Tuesday, December 8, 2020

ভল্টেয়ৰৰ কাঁদিদ আৰু আশাবাদ

    ভল্টেয়ৰৰ 'কাঁদিদ' আৰু আশাবাদ
                                                 -  বীৰ্কে বি.থাপা

         লিচবনৰ প্ৰবল ভূমিকম্পই আছিল প্ৰকৃততে ভল্টেয়ৰৰ 'কাঁদিদ'(Candide) ৰচনাৰ মূল প্ৰেৰণা।1755 চনৰ 1 নৱেম্বৰত পৰ্টুগালৰ লিচবন চহৰত সংঘটিত হোৱা এই ভূমিকম্পৰ আগলৈকে ভল্টেয়ৰেও লাইবনিওজ(Leibniz) ৰ দৰেই গভীৰভাৱে বিশ্বাস কৰিছিল যে পৃথিৱীত ঘটা সকলো ঘটনাই মানুহৰ ভালৰ বাবেই ঘটে।
        জাৰ্মান দাৰ্শনিক ও গণিতজ্ঞ লাইবনিওজ (1645-1716)ৰ মত আছিল-All is for the best in this best of all possible worlds. অষ্টাদশ শতিকাত লাইবনিওজৰ এই মতবাদে সমগ্ৰ ইউৰোপত ব্যাপক প্ৰসাৰতা লাভ কৰিছিল।কিন্তু খৃষ্টীয়সকলৰ পবিত্ৰ 'অল চেইণ্টচ ডে' উপলক্ষে লিচবনৰ গীৰ্জাত প্ৰাৰ্থনাৰ বাবে সমৱেত হোৱা হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বনিতাৰ যেতিয়া সেই প্ৰচণ্ড ভূমিকম্পৰ ফলত মুহূৰ্ততে মৃত্যু ঘটিছিল ,হাজাৰজনে যেতিয়া জীৱন আৰু মৃত্যুৰ দুৱাৰডলিত আৰ্ত চিৎকাৰ কৰি আকাশৰ বুকু বিদীৰ্ণ কৰিছিল-তেতিয়াই  ভল্টেয়ৰৰ ঈশ্বৰ তথা আধ্যাত্মিক বিশ্বাসৰ ভেঁটি প্ৰথম বাৰৰ বাবে কঁপি উঠিছিল।অষ্টাদশ শতিকাৰ লাইবনিওজীয় আশাবাদৰ বিৰুদ্ধে তেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিছিল।সেই সময়ত লিখা কবিতাসমূহত তেওঁ ঈশ্বৰ- বিশ্বাস সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে-সেই কণ কণ শিশুবোৰে এনে কি পাপ কৰিছিল যাৰ বাবে সিহঁতক মাকৰ বুকুতে ৰক্তাক্ত মাংসপিণ্ডলৈ পৰিণত কৰা হ'ল? পেৰিচৰ গীৰ্জাৰ পুৰোহিতসকলে ভৱাৰ দৰে লিচবনৰ ভূমিকম্পৰ কাৰণ পৰ্টুগীজসকলৰ পাপ বুলি বিশ্বাস কৰাৰ কিবা যুক্তি আছেনে?
      অষ্টাদশ শতিকাৰ ইউৰোপত ভল্টেয়ৰৰ সেই প্ৰশ্নৰ যুক্তিনিষ্ঠ উত্তৰ দিব পৰা শক্তি কোনো ৰক্ষণশীল ব্যক্তিৰ নাছিল।সেয়ে তেওঁৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ গীৰ্জাসমূহ খড়্গহস্ত হৈ থিয় দিছিল।তেনে এক প্ৰতিকুল পৰিস্থিতিত ভল্টেয়ৰে ৰচনা কৰিছিল তেওঁৰ যুগজয়ী উপন্যাস-'কাঁদিদ'।উপন্যাসখন প্ৰকাশ পাইছিল লিচবনৰ ভূমিকম্প সংঘটিত হোৱাৰ প্ৰায় চাৰি বছৰ পাছত 1759  চনত ।প্ৰচলিত বিশ্বাসৰ বিৰূদ্ধে জেহাদ ঘোষণা কৰা এই উপন্যাসখনত ভল্টেয়ৰৰ ব্যক্তিগত জীৱন আৰু দৰ্শনৰো স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।
      1694 চনত পেৰিচত জন্ম গ্ৰহণ কৰা ভল্টেয়ৰৰ প্ৰকৃত নাম ফ্ৰাঁচোৱা মাৰি আৰৱেই(Francois Marie Arouet)। শিক্ষা জীৱনত তেওঁ শিক্ষাগুৰুসকলৰ পৰা সংশয়বাদ আৰু দ্বন্দাত্মক তৰ্কশাস্ত্ৰৰ  শিক্ষা লাভ কৰিছিল।এই শিক্ষাই তেওঁৰ জীৱনত সৰ্বগ্ৰাসী প্ৰভাৱ পেলাইছিল।তেওঁ হৈ পৰিছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন কঠোৰ সমালোচক আৰু তাৰ্কিক।কলেজীত্রা জীৱনত আইনৰ ছাত্ৰ হোৱা স্বত্তেও ভল্টেয়ৰে সমালোচনাত্মক গদ্য আৰু কবিতাকে ৰক্ষণশীলতাৰ বিৰূদ্ধে অস্ত্ৰ হিচাপে তুলি লৈছিল।নিৰ্ভীক সমালোচনাৰ বাবে তেওঁ যথেষ্ট দুখো ভোগ কৰিবলগীয়া হৈছিল।1715 চনত চতুৰ্দশ লুইৰ মৃত্যুৰ পাছত ফ্ৰাঞ্চৰ শাসনভাৰ ৰিজেণ্ডৰ হাতলৈ যোৱাত ভল্টেয়ৰে স্বচ্ছাচাৰী শাসকৰ বিৰূদ্ধে ব্যংগবান নিক্ষেপ কৰি কবিতা লিখাৰ অপৰাধত 1716 চনত তেওঁক বেষ্টিলৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।কাৰাগাৰত বন্দী হৈ থকা কালতে তেওঁ 'ভল্টেয়ৰ' ছদ্মনামটো গ্ৰহণ কৰিছিল।বন্দীশালৰ পৰা ওলায়ে ভল্টেয়ৰে 1718 চনত 'অদীপ'(Oedipe) নামৰ এখন নাটক লিখি মঞ্চস্থ কৰাইছিল।তাৰ পৰাই আৰম্ভ কৰি সুদীৰ্ঘ 83 বছৰীয়া জীৱনকালত ৰচনা কৰা সমস্ত ৰচনাৱলীত তেওঁ অষ্টাদশ শতিকাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ চিত্ৰ অংকণ কৰিবলৈ চেষ্টা কৰি গৈছিল।
       প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অষ্টাদশ শতিকাৰ ৰক্ষণশীল সমাজৰ বিপৰীত মেৰুত থিয় হৈ গীৰ্জাৰ নিয়ম আৰু যাজকশক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ আহ্বান জনাইছিল।বাইবেলৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত সংশয় প্ৰকাশ কৰি তেওঁ সমালোচনা লিখিছিল আৰু 'অ'ল্ড টেষ্টামেন্ট'ৰ কাহিনী আৰু কালৰ বিসংগতিক স্পষ্টকৈ দেখুৱাই দিছিল।এনেধৰণৰ বিষয়বস্তুৰ বাবেই তেওঁৰ 'কাঁদিদ' নামৰ উপন্যাসখনেও ৰক্ষণশীল সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
       উল্লেখযোগ্য যে,'কাঁদিদ' উপন্যাসত বৰ্ণিত ড:পেনগ্লছ নামৰ চৰিত্ৰ এটাৰ জৰিয়তে ভল্টেয়ৰে লাইবনিওজীয় মতবাদটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।ড: পেনগ্লচ এগৰাকী অধ্যাপক আৰু তেওঁ লাইবনিওজৰ দৰেই  বিশ্বাস কৰে যে সমগ্ৰ বিশ্বই হৈছে  এক গাণিতিক পদ্ধতি আৰু এই জগতত ঘটা প্ৰতিটো ঘটনাৰ এটা শৃংখলাবদ্ধ পৰম্পৰা বা ধাৰাবাহিকতা আছে।পৃথিৱীত ঘটা সকলো ঘটনাই ভালৰ বাবে ঘটে বুলি বিশ্বাস কৰা অধ্যাপক গৰাকীয়ে কয়-Things can not be other than they are. For, since everything is made for a purpose, everything must be for the best possible purpose.
      ড: পেনগ্লচ এগৰাকী অধ্যাপক।এই গৰাকী অধ্যাপকৰ অধীনতে কাঁদিদ নামৰ যুৱক এজনে  অধ্যয়ন কৰে।কাঁদিদে ড: পেনগ্লচৰ প্ৰতিটো কথাকে নিৰ্বিবাদে বিশ্বাস কৰে।সৃষ্টিৰ সকলো বস্তুতে ইতিবাচক সংযোগ বা আন্ত: সম্পৰ্ক লক্ষ্য কৰা অধ্যাপকগৰাকীৰ প্ৰভাৱত কাঁদিদ হৈ পৰিছে সকলো কথাতে প্ৰবল আশাবাদী।কিন্তু লেখক হিচাপে ভল্টেয়ৰৰ উদ্দেশ্য আছিল-কাঁদিদৰ এই অন্ধ -আশাবাদৰ ওপৰত আঘাত সানি,কাঁদিদৰ জীৱনত উপৰ্যোপৰি দুৰ্যোগৰ ঢল বোৱাই আনি তেওঁক এই কথাই প্ৰতীয়মান কৰিবলৈ শিকোৱা যে সমগ্ৰ বিশ্ব-বিধান প্ৰকৃততে মানুহৰ প্ৰতি নিৰ্মমভাৱে উদাসীন।
      উপন্যাসখনৰ কাহিনী আৰু ঘটনাক্ৰম আগবাঢ়িছে এনেদৰে: বেৰন দম্পত্তিৰ কন্যা কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত কাঁদিদক ৱেষ্টফেলিয়াৰ বৃহৎ প্ৰাসাদৰ পৰা বাহিৰ কৰি দিয়া হৈছে ।প্ৰেয়সীৰ সৈতে হোৱা বিচ্ছেদৰ পাছত কাঁদিদে ভগ্ন হৃদয়েৰে আৰম্ভ কৰিছে লক্ষ্য-উদ্দেশ্যহীন এক দীঘলীয়া যাত্ৰা।যাত্ৰাপথত তেওঁ মুখামুখি হৈছে বুলগেৰীয় সেনাৰ সৈতে আৰু সৈন্যবাহিনীত ভৰ্তি হৈ গুছি গৈছে যুদ্ধক্ষেত্ৰলৈ।যুদ্ধৰ নাৰকীয় দৃশ্যই কাঁদিদৰ মনত সৃষ্টি কৰিছে যুদ্ধৰ প্ৰতি তিক্ততা।
     এদিন আহত অৱস্থাৰেই যুদ্ধক্ষেত্ৰৰ পৰা পলাই  যাওঁতে হলেণ্ডৰ পদপথত অকস্মাতে কাঁদিদে লগ পায় ৰোগগ্ৰস্ত আৰু গলিত দেহাৰে ভিক্ষাৰীৰ দৰে পৰি থকা এসময়ৰ শিক্ষাগুৰু ড: পেনগ্লচক।ক্ষয়ৰোগত ভূগি থকাৰ উপৰিও বেৰনৰ প্ৰাসাদত এগৰাকী পৰিচাৰিকাৰ সৈতে অবৈধ যৌনাচাৰত লিপ্ত হোৱাৰ ফলস্বৰূপে  যৌনৰোগতো আক্ৰান্ত হৈ ড:পেনগ্লচৰ এই অৱস্থা হৈছিল।জীৱনৰ এনে দুৰ্যোগপূৰ্ণ আৰু কঠিনতম সময়তো কিন্তু তেওঁৰ আশাবাদৰ মৃত্যু ঘটা নাই।বিশ্বৰ প্ৰতিটো কাৰ্যকৰণতে পাৰস্পৰিক আন্ত: সংযোগ দেখা পোৱা অধ্যাপকগৰাকীয়ে সেই যৌন ৰোগৰ কাৰণ হিচাপে কলম্বাচৰ প্ৰসংগক টানি আনিছে।তেওঁৰ মতে কলম্বাচে আমেৰিকাৰ পৰা এই ৰোগ কঢ়িয়াই আনিছিল।কলম্বাচে এই ৰোগ কঢ়িয়াই ননা হ'লে আমি আজি ইমানবোৰ ঔষধ পালোঁহেঁতেন নে?অধ্যাপকগৰাকীৰ যুক্তিয়েই আছিল এনেধৰণৰ।নাকৰ আকৃতি সম্পৰ্কে যুক্তি দৰ্শাই তেওঁ কৈছিল যে নাকৰ এই আকৃতিৰ বাবেই আমি চচমা পিন্ধিব পাৰিছোঁ।শিলৰ সৃষ্টি হৈছে দুৰ্গ নিৰ্মান কৰিবলৈ।গাহৰীৰ প্ৰজনন ব্যাপক হাৰত বৃদ্ধি হৈছে যাতে আমি গোটেঅ বছৰ ধৰি গাহৰিৰ মাংসৰ সোৱাদ লৈ থাকিব পাৰোঁ।মূলত: তেওঁৰ সকলো যুক্তিয়েই আছিল ওলোটা।
        ডঃ পেনগ্লচৰ যোগেদি কাঁদিদে জানিব পাৰিছে  যে বুলগেৰীয় সৈন্যৰ হাতত বেৰন দম্পত্তি আৰু তেওঁলোকৰ কন্যা কুনেগুণ্ডেৰ মৃত্যু হোৱা কথা। কুনেগুণ্ডেৰ মৃত্যুৰ বাতৰি শুনি কাঁদিদ মৰ্মাহত হৈছে।
        তাৰ পাছতে জাহাজত উঠি কাঁদিদে লিচবন অভিমুখে যাত্ৰা কৰিছে।জাহাজ গৈ লিচবনৰ ওচৰ পোৱাৰ আগমুহূৰ্ততে আৰম্ভ হ'ল প্ৰচণ্ড ধুমুহা- বৰষুণ।ফলত জাহাজ পানীত ডুব গ'ল।ড:পেনগ্লচ আৰু কাঁদিদে কাঠ এডোখৰৰ সহায়ত কোনোমতে পাৰত আহি উঠাত প্ৰাণৰক্ষা পৰিল।যি মুহূৰ্ততে আহি তেওঁলোক পাৰত উঠিল,প্ৰচণ্ড ভূমিকম্পই পৃথিৱী কঁপাই তুলিলে।
       1755 চনৰ 1 নভেম্বৰ তাৰিখে সংঘটিত হোৱা লিচবনৰ সেই ইতিহাস প্ৰসিদ্ধ ভূমিকম্পটোৰ বিষয়ে ভল্টেয়ৰে উপন্যাসখনত লিখিছে--After the earthquake which destroyed three quarters of Lisbon,the county's leading thinkers decided that the best way of avoiding total destruction of the city was to give the people an auto-da-fe.-প্ৰচলিত বিশ্বাস অনুসৰি,অট'-ডা-ফে'ৰ আয়োজন কৰি লিচবনত পাপী লোকসকলক ধৰি নি পাপৰ প্ৰায়শ্চিত্ত হিচাপে জুইত পুৰি মৰা হৈছিল।লিচবনৰ ভূমিকম্পৰ কাৰণ পাপ বুলি গণ্য কৰা লোকলকলৰ ভিতৰত ' Leading Thinkers ' সকলো আছিল।
        কিন্তু যি সময়ত ভূমিকম্পক ৰোধ কৰিবৰ বাবে পাপী লোকসকলক ধৰি নি জুইত পেলোৱা কাৰ্য চলি আছিল ঠিক সেই সময়তে পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰবল ভূমিকম্পৰ জোঁকাৰণিত পৃথিৱী কঁপি উঠিল।নিমিষতে গীৰ্জাৰ চূড়া খহি পৰিল আৰু অজস্ৰ লোকৰ মৃত্যু ঘটিল।চাৰিওফালে ধ্বংসাৱশেষ আৰু ৰক্তাক্ত মৃতদেহবোৰ দেখি কাঁদিদৰ বুকুয়ে কান্দি উঠিল।যি লাইবনিওজীয় আশাবাদ ইমানদিনে তেওঁ পুহি ৰাখিছিল সেয়া নিমিষতে শেষ হৈ গ'ল।ভগৱানৰ অস্তিত্ব সন্দৰ্ভত তেওঁৰ মনত সন্দেহৰ সৃষ্টি হ'ল।পাপীসকলক পাপৰ শাস্তি দিবলৈকে যদি ভগৱানে এই ভূমিকম্প পঠিয়াইছিল তেন্তে এই এই শ শ,হাজাৰ হাজাৰ অবোধ শিশুৱে এনে কি পাপ কৰিছিল যে তেওঁলোকক মাৰি পেলোৱা হ'ল?
      ইয়াৰ পাছতে উপন্যাসখনৰ কাহিনীয়ে এক নতুন গতি লৈছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-বুলগেৰীয় সৈন্যৰ হাতত প্ৰকৃততে কুনেগুণ্ডেৰ মৃত্যু হোৱা নাছিল।সৈন্যবাহিনীৰ কেপ্তেইন এজনৰ কৃপাত তাইৰ জীৱন ৰক্ষা পৰিল।কিন্তু তাইৰ জীৱন ভোগৰ সামগ্ৰিলৈ পৰিণত হ'ল।জুৱা খেলত হাৰি কেপ্তেইনজনে তাইক ইহুদী এজনৰ হাতত বেচি দিছিল।এগৰাকী বৃদ্ধাৰ সহযোগত কাঁদিদে পুনৰ লগ পালে কুনেগুণ্ডেক আৰু বিয়া কৰালে।
       কুনেগুণ্ডেক বিয়া কৰোৱাৰ পাছত কিন্তু কাঁদিদ সুখী হ'ব নোৱাৰিলে।কাৰণ,বিয়াৰ পাছত তাই পূৰ্বৰ সৌন্দৰ্য হেৰুৱাই পেলাইছিল আৰু খিংখিঙীয়া স্বভাৱৰ হৈ উঠিছিল।কাঁদিদৰ জীৱন তিক্ত হৈ উঠিল।তথাপিতো কিন্তুু নিজৰ বিশ্বাসত অতল ড:পেনগ্লচ।কাঁদিদক তেওঁ সান্ত্বনা দিয়ে-'ভাৱি চোৱাঁ,তুমি যদি কুনেগুণ্ডেক ভাল পোৱাৰ অপৰাধত সেই বেৰনৰ প্ৰাসাদৰ পৰা বহিস্কৃত নহ'লাহেঁতেন আৰু যদি আমেৰিকা ভ্ৰমণ কৰি এল্ ডৰেট'ৰ পৰা ওভতোতে লগত অনা ভেঁড়াবোৰ নেহেৰুৱালাহেঁতেন,তেন্তে তুমি আজি ইয়াত নাথাকিলাহেঁতেন আৰু ইয়াৰ মিঠা সুমথিৰা আৰু বাদাম খাব নাপালাহেঁতেন।'
        বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি তেওঁলোক তুৰস্কত উপস্থিত হৈছেহি।তাত ফলমূলৰ বাগিচা পাতি নতুন জীৱন আৰম্ভ কৰিছে।কিন্তু কুনেগুণ্ডেৰ কদৰ্য ৰূপ,খিংখিঙীয়া স্বভাৱে কাঁদিদৰ জীৱন বিপক্ত কৰি তুলিছে।ক্লান্ত,ৰোগগ্ৰস্ত,বিবৰ্ণ-মলিন কাঁদিদে পুনৰ যাত্ৰা আৰম্ভ কৰিলে এখন 'নতুন পৃথিৱী'ৰ সন্ধানত।যাত্ৰাপথত তেওঁ এইবাৰ মুখামুখি হ'ল এদল অশ্বাৰোহী সৈন্যৰ।অশ্বাৰোহী সৈন্যৰ গুলী লাগি তেওঁৰ এখন ভৰি পংগু হৈ পৰিল।অসহ্য যন্ত্ৰণাত ছটফটাই থকা কাঁদিদে ডঃ পেনগ্লচক উদ্দেশ্যি ক'লে-'Ah Pangloss, Pangloss....What would become of your optimism if you could see me now lacking a leg and in the  hands of my betterest enemies...?'
        আকৌ আৰম্ভ হৈছে কাঁদিদৰ যাত্ৰা।এই যাত্ৰাপথত তেওঁ ক্ষণিক সুখৰ বাবে পৰনাৰীৰ বাহুপাশতো আৱদ্ধ হৈছে।সেই সুখকৰ মুহূৰ্তৎ  তেওঁৰ ধাৰণা হৈছে-ড: পেনগ্লচৰ কথাই যেন সত্য-Everything is for the best.
        উপন্যাসখনৰ শেষত কাঁদিদৰ কোলাত মূৰ থৈয়ে ড: পেনগ্লচে শেষ নিশ্বাস ত্যাগ কৰিছে।এই মৃত্যুৰ মাজেৰেই প্ৰকৃততে প্ৰবল যুক্তিবাদী ভল্টেয়ৰে অৱশেষত লাইবনিওজীয় দৰ্শনৰ চৰম পৰাজয় প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
        জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ অভিজ্ঞতাৰে কাঁদিদে বুজি উঠিছে যে বিশ্ব-প্ৰকৃতিত সংঘটিত সকলো ঘটনাই স্বতন্ত্ৰভাৱে সংঘটিত,কেৱল অহেতুক কিছুমান সংযোগে মানুহক হতবাক কৰি তোলে। Everything is for the best বুলিও কোনো কথা নাই।
       জীৱনত অলেখ তিক্ত অভিজ্ঞতা লাভ কৰা কাঁদিদে শেষত জেনইদা নামৰ এগৰাকী নাৰীৰ প্ৰেমত পুনৰ সুখৰ সন্ধান কৰিছে আৰু তেওঁ উপলদ্ধি কৰিছে-Everything is not so good.. but everything is not too bad.এনেকৈয়ে প্ৰকৃততে অষ্টাদশ শতিকাৰ অত্যন্ত যুক্তিবাদী দাৰ্শনিক ভল্টেয়ৰে পৰম্পৰাগত কেথলিক ধৰ্মীয় বিশ্বাস,লাইবনিওজীয় দৰ্শন আদিৰ প্ৰকাশ্যে বিৰুধিতা কৰি যুক্তিবাদক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।উপন্যাসখনৰ জৰিয়তে ভল্টেয়ৰৰ 'আশাবাদ'ৰো প্ৰতিফলন ঘটিছে।(সমাপ্ত)

নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা

      নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা
                                                                   -   বীৰ্কে বি. থাপা

        আশীৰ দশকৰ অসম আন্দোলনৰ সময়ছোৱাত আত্মপ্ৰকাশ কৰি অসমীয়া সংবাদ জগতত এক প্ৰকাৰৰ নতুন গণমুখী সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰা এজন অতি নিৰ্ভীক সাংবাদিক আছিল পৰাগ কুমাৰ দাস। কেৱল সাধাৰণ সংবাদ পৰিৱেশনতে আৱদ্ধ হৈ নাথাকি  তেওঁ অসমৰ ওপৰত চলি থকা কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ আৰু বঞ্চনা তথা অবৈধভাৱে ঘটি থকা বাংলাদেশী প্ৰব্ৰজন আৰু তাৰ পৰিণতি স্বৰূপে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আহি পৰা ব্যাপক প্ৰভাৱৰ বিৰূদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল -যাৰ বাবে স্বাভাৱিকতে  তেওঁ প্ৰতিক্ৰিয়াশীল চক্ৰৰ ৰোষত পৰি গুপ্তঘাতকৰ হাতত মৃত্যু বৰণ কৰিব লগীয়া হৈছিল।
       দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ  পৰা  অৰ্থনীতিত সন্মানসহ প্ৰথম বিভাগত স্নাতক ডিগ্ৰী আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'-ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অত্যন্ত মেধাৱী আৰু কৰ্মোদ্যোগী পৰাগ কুমাৰ দাসে আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক -জীৱন আৰম্ভ কৰিছিল সাংবাদিকতাত একনিষ্ঠভাৱে নিজকে উচৰ্গা কৰাৰ পূৰ্বে প্ৰথমে তেওঁ আছিল বেংকৰ বিষয়া আৰু তাৰ পাছতে  গুৱাহাটী ষ্ট'ক এক্সচেঞ্জৰ মহাপ্ৰৱন্ধক । কিন্তু তেনে চাকৰিও ত্যাগ কৰি পৰাগ কুমাৰ দাসে ১৯৮৯ চনৰ পৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে সাংবাদিকতাৰ জগতত সক্ৰিয়ভাৱে প্ৰৱেশ কৰিছিল।তাৰ পাছতে ক্ৰমে ১৯৯৪ চনত 'আগান' আৰু 1995 চনত 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
       এজন নিৰ্ভীক আৰু সত্যনিষ্ঠ সাংবাদিক হিচাপে পৰাগ কুমাৰ দাসে অসমৰ সংবাদ-জগতলৈ আগবঢ়োৱা অৱদানৰ তাৎপৰ্য আৰু সাম্প্ৰতিক কালত সিবিলাকৰ প্ৰাসংগিকতাও যথেষ্ট আছে।কাৰণ,অসমৰ অৰ্থনীতি,কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ ,জনগোষ্ঠীয় গাঁঠনি, বহিৰাগত সমস্যা আদিৰ বিষয়ে সততে চিন্তিত হৈ থকা পৰাগ কুমাৰ দাসে আশীৰ দশকৰ অসম আন্দোলন তথা  আলফাৰ উত্থানৰ বিষয়টোক সূক্ষ্মভাৱে নিৰীক্ষন কৰিছিল আৰু তেওঁলোকৰ লক্ষ্য , নীতি,আদৰ্শ ,কাৰ্যাৱলী আদিৰ সম্পৰ্কত সূক্ষ্ম আৰু নিৰ্মোহ সমালোচনা আগবঢ়াই অসমীয়া জাতীয় চেতনাক সঠিক গতিপথৰ সন্ধান দিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছিল।
     অসম আন্দোলনৰ প্ৰেক্ষাপটলৈ লক্ষ কৰিলে দেখা যায় যে বৃটিছৰ শাসনকালৰ পৰা আৰম্ভ কৰি স্বাধীনোত্তৰ কালৰ বিভিন্ন চৰকাৰৰ সময়লৈকে  অসমৰ থলুৱা সম্পদৰ ওপৰত কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ চলি আহিছিল।অসমৰ পৰা বহিৰ্ৰাজ্যলৈ লৈ যোৱা কয়লা, খাৰুৱা তেল, গেছ, পেট্ৰলিয়াম, চাহপাত আদিৰ বিনিময়ত দিবলগীয়া ন্যায্য ৰয়েলটি বা প্ৰাপ্যৰ পৰা অসমক যুগ যুগ ধৰি বঞ্চিত কৰি অহা হৈছিল।তাৰোপৰি পূৰ্ববংগৰ পৰা চলি থকা অবৈধ বাংলাদেশী প্ৰব্ৰজনে  অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল।এনে এক প্ৰেক্ষাপটতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে  অসম আন্দোলনৰ সূচনা হৈছিল আৰু আন্দোলনে ৰাজপথ কঁপাই তুলিছিল। তাৰ পাছতে নব্বৈৰ দশকত উত্থান ঘটিছিল আলফাৰ দৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ।
        আলফাৰ উত্থানে দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ ভেঁটি কঁপাই তুলিছিল।ফলত আলফাক দমন কৰাৰ নামত নিৰপৰাধী ৰাইজৰ ওপৰত পুলিচ-মিলিটেৰীৰ অত্যাচাৰ বৃদ্ধি পাইছিল।পৰাগ কুমাৰ দাসে এই সমস্ত ঘটনাৱলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তেৱোঁ উপলদ্ধি কৰিছিল যে অসমত ঔপনিৱেশিক শাসন-শোষণ চলি থকালৈকে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক বিকাশ কেতিয়াও সম্ভৱপৰ নহয়। বিশেষকৈ আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সূক্ষ্ম পৰ্যৱেক্ষনৰ অন্তত তেওঁ বিভিন্ন লেখাৰ জৰিয়তে আলফাৰ প্ৰতি থকা তেওঁৰ সমৰ্থন মুকলিকৈ প্ৰকাশো কৰিছিল।আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সৈতে তেওঁৰ কিছুমান মৌলিক পাৰ্থক্য থকা সত্বেও  আলফাৰ স্বাধীন অসমৰ বিতৰ্কিত দাবীটোক ন্যায্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। 
          বিভিন্ন কাকতত প্ৰকাশিত সংবাদধৰ্মী লেখাসমূহৰ উপৰিও পৰাগ কুমাৰ দাসে অসমৰ আৰ্থ-সামাজিক সমস্যাৱলীক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।তেওঁৰ  প্ৰকাশিত গ্ৰন্থ কেইখন আছিল-ছাংলট ফেন্ লা,স্বাধীনতাৰ প্ৰস্তাৱ,নিষিদ্ধ কলম আৰু অন্যান্য,আমি যি কথা কৈছিলো,ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি,মোক স্বাধীনতা লাগে,স্বাধীন অসমৰ অৰ্থনীতি আদি।তেওঁৰ ‘স্বাধীন অসমৰ অৰ্থনীতি' এনে এখন গ্ৰন্থ য'ত অসমৰ থলুৱা পুঁজিৰ তথ্যসমৃদ্ধ ইতিহাসৰ উপৰি এই পুঁজিৰ পুনৰ্গঠন, বিকাশ আৰু প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে তেওঁ আলোচনা কৰিছে।সেইদৰে 'ছাংলট ফেনলা' নামৰ জনপ্ৰিয় উপন্যাসখনিৰ মাজেৰে তেওঁ সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ উত্থান আৰু অৱক্ষয়,অসমৰ সমাজ জীৱনত সংগঠনটোৰ প্ৰভাৱ আদিৰ নিৰ্মোহ চিত্ৰ অংকণ কৰাৰ লগতে আলফাৰ সংগ্ৰামৰ যুক্তিযুক্ততাও ব্যক্ত কৰিছিল।
         আলফাৰ সৈতে পৰাগ কুমাৰ দাসৰ চিন্তা আৰু দৰ্শনৰ সাদৃশ্য আছিল এয়ে যে তেৱোঁ আলফাৰ দৰে প্ৰগতিশীল বিপ্লৱত বিশ্বাস ৰাখিছিল আৰু অসমৰ জাতীয় স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিছিল।কিন্তু তেওঁ আলফাক অন্ধভাৱে সমৰ্থনো কৰা নাছিল।বিশেষকৈ আলফাৰ সৈতে তেওঁৰ মতাদৰ্শগত  পাৰ্থক্য  আছিল এয়ে যে আলফাই স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সংগ্ৰাম কৰিছিল আৰু তেওঁৰ দৰ্শন আছিল ভাৰতৰ ভিতৰতে থাকি স্বাধিকাৰ সাব্যস্ত কৰা। তেওঁ ফেডাৰেল ব্যৱস্থাত অত্যাধিক গুৰুত্ব দিছিল। আলফাৰ দৰে বিচ্ছিন্নতাবাদ তেওঁৰ লক্ষ্য নাছিল।জনগোষ্ঠীয় সমস্যা ,বহিৰাগত সমস্যা আদিৰ সম্পৰ্কত পৰাগ দাসৰ স্থিতি আছিল অত্যন্ত প্ৰগতিশীল। কেৱল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহ'ব বুলি উপলদ্ধি কৰি তেওঁ জাতীয় মুক্তিৰ সংগ্ৰামত কৃষক-শ্ৰমিক শ্ৰেণীৰ সন্মিলিত প্ৰচেষ্টা আৰু সহযোগিতাকো সংযুক্ত কৰিব বিচাৰিছিল,কিন্তু আলফাৰ দৰে প্ৰত্যক্ষভাৱে তেওঁ মাৰ্ক্সবাদ বা বৈজ্ঞানীক সমাজবাদৰ সৈতে যুক্ত নাছিল। 
       পৰাগ কুমাৰ দাসে আলফাৰ সশস্ত্ৰ সংগ্ৰাম পদ্ধতি আৰু বিশেষকৈ হত্যা কাৰ্যক কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। 'ছাংলট ফেনলা' উপন্যাসৰ জৰিয়তে সেয়ে তেওঁ আলফাৰ সশস্ত্ৰ  সংগ্ৰামৰ বিৰুধীতা কৰিছিল আৰু বিভিন্ন লেখা-মেলাৰ জৰিয়তে আলফাৰ সংগ্ৰাম-পদ্ধতিৰ পৰিৱৰ্তনৰ  বাবে চেষ্টা কৰিছিল ৷ কিন্তু  আলফাৰ হিংসাত্মক কাৰ্যকলাপসমূহক তেওঁ কঠোৰভাৱে সমালোচনা কৰাৰ পাছতো অসমৰ দুৰ্যোগপূৰ্ণ জাতীয় সংকটৰ সময়ত আলফাৰ বিকল্প নাই বুলিও বাৰে বাৰে উল্লেখ কৰিছিল।আৰু এই কথাৰ বাবেই এচাম বুদ্ধিজীৱিয়ে তেওঁক আলফাৰ সৈতে যুক্ত কৰিছিল।
       প্ৰকৃততে পৰাগ কুমাৰ দাস আছিল মানৱ -অধিকাৰ উলংঘন কৰা শক্তিসমূহৰ ঘোৰ বিৰুধী। অসম আন্দোলন আৰু আলফাৰ উত্থানক মষিমূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰাৰ ফলস্বৰূপে সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা নোহোৱা অৱস্থাত জনসাধাৰণৰ নিৰাপত্তা আৰু গণতান্ত্ৰিক অধিকাৰৰ কথা চিন্তা কৰি সেয়ে তেওঁ  অসমৰ বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি 1994 চনত 'গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) 'গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামত অৱৰ্তীৰ্ণ হৈছিল । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মঞ্চৰ পৰা তেওঁ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ বাবে দাবী জনাইছিল আৰু সেনাৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিছিল।      
         ইতিমধ্যে বিভিন্ন বাতৰি-কাকতত প্ৰকাশিত তেওঁৰ লেখাসমূহ তথা প্ৰকাশিত গ্ৰন্থ সমূহৰ পৰা  নিষিদ্ধ ঘোষিত সংগঠণ আলফাৰ প্ৰতি থকা তেওঁক সমৰ্থনৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছিল।সেয়ে শাসনাধিষ্ট চৰকাৰৰ দৃষ্টি তেওঁৰ ওপৰত পৰিছিল আৰু তেওঁ লিখা 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। অকল সেয়ে নহয়,1992 আৰু 1993 চনত তেওঁক ক্ৰমে 'ৰাষ্ট্ৰীয় নিৰাপত্তা আইন" আৰু "টাডা" আইনৰ অধীনত গ্ৰেপ্তাৰো কৰিছিল।
      বিগত বহু বছৰ ধৰি এটা অমিমাংসিত প্ৰশ্ন হিচাপে ৰৈ থাকি আজি এটা গভীৰ সমস্যা ৰূপে দেখা দিয়া অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যা টোৰ সন্দৰ্ভত পৰাগ কুমাৰ দাসৰ নিজস্ব চিন্তা-দৰ্শন কেনে আছিল সেই বিষয়েও আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।এই কথা সত্য যে ,বহু বছৰ ধৰি অসমত চলি থকা অবৈধ প্ৰব্ৰজনৰ ফলস্বৰূপে অসমৰ আৰ্থ-সামাজিক,ভাষিক-শৈক্ষিক,ৰাজনৈতিক আদি সকলোবোৰ ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা সত্বেও কিন্তু তেওঁ তথাকথিত অন্য উগ্ৰ জাতীয়তাবাদী সকলৰ দৰে চৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা অভিবাসী মুছলমানসকলক অযথা হাৰাশাস্তি কৰাৰ পক্ষপাতি নাছিল। যি সময়ত অসমৰ জাতীয়তাবাদী শিবিৰে চৰ-চাপৰিৰ লোকসকলৰ সৈতে মানসিকভাবে যুক্ত হ'ব পৰা নাছিল , সেইসময়তো পৰাগ কুমাৰ দাসে চৰ-চাপৰিৰ অভিবাসী মুছলমানৰ সৈতে সহমৰ্মিতাৰে তেওঁলোকক জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা কৰিছিল । 
       পৰাগ কুমাৰ দাসে তেওঁৰ' চৰ  অঞ্চলৰ  বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন' শীৰ্ষক এটি লেখাত লিখিছে যে ছবছৰীয়া অসম আন্দোলনৰ জাতীয় আন্দোলনটোৰ মূলতে কেৱল বিদেশী নাগৰিকৰ সমস্যা নাছিল,আছিল স্বৰাজোত্তৰ কালছোৱাত কেন্দ্ৰ চৰকাৰে অসমৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা অৱহেলা আৰু অসমৰ থলুৱা সম্পদৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ।সেইদৰে  ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ ফলস্বৰূপে
ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা জনসংখ্যাৰ বিষয়টোৱেও অসমৰ খিলঞ্জীয়া লোকসকলক  চিন্তিত কৰি তুলিছিল।গতিকে এই 'বহিৰাগত'সকলক বহিস্কাৰ কৰাৰ দাবী তোলা হৈছিল।কিন্তু পাছলৈ আন্দোলনটোক সংবিধানৰ গণ্ডীৰ ভিতৰলৈ আনিবৰ বাবেই 'বহিৰাগত'ৰ পৰিৱৰ্তে নেপাল,বাংলাদেশ আদিৰ পৰা অবৈধভাৱে আহি অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ সমস্যাৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হ’ল আৰু অইন সমস্যাবোৰ তল পৰি গ’ল। 
         এই সন্দৰ্ভত পৰাগ কুমাৰ দাসে উত্থাপন কৰা এটা অভিযোগ লক্ষনীয়।তেওঁৰ মতে, 'বিদেশী নাগৰিকৰ সংখ্যাৰ কোনো চৰকাৰী তথ্য-পাতি নথকাত, আন্দোলনটোৰ যুক্তিযুক্ততা সুদৃঢ় কৰিবৰ নিমিত্তেই আমি অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক হিচাপ ক্ৰমান্বয়ে বঢ়াই নিলো আৰু ফলস্বৰূপে অনেক স্থায়ী বাসিন্দাকো আমি বিদেশীৰ শাৰীত পেলাবলগীয়া হ’ল। এবাৰ আন্দোলনটো আৰম্ভ কৰাৰ পাছত পিছ হোঁহকাৰ প্ৰশ্ন আৰু যিহেতু নুঠে, গতিকে চক্ৰবৃদ্ধি হাৰত সেই ভুলবোৰ ক্ৰমান্বয়ে বাঢ়িহে গ’ল, ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একে পৰ্যায়লৈ লৈ যোৱাৰ ফলত তেওঁলোকক একগোট হ’বলৈহে বাধ্য কৰি বহুতো ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাৰ গভীৰতা আমি নিজেই বৃদ্ধি কৰিলো।'
        পৰাগ কুমাৰ দাসে লিখা মতে,১৮৪৭ চনত পাইনা জাহাজৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰ বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। তাৰ পাছৰেপৰা শাসক দলটোৱেও সস্তীয়া ভোটবেংকৰ আশাত এওঁলোক অহাত উদগনি জনাইছিল। তেওঁৰ মতে,স্বাধীনতাৰ পাছৰে পৰাই পমুৱা মুছলমান মানুহখিনিৰ নিৰক্ষৰতাৰ সুযোগ লৈ স্থানীয় মাতব্বৰবিলাকক অৰ্থৰ প্ৰলোভনেৰে হাত কৰি কংগ্ৰেছে দীৰ্ঘদিন ধৰি ভোটবেংকৰ ৰাজনীতি কৰি আহিছিল আৰু তাৰ দ্বাৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ ৰাজনৈতিক দিশত সদায়ে ক্ষতিগ্ৰস্ত হৈ আহিছিল। এই ভোটবেংকবোৰৰ সহায়তে কংগ্ৰেছে সংখ্যাগৰিষ্ঠ ৰাইজৰ সমৰ্থন নোহোৱাকৈয়ে দিছপুৰত চৰকাৰ চলাই আছিল। এই ভোটবেংকবোৰ ভাঙিবৰ বাবেই অনেকেই  বিদেশী বহিস্কাৰৰ বাবে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে দাবী কৰিছিল।"
        পৰাগ কুমাৰ দাসে পমুৱা মুছলমান বসতি প্ৰধান চৰ অঞ্চলসমূহ  ভ্ৰমণ কৰি লিখিছিল যে সমস্ত চৰ অঞ্চলত তেওঁ এখনো বাঙালী মাধ্যমৰ স্কুল দেখা পোৱা নাছিল। একেবাৰে ভিতৰুৱা 'বিদেশী-অধ্যুষিত অঞ্চল'ৰূপে খ্যাত চৰতো তেওঁ ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিল। সেই ঠাইৰ মানুহে  ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতিছিল  যদিও বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কৈছিল। এম ইলিমউদ্দিন দেৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে-চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’এই গৰাকী লোক ১৯৬৪ চনৰে পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। কিন্তু দুই পুৰুষ ধৰি অসমতে বাস কৰা এই গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত 'বিদেশী' বুলি অভিযোগ তৰা হৈছে আৰু তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে।অসমত কেইবা পুৰুষো ধৰি বসবাস কৰি নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো  এই সকল  মানুহ ' বিদেশী' বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰিব।
অত্যন্ত দুখেৰে পৰাগ কুমাৰ দাসে লিখিছে--'হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে। আৰু তাৰ ফলত লাভ হৈছে অসমবিৰোধী শক্তিবোৰৰ। নিৰাপত্তা বিচাৰি এই ন-অসমীয়া মানুহখিনি এতিয়া কাৰোবাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে আৰু তেনেকুৱা সুবিধাকে বিচাৰি ফুৰা ৰাজনৈতিক শক্তিবোৰে এতিয়া সেইবোৰ অঞ্চলত সুন্দৰ সংগঠন আৰম্ভ কৰি দিছে। যোৱা নিৰ্বাচনত অসম-বিৰোধী সাম্প্ৰদায়িক শক্তি কিছুমানে 'অসমীয়া' অঞ্চলবোৰতো অভূতপূৰ্ব সফলতা লাভ কৰাৰ মুলতে আছিল ছবছৰে আমি কৰি অহা কিছুমান ভুল। সেই ভুলবোৰৰ এতিয়া শুধৰণি নকৰিলে অচিৰেই এনেকুৱা এটা দিন আহিব যে, বাংলাদেশ সীমান্ত সুৰক্ষিত হোৱাৰ পাছতো অসমত 'বিদেশী'ৰ সংখ্যা বাঢ়িহে যাব আৰু 'অসমীয়া'ৰ সংখ্যা কমি আহিব।''
           তেওঁৰ মতে,পমুৱা মুছলমানখিনিয়ে স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ মুল কাৰণ আছিল অৰ্থনৈতিক। আৰ্থিক সংকট,দুৰ্ভিক্ষ,কৰ্মহীনতা আদি বিভিন্ন কাৰণত সৰ্বশ্ৰান্ত হোৱা লোকসকলে জীয়াই থকাৰ তাড়নাতহে অসমলৈ অাহিছিল,এওঁলোকৰ নিমিত্তে অইন কিবা ৰাজনৈতিক বা সাংস্কৃতিক অভিলাষ একেবাৰে অৰ্থহীন আছিল আৰু সেয়েহে, অসমত নিজৰ অৱস্থিতি সুদৃঢ় কৰিবৰ নিমিত্তেই এওঁলোক প্ৰচলিত সাংস্কৃতিক জীৱনধাৰাত জীন যাবলৈ অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু এই মানুহখিনিক লৈ অসমত এতিয়া ধৰ্মীয় আৰু ৰাজনৈতিক চক্ৰান্ত চলোৱা হৈছে।
         চৰ অঞ্চলৰ অভিবাসী মুছলমানসকলৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ কিবা অনিষ্ট হ'ব বুলি তেওঁ কেতিয়াও আশংকা কৰা নাছিল।বৰঞ্চ তেওঁৰ মতে,এইসকল লোকে নিজস্ব ভাষা-সংস্কৃতি, সকলো ত্যাগ কৰি স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লোৱাৰ ফলত ক্ৰমান্বয়ে সংকোচিত হৈ অহা অসমীয়া ভাষা-সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰাৰ নিমিত্তে মাধ্যম এটাহে বিচাৰি পাইছিল।তাৰোপৰি ইছলাম ধৰ্মৰ লোকসকল যি ঠাইলৈকে যায়, য’তে বসবাস কৰে, যি ঠাইৰ বায়ু-মাটি-পানী গ্ৰহণ কৰে, সেই ঠাইৰ স্থানীয় ভাষা-সংস্কৃতি সম্পূৰ্ণ আঁকোৱালি লোৱাত গুৰুত্ব দিয়ে বুলিও তেওঁ বিশ্বাস কৰিছিল।
        পমুৱা মুছলমান লোকসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি দ্ৰুত হোৱাৰ কাৰণ হিচাপে তেওঁ লিখিছিল--'পমুৱা মুছলমানখিনিৰ মাজত শিক্ষা-দীক্ষাৰ প্ৰভাৱ অতি কম হোৱাৰ নিমিত্তে আৰু তেওঁলোকৰ সমাজত বহুবিবাহ প্ৰথা এতিয়াও গ্ৰহণযোগ্য হোৱা হেতুকেই জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বেছি । ভিতৰুৱা চৰবোৰত একোজন মানুহৰ এঘাৰ-বাৰটা সন্তান থকাটো এতিয়াও স্বাভাৱিক বুলি তেওঁলোকে গণ্য কৰে । সেয়েহে, অসমৰ অইন অঞ্চলতকৈ এইবোৰ অঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহু বেছি; ফলত, মূলসুঁতিৰ নিমিত্তে ৰাজনৈতিকভাৱে অনিষ্টকাৰী বুলি এতিয়ালৈকে পৰিগণিত হৈ অহা ভোটবেংকবোৰো ক্ৰমান্বয়ে একে হাৰতে শকত হৈ গৈ আছে।'
        উল্লেখযোগ্য যে,কিছুমান স্বাৰ্থান্বেষী লোকৰ ষড়যন্ত্ৰত চৰ অঞ্চলৰ অভিবাসী লোকসকলৰ গাত ধৰ্মৰ লেবেল মাৰি সমগ্ৰ বিষয়টোক ধৰ্মীয়-সাম্প্ৰদায়িক ইচ্ছ্যুৰ ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছিল।কিন্তু কেৱল ধৰ্মৰ ভিত্তিতে সম্প্ৰদায় বিশেষক চিহ্নিত কৰি বাংলাদেশী মুছলমান সকলক কেৱল বহিষ্কাৰ কৰিব বিচৰা সিদ্ধান্তৰ তেওঁ বিৰুধী আছিল।ধৰ্মনিৰপেক্ষভাৱে তেওঁ অবৈধ প্ৰব্ৰজনৰ বিষয়টোক নিৰীক্ষণ কৰিছিল আৰু নেপালী -অনুপ্ৰৱেশৰ বিষয়টোকো সোঁৱৰাই দিছিল। নেপালী জনগোষ্ঠীৰ লোকসকল হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বাবেই অসম- আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত নেপালী -অনুপ্ৰৱেশৰ সমস্যাটো তেনেই তলপৰি যোৱা কথাষাৰ নিশ্চয় সকলোৰে জ্ঞাত।পৰাগ কুমাৰ দাসে এই কথাষাৰৰ বিৰুধ কৰি অনাগত দিনত নেপালী অনুপ্ৰৱেশৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল।অৱশ্যে মনত ৰখা প্ৰয়োজন যে তেওঁ ইয়াৰ দ্বাৰা খিলঞ্জীয়া নেপালী জনগোষ্ঠীৰ লোকসকলক কেতিয়াও আক্ৰমন কৰা নাছিল।
     অসমীয়া জাতিয়ে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰে সদায়ে ধৰ্মতকৈ ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অহা কথাটো তেওঁ বাৰে বাৰে উল্লেখ কৰিছে।সেইদৰে ন-পুৰণি সকলো প্ৰব্ৰজনকাৰীকে একে পৰ্যায়ত বিবেচনা কৰা কথাটোকো তেওঁ সমালোচনা কৰিছিল।চৰ অঞ্চলত আহি বসবাস কৰিবলৈ লোৱা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰিবৰ বাবে সেই অঞ্চলসমূহৰ পুৰণি আৰু খিলঞ্জীয়া লোকসকলক বিশ্বাসত ল’বই লাগিব বুলি তেওঁ মত পোষণ কৰিছিল।
       অসম আন্দোলনৰ অন্ত পেলাই 'অসম চুক্তি' স্বাক্ষৰিত হোৱাৰ পাছত অসম গণ পৰিষদ শাসনলৈ অহাত পৰাগ কুমাৰ দাসে আশা কৰিছিল যে শাসনাধিস্থ নতুন চৰকাৰখনে চৰ অঞ্চলবিলাকত ক্ষিপ্ৰতাৰে সংগঠন চলাই পুৰণি মানুহখিনিক আস্থালৈ আনি  ভুল বুজা-বুজিবোৰ আঁতৰ কৰিব। এইক্ষেত্ৰত তেওঁ  বিভিন্ন সময়ত নানা গঠনমূলক পৰামৰ্শও  আগবঢ়াইছিল। কিন্তু এই দিশত গণ পৰিষদ চৰকাৰে কোনো উদ্যমেই লোৱা চকুত নপৰিল ।ফলত অগপৰ প্ৰতি তেওঁৰ আস্থা সমুলি নোহোৱা হৈছিল।সেয়ে তেওঁ  চৰ অঞ্চলৰ পৰা ওলাই অহা  শিক্ষিতচাম  যুৱকসকলৰ সহায়ত অভিবাসীসকলৰ মাজলৈ সোমাই গৈ পুৰনি মাতব্বৰী প্ৰথাক এইবোৰ অঞ্চলৰ পৰা একেবাৰে নিঃশেষ কৰি পেলাবলৈ পৰামৰ্শ আগবঢাইছিল।সেয়ে হ’লে,অনিষ্টকাৰী ভোটবেংকবোৰো ভাঙিব পৰা যাব বুলি তেওঁ বিশ্বাস কৰিছিল।এই কথাও তেওঁ বিশ্বাস কৰিছিল যে,চৰ অঞ্চলৰ লোকসকলৰ সৈতে সৃষ্টি হোৱা সংঘাত,ভুল বুজা-বুজি আদি আতঁৰাবলৈ আমি চেষ্টা কৰিব লাগিব। বাগৰি অহা উৰা বাতৰিৰ ওপৰতে ভিত্তি কৰি সংবাদ পৰিবেশন কৰাৰ পৰিবৰ্তে প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত এইবোৰ অঞ্চলৰ প্ৰকৃত চিত্ৰখন ডাঙি ধৰিলে আমাৰ মাজৰ অনেক ভুল বুজাবুজি দৰাচলতে আপোনা-আপুনি আঁতৰ হৈ যাব ।
         ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁ লিখিছিল-প্ৰকৃত নাগৰিক সকলৰ আটাইবোৰ তথ্য-পাতি যদি কম্পিউটাৰত ৰাখিব পৰা যায়, তেন্তে একোজন সন্দেহযুক্ত ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণৰ নিমিত্তে ইমানবোৰ মেৰপাকৰ প্ৰয়োজন নহ’ব । আমাৰ এই প্ৰস্তাৱ প্ৰচুৰ ব্যয় সাপেক্ষ হ’ব সঁচা, কিন্তু ৰাজ্য চৰকাৰ এতিয়া এইখিনি ব্যয় বহন কৰিবলৈ সাজু নহ’লে তাৰ ফলত ভৱিষ্যতে যিমানবোৰ জটিল সমস্যাৰ উদ্ভৱ হ’ব, সেইবিলাকৰ সমাধানত হয়তো ইয়াতকৈ কেইবাগুণে অধিক ধন ব্যয় কৰিব লগীয়া হ’ব । আৰু ৰাজ্য চৰকাৰৰ ৰাজহত এই কামৰ নিমিত্তে যদি সঁচাকৈয়ে ৰাজহৰ অভাৱ বুলি ভৱা হয, তেন্তে ৰাইজৰ ওপৰতে অতিৰিক্ত কৰ বহুওৱা হওক;- বিদেশী সমস্যাৰ সমাধানৰ নিমিত্তে প্ৰাণ পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰা অসমৰ ৰাইজে এই উদ্দেশ্যত অতিৰিক্ত কিছু কৰৰ বোজা বহন কৰিবলৈ বোধকৰো কুণ্ঠাবোধ নকৰিব । বিভিন্ন পুৰণি নথি-পত্ৰৰ সহায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সংশোধন কৰি ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকৰ প্ৰকৃত সংখ্যা এটা উলিয়াব পাৰিলে এই সমস্যাৰ আতিশয্যৰ যথাৰ্থ আভাস এটা পোৱা যাব আৰু তেতিয়া হ’লে সমস্যাটোক অতিৰঞ্জিত কৰি ৰাজনীতি খেলি অহাসকলৰ কু-চক্ৰান্তৰো মুদা মৰিব । ৰাজ্য চৰকাৰে যদি এতিয়া এইখিনি কাম কৰিবলৈকো গাত নলয়, তেন্তে এনেবোৰ ৰাজনৈতিক কু-চক্ৰান্তৰ তেওঁলোকো অংশীদাৰ বুলি ভাৱিবলৈ ৰাইজ বাধ্য হ’ব ।
            ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আজিলৈকে সংশোধন নকৰাৰ ফলত এপিনে যিদৰে বিদেশী নাগৰিকৰ চিনাক্তকৰণত অসুবিধা হৈছে; আনপিনে তেনেদৰে অনেক খিলঞ্জীয়া মানুহে হাৰাশাস্তি ভুগিবলগীয়া হৈছে বুলি তেওঁ আশী আৰু নব্বৈৰ দশকতে লিখিছিল।তেওঁৰ মতে, 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সংশোধনৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বা অনুমতি, কোনোটোৰে আৱশ্যক নাই ।পুৰণি ভোটাৰ তালিকা আৰু বিভিন্ন বৈধ নথি-পত্ৰ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰে নিজৰ ববীয়াকৈয়ে এই কাম আৰম্ভ কৰিব পাৰে । জনসাংখ্যিক গাঁথনিৰ পিনৰ পৰা যিবোৰ অঞ্চল এতিয়া আমাৰ নিমিত্তে ভয়ৰ কাৰণ হৈ পৰিছে সেইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাৰ হাতত এতিয়াও অনেক মূল্যবান নথি-পত্ৰ পোৱা যাব; কাৰণ, নিজৰ নিৰাপত্তাৰ বাবেই এওঁলোকে এই নথিপত্ৰ বোৰ সযতনে সংগ্ৰহ কৰি আহিছিল । আমি পৰিভ্ৰমণ কৰা চৰ অঞ্চল কিছুমানত পুৰণা বাসিন্দাৰ হাতত ১৯৫৫, ১৯৬৬ চনৰ ভোটাৰ তালিকাও সযতনে ৰখা অৱস্থাত পাইছো।'
          তেওঁৰ মতে,' চৰ অঞ্চলৰ বাসিন্দা মানেই বিদেশী বুলি গণ্য কৰা বিভ্ৰান্ত মানসিকতা ত্যাগ কৰি এই পুৰণি মানুহখিনিৰ ওচৰ চাপিব লাগিব, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’ব লাগিব । কেইবা পুৰুষো ধৰি অসমতে থাকি, ইয়াতে জীণ যোৱাৰ পাছতো এই মানুহ খিনিক ‘ন-অসমীয়া’ ৰূপেহে আখ্যা দি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি অহা ভুলবোৰৰ এতিয়া আৰু পুনৰাবৃত্তি ঘটা অনুচিত । '
      সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ এই ধৰণৰ প্ৰগতিশীল চিন্তা-দৰ্শনৰ যথেষ্ট তাৎপৰ্য আৰু প্ৰাসংগিকতা আছে।অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ চিন্তা-চৰ্চা আৰু দৰ্শনৰ পুনৰ্মূল্যায়ন নকৰাকৈ কেৱল ধৰ্মীয় দৃষ্টিকোণেৰে চৰ অঞ্চলৰ সকলো লোককে বিদেশী বা বাংলাদেশী মুছলিম বুলি গণ্য কৰা মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সমস্যাবোৰ জটিল হৈ গৈ থাকিব।(সমাপ্ত) 


           

ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া

ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া
                                             বীৰ্কে বি. থাপা

      প্ৰেম আৰু যৌৱনৰ উচ্ছলতাৰে স্পন্দিত মন এটাৰে পঞ্চাশৰ দশকৰ পৰা বিগত প্ৰায় পাঁচটা দশকৰো অধিক কাল নিৰৱচ্ছিন্নভাৱে কবিতা লিখি যোৱা ৰামধেনু যুগৰ এগৰাকী কবি উজ্জ্বল শইকীয়া। উজ্জ্বল শইকীয়াৰ কবিতাত যেনেদৰে পৰিব্যাপ্ত হৈ আছে প্ৰেম তথা জীৱন আৰু জগত সম্পৰ্কে থকা তেখেতৰ নিজস্ব উপলদ্ধি আৰু দৃষ্টিভংগী,তেনেদৰে মানৱতাক ভূলুণ্ঠিত কৰা ঘটনা,অন্যায়-অবিচাৰ আদিৰ বিৰূদ্ধে বিক্ষোভ আৰু প্ৰতিবাদো অনুৰণিত হৈ উঠিছে বহু কেইটা কবিতাত।
       কবি উজ্জ্বল শইকীয়াৰ কবিতাসমূহ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে তেখেতে হৃদয়ৰ অনুভূতিক বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰে অংকন কৰি ,যৌৱনোদ্দীপ্ত স্পন্দিত গদ্যৰে বাংময় কৰি তুলিবলৈ চেষ্টা কৰিছিল ।কিন্তু সাম্প্ৰতিক কালৰ বহু কবিয়ে কবিতাৰ নামত কৰি থকা অযথা জটিল শব্দৰ বৌদ্ধিক কাৰচাজি কিন্তু তেখেতৰ কবিতাত পৰিলক্ষিত নহয়। মূলতঃ সৰু সৰু চিত্রকল্প আৰু স্পন্দিত গদ্যৰে ভাৱ আৰু বিষয়বস্তুক স্পষ্ট আৰু অজটিল ৰূপত প্ৰকাশ কৰাই  তেখেতৰ কবিতাৰ নিৰ্মাণ শৈলীৰ বিশিষ্ট লক্ষণ আৰু ইয়েই তেখেতৰ কবিতাসমূহক এক প্রাণােচ্ছল গতিশীলতা দান কৰিছে।
       উল্লেখযোগ্য যে চল্লিশৰ দশকৰ শেষাৰ্ধ তথা পঞ্চাশৰ দশকৰ অসমীয়া কবিতাত পূৰ্বৰ ৰমন্যাসিক ভাৱ-বিলাসিতাৰ পৰিৱৰ্তে কঠোৰ বাস্তৱৰ চিত্র এক বিশিষ্ট লক্ষণ হৈ ধৰা দিবলৈ আৰম্ভ কৰিছিল। ডিব্ৰুগড়ৰ কানৈ কলেজৰ আলোচনীত 1955 চনত লিখা তেখেতৰ জীৱনৰ প্ৰথমটো কবিতাৰ বিষয়বস্তুও আছিল প্ৰেম।কিন্তু ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্ৰেমে কঢ়িয়াই অনা যন্ত্ৰণাৰ চিত্ৰহে কবিতাটিত বাংময় হৈ উঠিছিল-- ‘ তুমি হয়তাে শুই আছা এতিয়া / মৰম আৰু গৰমৰ উম  বিচাৰি / দুচকুত স্বপ্নৰ আমেজ সানি / সাৰে মাথোঁ আছােঁ মই..'  (মাজনিশাৰ চিঠি) । আগবয়সতে লিখা আৰু দুটামান  কবিতাতো ‘প্রেম'ৰ সেই চিৰন্তন গতানুগতিক চিত্ৰই দেখিবলৈ পোৱা যায়- ‘তুমি যে মােৰ কোনাে নহয় / ময়াে তােমাৰ নহয় / মাজত মাথােঁ এখন নৈ/ সি যে হৃদয়' (বিনিময়)।
      পৰৱৰ্তী কালত ৰচনা কৰা তেখেতৰ কবিতাসমূহতো প্ৰেম চিৰকালেই এক কেন্দ্রীয় বিষয় হৈ ধৰা দিছিল যদিও  ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্রেম বা নাৰীৰ মাজেৰে জীৱনটোক নিৰীক্ষণ কৰাৰ সহজাত প্ৰৱণতা তেখেতৰ কবিতাত পৰিলক্ষিত হয়।প্ৰেম আৰু নাৰী সম্পৰ্কে অন্তৰ্জগতত সৃষ্টি হোৱা  বিভিন্ন ৰূপ,দৰ্শন আৰু চিত্রকল্পই হৈ উঠিছিল তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।
      উল্লেখনীয় যে,কবি উজ্জ্বল শইকীয়াৰ প্ৰেম বিষয়ক কবিতা দুটামানত ‘মিথুন ৰাশিৰ এক মিঠা মিঠা গাভৰু ছােৱালী' অথবা কোনােবা নিবেদিতাৰ নাম বহুবাৰ উচ্চাৰিত হৈছে।এনে নামোল্লেখে পাঠকৰ মনত কৌতুহলৰ সৃষ্টি কৰাটো  তেনেই স্বাভাৱিক,কিন্তু তাতোকৈ ডাঙৰ কথা,কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে কবিৰ মনৰ এক অনন্য উপলদ্ধি -' ৰঙীন এমব্রইডাৰী সূতাৰে নিবেদিতাই লিখা /বন্ধোৱা ফ্রেমৰ সেই আখৰবােৰৰ পৰা /আকাশৰ ঈশ্বৰ হঠাতে আহিল নামি/কল্পনাৰ শূন্য জখলাৰে....'(প্ৰাণ পোৱাৰ পাছত)।
      তেনেদৰে ' সন্ধিয়াৰ নিৰিবিলি পােহৰ গাত সানি ' কোনােবা মনােৰমাৰ সৈতে নিবিড়ভাৱে কথা পতা, 'জীৱনৰ পংক সিক্ত আবিলতা আঁতৰাই ' সেই মনােৰমাক নিজৰ জীৱনলৈ 
আমন্ত্রণ জনােৱা অথবা ৰঙচুৱা পাৰি আৰু শুধবগা শাৰী পিন্ধি স্কুলৰ পৰা উভতাৰ পথত কবিলৈ চাই মিচিকি হাঁহি মৰা এজনী ছােৱালীৰ কথাও তেখেতৰ কবিতাত পােৱা যায়।
     কবি উজ্জ্বল শইকীয়াৰ পৰৱর্তী কালৰ প্রেম বিষয়ক কবিতাসমূহক ক্রমশঃ স্বপ্নভংগ অথবা এক প্রকাৰৰ বিষাদ আৰু নিসংগতাবােধে আবেগসিক্ত কৰি তােলা পৰিলক্ষিত হয়।প্ৰেমৰ চিৰন্তন  দুঃখৰ প্রতীক হিচাপে বহু কেইটা কবিতাত ৰঙা গােলাপ আৰু কাঁইটৰ আঁচোৰ ব্যৱহৃত হৈছে । কিন্তু আশ্চর্যজনকভাৱে স্বপ্নভংগ বা প্রেমৰ বিফলতাই কবিক কুণ্ঠিত কৰিব পৰা নাই।  গােলাপ ফুল এপাহ ছিঙিবলৈ গৈ কাঁইটৰ আঁচোৰ লাগি হাত তেজে ৰাঙলী হােৱাৰ পাছত কবিৰ উপলব্ধি - ' ফুল পাহৰ ৰঙাত লাগি/ তেজখিনি মােৰ সেন্দুৰ হই গ’ল '।কবিৰ মনৰ দৃঢ়তা আৰু আত্মপ্রত্যয়ৰ স্পষ্ট ইংগিত পৰিলক্ষিত হয় তেখেতৰ 'সেন্দুৰ' নামৰ এই কবিতাটিত।প্রেমৰ বিফলতাকো কবিয়ে সহজ আৰু উদাৰভাৱে গ্ৰহণ কৰিবলৈ শিকিছিল বাবেই পৰৱৰ্তী কালৰ কবিতাসমূহত তেখেতৰ প্রেমে বিশালতা লাভ কৰিছে। জীৱনৰ এছােৱা কাল চাকৰি সূত্রে তৈল নগৰী ডিগবৈত কটাবলগীয়া হােৱা কবিয়ে প্রেয়সী মনােৰমাৰ নিবিড় সান্নিধ্যৰ লগে লগে ঔদ্যোগিক নগৰখনৰ ব্যস্তময় কোলাহল আৰু তেল-জুই-ধোঁৱাৰ মাজত সংগ্রাম  কৰি থকা শ্রমজীৱী মানুহৰ জীৱনৰ পৰাও কবিতা লিখাৰ অনুপ্ৰেৰণা লাভ কৰিছে ।সেই বাবেই এটি কবিতাত তেখেতে লিখিছিল- 'জানা সােণ, ইয়াতাে কবিতা আছে /উৎস আছে প্ৰেৰণা আছে কবিতা লিখাৰ...' (ডিগবৈত দেখা স্বপ্ন) ।
       কবি উজ্বল শইকীয়া এসময়ত গণনাট্য সংঘৰ সৈতেও জড়িত থকাৰ কথা আমি জানােঁ। সেইবাবেই প্ৰেম,নাৰী আদি বিষয় সমূহৰ উপৰিও তেখেতৰ কবিতাত সমাজ চেতনাৰ ভাৱো বহুকেইটা  কবিতাত প্ৰতিফলিত হৈ উঠিছে। প্ৰবল সমাজ-চেতনাৰ বাবেই কবিৰ দৃষ্টি ক্রমশঃ প্ৰসাৰিত হৈছিল সমাজৰ বুকুলৈ।সমাজ চেতনাৰ উজ্জ্বল দ্যুতিয়ে তেখেতৰ বহু কেইটা কবিতাক উদ্দীপ্ত কৰি তুলিছে। আৱাহন,আমাৰ প্রতিনিধি, মনিদীপ আদিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্রান্তিক, গৰীয়সী, কৌস্তুভ, জনমভূমিলৈকে  বিভিন্ন কাকত-আলােচনীত প্রায় পঞ্চাশ বছৰৰাে অধিক কাল ধৰি তেখেতে লিখি অহা কবিতাসমূহত জীৱন  আৰু জগতৰ চিত্ৰ যেনেদৰে ৰূপায়িত হৈছে তেনেদৰে সমাজ- জীৱনৰ নগ্ন দৃশ্য,  ক্রমশঃ আগবাঢ়ি অহা দুঃসময় আদিকো প্রতিফলিত কৰিবলৈ তেখেতে প্রয়াস কৰিছে। উল্লেখযােগ্য যে, প্রকৃতিৰ বুকুৰ পৰাই তেখেতে বেছিভাগ চিত্রকল্প আহৰণ কৰিছে। যিকোনাে সামাজিক সমস্যা বা সংকটৰ মুহূর্ততাে প্রকৃতিৰ পৰা আহৰণ কৰা চিত্ৰকল্পৰে তেখেতে আশাবাদী দৃষ্টিভংগী পােষণ কৰা সততে চকুত পৰে। সেই বাবেই পঞ্চাশৰ দশকতে লিখা ‘সমিধান ' নামৰ কবিতাটিত খৰাং বতৰত আকাশে পঠিয়াই দিয়া 'এজোলোকা বৰষুণ 'ৰ মাজেৰে তেখেতে ‘আশা আৰু আস্থাৰ / ৰ'দৰ গান গুণ গুণ 'শুনা পাইছে। একেই আশাবাদ প্রতিফলিত হােৱা দেখা যায় -'ৰঙা এটি কৰবীৰ ফুল’ৰ দৰে আৰু বহু কবিতাত।গণ নাট্য সংঘৰ প্ৰভাৱ তথা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তিৰ সাহচৰ্যত কবি উজ্বল শইকীয়াৰ মনত সাম্যবাদী চেতনাৰ উন্মেষ ঘটা বিষয়টো মন কৰিবলগীয়া।কাৰণ ইয়াৰ প্ৰতিফলন ঘটিছিল তেখেতৰ কবিতাত।উদাহৰণ স্বৰূপে 1989 চনত গুপ্তহত্যাৰ বলি হোৱা চফদৰ হাছমীৰ মৃত্যুত বিক্ষূব্ধ হৈ তেখেতে লিখা কবিতাৰ কথা উল্লেখ কৰিব পাৰি। মাৰ্টিন লুথাৰ কিঙৰ মৃত্যুত বর্ণবৈষম্যবাদৰ বিৰুদ্ধে লিখিছিল--'মৃত্যু হ'ল কোনাে এক এন্ধাৰ প্ৰদেশৰ/সাগৰ  সিপাৰৰ / সংগ্রামী এক সঁচা মানুহৰ/ ......শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলিত হেৰাই গ'ল আজি এক সুস্থ মানুহৰ উজ্বল ক’লা দেহ '(মার্টিন লুথাৰ কিং)।
       সংগ্রামময় মানুহৰ জীৱন আৰু মানৱতাৰ প্রতি অনুকম্পা তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। এই বৈশিষ্ট্য  বিশেষভাৱে পৰিলক্ষিত হয় ডাগ হেমাৰল্ডিৰ সোঁৱৰণত লিখা  ‘অটোগ্রাফ' নামৰ কবিতাটিত -‘জানােঁ আমি/ এই মৃত্যু নহয় কাহানিও সঁচা মৃত্যু / অক্টোপাচী মন সিহঁতৰ ভৰা সংশয়ৰ / তেজ  ৰঙা সিহঁতৰ হাতত / আছে মেকবেথী বাসনা। সামাজিক অমংগলৰ বিৰুদ্ধে হুংকাৰি তেখেতে পুনৰ লিখিছিল-- ‘চোতাল ভৰা শেলুৱৈবােৰ নিকা কৰিবৰ হ'ল/শিয়ালৰ খােজ আজি মচিবৰ হ'ল/সূ্ৰ্যৰ উজ্জ্বল দৃষ্টিৰে দেখুৱাই তােৰ পাহোৱাল সাহ/ভাঙিবৰ হ'ল আজি/মানৱতাৰ চোতালত থকা ঢোঁৰা সাপৰ বাহ'। 
      মানৱতা আৰু প্ৰমূল্যৰ অপঘাত মৃত্যুৰে ক্ৰমশঃ আগুৱাই অহা দুঃসময়ৰ প্ৰতি কবি শংকিত।এই শংকাক তেখেতে প্রতিফলিত কৰিছে এনেদৰে - 'উদয় হওঁ হওঁ সূৰ্যটো / কাঁইটীয়া জেঙত লাগি বন্দী হৈ ৰয়/ .... তেজবােৰ নৈ হৈ বয় / আশ্বাস অবিশ্বাস হয় / বৰটোপৰ শব্দত আৰু/বাৰুদৰ ধোঁৱা আৰু গােন্ধত /কেৱল অন্তহীন ভয়/শেন আৰু শগুণৰ নখত/ ক্ষত-বিক্ষত মানুহৰ বিগলিত হৃদয়’ (বিনিময়)।
      অসমীয়া কবিতাৰ সুদীর্ঘ পথ পৰিক্ৰমাত কবিতাৰ আংগিক, নির্মাণ কৌশল, ভাৱবস্তু আদিৰ যি ব্যাপক পৰিৱৰ্তন ঘটিছে তাক কবি উজ্বল শইকীয়াই প্রত্যক্ষ কৰিছিল আৰু আদৰি ল'ব পাৰিছিল বাবেই তেখেতৰ কবিতাত নতুনত্ব আছে। ২০০৪ চনত প্রকাশিত তেখেতৰ 'এজাক জোনাকীৰ জিলমিল’ কবিতাপুথি খনত পঞ্চাশ আৰু ষাঠিৰ দশকত ৰচনা কৰা কবিতাসমূহ সন্নিবিষ্ট হৈছে। 2015 চনত প্ৰকাশিত ' আকৌ নতুন আৱিস্কাৰ হ'ব ' শীৰ্ষক দ্বিতীয়খন কবিতাপুথিত সংকলিত হৈছে পৰৱৰ্তী কালত ৰচনা কৰা কবিতাসমূহ।এই সমূহ কবিতা পর্যবেক্ষণ কৰিলে বিগত প্ৰায় পাঁচটা দশকত তেখেতৰ কবিতাৰ গতি-প্ৰকৃতি,নির্মাণশৈলী আৰু ভাৱবস্তুৰ বিশিষ্ট লক্ষণসমূহ অনুভৱ কৰিব পাৰি।
       প্ৰকৃততে প্রৌঢ়ত্বত লিখা তেখেতৰ কবিতাসমূহতাে প্রেম আৰু উদ্দীপ্ত যৌৱনৰ স্বপ্নই পুনৰ সাৰ পাই উঠিছে। তেখেতে যৌৱনৰ সেই একেই উদ্দীপ্ত চেতনাৰে লিখিছিল -
1/ ' তােমাৰ চকুত মােৰ চকু /অপ্রকাশ্য এক যেন অবুজ সাধু /তোমাৰ ওঠত মােৰ ওঁঠ /নিষ্পেষণত অব্যক্ত দুখ / .... তােমাৰ বুকুত মােৰ বুকু/ স্বপ্নভৰা যৌৱনৰ নতুন ঋতু '(প্ৰেম)।
2/'খােপাত তােমাৰ গুজি দিলােঁ মই/এপাহ খৰিকাজাঁই /বুকুৰ মাজত দেও দি দি নাচে /বালিমাহী চৰাই /...দুচকুত তােমাৰ জিলিকি উঠিল / ভৰা নৱমীৰ জোন / সৰিল পৰি তোমাৰ হাঁহিত /জোনাকৰ বৰষুণ... '(বৃন্দাবন)।
3/ ' বুকুৰ মাজত বাজি আছে মাথোঁ / মন ৰঙচুৱা এটা সােণালী বাঁহী / নীলিম গভীৰ দুচকুত তােমাৰ /সােণ জিলমিল সেউজীয়া হাঁহি/  মৰা সুঁতিৰ জীয়া সাকোঁত থাককনা পৰি/জীৱনৰ হেৰাই যােৱা মৃত পাণ্ডুলিপি / ন-সূৰুযৰ/প্রভাতী পােহৰত/শেষতাে হ'বই এদিন / বিধৱাৰ দৰে নিঃসংগ ৰাতি...' (জোনাক জোনাক যেন মন)।
       প্ৰৌঢ়ত্ব অথবা বাৰ্ধক্যৰ দিনবোৰতো অন্তৰ্হিত হোৱা নাছিল বিদ্ৰোহ আৰু আত্ম প্ৰত্যয়--'মই জ্বলি জ্বলি মৰিব খোজা নাই ভিৰু মানসিকতাৰে/কথা ক'ব খুজিছোঁ শব্দৰ জুই জ্বলাই মুকলি মনেৰে/মোৰ দেশ আৰু মোৰ মানুহৰ বাবে/যদিওবা মূৰৰ ওপৰত ওলমি আছে ডেন'ক্লিছৰ চোকা তৰোৱাল /...ওভতাই দিয়া আমাক আমাৰ গৌৰৱধ্বজা হৃদ স্বাধীনতা'(আঙ ছান চ্যু কি) ।
       উল্লেখযােগ্য যে, যথাযথ ৰূপত শব্দ আৰু সুবিন্যস্ত বাক্য সজ্জাৰ বিসংগতি তথা বিষয় বা ভাৱ-বস্তুৰ অগভীৰতা আদিৰ দৰে দুৰ্বলতাৰ
বাবে তেখেতৰ কিছু সংখ্যক কবিতাই কেৱল ধ্বনি ব্যঞ্জনাৰ বাদে পাঠকৰ হৃদয় বিশেষ আলােড়িত কৰিব পৰা নাই,তথাপিতো কিন্তু প্রতীক আৰু চিত্রকল্প নির্মাণৰ ক্ষেত্ৰত তেখেতৰ নিপুণতা উপলব্ধি কৰিব পাৰি। সত্তৰৰ দশকত
লিখা এটি কবিতাত তেখেতে বার্ধক্যক শীতৰ সৈতে তুলনা কৰিছে- - ‘মেঘবােৰ অজগৰ হ’ল /... সিপাৰে দূৰৈত এক নিস্তেজ সূর্য /যেন ঘােলা কণীৰ কুহুম / বলাকাৰ ৰেখা খেদি / সন্ধিয়া আহিল নামি.... / মই শিল হৈ পৰিছােঁ/ জুহালত পােৰা কয়লাৰ অঙঠা / ৰঙা হৈ জ্বলিছে/ মােৰ দেহলৈ উত্তাপ আহিছে.. (শীত)। তেনেদৰে  বহু বছৰ ,বহু দশক পূৰ্বে সৃষ্টি কৰা ‘জুইবােৰ ফুল হ’ল পলাশ বনত’ (হিৰন্ময় গাংগুলী), 'শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলি'  (মার্টিন লুথাৰ কিং), ‘জীৱন সাগৰত হেলেনৰ খােজ' (অৱসাদ), ' বন্ধ মাহৰ সাঁচি থােৱা এটা নতুন হাঁহি ' (দৃষ্টিপাত) আদিৰ চিত্ৰকল্পবোৰৰ দৰেই পৰৱৰ্তী কালৰ কবিতাবোৰতো  ‘মৰা সুঁতিৰ জীয়া সাঁকো, ‘বিধৱাৰ দৰে নিঃসংগ ৰাতি’, ‘তেজৰ কৰাল গ্রাসত এপাহ ৰঙা কৰবীৰ ফুল’  আদি চিত্ৰকল্প তেখেতে নিৰ্মান কৰিছে।  ‘খৰিকাজাই’, বালিমাহী চৰাই’, ‘সােণালী বাঁহী’ আদিৰ দৰে শব্দ-বিন্যাসেৰে তেখেতে প্রেম আৰু উদ্দীপ্ত যৌৱনৰ প্রতীক সৃষ্টি কৰিছে।
      1936 চনত ডুমডুমাৰ নিকটৱৰ্তী বাদলাভেটা চাহ বাগিচাত জন্ম গ্ৰহণ কৰা কবি উজ্জ্বল শইকীয়াই ডিব্ৰুগড়ৰ কানৈ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ বনবিভাগত সুদীৰ্ঘ প্ৰায় 34 বছৰ কৰ্মজীৱন অতিবাহিত কৰাৰ পাছত 1993 চনত অৱসৰ গ্ৰহণ কৰিছিল। অসমৰ বিভিন্ন ঠাইত কৰ্মব্যস্ত জীৱন কটাব লগীয়া হোৱা স্বত্ত্বেও কিন্তু কবি উজ্জ্বল শইকীয়াই কেতিয়াও নিজৰ স্বভাৱগত কাব্যিক আৰু সাংস্কৃতিক মনটো হেৰুৱাই পেলোৱা নাছিল।জীৱনৰ সুদীৰ্ঘ পথ পৰিক্ৰমাত সুধাকণ্ঠ ড: ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী, হেমাংগ বিশ্বাস,ভৱেন্দ্ৰ নাথ শইকীয়া,নিৰ্মল প্ৰভা বৰদলৈ আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য আৰু অনুপ্ৰেৰণা তেখেতে লাভ কৰিছিল। এই অনুপ্ৰেৰণা এনে গভীৰ আৰু ব্যাপক আছিল যে জীৱনৰ কোনো এটা মুহূৰ্ততে তেখেতে তাক পাহৰি যোৱা নাছিল আৰু  তেখেতৰ কবিতাত এইসকল ব্যক্তিৰ লিখন আৰু নিৰ্মান-শৈলীৰ প্ৰভাৱ যথেষ্ট পৰিছিল। তেনেদৰে তেখেতৰ হাতৰ আখৰবোৰতো নিৰোদ চৌধুৰীৰ হাতৰ আখৰৰ ষ্টাইল এটা প্ৰতিফলিত হৈছিল।বিভিন্ন জনলৈ লিখা চিঠি-পত্ৰবোৰত সদায়ে প্ৰতিফলিত হৈ উঠিছিল স্পন্দিত গদ্য আৰু একোটা কাব্যিক ব্যঞ্জনা ।
      কবি উজ্জ্বল শইকীয়াদেৱৰ ব্যক্তিত্বৰ এটা আকৰ্ষণীয় দিশ আছিল তেখেতৰ চাফ-চিকুন, পৰিপাটী কাপোৰ-কানি পৰিধান কৰা কৰা ষ্টাইল আৰু নিৰহংকাৰী আচৰণ।তেখেত আছিল মানুহৰ সংগ ভাল পোৱা লোক।স্মৃতিশক্তি আছিল অত্যন্ত প্ৰখৰ।কাৰোবাক ক'ৰবাত লগ পালে সেই দিনটোৰ  চন-তাৰিখ-বাৰ-সময়-স্থানলৈকে সকলো কথা তেখেতৰ মনত ৰৈ গৈছিল। দীৰ্ঘ দিন ধৰি কবি উজ্জ্বল শইকীয়াদেৱৰ সৈতে আমাৰ অত্যন্ত আপোন আৰু আৱেগিক সম্পৰ্ক এটা গঢ় লৈ উঠাৰ পৰিপ্ৰেক্ষিততে তেখেতৰ সৈতে বহু অন্তৰংগ মুহূৰ্তও কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ।আজিৰ পৰা প্ৰায় দহ বছৰ পূৰ্বে তেনে এটা অন্তৰংগ মুহূৰ্তৎ কথা পাতি থাকোঁতে কথা প্ৰসংগত তেখেত অত্যন্ত আৱেগিক হৈ পৰিছিল। ক্ৰমশঃ গভীৰ হৈ অহা সন্ধ্যাৰ নিস্তেজ আলাে-ছায়াত তেখেতক তেনেই দুর্বল আৰু বাৰ্ধক্যত কাতৰ হৈ পৰা যেন লাগিছিল।আৱেগিক হৈ তেখেতে কৈছিল- “মােৰ ল'ৰা দুটাক কৈছােঁ তহঁতে ভালদৰে থাক, মােক একো দিব নালাগে। পিতৃ হিচাপে তহঁতৰ পৰা দুটা বস্তুৱেই বিচাৰিছােঁ - দুডােখৰ বগা কাপােৰ, এডােখৰ মােক আৰু আন ডােখৰ মাৰাক ঢাকিবৰ বাবে।” বাৰ্ধক্যৰ আৱেগত কোৱা সেইষাৰ কথাই মোকে শোকস্তব্ধ কৰি তুলিছিল, ঘৰখনক কেনে দুখ দিছিল ছাগে। অহাৰ পৰত তেখেতে নিজকে সংযত কৰি কৈছিল – “বহুত দিন একো লিখিব পৰা নাই, তােমাক লগ পাই আৱেগিক হৈ পৰিলােঁ। তুমি আকৌ এইবােৰ কথা লিখি নেপেলাবা।” তেখেতে মানা কৰাৰ পাছতো কিন্তু লিখিছিলোঁ।তেখেতে পঢ়িছিল।মোৰ সেই লেখাটো পঢ়ি  আত্মীয় স্বজনে কেনেদৰে কান্দিছিল খুড়াই মোক পাছত কৈছিল।
      কবি উজ্জ্বল শইকীয়াদেৱৰ জীৱনত পত্নী তৃপ্তি শইকীয়াৰ অৱদান আছিল অতুলনীয়।সকলোবোৰ সভা-সমিতি,কবি- সন্মিলনত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল।সকলো সময়তে দুয়ো দুয়োৰে ছাঁৰ দৰে আছিল।মগজুৰ ৰক্তক্ষৰণজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থাকোঁতে খুড়ীয়েই তেখেতক দিনে ৰাতিয়ে শুশ্ৰুষা কৰিছিল।খুড়ীৰ অবিৰত শুশ্ৰুষাৰ বলতে তেখেতে হেৰুৱা স্মৃতি ঘূৰাই পাইছিল বুলি ক'ব পাৰি।কিন্ত বহুদিন ধৰি বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা খুড়ীয়েও অকল্পনীয়ভাৱে এদিন  আকস্মিকতে ইহ সংসাৰ এৰি গুচি গৈছিল।খুড়ীৰ মৃত্যু আছিল তেখেতৰ হৃদয়ত আন এক প্ৰচণ্ড আঘাত যিটো তেখেতৰ বাবে হয়তো অসহনীয় আছিল।আকৌ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু স্মৃতিশক্তি প্ৰায় সম্পূৰ্ণ নষ্ট হৈ গৈছিল।তেনে অৱস্থাতো তেখেতে খুড়ীক বিচাৰিছিল আৰু হুকহুকাই কান্দিছিল।খুড়াক চাবলৈ শেষৰবাৰ যাওঁতে তেখেতৰ স্মৃতিশক্তি ইমানেই লুপ্ত হৈছিল যে মোকেই চিনি পোৱা নাছিল।তেখেতৰ তেনে অৱস্থাত অসমৰ বহু বিশিষ্ট লেখক-সাহিত্যিকে তেখেতক চাবলৈ গৈছিল আৰু শোকত ভাগি পৰিছিল।অৱশেষত বিগত পঞ্চাশ বছৰে অবিশ্রান্তভাৱে প্ৰেম আৰু যৌৱনৰ কবিতা লিখি অহা মানুহজনে ৰোগ আৰু বাৰ্ধক্যৰ ওচৰত পৰাভূত হৈ যোৱা 3 চেপ্তেম্বৰ তাৰিখে 83 বছৰ বয়সত ইহ সংসাৰৰ পৰা শেষ নিশ্বাস ত্যাগ কৰি গুচি গৈছিল।তেখেতৰ মৃত্যু অসমীয়া কাব্য-জগতৰ বাবে নি:সন্দেহে এক অপূৰণীয় ক্ষতি।(সমাপ্ত)

                     



       

    

দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত প্ৰণতি বৰুৱাৰ কবিতা

দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত
          প্ৰণতি বৰুৱাৰ কবিতা 
                                             বীৰ্কে বি থাপা

      আধুনিক কবিতাৰ নিৰ্মানশৈলীত ইমে'জ বা চিত্ৰকল্পৰ প্ৰয়োগ এক অতুলনীয় সংযোজন।
বিংশ শতিকাৰ আৰম্ভণিতে টি.ই.হিউম,
এজৰা পাউণ্ড,জেমচ জয়েচ আদিৰ দৰে কবিয়ে তেওঁলোকৰ কবিতাত পোনপ্ৰথম বাৰৰ বাবে চিত্ৰকল্পৰ প্ৰয়োগৰ জৰিয়তে পাশ্চাত্যৰ সাহিত্যত এক নতুন চিত্ৰকল্পবাদী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমীয়া কবিতাতো চল্লিশৰ দশকৰ পৰা  চিত্ৰকল্পৰ সমাহাৰেৰে সমৃদ্ধ কবিতা ৰচনাৰ ঢল বৈ আহে।কবি হেম বৰুৱা,নৱকান্ত বৰুৱা,হীৰেণ ভট্টাচাৰ্য আদিৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী কবিয়ে  চিত্ৰকল্পৰ বহুল প্ৰয়োগেৰে অসমীয়া কাব্য-সাহিত্যক সমৃদ্ধ কৰি তুলিছিল।
       পৰৱৰ্তী পৰ্যায়ত চিত্ৰকল্পবাদী আন্দোলনৰ পূৰ্বৱৰ্তী ধাৰা অব্যাহত ৰাখি যিসকল কবিয়ে পুনৰ  আশীৰ দশকৰ পৰা কবিতাৰ নিৰ্মাণশৈলীত চিত্ৰকল্পৰ প্ৰয়োগ আৰু তাৰ জৰিয়তে কবিতাক অধিক ভাৱব্যঞ্জক কৰি তোলাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা চলাবলৈ আৰম্ভ কৰিছিল সেইসকলৰ ভিতৰত অন্যতম  এগৰাকী উল্লেখযোগ্য কবি হৈছে প্ৰণতি বৰুৱা। 1997 চনত প্ৰকাশিত প্ৰথমখন কবিতাপুথি 'প্ৰতিটো ঋতুৰ আকাশ'ত সন্নিৱিষ্ট কবিতাসমূহত কবি প্ৰণতি বৰুৱাই ভিন্ন ঋতুত প্ৰকৃতিয়ে পৰিগ্ৰহণ কৰা ৰূপ- বৈচিত্ৰক বিভিন্ন চিত্ৰকল্পৰ প্ৰয়োগেৰে যথাৰ্থ ৰূপত চিত্ৰিত কৰা পৰিলক্ষিত হয়।ইতিমধ্যে সমসাময়িক বিভিন্ন কাকত-আলোচনীত তেখেতৰ অলেখ কবিতা প্ৰকাশ পাইছে।প্ৰকাশিত এই কবিতাসমূহৰ  উপৰিও  'ফুল হৈ ফুলি আছে তেজীমলা' শীৰ্ষক তেখেতৰ 2015 চনত প্ৰকাশিত দ্বিতীয়খন কবিতা-সংকলনতো চিত্ৰকল্পৰ যথাৰ্থ প্ৰয়োগ আমি দেখা পাওঁ।উল্লেখযোগ্য যে তেখেতৰ প্ৰথমখন প্ৰকাশিত কবিতাপুথিৰ কবিতাসমূহ 'ফুল হৈ ফুলি আছে তেজীমলা' সংকলনত পুনৰ সন্নিৱিষ্ট হৈছে।
        কবি প্ৰণতি বৰুৱাৰ জন্ম 1954 চনত ছৈখেৱাত।ডুমডুমা মহাবিদ্যালয়ৰ পৰা 1974 চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যথাক্ৰমে অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমে অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী হিচাপে আৰু পাছত অধ্যক্ষা হিতাপে কৰ্মজীৱনৰ সুদীৰ্ঘ কাল অতিবাহিত কৰাৰ পাছত 2014 চনত অৱসৰ গ্ৰহণ কৰে।সামাজিক জীৱনত একাধিক সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠানৰ সৈতে জড়িত প্ৰণতি বৰুৱাৰ সুৱলা কণ্ঠ,আকৰ্ষণীয় কথন-শৈলী আৰু সকলোকে মুগ্ধ কৰিব পৰা অত্যন্ত মৰমীয়াল অন্তৰ তেখেতৰ ব্যক্তিত্বৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য।
         কবি প্ৰণতি বৰুৱাৰ কবিতাৰ অধ্যয়নৰ পৰা সামগ্ৰিকভাৱে এই কথাই পৰিলক্ষিত হয় যে তেখেতৰ  নৈসৰ্গিক চেতনা অত্যন্ত প্ৰবল।পাৰিপাৰ্শ্বিক জগতখনক পৰ্যৱেক্ষণ কৰাৰ দৃষ্টি অত্যন্ত সূক্ষ্ম বাবেই প্ৰকৃতি আৰু ভিন্ন ঋতুৰ ৰূপবৈশিষ্ট্যক তেখেতে কবিতাৰ শব্দ -চিত্ৰৰে যথাৰ্থ ৰূপত অংকণ কৰিবলৈ সক্ষম হৈছে,যথা-
     বহাগ এনেকৈয়ে আহে
     কুলি-কেতেকীৰ কণ্ঠত ফেঁহুজালি তুলি
     মেঘত ঢোলৰ চাপৰ মাৰি
     এই বোকা এই পানীৰে
     কুঁহিপাতত জেতুকাৰ বোল সানি...(বহাগ) ।
      সেইদৰে অসমীয়া গ্ৰাম্য -জীৱনৰ উচ্ছল হাঁহি-উল্লাসৰ চিত্ৰও কবি প্ৰণতি বৰুৱাৰ কবিতাত বাংময় হৈ উঠিছে -
পথাৰৰ পৰা ছিটিকি পৰা
হাঁহিৰ শব্দবোৰ
তাৰেই ভৰি উঠে কান্ধৰ বিৰিয়া
নৰাৰ সুহুৰিত উৰি ফুৰে
মনৰ বাঁহী গঢ়াই লোৱা
এজাক গৰখীয়া........(পথাৰৰ বাঁহী)
       প্ৰণতি বৰুৱাৰ অন্যান্য কবিতা ,যেনে-বহাগৰ স্নেপশ্বট,শৰতৰ বাতৰি,ফাগুনৰ স্তৱক,ফাগুন,শাওনৰ স্তৱক আদিতো নৈসৰ্গিক চিত্ৰণেই প্ৰধান বৈশিষ্ট্য।সেয়ে হ'লেও কবিতাবোৰ পঢ়ি গ'লে প্ৰকৃতিৰ সৈতে থকা কবিৰ হৃদয়ৰ গভীৰ সংযোগ চেতনাক  উপলদ্ধি কৰিব পাৰি।
       আধুনিক কবিতাৰ ৰূপ-গঠন বা আংগিক নিৰ্মানৰ ক্ষেত্ৰত চিত্ৰকল্পৰ প্ৰয়োগ এক বিশিষ্ট লক্ষন।প্ৰণতি বৰুৱাৰ কবিতাতো চিত্ৰকল্পৰ নিৰ্মানৰ ক্ষেত্ৰত কবিক সচেষ্ট হোৱা দেখা যায়।
কিন্তু আধুনিক অসমীয়া কবিতাত সততে পৰিলক্ষিত হোৱা দুৰ্বোধ্য শব্দৰ কাৰচাজিৰে অভিনৱত্ব প্ৰকাশৰ প্ৰচেষ্টা তেখেতৰ কবিতাত অনুপস্থিত।তাৰ পৰিৱৰ্তে তেখেতৰ কবিতাত দেখা যায় সহজ-সৰল বাক্য- বিন্যাস। সুসংহত আৰু পৰিমিত শব্দবিন্যাসেৰে কবিয়ে সৃষ্টি কৰা ইমে'জ বা চিত্ৰকল্পসমূহে তেখেতৰ বহুকেইটা কবিতাক ভাৱৰ গভীৰতা নথকা স্বত্তেও ব্যঞ্জনাপূৰ্ণ কৰি তুলিছে। বুকুৰ বাউলি বতাহ,ইচ্ছাৰ পলস,বসন্ত বতাহ,ৰ'দৰ পোছাক,দুখৰ দুকোল টঁকা বান,বেউলা আকাশ,অহল্যা পাথৰ, তেজীমলা আঁচল,দুখৰ জ্বালামুখী,দুষ্মন্ত প্ৰেম,কুৰুক্ষেত্ৰ সময়,যন্ত্ৰণাৰ স্তৱক আদি তেনে কিছু ব্যঞ্জণাপূৰ্ণ শব্দ বিন্যাসৰ উদাহৰণ।সেইবাবেই হয়তো 'প্ৰতিটো ঋতুৰ আকাশ' কবিতা পুথিখনিৰ সম্পৰ্কত কবি ৰাম গগৈদেৱে লিখিছিল-'প্ৰতিটো ঋতুৰ আকাশ-এই তিনিটা শব্দৰ সংযোজনত নিহিত হৈ আছে ঋতুৰ পৰিৱৰ্তনৰ ইংগিত।প্রতিটো ঋতুৰ বৰ্ণময় আকাশ আৰু প্ৰতিটো ঋতুৰ সতে জড়িত কবিৰ বিচিত্ৰ অম্ল-মধুৰ অভিজ্ঞতাৰে বিধৌত জীৱন বিন্যাস।এইফালৰ পৰা সংকলনখনিৰ নামকৰণ গভীৰ ব্যঞ্জনাময় ।'
      কেৱল নৈসৰ্গিক দৃশ্যৰ অংকণতে কিন্তু তেখেতৰ কবিতা সীমাবদ্ধ হৈ থকা নাই।তেখেতৰ কবিতাত বাংময় হৈ উঠিছে অসমীয়া লোক-পৰম্পৰা, লোককৃষ্টি আদিৰো বিভিন্ন দিশ। আজিৰ দিনত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা নিভাঁজ  অসমীয়া শব্দৰ প্ৰয়োগো তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য ,যেনে--'চেৰেকিত আউল লগা সূতাৰ নেছাটো লৈ/জোঁট ভাঙিবলৈ বহি আছোঁ হাতত উঘাটো লৈ...'(অন্বেষণ)।সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাচীন মূল্যবোধৰ ক্ৰমশ: অৱলুপ্তিয়েও কবিৰ মনক মৰ্মাহত নকৰাকৈ থকা নাই।আজিৰ বস্তুবাদী সামাজিক বাতাবৰণে নতুন প্ৰজন্ম আৰু আমাৰ বাপতিসাহোন কৃষ্টি-সংস্কৃতি, লোককথা-লোকসাহিত্য আদিৰ মাজত কঢ়িয়াই অনা ব্যৱধান কথা প্ৰকাশ কৰি কবিয়ে এটি কবিতাত  লিখিছে-'আছেনে বাৰু/আইতাৰ মৰম উপচা চোতালখনত/নাতিহঁত বহিবৰ বাবে তিলমান সময়/আছে জানো/চোতালৰ চূক-কোণ/জোনাক আহি নাচিবলৈ..'(এটা নতুন সাধুকথা)।
      কবি হিচাপে প্ৰণতি বৰুৱাৰ আত্মপ্ৰকাশ প্ৰকৃততে আশীৰ দশকৰ ৰক্তাক্ত আৰু সাম্প্রদায়িক সংঘৰ্ষ-জৰ্জৰিত সময়ছোৱাত।সেই সময়ৰ পৰিৱেশ -পৰিস্থিতিয়ে অসমীয়া কবিসকলক ক্ৰমশ: আগবাঢ়ি অহা দু:সময় সম্পৰ্কে সচেতন কৰি তুলিছিল।কবি প্ৰণতি বৰুৱাও ইয়াৰ ব্যতিক্ৰম নাছিল।স্বদেশ আৰু স্বজাতিৰ বাবে আত্ম বলিদান দিয়া শত সহস্ৰ শ্বহীদৰ মৃত্যুত শোকাভিভূত কবিয়ে সেইসময়ত লিখিছিল--'কেনেকৈ আগবঢ়াও মোৰ দুহাত?/ইয়াত এতিয়া উত্তাল যৌৱনৰ স্বপ্নবোৰ শিল হৈ আছে যে শুই/বধ্যভূমিৰ শব্দ আৰু তেজত ইয়াত/ৰজনজনাই আছে ডেউকা ভঙা চৰাইৰ বিননিৰে/এখন আকাশ...'(ঋতুৰ স'তে আলাপ)।
      কবিৰ দৃষ্টিত 'নিৰাপত্তাৰ অৰ্থ এতিয়া অনিশ্চয়তা/জাপি কিম্বা ছাটি একোৱেই নোৱাৰে ৰাখিব সামৰি/দুখৰ জাগলৰ পানী /..চান্দোৰ মেৰঘৰলৈ সোমাই আহে কালনাগ/দিশে দিশে দুখৰ দোকোল-টঁকা বানত উচুপে/বেউলা আকাশ...'(নিৰাপত্তা ইত্যাদি)। 'আপাতত: মই' শীৰ্ষক কবিতাত  দেখা যায়,আজি সকলো মানুহ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে ।আজিৰ যুগত গাওঁ -জ্ঞাতিৰ বিপৰ্যয়ৰ সময়তো কোনেও আগৰ দৰে মাত এষাৰ নিদিয়ে।পৰিৱৰ্তিত সময়ৰ এই দুৰ্দশাই কবিৰ মনত সৃষ্টি কৰা উপলদ্ধি-- 'ৰ'দৰ দিনত ওমলি থকা সোণালী শস্যভূমিত/আজি ছনপৰা মাটি/য'ত আছিল এদিন মোৰ ককা আইতা পেহী/আৰু অনেক গঞা জ্ঞাতি/...সময়ৰ বানপানীত কেতিয়ানো ছিঙি গ'ল/আমাৰ হাতবোৰ/কেতিয়ানো আমি খেলিলোঁ হেতালি/ক'ত এতিয়া আমাৰ সতীৰ্থ সজাতি...এতিয়া যে/হাতৰ মুঠিত আত্মগোপন শিবিৰ পাতি/কুৰুক্ষেত্ৰ সময়.../তাহানি হাতে হাতে জোঁৰ লৈ/আমি পথাৰৰ পৰা সমদলে খেদিছিলোঁ/ঢোলে-দগৰে বনৰীয়া হাতীৰ জাক/এতিয়া কোনে জগাব কাক/কোনেনো বজাব ঢোল কোনে বজাব ঢাক...'। এনে পৰিস্থিতিত কবি 'চেতনাৰ অংকুশেৰে বিদ্ধ কলিজা'ৰে 'অচিন ব্যাধিৰ যন্ত্ৰনাত' জৰ্জৰিত-' এতিয়া কাক খুজিম/এঘটি পিয়াহৰ পানী/ক'ত সেই গাণ্ডীৱ দুহাত/পাতাল ভেদি আনিবলৈ নিজৰা....)(আপাতত: মই)।
       আজি আমি এনে এটা যুগত বাস কৰি আছোঁ যিটো যুগত চকুৰ সন্মুখতে কোনোবাই কাৰোবাক হত্যা কৰিলেও কোনো আচৰিত নহয়,দূৰদৰ্শন-বাতৰি কাকতত মানৱতাক কলংকিত কৰা অজস্ৰ ঘটনা দেখি দেখিও কাৰো মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়।সকলো যেন তেনেই স্বাভাৱিক।মানুহৰ আত্মকেন্দ্ৰিক চৰিত্ৰ আৰু ভোগবাদী ব্যস্ততাত আজি 'অনুভুতি ' নামৰ বস্তুটোৱেই যেন অন্তৰ্হিত হৈ পৰিছে।সেয়ে কবিৰ দৃষ্টিত আজি 'অকস্মাৎ' বুলি কোনো কথা নাই।চকুৰ সন্মুখত সংঘটিত সকলো ঘটনাই যেন গোলকীয় উষ্ণতাৰ বিষয়টোৰ দৰেই পূৰ্বৰে পৰা চলি থকা ঘটনাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া।সেই বাবেই এটি কবিতাত তেখেতে লিখিছে- 'অকস্মাতে একোৱে নঘটে বাবেই/গছবোৰৰ সপোন ধৰাশায়ী হয়/অকস্মাতে গোলকীয় উষ্ণতাই/পৃথিৱীক স্পৰ্শ নকৰে বাবেই/হেৰাই যায় গছবোৰ...'(অকস্মাৎ) ।
       কবি এনে এখন দেশৰ বাসিন্দা য'ত সীতা,সাবিত্ৰী,অহল্যা,দ্ৰৌপদীৰ দৰে অসহায়া নাৰীৰ ওপৰত যুগে যুগে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দ্বাৰা নিৰ্যাতন চলাই অহা হৈছে।সীতাৰ সতীত্বত প্ৰশ্ন তুলি অগ্নি-পৰীক্ষাৰ বাবে চিতাত তোলা হৈছে,সাবিত্ৰীক অকাল বৈধব্যৰ সাজ পিন্ধোৱা হৈছে,অহল্যাক শিললৈ ৰূপান্তৰিত কৰা হৈছে,দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত বিবস্ত্ৰা কৰা হৈছে।মহাকাব্যৰ দিনৰে পৰা নাৰীৰ ওপৰত চলি অহা এনে অত্যাচাৰৰ আজিও অন্ত পৰা নাই।দৈনন্দিন ঘটি থকা এনে অত্যাচাৰ-নিৰ্যাতনৰ ঘটনাবোৰ প্ৰত্যক্ষ কৰা কবিয়ে সেয়ে লিখিছিল--'ইয়াত,ইয়াতেইতো পৰি আছে মূক বধিৰ হৈ অহল্যা পাথৰ/এন্ধাৰ আৰু পোহৰৰ তয়াময়া যুঁজৰ স্বাক্ষৰ হৈ/এন্ধাৰত মুখ গুজি পৰি আছে ইয়াতে তেজীমলা/আঁচলত পাহি সৰা গোলাপ .../এতিয়া ইয়াত চকু মেলিলেই দ্ৰৌপদী/কেৱল দ্ৰৌপদী...'(অহল্যা দ্ৰৌপদী ইত্যাদি)।
       যান্ত্ৰিকতাই আৱৰা বস্তুবাদী জগতত প্ৰেম আৰু মানৱতাৰ অপমৃত্যুয়ে কবিক শোকস্তব্ধ কৰি পেলাইছে।প্ৰণতি বৰুৱাৰ বহুকেইটা কবিতাত প্ৰেমৰ অন্বেষণো চকুত পৰে।কিন্তু তেখেতৰ কবিতাত ব্যক্তি-প্ৰেম নৈসৰ্গিক প্ৰেমৰ সমগোত্ৰীয় ৰূপতহে প্ৰকাশ পোৱা পৰিলক্ষিত হয়।প্ৰকৃতিৰ সেউজ নিৰ্জনতা আৰু বিশালতাৰ বুকুত বিলীন হ'ব পৰা প্ৰেমৰ আক্যাংক্ষী কবিয়ে এটি কবিতাত লিখিছিল---'তোমাৰ আলিংগনৰ মাজত/মই এনেকৈয়ে হওঁ ডাঙৰ/নীলিম উদ্দীপনাৰে কলিজাৰ স্পন্দনত/মই আঁকি লওঁ সেউজীয়া স্বপ্নময় ছবি/এখন সেউজীয়া ছবি..'(শিলাস্তৰৰ শেলুৱৈ)। কিন্তু কবিৰ প্ৰশ্ন--'বুকুত আছেনে তেওঁৰ /নদীৰ দৰে আলাপ বাৰিষাৰ দৰে বৰষুণ'অমৃতৰ দৰে আকাশত..'
(সপোনত)।
       আশীৰ দশকত প্ৰণতি বৰুৱাই লিখা 'তুমি তোমাৰ স'তে এখন্তেক' শীৰ্ষক কবিতাটি এটি বিশেষ উল্লেখযোগ্য কবিতা। প্ৰকৃতিৰ স'তে হৃদয়ৰ সংযোগ চেতনাই হৈছে কবিতাটিৰ প্ৰধান বৈশিষ্ট্য।যান্ত্ৰিক যুগৰ ব্যস্ততাত মানুহৰ মনবোৰো যান্ত্ৰিক আৰু বস্তুবাদী হৈ পৰিছে।কবিয়ে উপলদ্ধি কৰিছে ,এই যান্ত্ৰিক মানসিকতাৰ পৰা যেন প্ৰিয়জনো বাদ পৰি যোৱা নাই।অথচ কবিয়ে আশা কৰিছে এখন্তেকৰ বাবে হ'লেও প্ৰিয়জনৰ স'তে প্ৰকৃতিৰ উন্মুক্ত কোলাত কেতিয়াবা বিলীন হৈ যাবলৈ।কবিৰ এই মানসিকতা এক মুহূৰ্তৰ বাবে মিলি গৈছে ডি.এইচ.লৰেঞ্চৰ Sun নামৰ গল্প এটাৰ নায়িকা জুলিয়েতৰ মানসিকতাৰ সৈতে।ব্যস্ততাপূৰ্ণ নাগৰিক জীৱনৰ পৰা সাময়িকভাৱে দুদিনমানৰ বাবে আঁতৰি দূৰৱৰ্তী সাগৰৰ পাৰলৈ স্বামীৰে সৈতে ফুৰিবলৈ যোৱা জুলিয়েতে দেহৰ সমস্ত আভৰণ সোলকাই নগ্ন দেহাৰে সূৰ্যস্নান কৰাৰ পাছত আৱিস্কাৰ কৰিছিল সূৰ্যৰ তাপ আৰু পোহৰে তাইৰ সমস্ত দেহ আৰু মনত পেলোৱা আচৰিত প্ৰভাৱৰ কথা।সভ্যতাৰ কৃত্ৰিম আধুনিকতাই মানুহক বেশ-ভূশাৰ শৃংখলত যিমানে বন্দী কৰি ৰাখিলেও  প্ৰকৃতিৰ আদিম আহ্বানে মানুহক সদায়ে যেন হাত বাউল দি মাতি থাকে।অনুৰূপ এক ভাৱনাত উল্লেখিত কবিতাটিতো কবিয়ে লিখিছে--নিৰ্জন পৰত তুমি তোমাৰ স'তে'এখন্তেক মুখামুখি হৈ পাতিলানে কথা?/....চোৱাচোন তুমি/ইচ্ছাৰ পলসত কেনেকৈ বাঢ়ি আহে/ তোমাৰ বুকুৰ মাজত ৰোৱা গছজোপা/তোমাৰ স'তে তুমি কথা পাতিলেই /গছজোপাত ফুলবোৰে গীত গাব/আৰু পাতবোৰেও কথা ক'ব/তোমাৰ অজ্ঞাতে সাৰ পাই উঠিব/অনেক চৰাইৰ কাকলি/তোমাৰ বুকুৰ স্বৰলিপি বুটলি...'।
      কিন্তু প্ৰেম আজি কেৱল যৌনতাৰ নামান্তৰ।আমি যিমানলৈকে কবি প্ৰণতি বৰুৱাৰ কবিতা পঢ়িছোঁ,আমাৰ বোধেৰে তেখেতৰ অন্যতম এটি উৎকৃষ্ট সৃষ্টি হৈছে-'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাটি।প্ৰেমক কেৱল যৌনতা বা বাসনা জৰ্জৰিত শাৰীৰিক ক্ষুধা নিবৃত্তিৰ এটি তাড়ণা বুলি বিশ্বাস কৰা আজিৰ যুগত কত অবলা নাৰী পুৰুষৰ ছলনাৰ বলি হ'ব লগীয়া হৈছে তাৰ হিচাপ নাই।সম্পূৰ্ণ বিশ্বাসেৰে পুৰুষৰ দুবাহুত নিজক সমৰ্পন কৰি দিয়া নাৰীয়ে নিজৰ সতীত্ব হেৰুৱাই পাছত লোক-লজ্জাৰ ভয়ত গৰ্ভত ধাৰণ কৰি লোৱা ভ্ৰণো হত্যা কৰিবলগীয়া হৈছে।পুৰুষৰ হাতত অসহায়া বহু নাৰীৰ বাবে তাৰ গত্যন্তৰো নাই।কিন্তু পুৰুষৰ ছলনাৰ বলি হোৱা নাৰীৰ  অন্তৰৰ বেদনাৰে কবিয়ে গৰ্ভত থিতাপি লোৱা ভ্ৰূণটিক হত্যা কৰাৰ পৰিৱৰ্তে তাক জীয়াই ৰাখিব বিচাৰিছে।'শিলাস্তৰৰ শেলুৱৈ' শীৰ্ষক কবিতাত তেখেতে লিখিছে---'তোমাৰ আলিংগনৰ মাজত/প্ৰতিহত প্ৰতিজাক ধুমুহাৰ পিছত মই/উভালি পৰা গছৰ কুটা কঢ়িয়াই/পুনৰ সাজি লওঁ/শকুন্তলা প্ৰেমৰ আশাৰ পঁজা/তুলি লওঁ গৰ্ভত সৃষ্টিৰ ভ্ৰূণ/কঠিনতম সময়ৰ মাজত/জন্ম দিওঁ/দুষ্মন্ত প্ৰেমৰ সেউজীয়া সন্তান এজাক...'। কবিতাটিৰ পৰা এনে ভাৱ হয় যেন পুৰুষৰ কামনাৰ বলি হৈ বহু নাৰীয়ে ভীৰুৰ দৰে ভ্ৰূণ হত্যা কৰি মৌনতা অৱলম্বন কৰাৰ বিপৰীতে কবিয়ে তেখেতৰ স্বপ্নভংগৰ সুতীব্ৰ বেদনাৰে  সেই ভ্ৰূণ গৰ্ভত ধাৰণ কৰি গান্ধাৰীৰ দৰে জাকে জাকে সন্তান জন্ম দি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে পুৰুষৰ চকু মুকলি কৰি দিব বিচাৰিছে।কিন্তু লক্ষনীয়ভাৱে তেখেতৰ কবিতাত প্ৰকাশ্য বিদ্ৰোহ  পৰিলক্ষিত নহয়।প্ৰখ্যাত পাঞ্জাৱী লেখিকা অমৃতা প্ৰীতমৰ 'ডাক্তৰ দেৱ' উপন্যাসৰ মুখ্য চৰিত্ৰ মমতাৰ দৰে এই কবিতাটিতো বিদ্ৰোহৰ পৰিৱৰ্তে প্ৰতিফলিত হৈ উঠিছে কেৱল নাৰীমনৰ অভিমান আৰু আত্মমৰ্যাদাৰ চিত্ৰ।
        প্ৰেম আৰু সুদিনৰ ওপৰত কিন্তু কবিয়ে কেতিয়াও আস্থা হেৰুৱা নাই।সেইবাবেই 'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত' শীৰ্ষক এটি কবিতাত তেখেতে লিখিছে-'বাঞ্চিত সময়ৰ প্ৰতীক্ষাত /মেলি দিছোঁ চকুহাল/অগ্নিৰ গৰ্ভত হাত থৈ.../উজাগৰী নিশাৰ শেতেলিত/ওলমি আছে এতিয়া/কুৰুক্ষেত্ৰ বতাহ../বুটলি আনক সময়ে/গৈৰিক বাসনাৰ বুকুৰ পঞ্চশীল...'। কবিৰ বিশ্বাস যে কেৱল প্ৰেমেইহে পৃথিৱীলৈ শান্তি নমাই আনিব পাৰে।সেইবাবেই ' জননী' শীৰ্ষক কবিতা এটিত এগৰাকী মাতৃৰ হৃদয়ৰ প্ৰেম আৰু কোমলতাৰে যন্ত্ৰনাগ্ৰস্ত অজস্ৰ মানুহক সন্তানৰ দৰে আকোঁৱালী লোৱাৰ দুৰ্বাৰ আক্যাংক্ষাৰে  কবিয়ে লিখিছে-'দুখৰ লোতকত উটি যোৱা মানুহবোৰক/যন্ত্ৰনাৰ স্তৱকত শুই থকা মানুহবোৰক/শিশুৰ দৰে তুলি লওঁ আহাঁ /....প্ৰেমৰ সাগৰত পখালি লওঁ সিহঁতৰ দেহা/শান্তিৰ নিজৰাকে আঁকি দিওঁ কপালত প্ৰেমৰ ৰেখা/হৃদয়েদি বোৱাই দিওঁ অমৰ প্ৰেমৰ দীপ্তিমান প্ৰভা..'।
       এনেদৰেই কবি প্ৰণতি বৰুৱাৰ আৰু অনেক কবিতাত(যেনে-বাঞ্চিত সময়ৰ প্ৰতীক্ষাত, সোণালী সত্য,হৃদয় ক'ত, উন্মীলন,এজাক যুৱতী নাৰীৰ দেওধনী নাচ, সুহৃদ, সাম্প্ৰতিক, বিহুৱান, গছবোৰে গান গায়,এজাক পশুৰ মাজত এজনী পাগলী,শৈশৱ আদি) ব্যক্তিগত জীৱনৰ সুখ-দুখ,সামাজিক বিপৰ্যয় ,দু:সময় আদিৰ বাস্তৱ চিত্ৰণ পৰিলক্ষিত হয়।দু:সময় আৰু নৈসৰ্গিক চেতনাৰে পৰিব্যাপ্ত তেখেতৰ কবিতাসমূহক অতুলনীয় চিত্ৰকল্প আৰু ভাৱৰ গভীৰতাই নতুন আয়তন প্ৰদান কৰিছে।(সমাপ্ত)
     
.................................










   
     






     

নাৰী স্বাধীনতা প্ৰসংগ আৰু তিলোত্তমা বৰগেহাঞিৰ গল্প

    নাৰী স্বাধীনতা প্ৰসংগ আৰু তিলোত্তমা বৰগোহাঞিৰ গল্প
                                                                           বীৰ্কে বি. থাপা   

          শিৱসাগৰৰ খাচ আহোমৰ ঘৰত জন্ম হোৱা ছোৱালী হিচাপে গাই-গাঁৰিৰে শকত-ডাঙৰ আৰু পুৰুষসুলভ সাহসিকতাৰে পূৰ্ণ এগৰাকী অত্যন্ত আত্ম মৰ্যাদাসম্পন্ন আৰু প্ৰতিবাদী মনৰ নাৰী আছিল প্ৰয়াত তিলোত্তমা বৰগোহাঞি।আশীৰ দশকৰ শেষৰ ছোৱাত এগৰাকী সম্ভাৱনাপূৰ্ণ লেখিকা হিচাপে আত্মপ্ৰকাশ কৰা তিলোত্তমা বৰগোহাঞিয়ে পৰৱৰ্তী কালত প্ৰান্তিক,শ্ৰীময়ী,পূবালী আদিৰ দৰে কাকত-আলোচনীত যথেষ্ট সংখ্যক গল্প লিখি পাঠকৰ পৰিচিত হৈ পৰিছিল।তেওঁৰ গল্পত প্ৰতিফলিত হৈ উঠিছিল মধ্যবিত্তীয় সমাজৰ আধুনিক নাৰীৰ কৰ্মব্যস্ত জীৱন,নাৰীৰ নিজস্ব চিন্তা-ভাৱনা,আৱেগ-অনুভূতি,মান-অভিমান,মানসিক দ্বন্দ্ব,সংঘাত আদি।জীৱনৰ একো একোটা আৱেগময় খণ্ডিত মুহূৰ্তক গল্পৰ মাজেৰে অত্যন্ত সজীৱতাৰে তুলি ধৰিব পৰা অপূৰ্ব টেকনিক বা কৌশল আৰু কলাত্মক দক্ষতা তেওঁ আয়ত্ব কৰিব পাৰিছিল।
বাটে-ঘাটে লগ পালে কেতিয়াবা হাতত ধৰি টানি নি ধলাৰ বিজয়াশ্ৰী হোটেলত বহুৱাই চাহ-চিঙৰা-মিঠাইৰ অৰ্ডাৰ দি অনৰ্গল কথা পাতি যোৱা তিলোত্তমা বাইদেউৰ সেই সদায় মুখত লাগি থকা হাঁহি,ধেমেলিয়া মন আৰু অনৰ্গল কথা পাতি যোৱা স্বভাৱটোৰ কথা আজিও মনত পৰে।মুখ জপাই এখন্তেকো থাকিব নোৱাৰা বাইদেউৰ কথাত সততে লাগি থাকিছিল একোটা তিৰ্যক বুদ্ধিনিষ্ঠতা।পোনপটীয়াকৈ কথা নকৈ কিছু তিৰ্যক ব্যংগ অথবা বুদ্ধিনিষ্ঠতা সানি আৰু কেতিয়াবা কবিত্বময় গদ্যৰ স্পন্দনেৰে নাটকীয় সংলাপৰ ষ্টাইলত কথা কৈ যেন তেওঁ ভাল পাইছিল।নাৰীসুলভ কমনীয়তা,লাজ-ভয়-সংকোচ আদিলৈ পৰোৱা নকৰাকৈ যি কোনো পৰিস্থিতিত নিজৰ অন্তৰ্সত্তাক উদঙাই দেখুওৱাৰ এক এক সহজাত প্ৰচণ্ড অভিলাষে যেন তেওঁক প্ৰতিটো মুহূৰ্ততে উদগ্ৰীৱ কৰি তুলিছিল।সঁচা অৰ্থত ক'বলৈ গ'লে ,নিৰ্ভীক আৰু নি:সংকোচ ভাৱে সকলোৰে সৈতে হাঁহি-মাতি থকা তিলো বাইদেউৰ অন্তৰ্সত্তাত সদা জাগ্ৰত হৈ আছিল এগৰাকী আধুনিক নাৰীৰ অস্তিত্ব।আধুনিক ফেশ্যন অথবা উগ্ৰ প্ৰসাধনেৰে নিজক আধুনিক নাৰী  হিচাপে প্ৰতিপন্ন কৰিব বিচৰা নাছিল তেওঁ।বৰঞ্চ আজিৰ পুৰুষ প্ৰধান সমাজত নাৰীৰ মৰ্যাদাপূৰ্ণ অস্তিত্বক আৰু নাৰীৰ নিভাঁজ আৱেগ-অনুভূতি আৰু পুঞ্জীভূত ক্ষোভ-বেদনা আদিক আজিৰ যুগৰ নাৰী হিচাপে প্ৰকাশ কৰাৰ প্ৰচণ্ড তাগিদাত তেওঁ যেন নিজেই এক বলিষ্ঠ প্ৰত্যাহ্বান হৈ থিয় দিব খুজিছিল।লেখনিৰ মাজেৰে তেওঁ যেন সোচ্চাৰ কৰিব বিচাৰিছিল পুৰুষৰ অন্যায় নিৰ্যাতন,প্ৰতিপত্তি আৰু দম্ভক।
         বাইদেউৰ সৈতে হোৱা আমাৰ চিনাকীৰ প্ৰথম দিনবোৰত জানিব পাৰিছিলোঁ -তেওঁ উগ্ৰ নাৰীবাদী লেখিকা তচলিমা নাচৰিনৰ অত্যন্ত অনুৰাগী।তচলিমা নাচৰিণৰ  লেখাসমূহ পঢ়ি তেওঁ ভাল পাইছিল আৰু সেই বিষয়ে কেতিয়াবা আমাৰ লগত আলোচনাও কৰিছিল।সেই সময়ত আৰু আজিও আমি তচলিমা নাচৰিণৰ উগ্ৰ নাৰীবাদী লেখাসমূহৰ পক্ষপাতি নাছিলোঁ।কাৰণ,ইছলামধৰ্মী সমাজ ব্যৱস্থাৰ পটভূমিত তচলিমা নাচৰিনে সমগ্ৰ পুৰুষ জাতিক কৰা ব্যংগক সম্পূৰ্ণৰূপে মানি লোৱাৰ কোনো যুক্তি আমি দেখা নাছিলোঁ।
         আমাৰ সমাজ ব্যৱস্থাত নাৰী-পুৰুষৰ অসমতাক অৱশ্যে নুই কৰিব নোৱাৰি। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজ ব্যৱস্থাত থকা নাৰীৰ উচ্চ সামাজিক মৰ্যাদাৰ পৰিপ্ৰেক্ষিতত ইছলামিক সমাজ ব্যৱস্থাত চলি থকা নাৰী নিৰ্যাতনৰ দৰে চৰম দুৰৱস্থা আমাৰ ইয়াত কেতিয়াও হোৱা নাই।তিলোত্তমা বাইদেৱে তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী লেখিকাৰ যুক্তিসমূহক সম্পূৰ্ণৰূপে মানি লৈছিল নে নাই ক'ব নোৱাৰি,কিন্তু পৰৱৰ্তী কালৰ ৰচনাসমূহত তেওঁ তচলিমা নাচৰিনৰ দৰে পুৰুষ বিদ্বেষী মনোভাৱ পোষণ কৰাৰ পৰিৱৰ্তে নাৰী-পুৰুষৰ মাজত এক বন্ধুত্বসুলভ সুষম সম্পৰ্ক স্থাপনতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।আমি যিমানখিনিলৈকে তিলোত্তমা বৰগোঁহাঞিৰ গল্প পঢ়িছোঁ-তেওঁৰ গল্পত পুৰুষৰ দম্ভৰ বিৰুদ্ধে প্ৰতিবাদ দেখিছোঁ,কেতিয়াও তচলিমা নাচৰিনৰ দৰে সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে বিষোদ্গাৰ অথবা পুৰুষাতংক দেখা নাই।তাৰোপৰি সঘন ব্যৱহৃত ' নাৰী-স্বাধীনতা' ,'সমানাধিকাৰ' আদি শব্দসমূহৰ তাৎপৰ্যক তেওঁ নিজস্ব দৃষ্টিভংগীৰে পৰ্যৱেক্ষন কৰিবলৈ চেষ্টা কৰিছিল।উল্লেখযোগ্য যে,নাৰী স্বাধীনতা, সমানাধিকাৰ আদি শব্দবোৰৰ অৰ্থ আৰু সংজ্ঞা আজিও বৰ স্পষ্ট নহয়।পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ শোষণ-অত্যাচাৰ,দম্ভ-অহংকাৰ আদিৰ বিৰুদ্ধ্ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ নাৰীয়েও পৰপুৰুষৰ সৈতে দৈহিক সম্পৰ্ক স্থাপন কৰা অথবা ঐতিহ্য-পৰম্পৰা আদি সকলো উলংঘা কৰাটোৱেই জানো নাৰী স্বাধীনতা বা সমানাধিকাৰৰ প্ৰকৃত স্বৰূপ?তৃতীয় বিশ্বৰ দেশসমূহত নাৰীৰ অৰ্থনৈতিক বা সামাজিক স্বাধীনতাৰ প্ৰাসংগিকতা নথকা নহয়,কিন্তু আমেৰিকাৰ দৰে পুঁজিবাদী দেশসমূহত মুক্ত বা অবাধ যৌন স্বাধীনতা অথবা পুৰুষৰ দৰে উদং দেহাৰে ঘূৰি ফুৰিব পৰা স্বাধীনতাৰ দাবীৰে উলংগ হৈ ৰাজপথত নমাৰ কি যুক্তি থাকিব পাৰে? আমাৰ সমাজতো তাৰ প্ৰভাৱ নপৰাকৈ থকা নাই।সমনাধিকাৰৰ প্ৰসংগত আধুনিক শিক্ষিতা নাৰীয়ে মুক্ত আৰু অবাধ যৌন স্বাধীনতা বিচৰা,লিভিং টুগেদাৰ চিষ্টেমত বিশ্বাস ৰখা ,বিয়াৰ পাছত দৈহিক সৌন্দৰ্য অটুত ৰখাৰ স্বাৰ্থত সন্তান ধাৰণ কৰিব নিবিচৰা ,ৰান্ধনি শালত সোমাব লগা অৱস্থাক নাৰীৰ মৰ্যাদাৰ অপমান বুলি ভৱা আদি বিষয়বোৰ আজি সাধাৰণ কথা হৈ পৰিছে।তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী লেখিকাৰ প্ৰভাৱত নাৰী-পুৰুষৰ মাজৰ সুষম সম্পৰ্কত সংঘাত তীব্ৰতৰ হৈ দেখা দিছে।
         আমি আগতেই কৈছোঁ যে তিলোত্তমা বৰগোহাঞিৰ গল্পত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰূদ্ধে প্ৰতিবাদ আছে যদিও তচলিমা নাচৰিনৰ দৰে সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে বিষোদ্গাৰ নাই।ইছলামিক সমাজ ব্যৱস্থাৰ গইনা লৈ তচলিমা নাচৰিণে যেতিয়া সমস্ত পুৰুষ জাতিক পদদলিত কৰি ৰাখিব বিচৰা , নাৰীলোলুপ দাম্ভিক আৰু অত্যাচাৰী বুলি ব্যংগ কৰে তেতিয়া স্বাভাৱিকতে আমাৰো চেতনাত আঘাত লাগে।নাৰীক মৰ্যাদা দিয়া পুৰুষো যে আছে সেই কথা তচলিমাই অস্বীকাৰ কৰিছে।তচলিমাৰ এনে যুক্তিহীন পুৰুষ বিদ্বেষৰ বিপৰীতে তিলোত্তমা বৰগোহাঞিৰ গল্পত দেখা যায় তেওঁ নাৰীৰ অস্তিত্ব ,চিন্তা-ভাৱনা,আৱেগ-অনুভূতি আদিৰ সূক্ষ্ম প্ৰতিফলনৰ মাজেৰে পুৰুষপ্ৰধান সমাজতো নাৰীৰ সমমৰ্যাদা স্থাপন কৰিব খুজিছে।নাৰীত্বৰ সমমৰ্যাদাৰে পুৰুষৰ সৈতে এক অনুভূতিশীল সুষম সম্পৰ্ক স্থাপনত তেওঁ অধিক গুৰুত্ব দিছে।সেই বাবেই প্ৰেম,ত্যাগ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰে জীৱনটোক মহীয়ান কৰি তোলাৰ বাসনাৰে তেওঁৰ প্ৰায়বোৰ গল্পৰে কাহিনী বা বিষয়বস্তু নিৰ্মিত।ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়-তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত 'সঁজাৰ পখীৰ গান' গল্প সংকলনৰ 'উন্মীলন' নামৰ গল্পটিত।
        'উন্মীলন' নামৰ গল্পটিত তেওঁ আধুনিক শিক্ষাৰে শিক্ষিতা অনুসূয়া নামৰ উচ্চ পদস্থ বিষয়াৰ চাকৰিত অধিষ্ঠিত এজনী ছোৱালীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ ছবিখনক অত্যন্ত সুন্দৰ আৰু কলাত্মক ভাৱে তুলি ধৰিবলৈ চেষ্টা কৰিছে।একেটা অফিচৰে সমমৰ্যাদাপূৰ্ণ উচ্চ পদস্থ সুধাকৰৰ প্ৰতি থকা অনুসূয়াৰ ভাল পোৱাৰ সম্পৰ্কটোক যেতিয়া সুধাকৰে নিজৰ পুৰুষসুলভ দাম্ভিকতাৰে উপেক্ষা কৰিছে তেতিয়া স্বাভাৱিকতে অনুসূয়াৰ নাৰীত্বত আঘাত লাগিছে।অনুসূত্রাৰ পদবীটোৰ বাহিৰে তাইৰ নাৰীত্বক সুধাকৰে কেতিয়াবা মৰ্যাদা দিয়া নাছিল বুলি জনাৰ পাছত সুধাকৰৰ সৈতে সকলো সম্পৰ্ক ছিঙি পেলাবলৈ তাই সিদ্ধান্ত লৈছে।তাই সুধাকৰক কোৱা কথাষাৰৰ মাজেৰে এগৰাকী নাৰীৰ ক্ষোভ আৰু আত্মমৰ্যাদা স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে।তাই কৈছে-'চোৱা সুধাকৰ,এইটো অফিচতে বহি বহুদিন তোমাৰ লগত অফিচৰ সম্পৰ্কৰ উপৰিও আন এটা সুসম্পৰ্কক শ্ৰদ্ধা কৰাৰ লগতে শ্ৰদ্ধাখিনিৰ প্ৰতি চিৰিয়াচো আছিলোঁ।এই ডাঙৰ অফিচটোত তুমি মই দুই জনেই একোটা সন্মানীয় পদত আছোঁ।বোধহয় তুমি মোৰ পদবীটোৰ বাদে নাৰী বুলি মোক কোনো দিনেই সন্মান নকৰিলা।কৰা হ'লে তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাৰ গুৰুত্ব তুমি উপলদ্ধি কৰিব পাৰিলাহেঁতেন।'
         এটা সুসম্পৰ্কৰ প্ৰতি নাৰী হিচাপে অনুসূয়া চিৰিয়াচ হোৱাৰ সময়ত সুধাকৰ নামৰ বিষয়াগৰাকী তেনেই উদাস আছিল।তেওঁৰ এই উদাসীনতাৰ কাৰণ তেওঁৰ সমাজ ব্যৱস্থা বুলি জনাৰ প্ৰয়োজনীয়তা তাই দেখা নাই ।প্ৰতিবাদ কৰিও একো লাভ নাই।সুধাকৰ হৈছে পুৰুষপ্ৰধান সমাজৰ দাম্ভিকতাৰ প্ৰতীক।জ্যামিতিক সূত্ৰত দুডাল সৰল ৰেখাই সমান্তৰালভাৱে গতি কৰে কিন্তু কেতিয়াও লগ নালাগে।এনে কথাত বিশ্বাস কৰা ব্যক্তি তেওঁ।কিন্তু সুধাকৰৰ দম্ভক আঙুলিয়াই তাই কৈছে-'তুমি নিজকে এডাল সৰল ৰেখা বুলি কৈ যি পুৰুষত্ব দেখুৱাব বিচাৰিলা,অকনমান হাউলি বেঁকা হ'বলৈ ভয় কৰি কিন্তু কাপুৰুষালি কৰিলা।এজন উচ্চ পদস্থ বিষয়া হিচাপে তোমাৰ পুৰুষত্বৰ মৰ্যাদা মোৰ ওচৰত শূণ্য।
         'অকাল বসন্ত' গল্পৰ বিষয়বস্তুও অনুৰূপ।যাক অন্তৰেৰে ভাল পোৱা যায়,আকাংক্ষিত সেই পুৰুষে সময় থাকোতে সেই প্ৰেমৰ মূল্য নুবুজিলে এগৰাকী নাৰীৰ মন স্বাভাৱিকতে অভিমানী হৈ উঠে।অধ্যাপিকা দেৱাহুতি ভট্টৰ দৰে শিক্ষিতা যুৱতী গৰাকীয়েও উচ্চ পদস্থ বিষয়া অলকৰ বাবে অপেক্ষা কৰি জীৱনৰ সুদীৰ্ঘ বছৰ পাৰ কৰি দিয়াৰ পাছত হঠাৎ এদিন অলক আহি তেওঁৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হোৱাত এগৰাকী সাধাৰণ নাৰীৰ দৰেই প্ৰথমে তেওঁ ক্ষন্তেকৰ বাবে সাময়িক আৱেগ আৰু উত্তেজনাত বিচলিত হৈ পৰিছে।ক্ষন্তেকৰ বাবে যন্ত্ৰণাত কাতৰ হৈ পৰিছে তেওঁৰ মুখ।কিন্তু যিজন মানুহে সময় থাকোতে কেতিয়াও তেওঁৰ প্ৰেমক উপলদ্ধি কৰিবলৈ চেষ্টা নকৰিলে ,আজি তেওঁ অতবছৰৰ মূৰত নিশ্চয় প্ৰেমৰ কথা ক'বলৈ অহা নাই।এই কথা উপলদ্ধি কৰাৰ পাছত তেওঁ নিজৰ উৎকণ্ঠিত মনটোক চম্ভালি লৈছে।উচ্ছসিত হৈ কলেজৰ ছাত্ৰ এজনৰ হাতত চাবিপাত দি দেৱাহুতিয়ে কৈ পঠিয়াইছে-মিটিং শেষ কৰি ঘৰ পাওঁতে তেওঁৰ পলম হ'ব।ইয়াৰ পাছত আৰু অলক নামৰ বিষয়াগৰাকী ৰৈ থকা নাছিল।
         তিলোত্তমা বৰগোহাঞিৰ এনে ধৰণৰ গল্পৰ প্ৰসংগত অমৃতা প্ৰীতমৰ গল্প-উপন্যাসৰ নাৰী চৰিত্ৰ সমূহৰ কথা সততে মনত পৰে।উল্লেখযোগ্য যে,নাৰীবাদী লেখিকা অমৃতা প্ৰীতমৰ প্ৰায়বোৰ গল্প আৰু উপন্যাসৰ নাৰী চৰিত্ৰসমূহ প্ৰতিবাদী চৰিত্ৰ যদিও বহু সময়ত বাস্তৱতাৰ সৈতে সম্পৰ্কৰহিত একোটা আৱেগিক মানসিকতাৰে ৰোগগ্ৰস্ত।সেইবাবেই তেওঁৰ প্ৰায়বোৰ নাৰী চৰিত্ৰই প্ৰচণ্ড জেদ আৰু অভিমানত নিমিষতে স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কত দেখা দিয়া মানসিক ব্যৱধানৰ সমস্যাটোক সমাধান কৰাৰ প্ৰকৃত পথৰ সন্ধান কৰাৰ পৰিৱৰ্তে একোটা আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে।পুৰুষৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰাৰ পৰিৱৰ্তে তেওঁৰ নাৰী চৰিত্ৰসমূহে প্ৰকৃততে নিজকে শাস্তি বা যন্ত্ৰণা দিয়াহে পৰিলক্ষিত হয়।উদাহৰণ স্বৰূপে 'ডাক্তৰ দেৱ' উপন্যাসৰ ' মমতা ' নামৰ চৰিত্ৰৰ কথা ক'ব পাৰি ।জগদীশৰ সৈতে বিয়া হোৱাৰ পূৰ্বে মমতাই আন কাৰোবাক ভাল পাইছিল।এই ভালপোৱাৰ মায়াজালত মমতা এনিজকে শাস্তি আৰু যন্ত্রনা দিয়ে। উদাহৰণ স্বৰূপে ‘ডাঃ দেৱ’ উপন্যাসৰ ‘মমতা’নামৰ চৰিত্ৰৰ কথা ক’ব পাৰি। জগদীশৰ সৈতে বিয়া হােৱাৰ পূর্বে মমতাই আন কাৰােবাক ভাল পাইছিল। এই ভালপােৱাৰ মােহ জালত মমতা এনেদৰে বন্দী যে অশেষ চেষ্টা কৰা স্বত্বেও তাই স্বামী জগদীশক ভাল পাব নােৱাৰিলে। শেষত,এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত সন্তানটিক জগদীশৰ কোলাত এৰি থৈ তাই বৈবাহিক জীৱনৰ সকলাে সম্পর্ক ত্যাগ কৰি এটি অকলশৰীয়া জীৱন কটাবলৈ গুচি গ'ল। স্বামী জগদীশৰ সৈতে মমতাৰ কোনাে মানসিক সংঘাত নাছিল। জগদীশেও তাইক কেৱল ভালেই পােৱা নাছিল, শ্রদ্ধাও কৰিছিল। তেনেস্থলত স্বামীৰ জীৱন উকা কৰি উদ্দেশ্যহীন এটা সুদীর্ঘ জীৱন অকলশৰে অতিবাহিত কৰা মমতাৰ অর্থহীন জেদ আৰু অভিমানৰ বাস্তৱিক মূল্য কি থাকিল ? অমৃতা প্রীতমৰ দৰে নাৰীবাদী লেখিকাৰ প্ৰভাৱ সম্প্রতি অন্যান্য নাৰীবাদী লেখিকাৰ ৰচনাতাে পৰিছে।
        তিলােত্তমা বৰগােহাঞি বাইদেৱেও নাৰীৰ নিজস্ব মান-
অভিমান, চিন্তা-চেতনা আদিক গল্পৰ মাজেৰে প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ গল্পৰ নাৰী চৰিত্ৰসমুহে অহেতক জেদ আৰু অভিমানত আত্মধ্বংসী সিদ্ধান্ত গ্রহণ কৰা নাই। অমৃতা প্রীতমৰ নাৰী চৰিত্ৰ সমূহৰ দৰে তেওঁৰ নাৰী চৰিত্ৰ সমূহ কল্পনা বা ভাবজগতৰ বাসিন্দা নহয় । তেওঁৰ ' উন্মীলন’নামৰ গল্পৰ প্ৰসংগতে ক'ব পাৰি যে অনুসূয়াই সুধাকৰৰ অবিহনেই জীৱনৰ বাটত খােজ দিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে তাৰ পৰা কিন্তু এই কথা অনুমান কৰিব নােৱাৰি যে তাই আজীৱন পুৰুষৰ সংগৰ পৰা আঁতৰিয়েই  থাকিব। সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে অনুসূয়াৰ বিৰােধ বা বিতৃষ্ণাৰ ভাৱ লেখিকাই ক'তাে প্রকাশ কৰা নাই। অনুসূয়াৰ অভিমান বা বিৰােধ  কেৱল সুধাকৰ নামৰ ব্যক্তি বিশেষৰ প্রতিহে।
       নাৰী -পুৰুষ বা স্বামী-স্ত্রীৰ মাজৰ সুষম সম্পৰ্কক শ্রদ্ধা জনােৱা লেখিকা তেওঁ। সেইবাবে নাৰীৰ নিজস্ব চিন্তা-চেতনাক মূল্য দিলেও তেওঁ স্বামী-স্ত্রীৰ পবিত্ৰ সম্পৰ্কত অকাৰণ জেদ,অভিমান আদিক তেনে স্পর্শকাতৰ বা বিধ্বংসী ৰূপত প্ৰকাশ কৰা নাই। 'জোনাকৰ মাজেদি' গল্পত দেখা যায় স্বামী অমৃতে পত্নী নীলাৰ আৱেগ- অনুভূতিক উপলব্ধি কৰিবলৈ চেষ্টা নকৰে। দুয়ােৰে মানসিকতাৰ বিৰাট সংঘাত হৈছে তেনে ইংগিতাে অৱশ্যে গল্পত নাই । সাধাৰণ খুঁটি-নাতি, যেনে প্রয়াস আৰু প্রাচুর্য ফুৰিবলৈ আহোঁতে নীলাই ৰাতিপুৰাৰ পৰা সকলাে কৰি মেলি ডাইনিং টেবুলত সকলােকে একেলগে খাবলৈ দিছে। গেছৰ চিলিণ্ডাৰটোও শেষ হৈ যােৱাত আলহী যুৱক দুজনে নিজেই আগবাঢ়ি আহি খৰি ফালি দিছে। অমৃতৰ সেই ফালে খবৰেই নাই। ডাইনিং টেবুলত বহি তেওঁ নীলাই নিজৰ বাবে লৈছে নে নাই খবৰ নােলােৱাকৈ খপজপকৈ খাই উঠাৰ পাছত প্রয়াসে ‘আহকনা বাইদেউ, একেলগে খাওঁ, বহকহি'- বুলি কওঁতে নীলাৰ আত্ম-চেতনাত পাতলকৈ দুখ এটা লাগিছে। নীলাই খীণ হাঁহি মাৰি কৈছে-'আমাৰ মধ্যবিত্ত সমাজত কোনজনী গৃহিণীয়ে আলহীৰ লগতে বহি খাবলৈ পােৱা দেখিছা?'- ইয়াৰ মাজেৰে লেখিকাই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বলি নাৰীৰ মানসিকতাৰ এচুকত লুকাই থকা দুঃখবােধৰ মর্মান্তিক চিত্র অংকন কৰিছে। মধ্যবিত্ত সমাজত নাৰীৰ এনে অৱস্থা সততে চকুত পৰে। অথচ, এয়ে সমাজৰ নিয়ম বুলি প্রতিবাদ কৰিবলৈ নাৰীয়ে সাহস কৰিব নােৱাৰে। এনে সৰু সুৰা কথাক বা স্বামী-স্ত্রীৰ মাজত ক্ৰমাৎ বাঢ়ি অহা মানসিক ব্যৱধানক চিৰিয়াচলি নলৈ সহজভাবে স্বীকাৰ কৰি লােৱাতে মধ্যবিত্ত সমাজৰ নাৰী যেন অভ্যস্ত। তিলােত্তমা বাইদেউৰ গল্পত নাৰীয়ে এনে
অসমানতাৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ কৰা নাই যদিও তাৰ ইংগিত
আছে।'জোনাকৰ মাজেদি’গল্পত প্রয়াসে কৈছে- 'সমভাগৰ কাৰণে
আন্দোলন কৰিব নালাগে। আন্দোলন কৰিব লগাকৈ এইবােৰতাে
সমস্যা নহয়। যদি সমস্যা বুলি ভাবে তেন্তে সমাধানৰ পথো 
আপুনিয়েই জানে। এইযে আমি অহাৰ পৰা আপুনি ইমান ভালকৈ
কৰি মেলি আমাক সন্মুখত সজাই পৰাই খাবলৈ দিছে, আমাক
দিয়াৰ লগতে আপুনিও ল’ব পাৰে- একেলগে বহিবলৈ
আপােনালােকৰ হেজিটেশ্যন নে ট্রেডিশ্যন ?.. কওকচোন। আপুনি
খাওঁ বুলি বহিলে ভিনিদেৱে আপােনাক উঠি যােৱা বুলি ক'ব
নেকি?'
       নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ দাবীত আজিকালি মহিলা সংগঠনসমূহে ৰাজপথলৈ ওলাই আহিছে।স্থানীয় মহিলা সমিতি বা অন্যান্য মহিলা সংগঠন সমূহৰ সৈতে তিলোত্তমা বৰগোঁহাঞি জড়িত আছিল বুলি আমি জানোঁ।কিন্তু এগৰাকী নাৰীবাদী লেখিকা হিচাপে নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ সম্পৰ্কত তেওঁৰ নিজস্ব দৃষ্টিভংগী আছিল।ৰাজপথত আন্দোলন কৰি পৰিৱৰ্তন আনিব নোৱাৰি বুলি যে তেওঁ বিশ্বাস কৰিছিল তাৰ প্ৰমান 'অনুবন্ধ' নামৰ গল্পটিত পোৱা যায়।গল্পটিত তেওঁ স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যু মুখত পৰা সুচৰিতা পাল নামৰ বঙালী সম্প্ৰদায়ৰ এজনী ছোৱালীৰ কাহিনী অংকন কৰিছে।এজনী শিক্ষিতা ছোৱালী হোৱা সত্বেও পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিব নোৱাৰা সুচৰিতাৰ মৃত্যুত 
লেখিকাৰ ক্ষোভ গল্পটিত স্পষ্টভাৱে পৰিলক্ষিত হয়।নাৰীয়ে নিজেই অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ নকৰিলে কেৱল মহিলা
সমিতি সমূহে ৰাজপথত নামি ধর্ণা দিলেই বা শােভাযাত্রা  উলিয়ালেই সমস্যাৰ ওৰ নপৰে এই কথা  প্ৰকাশ কৰি তেওঁ লিখিছে- ‘সুচৰিতাহতঁৰ এনেকৈয়ে মৃত্যু  হয়। দেউতাকে বিয়াৰ ধাৰেই পৰিশােধ কৰা নাই, সুচৰিতাৰ এখন শাৰীও পুৰণি হােৱা নাই, তাৰ মাজতে তাই হেৰাই থাকিল। দুদিন মান মহিলা সমিতিয়ে
প্রতিবাদ কৰিব, দাবী জনাব, ধর্ণা  দিব, শােভাযাত্রা উলিয়াব, বাতৰি কাগজত শােভাযাত্ৰাৰ ফটো সহ খবৰ ওলাব। সুচৰিতাৰ মৃত্যৰ খবৰ পুৰণি হ’ব, দেউতাকৰ গােটেই খিনি চুলি পকিব, ধাৰবােৰ মাৰিয়েই থাকিব...।'
        সকলাে গল্পতে যে তেওঁ কেৱল নাৰীৰ প্রতিবাদী মন বা নাৰী পুৰুষ সম্পর্কৰ মাজত দেখা দিয়া মানসিক সংঘাতৰ  দৃশ্যকে প্রতিফলিত কৰিছে তেনে নহয়। 'নাৰী ' নামৰ গল্পত তেওঁ
নাৰীৰ উদাৰ মানসিকতাৰ এক সুন্দৰ দৃশ্য প্রতিফলিত কৰিবলৈও
চেষ্টা কৰিছে। গল্পটিত মাতৃহীনা কণমানি ছােৱালী এজনীৰ মৰমক
নেওচা দিব নােৱাৰি নায়িকা প্রিয়ম্বদাই গ্রহণ কৰা এক সাহসিক
পদক্ষেপক দেখুওৱা হৈছে। প্রভাকৰৰ পৰিয়ালৰ সৈতে প্রিয়ম্বদাৰ পূৰ্বৰে পৰাই আত্মীয়তা আছিল। প্রভাকৰৰ পত্নী উৎপলাৰ মৃত্যু হােৱাত ঘৰখন তেনেই শূন্য হৈ পৰিল। কণমানি ছােৱালী মৌ-মাৰ মুখখন চাবলৈ ব্যাকুল হৈ পৰা প্রিয়ম্বদাই প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিব পাৰিবনে? প্রিয়ম্বদাই নিজৰ স'তে বহু কথা পতাৰ অন্তত এই সত্য উপলব্ধি কৰিলে যে- নাৰীৰ একেটা সত্বাতে লুকাই আছে  অন্তৰতম বন্ধু, দায়িত্বপূর্ণ পত্নী আৰু স্নেহময়ী মাতৃৰ মােহময়ী ৰূপ। সেই বাবেই তাই প্রভাকৰৰ  কাৰণে নহয়, বৰঞ্চ কণমানি ছােৱালীজনীৰ বাবেই আৰু প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিবলৈকে বিয়াৰ প্রস্তাৱটোত সন্মতি জনাবলৈ
সিদ্ধান্ত লৈছে।
        ‘অসময়’ নামৰ গল্পত তেওঁ প্রকাশ কৰিবলৈ চেষ্টা কৰিছে-
চল্লিশাের্ধ্ব বয়সৰ এগৰাকী আধুনিক আৰু শিক্ষিতা নাৰীৰ
অন্তৰৰ বেদনা।বয়স উকলি গৈ যৌৱনৰ ৰং ৰূপ সৌন্দর্য শেষ হৈ যোৱাৰ পাছত এগৰাকী মহিলাই নিজৰ ৰূপ সম্পৰ্কে যিমানেই সচেতন নহওক কিয়,তেওঁৰ মূল্য স্বাভাৱিকতে নোহোৱা হৈ যায়।প্ৰায় প্ৰত্যেক দিনেই 'ৰংমহল' নামৰ দোকানখনলৈ গৈ আঠ বছৰীয়া ল'ৰা নূপুৰৰ ফৰমাইচৰ বস্তুবোৰ কিনা বা দামী আৰ্চিজৰ পেকেট কিনাটো অপৰাজিতাৰ অভ্যাস।দোকানখনৰ ময়ুৰ নামৰ ল'ৰাটোৰ লগতো তাইৰ সহজ আত্মীয়তা গঢ় লৈ উঠিছে।সদায় যোৱাৰ দৰে সিদিনাও তাই ময়ুৰৰ দোকানখনলৈ গৈ দেখিলে কলেজৰ ছোৱালীবোৰৰ ভিৰ লাগি আছিল তাত।অপৰাজিতা গৈ পোৱাৰ লগে লগে দোকানখনৰ পৰিৱেশ হঠাৎ সলনি গ'ল।ছোৱালীকেইজনীয়ে হাঁহি বন্ধ কৰি অস্বস্তিৰে অলপ আঁতৰি গ'ল।ময়ুৰৰ মুখখনো অলপ গহীন হৈ পৰিল।'কি হ'ল ময়ুৰ,হঠাৎ গহীন হৈ গ'লা যে?'-তাই সুধিলে।ইতিমধ্যে ' ৰংমহল 'ৰ বাৰাণ্ডাৰ পৰা নামি যোৱা ছোৱালী কেইজনীলৈ চাই সেমেকা হাঁহি এটা মাৰি ময়ুৰে ক'লে-'আপুনি আজি বৰ অসময়ত আহিল যে! ইয়াত আপোনাৰ বাবে সময় আবেলি বা গধুলি বুলিহে ধৰি থৈছোঁ।এইটো  বেলেগ কাষ্ট'মাৰৰ সময়।'-ময়ুৰৰ কথাষাৰে অপৰাজিতাক  শেলে বিন্ধাদি বিন্ধিলে।ঠিকেইতো ,নিজৰ ৰূপ সম্পৰ্কে তাই যিমানেই সচেতন নহওক কিয়,তাই আজি সোতৰ-ওঠৰ বছৰীয়া ছোৱালী নহয়।তাইৰ দৰে  এগৰাকী বয়সস্থা মহিলা যে সময় বিশেষে অবাঞ্চিত অতিথিৰ দৰে আমনিদায়ক অথবা ময়ুৰহঁতৰ ব্যৱসায়িক ভাষাত হেভিমেচ -এই সত্যটোকে ময়ুৰে আওপকীয়াকৈ কৈ নিদিয়ালৈকে তাইৰ মনলৈ কিয় আগতে অহা নাছিল? কথাষাৰ উপলদ্ধি কৰাৰ পাছত অপৰাজিতাৰ বুকূ ভেদি ওলাই অহা হুমুনিয়াহটো এটা চেপা কান্দোনৰ দৰে বিয়পি পৰিল।এনেধৰণৰ প্ৰৌঢ়া নাৰীৰ মনস্তত্বক কেন্দ্ৰ কৰি ৰচনা কৰা গল্পৰ সংখ্যা অসমীয়া সাহিত্যত তেনেই কম।তিলোত্তমা বৰগোহাঞিয়ে অত্যন্ত সূক্ষ্মভাৱে জীৱনটোক উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিল বাবেই এনেধৰণৰ মনস্তাত্বিক দ্বন্দ্বৰ চিত্ৰক সজীৱতাৰে গল্পত প্ৰকাশ কৰিব পাৰিছিল।
    মাথোঁ বিয়াল্লিশ বছৰ বয়সতে অকাল মৃত্যুৱে তিলোত্তমা বৰগোহাঞিক কাঢ়ি নিনিয়া হ'লে তেওঁৰ সৃষ্টি প্ৰতিভাই পূৰ্ণ প্ৰকাশৰ সুযোগ পোৱাৰ যথেষ্ট সম্ভাৱনা আছিল।তথাপিতো তেওঁৰ গল্পৰ পুনৰীক্ষণ আৰু মূল্যায়ন হ'লে নাৰী মনস্তত্ব সম্পৰ্কে তেওঁৰ নিজস্ব দৃষ্টিভংগীৰ আৰু বহুতো দিশ উন্মোচিত হ'ব বুলি আশা কৰিব পাৰি।(সমাপ্ত) 

বি:দ্ৰ: দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ত 2009 চনৰ 4 আৰু11 নবেম্বৰত প্ৰকাশিত।




তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী মনস্তত্বৰ চিত্ৰণ

    তিলোত্তমা বৰগোহাঞিৰ গল্পত নাৰী-মনস্তত্বৰ চিত্ৰণ
                                                                           বীৰ্কে বি. থাপা   

          নাৰী মনস্তত্বক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত যথেষ্ট সংখ্যক গল্প-উপন্যাস আদি ৰচনা হৈছে।আশীৰ দশকৰ পৰা এনেদৰে নাৰী মনস্তত্বক কেন্দ্ৰ কৰি গল্প ৰচনাত মনোনিৱেশ কৰি অহা লেখক-লেখিকাসকলৰ ভিতৰত তিলোত্তমা বৰগোহাঞিৰ নাম বিশেষ উল্লেখযোগ্য। 2002 চনত মাথোঁ বিয়াল্লিশ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা তিলোত্তমা বৰগোহাঞিয়ে আশীৰ দশকৰ শেষৰছোৱা কালত আত্মপ্ৰকাশ কৰি প্ৰান্তিক, শ্ৰীময়ী, পূবালী আদিৰ দৰে কাকত-আলোচনীত যথেষ্ট সংখ্যক গল্প লিখি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছিল।তেওঁৰ গল্পত প্ৰতিফলিত হৈ উঠিছিল মধ্যবিত্তীয় সমাজৰ আধুনিক নাৰীৰ কৰ্মব্যস্ত জীৱন,নাৰীৰ নিজস্ব চিন্তা-ভাৱনা,আৱেগ-অনুভূতি,মান-অভিমান,মানসিক দ্বন্দ্ব,সংঘাত আদিৰ চিত্ৰ।জীৱনৰ একো একোটা আৱেগময় খণ্ডিত মুহূৰ্তক গল্পৰ মাজেৰে অত্যন্ত সজীৱতাৰে তুলি ধৰিব পৰা অপূৰ্ব টেকনিক বা কৌশল আৰু কলাত্মক দক্ষতা তেওঁ আয়ত্ব কৰিব পাৰিছিল।তেওঁৰ মাত-কথাত সততে লাগি থকা অপূৰ্ব কথনশৈলীৰ আভাস তেওঁৰ গল্পবোৰতো পৰিলক্ষিত হয়।
         তিলোত্তমা বৰগোহাঞি বাইদেউৰ সৈতে হোৱা আমাৰ চিনাকীৰ প্ৰথম দিনবোৰত তেওঁ যে উগ্ৰ নাৰীবাদী লেখিকা তচলিমা নাচৰিনৰ অত্যন্ত অনুৰাগী আছিল সেই কথা জানিব পাৰিছিলোঁ।তেওঁ তচলিমা নাচৰিণৰ লেখাসমূহ যথেষ্ট অধ্যয়ন কৰিছিল আৰু সেই বিষয়ে কেতিয়াবা আমাৰ লগত আলোচনাও কৰিছিল।কিন্তু সেই সময়ত আমি তচলিমা নাচৰিণৰ উগ্ৰ নাৰীবাদী লেখাসমূহৰ পক্ষপাতি নাছিলোঁ।কাৰণ,ইছলামধৰ্মী সমাজ ব্যৱস্থাৰ পটভূমিত তচলিমা নাচৰিনে সমগ্ৰ পুৰুষ জাতিক কৰা ব্যংগক সম্পূৰ্ণৰূপে মানি লোৱাৰ কোনো যুক্তি আমি দেখা নাছিলোঁ।এই কথা অৱশ্যে সত্য যে,আমাৰ সমাজ ব্যৱস্থাত নাৰী-পুৰুষৰ অসমতাক একেবাৰে নুই কৰিব নোৱাৰি। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজ ব্যৱস্থাত থকা নাৰীৰ উচ্চ সামাজিক মৰ্যাদাৰ পৰিপ্ৰেক্ষিতত ইছলামিক সমাজ ব্যৱস্থাত চলি থকা নাৰী নিৰ্যাতনৰ দৰে চৰম দুৰৱস্থা আমাৰ ইয়াত কেতিয়াও হোৱা নাই।তিলোত্তমা বৰগোহাঞিয়ে তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী লেখিকাৰ যুক্তিসমূহক সম্পূৰ্ণৰূপে মানি লৈছিল নে নাই ক'ব নোৱাৰি,কিন্তু পৰৱৰ্তী কালৰ ৰচনাসমূহত তেওঁ তচলিমা নাচৰিনৰ দৰে পুৰুষ বিদ্বেষী মনোভাৱ পোষণ কৰাৰ পৰিৱৰ্তে নাৰী-পুৰুষৰ মাজত এক বন্ধুত্বসুলভ সুষম সম্পৰ্ক স্থাপনতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।আমি যিমানখিনিলৈকে তিলোত্তমা বৰগোঁহাঞিৰ গল্প পঢ়িছোঁ-তেওঁৰ গল্পত পুৰুষৰ দম্ভৰ বিৰুদ্ধে প্ৰতিবাদ দেখিছোঁ ,কিন্তু কেতিয়াও তচলিমা নাচৰিনৰ দৰে সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে বিষোদ্গাৰ অথবা পুৰুষাতংক দেখা নাই।আধুনিক নাৰীৰ অস্তিত্ব ,চিন্তা-ভাৱনা,আৱেগ-অনুভূতি আদিৰ সূক্ষ্ম প্ৰতিফলনৰ মাজেৰে তেওঁ পুৰুষপ্ৰধান সমাজতো নাৰীৰ সমমৰ্যাদা স্থাপন কৰিব খোজা পৰিলক্ষিত হয়।তাৰোপৰি সঘনে ব্যৱহৃত ' নাৰী-স্বাধীনতা' ,'সমানাধিকাৰ' আদি শব্দসমূহৰ তাৎপৰ্যকো তেওঁ নিজস্ব দৃষ্টিভংগীৰে পৰ্যৱেক্ষন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়-তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত 'সঁজাৰ পখীৰ গান' গল্প সংকলনত সন্নিৱিষ্ট কেইবাটাও গল্পত। 'উন্মীলন' নামৰ গল্পটিত।
        'উন্মীলন' নামৰ গল্পটিত তেওঁ আধুনিক শিক্ষাৰে শিক্ষিতা অনুসূয়া নামৰ উচ্চ পদস্থ বিষয়াৰ চাকৰিত অধিষ্ঠিত এজনী ছোৱালীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ ছবিখনক অত্যন্ত সুন্দৰ আৰু কলাত্মক ভাৱে তুলি ধৰিবলৈ চেষ্টা কৰিছে।একেটা অফিচৰে সমমৰ্যাদাপূৰ্ণ উচ্চ পদস্থ সুধাকৰৰ প্ৰতি থকা অনুসূয়াৰ ভাল পোৱাৰ সম্পৰ্কটোক যেতিয়া সুধাকৰে নিজৰ পুৰুষসুলভ দাম্ভিকতাৰে উপেক্ষা কৰিছে তেতিয়া স্বাভাৱিকতে অনুসূয়াৰ নাৰীত্বত আঘাত লাগিছে।অনুসূত্রাৰ পদবীটোৰ বাহিৰে তাইৰ নাৰীত্বক সুধাকৰে কেতিয়াবা মৰ্যাদা দিয়া নাছিল বুলি জনাৰ পাছত সুধাকৰৰ সৈতে সকলো সম্পৰ্ক ছিঙি পেলাবলৈ তাই সিদ্ধান্ত লৈছে।তাই সুধাকৰক কোৱা কথাষাৰৰ মাজেৰে এগৰাকী নাৰীৰ ক্ষোভ আৰু আত্মমৰ্যাদা স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে।তাই কৈছে-'চোৱা সুধাকৰ,এইটো অফিচতে বহি বহুদিন তোমাৰ লগত অফিচৰ সম্পৰ্কৰ উপৰিও আন এটা সুসম্পৰ্কক শ্ৰদ্ধা কৰাৰ লগতে শ্ৰদ্ধাখিনিৰ প্ৰতি চিৰিয়াচো আছিলোঁ।এই ডাঙৰ অফিচটোত তুমি মই দুই জনেই একোটা সন্মানীয় পদত আছোঁ।বোধহয় তুমি মোৰ পদবীটোৰ বাদে নাৰী বুলি মোক কোনো দিনেই সন্মান নকৰিলা।কৰা হ'লে তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাৰ গুৰুত্ব তুমি উপলদ্ধি কৰিব পাৰিলাহেঁতেন।'
       এটা সুসম্পৰ্কৰ প্ৰতি নাৰী হিচাপে অনুসূয়া চিৰিয়াচ হোৱাৰ সময়ত সুধাকৰ নামৰ বিষয়াগৰাকী তেনেই উদাস আছিল।তেওঁৰ এই উদাসীনতাৰ কাৰণ তেওঁৰ সমাজ ব্যৱস্থা বুলি জনাৰ প্ৰয়োজনীয়তা তাই দেখা নাই ।প্ৰতিবাদ কৰিও একো লাভ নাই।সুধাকৰ হৈছে পুৰুষপ্ৰধান সমাজৰ দাম্ভিকতাৰ প্ৰতীক।জ্যামিতিক সূত্ৰত দুডাল সৰল ৰেখাই সমান্তৰালভাৱে গতি কৰে কিন্তু কেতিয়াও লগ নালাগে।এনে কথাত বিশ্বাস কৰা ব্যক্তি তেওঁ।কিন্তু সুধাকৰৰ দম্ভক আঙুলিয়াই তাই কৈছে-'তুমি নিজকে এডাল সৰল ৰেখা বুলি কৈ যি পুৰুষত্ব দেখুৱাব বিচাৰিলা,অকনমান হাউলি বেঁকা হ'বলৈ ভয় কৰি কিন্তু কাপুৰুষালি কৰিলা।এজন উচ্চ পদস্থ বিষয়া হিচাপে তোমাৰ পুৰুষত্বৰ মৰ্যাদা মোৰ ওচৰত শূণ্য।
       'অকাল বসন্ত' গল্পৰ বিষয়বস্তুও অনুৰূপ।যাক অন্তৰেৰে ভাল পোৱা যায়,আকাংক্ষিত সেই পুৰুষে সময় থাকোতে সেই প্ৰেমৰ মূল্য নুবুজিলে এগৰাকী নাৰীৰ মন স্বাভাৱিকতে অভিমানী হৈ উঠে।অধ্যাপিকা দেৱাহুতি ভট্টৰ দৰে শিক্ষিতা যুৱতী গৰাকীয়েও উচ্চ পদস্থ বিষয়া অলকৰ বাবে অপেক্ষা কৰি জীৱনৰ সুদীৰ্ঘ বছৰ পাৰ কৰি দিয়াৰ পাছত হঠাৎ এদিন অলক আহি তেওঁৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হোৱাত এগৰাকী সাধাৰণ নাৰীৰ দৰেই প্ৰথমে তেওঁ ক্ষন্তেকৰ বাবে সাময়িক আৱেগ আৰু উত্তেজনাত বিচলিত হৈ পৰিছে।ক্ষন্তেকৰ বাবে যন্ত্ৰণাত কাতৰ হৈ পৰিছে তেওঁৰ মুখ।কিন্তু যিজন মানুহে সময় থাকোতে কেতিয়াও তেওঁৰ প্ৰেমক উপলদ্ধি কৰিবলৈ চেষ্টা নকৰিলে ,আজি তেওঁ অতবছৰৰ মূৰত নিশ্চয় প্ৰেমৰ কথা ক'বলৈ অহা নাই।এই কথা উপলদ্ধি কৰাৰ পাছত তেওঁ নিজৰ উৎকণ্ঠিত মনটোক চম্ভালি লৈছে।উচ্ছসিত হৈ কলেজৰ ছাত্ৰ এজনৰ হাতত চাবিপাত দি দেৱাহুতিয়ে কৈ পঠিয়াইছে-মিটিং শেষ কৰি ঘৰ পাওঁতে তেওঁৰ পলম হ'ব।ইয়াৰ পাছত আৰু অলক নামৰ বিষয়াগৰাকী ৰৈ থকা নাছিল।
         তিলোত্তমা বৰগোহাঞিৰ এনে ধৰণৰ গল্পৰ প্ৰসংগত অমৃতা প্ৰীতমৰ গল্প-উপন্যাসৰ নাৰী চৰিত্ৰ সমূহৰ কথা সততে মনত পৰে।উল্লেখযোগ্য যে,নাৰীবাদী লেখিকা অমৃতা প্ৰীতমৰ প্ৰায়বোৰ গল্প আৰু উপন্যাসৰ নাৰী চৰিত্ৰসমূহ প্ৰতিবাদী চৰিত্ৰ যদিও বহু সময়ত বাস্তৱতাৰ সৈতে সম্পৰ্কৰহিত একোটা আৱেগিক মানসিকতাৰে ৰোগগ্ৰস্ত।সেইবাবেই তেওঁৰ প্ৰায়বোৰ নাৰী চৰিত্ৰই প্ৰচণ্ড জেদ আৰু অভিমানত নিমিষতে স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কত দেখা দিয়া মানসিক ব্যৱধানৰ সমস্যাটোক সমাধান কৰাৰ প্ৰকৃত পথৰ সন্ধান কৰাৰ পৰিৱৰ্তে একোটা আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে।পুৰুষৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰাৰ পৰিৱৰ্তে তেওঁৰ নাৰী চৰিত্ৰসমূহে প্ৰকৃততে নিজকে শাস্তি বা যন্ত্ৰণা দিয়াহে পৰিলক্ষিত হয়।উদাহৰণ স্বৰূপে 'ডাক্তৰ দেৱ' উপন্যাসৰ ' মমতা ' নামৰ চৰিত্ৰৰ কথা ক'ব পাৰি ।জগদীশৰ সৈতে বিয়া হোৱাৰ পূৰ্বে মমতাই আন কাৰোবাক ভাল পাইছিল।এই ভালপোৱাৰ মায়াজালত মমতা এনিজকে শাস্তি আৰু যন্ত্রনা দিয়ে। উদাহৰণ স্বৰূপে ‘ডাঃ দেৱ’ উপন্যাসৰ ‘মমতা’নামৰ চৰিত্ৰৰ কথা ক’ব পাৰি। জগদীশৰ সৈতে বিয়া হােৱাৰ পূর্বে মমতাই আন কাৰােবাক ভাল পাইছিল। এই ভালপােৱাৰ মােহ জালত মমতা এনেদৰে বন্দী যে অশেষ চেষ্টা কৰা স্বত্বেও তাই স্বামী জগদীশক ভাল পাব নােৱাৰিলে। শেষত,এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত সন্তানটিক জগদীশৰ কোলাত এৰি থৈ তাই বৈবাহিক জীৱনৰ সকলাে সম্পর্ক ত্যাগ কৰি এটি অকলশৰীয়া জীৱন কটাবলৈ গুচি গ'ল। স্বামী জগদীশৰ সৈতে মমতাৰ কোনাে মানসিক সংঘাত নাছিল। জগদীশেও তাইক কেৱল ভালেই পােৱা নাছিল, শ্রদ্ধাও কৰিছিল। তেনেস্থলত স্বামীৰ জীৱন উকা কৰি উদ্দেশ্যহীন এটা সুদীর্ঘ জীৱন অকলশৰে অতিবাহিত কৰা মমতাৰ অর্থহীন জেদ আৰু অভিমানৰ বাস্তৱিক মূল্য কি থাকিল ? অমৃতা প্রীতমৰ দৰে নাৰীবাদী লেখিকাৰ প্ৰভাৱ সম্প্রতি অন্যান্য নাৰীবাদী লেখিকাৰ ৰচনাতাে পৰিছে।
        তিলােত্তমা বৰগােহাঞি বাইদেৱেও নাৰীৰ নিজস্ব মান-
অভিমান, চিন্তা-চেতনা আদিক গল্পৰ মাজেৰে প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ গল্পৰ নাৰী চৰিত্ৰসমুহে অহেতক জেদ আৰু অভিমানত আত্মধ্বংসী সিদ্ধান্ত গ্রহণ কৰা নাই। অমৃতা প্রীতমৰ নাৰী চৰিত্ৰ সমূহৰ দৰে তেওঁৰ নাৰী চৰিত্ৰ সমূহ কল্পনা বা ভাবজগতৰ বাসিন্দা নহয় । তেওঁৰ ' উন্মীলন’নামৰ গল্পৰ প্ৰসংগতে ক'ব পাৰি যে অনুসূয়াই সুধাকৰৰ অবিহনেই জীৱনৰ বাটত খােজ দিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে তাৰ পৰা কিন্তু এই কথা অনুমান কৰিব নােৱাৰি যে তাই আজীৱন পুৰুষৰ সংগৰ পৰা আঁতৰিয়েই  থাকিব। সমস্ত পুৰুষ জাতিৰ বিৰুদ্ধে অনুসূয়াৰ বিৰােধ বা বিতৃষ্ণাৰ ভাৱ লেখিকাই ক'তাে প্রকাশ কৰা নাই। অনুসূয়াৰ অভিমান বা বিৰােধ  কেৱল সুধাকৰ নামৰ ব্যক্তি বিশেষৰ প্রতিহে।
       নাৰী -পুৰুষ বা স্বামী-স্ত্রীৰ মাজৰ সুষম সম্পৰ্কক শ্রদ্ধা জনােৱা লেখিকা তেওঁ। সেইবাবে নাৰীৰ নিজস্ব চিন্তা-চেতনাক মূল্য দিলেও তেওঁ স্বামী-স্ত্রীৰ পবিত্ৰ সম্পৰ্কত অকাৰণ জেদ,অভিমান আদিক তেনে স্পর্শকাতৰ বা বিধ্বংসী ৰূপত প্ৰকাশ কৰা নাই। 'জোনাকৰ মাজেদি' গল্পত দেখা যায় স্বামী অমৃতে পত্নী নীলাৰ আৱেগ- অনুভূতিক উপলব্ধি কৰিবলৈ চেষ্টা নকৰে। দুয়ােৰে মানসিকতাৰ বিৰাট সংঘাত হৈছে তেনে ইংগিতাে অৱশ্যে গল্পত নাই । সাধাৰণ খুঁটি-নাতি, যেনে প্রয়াস আৰু প্রাচুর্য ফুৰিবলৈ আহোঁতে নীলাই ৰাতিপুৰাৰ পৰা সকলাে কৰি মেলি ডাইনিং টেবুলত সকলােকে একেলগে খাবলৈ দিছে। গেছৰ চিলিণ্ডাৰটোও শেষ হৈ যােৱাত আলহী যুৱক দুজনে নিজেই আগবাঢ়ি আহি খৰি ফালি দিছে। অমৃতৰ সেই ফালে খবৰেই নাই। ডাইনিং টেবুলত বহি তেওঁ নীলাই নিজৰ বাবে লৈছে নে নাই খবৰ নােলােৱাকৈ খপজপকৈ খাই উঠাৰ পাছত প্রয়াসে ‘আহকনা বাইদেউ, একেলগে খাওঁ, বহকহি'- বুলি কওঁতে নীলাৰ আত্ম-চেতনাত পাতলকৈ দুখ এটা লাগিছে। নীলাই খীণ হাঁহি মাৰি কৈছে-'আমাৰ মধ্যবিত্ত সমাজত কোনজনী গৃহিণীয়ে আলহীৰ লগতে বহি খাবলৈ পােৱা দেখিছা?'- ইয়াৰ মাজেৰে লেখিকাই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বলি নাৰীৰ মানসিকতাৰ এচুকত লুকাই থকা দুঃখবােধৰ মর্মান্তিক চিত্র অংকন কৰিছে। মধ্যবিত্ত সমাজত নাৰীৰ এনে অৱস্থা সততে চকুত পৰে। অথচ, এয়ে সমাজৰ নিয়ম বুলি প্রতিবাদ কৰিবলৈ নাৰীয়ে সাহস কৰিব নােৱাৰে। এনে সৰু সুৰা কথাক বা স্বামী-স্ত্রীৰ মাজত ক্ৰমাৎ বাঢ়ি অহা মানসিক ব্যৱধানক চিৰিয়াচলি নলৈ সহজভাবে স্বীকাৰ কৰি লােৱাতে মধ্যবিত্ত সমাজৰ নাৰী যেন অভ্যস্ত। তিলােত্তমা বাইদেউৰ গল্পত নাৰীয়ে এনে
অসমানতাৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ কৰা নাই যদিও তাৰ ইংগিত
আছে।'জোনাকৰ মাজেদি’গল্পত প্রয়াসে কৈছে- 'সমভাগৰ কাৰণে
আন্দোলন কৰিব নালাগে। আন্দোলন কৰিব লগাকৈ এইবােৰতাে
সমস্যা নহয়। যদি সমস্যা বুলি ভাবে তেন্তে সমাধানৰ পথো 
আপুনিয়েই জানে। এইযে আমি অহাৰ পৰা আপুনি ইমান ভালকৈ
কৰি মেলি আমাক সন্মুখত সজাই পৰাই খাবলৈ দিছে, আমাক
দিয়াৰ লগতে আপুনিও ল’ব পাৰে- একেলগে বহিবলৈ
আপােনালােকৰ হেজিটেশ্যন নে ট্রেডিশ্যন ?.. কওকচোন। আপুনি
খাওঁ বুলি বহিলে ভিনিদেৱে আপােনাক উঠি যােৱা বুলি ক'ব
নেকি?'
       নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ দাবীত আজিকালি মহিলা সংগঠনসমূহে ৰাজপথলৈ ওলাই আহিছে।স্থানীয় মহিলা সমিতি বা অন্যান্য মহিলা সংগঠন সমূহৰ সৈতে তিলোত্তমা বৰগোঁহাঞি জড়িত আছিল বুলি আমি জানোঁ।কিন্তু এগৰাকী নাৰীবাদী লেখিকা হিচাপে নাৰী স্বাধীনতা,সমানাধিকাৰ আদিৰ সম্পৰ্কত তেওঁৰ নিজস্ব দৃষ্টিভংগী আছিল।ৰাজপথত আন্দোলন কৰি পৰিৱৰ্তন আনিব নোৱাৰি বুলি যে তেওঁ বিশ্বাস কৰিছিল তাৰ প্ৰমান 'অনুবন্ধ' নামৰ গল্পটিত পোৱা যায়।গল্পটিত তেওঁ স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যু মুখত পৰা সুচৰিতা পাল নামৰ বঙালী সম্প্ৰদায়ৰ এজনী ছোৱালীৰ কাহিনী অংকন কৰিছে।এজনী শিক্ষিতা ছোৱালী হোৱা সত্বেও পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিব নোৱাৰা সুচৰিতাৰ মৃত্যুত 
লেখিকাৰ ক্ষোভ গল্পটিত স্পষ্টভাৱে পৰিলক্ষিত হয়।নাৰীয়ে নিজেই অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ নকৰিলে কেৱল মহিলা
সমিতি সমূহে ৰাজপথত নামি ধর্ণা দিলেই বা শােভাযাত্রা  উলিয়ালেই সমস্যাৰ ওৰ নপৰে এই কথা  প্ৰকাশ কৰি তেওঁ লিখিছে- ‘সুচৰিতাহতঁৰ এনেকৈয়ে মৃত্যু  হয়। দেউতাকে বিয়াৰ ধাৰেই পৰিশােধ কৰা নাই, সুচৰিতাৰ এখন শাৰীও পুৰণি হােৱা নাই, তাৰ মাজতে তাই হেৰাই থাকিল। দুদিন মান মহিলা সমিতিয়ে
প্রতিবাদ কৰিব, দাবী জনাব, ধর্ণা  দিব, শােভাযাত্রা উলিয়াব, বাতৰি কাগজত শােভাযাত্ৰাৰ ফটো সহ খবৰ ওলাব। সুচৰিতাৰ মৃত্যৰ খবৰ পুৰণি হ’ব, দেউতাকৰ গােটেই খিনি চুলি পকিব, ধাৰবােৰ মাৰিয়েই থাকিব...।'
        সকলাে গল্পতে যে তেওঁ কেৱল নাৰীৰ প্রতিবাদী মন বা নাৰী পুৰুষ সম্পর্কৰ মাজত দেখা দিয়া মানসিক সংঘাতৰ  দৃশ্যকে প্রতিফলিত কৰিছে তেনে নহয়। 'নাৰী ' নামৰ গল্পত তেওঁ
নাৰীৰ উদাৰ মানসিকতাৰ এক সুন্দৰ দৃশ্য প্রতিফলিত কৰিবলৈও
চেষ্টা কৰিছে। গল্পটিত মাতৃহীনা কণমানি ছােৱালী এজনীৰ মৰমক
নেওচা দিব নােৱাৰি নায়িকা প্রিয়ম্বদাই গ্রহণ কৰা এক সাহসিক
পদক্ষেপক দেখুওৱা হৈছে। প্রভাকৰৰ পৰিয়ালৰ সৈতে প্রিয়ম্বদাৰ পূৰ্বৰে পৰাই আত্মীয়তা আছিল। প্রভাকৰৰ পত্নী উৎপলাৰ মৃত্যু হােৱাত ঘৰখন তেনেই শূন্য হৈ পৰিল। কণমানি ছােৱালী মৌ-মাৰ মুখখন চাবলৈ ব্যাকুল হৈ পৰা প্রিয়ম্বদাই প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিব পাৰিবনে? প্রিয়ম্বদাই নিজৰ স'তে বহু কথা পতাৰ অন্তত এই সত্য উপলব্ধি কৰিলে যে- নাৰীৰ একেটা সত্বাতে লুকাই আছে  অন্তৰতম বন্ধু, দায়িত্বপূর্ণ পত্নী আৰু স্নেহময়ী মাতৃৰ মােহময়ী ৰূপ। সেই বাবেই তাই প্রভাকৰৰ  কাৰণে নহয়, বৰঞ্চ কণমানি ছােৱালীজনীৰ বাবেই আৰু প্রভাকৰৰ শূন্য হৈ পৰা ঘৰখনক ভৰাই তুলিবলৈকে বিয়াৰ প্রস্তাৱটোত সন্মতি জনাবলৈ
সিদ্ধান্ত লৈছে।
        ‘অসময়’ নামৰ গল্পত তেওঁ প্রকাশ কৰিবলৈ চেষ্টা কৰিছে-
চল্লিশাের্ধ্ব বয়সৰ এগৰাকী আধুনিক আৰু শিক্ষিতা নাৰীৰ
অন্তৰৰ বেদনা।বয়স উকলি গৈ যৌৱনৰ ৰং ৰূপ সৌন্দর্য শেষ হৈ যোৱাৰ পাছত এগৰাকী মহিলাই নিজৰ ৰূপ সম্পৰ্কে যিমানেই সচেতন নহওক কিয়,তেওঁৰ মূল্য স্বাভাৱিকতে নোহোৱা হৈ যায়।প্ৰায় প্ৰত্যেক দিনেই 'ৰংমহল' নামৰ দোকানখনলৈ গৈ আঠ বছৰীয়া ল'ৰা নূপুৰৰ ফৰমাইচৰ বস্তুবোৰ কিনা বা দামী আৰ্চিজৰ পেকেট কিনাটো অপৰাজিতাৰ অভ্যাস।দোকানখনৰ ময়ুৰ নামৰ ল'ৰাটোৰ লগতো তাইৰ সহজ আত্মীয়তা গঢ় লৈ উঠিছে।সদায় যোৱাৰ দৰে সিদিনাও তাই ময়ুৰৰ দোকানখনলৈ গৈ দেখিলে কলেজৰ ছোৱালীবোৰৰ ভিৰ লাগি আছিল তাত।অপৰাজিতা গৈ পোৱাৰ লগে লগে দোকানখনৰ পৰিৱেশ হঠাৎ সলনি গ'ল।ছোৱালীকেইজনীয়ে হাঁহি বন্ধ কৰি অস্বস্তিৰে অলপ আঁতৰি গ'ল।ময়ুৰৰ মুখখনো অলপ গহীন হৈ পৰিল।'কি হ'ল ময়ুৰ,হঠাৎ গহীন হৈ গ'লা যে?'-তাই সুধিলে।ইতিমধ্যে ' ৰংমহল 'ৰ বাৰাণ্ডাৰ পৰা নামি যোৱা ছোৱালী কেইজনীলৈ চাই সেমেকা হাঁহি এটা মাৰি ময়ুৰে ক'লে-'আপুনি আজি বৰ অসময়ত আহিল যে! ইয়াত আপোনাৰ বাবে সময় আবেলি বা গধুলি বুলিহে ধৰি থৈছোঁ।এইটো  বেলেগ কাষ্ট'মাৰৰ সময়।'-ময়ুৰৰ কথাষাৰে অপৰাজিতাক  শেলে বিন্ধাদি বিন্ধিলে।ঠিকেইতো ,নিজৰ ৰূপ সম্পৰ্কে তাই যিমানেই সচেতন নহওক কিয়,তাই আজি সোতৰ-ওঠৰ বছৰীয়া ছোৱালী নহয়।তাইৰ দৰে  এগৰাকী বয়সস্থা মহিলা যে সময় বিশেষে অবাঞ্চিত অতিথিৰ দৰে আমনিদায়ক  -এই সত্যটোকে ময়ুৰে আওপকীয়াকৈ কৈ নিদিয়ালৈকে তাইৰ মনলৈ কিয় আগতে অহা নাছিল? কথাষাৰ উপলদ্ধি কৰাৰ পাছত অপৰাজিতাৰ বুকূ ভেদি ওলাই অহা হুমুনিয়াহটো এটা চেপা কান্দোনৰ দৰে বিয়পি পৰিল। 
       আধুনিক যুগৰ নাৰী হিচাপে তিলোত্তমা বৰগোহাঞিয়ে এইদৰেই নাৰীৰ জটিল মনস্তত্বক সূক্ষ্মভাৱে উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৰু  প্ৰতিটো গল্পৰ মাজেৰে তাক অত্যন্ত  সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা কৰিছিল ।(সমাপ্ত) 
    






আৱেগত উটি যোৱা কক্ষচ্যুত জীৱনৰ কাহিনী

আৱেগত উটি যোৱা কক্ষচ্যুত জীৱনৰ কাহিনী
                                                                      ..... বীৰ্কে বি. থাপা

      
      আত্মসন্মানত আঘাত লগা কিছুমান কথাৰ পৰাই অভিমানৰ সৃষ্টি হয় আৰু সৰু-সুৰা মান অভিমানেও বহু সময়ত জীৱনৰ সুখ-দুখ নিয়ন্ত্ৰণ কৰে। সাধাৰণতে কিছু-অলপ মৰম আবদাৰতে সৰু-সুৰা মান-অভিমানবোৰ আঁতৰিও যায়। কিন্তু কেতিয়াবা এই মান-অভিমানবোৰেও এনে একোটা চিৰিয়াচ ৰূপ লয়গৈ যে তাক সহজে ভাঙিব নোৱাৰা হয়গৈ আৰু আৱেগসৰ্বস্ব এনে মান-অভিমানৰ বাবেই জীৱনটো দুখেৰে ভৰি পৰে। এই কথাও সত্য যে,ক্ষন্তেকীয়া আৱেগৰ একোটা সাধাৰণ অভিমানত জীৱন কক্ষচ্যুত হৈ পৰিলেও এটা সময়ত হয়তো জীৱনে পুনৰ নিজক আৱিস্কাৰ কৰে,নিজৰ হেৰুৱা কক্ষপথ পুনৰ বিচাৰি পায়।কিন্তু তেতিয়ালৈকে জীৱনৰ বহু আপুৰুগীয়া সময়,দিন,মাহ,বছৰ অবাবত নষ্ট হৈ যায় যাক আৰু কাহানিও ঘূৰাই পাব নোৱাৰি।
      ক্ষন্তেকীয়া আৱেগত কক্ষচ্যুত হোৱা জীৱনৰ প্ৰসংগত বিখ্যাত পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমৰ 1968 চনত প্ৰকাশিত 'ডাক্টৰ দেৱ' নামৰ উপন্যাসখনৰ কথা উল্লেখ কৰিব পাৰি। উপন্যাস খনৰ নায়িকা মমতাই বিয়াৰ পূৰ্বে ভাল পাইছিল ডাক্টৰ দেৱক।কিন্তু তেওঁৰ সৈতে বিয়া হোৱা নাছিল অমৃতাৰ।মমতাৰ বিয়া হৈছে জগদীশৰ সৈতে।জগদীশৰ সৈতে বিয়া হৈ কেইবাবছৰ সংসাৰ কৰাৰ পাছতো মমতাই জীৱনৰ প্ৰথম প্ৰেম ডাক্তৰ দেৱৰ কথা পাহৰিব পৰা নাছিল।যুক্তিতকৈ অধিক আৱেগৰ বশৱৰ্তী হৈ মমতাই নিজৰ ভাগ্য,পিতৃ-মাতৃ-সমাজ সকলোৰে প্ৰতি অভিমানী হৈ প্ৰচণ্ড এক জেদী মনোভাৱেৰে স্বামী জগদীশৰ সংসাৰৰ পৰা আঁতৰি গুছি গৈছে।এনে নহয় যে স্বামী জগদীশে মমতাক মৰম কৰা নাছিল।জগদীশৰ মৰমৰ কথা মমতায়ো ভালদৰেই জানিছিল,তথাপিতো এক অপ্ৰতিৰোধ্য অভিমানত তেওঁ জীৱনৰ সৈতে 'কম্প্ৰমাইজ' কৰিবলৈ ৰাজী হোৱা নাছিল যাৰ বাবে কেৱল স্বামীকে নহয়,নিজৰ একমাত্ৰ সন্তানকো ত্যাগ কৰি মমতাই সুদীৰ্ঘ বিশ বছৰলৈকে এটা নি:সংগ জীৱন কটাই দিছিল।ডাক্তৰ দেৱৰ জীৱনলৈয়ো তেওঁ উভতি যোৱা নাছিল।বিশ বছৰৰ মূৰত এটা দুৰ্ঘটনাত স্বামী জগদীশ পংগু হোৱাৰ খবৰ পোৱা মাত্ৰকে মমতা পুনৰ উভতি আহিল পূৰ্বৰ সংসাৰলৈ।এই যে এটা অভিমান যাৰ বাবে কেৱল মমতাৰে নহয়,মমতাৰ স্বামী জগদীশ আৰু কণমানি ছোৱালীজনীৰো জীৱনৰ সুদীৰ্ঘ বিশটা বছৰ অৱাবত ধ্বংস হৈ গৈছিল -এনে অভিমানৰ কি যুক্তি থাকিব পাৰে?নিজৰ ভাগ্যৰ প্ৰতি অভিমানী হোৱাটো মমতাৰ অপৰিপক্ক চিন্তাৰ প্ৰতিফলন নহয়নে? সেইদৰে মমতাৰ বিয়াৰ বাবে যদি সমাজেই দায়ী আছিল তেন্তে সেইখন সমাজৰ বিৰুদ্ধে প্ৰতিবাদ বা বিদ্ৰোহ সাব্যস্ত কৰিবৰ বাবে মমতাই নিজৰ স্বামী,নিজৰ কণমানি কন্যা সকলোকে ত্যাগ কৰি অকলশৰে জীৱনৰ সুদীৰ্ঘ কাল কটোৱাটোৱেই উপযুক্ত পথ আছিল বুলি জানো ভাৱিব পাৰোঁ?
    এইখিনিতে ছোফিয়া ল'ৰেন (Sophia Loren) অভিনীত হলিউদৰ এখন বিখ্যাত ছবি ' ব্ৰিফ এনকাউণ্টাৰ' (Brief Encounter) ৰ কথাও উল্লেখযোগ্য।হলিউদৰ মোহময়ী অভিনেত্ৰী ছোফিয়া ল'ৰেনে ছবিখনত এগৰাকী মধ্যবয়স্কা বিবাহিতা মহিলাৰ নি:সংগতাক বৰ সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত প্ৰতিফলিত কৰিছে।ছোফিয়াৰ বিপৰীতে অভিনয় কৰিছে হলিউডৰ বিখ্যাত অভিনেতা ৰিচাৰ্ড বাৰ্টন (Richard Burton)য়ে। 1974 চনত মুক্তি লাভ কৰা এই ছবিখন মূলত: Noel Coward ৰ দ্বাৰা 1936  চনত ৰচিত আৰু David Leanৰ দ্বাৰা পৰিচালিত নাটক Still Life ৰ পৰা লোৱা হৈছিল। 
     ছবিখনত দেখুৱা হৈছে -মধ্যবিত্ত পৰিয়ালৰ এগৰাকী মহিলা হিচাপে ছোফিয়াই প্ৰতি বৃহস্পতিবাৰে ট্ৰেইনত উঠি ওচৰৰে এখন চহৰলৈ  বজাৰ কৰিবলৈ অথবা চিনেমা চাবলৈ যায়।তাৰ পাছত পুনৰ নিৰ্দিষ্ট এখন ট্ৰেইনেৰেই ঘৰলৈ উভটি আহে।প্ৰত্যেক দিনে চলি থকা এনে জীৱনচৰ্যাৰ মাজতে এদিন তেওঁ ঘৰলৈ উভতাৰ পথত ৰেলৰ বাবে ষ্টেচনৰ ৱেইটিং ৰূমত অপেক্ষা কৰি আছে।হঠাৎ তেওঁৰ চকুত বালিৰ কণা এটা পৰিছে।ছোফিয়াই বালিৰ কণাটো চকুৰ পৰা উলিয়াবলৈ চেষ্টা কৰিও বিফল হোৱাত সেই ৱেইটিং ৰূমতে ৰেলৰ বাবে অপেক্ষা কৰি থকা আন এগৰাকী যাত্ৰী ৰিচাৰ্ড বাৰ্টনে আগবাঢ়ি আহি পকেটৰ পৰা ৰুমাল এখন উলিয়াই তেওঁৰ চকুৰ পৰা বালিৰ কণাটো  উলিয়াই দিছে।ইয়াৰ পাচতে দুয়োৰে চিনাকী আৰু সেই চিনাকী সূত্ৰেই লাহে লাহে গঢ় লৈ উঠিছে আত্মীয়তা।
     ছোফিয়াৰ দৰে ৰিচাৰ্ড বাৰ্টনো বিবাহিত আৰু সন্তানৰ পিতৃ।পেচাত তেওঁ এজন চিকিৎসক। প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্কই আছিল যদিও লাহে লাহে সেই সম্পৰ্ক গভীৰ হৈ পৰিল। তেওঁলোক এতিয়া নিজানত অকলশৰে লগ হ'বলৈ ধৰিলে।কাৰো চকুত সন্দেহজনক ভাৱে ধৰা নপৰিবৰ বাবে ছোফিয়াই ঘৰত মিছা কথা ক'ব লগা হ'ল।ছোফিয়াৰ অন্যমনস্ক আচৰণ,চিন্তাগ্ৰস্ত মুখ আদিৰ পৰা স্বামী জেক্ হেডলিয়ে তেওঁক সন্দেহ নকৰাকৈ নাথাকিল।কিন্তু তেওঁ একো নক'লে।নিজৰ স্বামী, সন্তান, ঘৰ-সংসাৰ থকা সত্তেও ছোফিয়াই সকলো পাহৰি এতিয়া ৰিচাৰ্ডৰ সৈতে গোপন অভিসাৰত লিপ্ত হৈ পৰিল।অভিসাৰৰ বাবে তেওঁলোকে বাচি ল'লে ৰিচাৰ্ডৰ চিকিৎসক বন্ধু এজনৰ খালী পৰি থকা ফ্লেটটো।
     ৰিচাৰ্ডৰ চিকিৎসক বন্ধু জনে তেওঁলোকৰ গোপন অভিসাৰৰ কথা অলপো গম পোৱা নাছিল।এদিন আকস্মিকতে তেওঁ তালৈ অহাত ছোফিয়াই অবিন্যস্ত কাপোৰ কানিৰে সৈতে খৰখেদাকৈ পাছ দুৱাৰেদি পলাই আলিবাট পালেগৈ।আলিবাটত উঠি তেওঁ উশাহবিহীনভাৱে খোজ কাঢ়ি গৈ থাকিল।মধ্যবিত্ত সমাজৰ এগৰাকী মহিলা হ'লেও সদায়ে এক প্ৰচণ্ড আত্মসন্মান আৰু আত্মমৰ্যাদাসহ জীয়াই থকা ছোফিয়াই আজি নিজৰ এটা ভুলৰ বাবে এনেদৰে অবিন্যস্ত কাপোৰ-কানিৰ সৈতে পলাই আহিবলগীয়া ঘটনাটোত নিজৰ ওচৰতে একেবাৰে তুচ্চ আৰু মূল্যহীন হৈ পৰিল।তেওঁ নিজকে এজনী বেশ্যা যেন অনুভৱ কৰিলে-'I felt like a prostitute, exposed.. ' প্ৰচণ্ড লাজ,অপমান আৰু নীচাত্মিকাবোধত তেওঁৰ সৰ্বশৰীৰ কঁপি উঠিল। উল্লেখযোগ্য যে ছবিখনৰ এই দৃশ্যৰ এটা বিশেষ তাৎপৰ্য আছে।সাময়িক আৱেগত পৰপুৰুষৰ বাহুবন্ধনত আত্মসমৰ্পন কৰা বহু মহিলাৰ জীৱনতো নিশ্চয় কেতিয়াবা এনে অৱস্থাৰ উদ্ভৱ হৈছে কিন্তু আজিৰ ভোগবাদী যুগত মানুহে নিজৰ লাজ,মান-মৰ্যাদা,আত্মসন্মানবোধ আদি এনেদৰে হেৰুৱাই পেলাইছে যে সম্পূৰ্ণ নগ্ন,বিবস্ত্ৰ অৱস্থাত ধৰা পৰিলেও ছোফিয়াৰ দৰে কোনেও আত্মদহনত নোভোগে।ছোফিয়াৰ দৰে অৰ্ধনগ্ন দেহাৰে চুৰৰ দৰে পলাই আহিব লগা ঘটনাত কাৰো মনত নীচাত্মিকাবোধৰ সৃষ্টি নহয়।
      শেহতীয়াভাৱে ঘটি যোৱা আৰু কেইবাটাও ঘটনাৰ পৰাও ইতিমধ্যে ছোফিয়া আৰু ৰিচাৰ্ডে লাহে লাহে অনুভৱ কৰিব ধৰিছিল যে তেওঁলোকৰ মিলন আৰু সম্ভৱ নহয়।তেওঁলোকৰ নিজস্ব ঘৰ-সংসাৰ আছিল আৰু সেয়ে নিজৰ নিজৰ পৰিয়ালৰ মংগলৰ বাবেই তেওঁলোকে সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ সিদ্ধান্ত লৈছিল।ছবিখনৰ শেষৰ ফালৰ দৃশ্যত দেখা যায়- জোহানেচবাৰ্গলৈ যাব ওলোৱা ৰিচাৰ্ড বাৰ্টনক শেষ বিদায় দিয়াৰ পাছতো তেওঁ অপেক্ষা কৰিছে জানোচা ৰিচাৰ্ড উভতি আহিব...কিন্তু ৰিচাৰ্ড উভতি নাহিল।পুনৰ ছোফিয়াৰ আত্মসন্মানত এটা প্ৰচণ্ড আঘাত ।ৰিচাৰ্ড উভতি নহাটো যেন তেওঁৰ নাৰীসত্বাৰ বাবে এক প্ৰচণ্ড অপমান। তীব্ৰ বেগেৰে অহা ট্ৰেইনৰ লাইটৰ পোহৰত ছোফিয়াৰ মুখখন দেখা গ'ল।মুখখনত স্পষ্টভাৱে ফুটি উঠিল ছোফিয়াৰ মনত জাগি উঠা আত্মহত্যাৰ মনোভাৱ।
কিন্তু ছোফিয়াই আত্মহত্যা নকৰিলে।চকুৰ সন্মুখেদি ট্ৰেইনখন পাৰ হৈ গুছি যোৱাৰ পাছত তেওঁ ঘৰলৈ উভতি আহিল আৰু  স্বামীৰ বুকুত মুখ গুজি উচুপি উঠিল।
      ছবিখনত ছোফিয়া ল'ৰেনৰ দুৰ্দান্ত অভিনয়ৰ মাজেৰে নাৰী মনৰ নি:সংগতা,আত্মসন্মানবোধ আৰু সাময়িক আৱেগত উটি কক্ষচ্যুত হোৱা জীৱনৰ চৰম গ্লানি আৰু অপৰাধবোধেৰে পূৰ্ণ এটি কৰুণ কাহিনী অন্তৰ্স্পশীৰূপত প্ৰতিফলিত কৰা হৈছে।(সমাপ্ত) 
      
   


     


     

জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা                                                      - বীৰ্কে বি থাপা     অসমীয়া ভাষা বুলি ক...