰ পিছপৰা অনুন্নত শ্ৰেণীৰ লোকসকলৰ লগতে মহিলা আৰু কৃষকসকলকো অন্তৰ্ভূক্ত কৰিছিল।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত নিৰ্মান কৰা  সংবিধানত ' দলিত ' শব্দৰ পৰিৱৰ্তে অনুসূচীত জাতি (Schedule Caste)  শব্দ ব্যৱহাৰ কৰা হয়।
       দলিত শ্ৰেণীৰ লোকসকলৰ হকে আজীৱন সংগ্ৰাম কৰি যোৱা ড:ভীমৰাও আম্বেদকাৰ (1891-  1956)ৰ  প্ৰচেষ্টাতে আৰম্ভ হৈছিল উচ্চ বৰ্ণ হিন্দুৰ হাতত যুগ যুগ ধৰি অন্যায় আৰু অবিচাৰৰ বলি হোৱা ভাৰতবৰ্ষৰ দলিত বা অস্পৃশ্যসকলৰ মুক্তিৰ আন্দোলন। দলিতসকলৰ ত্ৰাণকৰ্তা স্বৰূপে আগবাঢ়ি অহা  আম্বেদকাৰ প্ৰকৃততে নিজেও আছিল মহাৰাষ্ট্ৰৰ হিন্দু মাৰাঠি সম্প্ৰদায়ৰ নিম্নবৰ্ণৰ লোক।তেওঁলোক আছিল মহৰ সম্প্ৰদায়ৰ যাক শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন আৰু অস্পৃশ্য বুলি গণ্য কৰা হৈছিল।
        সমাজত অস্পৃশ্য হিচাপে পৰিগণিত হোৱা হেতুকে ল'ৰালি কালত আম্বেদকাৰে উচ্চ বৰ্ণৰ  হিন্দু শিক্ষকসকলৰ দ্বাৰা অবৰ্ণনীয় নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল।তেওঁক শ্ৰেণীকোঠাৰ ভিতৰত উচ্চ বৰ্ণৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে বহিবলৈ দিয়া নহৈছিল।ঘৰৰ পৰা নিয়া আলু-পিয়াঁজৰ বস্তা পাৰি তেওঁ পৃথকে বহি পঢ়িবলগীয়া হৈছিল।বিদ্যালয়ত পঢ়ি থকা কালত পানী খাওঁতে উচ্চ বৰ্ণৰ পিয়ন এজনে ওপৰৰ পৰা পানী বাকি দিছিল যাতে পাত্ৰটোত অস্পৃশ্যসকলৰ হাত নালাগে।পিয়নজন নহা দিনা আম্বেদকাৰে দিনটো পানী নোখোৱাকৈয়ে থাকিবলগীয়া হৈছিল।তেনে অৱস্থাৰ মাজতো নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ বলত তেওঁ অধ্যয়ন কৰি প্ৰখৰ মস্তিষ্ক আৰু মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
        1906 চনত মাথোঁ পোন্ধৰ বছৰ বয়সত আম্বেদকাৰে পৰম্পৰাগত নিয়মানুসৰি নবছৰীয়া ৰামাবাইক বিয়া কৰায়।তাৰ পাছতো তেওঁ অধ্যয়নত ব্ৰতী হৈ থাকি মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পুনৰ এম.এ আৰু পি.এইচ.ডি. তথা লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা ক্ৰমে এম.এচ.চি আৰু ডি.এচ.চি, গ্ৰেইজ ইনৰ পৰা আইনৰ ডিগ্ৰী অৰ্জন কৰিছিল।জীৱনৰ প্ৰথমছোৱা কালত আম্বেদকাৰে এগৰাকী অৰ্থনীতিবিদ,অধ্যাপক আৰু বেৰিষ্টাৰ হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল যদিও পৰৱৰ্তী কালত তেওঁ ৰাজনীতিৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল ।ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ উপৰিও তেওঁ দলিতসকলৰ স্বাধীনতা আৰু অধিকাৰৰ বাবেও  সংগ্ৰাম কৰি গৈছিল।উল্লেখযোগ্য যে ,আম্বেদকাৰে 1918 চনত মোম্বাইৰ এখন কলেজত ৰাজনৈতিক অৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি চাকৰি কৰি থকা কালতো সেই কলেজৰ অন্যন্য সহ: শিক্ষকসকলৰ মানসিকতাত তেওঁৰ প্ৰতি থকা অস্পৃশ্যতাৰ ভাৱনাক প্ৰত্যক্ষ কৰিছিল।এনেধৰণৰ কথাবোৰক লৈ তেওঁ চিন্তিত হৈছিল আৰু দলিত আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ন্যায়ৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল।1920 চনত তেওঁ সেই উদ্দেশ্যে মোম্বাইৰ পৰা 'মূক নায়ক' নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশৰ কাম আৰম্ভ কৰিছিল।পৰৱৰ্তী কালতো তেওঁ দলিতসকলৰ অধিকাৰ ৰক্ষাৰ বাবে 'বহিস্কৃত ভাৰত', 'সমতা', 'জনতা','প্ৰবুদ্ধ ভাৰত' আদি কেইবাখনো কাকত প্ৰকাশ কৰিছিল।তেওঁ মোম্বাই উচ্চ ন্যায়ালয়ত উকালতি কৰি থকা অৱস্থাতো দলিত আৰু অস্পৃশ্যসকলৰ শিক্ষাৰ প্ৰগতিৰ হকে কাম কৰিবলৈ অহৰহ চেষ্টা কৰিছিল।
       1926 চনত প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগ দিয়া আম্বেদকাৰে 1927 চনত অস্পৃশ্যতাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিছিল। আৰু সমাজত জাতি-ভেদ প্ৰথা আৰু অস্পৃশ্যতাক উদগনি যোগোৱা গ্ৰন্থ  'মনুস্মৃতি'ক  হাজাৰ হাজাৰ দলিতক লগত লৈ 25 ডিচেম্বৰ তাৰিখে ৰাজহুৱাভাৱে দাহ কৰিছিল।তেওঁৰ জোৰ প্ৰচেষ্টাত  বৃটিছ চৰকাৰে 1932 চনত দলিত শ্ৰেণীৰ বাবে এটা সুকীয়া নিৰ্বাচক মণ্ডলী গঠন কৰি দিয়াৰ কথা ঘোষনা কৰিবলৈ বাধ্য হৈছিল, কিন্তু  তেনে কাৰ্যই হিন্দুসকলক ভাগ ভাগ কৰিব বুলি সংশয় প্ৰকাশ কৰি মহাত্মা গান্ধীয়ে তাৰ বিৰুধীতা কৰিছিল।উল্লেখযোগ্য যে গান্ধীজীয়েও অস্পৃশ্যতাৰ বিৰুদ্ধে মাত মাতিছিল যদিও তেওঁৰ সৈতে আম্বেদকাৰৰ আদৰ্শগত সংঘাত বিভিন্ন দিশৰ পৰা আছিল।যি কি নহওক, পৰৱৰ্তীকালত কিন্তু আম্বেদকাৰে দলিতসকলৰ বাবে 148 টা আসন বিধান মণ্ডলীত লাভ কৰিবলৈ সক্ষম হৈছিল।দেশে স্বাধীনতা লাভ কৰাৰ পাছত ড: আম্বেদকাৰক ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়াৰ উপৰিও সংবিধান ৰচনাৰ দায়িত্বও অৰ্পন কৰা হয়।তেওঁ আছিল এগৰাকী বিশিষ্ট আইনবিদ,গতিকে ভাৰতবৰ্ষৰ সংবিধানখন লিখাৰ পূৰ্বে তেওঁ বিশ্বৰ প্ৰায় ষাঠীখন দেশৰ সংবিধান গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু জাত-পাত,উচ্চ-নীচৰ ভেদাভেদবিহীন এখন নতুন ভাৰত গঢ়াৰ লক্ষৰে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰিছিল।ধৰ্মীয় স্বাধীনতা, অস্পৃশ্যতা নিৰ্মূল আদিৰ জৰিয়তে দলিত সমাজৰ লোকসকলক তেওঁ সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছিল।তাৰোপৰি তেওঁ মহিলা আৰু শিশুৰ আৰ্থ-সামাজিক অধিকাৰ তথা অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে শিক্ষা-দীক্ষা,চৰকাৰী চাকৰি আদিত সংৰক্ষনৰ ব্যৱস্থা ৰখাৰ পৰামৰ্শ আগবঢ়াইছিল।
      কংগ্ৰেছ নেতৃতাধীন চৰকাৰৰ তেওঁ আছিল প্ৰথম কেন্দ্ৰীয় আইন মন্ত্ৰী।তাৰোপৰি তেওঁ দুবাৰকৈ (1952-1956 আৰু 1956-1962)ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু দলিত শ্ৰেণীৰ উন্নয়নৰ বাবে অহৰহ চেষ্টা কৰিছিল।বোম্বাইৰ বাসগৃহত তেওঁৰ যিটো গ্ৰন্থাগাৰ আছিল তাত প্ৰায় পঞ্চাশ হাজাৰ কিতাপৰ সংগ্ৰহ আছিল বুলি কোৱা হয়।তেওঁ লিখা অলেখ মূল্যবান গ্ৰন্থৰ ভিতৰত
 'Annihilation of Caste(1936) নামৰ গ্ৰন্থখন বিশেষ উল্লেখযোগ্য য'ত তেওঁ  হিন্দু সমাজত প্ৰচলিত জাতিভেদ প্ৰথাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।সেইদৰে Who were the Shudras নামৰ গ্ৰন্থত তেওঁ শূদ্ৰসকলৰ প্ৰকৃত পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰিছে।
       ভাৰতবৰ্ষৰ বাবে প্ৰস্তুত কৰা সংবিধানৰ জৰিয়তে ড: আম্বেদকাৰে সমতাপূৰ্ণ এখন নতুন ভাৰত গঢ়াৰ সপোন ৰচিছিল যদিও আম্বেদকাৰে লক্ষ কৰিছিল যে বৰ্ণ বৈষম্য বা জাতি ভেদ প্ৰথা ভাৰতীয় সমাজৰ এটা আতঁৰাব নোৱাৰা ব্যাধি।ধৰ্ম আৰু উচ্চ বৰ্ণৰ অহমিকাত এচাম মানুহে দলিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা অস্পৃশ্যতাৰ ভাৱনাক কেতিয়াও এৰিব নোৱাৰে।ফলত যুগে যুগে দলিতসকলৰ ওপৰত অন্যায়,অত্যাচাৰ উৎপীড়ন চলিয়েই থাকিব।দলিতসকলৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰিবলৈ হ'লে বৰ্ণবাদক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবই লাগিব।অকল সেয়ে নহয়,বৰ্ণবাদক প্ৰশ্ৰয় দিয়া ধৰ্মগ্ৰন্থসমূহকো আইনযোগে নিষিদ্ধ কৰাৰ পোষকতা তেওঁ কৰিছিল।আম্বেদকাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল যে সামাজিক মুক্তি অবিহনে ৰাজনৈতিক মুক্তি অৰ্থহীন, আৰু ইতিহাসৰ সকলোবোৰ ৰাজনৈতিক বিপ্লৱৰ পূৰ্বচৰ্ত হিচাপে পৰিলক্ষিত হয় একোটা সামাজিক বিপ্লৱ। গতিকে সমসাময়িক স্বাধীনতা আন্দোলনটো তেতিয়াহে সাৰ্থক হ'ব যদিহে সি ভাৰতৰ দলিত-নিপীড়িতসকললৈ সামাজিক মুক্তি কঢ়িয়াই আনিব পাৰে। কিন্তু জীৱিত কালত তেওঁ সেই সম্ভাৱনা কেতিয়াও দেখা নাছিল।
       1935 চনতে আম্বেদকাৰে স্বধর্ম ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।কিন্তু তাক কাৰ্যত: পৰিণত কৰিবলৈ তেওঁৰ বিশ বছৰ লাগিছিল ।লক্ষণীয় যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সংবিধান ৰচনা কৰাৰ দুৰ্লভ সুযোগ লাভ কৰা আম্বেদকাৰে দলিত/অনুসূচীত শ্ৰেণীৰ লোকসকলৰ সুৰক্ষাৰ বাবে সংবিধানত যথেষ্ট  ব্যৱস্থা ৰাখিছিল যদিও বাস্তৱ ক্ষেত্ৰত তেওঁ ইমানেই নিৰাশ হৈ পৰিছিল যে অৱশেষত 1956 চনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু নিজৰ লগতে তেওঁ কেইবালাখো দলিত লোককো বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল।
       ধৰ্মান্তৰিত হোৱাৰ পূৰ্বে আম্বেদকাৰে  বিভিন্ন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ যথেষ্ট অধ্যয়ন কৰিছিল আৰু বৌদ্ধ ধৰ্মতে দলিতসকলৰ মুক্তিৰ পথৰ সন্ধান পাইছিল ।তেওঁ কৈছিল-' মই বিশ্বাস কৰোঁ যে বৌদ্ধই হৈছে একমাত্র সঠিক ধর্ম, কাৰণ ইয়াৰ ভেটি হৈছে জ্ঞান, কৰুণা আৰু কর্তব্য–এই তিনি মূল নীতি ...'।বৌদ্ধ ধৰ্মৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ তেওঁ  ৰেংগুন, নেপাল, শ্ৰীলংকা আদিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বৌদ্ধ সন্মিলনসমূহত অংশ গ্ৰহণ কৰিছিল। বৌদ্ধ ধৰ্ম সম্পৰ্কত তেওঁ লিখিছিল-   "... I regard the Buddha's Dhamma  (Buddhism)   to be the best. No religion can be compared to it. If a modern man who knows science must have a religion, the only religion he can have is the Religion of the Buddha. This conviction has grown in me after thirty-five years of close study of all religions."— (The Buddha and His Dhamma).(সমাপ্ত)







    

অ' মোৰ সুৱদী মাত

 অ' মোৰ সুৱদী মাত....
                                                             -বীৰ্কে বি. থাপা

         মাতৃভাষা বুলি ক'লে সাধাৰণতে জন্মদাতৃ আইৰ মুখৰ  ভাষাকে বুজোঁ যাৰ দ্বাৰা আমি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ।কেৱল মনৰ ভাৱ প্ৰকাশ কৰিবলৈকে নহয়,চিন্তা কৰিবলৈয়ো আমাৰ ভাষাৰ প্ৰয়োজন হয়।চিন্তা নকৰাকৈ কোনো মানুহেই থাকিব নোৱাৰে।কিন্তু কি ভাষাৰে মানুহে চিন্তা কৰে?বহুতৰ  মতে,মৌন হৈ চিন্তা কৰি থকা মূহুৰ্তৎ মানুহৰ অন্তৰ্জগতত যি ভাষাই ক্ৰিয়া কৰি থাকে প্ৰকৃততে সেয়াই হৈছে মাতৃভাষা।মুখেৰে উচ্চাৰণ নকৰা পৰ্যন্ত অন্তৰ্জগতৰ এই ভাষা কেৱল 'চিন্তা' হৈ থাকে আৰু উচ্চাৰিত হ'লেই সি 'ভাষা' হৈ যায়।
         জন্মদাতৃ আইৰ মুখৰ ভাষাই মাতৃভাষা ,কিন্তু মন কৰিবলগীয়া যে এটি শিশুৰ জন্মদাতৃ আইৰ ৰ ভাষা যিয়েই নহওক কিয়,শিশুটিয়ে যি পৰিৱেশত ডাঙৰ-দীঘল হয় সেই পৰিৱেশ অনুসৰিয়েই শিশুৰ বৌদ্ধিক আৰু সাংস্কৃতিক মনোজগতে গঢ় লৈ উঠে তথা সেই পৰিৱেশৰ মাত-কথাতে শিশুটি  অভ্যস্ত হৈ পৰে।ৰবীন্দ্ৰ নাথ ঠাকুৰৰ 'গোৰা' নামৰ উপন্যাসখন যিসকলে পঢ়িছে,তেওঁলোকৰ নিশ্চয় মনত আছে যে  পিতৃ-মাতৃ  আইৰিছ হ'লেও গোৰা নামৰ শিশুটিয়ে জন্মৰ পাছতে মাক-দেউতাকক হেৰুৱাই বংগীয় ব্ৰাক্ষ্মন এজনৰ ঘৰত ডাঙৰ -দীঘল হৈছিল। তাত  সি সদায় শুনি থকা ভাষাটো আছিল বাংলা আৰু সেইবাবেই  সি  বাংলাভাষা সলসলীয়াকৈ ক'ব শিকিছিল। মাকৰ ভাষা আইৰিছ হ'লেও সি আইৰিছৰ পৰিৱৰ্তে বাংলাভাষাৰ জৰিয়তে মনৰ চিন্তা-ভাৱনা,আৱেগ-অনুভূতি আদি সকলো প্ৰকাশ কৰিছিল।এই ক্ষেত্ৰত তাৰ মাতৃভাষা কি হ'ব-আইৰিছ নে বাংলা?স্বাভাৱিকতে সেয়া এক জটিল প্ৰশ্ন।কিন্তু মানুহে যি ভাষাত অন্তৰ্জগতৰ চিন্তা-ভাৱনাবোৰ কৰে সেয়াই প্ৰকৃততে মাতৃভাষা বুলি ধৰি ল'লে বাংলা ভাষাকে গোৰাৰ মাতৃভাষা বুলি ক'ব লাগিব।কাৰণ এই ভাষাই গোৰাৰ সমস্ত চিন্তা-ভাৱনাক পৰিপুষ্টি যোগাইছিল,তাৰ বৌদ্ধিক আৰু সাংস্কৃতিক মনোজগতক গঢ় দিছিল।
         মাতৃভাষাক বাদ দি মানুহৰ পৰিচয়ৰ সকলো উপাদানেই পৰিৱৰ্তনীয়।অৰ্থাৎ বৃত্তি,ধৰ্ম,আদৰ্শ আদি সকলো সলনি হ'ব পাৰে,কিন্তু মাতৃভাষাক কোনেও সলনি কৰিব নোৱাৰে।মাতৃভাষাৰ জৰিয়তে মানুহে মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও নিজৰ চিন্তা-দৰ্শনৰ মাজেৰে সমাজক গতিশীল কৰি তুলে।এটা জাতি বা সমাজৰ প্ৰগতিৰ বাবে মাতৃভাষাই হৈছে মূল চালিকা শক্তি।যি জাতিৰ ভাষা নাই সেই জাতি ইতিহাসত নি:চিহ্ন হৈ যোৱা অলেখ উদাহৰণ আছে।এই কথাষাৰ গভীৰভাৱে উপলদ্ধি কৰিয়েই চেমুৱেল জনচনে (Samuel Johnson) কৈছিল-I am always sorry when any language is lost, because languages are the pedigrees of nations.
        মাতৃভাষাৰ তাৎপৰ্যৰ প্ৰসংগত আলফঞ্চ ড'ডে (Alphonse Daudet)  লিখা The Last Lesson' নামৰ গল্পটোৰ কথাই স্বাভাৱিকতে মনলৈ আহে।বিচমাৰ্কৰ নেতৃত্বত প্ৰুচিয়ান সৈন্যই 1870 চনত ফ্ৰাঞ্চৰ অধিনস্থ ল'ৰেইন আৰু আলচেক দখল কৰাৰ পাছত সেই দুখন ঠাইত ফৰাচী ভাষা আঁতৰাই জাৰ্মান ভাষা প্ৰচলন কৰিবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা এক হৃদয়স্পৰ্শী কাহিনীৰে ৰচিত হৈছে আলফঞ্চ ড'ডে (Alphonse Daudet) ৰ The Last Lesson নামৰ বিখ্যাত গল্পটি।গল্পটিত বৰ্ণিত এম হেমেল হৈছে বিদ্যালয় এখনত সুদীৰ্ঘ চল্লিশ বছৰ ধৰি কণ কণ শিশুসকলক ফৰাচী ভাষা পঢ়ুৱা এজন শিক্ষক।বাৰ্লিনৰ পৰা অহা নিৰ্দেশ অনুসৰি তেওঁ আৰু বিদ্যালয়খনত ফৰাচী শিকাব নোৱাৰিব।তেওঁৰ পৰিৱৰ্তে বিদ্যালয়খনত জাৰ্মান ভাষা শিকাবলৈ নতুন এজন শিক্ষক আহিব।নিজৰ দেশ ফ্ৰাঞ্চ আৰু মাতৃভাষা ফৰাচীৰ এনে দুৰ্দশাত এম হেমেলৰ হৃদয়ে উচুপি উঠিছে।শেষবাৰৰ বাবে বিদ্যালয়ত উপস্থিত হৈ তেওঁ ফৰাচী ভাষাৰ শিক্ষা দিবলৈ চেষ্টা কৰিছে।আজি যেন তেওঁ জনা সকলোবোৰ কথা একে কোবেই শিশুসকলক বুজাবলৈ চেষ্টা কৰিলে আৰু আশ্চৰ্যজনকভাৱে শিশুসকলেও যিবোৰ কথা ইমানদিনে টান পাইছিল সেইবোৰ সহজে বুজি পোৱা হ'ল।কাৰণ মাতৃভাষাক হেৰুৱাৰ বেদনা সিহঁতেও উপলদ্ধি কৰিছিল।মাতৃভাষাৰ তাৎপৰ্যৰ বিষয়ে শিক্ষকগৰাকীয়ে কৈছিল-when people are enslaved, as long as they hold fast to their language it is as if they had the key to their prison-অৰ্থাৎ  পৰাধীন অৱস্থাত মানুহে যেতিয়ালৈকে মাতৃভাষাক জীয়াই ৰাখে তেতিয়ালৈকে সেই মাতৃভাষাই তেওঁলোকৰ বন্দীশালৰ এপাত ছাবিৰ দৰে হৈ থাকে ।
         আজিৰ পৰা প্ৰায় ডেৰশ বছৰ পূৰ্বে আলফঞ্চ ড'ডে লিখা এই গল্পৰ যোগেদি লেখকে মাতৃভাষাৰ প্ৰতি সাধাৰণতে সকলোৱে প্ৰদৰ্শন কৰা অৱজ্ঞা আৰু বীতশ্ৰদ্ধ মনোভাৱৰ পৰিণতিৰ দৃশ্য বৰ হৃদয়বিদাৰকভাৱে অংকিত কৰিছে। গল্পটোৰ সৈতে আজি আমাৰ মাতৃভাষাৰ ওপৰত নামি অহা বিপৰ্যয়ৰ এক সামঞ্জস্য থকা পৰিলক্ষিত হয়।
       অসমীয়া  ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমন নতুন কথা নহয়।। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰে পৰা  অসমীয়া ভাষাৰ ওপৰত বাৰে বাৰে অনা-অসমীয়াৰ ভাষিক আগ্ৰাসন বা আক্ৰমণ চলি থকা পৰিলক্ষিত হৈছে।ইংৰাজৰ আমোলত অসমৰ অফিচ-কাছাৰী আদিত প্ৰথমে ইংৰাজী ভাষাৰ প্ৰচলন আৰু তাৰ পাছত মধ্যবিত্তীয় বঙালী লোকসকলৰ ষড়যন্ত্ৰত বঙলা ভাষাৰ প্ৰচলন কৰি অসমীয়া ভাষাৰ অস্তিত্ব নোহোৱা কৰিবলৈ অহৰহ চেষ্টা কৰা কাৰ্য সকলোৱে জানে।আনকি অফিচ-কাছাৰী আদিত কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে চৰকাৰী চাকৰি দিয়াৰ আইনো প্ৰৱৰ্তন কৰা হৈছিল যাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত নিজ সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ  মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু আৰু নিজৰ মাতৃভাষাক অৱমাননা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।1836 চনৰ পৰা 1873 চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি। সৌভাগ্যক্ৰমে অসমলৈ খৃষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আমেৰিকাৰ পৰা অহা মিছনেৰীসকলৰ প্ৰচেষ্টাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষা প্ৰচলন হৈছিল।
         1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল যদিও অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।1947 চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিলে।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গঢ়ি তোলা আন্দোলনক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।1948 চনত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলি জিন্নাই পূৱ আৰু পশ্চিম পাকিস্তানৰ বাবে প্ৰশাসনীয় ভাষা হিচাপে উৰ্দু ভাষাক বলবৎ কৰাৰ বিৰুদ্ধে বাংলাদেশত প্ৰতিবাদৰ জোৱাৰ উঠিল।পূৰ্বৰ পৰা চলি থকা বাংলা ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিয়াৰ প্ৰতিবাদত 1952 চনত সূচনা হোৱা ব্যাপক ধৰ্মঘট আৰু আন্দোলনকাৰীসকলৰ ওপৰত চলোৱা গুলিবৰ্ষণৰ ফলত বহু লোকৰ মৃত্যু ঘটাত পাকিস্তান চৰকাৰে ইতিমধ্যে জাৰি কৰা ঘোষণা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।ইফালে এই ঘটনাৰ আঠ বছৰৰ পাছত অসমতো 1960 চনত অসমীয়া ভাষাক চৰকাৰী ভাষালৈ উন্নীত কৰাৰ উদ্দেশ্যে আন্দোলনৰ সূচনা হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল জাঙুৰ খাই উঠিল আৰু আন্দোলন আৰম্ভ কৰিলে।এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষৰো সৃষ্টি হয়।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰে যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰটা ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন এনে তুংগত উঠিছিল যে পুলিচে গুলি চালনা কৰিবলৈ বাধ্য হৈছিল আৰু কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বাধ্যত পৰি  বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।ইয়াৰ পাছতো  অসমৰ ৰাইজে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে 1972 চনত পুনৰ মাধ্যম আন্দোলন কৰিবলগীয়া হৈছিল।আজি বিজেপি নেতৃত্বাধীন চৰকাৰে লাখ লাখ অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ যি নাগৰিকত্ব (সংশোধনী)আইন প্ৰৱৰ্তন কৰিছে তাৰ দ্বাৰা অসমীয়া ভাষাৰ ভাষিক অস্তিত্ব পুনৰ বিপন্ন হোৱাৰ আশংকাক নুই কৰিব নোৱাৰি।ইতিপূৰ্বে উল্লেখ কৰি অহাৰ দৰে  বৰাক উপত্যকাৰ বংগভাষীসকলে অসমীয়া ভাষাৰ ওপৰত চলোৱা আক্ৰমন তথা সংসদত 'কেব' গৃহিত নৌহওতেই সিদিনা পুনৰ বৰাক উপত্যকাৰ এজন তথাকথিত বংগভাষী নেতাই অসমৰ ৰাজ্যভাষা অসমীয়া নহয় বুলি দাবী কৰা আৰু বাংলাভাষাক অসমৰ ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ হুংকাৰ দিয়া ঘটনাবোৰৰ পৰা এই কথা ন-দি ক'ব নোৱাৰি যে অবৈধভাৱে নাগৰিকত্ব লাভ কৰা হিন্দু বাংলাদেশী লোকসকলে অসমীয়া ভাষালৈ সংকট কঢ়িয়াই নানিব।
        বিষয়টোৰ গুৰুত্বলৈ লক্ষ ৰাখি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যদিও এই কথাও সত্য যে পূৰ্বৰ তুলনাত এই প্ৰতিবাদ যথেষ্ট স্তিমিত হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ কাৰণ এয়ে যে কা-বিৰুধী আন্দোলনৰ প্ৰকৃত তাৎপৰ্য এতিয়াও বহুতে হৃদয়ংগম কৰা নাই।অথবা হৃদয়ংগম কৰিলেও তাক গুৰুত্ব দিয়া নাই।প্ৰকৃততে আলফঞ্চ ড'ডেৰ গল্পৰ দৰে আমি অধ্যয়ন কৰা পঢ়াশালীবোৰত কাইলৈ অসমীয়া ভাষা আঁতৰাই অন্য ভাষা বাধ্যতামূলক কৰিলে অথবা আমাৰ মুখৰ ভাষা কোনোবাই কাঢ়ি নিলে আমাৰ অৱস্থা কি হ'বগৈ সেয়া অনুমান কৰিব নোৱাৰাটোৱেই আমাৰ দোষ।
        কিন্তু আমি এই কথাও মনত ৰখা উচিত যে কেৱল নাগৰিকত্ব (সংশোধনী)আইনক প্ৰতিৰোধ কৰিব পাৰিলেই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা পৰিব বুলি ভৱাটো তেনেই ভুল।ভাষাটোক মনে-প্ৰাণে শুদ্ধকৈ ধৰি ৰাখিব নোৱাৰিলে সকলো মিছা।অসমীয়া ভাষা আৰু অসমৰ জাতি গঠন প্ৰক্ৰিয়াত যিহেতু অসমৰ বড়ো, কছাৰী, ৰাভা, দেউৰী,আহোম,মৰাণ-মটক, চিংফৌ,নক্টে,টাংচা,কাৰ্বি,আদি সকলোবোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অৱদান জড়িত হৈ আছে,গতিকে সকলোবোৰ জাতি-জনগোষ্ঠীৰ ভাষা-দোৱান আদিৰ সুৰক্ষাৰ জৰিয়তেহে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰিব লাগিব।অত্যন্ত দুখ আৰু পৰিতাপৰ কথা যে আমি অতদিনে আৰবি, উৰ্দু, পাৰ্চী,ইংৰাজী আদি বিভিন্ন ভাষাৰ অলেখ শব্দক উদাৰতাৰে আকোঁৱালি  লৈ আমি অসমীয়া ভাষাক সমৃদ্ধ কৰিলোঁ,কিন্তু অসমৰ এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষা আৰু শব্দসমূহক আজিলৈকে আকোঁৱালী ল'ব নোৱাৰিলোঁ।বৰঞ্চ আমাৰ অতীতৰ ভুলৰ বাবে অসমৰ বহুকেইটা জনগোষ্ঠী আমাৰ পৰা আঁতৰি গ'ল।এই জনগোষ্ঠীসমূহৰ বহুতৰে নিজস্ব লিপি নথকা হেতুকে তেওঁলোকে আজি অসমীয়া লিপিৰ পৰিৱৰ্তে ৰোমান লিপি বা ইংৰাজী-দেৱনাগৰী লিপি আদি ব্যৱহাৰ কৰিছে যাৰ ফলস্বৰূপে অসমীয়াৰ ভাষিক সংখ্যাগৰিষ্ঠতা যথেষ্ট হ্ৰাস পাইছে।
        গতিকে আমি বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগিব আৰু  অসমীয়া ভাষা  শুদ্ধকৈ ক'ব আৰু লিখিব  পৰাৰ উপৰিও আমাৰ মাত-কথা ,ভাষা-সাহিত্য আদি  সকলোতে বিজতৰীয়া শব্দবোৰৰ পৰিৱৰ্তে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ শব্দৰাজি ব্যৱহাৰ কৰাৰ উদাৰ মানসিকতা গঢ়ি তুলিব লাগিব।অন্যথা আমাৰ ভাষাক কোনেও ৰক্ষা কৰিব নোৱাৰিব।অ' মোৰ সুৱদী মাত বুলিবলৈ আইৰ মুখৰ মাত আৰু নাথাকিব।

(সমাপ্ত) 


              
               
            


       

সাম্প্ৰদায়িকতাৰ উৰ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন আৰু সৃষ্টি

সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত কবি সাহিৰ লুধিয়ানৱীৰ জীৱন 
আৰু সৃষ্টি
                                                              -বীৰ্কে বি. থাপা

      ব্যক্তিগত জীৱনত সাহিৰ লুধিয়ানৱী আছিল তেনেই উচ্ছৃংখল আৰু বেপৰুৱা।এক বহেমিয়ান লাইফ ষ্টাইল আকোঁৱালী লোৱা এই গৰাকী কবিয়ে নিজক উটুৱাই দিছিল কেৱল চিগাৰেটৰ ধোঁৱা আৰু বন্ধুবৰ্গৰ সৈতে মদৰ আড্ডাত।কিন্তু কোনেও ক'ব নোৱাৰাকৈ তেওঁ হৃদয়ত কঢ়িয়াই লৈ ফুৰিছিল অলেখ দু:সহ যন্ত্ৰণাৰ ভাৰ।জীৱনৰ পদে পদে পাই অহা দুখ আৰু যন্ত্ৰণাৰ সৈতে আজন্ম সংগ্ৰাম কৰি যোৱা সাহিৰ লুধিয়ানৱীয়ে বন্ধুবৰ্গৰ সৈতে মাজনিশালৈকে মদ খাই আড্ডা পিটি কটাই দিলেও নিজৰ সৃষ্টি প্ৰতিভাক কেতিয়াও ধ্বংস হ'বলৈ দিয়া নাছিল।
      মাথোঁ বাইশ বছৰ বয়সত তেওঁ লুধিয়ানাৰ পৰা লাহোৰলৈ আহিছিল নিজৰ প্ৰথমখন কবিতাপুথি 'তলখিয়াঁ 'প্ৰকাশ কৰাৰ উদ্দেশ্যে।সেই সময়ছোৱাত 'কবি' হোৱাৰ এটা বাসনা তেওঁৰ জাগি উঠিছিল।কবিতাপুথিখন প্ৰকাশ হৈ   ওলোৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি  পৰিছিল আৰু এই খ্যাতিৰ বাবেই প্ৰসিদ্ধ উৰ্দু পত্ৰিকা 'আদৱ -এ-লতীফ' আৰু 'শাহকাৰ 'ৰ তেওঁ সম্পাদক নিযুক্ত হৈছিল।
      লাহোৰৰ যিট়ো এলেকাত তেওঁ বাস কৰিছিল তাত চৌদিশে কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছিল।সেই কট্টৰ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বাস কৰি তেওঁ সুখী হ'ব পৰা নাছিল।কাৰণ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত সদায়ে তেওঁ মানৱতাৰ বিষয়টোত অধিক গুৰুত্ব দিছিল।ইতিমধ্যে তেওঁৰ লেখাসমূহে কট্টৰপন্থীসকলৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু  তেওঁৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছিল।জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁ সঘনে স্থান পৰিৱৰ্তন কৰিবলগীয়া হৈছিল যদিও বিদ্ৰোহী লেখাসমূহ লিখিবলৈ এৰা নাছিল।'সৱেৰা' আৰু 'প্ৰীতলড়ী' নামৰ দুখন বাতৰি কাকত তেওঁ নিজে সম্পাদনাও কৰিবলৈ লৈছিল।'সৱেৰা' কাকতত প্ৰকাশিত তেওঁৰ বিদ্ৰোহী লেখাসমূহৰ বাবে পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰী কৰাত আত্মৰক্ষাৰ বাবে তেওঁ  দিল্লীলৈ পলাই যাবলৈ বাধ্য হৈছিল।কিন্তু দিল্লীতো তেওঁৰ জীৱন সুৰক্ষিত নাছিল।
      দিল্লীত দুমাহ থকাৰ পাছত সাহিৰ লুধিয়ানৱী বোম্বাইলৈ যায় আৰু বোম্বাইৰ চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।বোম্বাইৰ এটা অখ্যাত গলিৰ সৰু এটা ঘৰত থাকি তেওঁ সংগ্ৰাম কৰি গৈছিল।এই সময়ছোৱাত তেওঁ বাতৰি কাকতত বিদ্ৰোহী গীত,কবিতা,শায়েৰী আৰু গজল লিখাত মনেনিৱেশ কৰিছিল।ইতিমধ্যে তেওঁৰ প্ৰথম কবিতাপুথি 'তলখিয়াঁ 'ৰ উৰ্দু সংস্কৰণ একৈশবাৰ আৰু হিন্দী সংস্কৰণ এঘাৰবাৰ প্ৰকাশ হৈ পাইছিল।
      সাহিৰ লুধিয়ানৱীৰ প্ৰকৃত নাম আছিল আব্দুল হাৱী।1921 চনৰ ওঠৰ মাৰ্চ তাৰিখে লুধিয়ানাৰ এক আঢ্যৱন্ত ঘৰত জন্ম হোৱা সাহিৰৰ ল'ৰালি কাল সুখ-স্বাচ্ছন্দ্যৰ মাজত অতিবাহিত হৈছিল যদিও দেউতাকৰ দুৰ্বল চৰিত্ৰ আৰু বিলাসী জীৱনৰ প্ৰতি অতীষ্ঠ হৈ মাকে বিবাহ বিচ্ছেদ ঘটাই বেলেগে থাকিবলৈ লোৱাৰ পাছৰে পৰাই তেওঁৰ জীৱনলৈ বিপৰ্যয় নামি আহিছিল।জীৱনৰ কঠিনতম দিনবোৰত তেওঁৰ শিক্ষা-দীক্ষা ,ভৰণ-পোষণ আদিৰ বাবে মাকে নিজৰ সা-সম্পত্তি,আ-অলংকাৰ সকলো বেচিবলগীয়া হোৱা অৱস্থা তেওঁ লক্ষ কৰিছিল।আনফালে, দেউতাকে তেওঁক মাকৰ বুকুৰ পৰা কাঢ়ি নি হত্যা কৰাৰ ভাবুকি দিছিল।সেয়ে এক প্ৰকাৰৰ ভয়,সংশয় আৰু ত্ৰাসৰ মাজত তেওঁ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ কটাবলগীয়া হৈছিল।অশেষ কষ্টৰ মাজেৰে তেওঁ কলেজলৈকে পঢ়িছিল যদিও কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল।
      কবি হোৱাৰ বাসনাৰে লুধিয়ানাৰ পৰা লাহোৰলৈ আহি সাহিৰে তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি পৰিছিল যদিও বোম্বাই চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ তেওঁ যি সপোন দেখিছিল সেয়া বাস্তৱিকতে বৰ সহজ নাছিল।বোম্বাইৰ এটা অখ্যাত গলিত থাকি তেওঁ গীত লিখিছিল আৰু নিতৌ প্ৰযোজক-পৰিচালকৰ ঘৰলৈ দৌৰিছিল।সংঘাত-সংঘৰ্ষেৰে জৰ্জৰিত সেই দিনবোৰত তেওঁ অত্যন্ত মদ্যপান কৰিছিল আৰু এটা উচ্ছৃংখল জীৱন কটাইছিল।বন্ধুবৰ্গৰ সৈতে দিনৰ দিনটো আৰু মাজ নিশালৈকে আড্ডা পিটি থকাই আছিল তেওঁৰ কাম।খোৱা-বোৱা ,পিন্ধা-উৰা কোনো কথাতে তেওঁৰ লাগ-বান্ধ নাছিল।সমসাময়িক প্ৰকাশ পণ্ডিতৰ মতে,তেওঁ আছিল বহেমিয়ান স্বভাৱৰ লোক।পুৱা এঘাৰ বজাৰ আগতে তেওঁ কেতিয়াও শুই নুঠিছিল।শুই উঠাৰ লগে লগে বেমাৰী আৰু বৃদ্ধা মাকে দিয়া চাহ-কাপ খাই তেওঁ হাত-মুখ ধুইছিল আৰু দিনটো অনৰ্গল কথা কৈ গৈছিল।মাজ নিশালৈকে তেওঁৰ মুখ জাপ নাখাইছিল।চিগাৰেটৰ পাছত চিগাৰেট ,মদৰ পাছত মদ খাই খাই তেওঁ বন্ধুবৰ্গৰ সৈতে আজে-বাজে কথাৰ আড্ডা পিটিছিল,কেতিয়াবা শ্বেৰ-শায়েৰী ,গজলৰ মেহফিল বহুৱাইছিল।কোনো ফিল্মৰ বাবে গীত লিখি পোৱা সমস্ত টকা তেওঁ বন্ধুবৰ্গৰ ওপৰতে ঢালি দিছিল।
      মদৰ আড্ডা মাজনিশালৈকে চলাৰ পাছত এজন এজনকৈ সকলো গুচি যোৱাৰ পাছত যেতিয়া তেওঁ অকলশৰীয়া হৈ পৰিছিল ,তেতিয়া বহু সময় ধৰি অস্থিৰভাৱে বিচনাত চটফটাই থকাৰ পাছত লাহেকৈ টোপনি গৈছিল।অকলশৰীয়া মূহুৰ্তবোৰ তেওঁৰ বাবে আছিল অসহনীয়।নিজৰ এই অসহনীয় নিৰ্জনতাৰ সময়খিনিতো কাৰোবাৰ উপস্থিতি তেওঁৰ বাবে আছিল অত্যন্ত প্ৰয়োজনীয়।সেয়ে দৰমহা দি তেওঁ সকলো সময়তে লগত থকাকৈ এজন মানুহ ৰাখিছিল।মানুহজনৰ কাম আছিল নিশা সকলো বন্ধুবৰ্গ গুচি যোৱাৰ পাছতো তেওঁ সাহিৰৰ কোঠাত মজুত থাকিব লাগিব আৰু শুনি থাকিব লাগিব সাহিৰৰ মুখৰ অনৰ্গল বকবকনি।দিনটোত লগ পোৱা বিভিন্ন জনৰ কথাবোৰ তেওঁ পৰ্যালোচনা কৰিছিল আৰু তেওঁলোকৰ মূঢ়তাক ব্যংগ কৰিছিল।সেই সময়ত তেওঁ  সংসাৰৰ সকলো মানুহক তেনেই মুৰ্খ আৰু তুচ্ছ যেন অনুভৱ কৰিছিল।তেনে মুৰ্খ আৰু 'মতলবী' বন্ধুবৰ্গৰ বাবে  নিজৰ অমূল্য সময় আৰু টকা-পইচা খৰচ কৰাৰ বাবে তেওঁ অনুশোচনা কৰিছিল আৰু ভৱিষ্যতে খৰচ নকৰাৰ সংকল্প কৰিছিল।কিন্তু পাছদিনা তেওঁলোকক লগ পোৱাৰ লগে লগে আগনিশা লোৱা সকলো সিদ্ধান্তৰ কথা তেওঁ পাহৰি গৈছিল আৰু আকৌ আগৰ দৰেই মদৰ বটল খুলি আড্ডা পিটিবলৈ  বহি গৈছিল।
      নিজৰ খোৱা-বোৱা ,পিন্ধা-উৰাৰ সম্পৰ্কত তেওঁ আছিল সম্পূৰ্ণৰূপে বেপৰুৱা।জীৱনৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁ কেতিয়াও ল'ব নোৱাৰিছিল।তেওঁৰ এনে স্বভাৱৰ বাবে বন্ধুবৰ্গই কেতিয়াবা তেওঁক নাভূত-নাশ্ৰুত কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দি বহুৱা সজাইছিল।দুপৰীয়াৰ আহাৰত আইচক্ৰিম পৰ্যন্ত তেওঁক খুৱাইছিল।বন্ধুবৰ্গই যি কৈছিল তেওঁ তাকেই কৰি গৈছিল।নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁ ইমানেই বেপৰুৱা আছিল যে চিকিৎসকৰ পৰামৰ্শকো আওকাণ কৰি তেওঁ জীৱনৰ শেষ বয়সলৈকে চিগাৰেট আৰু মদ এৰা নাছিল।ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।
      ইতিমধ্যে বোম্বাইৰ চলচিত্ৰ জগতত তেওঁ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।খাজা আহমদ আব্বাছ, গুলজাৰ, খায়াম,চৰ্দাৰ জাফৰি,লতা মংগেশকাৰ ,কিশোৰ কুমাৰ ,মহেন্দ্ৰ কাপুৰ,দিলীপ কুমাৰ আদিৰ দৰে চলচিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সৈতে তেওঁৰ পৰিচয় আৰু অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠিছিল।পঞ্চাশ আৰু ষাঠীৰ দশকত -ধুল কা ফুল,বৰষাত কে ৰাত ,গুমৰাহী, কভি কভি ,তাজমহল,নয়া দৌৰ,প্যাসাঁ আদিৰ দৰে অলেখ ছবিৰ বাবে তেওঁ গীত লিখিছিল।তেওঁ লিখা- চল’ এক বাৰ হম অজনবী  বন জায়েঁ, মেই পল দ’ পল কে শায়ৰ , কভি কভি মেৰে দিল মে খয়াল আতা হে ,খ'য়া খ'য়া চান্দ খুলা আচমান, তেৰে ঘৰ কে সামনে এক ঘৰ বনাওঁগা , দিল কা ভঁৱৰ কৰে পুকাৰ আদি গীত অত্যন্ত জনপ্রিয় হৈ উঠিছিল।
      খ্যাতি আৰু জনপ্রিয়তাৰ লগে লগে সাহিৰ লুধিয়ানৱীৰ জীৱনলৈ গাড়ী ঘোঁৰা, বঙলা,ধন-ঐশ্বর্য সকলাে আহিছিল।গীত ৰচনাৰ লগে লগে তেওঁ সুৰ সংযােজনাৰ কামতো ব্যস্ত হৈ পৰিছিল।লাহে লাহে ছবিৰ পৰিচালনা আৰু প্রযােজনা কৰা কামতো তেওঁ হাত দিছিল। অৱশ্যে এই কথা সত্য যে, সাহিৰ লুধিয়ানৱী প্রযােজক-পৰিচালক হিচাপে বিশেষ সফল হ’ব পৰা নাছিল।সফলতা তেওঁ লাভ কৰিছিল গীত ৰচনাৰ জৰিয়তেহে। সঁচা অৰ্থত চলচিত্র জগতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল সাহিৰ লুধিয়ানৱীয়ে।চলচিত্র সমালােচক সকলৰ মতে তেওঁৰ গীতসমূহ আছিল সেই সময়ৰ চলচিত্ৰসমূহৰ প্রাণ বা অাত্মা স্বৰূপ।
      সমগ্র জীবন তেওঁ অবিবাহিত ৰূপতে অতিবাহিত কৰিছিল। প্রেম তেওঁৰ জীৱনলৈ অহা নাছিলনে? প্রেমৰ দুঃসহ যন্ত্রণা বুকুত নাথাকিলে কেনেদৰে তেওঁ লিখিব পাৰে হৃদয় স্পৰ্শী সেই কবিতা-শ্বেৰ-শায়েৰী-গজল?
      লাহোৰত অনুষ্ঠিত হােৱা কবি  সন্মিলন এখনত তেওঁ লগ পাইছিল অমৃতা প্রীতমক। প্রসিদ্ধ পাঞ্জাৱী লেখিকা অমৃতা প্রীতমে নিজৰ আত্মজীৱনীমূলক গ্রন্থ The Revenue Stamp ত সেই প্ৰেমৰ কথা উল্লেখ কৰিছে।তেওঁ লিখিছে- 'মই জনা নাছিলোঁ সেয়া সাহিৰৰ কবিতাৰ সুৰ আছিল নে সেই নীৰৱ দুচকুৰ যাদু যি মােক মুগ্ধ কৰিছিল। ....কবি সন্মিলন শেষ হােৱাৰ লগে লগে টোপা টোপে বৰষুণ পৰিছিল। মই ক'ব নােৱাৰাকৈয়ে সেইদিনা ভাগ্যই মােৰ মনৰ মাটিডৰাত প্ৰেমৰ গুটি এটা সিঁচি দিছিল।'
      অমৃতাৰ সৌন্দৰ্যৰ কমনীয়তাত সাহিৰো মুগ্ধ হৈছিল।
কিন্তু সমাজৰ কঠোৰ নিয়মৰ বাবে সেই প্ৰেম আগবঢ়া নাছিল।অমৃতাৰ কাষ চাপি যােৱাৰ সাহস তেওঁ কৰিব পৰা নাছিল। বিফল প্রেমৰ বেদনা বুকুত সাৱটি সাহিৰ লাহােৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা বােম্বাইলৈ গুছি আহিছিল।আনফালে দাম্পত্য জীৱনত অসুখী অমৃতাৰ জীৱনলৈ সোমাই আহিছিল আন এজন প্ৰেমিক - চিত্ৰকৰ ইমৰোজ।ইমৰোজৰ সৈতে অমৃতাৰ প্ৰেম সম্পৰ্ক জীৱনৰ শেষ দিন পৰ্যন্ত আছিল।অমৃতা প্ৰীতমৰ জীৱনত ইমৰোজৰ প্ৰভাৱ আছিল অপৰিসীম।সেয়া এক অন্য প্ৰসংগ।
      লাহোৰৰ কবি সন্মিলনত লগ পোৱা ঘটনাৰ বিশ বছৰৰ পাছত সাহিৰে অমৃতাক পুনৰ লগ পাইছিল দিল্লীত। অমৃতা সেই সময়ত নিজৰ দুই পুত্ৰৰ সৈতে দিল্লীত স্থায়ীভাৱে বাস কৰি আছিল ।অমৃতাৰ আগত সাহিৰে বিশ বছৰ আগৰ কথা উল্লেখ কৰি কৈছিল-' মই লাহােৰত  থকা কালছোৱাত প্ৰায়েই তােমালােকৰ ঘৰৰ ওচৰলৈ গৈছিলােঁ আৰু তিনি আলিৰ মূৰৰ চুকটোত থকা পান দোকানখনৰ কাষত থিয় হৈ কেতিয়াবা পান, কেতিয়াবা চিগাৰেট খাইছিলোঁ অথবা কেতিয়াবা চ'ডা পানীৰ গিলাচ হাতত লৈ বহুপৰ কটাই দিছিলােঁ। তাৰ পৰাই তােমাৰ কোঠাৰ সেই বাটৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ ফালে চাই ৰৈছিলোঁ..'।
      সাহিৰ লুধিয়ানৱীয়ে অমৃতা প্রীতমক পুনৰ অন্তৰংগ ভাৱে লগ পাইছিল। কিন্তু তেওঁ মৰ্যাদা লংঘন কৰা নাছিল।অমৃতাৰ সৈতে সদায়ে বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি চলিবলৈ তেওঁ চেষ্টা কৰিছিল। The Revenue Stamp ত অমৃতাই লিখা কথাবোৰৰ পৰা জানিব পৰা যায় যে সাহিৰ-অমৃতাৰ প্রেম আছিল দৈহিক সম্পর্ক ৰহিত এক অনন্য প্রেম ।এদিনৰ ঘটনা উল্লেখ কৰি অমৃতা প্রীতমে  লিখিছে— 'এদিন সাহিৰ যেতিয়া আহিছিল তেতিয়া তেওঁৰ গাত জ্বৰ আছিল।সেইদিনা মই তেওঁৰ ডিঙি আৰু  বুকুত ভিক্স ঘঁহি  দিছিলাে। সেই সময়ত এনে লাগিছিল যেন তেওঁৰ বুকুত এনেদৰে হাতৰ তলুৱাৰে মালিচ কৰি কৰি মই গােটেই জীৱন পাৰ কৰি দিব পাৰিম। মােৰ অন্তৰৰ এই নাৰী সত্বাক প্রকাশ কৰিবলৈ পৃথিৱীৰ কোনাে কাগজ-কলমৰ আৱশ্যক নাই।'
      কিন্তু ইমৰােজৰ সৈতে থকা থকা অমৃতাৰ প্ৰেম-সম্পৰ্কৰ কথা জানিব পাৰি তেওঁ আহত হৈছিল।সেই সম্পর্কক তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।তেওঁ ডুব গৈছিল মদৰ নিচাত।
      সাহিৰ লুধিয়ানৱীৰ জীৱনত আৰু এগৰাকী নাৰী অহাৰ কথা জনা যায়। তেওঁ আছিল সেই সময়ৰ প্রসিদ্ধ গায়িকা আৰু অভিনেত্রী সুধা মালহােত্রা। এই প্রেমাে তেওঁৰ জীৱনত সফল হােৱা নাছিল। প্ৰেমৰ বিফলতাই তেওঁৰ হৃদয়ত যি যন্ত্রণা দিছিল সেই যন্ত্রণাক তেওঁ যেন প্রকাশ কৰিব বিচাৰিছিল গীত আৰু কবিতাৰ মাজেৰে।
যি সময়ত সাহিৰ লুধিয়ানৱীৰ নাম এগৰাকী উর্দু কবি বা 'শায়ৰ' আৰু গজলৰ 'ফনকাৰ' ৰূপে প্রসিদ্ধ হৈ উঠিছিল সেই সময়ত ইকবালৰ পৰৱৰ্তী কবি ফিৰাক,ফৈজ,মজাজ আদিৰ কবিতা মানুহৰ মুখে মুখে আছিল।গতিকে স্বাভাৱিকতে এই সকল কবিৰ প্রভাৱ তেওঁৰ প্ৰথমাৱস্থাৰ কবিতা সমূহত নপৰাকৈ থকা নাছিল। কিন্তু ক্রমে ক্রমে তেওঁৰ কবিতাত চিন্তাৰ মৌলিকত্ব আৰু ভাৱৰ গভীৰতাই এক নতুন মাত্রা প্রদান কৰিছিল।ব্যক্তিগত প্ৰেমৰ যন্ত্ৰণাক তেওঁ হৃদয়স্পৰ্শী ৰূপত গীত আৰু কবিতাৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছিল।তেওঁ লিখিছিল-' মেৰা ত কুছ ভী  নেহী, মেই ৰ' ৰ' কে জী লুংগা/মগৰ খােদা কে লিয়ে তুম গম ন ৰহ’ /হুৱা হী ক্যা জ' জমানে নে তুমক' ছিন লিয়া/ য়াহাঁ পে কৌন হুৱা হে' কিসকা ?'
      প্ৰেমৰ অন্ধগলিত বাট হেৰুৱাই সাহিৰ লুধিয়ানৱীয়ে সাময়িকভাৱে এটা লক্ষ্য আৰু আদৰ্শহীন,উচ্ছৃৃংখল জীৱন অতিবাহিত কৰিলেও তেওঁ ক্রমাম্বয়ে কঠোৰ বাস্তৱক আঁকোৱালী ল'বলৈ শিকিছিল। ' দিল ক' হৰ তৰহ সে বৰবাদ  কিয়া হে’ মেইনে ' বুলি কোৱাৰ পাছতো  তেওঁ উপলদ্ধি কৰিলে - ' ইস্ক নাকাম সহী/জিন্দগী নাকাম নহী '  ।
      চহৰৰ সুউচ্চ অট্টালিকাৰ তলত বাস কৰা গৃহহীন নাঙঠ, ভোকাতুৰ  শিশুবোৰৰ আৰ্তচিৎকাৰ,কল-কাৰখানাত অবিশ্ৰান্তভাৱে কাম কৰি যোৱা  শ্ৰমিকৰ দুখ-যন্ত্ৰণা, বদনাম গলিত বিক্ৰী হৈ যোৱা যৌৱনৰ অপমৃত্যু ,সমাজৰ ব্যভিচাৰ, মানৱতাৰ স্খলন আদিয়ে সাহিৰৰ চকু মুকলাই দিলে।তেওঁ লিখিলে- ' য়ে কাৰখানো  মে লোহে কা শৌৰগুল /জিসমে হে দফন লাখ গৰীৱ' কী ৰুহ কা নগমা/য়ে গম বহুত হে মেৰি জিন্দগী মিটানে কো/উদাস ৰুহকে মেৰে দিল কো/তুমহাৰে গম কে সিৱা ঔৰ ভী গম হে..'।
      স্বত:স্ফূৰ্তভাৱে  সাহিত্যৰ প্ৰগতিশীল  ধাৰা তেওঁৰ পৰৱৰ্তী কালৰ গীত আৰু কবিতাসমূহত স্পষ্টভাৱে ধৰা দিছিল। 1947 চনৰ দেশ বিভাজনৰ পাছতো সাহিৰ লুধিয়ানৱী সাম্প্ৰদায়িকতাৰ  উৰ্ধত এগৰাকী মানৱ দৰদী কবি হিচাপে  ভাৰতৰ শত সহস্ৰ শ্ৰমজীৱি জনতাৰ দুখ যন্ত্ৰণাৰ সৈতে একাত্ম হৈ পৰিছিল।সেই সময়ত তেওঁ  লিখা ' সাথী হাথ বঢ়ানা'ৰ দৰে গীত মেহনতী জনতাৰ বাবে এক নতুন উদ্যম আৰু প্ৰেৰণা স্বৰূপ হৈ উঠিছিল।আন এটি গীতত তেওঁ লিখিছিল-
       সদিয়ঁ তক চুপ ৰহনে ৱালে ,অব অপনা হক
       লেকে ৰহেংগে
       জ কৰনা হে খুলকে কৰেংগে,জ কহনা হে 
       সাফ কহেংগে
       জীতে জী ঘুঁত ঘুঁত কৰ মৰনা 
       ইস য়ুগ কা  দস্তুৰ নেহি....
      পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্যায় আৰু অবিচাৰৰ বলি হৈ  নাৰী উপভোগৰ সামগ্ৰী হৈ পৰা তেওঁ যেতিয়া  দেখিছিল তেতিয়া সমস্ত পুৰুষ জাতিকে ভৎসৰ্না কৰি তেওঁ লিখিছিল-"ঔৰত নে জনম দিয়া মৰ্দ কো/মৰ্দ নে উসে বাজাৰ দিয়া/জৱ জী চাহা মচলা কুচলা/জৱ জী চাহা দুৎকাৰ দিয়া...'।
      জীৱনৰ সুদীৰ্ঘ কাল বোম্বাইত থাকি তাৰ অলিয়ে গলিয়ে বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্য প্ৰত্যক্ষ কৰা সাহিৰ লুধিয়ানৱীয়ে কোনো কালেই সাম্প্রদায়িক সংঘৰ্ষ,হিন্দুস্তান-পাকিস্তানৰ বিভাজন আদি বিষয়বোৰক অন্তৰেৰে মানি ল'ব পৰা নাছিল।সেই বাবেই দেশ বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গৈয়ো আকৌ উভতি আহিছিল আৰু  মৃত্যুৰ শেষ দিন পর্যন্ত ভাৰতবৰ্ষতে বাস কৰিছিল।মাৰ্ক্সবাদত গভীৰ আস্থা ৰখা কবি সাহিৰ লুধিয়ানৱীয়ে হিন্দুস্তান আৰু পাকিস্তান দুয়োখন দেশকে নিজৰ দেশ বুলি আকোঁৱালী লৈছিল।সাম্প্ৰদায়িকতাৰ বিৰূদ্ধে তেওঁ লিখা এটি গীত আছিল -' তু হিন্দু বনেগা না মুছলমান বনেগা/ইনসান কী  ঔলাদ হে /ইনসান বনেগা /...মালিক নে হৰ ইনসান কো ইনসান বনায়া/হমনে ওসে হিন্দু য়া মুছলমান বনায়া..' ।
      জীৱনৰ শেষৰ ফালে নিজৰ জীৱনলৈ পৰোৱা নকৰি তেওঁ যন্ত্ৰণাৰ উপশম ঘটাবলৈ অত্যাধিক মদ্যপান কৰিছিল যাৰ বাবে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল আৰু 1980 চনৰ 25 অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।কিন্তু নিজক 'শায়ৰ' অৰ্থাৎ কবি কৰি তােলাৰ যি সুতীব্র ইচ্ছা বুকুত বান্ধি লুধিয়ানাৰ আব্দুল হাৱী এদিন বােম্বাইলৈ আহিছিল সেই ইচ্ছা তেওঁৰ পূৰ্ণ হৈছিল। তেওঁৰ গীত আৰু কবিতা সমূহ ইংৰাজী, ৰুচ, আৰবী, ফার্চী, চেক আদি বিভিন্ন ভাষালৈ অনুদিত হৈছিল। 'তাজমহল’ ছবিৰ 'জ' ৱাদা কিয়া ৱহ নিভানা পৰেগা ’ গীতৰ বাবে তেওঁ লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্রেষ্ঠ সন্মান। তাৰোপৰি তেওঁ লাভ কৰিছিল 'ছােভিয়েত নেহৰু এৱাৰ্ড ' আৰু 'উর্দু একাডেমী এৱাৰ্ড'।ভাৰত  চৰকাৰে ১৯৭১ চনত সাহিৰ লুধিয়ানৱীক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছিল। ভাৰত-পাক যুদ্ধৰ সময় ছােৱাত ভাৰতীয় সেনা বাহিনীয়ে সীমান্তৰ এটা চকীৰ নামকৰণো কৰিছিল তেওঁৰ নামেৰে। তেওঁৰ মৃত্যুত মহেন্দ্র কাপুৰে কৈছিল— 'I don't think a writer like Sahir Ludhiyanvi will be born again. ।(সমাপ্ত)







কবি সাহিৰ লুধিয়ানৱীৰ প্ৰেম

কবি সাহিৰ লুধিয়ানৱীৰ প্রেম 
                                                                      -বীৰ্কে বি. থাপা

       বিখ্যাত পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বহু কেইগৰাকী ব্যক্তিৰ ভিতৰত অন্যতম এগৰাকী আছিল সাহিৰ লুধিয়ানৱী।নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ The Revenue Stamp ত অমৃতা প্ৰীতমে সাহিৰ লুধিয়ানৱীৰ সৈতে থকা তেওঁৰ প্ৰেম সম্পৰ্কৰ কথা উল্লেখ কৰিছে।গ্ৰন্থখনত উল্লেখ কৰা মতে,লাহোৰত অনুষ্ঠিত হােৱা কবি  সন্মিলন এখনত অমৃতাই প্ৰথম লগ পাইছিল সাহিৰক।
       সাহিৰ লুধিয়ানৱীৰ প্ৰকৃত নাম আছিল আব্দুল হাৱী।1921 চনৰ ওঠৰ মাৰ্চ তাৰিখে লুধিয়ানাৰ এক আঢ্যৱন্ত ঘৰত জন্ম হোৱা সাহিৰৰ ল'ৰালি কাল সুখ-স্বাচ্ছন্দ্যৰ মাজত অতিবাহিত হৈছিল যদিও দেউতাকৰ দুৰ্বল চৰিত্ৰ আৰু বিলাসী জীৱনৰ প্ৰতি অতীষ্ঠ হৈ মাকে বিবাহ বিচ্ছেদ ঘটাই বেলেগে থাকিবলৈ লোৱাৰ পাছৰে পৰাই তেওঁৰ জীৱনলৈ বিপৰ্যয় নামি আহিছিল।জীৱনৰ কঠিনতম দিনবোৰত তেওঁৰ শিক্ষা-দীক্ষা ,ভৰণ-পোষণ আদিৰ বাবে মাকে নিজৰ সা-সম্পত্তি,আ-অলংকাৰ সকলো বেচিবলগীয়া হোৱা অৱস্থা তেওঁ লক্ষ কৰিছিল।আনফালে, দেউতাকে তেওঁক মাকৰ বুকুৰ পৰা কাঢ়ি নি হত্যা কৰাৰ ভাবুকি দিছিল।সেয়ে এক প্ৰকাৰৰ ভয়,সংশয় আৰু ত্ৰাসৰ মাজত তেওঁ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ কটাবলগীয়া হৈছিল।অশেষ কষ্টৰ মাজেৰে তেওঁ কলেজলৈকে পঢ়িছিল যদিও কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল।
       বাইশ বছৰ বয়সত সাহিৰ লুধিয়ানাৰ পৰা লাহোৰলৈ আহিছিল নিজৰ প্ৰথমখন কবিতা পুথি 'তলখিয়াঁ 'প্ৰকাশ কৰাৰ উদ্দেশ্যে।সেই সময়ছোৱাত 'কবি' হোৱাৰ এটা বাসনা তেওঁৰ জাগি উঠিছিল।কবিতাপুথিখন প্ৰকাশ হৈ  ওলোৱাৰ লগে লগে তেওঁৰ খ্যাতি বিয়পি  পৰিছিল আৰু এই খ্যাতিৰ  বাবেই তেওঁ প্ৰসিদ্ধ  উৰ্দু পত্ৰিকা 'আদৱ -এ-লতীফ ' আৰু 'শাহকাৰ'ৰ সম্পাদক নিযুক্ত হৈছিল।
       সেই সময়ত অমৃতা প্রীতমৰ বয়স আছিল মাথোঁ  বিশ বছৰ।ইতিমধ্যে তেওঁৰ বিয়াও হৈ গৈছিল।কিন্তু কবি সন্মিলনত লগ পোৱা সাহিৰ লুধিয়ানৱীৰ বিশাল ব্যক্তিত্বই সেইদিনা তেওঁৰ অন্তৰত অজানিতে প্রেমৰ বীজ সিচিঁ  দিছিল। তেওঁ লিখিছে- 'মই জনা নাছিলোঁ সেয়া সাহিৰৰ কবিতাৰ সুৰ আছিল নে সেই নীৰৱ দুচকুৰ যাদু আছিল যি মােক মুগ্ধ কৰিছিল। কবি সন্মিলন চলি থাকোঁতেই আকাশ মেঘে ঢাকি ধৰিছিল।কবি সন্মিলন শেষ হােৱাৰ লগে লগে টোপা টোপে বৰষুণ পৰিছিল। মই ক'ব নােৱাৰাকৈয়ে সেইদিনা ভাগ্যই মােৰ মনৰ মাটিডৰাত প্ৰেমৰ গুটি এটা সিঁচি দিছিল আৰু ৰাতি যি জাক বৰষুণ আহিছিল সেই জাকো যেন তাৰ বাবেই আহিছিল।'
       অমৃতাৰ সৌন্দৰ্যৰ কমনীয়তাত সাহিৰো মুগ্ধ হৈছিল। কিন্তু সমাজৰ কঠোৰ নিয়মৰ বাবে সেই প্ৰেম আগবঢ়া নাছিল।
       লাহোৰৰ যিট়ো এলেকাত তেওঁ বাস কৰিছিল তাত চৌদিশে কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছিল।সেই কট্টৰ ধৰ্মাৱলম্বী লেকসকলৰ মাজত বাস কৰি তেওঁ সুখী হ'ব পৰা নাছিল।সেই সকলৰ মাজত থাকি তেওঁ স্বাধীনভাৱে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে লেখা-মেলাও কৰিব পৰা নাছিল।ভাৰত-পাকিস্তান বিভাজনৰ সময়ছোৱাত প্ৰকাশিত তেওঁৰ লেখাসমূহে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেইবাবে তেওঁৰ জীৱন সংকটাপূৰ্ণ হৈ উঠিছিল।নিজৰ জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁ সঘনে স্থান পৰিৱৰ্তন কৰিবলগীয়া হৈছিল যদিও বাতৰি কাকতত বিদ্ৰোহী লেখাসমূহ লিখিবলৈ তেওঁ এৰা নাছিল।'সৱেৰা' আৰু 'প্ৰীতলড়ী' নামৰ দুখন বাতৰি কাকত তেওঁ নিজে সম্পাদনাও কৰিবলৈ লৈছিল।'সৱেৰা' কাকতত প্ৰকাশিত তেওঁৰ বিদ্ৰোহী লেখাসমূহৰ বাবে পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰী কৰাত আত্মৰক্ষাৰ বাবে সাহিৰ লুধিয়ানৱী দিল্লীলৈ পলাই যাবলৈ বাধ্য হৈছিল।কিন্তু দিল্লীতো তেওঁৰ জীৱন সুৰক্ষিত নাছিল।
       দিল্লীত দুমাহ থকাৰ পাছত তেওঁ বোম্বাইলৈ যায় আৰু বোম্বাইৰ চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।বোম্বাইৰ এটা অখ্যাত গলিত সৰু এটা ঘৰত থাকি তেওঁ সংগ্ৰাম কৰি গৈছিল।এই সময়ছোৱাত তেওঁ বাতৰি কাকতত বিদ্ৰোহী গীত,কবিতা,শায়েৰী আৰু গজল লিখাত মনেনিৱেশ কৰিছিল।ইতিমধ্যে তেওঁৰ প্ৰথম কবিতাপুথি 'তলখিয়াঁ 'ৰ উৰ্দু সংস্কৰণ একৈশবাৰ আৰু হিন্দী সংস্কৰণ এঘাৰবাৰ প্ৰকাশ হৈ গৈছিল।
বিফল প্রেমৰ বেদনা বুকুত সাৱটি সাহিৰ লাহােৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা বােম্বাইলৈ গুছি আহিছিল।আনফালে দাম্পত্য জীৱনত অসুখী অমৃতাৰ জীৱনলৈ সোমাই আহিছিল আন এজন প্ৰেমিক - চিত্ৰকৰ ইমৰোজ।ইমৰোজৰ সৈতে অমৃতাৰ প্ৰেম সম্পৰ্ক জীৱনৰ শেষ দিন পৰ্যন্ত আছিল।অমৃতা প্ৰীতমৰ জীৱনত ইমৰোজৰ প্ৰভাৱ আছিল অপৰিসীম।সেয়া এক অন্য প্ৰসংগ।
       লাহোৰৰ কবি সন্মিলনত লগ পোৱা ঘটনাৰ বিশ বছৰৰ পাছত সাহিৰে অমৃতাক পুনৰ লগ পাইছিল দিল্লীত। অমৃতা সেই সময়ত নিজৰ দুই পুত্ৰৰ সৈতে দিল্লীত স্থায়ীভাৱে বাস কৰি আছিল ।অমৃতাৰ আগত সাহিৰে বিশ বছৰ আগৰ কথা উল্লেখ কৰি কৈছিল-' মই যেতিয়া লাহােৰত আছিলাে, তেতিয়া প্ৰায়েই তােমালােকৰ ঘৰৰ ওচৰলৈ গৈছিলােঁ আৰু তিনি আলিৰ মূৰৰ চুকটোত থকা পান দোকানখনৰ কাষত থিয় হৈ কেতিয়াবা পান, কেতিয়াবা চিগাৰেট খাইছিলোঁ অথবা কেতিয়াবা চ'ডা পানীৰ গিলাচ হাতত লৈ বহুপৰ কটাই দিছিলােঁ। তাৰ পৰাই তােমাৰ কোঠাৰ সেই বাটৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ ফালে চাই ৰৈছিলোঁ..'।
       সাহিৰ লুধিয়ানৱীয়ে অমৃতা প্রীতমক পুনৰ অন্তৰংগ ভাৱে লগ পাইছিল। কিন্তু তেওঁ মৰ্যাদা লংঘন কৰা নাছিল।অমৃতাৰ সৈতে সদায়ে বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি চলিবলৈ তেওঁ চেষ্টা কৰিছিল। The Revenue Stamp ত অমৃতাই লিখা কথাবোৰৰ পৰা জানিব পৰা যায় যে সাহিৰ-অমৃতাৰ প্রেম আছিল দৈহিক সম্পর্ক ৰহিত এক অনন্য প্রেম ।কিন্তু ইমৰােজৰ সৈতে থকা থকা অমৃতাৰ প্ৰেম-সম্পৰ্কৰ কথাটোক তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।তেওঁ ডুব গৈছিল মদৰ নিচাত।
        ব্যক্তিগত জীৱনত সাহিৰ লুধিয়ানৱী আছিল তেনেই উচ্ছৃংখল আৰু বেপৰুৱা।এক বহেমিয়ান লাইফ ষ্টাইল আকোঁৱালী লোৱা এই গৰাকী কবিয়ে নিজক উটুৱাই দিছিল কেৱল চিগাৰেটৰ ধোঁৱা আৰু বন্ধুবৰ্গৰ সৈতে মদৰ আড্ডাত।কিন্তু ক'ব নোৱাৰাকৈ হৃদয়ৰ গভীৰত সংগোপনে তেওঁ কঢ়িয়াই লৈ ফুৰিছিল দু:সহ যন্ত্ৰণাৰ ভাৰ।জীৱনৰ প্ৰতি পদে পদে পাই অহা দুখ আৰু যন্ত্ৰণাৰ সৈতে আজন্ম সংগ্ৰাম কৰি যোৱা সাহিৰ লুধিয়ানৱীয়ে বন্ধুবৰ্গৰ সৈতে মাজনিশালৈকে মদ খাই আড্ডা পিটি কটাই দিলেও নিজৰ সৃষ্টি প্ৰতিভাক কেতিয়াও ধ্বংস হ'বলৈ দিয়া নাছিল।
       কবি হোৱাৰ বাসনাৰে লুধিয়ানাৰ পৰা লাহোৰলৈ আহি সাহিৰে তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ কৰি উলিওৱাৰ পাছতে তেওঁৰ খ্যাতি বিয়পি পৰিছিল যদিও বোম্বাই চলচিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ তেওঁ যি সপোন দেখিছিল সেয়া বাস্তৱিকতে বৰ সহজ নাছিল।বোম্বাইৰ এটা অখ্যাত গলিত থাকি তেওঁ গীত লিখিছিল আৰু নিতৌ প্ৰযোজক-পৰিচালকৰ ঘৰলৈ দৌৰিছিল।সংঘাত-সংঘৰ্ষেৰে জৰ্জৰিত সেই দিনবোৰত তেওঁ অত্যন্ত মদ্যপান কৰিছিল আৰু এটা বিচ্ছৃংখল জীৱন কটাইছিল।বন্ধুবৰ্গৰ সৈতে দিনৰ দিনটো আৰু মাজ নিশালৈকে আড্ডা পিটি থকাই আছিল তেওঁৰ কাম।খোৱা-বোৱা ,পিন্ধা-উৰা কোনো কথাতে তেওঁৰ লাগ-বান্ধ নাছিল।সমসাময়িক প্ৰকাশ পণ্ডিতৰ মতে,তেওঁ আছিল বহেমিয়ান স্বভাৱৰ লোক।পুৱা এঘাৰ বজাৰ আগতে তেওঁ কেতিয়াও শুই নুঠিছিল।শুই উঠাৰ লগে লগে বেমাৰী আৰু বৃদ্ধা মাকে দিয়া চাহ-কাপ খাই তেওঁ হাত-মুখ ধুইছিল আৰু দিনটো অনৰ্গল কথা কৈ গৈছিল।মাজ নিশালৈকে তেওঁৰ মুখ জাপ নাখাইছিল।চিগাৰেটৰ পাছত চিগাৰেট ,মদৰ পাছত মদ খাই খাই তেওঁ বন্ধুবৰ্গৰ সৈতে আজে-বাজে কথাৰ আড্ডা পিটিছিল,কেতিয়াবা শ্বেৰ-শায়েৰী ,গজলৰ মেহফিল বহুৱাইছিল।কোনো ফিল্মৰ বাবে গীত লিখি পোৱা সমস্ত টকা তেওঁ বন্ধুবৰ্গৰ ওপৰতে ঢালি দিছিল।
       মদৰ আড্ডা মাজনিশালৈকে চলাৰ পাছত এজন এজনকৈ সকলো গুচি যোৱাৰ পাছত তেওঁ যেতিয়া অকলশৰীয়া হৈ পৰিছিল ,তেতিয়া বহু সময় ধৰি অস্থিৰভাৱে বিচনাত চটফটাই থকাৰ পাছত টোপনি গৈছিল।অকলশৰীয়া মূহুৰ্তবোৰ তেওঁৰ বাবে আছিল অসহনীয়।নিজৰ এই অসহনীয় নিৰ্জনতাৰ সময়খিনিতো কাৰোবাৰ উপস্থিতি তেওঁৰ বাবে আছিল অত্যন্ত প্ৰয়োজনীয়।সেয়ে দৰমহা দি তেওঁ সকলো সময়তে লগত থকাকৈ এজন মানুহ ৰাখিছিল।মানুহজনৰ কাম আছিল নিশা সকলো বন্ধুবৰ্গ গুচি যোৱাৰ পাছতো তেওঁ সাহিৰৰ কোঠাত মজুত থাকিব লাগিব।তেওঁ কেৱল শুনি থাকিব লগা সাহিৰৰ মুখৰ পৰা ওলাই অহা অনৰ্গল বকবকনি।
        দিনটোত লগ পোৱা বিভিন্ৱ জনৰ কথাবোৰ তেওঁ পৰ্যালোচনা কৰিছিল আৰু তেওঁলোকৰ মূঢ়তাক ব্যংগ কৰিছিল।সেই সময়ত তেওঁ  সংসাৰৰ সকলো মানুহক তেনেই মুৰ্খ আৰু তুচ্ছ যেন অনুভৱ কৰিছিল।তেনে মুৰ্খ আৰু 'মতলবী' বন্ধুবৰ্গৰ বাবে  নিজৰ অমূল্য সময় আৰু টকা-পইচা খৰচ কৰাৰ বাবে তেওঁ অনুশোচনা কৰিছিল আৰু ভৱিষ্যতে খৰচ নকৰাৰ দৃঢ় সংকল্প লৈছিল।কিন্তু পাছদিনা তেওঁলোকক লগ পোৱাৰ লগে লগে নিজৰ সকলো সিদ্ধান্তৰ কথা তেওঁ পাহৰি গৈছিল আৰু আকৌ আগৰ দৰেই মদৰ বটল খুলি আড্ডা মাৰিবলৈ বহি গৈছিল।
      নিজৰ খোৱা-বোৱা ,পিন্ধা-উৰাৰ সম্পৰ্কত তেওঁ আছিল সম্পূৰ্ণৰূপে বেপৰুৱা।জীৱনৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁ কেতিয়াও ল'ব নোৱাৰিছিল।তেওঁৰ এনে স্বভাৱৰ বাবে বন্ধুবৰ্গই কেতিয়াবা তেওঁক নাভূত-নাশ্ৰুত কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দি বহুৱা সজাইছিল।দুপৰীয়াৰ আহাৰত আইচক্ৰিম পৰ্যন্ত তেওঁক খুৱাইছিল।বন্ধুবৰ্গই যি কৈছিল তেওঁ তাকেই কৰি গৈছিল।নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁ ইমানেই অসচেতন আছিল যে চিকিৎসকৰ পৰামৰ্শকো আওকাণ কৰি তেওঁ জীৱনৰ শেষ বয়সলৈকে চিগাৰেট আৰু মদ এৰা নাছিল।ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।
       ইতিমধ্যে বোম্বাইৰ চলচিত্ৰ জগতত তেওঁ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।খাজা আহমদ আব্বাছ,গুলজাৰ,খায়াম,চৰ্দাৰ জাফৰি,লতা মংগেশকাৰ ,কিশোৰ কুমাৰ ,মহেন্দ্ৰ কাপুৰ,দিলীপ কুমাৰ আদিৰ দৰে চলচিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সৈতে তেওঁৰ পৰিচয় আৰু অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠিছিল।পঞ্চাশ আৰু ষাঠীৰ দশকত -ধুল কা ফুল,বৰষাত কে ৰাত ,গুমৰাহী , কভি কভি ,তাজমহল,নয়া দৌৰ,প্যাসাঁ আদিৰ দৰে অলেখ ছবিৰ বাবে তেওঁ গীত লিখিছিল।তেওঁ লিখা- চল’ এক বাৰ হম অজনবী  বন জায়েঁ, মেই
পল দ’ পল কে শায়ৰ , কভি কভি মেৰে দিল মে খয়াল আতা হে ,খ'য়া খয়া চান্দ খুলা আচমান, তেৰে ঘৰ কে সামনে এক ঘৰ বনাওঁগা , দিল কা ভৱৰ কৰে পুকাৰ আদি গীত অত্যন্ত জনপ্রিয় হৈ উঠিছিল।
        খ্যাতি আৰু জনপ্রিয়তাৰ লগে লগে সাহিৰ
লুধিয়ানৱীৰ জীৱনলৈ গাড়ী ঘোঁৰা, বঙলা, ধন- ঐশ্বর্য সকলাে আহিছিল। এতিয়া তেওঁ ব্যস্ত হৈ উঠিছিল গীত ৰচনাৰ লগে লগে সুৰ সংযােজনাৰ সৈতেও। লাহে লাহে ছবিৰ স্ক্রিপ্ত লিখা, পৰিচালনা কৰা আৰু প্রযােজনা কৰা কামতো তেওঁ হাত দিছিল। অৱশ্যে এই কথা সত্য যে, সাহিৰ লুধিয়ানৱী প্রযােজক পৰিচালক হিচাপে বিশেষ সফল হ’ব পৰা নাছিল।সফলতা তেওঁ লাভ কৰিছিল গীত ৰচনাৰ জৰিয়তেহে। সঁচা অৰ্থত চলচিত্র জগতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল সাহিৰ লুধিয়ানৱীয়ে।চলচিত্র সমালােচক সকলৰ মতে তেওঁৰ গীতসমূহ আছিল সেই সময়ৰ চলচিতসমূহৰ প্রাণ বা অাত্মা স্বৰূপ।
     যি সময়ত সাহিৰ লুধিয়ানৱীৰ নাম এগৰাকী উর্দু কবি (শায়ৰ) আৰু গজলৰ ফনকাৰ ৰূপে প্রসিদ্ধ হৈ উঠিছিল সেই সময়ত ইকবালৰ পৰৱৰ্তী কবি ফিৰাক,ফৈজ,মজাজ আদিৰ কবিতা মানুহৰ মুখে মুখে আছিল।গতিকে স্বাভাৱিকতে এই সকল কবিৰ প্রভাৱ তেওঁৰ প্ৰথমাৱস্থাৰ কবিতা সমূহত নপৰাকৈ থকা নাছিল। কিন্তু ক্রমে ক্রমে তেওঁৰ কবিতাত চিন্তাৰ মৌলিকত্ব আৰু ভাৱৰ গভীৰতাই এক নতুন মাত্রা প্রদান কৰিছিল। ব্যক্তিগত প্ৰেমৰ যন্ত্ৰণাৰে সিক্ত হৈ আছিল তেওঁৰ গীত আৰু কবিতাসমূহ। তেওঁ লিখিছিল-' মেৰা ত কুছ ভী  নেহী, মেই ৰ' ৰ' কে জী লুংগা/মগৰ খােদা কে লিয়ে তুম গম ন ৰহ’ /হুৱা হী ক্যা জ' জমানে নে তুমক' ছিন লিয়া/ য়াহাঁ পে কৌন হুৱা হে' কিসকা ?”
     প্ৰেমৰ অন্ধগলিত বাট হেৰুৱাই সাহিৰ লুধিয়ানৱীয়ে সাময়িক ভাৱে এটা লক্ষ্য আৰু আদৰ্শহীন,উচ্ছৃৃংখল জীৱন অতিবাহিত কৰিলেও তেওঁ ক্রমাম্বয়ে কঠোৰ বাস্তৱক আঁকোৱালী ল'বলৈ শিকিছিল। “দিল ক' হৰ তৰহ সে বৰবাদ  কিয়া হে’ মেইনে ' বুলি কোৱাৰ পাছতো  তেওঁ উপলদ্ধি কৰিলে - ' ইস্ক নাকাম সহী/জিন্দগী নাকাম  নহী '  ।
     চহৰৰ সুউচ্চ অট্টালিকাৰ তলত বাস কৰা গৃহহীন নাঙঠ, ভোকাতুৰ  শিশুবোৰৰ আৰ্তচিৎকাৰ,কল-কাৰখানাত অবিশ্ৰান্তভাৱে কাম কৰি যোৱা  শ্ৰমিকৰ দুখ-যন্ত্ৰণা, বদনাম গলিত বিক্ৰী হৈ যোৱা যৌৱনৰ অপমৃত্যু ,সমাজৰ ব্যভিচাৰ,মানৱতাৰ স্খলন আদিয়ে সাহিৰৰ চকু মোকলাই দিলে।তেওঁ লিখিলে- ' য়ে কাৰখানো  মে লোহে কা শৌৰগুল /জিসমে হে দফন লাখ গৰীৱ কী ৰুহ কা নগমা/য়ে গম বহুত হে মেৰি জিন্দগী মিটানে কো/উদাস ৰুহকে মেৰে দিল কো/তোমহাৰে গম কে সিৱা ঔৰ ভী গম হে..'।
      স্বত:স্ফূৰ্তভাৱে  সাহিৰ লুধিয়ানৱীৰ পৰৱৰ্তী কালৰ গীত আৰু কবিতাসমূহত সাহিত্যৰ প্ৰগতিশীল  ধাৰা স্পষ্টভাৱে ধৰা দিবলৈ আৰম্ভ কৰিছিল।1947 চনৰ দেশ বিভাজনৰ পাছতো সাহিৰ লুধিয়ানৱী সাম্প্ৰদায়িকতাৰ  উৰ্ধত এগৰাকী মানৱ দৰদী কবি হিচাপে  ভাৰতৰ শত সহস্ৰ শ্ৰমজীৱি জনতাৰ দুখ যন্ত্ৰণাৰ সৈতে একাত্ম হৈ পৰিছিল।সেই সময়ত তেওঁ  লিখা ' সাথী হাথ বঢ়ানা'ৰ দৰে গীত মেহনতী জনতাৰ বাবে এক নতুন উদ্যম আৰু প্ৰেৰণা স্বৰূপ হৈ উঠিছিল।আন এটি গীতত তেওঁ লিখিছিল-
       সদিয়ঁ তক চুপ ৰহনে ৱালে ,অব অপনা হক
       লেকে ৰহেংগে
       জ কৰনা হে খুলকে কৰেংগে,জ কহনা হে 
       সাফ কহেংগে
       জীতে জী ঘুঁত ঘুঁত কৰ মৰনা 
       ইস য়ুগ কা  দস্তুৰ নেহি....

      পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্যায় আৰু অবিচাৰৰ বলি হৈ  নাৰী উপভোগৰ সামগ্ৰী হৈ পৰা তেওঁ যেতিয়া  দেখিছিল তেতিয়া সমস্ত পুৰুষ জাতিকে ভৎসৰ্না কৰি তেওঁ লিখিছিল-"ঔৰত নে জনম দিয়া মৰ্দ কো/মৰ্দ নে উসে বাজাৰ দিয়া/জৱ জী চাহা মচলা কুচলা/জৱ জী চাহা দুৎকাৰ দিয়া...'।
      জীৱনৰ সুদীৰ্ঘ কাল বোম্বাইত থাকি তাৰ অলিয়ে গলিয়ে বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্য প্ৰত্যক্ষ কৰা সাহিৰ লুধিয়ানৱীয়ে কোনো কালেই সাম্প্রদায়িক সংঘৰ্ষ,হিন্দুস্তান-পাকিস্তানৰ বিভাজন আদি বিষয়বোৰক অন্তৰেৰে মানি ল'ব পৰা নাছিল।সেই বাবেই দেশ বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গৈয়ো আকৌ উভতি আহিছিল আৰু  মৃত্যুৰ শেষ দিন পর্যন্ত ভাৰতবৰ্ষতে বাস কৰিছিল।মাৰ্ক্সবাদত গভীৰ আস্থা ৰখা কবি সাহিৰ লুধিয়ানৱীয়ে হিন্দুস্তান আৰু পাকিস্তান দুয়োখন দেশকে নিজৰ দেশ বুলি আকোঁৱালী লৈছিল।সাম্প্ৰদায়িকতাৰ বিৰূদ্ধে তেওঁ লিখা এটি গীত আছিল -' তু হিন্দু বনেগা না মুছলমান বনেগা/ইনসান কী  ঔলাদ হে /ইনসান বনেগা /...মালিক নে হৰ ইনসান কো ইনসান বনায়া/হমনে ওসে হিন্দু য়া মুচলমান বনায়া..' ।
       1980 চনৰ 25 অক্টোবৰত সাহিৰ লুধিয়ানৱীৰ মৃত্যু হয়।জীৱনৰ শেষৰ ফালে নিজৰ জীৱনলৈ পৰোৱা নকৰি তেওঁ যন্ত্ৰণাৰ উপশম ঘটাবলৈ অত্যাধিক মদ্যপান কৰিছিল বুলি জনা যায়।আৰু সেইবাবে তেওঁৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছিল। কিন্তু নিজক 'শায়ৰ' অৰ্থাৎ কবি কৰি তােলাৰ যি ইচ্ছা বুকুত বান্ধি লুধিয়ানাৰ আব্দুল হাৱী এদিন বােম্বাইলৈ আহিছিল সেই ইচ্ছা তেওঁৰ পূৰ্ণ হৈছিল। তেওঁৰ গীত আৰু কবিতা সমূহ ইংৰাজী, ৰুচ, আৰবী, ফার্চী, চেক আদি বিভিন্ন ভাষালৈ অনুদিত হৈছিল। 'তাজমহল’ ছবিৰ 'জ' ৱাদা কিয়া ৱহ নিভানা পৰেগা ’ গীতৰ বাবে তেওঁ লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্রেষ্ঠ সন্মান। আন এখনি গ্ৰন্থ 'আৱ' কি কোই খ'ৱাব বুনে 'ৰ বাবে তেওঁ 'ছােভিয়েত নেহৰু এৱাৰ্ড ' আৰু উর্দু একাডেমী এৱাৰ্ড লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰৰ দ্বাৰা ১৯৭১ চনত পদ্মশ্রী সম্মানেৰে সন্মানিত হৈছিল। ভাৰত-পাক যুদ্ধৰ সময়ছােৱাত ভাৰতীয় সেনা বাহিনীয়ে সীমান্তৰ এটা চকীৰ নামকৰনাে তেওঁৰ নামেৰে কৰিছিল। তেওঁৰ মৃত্যুত মহেন্দ্র কাপুৰে কৈছিল— 'I don't think a writer like Sahir Ludhiyanvi will be born again. ।(সমাপ্ত)






জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা                                                      - বীৰ্কে বি থাপা     অসমীয়া ভাষা বুলি ক...