Wednesday, June 2, 2021

প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা আধ্যাত্মিক প্ৰেম কাহিনী- 'লা নুই বেংগলী ' আৰু ' ন হণ্যতে '

প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা আধ্যাত্মিক প্ৰেম কাহিনী- 'লা নুই বেংগলী ' আৰু ' ন হণ্যতে '
                                               -বীৰ্কে বি.থাপা

'লা নুই বেংগলী' বিতৰ্ক :
       প্ৰখ্যাত ৰোমানিয়ান লেখক মিৰ্চা এলিয়াড (Mircea Eliade)ৰ 'মৈত্ৰেয়ী' (Maitrayee) নামৰ উপন্যাসখনে 1933 চনত প্ৰকাশ পোৱাৰ পাছতে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।ৰোমানিয়ান ভাষাত প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখন 1953 চনত ফৰাচী ভাষাত ' লা নুই বেংগলী '(La Nuit Bengali) অৰ্থাৎ Night in Bengal নামেৰে প্ৰকাশ পায়।উপন্যাসখনৰ ফৰাচী তৰ্জমাই ভাৰতবৰ্ষত এক মৃদু আলোড়নৰ সৃষ্টি কৰে যদিও ইংৰাজী অথবা অন্য কোনো ভাৰতীয় ভাষালৈ উপন্যাসখনৰ অনুবাদ প্ৰকাশ নোপোৱাৰ বাবে 1987/88 চনলৈকে সেই মৃদু আলোড়ন কেৱল কলিকতাৰ বিদ্বান সমাজতে আৱদ্ধ আছিল।কিন্তু 1987 চনত ফৰাচী চিত্ৰ পৰিচালক নিকোলা ক্লোটজে কলিকতাৰ পটভূমিত ৰচিত এই উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ উদ্দেশ্যে প্ৰায় চাৰে চাৰি কোটি টকাৰ  'বিগ প্ৰজেক্ট' লৈ কলিকতাত ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ লগে লগে মিৰ্চা এলিয়াডৰ উপন্যাসখনৰ সম্পৰ্কত বহুল প্ৰচাৰ আৰু বিতৰ্কৰ সূত্ৰপাত হ'ল।
     1988 চনত জগন্নাথ চট্টোপধ্যায়ে কৰা উপন্যাসখনৰ বাংলা অনুবাদো প্ৰকাশ পোৱাত বিতৰ্কৰ মূল দিশসমূহ স্পষ্ট হৈ পৰে।বিতৰ্কৰ মূল কাৰণ উপন্যাসখনৰ কেৱল যৌন উত্তেজক অশ্লীল বৰ্ণনাই নাছিল,আছিল সেই নগ্ন আৰু অশ্লীল বৰ্ণনাৰ সৈতে সম্পৰ্কিত কলিকতাৰ এটা উচ্চ বংশজাত ,সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী শিক্ষিতা যুৱতীৰ কাহিনী। ত্ৰিশৰ দশকৰ এক জটিল সামাজিক ব্যৱস্থা,ৰীতি-নীতি,ধৰ্মীয় পৰম্পৰা তথা সংস্কাৰৱদ্ধ পৰিয়ালত ডাঙৰ হোৱা 'মৈত্ৰেয়ী' নামৰ যুৱতী এগৰাকীৰ বাস্তৱ অস্তিত্ব তথা উপন্যাসখনত বৰ্ণিত ঘটনাৱলীৰ বাস্তৱ পটভূমি সন্দৰ্ভত সেই সময়ত অলেখ প্ৰশ্নৰ অৱতাৰণা হয়।

উপন্যাসৰ কাহিনী অংশ:
    মিৰ্চা এলিয়াডৰ  'লা নুই বেংগলী' এখন প্ৰেমৰ উপন্যাস।উপন্যাসখনৰ নায়ক এলেন এজন ৰোমানিয়ান ইঞ্জিনীয়াৰ।তেওঁ ভাৰতলৈ আহিছে কৰ্ম সংক্ৰান্তত।কলিকতাই আছিল তেওঁৰ প্ৰধান কৰ্মস্থলী।কলিকতাত তেওঁৰ সুসম্পৰ্ক গঢ় লৈ উঠে জ্যেষ্ঠ অভিযন্তা নৰেন্দ্ৰ সেনৰ সৈতে।
     অসমত লামডিং-শদিয়া ৰেলপথ নিৰ্মানৰ কাম আৰম্ভ হোৱাত এলেন আহিবলগীয়া হয় অসমলৈ।হাবিয়ে-জংঘলেৰে ভৰি থকা অসমৰ শদিয়াত থকা সময়ছোৱাতে হঠাৎ তেওঁ মেলেৰীয়া ৰোগত আক্ৰান্ত হয় আৰু পুনৰ কলিকতালৈ উভতি যায়।কলিকতাৰ চেনেটৰিয়ামৰ পৰা ছুটি পোৱাৰ পাছত জ্যেষ্ঠ অভিযন্তা নৰেন্দ্ৰ সেনৰ পৰামৰ্শ মতে এলেন তেওঁৰ ঘৰত থাকিবলৈ লয়।
     নৰেন্দ্ৰ সেনৰ পৰিয়ালটো আছিল সংস্কাৰমুক্ত আৰু আধুনিক ভাৱাপন্ন।ত্রিশৰ দশকৰ যি সময়ত ভাৰতৰ সমাজ-ব্যৱস্থা,ৰীতি-নীতি,ধৰ্মীয় বিশ্বাস,পৰম্পৰা আদিৰ বান্ধোন আছিল অত্যন্ত কটকটীয়া সেই সময়ত পশ্চিমীয়া শিক্ষা-সংস্কৃতিৰ এক পৰিৱেশ সোমাই পৰিছিল নৰেন্দ্ৰ সেনৰ ঘৰখনত।এলেন খৃষ্টানধৰ্মী হোৱা সত্বেও সেয়ে সেনৰ ঘৰখনত এলেনৰ বাবে কোনো ধৰণৰ বাধা-নিষেধ নাছিল।ঘৰখনৰ তেনে মুক্ত পৰিৱেশত এলেন অতি সহজে মিলি গৈছিল।
      নৰেন্দ্ৰ সেনৰ ষোল্ল বছৰীয়া কন্যা মৈত্ৰেয়ীৰ সৈতেও তেওঁৰ অন্তৰংগতা বৃদ্ধি পাইছিল।মৈত্ৰেয়ীৰ দেহ সৌন্দৰ্য,প্ৰখৰ বুদ্ধিমত্তা আৰু আকৰ্ষণীয় ব্যক্তিত্বই এলেনক লাহে লাহে মুগ্ধ কৰিবলৈ লৈছিল।
     মৈত্রেয়ীৰ হৃদয়তো এলেনৰ প্ৰতি জাগি উঠিছিল দুৰ্বাৰ প্ৰেম।এলেনে এই কথা ধৰা পেলাইছিল তাইৰ কিছুমান কাৰ্যকলাপৰ দ্বাৰা। এদিনৰ ঘটনা- সেই সময়ত তেওঁলোক দুয়ো কিতাপ এখন পঢ়ি আছিল।পঢ়ি উঠাৰ পাছত মৈত্ৰেয়ীয়ে হাতত লৈ থকা ফুলৰ থোপা এটা এলেনৰ টেবুলত এৰি থৈ গুছি গৈছিল।এলেনে ফুলথোপাৰ কথা সোঁৱৰাই দিয়াত তাই থোপাটো তুলি লৈ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল আৰু হঠাৎ পাছলৈ ঘূৰি ফুলৰ থোপাটো এলেনৰ টেবুললৈ দলিয়াই দিলে।
     মৈত্রেয়ীৰ মনৰ কথা এলেনে বুজি পাইছিল যদিও তেওঁ সাহস কৰিব পৰা নাছিল-নিজৰ ভালপোৱাৰ কথা জাহিৰ কৰিবলৈ।তাৰ বিপৰীতে মৈত্ৰেয়ী আছিল অত্যন্ত সাহসী।ইমানেই সাহসী যে বহু সময়ত সংস্কাৰৰ সীমা লংঘন কৰিবলৈকো তাই কুণ্ঠাবোধ কৰা নাছিল।এদিন খোৱাৰ মেজত সকলোৰে উপস্থিতিতে তাই টেবুলৰ তলেদি এলেনৰ বগা,শুদা ভৰিখন হেঁচি দিছিল।এটা সংস্কাৰবদ্ধ,সম্ভ্ৰান্ত ঘৰৰ শিক্ষিতা যুৱতী হিচাপে নিজৰ দৈহিক শুচিতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণতে তাই যথেষ্ট সচেতন হোৱা সত্বেও কেতিয়াবা তাইৰ কিছুমান দু:সাহসিক কাৰ্যকলাপে এলেনক আচৰিত কৰি তুলিছিল।এই কথাই এলেনকো অৱশ্যে সাহস  দিছিল আগবাঢ়ি যাবলৈ।
     এলেনে মৈত্রেয়ীক শাৰীৰিকভাৱে পাবলৈ ইচ্ছা কৰিলে।উপন্যাসখনৰ এঠাইত এলেনে কৈছে-'তেওঁক এবাৰ সাৱটি ধৰাৰ প্ৰবল ইচ্ছা হৈছিল...আমি দুয়ো উত্তেজিত হৈ উঠিলোঁ।বহু কষ্টেৰে সেই ইচ্ছাক দমন কৰি তেওঁৰ হাতত লাহেকৈ মাথোঁ কামুৰি দিলোঁ।.. '
    খুব সোনকালেই উত্তেজিত আৰু দুৰ্বল হৈ পৰিছিল মৈত্ৰেয়ী।দৈহিক শুচিতা আৰু আত্মাৰ পবিত্ৰতাৰ বাবে তাই যিমানেই চেষ্টা নকৰক কিয়,এলেনে দেখিছিল-মৈত্ৰেয়ী আছিল অত্যন্ত ইন্দ্ৰিয়াসক্ত।আৰু তাইক কাবু কৰাৰ এয়ে আছিল এলেনৰ বাবে এপাত ডাঙৰ অস্ত্ৰ।
   এলেন জয়ী হৈছিল।মৈত্রেয়ীক সাৱট মাৰি ধৰি চুমা খাবলৈ চেষ্টা কৰা মুহূৰ্তৎ তাইৰ মুখমণ্ডলত প্ৰকাশ পোৱা প্ৰচণ্ড ঘৃণা,ক্ষোভ,প্ৰতিবাদ আৰু লাজৰ লগে লগে কিঞ্চিত আনন্দৰ মিশ্ৰিত অভিব্যক্তিক এলেনে লক্ষ কৰিছিল।আনফালে তাইয়ো বুজিছিল-তাইৰ দৈহিক সান্নিধ্য লাভৰ বাবে এলেন কিমান ব্যাকুল।ফলত তাইৰ আচৰণত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল অহংকাৰ।
     কিন্তু জীৱনৰ এই প্ৰথম পুৰুষৰ সান্নিধ্যৰ যি সৰ্বগ্ৰাসী আকুলতা,যি মধুৰ শিঁহৰণ,যি বিৰল আৰু অপাৰ্থিৱ অভিজ্ঞতা তাক উপেক্ষা কৰা সহজ নে?দৈহিক শুচিতা নষ্ট হোৱাৰ আশংকাত আৰু ভাৰতীয় নাৰীৰ হাজাৰ বছৰীয়া যি পৰম্পৰাগত নৈতিকতা-তাক লংঘন কৰা অপৰাধত অনুশোচনাত দগ্ধ হৈছিল।অথচ তাই ক'ব নোৱাৰাকৈয়ে বাৰে বাৰে গুছি গৈছিল এলেনৰ কোঠালৈ।ইন্দ্রিয়ৰ ওচৰত পৰাজিত হৈ তাই ক্লান্ত আৰু অৱশভাৱে নিজকে এৰি দিছিল এলেনৰ বাহুপাশত।আকৌ পাচ মুহূৰ্ততে অনুশোচনাত দগ্ধ হৈ তাই উচুপি উচুপি কান্দিছিল।
       যি কথাই মৈত্রেয়ীৰ মনত প্ৰবল দ্বন্দ্বৰ সৃষ্টি কৰিছিল সেইটো আছিল এলেনৰ ধৰ্ম।এলেন আছিল খৃষ্টানধৰ্মী। ধর্ম সম্পর্কত থকা তৎকালীন সামাজিক অভিধাৰণাৰ পৰা তাই অৱশ্যেই  মুক্ত আছিল,কিন্তু তাই জানিছিল যে দেউতাক কেতিয়াও মান্তি নহ'ব।কাৰণ,পাশ্চাত্যৰ আধুনিকতাৰ প্ৰভাৱ ঘৰখনত যিমানে নপৰক কিয়,পৰম্পৰাগত সংস্কাৰ আৰু প্ৰাচীন মূল্যবোধৰ পৰা তেওঁ ,অৰ্থাৎ মৈত্রেয়ীৰ দেউতাক সম্পূৰ্ণৰূপে মুক্ত নাছিল।অথচ দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধেও তাই যাব বিচৰা নাছিল।
     এলেনে সুধিছিল মৈত্ৰেয়ীক-তেওঁলোকৰ বিয়া সম্ভৱ হয়নে নহয়?উত্তৰ দিবলৈ গৈ তাই ৰৈ গৈছিল।এই প্রশ্নৰ উত্তৰ নাছিল মৈত্ৰেয়ীৰ কাষত।তাই মাথোঁ কৈছিল-বিধাতাই এনেদৰেই তেওঁলোকৰ ভাগ্যক নিৰ্ধাৰণ কৰি দিছে।কথাষাৰৰ দ্বাৰা তাই কি বুজাব খুজিছিল সেয়া এলেনৰ বাবে আছিল এক বিৰাট ৰহস্য।এলেনে সুধিছিল-'ভাগ্য বা বিধাতা কিয়,কুসংস্কাৰেই জানো তাৰ বাবে দায়ী নহয়?' মৈত্ৰেয়ীৰ উত্তৰ-'বিধাতাই এইবোৰ সংস্কাৰৰ মাজেৰেই নিজৰ ইচ্ছা পূৰণ কৰে। '
     স্পষ্টভাৱে ক'ব পাৰি যে মৈত্ৰেয়ী শিক্ষিতা হ'লেও দেউতাকৰ দৰে তাইয়ো পৰম্পৰাগত নাৰী -ভাৱনাৰ পৰা মুক্ত নাছিল।তেনে পৰিস্থিতিত নিজৰ ধৰ্ম ত্যাগ কৰাৰ বাহিৰে এলেনৰ কাষত অন্য একো উপায় নাছিল।মৈত্ৰেয়ীক পাবৰ বাবে তেওঁ সেয়াও কৰি পেলাইছিল।
      এলেনৰ ধৰ্মান্তৰকৰণৰ কথা জানিব পাৰি তাই আনন্দত উথলি উঠিছিল।এতিয়া তাই এনে দু:সাহসী হৈ পৰিল যে মাজ নিশা গোপনে আহি এলেনৰ কোঠাত প্ৰৱেশ কৰিবলৈয়ো তাই ভয় বা শংকা নকৰা হ'ল।এলেনৰ বাহুপাশত তাই নিজৰ সৰ্বস্ব এৰি দিলে।
     কিন্তু তেওঁলোকৰ এই প্ৰেম -সম্পর্কৰ কথা গোপন হৈ নাথাকিল।এই কথা লাহে লাহে ঘৰখনৰ সকলোৱে গম পোৱাত মৈত্ৰেয়ীক গৃহবন্দী কৰি ৰখা হ'ল।এলেনকো কৌশলেৰে সেই ঘৰৰ পৰা আঁতৰাই পঠিওৱা হ'ল।
    এই ঘটনাৰ পাছত তেওঁলোকৰ আৰু কোনো কালেই মিলন নহ'ল।মৈত্রেয়ীৰ সৈতে বিচ্ছেদ ঘটাৰ পাছত এলেনে ভগ্ন হৃদয়েৰে বলিয়াৰ দৰে হিমালয়,ৰাণীক্ষেত্ৰ,আলমোড়া,দিল্লী,চিমলা,
নাইনিতাল আদি ঠাইত অনাই-বনাই ঘুৰি ফুৰিল।
     হিমালয়ৰ পান্থশালা এটাত এলেনে লগ পায় জেনি আইজাক নামৰ আইৰিচ গাভৰু এগৰাকীক।কুমাৰী জেনি হিমালয়লৈ আহিছিল এগৰাকী সন্যাসিনী হিচাপে।এলেনৰ ব্যক্তিত্ব আৰু দৈহিক সৌন্দৰ্যত মুগ্ধ হৈ জেনি তেওঁৰ প্ৰতি আকৰ্ষিত হয়।
    ঘটনাক্ৰমে এদিন জেনিৰ কোঠালৈ সোমাই গৈ এলেনে তাইৰ প্ৰায় উলংগ দেহ সৌন্দৰ্য দেখি বিস্ময়-বিমুগ্ধ হৈ পৰিছে।মৈত্রেয়ীৰ সৈতে হোৱা বিচ্ছেদৰ সেই যন্ত্ৰণাময় দিনবোৰতো এলেনে জেনিৰ নগ্ন সৌন্দৰ্যত মুগ্ধ নোহোৱাকৈ থাকিব নোৱাৰিলে।প্রচণ্ড কাম-বাসনাত তেওঁৰ সৰ্ব-শৰীৰ জ্বলি উঠিল।
    লগে লগে নিজৰ বিবেকৰ সৈতে তেওঁৰ অন্তৰ্দ্বন্দ্ব আৰম্ভ হ'ল।ঔপন্যাসিকে এলেনৰ মনৰ সেই অন্তৰ্দ্বন্দ্বৰ কথা প্ৰকাশ কৰিছে,এনেদৰে-' মই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ধৰিলোঁ-মৈত্ৰেয়ীৰ প্ৰতি মোৰ যে এই বান্ধোনহীন প্ৰেম-বাস্তৱিকতে সি মোৰ জীৱনত বিচ্ছেদৰ এটা প্ৰচণ্ড আঘাতহে মাত্ৰ।মই সকলো কাম-বন এৰি এনেদৰে নিজান অজ্ঞাতবাস কৰি,নিজক প্ৰচণ্ড মানসিক যন্ত্ৰণাত ক্ষত-বিক্ষত কৰি পেলোৱাৰ বাহিৰে এই প্ৰেমে মোক আৰু একোৱেই দিব নোৱাৰে।এই প্রেমে মোক কেৱল এটা চেণ্টিমেণ্টেল ,ভীৰু আৰু ক্লীৱলৈ পৰিণত কৰিছে।মোৰ সমস্ত পৌৰুষত্বক অটুত ৰাখি,কৰ্ম-জগতৰ মুখামুখি হৈ থিয় হোৱাৰ আৰু নিজৰ ব্যক্তিত্ব আৰু কৰ্ম-ক্ষমতাক সকলোৰে সন্মুখত প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে মই কেৱল এটা জড়,অক্ষম আৰু ব্যৰ্থতাৰে ভৰা জীৱন কিয় বাছি লৈছোঁ?এজনী সামান্য নাৰীৰ প্ৰেমক মৰ্যাদা দিবলৈ গৈ মই যে এই সৰ্বত্যাগী জীৱন এটা বাছি লৈছোঁ আৰু নিজকে যে নিৰন্তৰ বঞ্চনা কৰি গৈ আছোঁ-ইয়াৰ শেষ ক'ত?এতিয়াও সেই নাৰীৰ মৃতপ্ৰায় স্মৃতিকে সাৱটি থাকি ভৱিষ্যতৰ বাস্তৱ সম্ভাৱনাবোৰক বিসৰ্জন দিয়াৰ কিবা যুক্তি আছেনে?...'
     জেনিক তেওঁ নতুনকৈ চাবলৈ আৰম্ভ কৰিলে।সেয়াও আছিল এক প্ৰকাৰৰ আত্ম-পৰীক্ষা।জেনিৰ প্ৰেমত নিজক উটুৱাই দি মৈত্ৰেয়ীৰ স্মৃতিক চিৰদিনলৈ পাহৰি যাবলৈ চেষ্টা কৰিলে।তাৰ লগে লগে চেষ্টা কৰিলে-নিজৰ  পৌৰুষত্ব আৰু সামৰ্থ্যক প্ৰমান কৰি দেখুৱাবলৈ।
      জেনিৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে  এলেনে।জেনিয়েই সকলো প্ৰকাৰেৰে চেষ্টা কৰিলে তেওঁক শাৰীৰিক সুখ প্ৰদান কৰিবলৈ।
      কিন্তু এলেনৰ মনৰ পৰা মৈত্ৰেয়ীৰ স্মৃতিক সেই সম্পৰ্কই মচি পেলাব নোৱাৰিলে।...তাৰ পাছত হিমালয়ৰ বুকুত,অ'ত ত'ত প্ৰায় এবছৰ কটোৱাৰ পাছত এলেন নিজ দেশলৈ উভতি গুছি গৈছিল। 
      মূলত: 'লা নুই বেংগলী'উপন্যাসৰ কাহিনী ইমানেই।উপন্যাসখন পঢ়ি উঠাৰ পাছত এইকথা স্পষ্ট হৈ পৰে যে এলেন-মৈত্ৰেয়ীৰ প্ৰথম পৰ্যায়ৰ প্ৰেম কেৱল দৈহিক স্তৰতে সীমিত আছিল,কিন্তু মৈত্ৰেয়ীৰ সৈতে ঘটা বিচ্ছেদৰ পাছত সেই প্ৰেমে দৈহিক স্তৰৰ উৰ্ধত এক অপাৰ্থিৱ স্তৰলৈ উত্তৰিত হৈছিল।অৱশ্যে এলেনৰ প্ৰতি মৈত্ৰেয়ীৰ প্ৰেমে পাছলৈ কি ৰূপ লৈছিল সেই কথা জনাৰ উপায় উপন্যাসখনত নাই।

উপন্যাসখনৰ বাস্তৱ পশ্চাদপট :
       মিৰ্চা এলিয়াডৰ জন্ম হৈছিল 1907 চনত ৰোমানিয়াৰ বুখাৰেষ্টত।1986 চনত 79 বছৰ বয়সত মৃত্যু হোৱা মিৰ্চা এলিয়াড আছিল এজন বিখ্যাত ৰোমানিয়ান ইতিহাসবিদ,লেখক, দাৰ্শনিক আৰু চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক।বিজ্ঞানৰ ছাত্ৰ আছিল যদিও তেওঁৰ মন হঠাৎ দৰ্শন,প্ৰাচ্য বিদ্যা আৰু ধৰ্মতত্বৰ প্ৰতি আকৃষ্ট হোৱাত 'যোগ' সম্পৰ্কে অধ্যয়ন কৰিবলৈ 1928 চনত ভাৰতলৈ আহিছিল।অধ্যয়নৰত কালছোৱাত এগৰাকী ভাৰতীয় ছোৱালীৰ প্ৰেমত পৰা আৰু শেষত বিচ্ছেদৰ যন্ত্ৰণা বুকুত লৈ 1932 চনত  স্বদেশলৈ উভতি যোৱা- এই সকলো আছিল মিৰ্চা এলিয়াডৰ জীৱনৰ বাস্তৱ ঘটনা।
     স্বদেশলৈ গৈ 1933 চনত তেওঁ 'মৈত্ৰেয়ী' নামৰ উপন্যাসখন ৰচনা কৰে।পৰৱৰ্তীকালত মিৰ্চা এলিয়াড সমগ্ৰ ইউৰোপতেই প্ৰসিদ্ধ হৈ পৰে এগৰাকী লেখক-দাৰ্শনিক হিচাপে।জীৱনৰ বিভিন্ন সময়ত তেওঁ বুখাৰেষ্ট,চিকাগো আদিৰ বিশ্ববিদ্যালয়সমূহত দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু লণ্ডন,লিচবন আদিত ৰোমানিয়াৰ সাংস্কৃতিক উপৰাষ্ট্ৰপতি ৰূপে যোগ দিয়ে।তেওঁ ৰচনা কৰা বিভিন্ন গ্ৰন্থসমূহৰ ভিতৰত  Prohibited Forest, The Old man and the officer,  Nostalgia of origin, The sacred and the profane, Journey East Journey West, The myth of eternal return আদি বিশেষভাৱে উল্ৱেখযোগ্য।ভাৰতবৰ্ষই,বিশেষকৈ মৈত্ৰেয়ী নামৰ এগৰাকী যুৱতীয়ে যে এইগৰাকী ব্যক্তিৰ জীৱনত এক অপ্ৰতিৰোধ্য প্ৰভাৱ পেলাইছিল সেই কথা তেওঁ প্ৰায় 94 বছৰ বয়সত ৰচনা কৰা Journey East Journey West গ্রন্থত উল্লেখ কৰি লিখিছে-'ভাৰতবৰ্ষই মোক প্ৰবলভাৱে আকৰ্ষণ কৰিছিল.....।সেই অজান ৰহস্যৰ মাজত সিদিনা মই যেন মোৰ গন্তব্য মোৰ নিয়তিক দেখা পাইছিলোঁ।...'
      উপন্যাসখনৰ বাস্তৱতা সম্পৰ্কত আৰু অধিক নিশ্চিতভাৱে জানিব পৰা যায় 1974 চনত প্ৰকাশিত মৈত্ৰেয়ী দেৱীৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত বাংলা উপন্যাস ' ন হণ্যতে 'ৰ পৰা।উপন্যাসখনৰ সামগ্ৰিক বিচাৰৰ পৰাও এই কথা নিশ্চিতভাৱে ক'ব পৰা যায় যে-বিশিষ্টা লেখিকা মৈত্ৰেয়ী দেৱীয়েই আছিল মিৰ্চা এলিয়াডৰ 'লা নুই বেংগলী ' উপন্যাসৰ 'মৈত্ৰেয়ী'।দুয়োখন উপন্যাসতে যি গৰাকী ভাৰতীয় যুৱতীৰ চিত্ৰ অংকিত হৈছে সেই চিত্ৰৰ সৈতে লেখিকা মৈত্ৰেয়ী দেৱীৰ জীৱন আৰু বাস্তৱ চৰিত্ৰৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়।তাৰোপৰি ' লা নুই বেংগলী 'ত বৰ্ণিত কাহিনী,,পটভূমি,চৰিত্ৰ আদিৰ সৈতেও 'ন হণ্যতে' ৰ সাদৃশ্যই ঘটনাৰ বাস্তৱতাক নিশ্চিত কৰে।
     মির্চা এলিয়াডৰ উপন্যাস 'লা নুই বেংগলী'ৰ বিষয়ে মৈত্ৰেয়ী দেৱীয়ে বহু পলমকৈ জানিব পাৰিছিল।ইতিমধ্যে তেওঁৰ বয়স প্ৰায় ষাঠী।তেতিয়ালৈকে প্ৰায় চল্লিশ বছৰ পূৰ্বে বিদেশী যুৱক এজনৰ সৈতে গঢ় লৈ উঠা যৌৱনৰ সেই প্ৰেমৰ সম্পৰ্কক এটা দুৰ্ঘটনা বা দু:স্বপ্ন বুলি ধৰি লৈ তেওঁ নতুন সংসাৰত প্ৰৱেশ কৰিছে।স্বামী, পুত্র-বোৱাৰী,নাতি-পুতিৰে ভৰা ঘৰ-সংসাৰক লৈ এতিয়া তেওঁ ব্যস্ত।জীৱনৰ এটা সুদীৰ্ঘ কাল কবিগুৰু ৰৱীন্দ্ৰ নাথ ঠাকুৰৰ স্নেহ-সাহচৰ্য লাভ কৰা মৈত্ৰেয়ী দেৱীয়ে 'স্বৰ্গের কাছাকাছি','অচেনা চীন', 'মহা ছোভিয়েট','বিধি ও বিধাতা','এত রক্ত ','হিরন্ময় পাখি 'আদি অলেখ গ্ৰন্থ ৰচনাৰ জৰিয়তে বাংলা সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে তথা অনাথ শিশুসকলৰ বাবে তেওঁ কলিকতাত 'খেলাঘৰ' নামে এটি আশ্ৰম প্ৰতিষ্ঠা কৰিছে।
      এনে এক ব্যস্ততাপূৰ্ণ দিনবোৰতে এদিন আকস্মিকতে এজন বিদেশী পৰ্যতক আহিছে মৈত্ৰেয়ী দেৱীক লগ কৰিবলৈ।সেই পর্যতকজনৰ মুখেৰেই তেওঁ প্ৰথম শুনিছে মিৰ্চা এলিয়াডৰ উপন্যাসখনৰ কথা।উপন্যাসখনত মিৰ্চাই তেওঁক নগ্ন আৰু অশ্লীল ৰূপত অংকিত কৰা কথা জানিব পাৰি স্তব্ধ হৈ পৰিছে।পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিৰ ব্যাপক বিস্তৃতিৰ বাবে  প্ৰেমৰ অৰ্থ তেওঁলোকৰ দৃষ্টিত কেৱল যৌনতা হ'ব পাৰে,কিন্তু তাকে সত্য বুলি প্ৰকাশ কৰিবলৈ গৈ মৈত্ৰেয়ীক নগ্ন আৰু অশ্লীলৰূপত দাঙি ধৰাৰ কি যুক্তি থাকিব পাৰে?
     এই কথাই মৈত্ৰেয়ীক এনে অস্থিৰ আৰু বিক্ষুব্ধ কৰি তুলিলে যে প্ৰায় ষাঠী বছৰ বয়সত তেওঁ হাতত কলম তুলি ল'লে-মিৰ্চা এলিয়াডৰ উপন্যাসৰ প্ৰত্যুত্তৰ দিবলৈ।যি ঘটনাক তেওঁ যোৱা চল্লিশ বছৰে পাহৰি যাবলৈ চেষ্টা কৰিছিল-সেই ঘটনাক তেওঁ পুনৰ ৰোমন্থন কৰিলে।ইয়াৰ লগে লগে চলিল আত্মানুসন্ধান আৰু প্ৰেমৰ প্ৰকৃত স্বৰূপ উদঘাটনৰ প্ৰচেষ্টা।
     যি এক প্ৰচণ্ড ক্ষোভ আৰু প্ৰতিবাদত তেওঁ প্ৰথমে হাতত কলম তুলি লৈছিল- সেয়া ক্ৰমান্বয়ে স্তিমিত হৈ পৰিল।নিজৰ অতীত জীৱনৰ পুনৰীক্ষনে তেওঁক নতুন অভিজ্ঞান প্ৰদান কৰিলে।তেওঁ অনুভৱ কৰিবলৈ ধৰিলে যে ইমান বছৰে মনৰ স্মৃতিৰ পৰা প্ৰায় হেৰাই যোৱা সেই প্ৰেম ক্ৰমান্বয়ে এক আধ্যাত্মিক স্তৰলৈ উত্তৰিত হৈছে।
     মৈত্ৰেয়ী দেৱীৰ 'ন হণ্যতে ' উপন্যাসৰ নায়িকা 'অমৃতা' 'লা নুই বেংগলী' উপন্যাসৰ 'মৈত্ৰেয়ী'ৰ পৰা ভিন্ন নহয়।মির্চা এলিয়াডৰ উপন্যাসত মৈত্ৰেয়ীক যেনেদৰে শিক্ষা-দীক্ষাৰে সুসংস্কৃত অথচ পৰম্পৰাগত ভাৱনাৰ বশৱৰ্তী নাৰী হিচাপে অংকন কৰা হৈছে-তেনেদৰে মৈত্ৰেয়ী দেৱীৰ উপন্যাসতো 'অমৃতা'ক অনুৰূপভাৱে প্ৰকাশ কৰা হৈছে।
    কেৱল কাহিনীৰ সাদৃশ্যই নহয়,সৰু-ডাঙৰ বিভিন্ন ঘটনা,কথোপকথন,চাৰিত্ৰিক বৈশিষ্ট্য আদিৰ ক্ষেত্ৰতো দুয়োখন উপন্যাসৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়।দৈহিক শুচিতা ৰক্ষাৰ ক্ষেত্ৰত থকা ভাৰতীয় নাৰীৰ পৰম্পৰাগত ভাৱনাৰ পৰা অমৃতা মুক্ত নাছিল অথচ ইন্দ্ৰিয়াসক্তিৰ প্ৰবল আৱেগত অমৃতাই যে বহুসময়ত নিজক দমন কৰিব পৰা নাছিল সেই কথা কেৱল মিৰ্চাৰ উপন্যাসতে নহয়,মৈত্ৰেয়ী দেৱীৰ উপন্যাসতো জ্ঞাতে-অজ্ঞাতে প্ৰকাশ পাইছে।উদাহৰণস্বৰূপে,'ন হণ্যতে'ত মৈত্ৰেয়ী দেৱীয়ে বৰ্ণনা কৰা অনুসৰি এবাৰ মিৰ্চাই অমৃতাক 'হাংগাৰ' নামৰ উপন্যাসখন পঢ়িবলৈ দিছিল।উপন্যাসখন অমৃতাই বুজি নোপোৱাত মিৰ্চাক বুজাই দিবলৈ কৈছিল।তাৰ পাছৰ ঘটনা-'মই কিতাপখন দিবলৈ এখোজ আগবঢ়াৰ লগে লগে সি মোৰ কঁকালত সাৱট মাৰি ধৰি ওচৰলৈ টানি নিলে আৰু মই বোধকৰোঁ যুগান্তৰৰ তাড়নাত পৰি বাওঁহাতেৰে তাক মেৰিয়াই ধৰি থকা সত্বেও সোঁহাতেৰে তাৰ বগা গালখনত ঠাঁচকৈ জোৰেৰে চৰিয়াই দিলোঁ।..'
      মিৰ্চাৰ প্ৰতি অমৃতাৰ প্ৰেম আছিল দুৰ্বাৰ আৰু অপ্ৰতিৰোধ্য।নিজৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণত ৰাখি সেই প্ৰেমক তাই আগুৱাই নিব বিচাৰিছিল।কিন্তু মির্চাৰ স্পৰ্শত তাই দুৰ্বল হৈ পৰিছিল।স্পৰ্শসুখৰ অনাবিল অভিজ্ঞতাই তাইক ইন্দ্ৰিয়াসক্ত কৰি তুলিছিল।এই সর্বগ্ৰাসী ইন্দ্ৰিয়াসক্তিৰ কথা উল্লেখ কৰি তাই কৈছে-'মই তাৰ বাহুবন্ধনত আৰু তাৰ মুখ মোৰ মুখৰ ওপৰত।মই চেষ্টা কৰি আছোঁ নিজক এৰুৱাবলৈ,যুদ্ধ কৰি আছোঁ...কিয় যুদ্ধ কৰি আছোঁ কোনে জানে?নাজানোঁ।পৰাজিত হোৱাৰ বাবেই নিশ্চয়।শুচিতা ৰক্ষাৰ বাবে নহয়,কেতিয়াও নহয়।...মই পৰাজিত হ'লোঁ....মোৰ সমস্ত দেহত গীতৰ অনুৰণন,তথাপি মোৰ চকুলো বৈ আহিছে..'।
      প্রত্যক্ষভাৱেই হওক অথবা পৰোক্ষভাৱেই হওক, 'লা নুই বেংগলী'ত বৰ্ণিত প্ৰায় সকলেবোৰ ঘটনাকে মৈত্ৰেয়ী দেৱীয়ে 'ন হণ্যতে' ত স্বীকাৰ কৰিছে।কিন্তু উল্লেখযোগ্য যে,মৈত্ৰেয়ী দেৱীৰ উপন্যাসখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে-মৃতপ্ৰায় স্মৃতি-গহ্বৰৰ পৰা ওলাই অহা 
চল্লিশ বছৰ পূৰ্বৰ এটা প্ৰেম-সম্পৰ্কক উপন্যাসিকাই নতুনকৈ মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে আৰু প্ৰৌঢ়ত্বৰ উপলদ্ধিৰে তেওঁ আৱিস্কাৰ কৰিছে এক অবিনশ্বৰ প্ৰেমৰ অস্তিত্ব।
      উপন্যাসখনৰ শেষ অধ্যায়ত অমৃতাই মিৰ্চাক লগ কৰা কথা বৰ্ণিত হৈছে।(বাস্তৱ জীৱনতো মৈত্ৰেয়ী দেৱীয়ে 1974 চনত ' ন হণ্যতে' প্ৰকাশ হৈ ওলোৱাৰ আগে আগে চিকাগোলৈ গৈ মিৰ্চা এলিয়াডক লগ কৰিছিল।)এই সাক্ষাতৰ সময়ত অজস্ৰ কিতাপৰ দ'মৰ মাজত বাৰ্ধক্যই গ্ৰাস কৰা মিৰ্চাই মূৰ তুলি অমৃতালৈ চোৱাৰ লগে লগে
তাই আতংকত শিঁয়ৰি উঠিছিল। কাৰণ দৃষ্টিশক্তি হেৰুৱাই ইতিমধ্যে মিৰ্চাৰ দুয়োটা চকু স্থিৰ হৈ আছিল।অমৃতাই সুধিছিল-তেওঁ তাইক দেখা পাইছেনে?মিৰ্চাই কৈছিল-হয়,তেওঁ এতিয়াও অমৃতাক  ঠিক সেই আগৰ ষোল্ল বছৰীয়া ছোৱালীৰ দৰেই দেখা পাইছে।
     এয়ে হৈছে প্রাচ্য আৰু পাশ্চাত্যৰ দুখন আধ্যাত্মিক প্ৰেমৰ উপন্যাস  'লা নুই বেংগলী' আৰু 'নহণ্যতে'ৰ কাহিনী আৰু বাস্তৱতাৰ ঐক্যসূত্ৰ।(সমাপ্ত) 
     

Friday, May 28, 2021

স্খলিত সমাজৰ কলংকিত কাহিনী ---পাপ

স্খলিত সমাজৰ কলংকিত কাহিনী ---পাপ
                                                                   - বীৰ্কে বি থাপা
          অসম আন্দোলন আৰু তাৰ পৰৱৰ্তী কালত অসমীয়া সমাজ-জীৱনত ঘটা নৈতিক -স্খলনৰ দলিল স্বৰূপ এখন উপন্যাস হৈছে ড:মৃণাল কুমাৰ গগৈৰ 2013 চনত প্ৰকাশিত উপন্যাস-' পাপ '। ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড:মৃণাল কুমাৰ গগৈ মূলত: এগৰাকী কবি। নিজস্ব এক অন্তৰ্স্পৰ্শী অনুভূতিৰে নব্বৈৰ দশকৰ পৰা সমসাময়িক বিভিন্ন কাকত-আলোচনীত প্ৰেমৰ কবিতা লিখি বৃহৎ সংখ্যক পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এইগৰাকী কবিৰ  প্ৰথমখন কবিতাপুথি আছিল 1999 চনত প্ৰকাশিত 'চাম কাঠৰ শুকান শব্দৰ দৰে' আৰু  দ্বিতীয়খন কবিতাপুথি আছিল 2006 চনত প্ৰকাশিত 'প্ৰেমৰ কবিতা'।কবিতাৰ উপৰিও তেওঁ 'কেনে আছোঁ মোক নুসুধিবা'(2005) আৰু 'পাপ'(2013) নামেৰে দুখন উপন্যাসো ৰচনা কৰিছে।
         আমাৰ আলোচ্য 'পাপ' নামৰ উপন্যাসখনত  চিত্ৰিত হৈছে আশীৰ দশকত আৰম্ভ হোৱা অসম আন্দোলনৰ জটিল পৰিস্থিতিৰ সময়ছোৱাত বাংলাদেশী বহিষ্কৰণৰ নামত এচাম মানুহে মানৱতাক সম্পূৰ্ণৰূপে বিসৰ্জন দিয়া আৰু সময়ৰ লগে-লগে সেই আন্দোলন কৰা লোকসকলৰে কিছুসংখ্যকে সাপৰ দৰে মোট সলোৱা কাৰ্য তথা  নিজৰ জাতীয় ঐতিহ্য-সংস্কৃতি আৰু ধৰ্মৰ নামত এচাম লোকে কৰি  থকা ভণ্ডামীবোৰৰ স্বৰূপ উদঙাই দেখুওৱা হৈছে। 
         এই কথা সত্য যে,অসম আন্দোলনৰ মূলতে আছিল কেন্দ্ৰই অসমৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ আৰু অবৈধ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ বন্ধ কৰা।আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য যিমানেই মহৎ নহওক লাগিলে, আন্দোলনকাৰী সকলৰ মাজৰ এচাম লোকৰ  ভণ্ডামী আৰু মানৱতাহীন কাৰ্যই আন্দোলনৰ প্ৰকৃত সত্বাক কলুষিত কৰিছিল।উপন্যাসখনত বৰ্ণিত 
ড: পৰমেশ্বৰ গোস্বামী তেনে এজন আদৰ্শভ্ৰষ্ট লোক।ড:  গোস্বামীৰ চৰিত্ৰ বিশ্লেষণ কৰিলে দেখা যায়-তেওঁ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচৰ।অসম আন্দোলনৰ সময়ছোৱাত বামপন্থী দলৰ নেতা হিচাপে তেওঁ বাংলাদেশী লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰদৰ্শন কৰি আন্দোলনকাৰীসকলৰ বিপক্ষে থিয় দিছিল,কিন্তু সময়ৰ লগে লগে সাপে মোট সলোৱাৰ দৰে তেওঁ  নিজৰ আদৰ্শ সম্পূৰ্ণৰূপে জলাঞ্জলি দি বাংলাদেশীক খেদোৱাৰ আন্দোলনত নামি পৰিছিল।ইউনিভাৰ্চিটিৰ কাষত পাণ দোকান-গুমটি আদি দি জীৱিকা অৰ্জন কৰি থকা মিঞা মানুহখিনিক  তাৰ পৰা উঠাই দিয়াৰ ক্ষেত্ৰত তেৱেঁই আগভাগ লৈছিল।তেওঁৰ মাৰ্ক্সীয় বস্তুবাদী দৰ্শন,সাম্যবাদী আদৰ্শ আদি সকলো যে ভুৱা আছিল সেয়া স্পষ্টভাৱে পৰিলক্ষিত হয় মিঞা বুলি ক'লেই এতিয়া তেওঁ ঘৃণাত নাক কোঁচোৱা কাৰ্যত।তাৰোপৰি নিজকে তেওঁ অত্যন্ত ধৰ্মপ্ৰাণ আৰু সংস্কাৰী লোক বুলি গণ্য কৰে।পুৱা-সন্ধিয়া নাম-প্ৰসংগ নকৰাকৈ তেওঁ কেতিয়াও ভাত-মুঠি গ্ৰহণ নকৰে।
        ড: পৰমেশ্বৰ গোস্বামীৰ আচাৰ-আচাৰণত লাগি আছে প্ৰাচীন মৌজাদাৰৰ বংশৰ আভিজাত্য আৰু সেই দাম্ভিকতাৰে তেওঁ সকলোৰে ওপৰত নিজৰ শাসন চলাব বিচাৰে।তেওঁৰ দাম্ভিক আচৰণ আৰু বাংলাদেশী মুছলিম বিদ্বেষী মনোভাৱৰ কথা সকলোৱে জানে।তেওঁৰ এই দম্ভ কেৱল বাহিৰতে নহয়,ঘৰতো সৰু-সুৰা কথা-বতৰাত তাৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।বিশেষকৈ ঘৰত কাম কৰা ছোৱালী কেইজনী আৰু বেমাৰী মানুহজনীক তেওঁ মানুহ বুলিয়ে গণ্য নকৰে।বেমাৰী মানুহজনীৰ আলপৈচান ধৰাৰে পৰা ঘৰৰ সকলো কাম বনকৰা ছোৱালী কেইজনীয়েই কৰে।গোস্বামীৰ সময় নাই ঘৈণীয়েকৰ কাষত এখন্তেক বহিবলৈ।মানুহজনীয়ে কেঁকাই থাকিলে বৰঞ্চ ধমকহে দিয়ে মনে মনে থাকিবলৈ।কিন্তু ঘৰখনত তেওঁ যিমানে কঠোৰ শাসন নচলাওক কিয়, ক'বলৈ গ'লে নিজৰ ল'ৰা-ছোৱালীকেইটাক কিন্তু তেওঁ চৰিত্ৰবান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাই।
         গোস্বামীৰ তিনিজন পুতেকৰ ভিতৰত একেবাৰে সৰুজন পুতেক পূৰ্ণানন্দক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ মূল কাহিনীভাগ নিৰ্মিত হৈছে।সৰুৰে পৰাই শিৱসাগৰৰ মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা পূৰ্ণানন্দক তেওঁ মোমায়েকৰ ঘৰত থাকি তেনেই নষ্ট হোৱা বুলি কৈ গুৱাহাটীলৈ লৈ আনিছে।কিন্তু দেউতাকৰ কঠোৰ শাসনত অতীষ্ঠ হৈ পূৰ্ণই সেইখন ঘৰৰ পৰা মুক্তিৰ পথ বিচাৰিছে।এদিন মনে মনে ঘৰৰ পৰা ওলাই সি শৰাইঘাট দলং চাবলৈ যোৱা ঘটনাৰ পাছতে দেউতাকে তাক  মাজুলীৰ সত্ৰত থৈ আহিছেগৈ।গোস্বামীৰ ঘৰৰ ল'ৰা যেতিয়া তলৌ তলৌকৈ ঘুৰি ফুৰি নষ্ট হোৱাতকৈ সি সত্ৰতে থাককগৈ,সত্ৰৰ নিয়ম-নীতি শিককগৈ।সেই অনুসৰি সি সত্ৰত এটা নতুন জীৱন আৰম্ভ কৰিছে।সত্ৰৰ নিয়মানুসৰি সি চুলি দীঘলকৈ ৰাখি,চুৰিয়া পিন্ধি একেবাৰে ভকত হৈ পৰিল।সোনকালেই সি নাম-প্ৰসংগকে ধৰি ধোৱা-পখলা সকলো কাম শিকি ল'লে।সি এতিয়া  উদাসীন ভকত হিচাপে পৰিচিত।
          সত্ৰত অন্য উদাসীন ভকতো আছিল যদিও ৰসেশ্বৰ বোলাজনৰ সংগ তাৰ বেছি ভাল লগা হ'ল। কিন্তু সত্ৰতো লোকচক্ষুৰ আঁৰত ঘটি থকা কিছুমান ব্যভিচাৰে তাৰ কোমল অন্তৰত গভীৰ প্ৰভাৱ পেলালে।নাৰীৰ দৰে পদভংগীমাৰে দীৰ্ঘদেহী ভকত ৰসেশ্বৰে সত্ৰৰ নীতি-নিয়মৰ বাহিৰলৈ গৈ তাক মদ-ভাং -গাহৰি মাংস আদি খাবলৈ জোৰ কৰা আৰু ৰাতি একেখন বিচনাত শোওঁতে তাৰ শৰীৰৰ লগত অশ্লীল খেল খেলা কাৰ্যবোৰে পূৰ্ণৰ কোমলীয়া মনত এনে দ-কৈ সাঁচ বহুৱাই গ'ল যে সি তাৰ পৰাও পলাই যাবলৈ বাট বিচাৰিবলৈ ধৰিলে।
         এদিন সুযোগ বুজি সি গুৱাহাটীলৈ পলাই আহিল।কিন্তু সি ক'লৈ যাব?সত্ৰৰ পৰা পলাই অহা কথা জানিব পাৰিলে দেউতাকে তাক সুদাই এৰিবনে? মাকক চাবলৈ প্ৰবল ইচ্ছা থকা স্বত্তেও সি দেউতাকৰ ভয়ত ঘৰলৈ যোৱাৰ সাহস কৰিব পৰা নোৱাৰিলে।ঘৰলৈ নগৈ সি শৰাইঘাট দলঙৰ পৰা কিছু আতঁৰত ব্ৰক্ষ্মপুত্ৰৰ পাৰত থকা সদিলাপুৰৰ সৰু সৰু জুপুৰী -ঘৰবোৰৰ ফালে খোজ আগবঢ়াই দিলে।উদ্দেশ্য ফৰিদাহঁতৰ ঘৰ।পূৰ্ণই ফৰিদাৰ আগত সত্ৰৰ পৰা পলাই অহা কথা বিবৰি কৈছে।'কি কৰিবি এতিয়া?'-তাই সোধা প্ৰশ্নৰ উত্তৰত সি কৈছে-'ইয়াতে থাকিম!'ফৰিদাই তাক বুজাইছে যে সিহঁত বাংলাদেশী।মানুহে সিহঁতক মিঞা বুলি ঘৃণা কৰে।সি ইয়াত থকা কথা গম পালে মানুহে তাক লেই -লেই ছেই -ছেই কৰিব।ফলত সি তাৰ পৰা গুছি গৈছেগৈ শিৱসাগৰৰ মোমায়েকৰ ঘৰলৈ।
          মোমায়েকে তাক স্কুলত নাম লগাই দিছে।কিন্তু সহপাঠী আমিৰহঁতৰ সংগত তাৰ আৰম্ভ হৈছে পংকিলতাৰে পূৰ্ণ ,লক্ষ্য-আদৰ্শহীন এটা জীৱন।স্কুলীয়া দিনৰ সহপাঠী আমিৰহঁতৰ সংগত পৰি সি মদ,মাংস আৰু অন্য বেয়া বস্তু খাবলৈ শিকিছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে পূৰ্ণৰ জীৱনত ঘটা বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সি অৱশেষত কলিকতাৰ জনবহুল মহানগৰত হেৰাই গৈছে।এই মহানগৰত কেৱল মদ আৰু বেশ্যাই তাৰ জীৱন হৈ পৰিছে।
         ক'বলৈ গ'লে,যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা চৰিত্ৰ হৈছে পূৰ্ণকান্ত।কুমলীয়া বয়সত দেউতাকে তাৰ ওপৰত চলোৱা কঠোৰ শাসন,সত্ৰৰ উদাসীন ভকত ৰসেশ্বৰে  চলোৱা যৌন উৎপীড়ণ,সহপাঠী আমিৰহঁতৰ কু-সংগ,মদ্যপান আৰু বেশ্যালয় গমনৰ অভ্যাস আদি বিভিন্ন ঘটনাই তাক একেবাৰেই নষ্ট কৰি পেলাইছে।তাৰ মনৰ কোনোবা এচুকত সদিলাপুৰৰ ফৰিদাৰ প্ৰতি জাগি উঠা প্ৰেম,সোনালী শৰ্মাই কৰা বিশ্বাসঘাটকতা আদিৰ দৰে ঘটনাইয়ো তাক মানসিকভাৱে তেনেই দুৰ্বল কৰি পেলাইছিল।নিজৰ অস্থিৰ আৰু অসংলগ্ন মানসিক পৰিস্থিতিত  সি পুনৰ কলিকতাৰ বেশ্যালয়ত চিত্ৰালী দে' নামৰ বেশ্যা এজনীৰ প্ৰেমত পৰিছে।কেৱল জৈৱিক তাড়ণাতে সি চিত্ৰালীৰ কোঠালৈ যোৱা নাই,গৈছে,মানসিক শান্তি বিচাৰি।এনেদৰেই কেৱল মদ আৰু একাধিক বেশ্যাৰ সৈতে সহবাস কৰা দৈনন্দিন প্ৰবৃত্তিৰেই সি লক্ষ্য-উদ্দেশ্যহীন পংকিল জীৱনত ভৰি থৈ নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছে।
        ঘটনাৰ পাকচক্ৰতঅৱশেষত  সি এজনী পেচাধাৰী বেশ্যাৰ কবলত পৰি নিজৰ টকা-কড়ি সকলো হেৰুৱাই ধৰা পৰাৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে ।সেই সময়ত সি অনুভৱ কৰিছে সমাজৰ প্ৰয়োজনীয়তা।কিন্তু কোনখন সমাজলৈ সি উভটি যাব?দেউতাক পৰমেশ্বৰ গোস্বামীৰ দৰে লোকসকলৰ  মিছা আভিজাত্যৰে ভৰা সমাজলৈ নে ধৰ্মৰ নামত ব্যভিচাৰ চলি থকা সমাজলৈ ? কি কৰিব,ক'লৈ যাব সি? পৰিস্থিতিৰ তাগিদাত অৱশেষত সি মুছলিম মানুহৰ ভেশ লৈ অসমলৈ উভতি আহিছে আৰু স্কুলীয়া জীৱনৰ বন্ধু আমিৰক লগ পাইছে।আমিৰৰ লগত মদ্যপান কৰাৰ পাছত সি হোটেলৰ কোঠাত আচম্বিতে লগ পাইছে আমিৰে তাৰ বাবে পঠিয়াই দিয়া বেশ্যা ফৰিদাক।পংকিলতাৰে পূৰ্ণ জীৱনত সি পুনৰ ঘূৰাই পাইছে তাৰ জীৱনৰ পৰা হেৰাই যোৱা ফৰিদাক।
        এনেদৰেই পূৰ্ণকান্তৰ শৈশৱ আৰু যৌৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে উপন্যাসখনৰ কাহিনীৰ অগ্ৰগতি।পূৰ্ণকান্তৰ কাহিনীৰ লগে লগে অানুষংগিক আন কিছুমান ঘটনা প্ৰবাহো সমান্তৰালকৈ আগবাঢ়ি গৈছে -যিবোৰ ঘটনা প্ৰবাহৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে আদৰ্শ আৰু নৈতিকতাৰ স্খলনৰ কিছুমান জীৱন্ত আৰু অকথ্য চিত্ৰ।
       উপন্যাসখনত ফৰিদাৰ কাহিনীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে।পূৰ্ণৰ লগত এসময়ত একেলগে পঢ়া ফৰিদা এজনী তেনেই সাধাৰণ বাংলাদেশী মুছলিম ছোৱালী যদিও উপন্যাসিকে 'ফৰিদা'চৰিত্ৰটো অত্যন্ত হৃদয়স্পৰ্শী ৰূপত অংকন কৰিছে।
       অসম আন্দোলনৰ সময়ছোৱাতে ফৰিদাৰ দেউতাক ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহিছিল।প্ৰথমে অ'ত ত'ত অনাই বনাই কাম-বন কৰি ফুৰাৰ পাছত জালুকবাৰীতে গুমটি দোকান এখন খুলিছিল।তাৰ পৰিয়ালটো গুমটিখনতে থাকিছিল।আন্দোলনৰ সময়ছোৱাত ইউনিভাৰ্চিটিৰ মানুহবোৰে মিটিং-মাটাং কৰি সিহঁতৰ দৰে মানুহবোৰক তাৰ পৰা খেদি পঠিওৱাত সিহঁতে অস্থায়ীভাৱে  ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ  সদিলাপুৰ নামৰ ঠাইডোখৰতে জুপুৰী সাজি থাকিবলৈ লৈছিল।ফৰিদাৰ দেউতাকে এতিয়া ৰিক্সা চলাই জীৱিকা অৰ্জন কৰে।ফৰিদাৰ মাকে ক'ত কি কৰে তাই নাজানে।ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়া ঘৰত সোমায়।তাই বুজন হৈ অহাৰ লগে-লগে সময়ে-অসময়ে মাকক বিচাৰি অহা মানুহবোৰৰ মতি-গতি আৰু বাপেকে মদ খাই আহি অশ্লীল ভাষাৰে মাকক পৰা গালিবোৰ শুনি শুনি তাই বহু কথাই অনুমান কৰিব পৰা হৈছে।
         তাই ডাঙৰ হৈ অহাৰ লগে লগে সময়ে অসময়ে  মাকক বিচাৰি অহা মানুহবোৰে তাইক লোলুপ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে।তাইৰ যৌৱনপুষ্ট শৰীৰক লৈ খেলিব বিচৰা এচাম উন্মত্ত ডেকা ল'ৰাই সিহঁতৰ  ইপ্সিত বাসনা পূৰ্ণ কৰিব নোৱাৰি খঙত অশ্লীল চিঞৰ -বাখৰ কৰি এদিন সিহঁতৰ ঘৰত জুই লগাই দিছে।মানুহৰ মতে ,সিহঁত বাংলাদেশী বাবে জুই লগাই দিছে।
         ঘৰ জ্বলি যোৱাৰ পাছত ফৰিদাৰ মাকে তাইক নিৰাপত্তাৰ বাবে  যিখন ড: গোস্বামীৰ ঘৰ।সমাজত নাম-যশ,প্ৰতিপত্তি থকা ঘৰ।কিন্তু সেইখন ঘৰতো নিৰাপত্তা নাছিল।তাতো পাপে বাহ লৈছিল।তাই থাকিবলৈ লোৱাৰে পৰা ইন্দ্ৰকান্তই বাহিৰলৈ যাবলৈ এৰিলে...ইন্দ্ৰকান্তই হাই ভলিউমত কম্পিউটাৰত গান বজাই দিছে...কম্পিউটাৰটো খোলা ৰাখি সি খৰখেদাকৈ টেবুলৰ ড্ৰয়াৰটো খুলি ডেন্টড্ৰাইট এটা উলিয়াই  তাৰ সুবাস পৰম আগ্ৰহেৰে ল'বলৈ ধৰিছে।কিছুপৰ সেই তৃপ্তি নে অতৃপ্তি লৈ থকাৰ পিছত তাৰ দুহাত নিজৰ কঁকাললৈ আপুনিয়ে গৈছে।কম্পিউটাৰৰ পৰ্দালৈ এপলক চায়ে আন্দাৰৱেৰটো সি খুলি পেলাইছে আৰু ওচৰৰ বিচনাত পৰি থকা টাৱেল এখন পিন্ধি লৈছে।....সি দৌৰি গৈ বাথৰূমত সোমাই দুৱাৰখন জপাই লৈছে আৰু ফৰিদাক সাৱটি সি তাৰ পাশৱিক কামনা পূৰ্ণ কৰিছে।অসুখীয়া মাকে এইবোৰ কথা একো গম নাপায়।দিনে-নিশাই মেল মিটিঙত ব্যস্ত গোস্বামীৰ এইবোৰ কথাত মন দিবলৈ সময় নাই। এদিন ফৰিদা অন্ত:সত্বা হৈছে।এইবাৰ তাই সিদ্ধান্ত কৰিছে গোস্বামীৰ ঘৰলৈ আৰু তাই নাযায়।ঘৰতে থাকিব।কিন্তু ঘৰখনো তাইৰ বাবে নিৰাপদ নহয়।গোস্বামীৰ পুতেক ইন্দ্ৰকান্তই তাইক তাতো এৰা নাই।সি আহি তাৰ শাৰীৰিক বাসনা পূৰ্ণ কৰাৰ পাছত কণ্ডমটো কাষতে দলিয়াই বীৰদৰ্পে গুছি গৈছে।নিজৰ নাৰীত্বত আঘাত পাই তাই হঠাৎ ক্ষুব্ধ হৈ উঠিছে আৰু এটা সাংঘাটিক কাম তাই কৰি পেলাইছে।ইন্দ্ৰই পেলাই থৈ যোৱা কণ্ডমটো তাই তুলি লৈছে। বিক্ষুব্ধ বাঘিনীৰ দৰে গোস্বামীৰ ঘৰলৈ বুলি তাই খৰকৈ খোজ লৈছে আৰু গোস্বামীয়ে ভাত খোৱা টেবুলত কণ্ডমটো দলিয়াই দিছে-'এয়া চাওক,আপোনাৰ ল'ৰাৰ কাণ্ড।সি মোক কি কৰিলে চাওক'-কৈয়েই তাই কঁকালৰ কাপোৰ আঁতৰাই তলপেটটো উদং কৰি দিলে।চৌদিশে ছিটিকি পৰিছে কণ্ডমৰ ভিতৰৰ বিজলুৱা পদাৰ্থখিনি।ক্ষন্তেকৰ বাবে হতবাক হৈছে গোস্বামী।তাৰ পাছত তেওঁ ভাতৰ কাঁহীখন তাইৰ মুখলৈ মাৰি পঠাইছে।নিজৰ কোঠালৈ গৈ চাবোকডাল আনি ফৰিদাক কোবাবলৈ আৰম্ভ কৰিছে।চাবোকৰ আঘাতত তাইৰ গাৰ পৰা তেজ ওলাইছে আৰু এটা সময়ত একো ক'ব নোৱাৰা হৈ পৰিছে।আৰু তাই যেতিয়া সম্বিৎ ঘূৰাই পাইছে তেতিয়া তাই হস্পিটেলত।ড:গোস্বামীয়ে নোটৰ বাণ্ডিল চিকিৎসকলৈ আগবঢ়াই দি তাইৰ গৰ্ভপাতৰ ব্যৱস্থা কৰিছে।নিজৰ জীৱনত ঘটা এনে দশাৰ পাছতো কিন্তু পৰাজয় বৰণ কৰা ছোৱালী তাই নহয়।মাকৰ দৰেই তাইয়ো আঁকোৱালী বেশ্যাবৃত্তিৰ জীৱন।এনে ভাৱ হয় সেয়াও যেন একপ্ৰকাৰৰ বিদ্ৰোহ-ভদ্ৰ আৰু আভিজাত্যৰ মুখা পিন্ধা সমাজখনৰ বিৰূদ্ধে।
          কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-ড:পৰমেশ্বৰ গোস্বামীৰ ঘৰৰ পৰা ফৰিদা গুছি অহাৰ পাছত গোস্বামীৰ বৰপুত্ৰৰ কামনাৰ বলি হৈছে চম্পা।পলাই অহা চম্পাক ফৰিদাই আশ্ৰয় দিছে ।এটা সময়ত অবৈধ সন্তান জন্ম দি চম্পাৰ মৃত্যু হৈছে,আনফালে ড: গোস্বামীয়ে বৰপুত্ৰ ইন্দ্ৰকান্তৰ বাবে ৰমক-জমককৈ বিয়াৰ আয়োজন কৰিছে।তেনে অৱস্থাত ক্ৰুদ্ধ বাঘিনীৰ দৰে ফৰিদাই  ৰভাতলিত প্ৰৱেশ কৰি কেচুৱাটিক দৰা-সাজত থকা ইন্দ্ৰৰ সন্মুখলৈ আনিছে আৰু ন-কইনাৰ হাতত তুলি দি কৈছে-"লওঁক,এইটো আপোনাৰ স্বামীৰ সন্তান.."আৰু সেইষাৰ কথাৰেই যেন তাই ভদ্ৰতাৰ মুখা পিন্ধা সমাজখনৰ গালত পূৰ্ণহতীয়া চৰ এটা শোধাই দিছে।তাৰ পাছত তাই ৰভাঘৰৰ পৰা ওলাই আহিছে।ড: গোস্বামীৰ চকুৰ সন্মুখতে সকলো ঘটি যোৱা সত্বেও তেওঁ একো কৰিব পৰা নাই।শক্তিহীন আৰু অসহায়ভাৱে তেওঁ বহা ঠাইতে হতবাক হৈ বহি থাকিল।এই ঘটনাৰ পাছতে ড:গোস্বামীৰ পক্ষৰ ল'ৰা কিছুমানে সদিলাপুৰৰ মুছলিম ঘৰবোৰ জ্বলাই দিছে।মানুহবোৰ আকৌ গৃহহীন হৈ সদিলাপুৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে।ফৰিদাও গুছি গৈছেগৈ সদিলাপুৰ এৰি।
         সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায়-পূৰ্ণকান্তৰ জীৱনৰ ঘাত-প্ৰতিঘাতক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচিত যদিও আৰম্ভণিৰ পৰা শেষলৈকে চৰিত্ৰৰ বিকাশ চকুত নপৰে।পূৰ্ণৰ চৰিত্ৰটো যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা তেনেই অবিকশিত চৰিত্ৰ।ইয়াৰ বিপৰীতে কিন্তু ফৰিদা চৰিত্ৰটো উপন্যাসত যথেষ্ট প্ৰতিবাদী চৰিত্ৰ হিচাপে অংকিত হৈছে।নিজৰ সীমা আৰু পৰিধি সম্পৰ্কে তাই সম্পূৰ্ণ সচেতন  হৈয়ো  তাই সাহসেৰে অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা ছোৱালী।কিন্তু উপন্যাসখনৰ শেষলৈ মানুহে যেতিয়া সদিলাপুৰৰ ঘৰবোৰ জ্বলাই দিছে,তেতিয়া তাইয়ো বাপেকৰ লগত অন্য স্থানলৈ গুছি যোৱা ঘটনাৰ পৰা এনে ভাৱ হয় যেন নিজৰ প্ৰতিবাদী সত্তাক দৃঢ়তাৰে ধৰি ৰখাত তাই  সক্ষম হোৱা নাই।সমাজৰ অন্যায়-অত্যাচাৰৰ ওচৰত অৱশেষত তাইয়ো যেন একেবাৰে হাৰি গৈছে,শক্তিহীন হৈ ক'ৰবাত হেৰাই গৈছে।
          সাম্প্ৰতিক কালত ধৰ্ম আৰু বাংলাদেশী মুছলিমসকলৰ অবৈধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সাম্প্ৰদায়িক ৰাজনীতিৰ জটিল আৰু স্পৰ্শকাতৰ পৰিস্থিতিত সমস্যাসমূহক 
পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত ড: মৃণাল কুমাৰ গগৈৰ উপন্যাসখন নি:সন্দেহে এক অত্যন্ত সাহসী পদক্ষেপ।উল্লেখযোগ্য যে,উপন্যাসখনৰ কাহিনী-বিন্যাস,কথনশৈলী আদিৰ ক্ষেত্ৰত কিছু শিথিলতা মাজে মাজে পৰিলক্ষিত নোহোৱাকৈ থকা নাই।সেইদৰে উপন্যাসখনৰ সৰ্বত্ৰে একোটা কাব্যিক অভিব্যঞ্জনাৰে সংপৃক্ত ভাৱৰ প্ৰয়োজনাধিক ব্যৱহাৰৰ বাবেও বক্তব্যৰ অস্পষ্টতা মাজে সময়ে পৰিলক্ষিত হৈছে।উপন্যাসখনৰ শেষৰ দুটামান অধ্যায়ত পৰিণতিৰ দিশলৈ যোৱাৰ খৰখেদাৰে উপন্যাসিকে সৃষ্টি কৰা অতি-নাটকীয় চিকুৱেঞ্চ বা পৰিৱেশৰ বাবেও কাহিনীৰ পৰিঘটনাত কিছু অস্বাভাৱিকতাই দেখা নিদিয়াকৈ থকা নাই।এনেধৰণৰ সৰু-সুৰা খুতি-নাটি থকা স্বত্বেও কিন্তু  এই কথা অৱশ্যেই  স্বীকাৰ কৰিব লাগিব যে উপন্যাসিকে অত্যন্ত সাহসিকতাৰে আমাৰ সমাজৰ প্ৰচলিত ধৰ্ম,সংস্কাৰ,আভিজাত্য আদিৰ আঁৰত সকলোৰে অলক্ষিতে ঘটি থকা পাপ আৰু স্খলনৰ বাস্তৱ ছবি উপন্যাসখনত অংকণ কৰিবলৈ চেষ্টা কৰিছে।তাৰ লগে লগে সকলো সাম্প্ৰদায়িক চেতনাৰ উৰ্দ্ধত  অত্যন্ত সংবেদনশীলতাৰে সৈতে উপন্যাসখনত প্ৰতিফলিত কৰা হৈছে এচাম খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম আৰু পংকিলতাৰে পূৰ্ণ জীৱনৰ বাস্তৱ আৰু হৃদয়স্পৰ্শী কাহিনী।

(সমাপ্ত)

 




      
       
       
        





      


     


              
   
          



         




          




 

  
            


       


              
      





          

Tuesday, May 25, 2021

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত
                                                 -বীৰ্কে বি.থাপা

      আমাৰ দৰে হয়তো আৰু বহুতৰ বাবেই কৈশোৰ আৰু যৌৱনৰ দিনবোৰত হোমেন বৰগোহাঞিদেৱৰ  ৰচনা আছিল অফুৰন্ত প্ৰেৰণাস্বৰূপ।জীৱনটোক সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিবলৈ শিকাইছিল তেখেতৰ ৰচনাসমূহে।ঢকুৱাখানা,মাহমৰাৰ দৰে গাঁৱৰ গাৱঁলীয়া জীৱনৰ পৰা আৰম্ভ কৰি চহৰৰ মধ্যবিত্তীয় জীৱনৰ দ্বন্দ্ব-সংঘাতলৈ,কাৰখানাৰ শ্ৰমিক, ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি বেশ্যালয়ৰ পংকিলতাৰে পূৰ্ণ জীৱনলৈ,শিক্ষক-সাংবাদিকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ জীৱনলৈকে -সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ বাহ্যিক আৰু অন্তৰ্জগতৰ বাস্তৱ  চিত্ৰ অসাধাৰণ গদ্য শৈলীৰে অংকন কৰা হোমেন বৰগোহাঞি প্ৰকৃততেই এগৰাকী অনন্য আৰু অদ্বিতীয় লেখক।তেখেতেই সম্ভৱ অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী লেখক যি বিশ্বৰ খ্যাতনামা লেখক-সাহিত্যিক,শিল্পী, দাৰ্শনিক, মনোবিজ্ঞানী,ৰাজনীতিবিদ,অৰ্থনীতিবিদ, ক্ৰীড়াবিদ, উদ্যোগপতি,স্থাপত্যবিদ আদিৰ জীৱনচৰ্যা,আদৰ্শ,কৃচ্ছসাধনা আদিৰ সম্পৰ্কত বিশালায়তনত লেখা-মেলা কৰি অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল।তেখেতেই হয়তো একমাত্ৰ এনে এগৰাকী লেখক যাৰ অসাধাৰণ গদ্যশৈলীত মুগ্ধ এচাম পাঠকে তেখেতৰ পৰাই শিকিছিল সেই কৌশল যি কৌশলেৰে জীৱনত জীয়াই থাকিব পাৰি, জীৱনক ভাল পাব পাৰি। তেখেতৰ ৰচনাই পাঠকক শিকায় -কেনেকৈ অন্তৰ্মুখী চেতনাৰে আমি নিজৰ আত্মাক অন্বেষণ কৰিব লাগে, চেতনাৰ অতল তলিত লুকাই থকা সত্যক আৱিস্কাৰ কৰিব লাগে,কেনেকৈ বিবেকৰ নিৰ্দেশ পালন কৰি পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰিব লাগে। জীৱনৰ কঠোৰ বাস্তৱক সহজভাৱে স্বীকাৰ কৰি,অপ্ৰাপ্তিৰ বেদনাই দিয়া 'নিগেটিভেটি'ৰ মাজতো প্ৰাপ্তিৰ আনন্দ বুটলিবলৈ আমাক শিকায় হোমেন বৰগোহাঞিৰ ৰচনাই। অসমীয়া সাহিত্যত মনস্তাত্বিক বিশ্লেষণৰ এটা নতুন ধাৰা প্রবৰ্তনৰ ক্ষেত্ৰতো তেখেতক অন্যতম  এগৰাকী  শক্তিশালী বাটকটীয়া বুলি গণ্য কৰিব পাৰি।
     বহুকেইটা গল্প  আৰু উপন্যাসত বৰ্ণিত 'বাপুকণ" ৰ দৰে চৰিত্ৰৰ মাজেৰে তেখেতে নিজৰ শৈশৱ আৰু কৈশোৰৰ  চিত্ৰ অংকণ কৰিছে। দেউতাকৰ কিতাপৰ আলমাৰীৰ পৰা এখন-দুখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰা বৰগোহাঞিদেৱে সৰুৰে পৰাই কিতাপৰ ৰহস্যময় পৃথিৱীত বিচৰণ কৰাৰ দৰে অসাধাৰণ অভিজ্ঞতা লাভ কৰিছিল।অকল কিতাপেই নহয়,
শৈশৱৰ ধাননি পথাৰ,বোকা মাটি,চাৰিকঢ়ীয়াৰ নৈ,খাল-বিল-পুখুৰী,সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ৰঙা ৰ'দ,বৰষুণ আদিয়েও তেখেতৰ মন পুলকিত কৰিছিল।সৰুৰে পৰাই তেখেত আছিল শান্ত আৰু অন্তৰ্মুখী স্বভাৱৰ।
     ঢকুৱাখানাৰ পৰা তেখেতৰ যাত্ৰা গুৱাহাটীলৈ।মনত প্রবল ইচ্ছা কটন কলেজত পঢ়াৰ।ইচ্ছা গুৱাহাটী মহানগৰখন হেপাহ পলুৱাই চোৱাৰ।গুৱাহাটীলৈ গৈ তেখেতে মনৰ হেপাহ পলুৱাই চালে মহানগৰৰ সৌন্দৰ্য।এই সৌন্দৰ্যৰ লগে লগে তেখেতে  মহানগৰৰ অলিয়ে-গলিয়ে সোমাই জন্তু-জানোৱাৰৰ দৰে বাস কৰা মানুহৰ,টকাৰ বাবে নিজৰ দেহা বিক্ৰী কৰা বেশ্যাবোৰৰ পংকিলতাৰে পূৰ্ণ জীৱনো প্ৰত্যক্ষ কৰিলে।
     1932 চনত  লক্ষীমপুৰৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বৰগোহাঞিদেৱ তেখেতৰ গোটেই  শৈশৱ কালছোৱাতে মেলেৰিয়া বেমাৰত ভূগি তেনেই নিশকটীয়া হৈ পৰিছিল।সেই নিশকটীয়া শৰীৰটোৰেই  কটন কলেজলৈ অধ্যয়ন কৰিবলৈ গৈ এদিন কোনোবা এগৰাকী গাভৰুৰ সৌন্দৰ্যত এক মুহূৰ্তৰ বাবে আশ্বৰ্যচকিত হৈ,হোষ্টেলৰ ৰূমলৈ উভতি আহি আৰ্চিত নিজৰ কুৎসিত মুখলৈ চাই প্ৰবল নীচাত্মিকাবোধত পৰা আৰু এখন্তেকৰ বাবে আত্মহত্যা পৰ্যন্ত কৰিব বিচৰা ঘটনাৰ পৰা আৰম্ভ কৰি 'এপিটাফ'ৰ দৰে চাঞ্চল্যকৰ গল্প লিখি তুমুল আলোড়ণৰ সৃষ্টি কৰি হোষ্টেল এৰিবলগীয়া হোৱা ঘটনালৈকে আৰু তাৰ পাছত এম,এ,পঢ়াৰ উদ্দেশ্যে কলিকতালৈ যাবলৈ ওলোৱা,দুৰ্ভাগ্যক্ৰমে বানপানীৰ বাবে ৰেলপথ-যোগাযোগ ব্যৱস্থা সকলো বন্ধ হৈ যোৱাত উচ্চ শিক্ষাৰ সপোন সিমানতে সমাপ্ত কৰা,ঘৰৰ পৰা পঠিওৱা সমস্ত টকা জুৱা খেল খেলি শেষ কৰা আদিলৈকে  গুৱাহাটীত থকা কালৰ সমস্ত ঘটনা তেখেতে পৰৱৰ্তী কালত লিখা  'আত্মানুসন্ধান'ত উল্লেখ কৰিছে।
       কলিকতাত এম এ পঢ়া সপোন সিমানতে অন্ত পৰাত তেখেত প্ৰশাসনীয় সেৱাৰ চাকৰিত অৱতীৰ্ণ হয়  আৰু মাজুলীৰ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 1955 চনৰ পৰা উপ প্ৰতি সমাহৰ্তা  হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে।
কিন্তু তাতো তেখেত সুখী হ'ব নোৱাৰিলে।কাৰণ,এছ,ডি,চি  হিচাপে চাকৰি কৰি থকা কালত দাৰিদ্ৰ্যৰ ভয়ংকৰ ৰূপৰ লগে লগে তেখেতে প্ৰশাসন যন্ত্ৰৰ যি দানৱীয় ৰূপ আৰু ৰাজনীতিৰ যি শোষণকাৰী  ৰূপ দেখিছিল, সিয়েই তেখেতক প্ৰথমবাৰৰ বাবে মাৰ্ক্সবাদ সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু চৰকাৰী উচ্চপদস্থ বিষয়াসকলে চলাই থকা ব্যাপক কেলেংকাৰীৰ   বিৰুদ্ধে অকলে যুঁজ দিয়াৰ ক্ষমতা  তেখেতৰ নাছিল।সেই সময়ছোৱাতে তেখেতে লিখিছিল-' বিভিন্ন নৰক '  নামৰ কিতাপখন।কিতাপখনে তুমুল বিতৰ্কৰ সৃষ্টি কৰাত আৰু তেনে এক পৰিস্থিতিত তেখেতৰ চাকৰি যে আৰু নৰ'বগৈ সেই কথাৰ পূৰ্বানুমান কৰিয়েই তেখেতে প্ৰশাসনীয় বিষয়াৰ চাকৰি ইস্তফা  দিবলৈ বাধ্য হৈছিল।পৰৱৰ্তী কালত তেখেতে ৰাজনৈতিক ভণ্ডামীৰ চিত্ৰ 'কুশীলৱ 'আৰু 'তিমিৰ তীৰ্থ ' ৰ দৰে ৰাজনৈতিক উপন্যাসত অংকন কৰিছিল।
      প্রশাসনীয় বিষয়াৰ চাকৰি ত্যাগ কৰাৰ পাছত হোমেন বৰগোহাঞিদেৱে 1968 চনৰ পৰা 'নীলাচল 'কাকতৰ জৰিয়তে প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে।1977 চনলৈকে তেখেতে 'নীলাচল'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আৰু কেইবাখনো বাতৰি কাকত -আলোচনীৰ সম্পাদনা কৰে।যেনে-'লোকায়ত','সমকাল' 'সূত্ৰধাৰ','কিশোৰ', 'অসম বাণী','আমাৰ অসম' 'দৈনিক বাতৰি', 'সাতসৰী', 'নিয়মীয়া বাৰ্তা' আদি। উল্লেখযোগ্য যে 2015 চনত তেখেতে 'নিয়মীয়া বাৰ্তা' কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আৰু মৃত্যু পৰ্যন্ত এই দায়িত্বতে আছিল।নিজৰ সাংবাদিক জীৱনৰ সুদীৰ্ঘ পথ-পৰিক্ৰমাৰ বিভিন্ন ঘটনা,প্ৰত্যাহ্বান আৰু বিৰল অভিজ্ঞতাৰে লিখা তেখেতৰ  'মোৰ সাংবাদিক জীৱন ' আৰু 'আশীৰ দশকৰ দস্তাবেজ' শীৰ্ষক গ্ৰন্থদুখন অতি উল্লেখযোগ্য গ্ৰন্থ। সমসাময়িক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা দৃষ্টিভংগীসমূহে বহু সময়ত বিতৰ্কৰ সূত্ৰপাত ঘটালেও এই কথা সত্য যে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা লেখনিসমূহত তেখেতৰ চিন্তা আৰু যুক্তিৰ গভীৰতা, বিশ্লেষণৰ পাৰদৰ্শিতা আৰু দূৰদৰ্শী মনৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
      সাংবাদিকতাৰ লগে লগে হোমেন বৰগোহাঞিদেৱে দেশী-বিদেশী সাহিত্যৰ অধ্যয়ন তথা সাহিত্য-চৰ্চাও সমানে চলাই গৈছিল। তেখেতে লিখা প্ৰথমখন উপন্যাস আছিল ‘সুবালা’।বেশ্যালয়ৰ এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচিত এই উপন্যাসখন।তাৰ পাছত তেখেতে পিতা-পুত্র, হালধীয়া চৰায়ে বাওধান খায়,সাউদৰ পুতেকে নাও মেলি যায়, মৎস্যগন্ধা, অস্তৰাগ,তান্ত্ৰিক আদি কেইবাখনো উপন্যাস ৰচনা কৰিছিল।এই সমূহ উপন্যাসৰ মাজেৰে তেখেতে ক্ৰমান্বয়ে মূল্যবোধৰ দ্বন্দ্ব, মহাজনী শোষণ,জাত -পাতৰ ভেদাভেদ, বাৰ্ধক্য জীৱনৰ অভিশাপ আদি বিভিন্ন বিষয় চিত্ৰিত কৰিছে।তেখেতৰ গল্প আৰু একমাত্ৰ কবিতা পুথি ‘হৈমন্তী 'ৰ কবিতাসমূহতো অনুৰূপ চিত্ৰ দেখিবলৈ পোৱা যায়।
       সেইদৰে মানুহৰ জীৱনৰ চিৰন্তন ৰহস্যই তেখেতৰ প্ৰায়বোৰ গল্প-উপন্যাস আৰু ৰচনাৰ প্রধান বিষয় হিচাপে ধৰা দিছে।'জীৱনৰ সাধনা', 'প্ৰজ্ঞাৰ সাধনা ', 'আনন্দ আৰু বেদনাৰ সন্ধানত' , 'সুখ দুখ ', 'আত্মদিপো ভৱ: ' , 'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস' ,' জীৱনৰ মধুৰতম সময় ' , 'বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি' , 'বিষন্নতা' , 'স্বৰ্গ আৰু নৰক', 'আত্মানুসন্ধান' 'ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা' , 'হৃদয়ৰ মানচিত্ৰ ' আদি গ্ৰন্থত তেখেতে আনাটোল ফ্ৰাঁ,এইচ জি ওৱেলছ,ৰবাৰ্ট লিণ্ড, হ'লডেন, কাজানৎজাকিচ, ছেমুৱেল বেকেট,বাৰ্ট্ৰাণ্ড ৰাছেল,যোচেফ কনৰাড,দেনিচ দিদেৰো, ৰুচ্যো, ভল্টেয়ৰ, ওপেনহাইমাৰ, ছেমুৱেল স্মাইলছ,চিগমণ্ড ফ্ৰয়দ,জৰ্জ লুই বৰ্ঝেছ,গ্যেটে,ডাগ হেমাৰশ্বল্ড আদিৰ দৰে অলেখ বিশ্ববিশ্ৰুত ব্যক্তিৰ চিন্তা আৰু দৰ্শনৰ মাজেৰে জীৱন আৰু জগতক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে।মানৱ জীৱনৰ চিৰন্তন ৰহস্য দুখ-যন্ত্ৰণা,নি:সংগতা আদিৰ লগে-লগে তেখেতে  'অস্তৰাগ'নামৰ উপন্যাসখনত মানৱ জীৱনৰ চৰম ট্ৰেজেদী বাৰ্ধক্য কালৰো অত্যন্ত কৰুণ আৰু হৃদয়স্পৰ্শী চিত্ৰ অংকণ কৰিছে।
      সেইদৰে বৰগোহাঞিদেৱে তেখেতৰ ' আত্মানুসন্ধান', 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ', 'ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত)' আদি আত্মজীৱনীমূলক গ্ৰন্থত  বিভিন্ন ঘটনা-পৰিঘটনা আৰু অভিজ্ঞতাৰ মাজেৰে এক অন্তৰ্মুখী চেতনাৰে নিজৰ জীৱনটোক নিৰীক্ষণ কৰিছে।জীৱনৰ অলেখ ঘাত-প্ৰতিঘাতৰ মাজতো নিৰাশগ্ৰস্ত নহৈ আনন্দেৰে জীৱনত জীয়াই থকাৰ কৌশল তেখেতে শিকিছে।(উল্লেখযোগ্য যে 1958 চনত তেখেতে অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক বিয়া কৰাইছিল যদিও এই সম্পর্ক স্থায়ী হোৱা নাছিল।দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ এখন উপন্যাসো লিখিছিল। )
     পৃথিৱীৰ বিভিন্ন সভ্যতা-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ কাহিনীয়ে তেখেতক যথেষ্ট অনুপ্ৰাণিত কৰিছে।এই সভ্যতাসমূহৰ উত্থানৰ অন্তৰালত থকা মানুহৰ অসীম কষ্ট,আহোপুৰুষাৰ্থ আৰু কৃচ্ছসাধনাৰ বিষয়ে তেখেতে বিস্তৃতভাৱে
' আধুনিক যুগৰ জন্ম কাহিনী','মানুহ হোৱাৰ গৌৰৱ','ডাৰউইন','মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ',
'অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ' আদি গ্ৰন্থত।
      ফৰাচী বিপ্লৱৰ অন্যতম বাটকটীয়া ৰুচ্যো আৰু  ভল্টেয়ৰ,বিশ্বশান্তিৰ প্ৰবক্তা বাৰ্ট্ৰণ্ড ৰাছেল আদিৰ দৰে ব্যক্তিৰ কৰ্ম আৰু আদৰ্শৰে উদ্বুদ্ধ বৰগোহাঞিদেৱৰ ৰচনাত এইসকল ব্যক্তিৰ নাম বাৰে বাৰে উল্লেখ হোৱা পৰিলক্ষিত হয়।ফৰাচী দাৰ্শনিক ভল্টেয়ৰে তেওঁৰ আশীবছৰ বয়সতো তেনেই দুৰ্বল,ক্ষীন আৰু নিশকটীয়া দেহাৰে ফৰাচী অভিধানৰ প্ৰাৰম্ভিক বৰ্ণৰ সমস্ত শব্দ-অৰ্থ  লিখাৰ দায়িত্ব অকলেই কান্ধ পাতি লোৱাৰ দৰে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ প্ৰায় উনসত্তৰ-সত্তৰ বছৰ বয়সত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈয়ে অসমীয়া ভাষাৰ বিশ্বকোষ প্ৰণয়নৰ দৰে গুৰু দায়িত্ব কান্ধ পাতি লৈছিল। বিশ্বকোষ প্ৰণয়ন যে সমগ্ৰ অসমৰে এটা জাতীয় দায়িত্ব -এই কথা অসমীয়া ৰাইজক অনুধাৱন কৰাবলৈ তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল। ৰাইজৰ পৰা সংগৃহীত ধনেৰে তেখেতে বিশ্বকোষ পুঁজি গঠন কৰিছিল আৰু আশাসুধীয়া প্ৰচেষ্টাৰে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছিল।
      প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলে 'সুস্থ দেহত সুস্থ মন' বোলা আপ্তবাক্যত বিশ্বাস ৰাখিছিল আৰু স্বাস্থ্যৰ যত্ন লৈছিল।বৰগোহাঞিদেৱেও  তেখেতৰ জীৱনত যথেষ্ট গুৰুত্ব দিয়া এটা বিষয় আছিল স্বাস্থ্যৰ যত্ন।তেখেতে বিশ্বাস কৰিছিল যে সুস্থ স্বাস্থ্যৰ ওপৰতে প্ৰকৃততে মানুহৰ জীৱনৰ সুখ বা আনন্দ নিৰ্ভৰ কৰে।শৈশৱতে প্ৰচণ্ড মেলেৰীয়াত ভূগি নিশকটীয়া হৈ পৰা বৰগোহাঞিদেৱক যি এক নীচাত্মিকাবোধে তিলতিলকৈ খুলি খুলি খাইছিল সেই নীচাত্মিকাবোধৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় আছিল স্বাস্থ্যৰ যত্ন।কিতাপৰ পৃথিৱীত সোমাই পিতপিতকৈ তেখেতে সন্ধান কৰিছিল-জীৱনত আনন্দেৰে জীয়াই থকাৰ মন্ত্র।বিশ্বৰ মহান মনিষীসকলৰ জীৱন-দৰ্শন,মনস্তাত্বিক দৃষ্টিভংগী আদিৰে তেখেতে জীৱনটোক যাপন কৰিবৰ বাবে প্ৰয়োজন হোৱা মানসিক খোৰাক গোটোৱাৰ লগে লগে দৈহিক স-স্বাস্থ্যৰ বাবে
ব্যায়াম-প্ৰাণায়াম,যোগ আদিৰ দৰে কথাবোৰতো অত্যন্ত গুৰুত্ব দিছিল।তেখেতে এই বিষয়ত ভালেমান ৰচনা আৰু 'স্বাস্থ্যৰ সাধনা','শৰীৰ আৰু হৃদয়','কাম কৰাৰ আনন্দ' ,'সুস্থ দেহত সুস্থ মন' আদিৰ দৰে গ্ৰন্থও ৰচনা কৰিছে।
      তেখেতৰ দৃষ্টিত মানুহ জীয়াই থাকে কৰ্মেৰে।আৰু তেখেতৰ কৰ্মই হৈছে লেখা।নিলিখাকৈ তেখেত থাকিব নোৱাৰে। অসমীয়া সাহিত্যলৈ যুগুৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা,অসম উপত্যকা সাহিত্য বঁটা,সাহিত্য একাডেমি বঁটা তথা সংবাদ জগতলৈ যুগুৱা অৱদানৰ বাবে অসম সাহিত্য সভাৰ দ্বাৰা 'লক্ষ্মীনাথ ফুকন বঁটা', 'জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা',সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা 2019 চনত 'জীৱনজোৰা সাধনা বঁটা' আদিৰে সন্মানিত কৰা হৈছিল।তাৰোপৰি অসমৰ ৰাইজে তেখেতক দুবাৰকৈ  অসম সাহিত্য সভাৰ সভাপতি হিচাপেও বৰণ কৰিছিল।কিন্তু তেখেতে নিজে উল্লেখ কৰা মতে, মান-যশ,সন্মান লাভৰ আশাৰে তেখেতে কেতিয়াও নিলিখে।'গদ্যৰ সাধনা'(পাঠকৰ টোকাবহী) শীৰ্ষক লেখাটিত তেখেতে লিখিছে-'মই কিয় লিখোঁ-এই প্ৰশ্নৰ উত্তৰত অতি অকপটভাৱে মই কেৱল এই কথাই ক'ব পাৰোঁ যে মই লিখোঁ,কাৰণ একমাত্ৰ  লেখাৰ সময়তে মই জীৱনটো নিবিড়ভাৱে যাপন কৰাৰ অভিজ্ঞতা লাভ কৰোঁ।জীৱনৰ বাস্তৱ অভিজ্ঞতাবোৰ বেছিভাগ সময়তেই ইমান দ্ৰুতগতিৰে আৰু ইমান বিশৃংখলভাৱে ঘটে যে আমি সেইবোৰৰ আচল তাৎপৰ্য  উপলদ্ধি কৰিবলৈ পোৱাৰ আগতেই সেইবোৰ কেৱল অতীত স্মৃতিত পৰিণত হয়।কিন্তু কলাৰ মাজত আমি এই গোটেইবোৰ অভিজ্ঞতাকে পুনৰ যাপন কৰিব পাৰো।আমি সেইবোৰৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ।'
     লেখাটো তেখেতৰ বাবে এটা খেলা।তেখেতৰ মতে,শব্দৰ ৰহস্যই তেখেতক আজীৱন আৱিষ্ট কৰি ৰাখিছে।তেখেতৰ মতে,লেখকৰ এটা সাধাৰণ সংজ্ঞা হ'ল এয়ে যে যি মানুহে বাক্য গঠন কৰিব পাৰে আৰু তাকে কৰি আনন্দ লাভ কৰে তেওঁকেই লেখক বুলি কোৱা হয়।কিন্তু বাক্য গঠন কৰা কাম সহজ নহয়।ক'বলৈ গ'লে ই পৃথিৱীৰ আটাইতকৈ কঠিন কামবোৰৰ ভিতৰত এটা। সাহিত্য সৃষ্টিৰ বাবে সেয়ে তেখেতে গদ্যৰ সাধনাত সদায়ে অত্যাধিক গুৰুত্ব দিয়ে।তেখেতৰ মতে,উৎকৃষ্ট গদ্য ৰচনা অতিশয় পৰিশ্ৰম সাপেক্ষ কাম।দীর্ঘদিনৰ অনুশীলন ব্যতিৰেকে কোনেও ভাল গদ্য লিখিব নোৱাৰে।....ভাল গদ্য নিৰ্মানৰ দক্ষতা আয়ত্ব কৰিব নোৱাৰালৈকে কেতিয়াও ভাল সাহিত্য সৃষ্টি হ'ব নোৱাৰে।(কেনেকৈ লিখা উচিত? )
      তেখেতৰ মতে,গদ্যৰ সাধনা কেৱল ব্যক্তিবিশেষৰে সাধনাই নহয়,বৰঞ্চ একো একোটা সভ্যতাৰো সাধনা।কাৰণ,গেলিলিও আৰু নিউটনৰ যুগান্তকাৰী আৱিস্কাৰসমূহে আধুনিক বৈজ্ঞানিক যুগৰ সূচনা কৰাৰ লগে নতু নতুন দাৰ্শনিক আৰু বৈজ্ঞানিক তত্ববোৰ অৰ্থৰ বিকৃতি নঘটাকৈ সৰ্বসাধাৰণ লোকৰ মাজলৈ নিবৰ বাবে প্ৰয়োজন হোৱা গদ্য-ৰীতিটো আছিল এয়ে টে গদ্য হ'ব লাগিব স্পষ্ট,সৰল আৰু বাহুল্য-বৰ্জিত।এই নতুন গদ্য-ৰীতি  নিৰ্মানৰ প্ৰচেষ্টাতে ফৰাচীসকলে কঠোৰ শ্ৰম কৰি গৈছিল আৰু অৱশেষত তেওঁলেকে যি গদ্য-ৰীতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল সেই গদ্য-ৰীতিৰ বাবেই সুদীৰ্ঘ প্ৰায় তিনিশ বছৰ ধৰি ফৰাচী ভাষা  ইউৰোপীয় মনিষীসকলৰ জ্ঞানচৰ্চা আৰু ভাৱ বিনিময়ৰ প্ৰধান মাধ্যম হৈ আছিল।
       গদ্যৰ সাধক হোমেন বৰগোহাঞিদেৱে  লিখিছিল-' মই গোটেই জীৱন ধৰি এটা মাত্ৰ সাধনাই কৰিছোঁ,সেইটো হৈছে মোৰ মনোমত এটা গদ্য-ৰীতি নিৰ্মানৰ সাধনা।গদ্যৰ সাধনা মোৰ কাৰণে জীৱনৰেই সাধনা,কাৰণ গদ্যৰ সাধনাই মোক পৰিশ্ৰমী,নিয়মানুৱৰ্তী আৰু কষ্ট-সহিষ্ণু হ'বলৈ শিকাইছে।গদ্যৰ সাধনাই মোক বিনয়ী হ'বলৈকো শিকাইছে,কাৰণ শব্দবোৰৰ লগত অবিৰাম যুদ্ধ কৰি কৰি মই আৱিস্কাৰ কৰিছোঁ মোৰ ক্ষুদ্ৰতা,দুৰ্বলতা আৰু অসমৰ্থতা।'
       ক'বলৈ গ'লে,বৰগোহাঞিদেৱে তেখেতৰ চমকপ্ৰদ গদ্য-শৈলী তথা গভীৰ মননশীল  আৰু প্ৰজ্ঞাদীপ্ত  লেখনিৰে পঞ্চাশৰ দশকৰ পৰা মৃত্যুৰ আগলৈকে ,এটা সুদীৰ্ঘ কাল অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যি এক 'বৌদ্ধিক বিপ্লৱ'ৰ সূচনা কৰি সমগ্ৰ জাতিটোকে সমৃদ্ধ কৰি গ'ল সেয়া কোনেও পাহৰিব নোৱাৰিব।(সমাপ্ত) 

Saturday, March 6, 2021

আঘোণৰ কবিতা

আঘোণৰ কবিতা
                                                                      বীৰ্কে বি. থাপা

     সম্প্ৰতি প্ৰকাশনৰ প্ৰস্তুতিত থকা 'আঘোণৰ পদ্যাৱলী' নামৰ কাব্য- সংকলনখনিত অসমৰ বিভিন্ন প্ৰান্তৰৰ নতুন প্ৰজন্মৰ প্ৰায় দুকুৰিৰো অধিক কবিৰ আঘোণ বিষয়ক কবিতা সন্নিৱিষ্ট হৈছে।অসমীয়া জনজীৱনত আঘোণ মাহৰ বিশেষত্ব এয়ে যে ই খেতিয়কৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে।আঘোণৰ পথাৰৰ সোনালী ধাননিত দাৱনীৰ হাঁহিৰ খিলখিলনি,কান্ধৰ বিৰিয়াত কঢ়িয়াই নিয়া ডাঙৰিৰ জিৰিক জিৰিক শব্দ আৰু সোনগুটি যেন ধানেৰে ভৰি পৰা ভঁৰালে হাজাৰ দুখৰ মাজতো খেতিয়কৰ মনলৈ যেন হেৰুৱা উৎসাহ পুনৰ ঘূৰাই আনে।প্রকৃতিৰ ঋতুচক্ৰত আঘোণ আহি প্ৰাচুৰ্যতাৰ প্ৰতীক ৰূপে ধৰা দিয়েহি।  

      অসমীয়া সাহিত্যত বহুকেইগৰাকী কবিয়ে আঘোণৰ চিত্ৰক অংকন কৰি কবিতা ৰচনা কৰা দেখা যায়।আঘোণক বিষয়বস্তু হিচাপে লৈ লিখা কবিতাসমূহত কেতিয়াবা যদি প্ৰকৃতিৰ চিত্ৰ অংকিত হৈছে,কেতিয়াবা আকৌ খেতিয়কৰ জীৱন সংগ্ৰামৰ কাহিনীও ব্যক্ত হৈছে।প্ৰতি বছৰে বানে সংহাৰ ৰূপ ধাৰণ কৰি খেতিপথাৰ সমুলি নষ্ট কৰা সত্বেও বানৰ সৈতে সংগ্ৰাম কৰি কৰিও খেতিয়কে শাওনৰ প্ৰসৰ ৰ'দত হাল বাই,কোৰ মাৰি খেতি কৰে।আশাৰে বাট চাই থাকে আঘোণত ধান পকালৈ।আঘোণৰ পথাৰ ধানেৰে উপচি পৰাৰ লগে লগে খেতিয়কৰ মুখত হাঁহি বিৰিঙি উঠে,সপোনে সাৰ পায়।

        আলোচ্য কাব্যসংকলনখনিত সন্নিৱিষ্ট হোৱা আঘোণ বিষয়ক  কবিতাসমূহৰ ভিতৰত সৰ্বপ্ৰথমে উল্লেখ কৰিব পাৰি  কবি পুণ্য শইকীয়াছাৰৰ 'পথাৰ' শীৰ্ষক কবিতাটি।তাহানি 'অগ্রদূত' কাকতত  'নেপথ্যৰ গুণগুণনি' শীৰ্ষক  এলানি ব্যংগ ৰচনা লিখি পাঠক সমাজত জনপ্ৰিয় হৈ পৰা শইকীয়াছাৰৰ লেখনশৈলীত এটা নিজস্ব  ঠাঁচ বা ষ্টাইল আছে।এই নিজস্ব ঠাঁচ বা ষ্টাইলেৰে তেখেতে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰ অংকন কৰি বহুকেইটা কবিতা লিখিছে। আলোচিত কবিতাটিতো দেখা যায়, তেখেতে অসমীয়া  গ্ৰাম্য সমাজত প্ৰচলিত আৰু বৰ্তমানে প্ৰায় হেৰাই যোৱা মাত-কথাৰ স্বকীয় ঠাঁচেৰে আঘোণৰ দিনবোৰক সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিছে।আঘোণৰ ৰ'দত কোনোবা ডেকাই বিৰিয়া মাৰিৰে পথাৰৰ পৰা ডাঙৰি কঢ়িওৱা দৃশ্যক বৰ্ণনা কৰি তেখেতে লিখিছে-'দেওবৰৰ কান্ধত নাচে ছথৰীয়া ডাঙৰিৰ লেছেক লেছেক '।সেইদৰে পানধোৱা পথাৰত কুকৈয়ে চেঁচোৰ খন্দা,পুতৌৱে কুমলীয়া বাঁহৰ আগেৰে হোলধোপ সজা,মইনাই আনৰ মূৰত এগেৰুৱা গুটি মৰা,মলখুৰ গভাইত চেঁউৰীজনীয়ে ধানৰ মুঠিত মুখ দিয়া,লখিমী আদৰাৰ দিনা চেনিমাইৰ জীয়েকৰ দাম বাঢ়ি যোৱা দৃশ্যবোৰেও  আঘোন মহীয়া গাঁৱৰ  চিত্ৰক সুন্দৰভাৱে অংকন কৰিছে।অকল সেয়ে নহয়,কবিতাটিৰ মাজেৰে কবিয়ে আঘোণৰ  নৈসৰ্গিক চিত্ৰ অংকন কৰাৰ উপৰিও  আঘোণে কঢ়িয়াই অনা আশা আৰু সপোনকো সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে-

দাৱনীৰ লাৱনি কাঁচিয়ে অৱজ্ঞাৰে এৰি যোৱা
ঠেৰুছিগা এথোক দুথোক ধানৰ লেছেৰি বুটলি
কণবাপু পিতিকণ মাইচেনা কণ আয়ে
উজাগৰে দেখে সামাজিক -কলেজ পঢ়াৰ
লেছেৰিৰ ধান বেচি দালান গঢ়াৰ...
     
     আধুনিক কবিতাৰ নিৰ্মান শৈলীত ইমেজ বা চিত্ৰকল্পৰ প্ৰয়োগ এক অতুলনীয় সংযোজন।বিংশ শতিকাৰ আৰম্ভণিতে টি.ই.হিউম, এজৰা পাউণ্ড, জেমচ জয়েচ আদিৰ দৰে কবিয়ে তেওঁলোকৰ কবিতাত পোনপ্ৰথম বাৰৰ বাবে চিত্ৰকল্পৰ প্ৰয়োগৰ জৰিয়তে পাশ্চাত্যৰ সাহিত্যত এক নতুন চিত্ৰকল্পবাদী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমীয়া কবিতাতো চল্লিশৰ দশকৰ পৰা  চিত্ৰকল্পৰ সমাহাৰেৰে সমৃদ্ধ কবিতা ৰচনাৰ ঢল বৈ আহে।সেই তেতিয়াৰে পৰা বৰ্তমানলৈকে কবিতাৰ নিৰ্মাণশৈলীত চিত্ৰকল্পৰ প্ৰয়োগ আৰু তাৰ জৰিয়তে কবিতাক অধিক ভাৱব্যঞ্জক কৰি তোলাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা চলি আহিছে।ক'বলৈ গ'লে,আশীৰ দশকৰ পৰা যিসকল কবিয়ে তেওঁলোকৰ কবিতাত চিত্ৰকল্পৰ প্ৰয়োগ সম্পৰ্কত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আহিছে সেই সকলৰ ভিতৰত  কবি মেঘালী ফুকনো অন্যতম।মেঘালী ফুকন অসমীয়া কাব্যজগতৰ এটা অতি সুপৰিচিত নাম।তেওঁৰ  কবিতাত অসমীয়া গ্ৰাম্য জীৱন আৰু নৈসৰ্গৰ চিত্ৰণ অলেখ চিত্ৰকল্পৰ মাজেৰে সজীৱ আৰু  বাংময় হৈ উঠিছে।

     মেঘালী ফুকনৰ কবিতাত সততে পৰিলক্ষিত হয় এক প্ৰকাৰৰ নৈসৰ্গিক অাকুলতা।এই নৈসর্গিক আকুলতাৰ বাবেই কবিয়ে শাওণৰ বৰষুণজাকৰ মায়াময় স্নিগ্ধতা,পলসুৱা পথাৰৰ বোকা -পানী-ঘাম,অাঘোণৰ পথাৰ,কেতেকী-কপৌ ফুলৰ সুবাস,ৰবাব টেঙাৰ গোন্ধ,সৰিয়হ ফুলৰ হালধীয়া ঢৌ,কাতিৰ নিহালিত শুই থকা দুখৰ ৰাতি ,হেমন্তৰ টোপ টোপ নিয়ৰৰ শব্দ অাদিৰ সৈতে একাত্ম হৈ প্ৰকৃতিক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে  অাৰু ঠিক যেন কবি জীৱনানন্দ দাশৰ দৰে নৈসৰ্গিক ৰং-ৰূপ-গন্ধক কবিতাৰ শব্দেৰে বাঙ্ময় কৰি তুলিবলৈ চেষ্টা কৰে। কবি মেঘালী ফুকনৰ কবিতাত আঘোণৰ চিত্ৰ অংকিত হৈছে এনেদৰে-

      জলকুঁৱৰীৰ চুলিটাৰিত শিপোৱা 
      সেউজীয়া গছজোপাই এতিয়া সোণবৰণীয়া   
      সাজ পিন্ধি
      হালিজালি ছটিয়াই গৈছে
      আঘোণৰ আমোলমোল গোন্ধ
      কুঁৱলীৰ মাজৰ বেলি ,ৰবাব টেঙাৰ গোন্ধ
      আৰু মায়াময় স্বচ্ছতাৰ নিয়ঁৰৰ গোন্ধেৰে    
      তোলপাৰ বুকুখনত 
      বিয়পি পৰিছে আঘোণৰ
      দীঘল সুহুৰি
      আ: কেচবচা ৰ'দৰ আঁচল ধৰি 
      আঘোণে
      সুহুৰিয়াই মাতিছে মোৰ ল'ৰালি (আঘোণ)।

     নতুন প্ৰজন্মৰ কবিসকলৰ কবিতাতো এই নৈসৰ্গিক আকুলতা সততে পৰিলক্ষিত হয় । এই আকুলতাৰ বাবেই তেওঁলোকে চিনাকী পৃথিৱীখনক সূক্ষ্মভাৱে নিৰীক্ষণ কৰে আৰু বিভিন্ন উপমা-চিত্ৰকল্পৰ জৰিয়তে তাক অংকন কৰিবলৈ চেষ্টা কৰে।

     আলোচিত কাব্যসংকলনখনিত সন্নিৱিষ্টি বহুকেইগৰাকী নতুন প্রজন্মৰ কবিৰ কবিতাত শৈল্পিক নিৰ্মানশৈলী, শব্দচয়ন আৰু বাক্যবিন্যাসৰ দোষ-ত্ৰুটি, অগভীৰ ভাৱ-বিষয়বস্তু আদি  দৃষ্টিগোচৰ হৈছে যদিও আমি এনে কবিও পাইছোঁ যিসকলৰ কবিতাত সুন্দৰ নিৰ্মানশৈলীৰ লগতে বিষয়বস্তুৰ নতুনত্ব তথা গভীৰতাও আছে। আঘোণৰ নৈসৰ্গিক দৃশ্য অংকনৰ বেলিকা কাব্য সংকলনখনিত প্ৰকাশিত ঋতুবাস্তৱ হাজৰিকাৰ 'আঘোণ' শীৰ্ষক কবিতাটি এটি মনোৰম সৃষ্টি বুলি ক'ব পাৰি।কবিয়ে আঘোণৰ চিত্ৰ অংকন কৰিছে এনেদৰে-

      কুঁৱলীৰ চাদৰে ঢাকিছে
      আঘোণৰ সোণগুটি উপচা পথাৰ
      দাৱনীৰ মূৰত পকা বেলি
      হাতত শাণিত কাঁচি
      বতাহত নৰাপেঁপাৰ উন্মাদ উকি

      বেলি উঠি মাজ পাওঁতে
      ৰবাবৰ গোন্ধ এটা বতাহত দৌৰিছে
      অৰুণিমাৰ দুগালত যেন দুসোঁতা তেজ 
      জমিছে

       তৰাপঘা পকাই পিতায়ো আহিছে
       বিৰিয়া দোঁ খুৱাই ধানে নাচিছে

       ক'ৰ টিলাত পকিছে বালিয়া বগৰী
       সোঁৱৰণিৰ সাঁকোৰে উভতি পাৰি দিম
       আঘোণৰ পথাৰলৈ আহ

     সেইদৰে প্ৰগতি শইকীয়াৰ 'আঘোণৰ পথাৰত হাঁহিৰ খলকনি' শীৰ্ষক কবিতাটিতো  জহা, বৰা, চন্দনচম্পা,শিয়াল শালিৰ মেটমৰা সোণগুটিৰ গোন্ধে আমোলমোল ভৰুণ পথাৰখনলৈ নামি অহা আঘোণৰ চিত্ৰ অংকিত হৈছে।চিত্রকল্পৰ সুন্দৰ প্ৰয়োগেও  কবিতাটিক ব্যঞ্জনাপূৰ্ণ কৰি তুলিছে-

        সোণপৰুৱাৰ ফোঁটৰ দৰে জিলিকিছে 
        গাভৰু বোৱাৰীৰ হাঁহি
        মুঠি মুঠি হেঁপাহে বাহ সাজিছে 
        উঠন ডেকাৰ বহল বুকুত

     অসমীয়া কাব্যজগতৰ এগৰাকী বিশিষ্ট কবি ছৈখোৱাৰ প্ৰণতি বৰুৱাৰ 'আঘোণৰ দিনবোৰ ' শীৰ্ষক কবিতাটিত আঘোণক যেন কবিয়ে চকু,কান,নাক,জিভা আৰু ছাল -এই পাঁচোটা ইন্দ্ৰিয়ৰে অনুভৱ কৰিবলৈ চেষ্টা কৰিছে।দৰ্শনেন্দ্ৰিয়ৰে কবিয়ে দেখিছে- আঘোণে যেন  দুচকুত আঁৰি দিছে এখন সোণ হালধীয়া ছবি,শ্ৰৱনেন্দ্ৰিয়ৰে তেওঁ শুনা পাইছে  সোণালী ধানে যেন বিৰিয়াত উঠি সমস্বৰে গাইছে জিৰ্ জিৰ্ গান,ঘ্ৰাণেন্দ্ৰিয়ৰে গোন্ধ পাইছে আঘোণৰ বতাহজাকে কাষ চপাই অনা ক'লা জহা মাণিকী মধুৰীৰ বিধে বিধে সুগন্ধি ,স্বাদেন্দ্ৰিয়ৰে অনুভৱ কৰিছে কলপাতত ন-চাউল মুঠিৰ ভোগৰ জুতি আৰু স্পৰ্শেন্দ্ৰিয়ৰে যেন অনুভৱ কৰিছে ধানৰ মুঠি বন্ধা দাৱনীৰ দুহাতত ধান পাতৰ আঁচোৰে দিয়া যন্ত্ৰণা।
         
     আঘোণৰ নৈসৰ্গিক দৃশ্য অংকিত হোৱা আন কেইটামান মনোৰম স্তৱক-

(1)  আঘোণ,
       তোৰ পলসুৱা ৰ'দত পিয়াপি দি ফুৰিছে   
       সুমথিৰা-ফুলৰ ঘ্ৰাণ 
                            -  নিশিচন্দ্ৰা বৰুৱা( 'আঘোণ' )
  (2) দেওলগা দুপৰীয়াটো
        বুকুত পকিলেই
        মোৰ পথাৰত আঘোণ আহে ৷
                              -মিতালী গোস্বামী('আঘোণ')

     উদীয়মান কবি তৃপ্তি দাসৰ কবিতাত আঘোণ চিত্ৰিত হৈছে সকলো দুখ-ভাগৰ সামৰি থব পৰা এক অমোঘ শক্তিৰূপে।

        আঘোণে আমাৰ ওঁঠত 
       গুজি দিয়ে গান 
       পক ধৰা পথাৰে আদৰে 
        সুখৰ দিন 
        আইৰ  খৰ কাচিত 
        ডাঙৰ হয় ডাঙৰি 
        পাহুৱাল পিতাইৰ 
       কেঁকো - জেঁকো খোজৰ ছন্দত হেৰায় 
        হাড় ভগা শ্ৰমৰ বিষাদ গধুৰ কাহিনী
                                                        (আঘোণ)

     একেদৰে নৈসৰ্গিক চিত্ৰৰ লগতে আঘোণৰ প্ৰাচুৰ্যই কঢ়িয়াই অনা আশাবাদ চিত্ৰিত হোৱা আন কেইটামান কবিতাৰ মনোৰম স্তৱক হৈছে-

     (1) হাঁচতিত বোলাই ল'লোঁ
           সুমথিৰা বোল
           ৰিঙা পথাৰত নৰাৰ সুহুৰি
           আকৌ আহিবি আঘোণ..
                           -ড০ মীনা দেৱী বৰুৱা( 'হেঁপাহ')

     (2) ধানবোৰ পকিছে
          পোহৰক বাট দেখুওৱা
          গোন্ধ এটা ভাঁহি আহিছে
          জীৱনৰ গান হৈ...
          ধানৰ বুকুতে হালিছে গান
          গানৰ বুকুতে ধান 
                          - ভাৰতী চক্ৰৱৰ্তী ( 'ৰ'দ মুকুতা)'

   (3)  আঘোণৰ সোনালী হাঁহিত গুটি ধানৰ    
          জিলমিল
          বতাহত হালে-জালে আশাৰ এটি সুৰ হৈ
          গঞাৰ সন্ধিয়াবোৰ ওখল-মাখল 
                 -ৰিজুমণি শইকীয়া তামুলী( 'আঘোণ')

   (4)  কৈ কৈ নাভাগৰা সোণগুটি সোণামুৱা
          অ মোৰ আঘোণ
          তই বুকুৰ আগমঙহৰ জিউ জীয়নি দিয়া
          দুপাখি মেলা নীলিমাৰ মেঘমালাৰ সপোন
                          -  হিতেশ মেধি( 'মাটিমলা গান ')

  (5)  বৰ ভাল পাওঁ তোক আঘোণ
         কাৰণ ------
         আঘোণৰ লেচেৰি বুটলি
        শূন্য ভিক্ষাৰ পাত্ৰ লৈ ফুৰাজনেও পাব পাৰে 
         অন্ততঃ নিজৰ বুলি এসাঁজ ! 
                            -গৌৰী চুবেদাৰ বৰা( 'আঘোণ') 

  (6) পকা আঘোণতো থাকে প্ৰাপ্তিৰ সুখ 
        আৰু অপ্ৰাপ্তিৰ দুখ  
       - ৰূপজ্যোতি হাজৰিকা দত্ত('পকা আঘোণ')

  (7) লখিমী দাৱনিৰ লিহিৰীপতীয়া
        হাতৰ কাঁচিৰ আলিঙ্গনত
        সোনোৱালী ধানৰ থোকেৰে
        জীপাল হ'ব যোৱাতো বানত
        সৰ্বস্বান্ত হোৱা উদং ভৰালৰ বুকু।
              -সঞ্জীৱ কুমাৰ কুলি( 'ৰিঙিয়াই মাতিছে হেঁপাহৰ আঘোন ')

  (8) তোৰ ঐশ্বৰ্যশালী বুকুত গজা
        আমোলমোল সুবাসত
        পাহৰি যাওঁ অভাৱৰ যন্ত্ৰণা
       তোৰ সান্নিধ্যত বিচাৰি পাওঁ
        শৈশৱ -কৈশোৰৰ
        ভোগালীৰ ভোগজৰা
              -গীতাঞ্জলী কলিতা গগৈ( 'সুৱদী সুৱাগ সোনালী আঘোন')

 (9)  সকলোৰে হিয়াৰ আমঠু হৈ নামি আহে    
        আঘোণ
        হৈমন্তিক উচাহত মতলীয়া মোৰ সোণালী   
        আঘোণ
        সপোনৰ পিৰালিত দিঠকৰ নাচোন...
                                -মহৎ চন্দ্ৰ ৰায়( 'আঘোণ'

 (10) তুমি আহিলেই ভৰুণ হয় হৃদয়বোৰ
         ধানৰ ঠোক চুমি অহা বতাহজাকে
         মেৰিয়াই বান্ধে মোক
                           -ড: ৰুণজুন শইকীয়া('আঘোণ')

 (11) কাতি কঙালত 
         কিমান আৰু পেটত গামোচা বান্ধি ৰাখিম?
         ........ 
         তোমাৰ বিপুল সম্ভাৱনা সম্ভাৰেই 
         আমাৰ জীৱন
         সুখ-দুখৰ পথ
            -ৰতন বড়া(  'আঘোণলৈ লিখিমনে চিঠি')

(12)  আঘোণৰ বাবে সাঁচি থৈছো
         সাঁচীপতীয়া হেঁপাহ
         কবিতাৰ আকাশত ফুলিবহি
         খৰিকাজাই এপাহ'..
                         -মণিমালা বৰা( 'সোণালী স্তৱক)

(13)  বিৰিয়াত ওলমা মুঠিভৰা ডাঙৰিৰ
          ভৰত চৰে ভোকৰ জোখ ৷
          কামিহাড় বাগৰা বিষো সামকাটে
         এধানী দুখত এধানী সুখত ৷
                    -উজ্জ্বল স্মৰণ দত্ত(ৰ'দে খেদা বাট )

(14) তোৰ কাঁচিৰ চিকমিকনিত
         নতজানু ৰ'দৰ দুপৰীয়া
         লাহী আঙুলিত
         লেখহীন সপোনৰ অগাদেৱা
         কাৰ বিৰিয়াত নাচে
        তোৰ হেঁপাহৰ ভাৰ ছথৰীয়া....
                                      - মৃদুল দহোতীয়া (দাৱনী)


     ড০ দীপমণি দাসৰ 'আঘোণৰ কবিতা', সবিতা বৰাকোঁৱৰৰ 'আঘোণ' , দীপ্তি ঠাকুৰ গোস্বামীৰ 'আঘোণৰ পথাৰ', প্ৰাণজিৎ মহন্তৰ 'আঘোণৰ পথাৰখন', জিলমিল বৰদলৈৰ 'সোণাৰুবুলীয়া আঘোণ ' ,শান্তনা বুঢ়াগোহাঁই হাজৰিকাৰ 'সোণোৱালী আঘোণৰ পথাৰ' , বন্দনা দাস দত্তৰ 'সোণগুটি' , ভৱানী প্ৰসাদ ধূঙ্গানাৰ 'আঘোণ' মনীষা কোঁৱৰৰ 'হেঁপাহৰ আঘোণ' , যোগেশ বিকাশৰ 'আঘোণ', পবিত্ৰ গগৈৰ' চহা মাটিৰ গোন্ধ' আদি কবিতাতো আঘোণৰ সাধাৰণ নৈসৰ্গিক চিত্ৰ আৰু প্ৰাচুৰ্য অংকিত হৈছে। এই প্ৰাচুৰ্যৰ লগে লগে আঘোণত সাৰ পাই উঠা প্ৰেমৰ এটি মিঠা অনুভৱৰ চিত্ৰিও দেখিবলৈ পোৱা যায় গৌৰিত গগৈৰ কবিতাত -

       মোৰ বুকুত তুমি ৰোৱা
       ভালপোৱাৰ কঠিয়াডৰা
       সোণোৱালী হৈ বাঢ়ি উঠিছে
       তুমি দাৱনী হৈ দাই নিছা
       এহালিছা এহালিছা কৰি
       মই কান্ধৰ বিৰিয়াত বান্ধি লৈছো
       মৰমৰ টঙালিৰে মেটমৰা ডাঙৰি
       আঘোণ হৈছে মোৰ বুকু
       আঘোণ হৈছে তোমাৰো বুকু
       ৰ'দ কাঁচলিত জিলিকিছে
       তোমাৰ নিমজ গাল
       দুচকুত ভাহিছে সপোনৰ মায়াজাল।
                                                        ( আঘোণ)
       কবি শিৱশংকৰ শিবাৰ কবিতাতো আঘোণৰ পথাৰত ধান দাই থকা দাৱনীৰ মাজৰ কোনোবা 'মাইচানা'ৰ প্ৰতি থকা প্ৰেমৰ এখনি মনোৰম ছবি দেখিবলৈ পোৱা যায়,যথা- 'সৰু সৰু পথাৰৰ আলিয়েদি/ধান ফালি আহি/তোৰ কাষ পাবলৈ কিমান পৰ মাইচানা /বেলিয়ে আটে মানে/কাঁচিয়ে কাটে মানে /ধানে দাই যাবি দেই..'।
      কবি বিকাশজ্যোতি শইকীয়াৰ 'কেৱল তুমি বিষয়ক' শীৰ্ষক কবিতাটিত দৃশ্যমান হৈ উঠিছে 'কমলাৰঙী পোহৰ এখিনিৰে সমুজ্জ্বল' আঘোণৰ এক সুন্দৰ লেণ্ডস্কেপ।সেই লেণ্ডস্কেপত অংকিত হৈছে- কোনোবা দাৱনীয়ে আঘোণৰ পথাৰত মুঠি মুঠিকৈ ধান কাটি থকাৰ পৰত বেলিৰ পোহৰ আহি তেওঁৰ দুহাতত কিবা আঁকিব খুজিছিল আৰু -হয়তোবা সেইখিনি সময়তে কোনোবা পানীকেঁচুৱা এটাই মাকৰ পিয়াঁহত মুখ দিব খুজিছিল,হয়তোবা পাহাৰী নিজৰা এটাৰ ওপৰেদি চৰাই এজনী উৰি গৈছিল।কবিৰ দৃষ্টিত , সেইখিনি সময়তে দাৱনীৰ উঠন বুকুৰ তলত এটা চিত্ৰকল্প নিৰ্মিত হৈছিল,হয়তোবা বীথ'ভেনৰ চিম্ফনী এটা আৰম্ভ হৈছিল,কোৰাছৰ দৰে মৌ-মাখিৰ গুণগুণ আৰম্ভ হৈছিল,হয়তোবা চিত্ৰশালাত দুপৰ এটা নিথৰ হৈছিল সেইখিনি সময়তে আৰু 'আৰু জীৱনৰ সকলো ভাললগা প্ৰগলভ হৈ উঠিছিল সুৰ এটাৰে…'। মূলত: কবিতাটিৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে আঘোণৰ নৈসৰ্গই সমৃদ্ধ কৰা সেই জীৱনৰ ছবি যি জীৱন জীপাল হৈ থাকে ভাল লগা অনুভূতি কিছুমানেৰে ।

     কিন্তু খেতিয়কৰ জীৱন ইমান মসৃণ নহয়।আঘোণৰ সোণালী ধাননীয়ে খেতিয়কৰ মুখলৈ ক্ষন্তেকীয়া  হাঁহি কঢ়িয়াই আনিলেও সৰ্বশ্ৰান্ত খেতিয়কৰ মনৰ সংশয়বোৰ শেষ হৈ নাযায়। বানে বছৰি খেতি নষ্ট কৰাৰ উপৰিও আধুনিক বজাৰ অৰ্থনীতি, সামন্তযুগীয় মহাজনী শোষণ,পোক-পতংগ, অপতৃণৰ সমস্যাই জুৰুলা কৰা খেতিয়কৰ অৱস্থাৰ উন্নতি কোনোকালে নহয়।বহুতৰ বাবে সপোনবোৰ সপোনেই হৈ ৰৈ যায়।সেইবাবেই কেশৱ মহন্তৰ 'আঘোণৰ কুঁৱলী' শীৰ্ষক কবিতাটিত আমি যিদৰে এফালে প্ৰকৃতিৰ দৃশ্য চিত্ৰিত হোৱা দেখিবলৈ পাওঁ,ঠিক সেইদৰে অংকিত হোৱা দেখিবলৈ পাওঁ এটা পোৱা-নোপোৱাৰ বেদনাৰে সিক্ত মনৰো চিত্ৰ।কবিতাটি যিসকলে পঢ়িছে তেওঁলোকে দেখিছে -আঘোণৰ  কুঁৱলীক কবিয়ে এক অনিশ্চয়তাৰ প্ৰতীক ৰূপে প্ৰকাশ কৰিছে।কবিতাটিত দেখা যায়-আঘোনৰ কুঁৱলীয়ে বাট ভেটি নধৰা হ'লে হয়তো মূৰত আধাবন্ধা খোপাৰে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ হাতৰ লিহিৰি আঙুলিবোৰে চিক চিকীয়া কাঁচিৰে  মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন।হয়তোবা কুঁৱলীয়ে বাট ভেটি নধৰা হ'লে সেই দাৱনীজাকৰ মাজত ধান দাই থকা তেওঁৰ মৰমী কোনোবা সেউতিৰ মুখখনকে এবাৰ চাব পাৰিলেহেঁতেন-

     কুঁৱলী নথকা হ’লে
    দেখিলোহেঁতেন বা পতা-সোণ-বৰণীয়া ধানৰ   
     আঁচল,
    দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ
     আঙুলিয়ে মুঠি মৰা
    কেচ্ কেচ্ চিকমিক খৰ কাঁচিবোৰ,
     দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ
    ওপৰলে’ তুলিবৰে সময় নোপোৱা৷

     আঘোণ আৰু কুঁৱলীৰ দুই বিপৰীতমুখী ব্যঞ্জনাৰ মাজেৰে কবিয়ে প্ৰাপ্তি আৰু অপ্ৰাপ্তি, আশা আৰু নিৰাশা,স্বপ্ন আৰু স্বপ্নভংগৰ ছবি সুন্দৰ ৰূপে অংকন কৰিছে।আঘোণৰ কুঁৱলীত দাৱনীৰ খিলখিল হাঁহিৰে উপচি থকা ধাননি পথাৰখন লুকাই পৰাৰ দৰে কবিৰ মনৰ সেউতীজনীও ক'ৰবাত হেৰাই থকাৰ বেদনাৰে সিক্ত হৈ উঠিছে কবিতাটি। 

     আলোচিত কাব্যসংকলনখনিত সন্নিৱিষ্ট কিছুসংখ্যক কবিতাতো আঘোণৰ প্ৰাচুৰ্যময় চিত্ৰৰ বিপৰীতে ই কঢ়িয়াই অনা বিষাদবোধৰ চিত্ৰ অংকিত হোৱা পৰিলক্ষিত হয়।যেনে-
ইলামণি শইকীয়া(গুৱাহাটী)ই তেওঁৰ 'আঘোণ-আলাপ' শীৰ্ষক কবিতাটিত লিখিছে-

      আঘোণ...পাহৰিব নোৱাৰা শৈশৱ- কৈশোৰ -   
     যৌৱনৰ প্ৰাপ্তি-বিষাদৰ এপৃষ্ঠা

     ইলামণি শইকীয়াৰ কবিতাত দেখা পোৱা যায় বানে সৰ্বস্ব কাঢ়ি নিয়াৰ পাছতো আঘোণে কঢ়িয়াই অনা অতীতৰ সেই আশাৰ বতৰাবোৰ-
'শূন্যতাই ঘোলা কৰা সপোনবোৰত আঘোণ/তয়েই সিঁচিছিলি /হেপাঁহ খটোৱা সোণমণি...'

     কিন্তু সেয়া আজি অতীত।ক্রমবৰ্দ্ধমান উদ্যোগীকৰণৰ পৰিণতি স্বৰূপে কৃষিকৰ্ম শেষ হৈ যোৱাৰ লগে লগে আঘোণৰ সেই পূৰ্বৰ অনাবিল মহত্বও যেন শেষ হৈ গৈছে-

     ক’ৰবাতে এদিন এৰি আহিলোঁ তোক...
     তোৰ লগতে মোক
     আজিও বুকুজুৰি সেই বিষাদৰ অসুখ
     সেই সুদিন আজি জন অৰণ্যৰ পলাতক
     সোঁৱৰণি

     কবিয়ে অনুভৱ কৰিছে-'আজিও বুকুজুৰি সেই বিষাদৰ অসুখ '-
     আঘোণ তোৰ বাবেই বুকুত কঢ়িয়াই ফুৰিছোঁ
     নিৰ্মল শৈশৱৰ কুঁৱলীসনা আস্বাদন
     যুগান্তৰলৈ...'

     সেইদৰে জয়লক্ষী বৰুৱাৰ 'আঘোণ আহিলেই আই তোলৈ মনত পৰে' কবিতাত স্মৃতিকাতৰ মনৰ চিত্ৰ প্ৰতিফলিত হৈছে-

     আঘোন আহিলেই ঘূৰি যাওঁ লৰালিলৈ
     তই যে পথাৰত নৰাৰ পেপাঁ বনাই দিছিলি
     উলাহতে আমি দৌৰি দৌৰি বজাইছিলোঁ
     ভাগৰি জুগৰি আহি জিৰাইছিলোঁ
     তোৰ চাদৰৰ ছাঁত  |
        ...............
      আঘোন আহিলেই আই তোলৈ মনত পৰে
      ক'ত যে হেৰাল সেই দিনবোৰ
      শুকান চহৰত যে সোণালী ধানৰ 
      গোন্ধ পাবলৈকে নাই  |
      আকৌ যেন উভতি যাম আঘোনৰ পথাৰলৈ
      কমলা,ৰবাব ,চোকা টেঙাৰ জুতি ল'বলৈ  

     একেই স্মৃতিকাতৰতা প্ৰতিফলিত হৈ উঠিছে ইন্দু দত্ত উজীৰৰ' পিতাইৰ পথাৰ'শীৰ্ষক কবিতাটিত।কবিতাত দেখা যায় কংক্ৰীটৰ মহানগৰত বাস কৰিলেও কবিয়ে তেওঁৰ পিতৃৰ আঘোণমহীয়া পথাৰখন পাহৰা নাই-' আঘোণীয়া ৰ'দত বহি/ৰবাব টেঙাৰ জুতি লোৱা/পিতাইৰ পথাৰখনলৈ/বৰকৈ মনত পৰিছে আজি/ পথাৰৰ চিনাকি বোকাৰ গোন্ধ /এৰি অহা বহু বছৰে হ'ল '।

     মিনি সৰকাৰৰ কবিতা  'আঘোণৰ পথাৰ'তো দেখা যায় আঘোণে কবিৰ মনলৈ অতীতৰ স্মৃতিবোৰ কঢ়িয়াই আনিছে-

       কেনে আছে মোৰ কৃষক পিতাই?
       শাণ দিয়া কাঁচিৰ চিকমিকনিত
       উতলা দাৱনীৰ ৰক্তিম ওঁঠত
       হয়তোবা ফুলিছে অৰুণিমা হাঁহি
       আঘোনৰ সজীৱ সোণালী আভাই
       ৰচিছে সপোন জীৱন জয়ৰ ।

     সেইদৰে পংখী মৰাণৰ 'আঘোণৰ সেই দিনবোৰ' শীৰ্ষক কবিতাতো আঘোণৰ অতীত ছবি অংকিত হৈছে । কবিয়ে আঘোণৰ সেই দিনবোৰৰ আইৰ হাঁহি আৰু পিতাইৰ 'সোণগুটি হেঁপাহত' এতিয়াও নিজৰ জীৱনটোক বিচাৰি পায়।সেয়ে তেওঁ আশা ৰাখিছে- মুঠি মুঠি ডাঙৰিৰ জীপাল ভৰা আশাবোৰ সেউজীয়াৰ
পৰা সোণোৱালী হওক,তেতিয়া অন্তত: কাম কৰি কৰি উশাহ ল'বলৈ আহৰি নোপোৱা 'খেতিয়কৰ তেজবোৰে উশাহ পাব ।'

     বানপানী অসমৰ এক সমস্যা।শাওনৰে পৰা বানে কঢ়িয়াই আহুকালবোৰে দুখীয়া খেতিয়কক বহুদিনলৈ নেৰে।আঘোণৰ ধানে দুখীয়াৰ দুখ আঁতৰাব নোৱাৰে।এনে আশাভংগৰ কৰুণ চিত্ৰ অংকন কৰি লিখা এটি উল্লেখযোগ্য কবিতা হৈছে কবি ৰূদ্ৰসিংহ মটকৰ 'ধানৰ পাতে কাটে গা '-

     এদিন মেঘ বৰষুণ আৰু হালোৱাৰ ফটা    
     গোৰোহাৰ স্পৰ্শত
     পলশ পৰে ক'লা মাটিৰ সীৰলুবোৰত
     ৰোৱনীহঁতৰ ৰ'দৰ মাতত গৰ্ভৱতী পথাৰ
      হালি জালি পকা ধাননি হয়
      বান আহি পগলা হাতীৰ দৰে পলকতে
      মহতিয়াই থৈ যায়
     ৰোৱনীৰ পবালী আঙুলিৰ তৰা পাবৰ আকাশ
      দাৱনী বুকুৰ সাঁচতীয়া সপোন এডৰা...

     অজিত কুমাৰ বৰদলৈৰ 'আঘোণ ' শীৰ্ষক কবিতাতো দেখা যায়-কবিয়ে আঘোনৰ আশাভৰা ধাননি পথাৰখনৰ লগতে  'আপদীয়া অসুখ' এটাৰ কথাও উল্লেখ কৰিছে।যথা-

      যোৱা শাওণৰে পৰা
      আপদীয়া অসুখত
      মইও তেনেই জুৰুলা,
      বগা আচঁ‌লেৰে ঢকা
      মোৰ পথাৰখনলে
      সি আহিব নোখোজে
     মোৰ পৰা আঘোণটো আতঁৰে আঁতৰে।

      টিতম বৰাৰ 'আঘোণাকাই দিনবোৰ আগৰদৰে নাই' কবিতাত চিত্ৰিত হৈছে পৰিৱৰ্তিত সময়ৰ ছবি।আঘোন বুলি ক'লে পূৰ্বতে যেনে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল সেয়া আজি পাবলৈ নাই-
       আঘোণাকাই
       ............
       দিনবোৰ আগৰদৰে নাই !
       তমালৰ পেটে নাকাটে আজি আঙুলি
       এৰালিয়েও নিছিঙে কলাফুলৰ আগলি 

       তয়ো সলনি হ' আঘোণাকাই
       সূৰ্য্যটো বুকুত বান্ধি কিমানদিননো এনেকৈ
       থাকিবি  

     ধনটি শইকীয়াৰ 'আঘোণ' শীৰ্ষক কবিতাতো আঘোণাকাই নামৰ কোনোবা খেতিয়কৰ সৰ্বশ্ৰান্ত জীৱনৰ কৰুণ চিত্ৰ অংকিত হৈছে এনেদৰে-আঘোনাকাইৰ মনত বৰ দুখ!কাৰণ
যোৱাবাৰ গোটেই খেতি দৰা বাঢ়নি পানীয়ে মাৰিলে আৰু যিকেইটা আছিল অচিনা পোকৰ প্ৰকোপত সেইকেইটাও মৰিল..তথাপিতো --

      বাহৰ বেৰ দিয়া আশাৰ ভড়ালটোৱে
      বাটচাই আছে 
      তই আকৌ আহিবি 
      দাৱনীৰ কাচিৰ কেচ্ কেচ্ শব্দত
      বিৰিয়াৰ জিৰিক জিৰিক মাতত
      তই আকৌ আহিবি।'

     বানে সৰ্বস্ব কাঢ়ি নিয়াৰ পাছত এই আঘোনৰ ধাননিয়ে খেতিয়কৰ মনৰ আশাবোৰ আকৌ সজীৱ কৰি তোলে।জীয়ই থকাৰ সংগ্ৰামৰ কথা আছে কবিতাটিত।

     মাধুৰিমা বড়াৰ 'আঘোণ' শীৰ্ষক কবিতাত এই বিষাদবোধৰ চিত্ৰ অংকিত হৈছে এনেদৰে-
'ভঁৰালে কি জানে উদং নৰাগছৰ শূণ্যতা /গোৱৰ মাটিৰে লেপি থোৱা গান্ধৈত /এন্দুৰ কেইটাৰ হাইতাল/মাজে মাজে ওপৰলৈ উঠা চিৰিখনত সাতজাঁপ /পথাৰ ! আজি তোৰ বুকুত গচকি/ সোমাব আঘোণ/ দাৱনিৰ আঁচলৰ খোচত কঁপি উঠিব ধানগছ...'।

     অঞ্জলি শৰ্মাৰ 'স্বপ্নভঙ্গৰ আঘোণ ' এটা সুন্দৰ কবিতা।বছৰি খেতিপথাৰ নষ্ট কৰা কেৱল বানপানীয়েই কৃষকৰ বাবে সমস্যা নহয়।খেতি খাই নষ্ট কৰা পোক-পতংগ,অপতৃণ আদিয়েও সমানেই  কৃষকৰ মনৰ সপোন প্ৰতিবছৰে থানবান কৰি পেলায়। সেয়ে কবিয়ে লিখিছে-

     হেমন্ত ঋতুৰ বিপুল সম্ভাৰ লৈ
     মোৰবাবে এইবেলি আঘোণ নাহিল।
     শুঁৰপোকে তাণ্ডব চলোৱা পথাৰখন
     এতিয়া নিষ্প্ৰাণ 
     দোঁ খাই ভৰি থাকিব লাগিছিল য'ত ধানগছ
     তাত আকাশক ধিয়াই বাঢ়িছে
     অপতৃণ।

     বিকিয়ান বাইলুংৰ 'আঘোণ' শীৰ্ষক কবিতাতো প্রতিফলিত হৈ উঠিছে হাতী আৰু মানুহৰ সংঘাতৰ ছবি।এই হাতী শোষণৰ প্ৰতীকো হ'ব পাৰে -

     আঘোণৰ পথাৰত হাতীয়ে কান্দে 
     খোজত কঁপে কৃষকৰ বুকু
     মাটিৰ দেহাও খহি যায়,
     কালৰ খোজত খহে ভোগৰ আঘোণৰ বাবে
     মাটিৰ আঁতৰেনে ভোক ?

     স্বপ্নালী কলিতাৰ 'কাঁচি' শীৰ্ষক  কবিতাতো মহাজনৰ শোষণৰ ছবি স্পষ্টৰূপত প্ৰকাশ পাইছে।আঘোনৰ পথাৰত সোনগুটিযেন ধান লাগিলে কি হ'ব, গোটেইখিনিচোন মহাজনৰ চোতাললৈকে যাব ।প্রতীকি অৰ্থত কাঁচিখনে কবিৰ সাম্যবাদী ভাৱাদৰ্শৰ ইংগিত এটাও বহন কৰা যেন অনুভৱ হয়।

     সেইদৰে প্ৰণতি গগৈৰ  ('আঘোণঃ আশা আৰু সপোন'),কৌস্তুভমণি শইকীয়া দত্তৰ 'আঘোণ',শান্তনা চেলেং সোণোৱালৰ 'আঘোণ' মিণ্টুল হাজৰিকাৰ 'মেটাফৰিকেল আঘোণ' নিহাল গগৈৰ 'আঘোনৰ পথাৰ'  আদি কবিতাতো আঘোনৰ মাজেৰে  আশা আৰু আশাভংগৰ কৰুণ চিত্ৰ প্ৰতিফলিত হৈছে।

     মূলত: আজিৰ এই যান্ত্ৰিক আৰু উদ্যোগীকৰণৰ যুগত  ক্ৰমান্বয়ে হেৰাই যাব ধৰা প্ৰাচীন গ্ৰাম্য পৰিৱেশ আৰু নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰতি থকা আমাৰ কবিসকলৰ অকৃত্ৰিম আকুলতাৰ ভাৱ স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে সংকলনখনিত প্ৰকাশিত কবিতাসমূহত।
কিন্তু এষাৰ কথা নতুন প্ৰজন্মৰ কবিসকলে মনত ৰাখিব লাগিব যে কবিতা হৈছে চিত্ৰশিল্পৰ দৰেই  এক জটিল শিল্পকৰ্ম। অসাৱধানতাব:শত পৰি যোৱা সামান্য এডাল আঁক বা ৰেখাৰ বাবে যিদৰে গোটেই ছবিখনেই নষ্ট হৈ যাব পাৰে ঠিক সেইদৰে কবিতাৰ ক্ষেত্ৰতো এটা মাত্ৰ ভুল শব্দ প্ৰয়োগৰ বাবেই কবিতাৰ সমস্ত অন্তৰ্নিহিত ভাৱ বা শিল্পগুণ বিনষ্ট হ'ব পাৰে। কবি ৱৰ্ডচৱৰ্থৰ সংজ্ঞা অনুসৰি সাধাৰণতে ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশেই কবিতা বুলি বহুতে ক'ব খোজে যদিও এই কথাও সত্য যে,আমাৰ মন-মস্তিষ্কত অলেখ চিন্তা,ভাৱনাই অহৰহ দোলা দি থাকে যিবোৰৰ হয়তো বেছিভাগেই শৃংখলিত আৰু সুবিন্যস্ত নহয়।গতিকে আৱেগিক মূহুৰ্তৎ উথলি উঠা ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশেই কবিতা বোলা কথাষাৰ বহু সময়ত মানি ল'বলৈ অসুবিধা হয়।বৰঞ্চ এই কথাহে সত্য যে-অন্তৰত উথলি উঠা  ভাৱ বা উপলদ্ধিক অবিকৃতভাৱে প্ৰকাশ কৰাৰ তাগিদাতে কবিতাক বাৰে বাৰে ভাঙি-পিটি গঢ়া হয়,নিৰ্মান কৰা হয়।আমাৰ আলোচিত কাব্য সংকলনখনত সন্নিৱিষ্ট  কিছুসংখ্যক কবিয়ে কবিতাৰ নিৰ্মানশৈলী, শব্দচয়ন, পৰিশীলিত বাক্য বিন্যাস,ভাৱৰ গভীৰতা, চিত্ৰকল্পৰ প্ৰয়োগ আদি বিষয়ত  সতৰ্কতা অৱলম্বন নকৰাৰ ফলস্বৰূপে কবিতাৰ শিল্পগুণ কিছু কিছু ক্ষেত্ৰত বিনষ্ট হোৱা পৰিলক্ষিত হৈছে।সেয়ে হ'লেও বহু ভাল কবিতাও পাঠকে এই সংকলনত আৱিস্কাৰ কৰিব। কৃষিজীৱি অসমীয়াৰ সৰল প্ৰাণত আশাৰ বতৰা কঢ়িয়াই অনা আঘোণৰ প্ৰাচুৰ্যময় নৈসৰ্গিক চিত্ৰ আৰু তাৰ লগে লগে খেতিয়কৰ জীৱন সংগ্ৰাম আৰু সুখ-দুখ,স্বপ্ন-স্মৃতি-বিষাদৰ চিত্ৰও বহুকেইগৰাকী কবিৰ কবিতাত অত্যন্ত সুন্দৰ আৰু হৃদয়স্পৰ্শীৰূপত অংকিত হৈছে।   (সমাপ্ত) 

     

 







    




                                      


    

    



    

  







         












































 

Friday, December 11, 2020

Laxmiprasad Devkota

Laxmiprasad Devkota, the poet of solitude and materialistic thoughts. 
                                                                    Birke B Thapa
                              

      Devkota, the poet absolutely of solitude and quite desperation, started his writing in the language of Nepali and ended it with English. It was only due to his keen affectionate to English literature. He was, by profession, a lecturer of literature in Trichndri College. Since his early childhood, he had gone through a large dimension of Sanskrit classics as well as English literature which made him acquainted with the works of Mahakavi Valmiki, Kalidasa, Shakespeare, Wordsworth, Shelley, Keats, Byron and so many other famous poets of different ages. He was deeply impressed by these poets and started writing  both in Nepali and English language to express his feelings and ideas.
      Laxmi Prasad Devkota was born in 1909 in Nepal. He completed his matriculation in first class when he was sixteen. After passing the ISC, he came to Patna for higher education. In the meantime, the Independence Movement of India broke out and spread all over the country.Devkota also joined the movement and involved himself in politics. Amidst those struggling days, he took his graduation in Arts. He wished to study M.A. in English, but his hope was not fulfilled. He got admitted in Law and of course, successfully completed the course. He was probably the one of the first Law degree holders among the Nepali community.
      Devkota was a poet of genius. In his early twelve, he had an opportunity to read many of Sanskrit literature and could recite fluently the verses of 'Kaumudi', 'Amarkosh' and 'Raghu Bansh'. It was his begining and he wrote many poems, short stories, essays etc. in his mother- language and later, he adopted English. Dr. Siva Mangal Suman, one of the most famous critics so once remarked that Nepali literature had been able to focus itself in the world only for the  precious writings of Devkota.
     Devkota's first publication was 'Muna Madan'. It was published in 1939 and afterwards,he had written stoplessly three epics (Mahakavya), twelve Khand Kavyas', three lyrics, one drama (Natika), one novel and one essay. 'Muna Madan' is in size a small one but it was the first Nepali Mahakavya through which Devkota intended to reflect not only a love story, but the socio-economic problems of Nepal also. He was the first to write Kalidasa's Sakuntala in Nepali language which was entitled 'Sakuntal'. Many of his verses were written spontenously only in a short span of time. One of such work is his best composition 'Sakuntal'. Devkota completed this verse only in three months. It is quite unbelievable that just after completing the 'Sankuntal' he started again to Write another epic due to the invulnerable forces and demands of his friends and finished it only in ten days. This epic was entitled 'Sulachana' and it also occured its own position of popularity in Nepali literature.
    Devkota's knowledge of language was not limited only to Nepali or English, but was extended to several other languages. He knew Hindi, Urdu, Italy, German, French etc. Also he travelled over many countries like Romanea, Hungeri, China, Russia etc. He joined as one of the delegates of Nepal to attend the Fourth World Youth Association held in Romanea in 1953. Several times he had represented Nepal and joined international conferences. These world wide travellings must have had profound effect on his thinkings and writings. He was greatly honoured where ever he had visited. He could write poems so quick and suddenly that people called him the 'Electronic Poet'.He was so madly fond of poetry that once he was even sent to the prison of Ranchi also. But, how could he be put into the prison without medically proved that he was actually mad ! he was set free. He came back and wrote a poem 'Pagal'. He had warm affection to the people of his own country. Both India and Nepal were his motherland. But,when his countrymen mentioned him a mad, he had stricken to the heart. In the poem 'Pagal', he mentioned himself a mad and wrote his feelings like this-

I am mad, Really I am mad
friend
Because I see the words and
listen to the scenes
I taste the scent by tongue.

       He lived in the thought of Reality, the world of his own.Some critics remarked that Devkota was pessimist.His pessimistic ideas have been revealed in many of  his poems. We have no such enough scope to analyse here all his poems. Because, most of his writings had been lost due to lack of care and not yet been discovered. Also he did not commit the crime of having them searched and published. But those which we find in printing show his thought of pessimism. He describes the Earth as a desert. In the poem entitled 'Life is the richest feast', the poet writes as if he was dying up in the scorching heat of the sun in desert and  feels that his birth was worthless.Like the ideas of 'Upanishad', he also believes that man is made entirely respensible for his own deeds. He did never write even a single poem about god .One of his famous poems is 'The donkey's critism against human civilisation .In this poem, he has depicted the men as jackdaws and the ass as the better man. He says that the ass is the wiser, because he knows nothing about law. In the same poem, the poet criticises the marriage as the slave's delight and that laws have made the robbers safe, culture make subline the knave, science has made men blind to the soul, luxuries have made them foul and politics them ghoul. He was indeed a philosopher  to think deeply and obstinately about the facts of life. As time passed, Devakota had blossomed forth as a poet of genius. 
      The last stage of his life was very tragic and tremendous. Though he was criticised as atheist ,but the poems he had written in his final days, show how deeply he was influenced by the belief in god. Being attacked by stomach cancer, he had to spend his final days in intolerable sufferings. Even in those days of sufferings, the poet absorbed himself feverishly in thinking of poetry and went on writing many of his famous poems. He described his cancer pain as poem more  than pain . In one of such poems written in 1968, Devkota wrote-

"Promethean pain I bear
With tears on tears
Yet a song of joy must I raise.

     In the same poem he also wrote that god has given him all this pain so that he may turn to god agin: Just two days before his death, Devkota wrote in a poem that life is the richest feast for man here born.Though he mentioned the Earth, in his earlier poems, as the 'ocean of sorrow', he declares the earth as is the 'ocean of joy' in his later poems. Once he wrote in a note "To me, these mountains appeal my breathen beauty in ourselves and communicates it to the dearest. I want to breath in harmony with them. There is something which you can not find every where.'In this way he expresses the significance of the nature's enternal beauty.
      Day by day  the poets health had broken down. He could hardly bear the pain of intolerable stomach cancer. It became so inbearable that he, in desperation, begged potassium cyanide from those who came to visit him. He had already been bankrupt. The government of India took all risk to pay his debt of rupees twenty thousand.The Nepal government also sent him to Russia for better treatment.He had lost all his hopes to survive. But still he did not want to stop writing.The doctors prevented him from smoking which he had formed a lifelong habit. One day he asked his wife to privide him some white papers and cigaretes. His wife, Despaired by his condition, did as he said. The poet lit a cigarette and started writting on papers endlessly. Smokes distressed his health severely.The doctors and nurses tried hard till the last moment but in vain. He, the poet of inner torment left his breath forever on 14th of September, 1958.



Tuesday, December 8, 2020

আৰ্ভিং ষ্ট'নৰ লাষ্ট ফ'ৰ লাইফ আৰু ভেন গঘৰ জীৱন চিত্ৰ

আৰ্ভিং ষ্ট'নৰ 'লাষ্ট ফ'ৰ লাইফ'
              আৰু ভেন গঘৰ জীৱন-চিত্ৰ
                   
                                                     বীৰ্কে বি. থাপা
                                                 (9954249916)

       আমেৰিকাৰ প্ৰখ্যাত লেখক আৰ্ভিং ষ্ট'ন(Irving Stone ,1903-1989) ঘাইকৈ জনাজাত জীৱনীমূলক উপন্যাস ৰচনাৰ বাবে। বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘ,মাইকেল এঞ্জেল' , কেমিল পিচাৰো আদিৰ উপৰিও অন্যান্য কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ  জীৱন-কাহিনীৰ ভিত্তিত তেওঁ উপন্যাস ৰচনা কৰিছে।তেওঁৰ দ্বাৰা ৰচিত উপন্যাসসমূহৰ ভিতৰত Lust For Life(1934), Agony And Ecstacy(1961), Depths Of Glory (1985) আদি বিশেষ উল্লেখযোগ্য।অন্যান্য গ্ৰন্থসমূহ হ'ল-
Adversary in the House (1947),Clarence Darrow for the Defence (1949),Immortal Wife (1950),The Passionate Journey (1950),The President's Lady (1952),Love Is Eternal (1955),Those Who Love (1966)
The Passions of the Mind (1971),The Greek Treasure (1975),The Origin (1980)
আদি।
       আৰ্ভিং ষ্ট'নৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ প্ৰকৃততে তেওঁৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ ফলশ্ৰুতি।পেৰিচত নৱবিবাহিতা পত্নীৰ সৈতে কেইবাবছৰ থকাৰ পাছত যুক্তৰাষ্ট্ৰলৈ উভতি আহিয়েই তেওঁ 1931 চনত বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘৰ দুৰ্দশাগ্ৰস্ত আৰু সংগ্ৰামময় জীৱন কাহিনীৰ ভিত্তিত Lust For Life নামৰ উপন্যাসখন ৰচনা কৰিছিল ।কিন্তু উপন্যাসখনৰ প্ৰকাশক  নোপোৱাত তেওঁ তিনি বছৰ অপেক্ষা কৰিব লগীয়া হয়।নিউয়ৰ্ক টাইমচৰ মতে,সৰ্বমুঠ সোতৰ গৰাকী প্ৰকাশকে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ অন্তত 1934 চনত উপন্যাসখনে প্ৰকাশৰ মুখ দেখা পাইছিল ।উপন্যাসখনৰ প্ৰকাশে প্ৰকৃততে তেওঁলৈ বিপুল যশস্যা আৰু কৃতিত্ব কঢ়িয়াই আনিছিল।
      জীৱনকালত দুহেজাৰতকৈয়ো অধিক চিত্ৰ অংকণ কৰি আধুনিক চিত্ৰশিল্পৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰা  ভিনচেণ্ট ভেন গঘৰ (Vincent Van Gogh) জন্ম হৈছিল 1853 চনত নেদাৰলেণ্ডৰ জুণ্ডাৰ্টত আৰু মৃত্যু হৈছিল 1890 চনত  ফ্ৰাঞ্চত।মাত্ৰ সাতত্ৰিশ বছৰ বয়সতে  মৃত্যু হোৱা ভেন গঘৰ সৰুৰে পৰাই চিত্ৰ-শিল্পৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। জীৱিকাৰ বাবে 1869 চনত মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁ ডি হেগ(The Hague)ত থকা গ'পিল এণ্ড কোম্পানীৰ চাকৰিত সোমাব লগীয়া হৈছিল। 1873 চনত তেওঁ লণ্ডনলৈ বদলি হয় আৰু এই সময়ছোৱাত তেওঁ প্ৰথম প্ৰেমত পৰে।
      আৰভিং ষ্ট'নে তেওঁৰ Lust For Life উপন্যাসৰ আৰম্ভণি (Prologue) অধ্যায়তে ভেন গঘৰ প্ৰথম প্ৰেমৰ কথা উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণনা কৰা মতে,সেই সময়ত তেওঁ মিচেচ লয়াৰ নামৰ যি গৰাকী ফৰাচী মহিলাৰ ঘৰত বাস কৰিছিল তেওঁৰে জীয়েক উৰ্চুলা (Ursula)ৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।এই প্ৰেমৰ উন্মাদনাই ভেন গঘক এনে অস্থিৰ কৰি  তুলিছিল যে উৰ্চুলাৰ আগত সেই কথা প্ৰকাশ নকৰাকৈ থাকিব পৰা নাছিল। সদায় সহজভাৱে মিলা-মিচা কৰা উৰ্চুলাই সেই প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিব বুলি তেওঁ নিশ্চিত আছিল।কিন্তু অনাকাংক্ষিতভাৱেই উৰ্চুলাই তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল,কাৰণ ইতিমধ্যে উৰ্চুলা আন এজনৰ বাকদত্তা হৈছিল।এই ঘটনাত তেওঁৰ অন্তৰ ভাগি পৰিছিল যদিও প্ৰচণ্ড জেদত  উৰ্চুলাক জোৰকৈ নিজৰ কৰি ল'ব বিচাৰিছিল।ঘটনা ইমান খিনিলৈ আগ বাঢ়িছিল যে অৱশেষত মিচেছ লয়াৰে তেওঁক ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ দিব লগীয়া হৈছিল।
      ভাড়া ঘৰৰ পৰা বহিস্কৃত হোৱাৰ পাছত তেওঁ ঘৰলৈ ঘুৰি আহিল যদিও সুস্থিৰে থাকিব নোৱাৰিলে।পুনৰ তেওঁ লণ্ডনলৈ উভতি গ'ল আৰু মিচেছ লয়াৰৰ ঘৰৰ পৰা কিছু আঁতৰত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে।তাৰ পৰাই তেওঁ সদায় সন্ধিয়া খোজ কাঢ়ি উৰ্চুলাহঁতৰ ঘৰৰ ফালে গৈছিল আৰু আন্ধাৰ আলিবাটত থিয় হৈ বহু পৰলৈ ঘৰটোলৈ চাই ৰৈছিল।তাৰ পাচত তেওঁ ৰেমচ্ গেটত নতুন ঘৰ ভাড়ালৈ লৈছিল। ৰেমচ্ গেটৰ পৰা লণ্ডনলৈ প্ৰায় চাৰে চাৰি ঘন্টাৰ বাট ।এদিন হাতত পইচা নথকাত তেওঁ বৰষুণত তিতি বুৰি খোজ কাঢ়ি লণ্ডন পাইছিলহি। দূৰৰ পৰাই তেওঁ মিচেছ লয়াৰৰ ঘৰত মানুহৰ জুম দেখি আৰু কৰুণ সুৰত বাজি থকা ভায়'লিনৰ সুৰ শুনি অজান আশংকাত কঁপি উঠিল। ঘৰৰ সন্মুখত বুঢ়া ঘোঁৰাচালক এজনে প্ৰকাণ্ড ছাটি এটা লৈ বৰষুণত বহি আছিল। তেওঁ ঘোঁৰাচালকজনৰ কাষলৈ আগবাঢ়ি গ'ল আৰু তেওঁৰ পৰাই উৰ্চুলাৰ বিয়াৰ বুলি তেওঁ গম পালে।ক্ষন্তেক পাছতে তেওঁ দেখিলে উৰ্চুলা আৰু তাইৰ স্বামী আহি ঘোঁৰাগাড়ীখনত বহিছেহি।আন্ধাৰৰ আঁৰৰ পৰাই তেওঁ উৰ্চুলালৈ চাই থাকিল।ইয়াৰ পাচ দিনাই ভেন গঘ গুচি আহিল আইজেলৱৰ্থলৈ।
      কিছুকাল অ'ত ত'ত অস্থায়ীভাৱে কটোৱাৰ পাছত তেওঁ ৰেমচ্ গেটৰ প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰিবলৈ লয়।ৰেমচ্ গেটৰ গ্ৰাম্য অঞ্চলৰ দুখীয়া মানুহবোৰৰ দুৰ্দশাগ্ৰস্ত জীৱন দেখি তেওঁৰ অন্তৰে কান্দি উঠিল আৰু তেতিয়াই তেওঁ সিদ্ধান্ত কৰি পেলাইছিল যে ধৰ্মযাজক হিচাপে তেওঁ আজীৱন দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে কাম কৰি যাব।সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ  নিকটৱৰ্তী  গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
      বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ  দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে । সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ  নিকটৱৰ্তী  গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
      বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ  দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে ।
      1881 চনত ভেন গঘে ডি হেগলৈ যাত্ৰা কৰে।তাত তেওঁ পুনৰ প্ৰেমত পৰে এজনী বেশ্যাৰ।আচলতে নাৰীৰ প্ৰেম পাবৰ বাবে ব্যাকুল হৈ পৰা ভেন গঘে সেই সময়ত ভাড়াতীয়া বেশ্যাবোৰৰ মাজতে শান্তি বিচাৰিবলৈ আৰম্ভ কৰিছিল।চিয়েন (Sien) নামৰ বেশ্যা এগৰাকীৰ প্ৰেমত তেওঁ এনেদৰে অন্ধ হৈ পৰিছিল যে তেওঁ এখন চিঠিত ভায়েক থিওলৈ লিখিছিল- For the last month or two,I have been sleeping with a prostitute.I want to live with her,I am going to marry her.
      ডি হেগত তেওঁলোক দুয়ো একেখন ঘৰতে বাস কৰিছিল।চিয়েনক মডেল ৰূপে লৈ ভেন গঘে কেইবাখনো পেইন্টিং আঁকিছিল-তাৰ ভিতৰত উলংগ আৰু গৰ্ভৱতী নাৰীৰ পেইন্টিং আৰু পেঞ্চিল স্কেচ্ছ অংকন কৰিছিল।প্ৰায় দুবছৰ একেলগে থকাৰ পাছত চিয়েন নামৰ সেই বেশ্যা গৰাকী পুনৰ তাইৰ অভ্যস্ত জীৱনলৈ উভতি গুচি গৈছিল।
      এনেদৰে বাৰে বাৰে প্ৰেমত বিফল হৈ তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল।তাৰ মাজতো কিন্তু তেওঁৰ অন্তৰ্সত্বাত সৃষ্টিৰ তাড়ণা
নি:শেষ হৈ যোৱা নাছিল।শিল্প জগতত নতুনত্বৰ সন্ধান বিচাৰি এইবাৰ তেওঁ 1886 চনত পেৰিচলৈ যাত্ৰা কৰিলে।তেওঁ পেৰিচলৈ যোৱা ঘটনাটো চিত্ৰশিল্পৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা।কাৰণ,ইয়াৰ আগলৈকে তেওঁৰ চিত্ৰশিল্প আছিল গতানুগতিক শৈলীৰ।পেৰিচলৈ যোৱাৰ পাছত তেওঁ ভায়েক থিওৰ যোগেদি ইম্প্ৰছনিষ্টসকলৰ আৰ্ট কাষৰ পৰা পৰ্যৱেক্ষন কৰিবলৈ সুযোগ লাভ কৰে। অকল সেয়ে নহয়,পেৰিচতে ভেন গঘে কেমিল পিছাৰো,প'ল গগাঁ আদিৰ দৰে বিখ্যাত ইম্প্ৰেছনিষ্ট সকলৰ সান্নিধ্যও লাভ কৰে।
      কেমিল পিছাৰো আৰু প'ল গগাঁৰ শিল্পৰীতিয়ে তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিল ।এইসকল শিল্পীৰ পেইণ্টিংচত ব্যৱহৃত ৰং আৰু ষ্টুডিঅ'ৰ বাহিৰৰ মুকলি আকাশৰ তলত তেওঁলোকে ছবি অঁকা ষ্টাইলে তেওঁক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। কিন্তু অতি সোনকালেই তেওঁ  এই ইম্প্ৰেছনিষ্ট সকলৰ মাজতো বুৰ্জোৱা চৰিত্ৰ আৱিস্কাৰ কৰিলে আৰু সেয়ে ইউৰোপত ইতিমধ্যে প্ৰায় প্ৰতিষ্ঠা লাভ কৰা ইম্প্ৰেছনিজমৰো আগলৈ গৈ চিত্ৰশিল্পৰ ইতিহাসত এটা নতুন আন্দোলন গঢ়ি তোলাৰ চিন্তা কৰিলে। সেই উদ্দেশ্যে তেওঁ 1888 চনত দক্ষিণ ফ্ৰাঞ্চৰ আৰ্লচলৈ যাত্ৰা কৰে।
       জাপানীজ আৰ্টৰ প্ৰতি ভেন গঘৰ মনত গঢ় লৈ উঠিছিল গভীৰ অনুৰাগ।প্ৰকৃততে আৰ্লচক তেওঁ জাপানৰ ফৰাচী সংস্কৰণ বুলিয়েই গণ্য কৰিছিল।জাপানী সংস্কৃতিৰ প্ৰভাৱপুষ্ট আৰ্লচৰ যিটো দুমহলীয়া ঘৰত তেওঁ থাকিবলৈ লৈছিল-সেই ঘৰৰ চাৰিবেৰ আছিল হালধীয়া ৰঙৰ।জাপানী লোক বিশ্বাসত হালধীয়া ৰঙৰ বিশেষ তাৎপৰ্য আছিল।হালধীয়া ৰঙে সূৰ্যৰ তেজস্বিতা আৰু সৃষ্টিৰ প্ৰতীক সোণ বৰণীয়া ঘেঁহুকো প্ৰতিনিধিত্ব কৰে।আৰ্লচত সূৰ্যৰ ৰ'দো প্ৰখৰ।সেয়ে হালধীয়া ৰঙৰ প্ৰতি আকৃষ্ট হৈ তেওঁ সেই সময়ত অঁকা প্ৰায়কেইখন ছবিতে হালধীয়া ৰঙৰ সমাৱেশ ঘটায়।ভেন গঘৰ এই নতুন শৈলীৰ ছবিসমূহত কেমিল পিছাৰোৰ দৰে ইম্প্ৰেছনিষ্ট  আৰু জাপানীজ আৰ্টৰ প্ৰভাৱত এক নতুন ৰূপ  বা আৰ্টফৰ্মৰ সৃষ্টি হৈছিল।এই সময়ছোৱাত ভেন গঘে অঁকা বিখ্যাত ছবিসমূহৰ ভিতৰত  Sun Flower আৰু কিছুমান Self Portrait আছিল বিশেষ উল্লেখযোগ্য।উল্লেখযোগ্য যে ভেন গঘে বৰিনেজৰ খনি শ্ৰমিকসকলক লৈ অঁকা Potato Eaters,The peasant women আদি ছবিসমূহত ক'লা বা গাঢ় ধূসৰ বৰণে প্ৰাধান্য লাভ কৰিছিল।তাৰ বিপৰীতে আৰ্লচত থকা কালত তেওঁ অঁকা ছবিসমূহত উজ্জ্বল হালধীয়া ৰঙৰ প্ৰয়োগ দেখিবলৈ পোৱা গ'ল ।
        উপৰ্যোপৰি প্ৰেমত পোৱা আঘাতৰ ফলত ভেন গঘ প্ৰায় উন্মাদৰ দৰে হৈ পৰিছিল।প্ৰতিদিনে ষোল্ল ঘণ্টাকৈ ছবি আঁকিছিল তেওঁ। লগে লগে অত্যাধিক পৰিমানে মদ্যপান কৰাৰ ফলত তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল।আনফালে জীৱিকা বুলিবলৈ তেওঁৰ একো নাছিল।ভায়েক থিও ভেন গঘৰ ওপৰতে তেওঁ আছিল সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
        ভায়েক থিও আছিল এজন আৰ্ট ডিলাৰ।ডি হেগত(The Hague) থকা Goupil Art Dealers নামৰ কোম্পানী এটাত তেওঁ কাম কৰিছিল।ভেন গঘৰ শিল্প-জীৱনত তেওঁৰ প্ৰেৰণা আৰু সহযোগ আছিল যথেষ্ট।তেওঁ সকলো সময়তে ভেন গঘক আৰ্থিকভাৱে সহায় কৰি গৈছিল।কিন্তু 1889 চনত থিওৱে বিয়া পতাৰ পাছত ভেন গঘ নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে। তাতে এটাৰ পাছত এটাকৈ কেইবাটাও প্ৰেমৰ বিফলতায়ো তেওঁৰ জীৱনত এক সৰ্বগ্ৰাসী কৰুণ প্ৰভাৱ পেলাইছিল।নিজৰ কুৎসিত মুখখনক লৈয়ো তেওঁ আজীৱন এটা নীচাত্মিকাবোধত ভূগিছিল।
        তথাপিতো কিন্তু নিজৰ শিল্পকৰ্মৰ ওপৰত তেওঁৰ আস্থা হেৰুৱা নাছিল।অকলেই তেওঁ চিত্ৰ-শিল্পৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছিল।ভায়েক থিওৱে তেওঁক বুজাব বিচাৰিছিল যে ইমান খৰকৈ ছবি অঁকাৰ ফলত তেওঁৰ ছবিসমূহৰ মানদণ্ড হ্ৰাস পোৱাৰ আশংকা আছে।কিন্তু তেওঁৰ উত্তৰ আছিল-Quick work does not mean less serious work, it depends on off one's self confidence and experience.
       মৃত্যুৰ আগে আগে তেওঁ কেইবাখনো আত্ম প্ৰতিকৃতি (self portrait) অংকন কৰিছিল।1890 চনত অঁকা তেনেধৰণৰ এখন প্ৰতিকৃতিত ভেন গঘক এক প্ৰবল অশান্ত ঘূৰ্ণীৰ মাজত অত্যন্ত ক্লান্ত আৰু বিধ্বস্ত ৰূপত দেখা গৈছে।চকু-মুখত প্ৰতিবিম্বিত হৈছে তেওঁৰ যন্ত্ৰণাক্লিষ্ট মন আৰু আশা ভংগৰ কৰুণ প্ৰচ্ছায়া।
       1888 চনত বিখ্যাত চিত্ৰকৰ প'ল গগাঁ আহে আৰ্লচত থকা ভেন গঘৰ ঘৰলৈ। পেৰিচত থকা কালতে ভেন গঘে প'ল গগাঁৰ সহযোগত কমিউনিষ্ট আৰ্ট ক'লনি এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল,কিন্তু সেই পৰিকল্পনা বাস্তৱায়িত হোৱা নাছিল।এইবাৰ গগাঁ নিজেই আহি উপস্থিত হোৱাত পূৰ্বৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সুযোগ তেওঁ পালে।কিন্তু প্ৰথম দিনাৰ পৰাই তেওঁলোকৰ মাজত মনোমালিন্য আৰম্ভ হ'ল। ইয়াৰ কাৰণ আছিল-ভেন গঘৰ অস্থিৰ আৰু খেয়ালী মন।তেওঁৰ মানসিক উন্মাদনাও যথেষ্ট বাঢ়িছিল।এদিন তেওঁলোকৰ মাজত হোৱা এটা সাধাৰণ তৰ্কই এনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যে ভেন গঘে হাতত লৈ থকা মদৰ গিলাচটোকেই গগাঁৰ গালৈ মাৰি পঠিয়াই দিলে।তাৰ পাছত হাতত খুৰ এখন লৈ গগাঁক খেদা মাৰি গ'ল।প'ল গগাঁই কোনোমতে ওচৰৰে হোটেল এখনত আত্মগোপন কৰি নিজক ৰক্ষা কৰিলে।সিমানতে
ক্ষান্ত নাথাকি ভেন গঘে খঙত উন্মত্ত হৈ খুৰ খনেৰে নিজৰ কান এখন কাটি পেলালে আৰু কটা কানখন খাম এটাত ভৰাই ,তেওঁক প্ৰত্যাখান কৰা আৰু তেওঁৰ ডাঙৰ কান দুখনক ঠাট্টা কৰা বেশ্যা এজনীৰ হাতত তুলি দিলে।
        প্ৰচুৰ ৰক্তপাত হোৱাত ভেন গঘ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ল। কিন্তু তেওঁৰ উন্মাদগ্ৰস্ত আচৰণৰ অন্ত নপৰিল।তেওঁৰ অপ্ৰকৃতিস্থ আচৰণত সাধাৰণ নাগৰিক ইমানেই আতংকিত হৈ উঠিছিল যে চিকিৎসালয়ৰ পৰা মুক্তি পোৱাৰ দিনাই প্ৰায় চাৰিকুৰি নাগৰিকে ভেন গঘক 'পগলা' বুলি উল্লেখ কৰি তেওঁক  চহৰৰ পৰা দূৰৱৰ্তী স্থানলৈ স্থানান্তৰিত কৰবলৈ চিকিৎসালয় কৰ্তৃপক্ষক দাবী জনায়।
        কেমিল পিছাৰোৰ পৰামৰ্শ অনুসৰি ভেন গঘ 1890 চনত পেৰিচৰ উত্তৰ-পশ্চিম সীমান্তৰ গ্ৰাম্যাঞ্চল অ'ভাৰ্চ (Auvers)লৈ চিকিৎসাৰ বাবে যাত্ৰা কৰে।কিন্তু তাতো তেওঁ সুস্থিৰে থাকিব নোৱাৰিলে।মানসিক সন্তুলন হেৰুৱাই তেওঁ নিজৰ ৰিভলভাৰেৰে বুকুত গুলিয়াই আত্মহত্যা কৰিলে।
        নিজৰ জীৱন সম্পৰ্কে আশাবাদী নহ'লেও ভেন গঘ আছিল নিজৰ সৃষ্টিকৰ্মৰ প্ৰতি পূৰ্ণমাত্ৰাই আস্থাশীল।সেইবাবেই উন্মাদৰ দৰে অক্লান্তভাৱে তেওঁ ছবি আঁকি গৈছিল।ভেন গঘৰ অবিশ্ৰান্ত কৰ্মশক্তি আৰু সংগ্ৰামময় জীৱনৰ সমস্ত কাহিনী আৰভিং ষ্ট'নে 'লাষ্ট ফ'ৰ লাইফ'ত উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণিত ' মায়া' এনে একমাত্ৰ এটা নাৰী চৰিত্ৰ যি ভেন গঘক আৰু তেওঁৰ শিল্প-প্ৰতিভাক সঁচা অৰ্থত অন্তৰেৰে শ্ৰদ্ধা কৰিছিল আৰু ভাল পাইছিল।উপন্যাসখনৰ এঠাইত তেওঁ মায়াক সুধিছে-তেওঁৰ দৰে এজন কুন্ধচ আৰু কুৎসিত চেহেৰাৰ মানুহক তাই কেনেকৈ ভাল পাব পাৰে? ইয়াৰ উত্তৰত মায়াই কৈছে---You are not ugly, Vincent.You are beautiful.You have tormented and tortured this poor body in which your soul is wrapped, but you can not injure your soul.It is that I love.And when you have destroyed yourself by your passionate labours,that soul will go on...endlessly. -অৰ্থাৎ 'তুমি কুৎসিত নোহোৱা,ভিনচেণ্ট-তুমি সুন্দৰ।তুমি সেই শৰীৰক  যন্ত্ৰণা দিছা যি শৰীৰত তোমাৰ আত্মা বন্দী হৈ আছে।কিন্তু এই আত্মাক তুমি কেতিয়াও আঘাত সানিব নোৱাৰা যাক মই ভাল পাওঁ।তুমি উদ্ভ্ৰান্ত শ্ৰমেৰে নিজক ধ্বংস কৰিছা,কিন্তু  তোমাৰ আত্মা অন্তহীনভাৱে চিৰকাললৈ জীয়াই থাকিব..' ।
        স্বাভাৱিকতে প্ৰশ্ন হয়-আৰভিং ষ্ট'নে উপন্যাসখনত বৰ্ণনা কৰা কাহিনীবোৰৰ সত্যতা কিমান?কাহিনীবোৰ ভেন গঘৰ জীৱনত যথাযথভাৱে সঁচাকৈয়ে ঘটিছিল নে? এই প্ৰশ্নৰ উত্তৰত আৰভিং ষ্ট'নে উপন্যাসখনৰ শেষৰ এটি টোকাত লিখিছে--'There is an occasional stretch of pure fiction,such as the Maya scene...I have portrayed a minor incident where I was convinced of its probability even though I could not document it......Aside from these technical liberties ,the book is entirely true. ' অৰ্থাৎ  কাহিনীৰ স্বাৰ্থত তেওঁ কিছুমান ঘটনা বা পৰিৱেশৰ লগতে 'মায়া'ৰ দৰে কাল্পনিক নাৰী চৰিত্ৰও অংকণ কৰিছে যিবোৰৰ  সন্দৰ্ভত প্ৰামাণিক তথ্য নাথাকিলেও বাস্তৱতাৰ সম্ভাৱনাও কিন্ত যথেষ্ট আছিল ।তাৰোপৰি ভেন গঘে ভায়েক থিওলৈ বিভিন্ন সময়ত লিখা চিঠি-পত্ৰসমূহৰ ওপৰত ভিত্তি কৰিয়েই উপন্যাসখন লিখা বুলিও আৰভিং ষ্ট'নে উল্লেখ কৰিছে।যি কি নহওক,কাল্পনিক হ'লেও 'মায়া' চৰিত্ৰৰ মাজেদি উপন্যাসিকে ভেন গঘৰ অক্লান্ত প্ৰাণশক্তি আৰু প্ৰতিভাৰ  এটা অনন্য দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। (সমাপ্ত)

ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস,বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ

        ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস, বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ
                                                  -বীৰ্কে বি. থাপা
                                                  (9954249916)
                              

          ভাৰতবৰ্ষত সাংবাদিকতাৰ ভেঁটি নিৰ্মান কৰাৰ ক্ষেত্ৰত জেমচ্ অ'গষ্টাচ হিকিৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। 1779 /80 চনত কলিকতাৰ পৰা প্ৰকাশিত ভাৰতবৰ্ষৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত  ' বেংগল গেজেট'ত নিয়মীয়াকৈ  লিখি থকা স্তম্ভ -লেখ(columns) সমূহৰ জড়িয়তে এইগৰাকী সাংবাদিকে ক'বলৈ গ'লে প্ৰায় অকলেই ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰূদ্ধে মুক্ত কণ্ঠেৰে প্ৰতিবাদ সাব্যস্ত  কৰিছিল আৰু এই কাকতখনতে তেওঁ চৰকাৰৰ কাৰ্যাৱলীৰ বিৰূদ্ধে জনতাৰ কণ্ঠক নিৰ্ভীকভাৱে প্ৰকাশ কৰিছিল।
       ভাৰতবৰ্ষত বাতৰি কাকতৰ ইতিহাসলৈ দৃষ্টি নিক্ষেপ কৰিলে 'বেংগল গেজেটৰ  জেমচ্ অ'গষ্টাচ হিকিৰ নাম সৰ্বপ্ৰথমেই উল্লেখ কৰা হয় তথাপিতো কিন্তু আমি মনত ৰাখিব লাগিব যে সেইকালত সাংবাদিকতাই ভাৰতবৰ্ষত বিশেষ মূৰ দাঙি থিয় হ'ব পৰা নাছিল। কাৰণ মি: হিকিয়ে বাতৰি কাকতখনৰ জড়িয়তে বৃটিছ চৰকাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনিয়মৰ বিৰূদ্ধে কঠোৰ প্ৰতিবাদ কৰাৰ ফলস্বৰূপে কাকতখন প্ৰকাশ পোৱাৰ এবছৰতেই 1781 চনত তেওঁৰ বিৰূদ্ধে চৰকাৰী নোটিচ জাৰি কৰা হয় আৰু বিচাৰৰ অন্তত কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল।গতিকে সিমানতে তেওঁৰ সাংবাদিকতাৰ পৰিসমাপ্তি ঘটিছিল।
       ভাৰতবৰ্ষত সাংবাদিকতাৰ প্ৰকৃত সোণালী যুগ (Golden Era of newspaper in India)
আৰম্ভ হৈছিল 'বেংগল গেজেট' বন্ধ হোৱাৰ প্ৰায় তিনি দশকৰ পাছত ।সেই সময়ত অৰ্থাৎ 1811 চনত জেমচ্ চিল্ক বাকিংহামৰ (James Silk Buckingham) সম্পাদনাত প্ৰকাশ পাইছিল ‘Calcutta Chronicle’ নামৰ এখন বাতৰি কাকত।এইগৰাকী সাংবাদিকেই পোন প্ৰথমবাৰৰ বাবে সাংবাদিকতাৰ সম্পৰ্কত  এক নতুন ধাৰণা প্ৰতিষ্ঠা কৰিছিল।তেওঁ সাংবাদিকতাৰ নিকা আৰু স্পষ্ট প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ উপৰিও জনসাধাৰণৰ স্থানীয় সমস্যাসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সততে গুৰুত্ব প্ৰদান কৰিছিল। সেই সময়ত ৰক্ষণশীল ভাৰতীয় সমাজ-ব্যৱস্থাত প্ৰচলিত 'সতীদাহ প্ৰথা'ৰ দৰে কিছুমান দোষ-ত্ৰুটিসমূহৰ বিৰূদ্ধে যথেষ্ট লেখা-মেলা কৰিছিল।তাৰ পাছতে ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিয়েও সংবাদ পত্ৰৰ শক্তি বা ভূমিকাৰ কথা উপলদ্ধি কৰিছিল আৰু 'সংবাদ কৌমুদী' নামৰ বাংলা ভাষাৰ কাকত এখনৰ প্ৰকাশ আৰম্ভ কৰিছিল 1822 চনত। সেই সময়ত আৰু দুখনমান সংবাদ -পত্ৰ প্ৰকাশ পোৱাৰ তথ্য পোৱা যায় ।বৃটিচৰ শাসন আৰু ভাৰতীয় ৰক্ষণশীল সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ বিৰূদ্ধে জনসাধাৰণক সচেতন কৰি তোলাই এই সংবাদপত্ৰসমূহৰ মুখ্য উদ্দেশ্য আছিল।অৱশ্যে তাৰে কিছুসংখ্যক সংবাদ-পত্ৰ বৃটিছ শাসনৰ সপক্ষতো থিয় দিয়া কথা অস্বীকাৰ কৰিব নোৱাৰি।আন কিছু সংখ্যক সংবাদ-পত্ৰৰ লক্ষ্য আৰু উদ্দেশ্য আছিল কেৱল ব্যৱসায়িক স্বাৰ্থ।সেইকালৰ ভাৰতীয় পুঁজিপতি বণিক-গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ বাবেও  সেইবোৰ বাতৰি কাকত বা সংবাদ -পত্ৰসমূহ ব্যৱহাৰ কৰিছিল।বাতৰিতকৈ বিভিন্ন পণ্য সামগ্ৰিৰ বিজ্ঞাপন প্ৰকাশতে সেই সংবাদ -পত্ৰসমূহে অধিক গুৰুত্ব দিয়া দেখা গৈছিল।
        1861 চনত ৰবাৰ্ট নাইট(Robert Knight)ৰ সম্পাদনাত প্ৰকাশ পোৱা এখন উল্লেখযোগ্য বাতৰি কাকত আছিল The Times of India নামৰ কাকতখন।কাকতখন  আজিও চলি আছে আৰু এইখনেই হৈছে ভাৰতবৰ্ষৰ সৰ্বাধিক প্ৰচলিত ইংৰাজী ভাষাৰ বাতৰি-কাকত। কাকতখনে আৰম্ভণিৰে পৰাই বৃটিছ চৰকাৰ আৰু শাসনৰ সমৰ্থন আগবঢ়াই আহিছিল।আনহাতে 1868  চনত প্ৰকাশ পোৱা  'অমৃত বাজাৰ পত্ৰিকা' নামৰ আন এখন বহুল প্ৰচাৰিত বাংলা ভাষাৰ কাকতখনে কিন্তু তৎকালীন ভাৰতীয় সমাজ-ব্যৱস্থাৰ দোষ-ত্ৰুটি,কেৰোণ সমূহৰ ৰূপান্তৰ,পৰিশোধন আদিৰ লগতে বৃটিছ শাসন-ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি গৈছিল।একে উদ্দেশ্যৰে প্ৰকাশ পোৱা আন এখন উল্লেখযোগ্য কাকত আছিল 1878 চনত প্ৰকাশিত The Hindu নামৰ কাকতখন আৰু এইখন কাকত তামিলনাডু আৰু কেৰেলাতে সৰ্বাধিক প্ৰচলিত আছিল।
         বৃটিচৰ শাসনকালত প্ৰকাশিত বহুকেইখন সংবাদপত্ৰই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰগতিতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা সংবাদ-পত্ৰসমূহৰ ভিতৰত বাল গংগাধৰ তিলকৰ 'কেশৰী',মহাত্মা গান্ধীৰ 'ইয়ং ইণ্ডিয়া ' আৰু 'হৰিজন' তথা জৱাহৰলাল নেহৰুৰ  'নেশ্যনেল হেৰাল্ড' নামৰ বাতৰি-কাকতৰ কথা বিশেষ উল্লেখযোগ্য। কিন্তু  যিকেইখন বাতৰি-কাকতে বৃটিছৰ শাসন আৰু কাৰ্যাৱলীৰ কঠোৰ সমালোচনা কৰিছিল সেইকেইখন বাতৰি কাকতৰ স্বাধীনতাক খৰ্ব কৰাৰ উদ্দেশ্যেৰে  বৃটিছ চৰকাৰে  পূৰ্বৰে পৰা চেষ্টা চলাই যোৱা পৰিলক্ষিত হয়। বৃটিছ চৰকাৰে Vernacular Press Act in 1878 , the Newspapers (Incitement to offences )Act of 1908, the Indian Press Act 1931, the Press Objectionable Matter Act 1951, the Newspaper Price and Page Act 1956 আদিৰ দৰে এক্ট জোৰকৈ জাপি দি সংবাদ পত্ৰ আৰু সাংবাদিকৰ স্বাধীনতাত নাকী লগাবলৈ অহৰহ চেষ্টা চলাইছিল। The Vernacular Press Act (VPA) অনুসৰি ভাৰতবৰ্ষৰ স্থানীয় ভাষাত প্ৰকাশিত যিকোনো  বাতৰি কাকতৰ মুদ্ৰক আৰু প্ৰকাশকক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে যিকোনো সময়ত আদালতলৈ চমন জাৰি কৰিব পাৰিব আৰু বৃটিছ চৰকাৰৰ বিৰূদ্ধে বা অন্য যিকোনো ধৰ্ম -সম্প্ৰদায়ৰ বিৰূদ্ধে যাতে কাকতখনে কোনো বক্তব্য প্ৰকাশ নকৰে সেই কথাৰ নিশ্চয়তা কাকত-কৰ্তৃপক্ষই প্ৰদান কৰিব লাগিব।এই ক্ষেত্ৰত মেজিষ্ট্ৰেট গৰাকীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আৰু আদালতত এই সন্দৰ্ভত কোনো আৱেদন গ্ৰহণ কৰা নহ'ব। সংবাদ-পত্ৰৰ স্বাধীনতা খৰ্ব কৰা এনে ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততে  1883 চনত 'দি বেংগলী'নামৰ বাতৰি কাকতখনৰ সম্পাদকীয়ত কলিকতা হাই ক'ৰ্টৰ এগৰাকী ন্যায়াধীশক কঠোৰভাৱে সমালোচনা কৰাৰ অপৰাধত সুৰেন্দ্ৰ নাথ বেণাৰ্জীক কাৰাদণ্ড বিহা হৈছিল।তেঁৱেই আছিল কাৰাবৰণ কৰা প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক।সেইদৰে বাল গংগাধৰ তিলকেও তেওঁৰ নিজৰ বাতৰি কাকত 'কেশৰী'ৰ জড়িয়তে বৃটিছ শাসনৰ বিৰুধীতা কৰিছিল  যাৰ বাবে চৰকাৰে তিলকক প্ৰতিহত কৰিবলৈ চেলু বিচাৰি আছিল।অৱশেষত 'কেশৰী' কাকতত প্ৰকাশিত তেওঁৰ এটি কবিতাৰ ভিত্তিত হত্যাকাণ্ডৰ ঘটনা এটাৰ সৈতে তেওঁ জড়িত থকাৰ অভিযোগত তিলকক গ্ৰেপ্তাৰ কৰি ওঠৰ মাহৰ কাৰাদণ্ড দিয়া হৈছিল।
         ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় সংবাদপত্ৰসমূহে হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই পাইছিল আৰু দেশ-জাতি-সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপে পুনৰ নিৰ্ভীকভাৱে থিয় দিছিল। স্বাধীনোত্তৰ কালৰ চৰকাৰৰ কাৰ্যাৱলীৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু সেই কাৰ্যাৱলীৰ দোষ-ত্ৰুটিসমূহ আঙুলিয়া দিয়াৰ ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে অভূতপূৰ্ব ভূমিকাত অৱতীৰ্ণ হৈছিল।
চৰকাৰেও  ভাৰতীয় সংবিধানৰ পৰিপ্ৰেক্ষিতত সংবাদ-মাধ্যমৰ স্বাধীনতা আৰু উন্নতিৰ বাবে নিশ্চিতভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এটা উল্লেখযোগ্য পদক্ষেপ আছিল 'প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়া' গঠণ। উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক চেয়াৰমেন হিচাপে ৰখা এই কাউঞ্চিলত সংসদৰ দুয়োটা সদনৰ সাংসদ,সংবাদ আৰু সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত সৰ্বমুঠ আঠাইশ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল।ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে স্বাধীনোত্তৰ কালত প্ৰেছৰ স্বাধীনতাক আৰু প্ৰেছৰ স্থিতিক ভাৰতীয় গণতন্ত্ৰত যথেষ্ট গুৰত্ব দিয়া হৈছে।সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে।
         কিন্তু তৎস্বত্ত্বেও সাংবাদিক নিগ্ৰহৰ ঘটনা নঘটাকৈ থকা নাই।বিগত কালত চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়োৱা বহু কেইগৰাকী সাংবাদিক আৰু সংবাদ-পত্ৰ তথা দূৰদৰ্শন আদি বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত সংবাদকৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা সকলোৰে জ্ঞাত।সংবাদ-পত্ৰৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈ বিগত কালত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰে সংবাদ-পত্ৰৰ স্বাধীনতাত পুনৰ হস্তক্ষেপ কৰিবলৈ তৎপৰ হৈ উঠা পৰিলক্ষিত হয়।
         অসমৰ প্ৰেক্ষাপটলৈ দৃষ্টি নিক্ষেপ কৰিলেও দেখা যায় যে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তিৰ হত্যাকাণ্ডৰ সৈতে প্ৰতিক্ৰিয়াশীল শক্তি জড়িত আছিল।গতিকে অসমৰ সাংবাদিকসকলেও সত্যনিষ্ঠ আৰু নিৰপেক্ষ  সংবাদ পৰিৱেশনৰ বেলিকা নানান প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয়।আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত বহু সংবাদ প্ৰতিষ্ঠানৰ মালিক,সম্পাদক বা সংবাদকৰ্মীসকল ৰাজনৈতিক দলসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলস্বৰূপে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সংবাদ প্ৰকাশ পোৱাত যথেষ্ট বাধাৰ সৃষ্টি হৈছে।আৰু এটা লক্ষনীয় কথা এই যে,আজি বহুলোকে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সাংবাদিকতাত নিজকে উচৰ্গা কৰি দিলেও ৰাজনৈতিক প্ৰভাৱগ্ৰস্ত মালিকপক্ষৰ মইমতালিৰ বাবে মুক্তভাৱে সংবাদ পৰিৱেশন কৰাত বাধাৰ সন্মুখীন হৈ আহিছে।দ্বিতীয়তে,সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়টো আজিও সুনিচ্ছিত হোৱা নাই।গণতান্ত্ৰিক দেশ এখনত যুক্তিপূৰ্ণভাৱে চৰকাৰৰ বিৰুদ্ধেও বাতৰি-কাকতত লিখা-মেলা কৰাৰ স্বাধীনতা সকলোৰে থাকে।সেয়ে তেনে কাৰ্যক দেশবিৰুধী কাৰ্য বুলি অন্যায়ভাৱে কাৰোবাক এৰেষ্ট কৰাটো সংবিধান বিৰুদ্ধ।গতিকে শাসকপক্ষই সাধাৰণতেই সাংবাদিকক এৰেষ্ট কৰা কাৰ্যৰ পৰা বিৰত থকাই দেখা যায়।কিন্তু শাসকপক্ষৰ উদ্যোগত অন্য প্ৰতিক্ৰিয়াশীল চক্ৰই সংশ্লিষ্ট সাংবাদিকসকলক অমানুষিক অত্যাচাৰ কৰা কাৰ্যক কোনে ৰোধ কৰিব?গুপ্তঘাতকৰ হাতত পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'লনে? আইনৰ মেৰপাচত দোষী সকল হাৰি যোৱাটোৱে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ দুৰ্বলতা ।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকসকলৰ নিৰাপত্তা তেনেই অনিশ্চিত ৰূপে পৰিগণিত হৈছে।
      আজিৰ যুগত আমাৰ সমাজত বাতৰি কাকতৰ ভূমিকা যথেষ্ট।ই আমাক বিভিন্ন ঘটনাৱলীৰ খবৰ দিয়াৰ উপৰিও শিক্ষা আৰু মনোৰঞ্জনৰো যোগান ধৰে।অৰ্থাৎ বাতৰি কাকতৰ ভূমিকা আজি কেৱল বাতৰি দিয়াতে সীমাবদ্ধ হৈ থকা নাই।বাতৰি কাকত হৈ পৰিছে
info-edu-tainment -অৰ্থাৎ এনে এটা মাধ্যম য'ত information, education আৰু entertainment সমানে পাব পাৰি।
       সংবাদ মাধ্যম(media)ক গণতন্ত্ৰৰ  ‘Fourth Estate’ or ‘Fourth Pillar’ অৰ্থাৎ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।কাৰণ সংবিধান প্ৰদত্ত 'গণতন্ত্ৰ'ৰ তাৎপৰ্য নিৰ্ভৰ কৰে জনসাধাৰণৰ বাক স্বাধীনতাৰ ওপৰত।জনসাধাৰণৰ কণ্ঠক সংবাদ-পত্ৰসমূহে প্ৰকাশ কৰে।সংবাদ মাধ্যমে জনসাধাৰণলৈ সকলো প্ৰকাৰৰ বাৰ্তা যোগান ধৰাৰ উপৰিও চৰকাৰী নীতি আৰু কাৰ্যাৱলীৰ ওপৰত চোকা নজৰ ৰাখি জনতাক সেই বিষয় সম্পৰ্কত সজাগ কৰি ৰাখে।
       ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা বৰ্তমানলৈকে  সংবাদ আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছুমান লক্ষণীয় পৰিৱৰ্তনে দেখা দি আহিছে ,যেনে-(1) বাতৰি-কাকতৰ ছপা কাৰ্যত ব্যাপক প্ৰযুক্তিগত উন্নতি সাধন হৈছে  (2) পাঠকৰ সংখ্যা আৰু সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু (3) সংবাদপত্ৰসমূহ ক্ৰমান্বয়ে কমাৰ্চিয়েল হ'বলৈ আৰম্ভ কৰিছে।আজি ভাৰতবৰ্ষৰ সংবাদ -উদ্যোগটো সমগ্ৰ বিশ্বৰে অন্যতম এক বৃহত্তম উদ্যোগলৈ পৰিণত হৈছে।বাতৰি কাকতসমূহ কমাৰ্চিয়েল আৰু প্ৰফিট -অৰিয়েণ্টেড হৈ পৰাৰ বাবেই পুঁজিবাদী ৰাষ্ট্ৰ-ব্যৱস্থাৰ দ্বাৰা উদ্ভূত ভোগবাদী মানসিকতাক অনুপ্ৰাণিত কৰা বাণিজ্যিক চলচিত্ৰ, ফ্যেশ্বন, বিলাসিতাপূৰ্ণ পণ্য-সামগ্ৰিৰ বিজ্ঞাপন,চাঞ্চল্য আৰু শিহৰণকাৰী হত্যা-ধৰ্ষণ-অবৈধ প্ৰেম আদিৰ দৰে বিষয়সমূহ বাতৰি কাকতৰ অন্যতম মুখ্য বিষয় হৈ পৰিছে।আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো বহুকেইখন বাতৰি কাকতে কেৱল পাঠকৰ সংখ্যা বৃদ্ধি কৰিবলৈকে ৰাশিফলৰ শিতান একোটা প্ৰতি দিনে প্ৰকাশ কৰি অহা দেখা যায়।
         সংবাদজগতখন পৰ্যায়ক্ৰমে বহুতৰ বাবে,বিশেষকৈ সংবাদ -পত্ৰৰ সৈতে জড়িত মালিকপক্ষ,সম্পাদক আৰু সংবাদ দাতা(Reporters) সকলৰ বাবে আজি কৰ্মসংস্থাপনৰো মুখ্য উৎস হৈ পৰিছে।আজি সমগ্ৰ বিশ্বত ভাৰতীয় সংবাদ -উদ্যোগে দ্বিতীয় স্থান লাভ কৰিছে।তথ্য মতে,ভাৰতবৰ্ষত 70,000তকৈয়ো অধিক সৰু-ডাঙৰ বাতৰি কাকত আৰু  1,600 তকৈয়ো অধিক চেটেলাইট চেনেল আছে।তাৰে চাৰিশতকৈয়ো অধিক হৈছে নিউজ চেনেল।কোৱা হৈছে যে বাতৰি কাকতৰ এশ নিযুততকৈয়ো অধিক কপি প্ৰতিদিনে বিক্ৰী হয়।  এনে এটা বৃহৎ উদ্যোগ হোৱা স্বত্ত্বেও কিন্তু সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ অৱস্থা আশানুৰূপভাৱে ভাল নহয়।
         এই কথা আজি সকলোৰে জ্ঞাত  যে, সাংবাদিকতাতে জীৱন উচৰ্গা কৰা বহুতৰ বাবে সাংবাদিকতাই একমাত্ৰ পেছা।ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰানালয়ে 2011 চনত মাঝিথিয়া দৰমহা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰি সাংবাদিকসকলৰ দৰমহা সন্দৰ্ভত উচিত আৰু স্থিৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতো আজিকোপতি তাৰ একো সুফল আমি দেখা নাই। পুঁজিপতি মালিকগোষ্ঠীৰ ব্যৱসায়িক স্বাৰ্থ,সাংবাদিকসকলৰ প্ৰতি প্ৰদৰ্শন কৰি অহা অসহানুভূতিশীল আচৰণ আদিৰ বাবে দিনে-নিশাই,ৰ'দে-বৰষুণে ঘূৰি ফুৰি বাতৰি সংগ্ৰহৰ দৰে কঠিন কাম কৰিবলগীয়া হোৱাৰ পাছতো বহু সংবাদ পত্ৰৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰখাটো অত্যন্ত দুৰ্ভাগ্যজনক।অৱশ্যে ইয়াৰ দ্বাৰা আমি সকলোবোৰ কাকতক দোষ দিব বিচৰা নাই।কিন্তু কিছু সংখ্যক কাকতৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰি অহা ঘটনাৰ কথা ভুক্তভোগী সাংবাদিকসকলৰ মুখেৰে আমি শুনিছোঁ।যিসকল সাংবাদিকৰ অক্লান্ত শ্ৰম,আহোপুৰুষাৰ্থ আৰু ত্যাগৰ ফলস্বৰূপে বাতৰি কাকত একোখনে ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰে সেই সকলক গুৰুত্বহীন কৰি তোলাটো অথবা তেওঁলোকক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়।সেইদৰে বাতৰি কাকতত লেখা-মেলা কৰি থকা লেখক-লেখিকাসকলৰো কাকতখনৰ ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত যথেষ্ট অৱদান থাকে।সাংবাদিকসকলৰ দৰে লেখক-লেখিকাসকলকো তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিষয়টোলৈ লক্ষ ৰাখি উপযুক্ত মাননি প্ৰদানৰ আইনসংগত বিধি তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আছে। সংবাদ মাধ্যমটো আজিৰ যুগত ৰাজনৈতিক প্ৰভাৱপুষ্ট হোৱাৰ লগতে পুঁজিপতি গোষ্ঠীৰ  মালিকাধীন হৈ পৰাৰ ফলস্বৰূপে বাৰ্তাজীৱি লোকসকলৰ ভৱিষ্যৎ বহুখিনি অনিশ্চিত হৈ পৰিছে।এই বিষয়তো বিধি- ব্যৱস্থা তৎকালেই লোৱা উচিত।(সমাপ্ত)

        

         






জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা                                                      - বীৰ্কে বি থাপা     অসমীয়া ভাষা বুলি ক...