Wednesday, June 2, 2021
প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা আধ্যাত্মিক প্ৰেম কাহিনী- 'লা নুই বেংগলী ' আৰু ' ন হণ্যতে '
Friday, May 28, 2021
স্খলিত সমাজৰ কলংকিত কাহিনী ---পাপ
Tuesday, May 25, 2021
হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত
হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত
-বীৰ্কে বি.থাপা
আমাৰ দৰে হয়তো আৰু বহুতৰ বাবেই কৈশোৰ আৰু যৌৱনৰ দিনবোৰত হোমেন বৰগোহাঞিদেৱৰ ৰচনা আছিল অফুৰন্ত প্ৰেৰণাস্বৰূপ।জীৱনটোক সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিবলৈ শিকাইছিল তেখেতৰ ৰচনাসমূহে।ঢকুৱাখানা,মাহমৰাৰ দৰে গাঁৱৰ গাৱঁলীয়া জীৱনৰ পৰা আৰম্ভ কৰি চহৰৰ মধ্যবিত্তীয় জীৱনৰ দ্বন্দ্ব-সংঘাতলৈ,কাৰখানাৰ শ্ৰমিক, ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি বেশ্যালয়ৰ পংকিলতাৰে পূৰ্ণ জীৱনলৈ,শিক্ষক-সাংবাদিকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ জীৱনলৈকে -সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ বাহ্যিক আৰু অন্তৰ্জগতৰ বাস্তৱ চিত্ৰ অসাধাৰণ গদ্য শৈলীৰে অংকন কৰা হোমেন বৰগোহাঞি প্ৰকৃততেই এগৰাকী অনন্য আৰু অদ্বিতীয় লেখক।তেখেতেই সম্ভৱ অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী লেখক যি বিশ্বৰ খ্যাতনামা লেখক-সাহিত্যিক,শিল্পী, দাৰ্শনিক, মনোবিজ্ঞানী,ৰাজনীতিবিদ,অৰ্থনীতিবিদ, ক্ৰীড়াবিদ, উদ্যোগপতি,স্থাপত্যবিদ আদিৰ জীৱনচৰ্যা,আদৰ্শ,কৃচ্ছসাধনা আদিৰ সম্পৰ্কত বিশালায়তনত লেখা-মেলা কৰি অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল।তেখেতেই হয়তো একমাত্ৰ এনে এগৰাকী লেখক যাৰ অসাধাৰণ গদ্যশৈলীত মুগ্ধ এচাম পাঠকে তেখেতৰ পৰাই শিকিছিল সেই কৌশল যি কৌশলেৰে জীৱনত জীয়াই থাকিব পাৰি, জীৱনক ভাল পাব পাৰি। তেখেতৰ ৰচনাই পাঠকক শিকায় -কেনেকৈ অন্তৰ্মুখী চেতনাৰে আমি নিজৰ আত্মাক অন্বেষণ কৰিব লাগে, চেতনাৰ অতল তলিত লুকাই থকা সত্যক আৱিস্কাৰ কৰিব লাগে,কেনেকৈ বিবেকৰ নিৰ্দেশ পালন কৰি পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰিব লাগে। জীৱনৰ কঠোৰ বাস্তৱক সহজভাৱে স্বীকাৰ কৰি,অপ্ৰাপ্তিৰ বেদনাই দিয়া 'নিগেটিভেটি'ৰ মাজতো প্ৰাপ্তিৰ আনন্দ বুটলিবলৈ আমাক শিকায় হোমেন বৰগোহাঞিৰ ৰচনাই। অসমীয়া সাহিত্যত মনস্তাত্বিক বিশ্লেষণৰ এটা নতুন ধাৰা প্রবৰ্তনৰ ক্ষেত্ৰতো তেখেতক অন্যতম এগৰাকী শক্তিশালী বাটকটীয়া বুলি গণ্য কৰিব পাৰি।
বহুকেইটা গল্প আৰু উপন্যাসত বৰ্ণিত 'বাপুকণ" ৰ দৰে চৰিত্ৰৰ মাজেৰে তেখেতে নিজৰ শৈশৱ আৰু কৈশোৰৰ চিত্ৰ অংকণ কৰিছে। দেউতাকৰ কিতাপৰ আলমাৰীৰ পৰা এখন-দুখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰা বৰগোহাঞিদেৱে সৰুৰে পৰাই কিতাপৰ ৰহস্যময় পৃথিৱীত বিচৰণ কৰাৰ দৰে অসাধাৰণ অভিজ্ঞতা লাভ কৰিছিল।অকল কিতাপেই নহয়,
শৈশৱৰ ধাননি পথাৰ,বোকা মাটি,চাৰিকঢ়ীয়াৰ নৈ,খাল-বিল-পুখুৰী,সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ৰঙা ৰ'দ,বৰষুণ আদিয়েও তেখেতৰ মন পুলকিত কৰিছিল।সৰুৰে পৰাই তেখেত আছিল শান্ত আৰু অন্তৰ্মুখী স্বভাৱৰ।
ঢকুৱাখানাৰ পৰা তেখেতৰ যাত্ৰা গুৱাহাটীলৈ।মনত প্রবল ইচ্ছা কটন কলেজত পঢ়াৰ।ইচ্ছা গুৱাহাটী মহানগৰখন হেপাহ পলুৱাই চোৱাৰ।গুৱাহাটীলৈ গৈ তেখেতে মনৰ হেপাহ পলুৱাই চালে মহানগৰৰ সৌন্দৰ্য।এই সৌন্দৰ্যৰ লগে লগে তেখেতে মহানগৰৰ অলিয়ে-গলিয়ে সোমাই জন্তু-জানোৱাৰৰ দৰে বাস কৰা মানুহৰ,টকাৰ বাবে নিজৰ দেহা বিক্ৰী কৰা বেশ্যাবোৰৰ পংকিলতাৰে পূৰ্ণ জীৱনো প্ৰত্যক্ষ কৰিলে।
1932 চনত লক্ষীমপুৰৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বৰগোহাঞিদেৱ তেখেতৰ গোটেই শৈশৱ কালছোৱাতে মেলেৰিয়া বেমাৰত ভূগি তেনেই নিশকটীয়া হৈ পৰিছিল।সেই নিশকটীয়া শৰীৰটোৰেই কটন কলেজলৈ অধ্যয়ন কৰিবলৈ গৈ এদিন কোনোবা এগৰাকী গাভৰুৰ সৌন্দৰ্যত এক মুহূৰ্তৰ বাবে আশ্বৰ্যচকিত হৈ,হোষ্টেলৰ ৰূমলৈ উভতি আহি আৰ্চিত নিজৰ কুৎসিত মুখলৈ চাই প্ৰবল নীচাত্মিকাবোধত পৰা আৰু এখন্তেকৰ বাবে আত্মহত্যা পৰ্যন্ত কৰিব বিচৰা ঘটনাৰ পৰা আৰম্ভ কৰি 'এপিটাফ'ৰ দৰে চাঞ্চল্যকৰ গল্প লিখি তুমুল আলোড়ণৰ সৃষ্টি কৰি হোষ্টেল এৰিবলগীয়া হোৱা ঘটনালৈকে আৰু তাৰ পাছত এম,এ,পঢ়াৰ উদ্দেশ্যে কলিকতালৈ যাবলৈ ওলোৱা,দুৰ্ভাগ্যক্ৰমে বানপানীৰ বাবে ৰেলপথ-যোগাযোগ ব্যৱস্থা সকলো বন্ধ হৈ যোৱাত উচ্চ শিক্ষাৰ সপোন সিমানতে সমাপ্ত কৰা,ঘৰৰ পৰা পঠিওৱা সমস্ত টকা জুৱা খেল খেলি শেষ কৰা আদিলৈকে গুৱাহাটীত থকা কালৰ সমস্ত ঘটনা তেখেতে পৰৱৰ্তী কালত লিখা 'আত্মানুসন্ধান'ত উল্লেখ কৰিছে।
কলিকতাত এম এ পঢ়া সপোন সিমানতে অন্ত পৰাত তেখেত প্ৰশাসনীয় সেৱাৰ চাকৰিত অৱতীৰ্ণ হয় আৰু মাজুলীৰ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 1955 চনৰ পৰা উপ প্ৰতি সমাহৰ্তা হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে।
কিন্তু তাতো তেখেত সুখী হ'ব নোৱাৰিলে।কাৰণ,এছ,ডি,চি হিচাপে চাকৰি কৰি থকা কালত দাৰিদ্ৰ্যৰ ভয়ংকৰ ৰূপৰ লগে লগে তেখেতে প্ৰশাসন যন্ত্ৰৰ যি দানৱীয় ৰূপ আৰু ৰাজনীতিৰ যি শোষণকাৰী ৰূপ দেখিছিল, সিয়েই তেখেতক প্ৰথমবাৰৰ বাবে মাৰ্ক্সবাদ সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু চৰকাৰী উচ্চপদস্থ বিষয়াসকলে চলাই থকা ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে অকলে যুঁজ দিয়াৰ ক্ষমতা তেখেতৰ নাছিল।সেই সময়ছোৱাতে তেখেতে লিখিছিল-' বিভিন্ন নৰক ' নামৰ কিতাপখন।কিতাপখনে তুমুল বিতৰ্কৰ সৃষ্টি কৰাত আৰু তেনে এক পৰিস্থিতিত তেখেতৰ চাকৰি যে আৰু নৰ'বগৈ সেই কথাৰ পূৰ্বানুমান কৰিয়েই তেখেতে প্ৰশাসনীয় বিষয়াৰ চাকৰি ইস্তফা দিবলৈ বাধ্য হৈছিল।পৰৱৰ্তী কালত তেখেতে ৰাজনৈতিক ভণ্ডামীৰ চিত্ৰ 'কুশীলৱ 'আৰু 'তিমিৰ তীৰ্থ ' ৰ দৰে ৰাজনৈতিক উপন্যাসত অংকন কৰিছিল।
প্রশাসনীয় বিষয়াৰ চাকৰি ত্যাগ কৰাৰ পাছত হোমেন বৰগোহাঞিদেৱে 1968 চনৰ পৰা 'নীলাচল 'কাকতৰ জৰিয়তে প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে।1977 চনলৈকে তেখেতে 'নীলাচল'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আৰু কেইবাখনো বাতৰি কাকত -আলোচনীৰ সম্পাদনা কৰে।যেনে-'লোকায়ত','সমকাল' 'সূত্ৰধাৰ','কিশোৰ', 'অসম বাণী','আমাৰ অসম' 'দৈনিক বাতৰি', 'সাতসৰী', 'নিয়মীয়া বাৰ্তা' আদি। উল্লেখযোগ্য যে 2015 চনত তেখেতে 'নিয়মীয়া বাৰ্তা' কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আৰু মৃত্যু পৰ্যন্ত এই দায়িত্বতে আছিল।নিজৰ সাংবাদিক জীৱনৰ সুদীৰ্ঘ পথ-পৰিক্ৰমাৰ বিভিন্ন ঘটনা,প্ৰত্যাহ্বান আৰু বিৰল অভিজ্ঞতাৰে লিখা তেখেতৰ 'মোৰ সাংবাদিক জীৱন ' আৰু 'আশীৰ দশকৰ দস্তাবেজ' শীৰ্ষক গ্ৰন্থদুখন অতি উল্লেখযোগ্য গ্ৰন্থ। সমসাময়িক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা দৃষ্টিভংগীসমূহে বহু সময়ত বিতৰ্কৰ সূত্ৰপাত ঘটালেও এই কথা সত্য যে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা লেখনিসমূহত তেখেতৰ চিন্তা আৰু যুক্তিৰ গভীৰতা, বিশ্লেষণৰ পাৰদৰ্শিতা আৰু দূৰদৰ্শী মনৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
সাংবাদিকতাৰ লগে লগে হোমেন বৰগোহাঞিদেৱে দেশী-বিদেশী সাহিত্যৰ অধ্যয়ন তথা সাহিত্য-চৰ্চাও সমানে চলাই গৈছিল। তেখেতে লিখা প্ৰথমখন উপন্যাস আছিল ‘সুবালা’।বেশ্যালয়ৰ এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচিত এই উপন্যাসখন।তাৰ পাছত তেখেতে পিতা-পুত্র, হালধীয়া চৰায়ে বাওধান খায়,সাউদৰ পুতেকে নাও মেলি যায়, মৎস্যগন্ধা, অস্তৰাগ,তান্ত্ৰিক আদি কেইবাখনো উপন্যাস ৰচনা কৰিছিল।এই সমূহ উপন্যাসৰ মাজেৰে তেখেতে ক্ৰমান্বয়ে মূল্যবোধৰ দ্বন্দ্ব, মহাজনী শোষণ,জাত -পাতৰ ভেদাভেদ, বাৰ্ধক্য জীৱনৰ অভিশাপ আদি বিভিন্ন বিষয় চিত্ৰিত কৰিছে।তেখেতৰ গল্প আৰু একমাত্ৰ কবিতা পুথি ‘হৈমন্তী 'ৰ কবিতাসমূহতো অনুৰূপ চিত্ৰ দেখিবলৈ পোৱা যায়।
সেইদৰে মানুহৰ জীৱনৰ চিৰন্তন ৰহস্যই তেখেতৰ প্ৰায়বোৰ গল্প-উপন্যাস আৰু ৰচনাৰ প্রধান বিষয় হিচাপে ধৰা দিছে।'জীৱনৰ সাধনা', 'প্ৰজ্ঞাৰ সাধনা ', 'আনন্দ আৰু বেদনাৰ সন্ধানত' , 'সুখ দুখ ', 'আত্মদিপো ভৱ: ' , 'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস' ,' জীৱনৰ মধুৰতম সময় ' , 'বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি' , 'বিষন্নতা' , 'স্বৰ্গ আৰু নৰক', 'আত্মানুসন্ধান' 'ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা' , 'হৃদয়ৰ মানচিত্ৰ ' আদি গ্ৰন্থত তেখেতে আনাটোল ফ্ৰাঁ,এইচ জি ওৱেলছ,ৰবাৰ্ট লিণ্ড, হ'লডেন, কাজানৎজাকিচ, ছেমুৱেল বেকেট,বাৰ্ট্ৰাণ্ড ৰাছেল,যোচেফ কনৰাড,দেনিচ দিদেৰো, ৰুচ্যো, ভল্টেয়ৰ, ওপেনহাইমাৰ, ছেমুৱেল স্মাইলছ,চিগমণ্ড ফ্ৰয়দ,জৰ্জ লুই বৰ্ঝেছ,গ্যেটে,ডাগ হেমাৰশ্বল্ড আদিৰ দৰে অলেখ বিশ্ববিশ্ৰুত ব্যক্তিৰ চিন্তা আৰু দৰ্শনৰ মাজেৰে জীৱন আৰু জগতক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে।মানৱ জীৱনৰ চিৰন্তন ৰহস্য দুখ-যন্ত্ৰণা,নি:সংগতা আদিৰ লগে-লগে তেখেতে 'অস্তৰাগ'নামৰ উপন্যাসখনত মানৱ জীৱনৰ চৰম ট্ৰেজেদী বাৰ্ধক্য কালৰো অত্যন্ত কৰুণ আৰু হৃদয়স্পৰ্শী চিত্ৰ অংকণ কৰিছে।
সেইদৰে বৰগোহাঞিদেৱে তেখেতৰ ' আত্মানুসন্ধান', 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ', 'ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত)' আদি আত্মজীৱনীমূলক গ্ৰন্থত বিভিন্ন ঘটনা-পৰিঘটনা আৰু অভিজ্ঞতাৰ মাজেৰে এক অন্তৰ্মুখী চেতনাৰে নিজৰ জীৱনটোক নিৰীক্ষণ কৰিছে।জীৱনৰ অলেখ ঘাত-প্ৰতিঘাতৰ মাজতো নিৰাশগ্ৰস্ত নহৈ আনন্দেৰে জীৱনত জীয়াই থকাৰ কৌশল তেখেতে শিকিছে।(উল্লেখযোগ্য যে 1958 চনত তেখেতে অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক বিয়া কৰাইছিল যদিও এই সম্পর্ক স্থায়ী হোৱা নাছিল।দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ এখন উপন্যাসো লিখিছিল। )
পৃথিৱীৰ বিভিন্ন সভ্যতা-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ কাহিনীয়ে তেখেতক যথেষ্ট অনুপ্ৰাণিত কৰিছে।এই সভ্যতাসমূহৰ উত্থানৰ অন্তৰালত থকা মানুহৰ অসীম কষ্ট,আহোপুৰুষাৰ্থ আৰু কৃচ্ছসাধনাৰ বিষয়ে তেখেতে বিস্তৃতভাৱে
' আধুনিক যুগৰ জন্ম কাহিনী','মানুহ হোৱাৰ গৌৰৱ','ডাৰউইন','মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ',
'অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ' আদি গ্ৰন্থত।
ফৰাচী বিপ্লৱৰ অন্যতম বাটকটীয়া ৰুচ্যো আৰু ভল্টেয়ৰ,বিশ্বশান্তিৰ প্ৰবক্তা বাৰ্ট্ৰণ্ড ৰাছেল আদিৰ দৰে ব্যক্তিৰ কৰ্ম আৰু আদৰ্শৰে উদ্বুদ্ধ বৰগোহাঞিদেৱৰ ৰচনাত এইসকল ব্যক্তিৰ নাম বাৰে বাৰে উল্লেখ হোৱা পৰিলক্ষিত হয়।ফৰাচী দাৰ্শনিক ভল্টেয়ৰে তেওঁৰ আশীবছৰ বয়সতো তেনেই দুৰ্বল,ক্ষীন আৰু নিশকটীয়া দেহাৰে ফৰাচী অভিধানৰ প্ৰাৰম্ভিক বৰ্ণৰ সমস্ত শব্দ-অৰ্থ লিখাৰ দায়িত্ব অকলেই কান্ধ পাতি লোৱাৰ দৰে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ প্ৰায় উনসত্তৰ-সত্তৰ বছৰ বয়সত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈয়ে অসমীয়া ভাষাৰ বিশ্বকোষ প্ৰণয়নৰ দৰে গুৰু দায়িত্ব কান্ধ পাতি লৈছিল। বিশ্বকোষ প্ৰণয়ন যে সমগ্ৰ অসমৰে এটা জাতীয় দায়িত্ব -এই কথা অসমীয়া ৰাইজক অনুধাৱন কৰাবলৈ তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল। ৰাইজৰ পৰা সংগৃহীত ধনেৰে তেখেতে বিশ্বকোষ পুঁজি গঠন কৰিছিল আৰু আশাসুধীয়া প্ৰচেষ্টাৰে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছিল।
প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলে 'সুস্থ দেহত সুস্থ মন' বোলা আপ্তবাক্যত বিশ্বাস ৰাখিছিল আৰু স্বাস্থ্যৰ যত্ন লৈছিল।বৰগোহাঞিদেৱেও তেখেতৰ জীৱনত যথেষ্ট গুৰুত্ব দিয়া এটা বিষয় আছিল স্বাস্থ্যৰ যত্ন।তেখেতে বিশ্বাস কৰিছিল যে সুস্থ স্বাস্থ্যৰ ওপৰতে প্ৰকৃততে মানুহৰ জীৱনৰ সুখ বা আনন্দ নিৰ্ভৰ কৰে।শৈশৱতে প্ৰচণ্ড মেলেৰীয়াত ভূগি নিশকটীয়া হৈ পৰা বৰগোহাঞিদেৱক যি এক নীচাত্মিকাবোধে তিলতিলকৈ খুলি খুলি খাইছিল সেই নীচাত্মিকাবোধৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় আছিল স্বাস্থ্যৰ যত্ন।কিতাপৰ পৃথিৱীত সোমাই পিতপিতকৈ তেখেতে সন্ধান কৰিছিল-জীৱনত আনন্দেৰে জীয়াই থকাৰ মন্ত্র।বিশ্বৰ মহান মনিষীসকলৰ জীৱন-দৰ্শন,মনস্তাত্বিক দৃষ্টিভংগী আদিৰে তেখেতে জীৱনটোক যাপন কৰিবৰ বাবে প্ৰয়োজন হোৱা মানসিক খোৰাক গোটোৱাৰ লগে লগে দৈহিক স-স্বাস্থ্যৰ বাবে
ব্যায়াম-প্ৰাণায়াম,যোগ আদিৰ দৰে কথাবোৰতো অত্যন্ত গুৰুত্ব দিছিল।তেখেতে এই বিষয়ত ভালেমান ৰচনা আৰু 'স্বাস্থ্যৰ সাধনা','শৰীৰ আৰু হৃদয়','কাম কৰাৰ আনন্দ' ,'সুস্থ দেহত সুস্থ মন' আদিৰ দৰে গ্ৰন্থও ৰচনা কৰিছে।
তেখেতৰ দৃষ্টিত মানুহ জীয়াই থাকে কৰ্মেৰে।আৰু তেখেতৰ কৰ্মই হৈছে লেখা।নিলিখাকৈ তেখেত থাকিব নোৱাৰে। অসমীয়া সাহিত্যলৈ যুগুৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা,অসম উপত্যকা সাহিত্য বঁটা,সাহিত্য একাডেমি বঁটা তথা সংবাদ জগতলৈ যুগুৱা অৱদানৰ বাবে অসম সাহিত্য সভাৰ দ্বাৰা 'লক্ষ্মীনাথ ফুকন বঁটা', 'জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা',সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা 2019 চনত 'জীৱনজোৰা সাধনা বঁটা' আদিৰে সন্মানিত কৰা হৈছিল।তাৰোপৰি অসমৰ ৰাইজে তেখেতক দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও বৰণ কৰিছিল।কিন্তু তেখেতে নিজে উল্লেখ কৰা মতে, মান-যশ,সন্মান লাভৰ আশাৰে তেখেতে কেতিয়াও নিলিখে।'গদ্যৰ সাধনা'(পাঠকৰ টোকাবহী) শীৰ্ষক লেখাটিত তেখেতে লিখিছে-'মই কিয় লিখোঁ-এই প্ৰশ্নৰ উত্তৰত অতি অকপটভাৱে মই কেৱল এই কথাই ক'ব পাৰোঁ যে মই লিখোঁ,কাৰণ একমাত্ৰ লেখাৰ সময়তে মই জীৱনটো নিবিড়ভাৱে যাপন কৰাৰ অভিজ্ঞতা লাভ কৰোঁ।জীৱনৰ বাস্তৱ অভিজ্ঞতাবোৰ বেছিভাগ সময়তেই ইমান দ্ৰুতগতিৰে আৰু ইমান বিশৃংখলভাৱে ঘটে যে আমি সেইবোৰৰ আচল তাৎপৰ্য উপলদ্ধি কৰিবলৈ পোৱাৰ আগতেই সেইবোৰ কেৱল অতীত স্মৃতিত পৰিণত হয়।কিন্তু কলাৰ মাজত আমি এই গোটেইবোৰ অভিজ্ঞতাকে পুনৰ যাপন কৰিব পাৰো।আমি সেইবোৰৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ।'
লেখাটো তেখেতৰ বাবে এটা খেলা।তেখেতৰ মতে,শব্দৰ ৰহস্যই তেখেতক আজীৱন আৱিষ্ট কৰি ৰাখিছে।তেখেতৰ মতে,লেখকৰ এটা সাধাৰণ সংজ্ঞা হ'ল এয়ে যে যি মানুহে বাক্য গঠন কৰিব পাৰে আৰু তাকে কৰি আনন্দ লাভ কৰে তেওঁকেই লেখক বুলি কোৱা হয়।কিন্তু বাক্য গঠন কৰা কাম সহজ নহয়।ক'বলৈ গ'লে ই পৃথিৱীৰ আটাইতকৈ কঠিন কামবোৰৰ ভিতৰত এটা। সাহিত্য সৃষ্টিৰ বাবে সেয়ে তেখেতে গদ্যৰ সাধনাত সদায়ে অত্যাধিক গুৰুত্ব দিয়ে।তেখেতৰ মতে,উৎকৃষ্ট গদ্য ৰচনা অতিশয় পৰিশ্ৰম সাপেক্ষ কাম।দীর্ঘদিনৰ অনুশীলন ব্যতিৰেকে কোনেও ভাল গদ্য লিখিব নোৱাৰে।....ভাল গদ্য নিৰ্মানৰ দক্ষতা আয়ত্ব কৰিব নোৱাৰালৈকে কেতিয়াও ভাল সাহিত্য সৃষ্টি হ'ব নোৱাৰে।(কেনেকৈ লিখা উচিত? )
তেখেতৰ মতে,গদ্যৰ সাধনা কেৱল ব্যক্তিবিশেষৰে সাধনাই নহয়,বৰঞ্চ একো একোটা সভ্যতাৰো সাধনা।কাৰণ,গেলিলিও আৰু নিউটনৰ যুগান্তকাৰী আৱিস্কাৰসমূহে আধুনিক বৈজ্ঞানিক যুগৰ সূচনা কৰাৰ লগে নতু নতুন দাৰ্শনিক আৰু বৈজ্ঞানিক তত্ববোৰ অৰ্থৰ বিকৃতি নঘটাকৈ সৰ্বসাধাৰণ লোকৰ মাজলৈ নিবৰ বাবে প্ৰয়োজন হোৱা গদ্য-ৰীতিটো আছিল এয়ে টে গদ্য হ'ব লাগিব স্পষ্ট,সৰল আৰু বাহুল্য-বৰ্জিত।এই নতুন গদ্য-ৰীতি নিৰ্মানৰ প্ৰচেষ্টাতে ফৰাচীসকলে কঠোৰ শ্ৰম কৰি গৈছিল আৰু অৱশেষত তেওঁলেকে যি গদ্য-ৰীতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল সেই গদ্য-ৰীতিৰ বাবেই সুদীৰ্ঘ প্ৰায় তিনিশ বছৰ ধৰি ফৰাচী ভাষা ইউৰোপীয় মনিষীসকলৰ জ্ঞানচৰ্চা আৰু ভাৱ বিনিময়ৰ প্ৰধান মাধ্যম হৈ আছিল।
গদ্যৰ সাধক হোমেন বৰগোহাঞিদেৱে লিখিছিল-' মই গোটেই জীৱন ধৰি এটা মাত্ৰ সাধনাই কৰিছোঁ,সেইটো হৈছে মোৰ মনোমত এটা গদ্য-ৰীতি নিৰ্মানৰ সাধনা।গদ্যৰ সাধনা মোৰ কাৰণে জীৱনৰেই সাধনা,কাৰণ গদ্যৰ সাধনাই মোক পৰিশ্ৰমী,নিয়মানুৱৰ্তী আৰু কষ্ট-সহিষ্ণু হ'বলৈ শিকাইছে।গদ্যৰ সাধনাই মোক বিনয়ী হ'বলৈকো শিকাইছে,কাৰণ শব্দবোৰৰ লগত অবিৰাম যুদ্ধ কৰি কৰি মই আৱিস্কাৰ কৰিছোঁ মোৰ ক্ষুদ্ৰতা,দুৰ্বলতা আৰু অসমৰ্থতা।'
ক'বলৈ গ'লে,বৰগোহাঞিদেৱে তেখেতৰ চমকপ্ৰদ গদ্য-শৈলী তথা গভীৰ মননশীল আৰু প্ৰজ্ঞাদীপ্ত লেখনিৰে পঞ্চাশৰ দশকৰ পৰা মৃত্যুৰ আগলৈকে ,এটা সুদীৰ্ঘ কাল অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যি এক 'বৌদ্ধিক বিপ্লৱ'ৰ সূচনা কৰি সমগ্ৰ জাতিটোকে সমৃদ্ধ কৰি গ'ল সেয়া কোনেও পাহৰিব নোৱাৰিব।(সমাপ্ত)
Saturday, March 6, 2021
আঘোণৰ কবিতা
Friday, December 11, 2020
Laxmiprasad Devkota
Tuesday, December 8, 2020
আৰ্ভিং ষ্ট'নৰ লাষ্ট ফ'ৰ লাইফ আৰু ভেন গঘৰ জীৱন চিত্ৰ
আৰ্ভিং ষ্ট'নৰ 'লাষ্ট ফ'ৰ লাইফ'
আৰু ভেন গঘৰ জীৱন-চিত্ৰ
বীৰ্কে বি. থাপা
(9954249916)
আমেৰিকাৰ প্ৰখ্যাত লেখক আৰ্ভিং ষ্ট'ন(Irving Stone ,1903-1989) ঘাইকৈ জনাজাত জীৱনীমূলক উপন্যাস ৰচনাৰ বাবে। বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘ,মাইকেল এঞ্জেল' , কেমিল পিচাৰো আদিৰ উপৰিও অন্যান্য কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ জীৱন-কাহিনীৰ ভিত্তিত তেওঁ উপন্যাস ৰচনা কৰিছে।তেওঁৰ দ্বাৰা ৰচিত উপন্যাসসমূহৰ ভিতৰত Lust For Life(1934), Agony And Ecstacy(1961), Depths Of Glory (1985) আদি বিশেষ উল্লেখযোগ্য।অন্যান্য গ্ৰন্থসমূহ হ'ল-
Adversary in the House (1947),Clarence Darrow for the Defence (1949),Immortal Wife (1950),The Passionate Journey (1950),The President's Lady (1952),Love Is Eternal (1955),Those Who Love (1966)
The Passions of the Mind (1971),The Greek Treasure (1975),The Origin (1980)
আদি।
আৰ্ভিং ষ্ট'নৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ প্ৰকৃততে তেওঁৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ ফলশ্ৰুতি।পেৰিচত নৱবিবাহিতা পত্নীৰ সৈতে কেইবাবছৰ থকাৰ পাছত যুক্তৰাষ্ট্ৰলৈ উভতি আহিয়েই তেওঁ 1931 চনত বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গঘৰ দুৰ্দশাগ্ৰস্ত আৰু সংগ্ৰামময় জীৱন কাহিনীৰ ভিত্তিত Lust For Life নামৰ উপন্যাসখন ৰচনা কৰিছিল ।কিন্তু উপন্যাসখনৰ প্ৰকাশক নোপোৱাত তেওঁ তিনি বছৰ অপেক্ষা কৰিব লগীয়া হয়।নিউয়ৰ্ক টাইমচৰ মতে,সৰ্বমুঠ সোতৰ গৰাকী প্ৰকাশকে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ অন্তত 1934 চনত উপন্যাসখনে প্ৰকাশৰ মুখ দেখা পাইছিল ।উপন্যাসখনৰ প্ৰকাশে প্ৰকৃততে তেওঁলৈ বিপুল যশস্যা আৰু কৃতিত্ব কঢ়িয়াই আনিছিল।
জীৱনকালত দুহেজাৰতকৈয়ো অধিক চিত্ৰ অংকণ কৰি আধুনিক চিত্ৰশিল্পৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰা ভিনচেণ্ট ভেন গঘৰ (Vincent Van Gogh) জন্ম হৈছিল 1853 চনত নেদাৰলেণ্ডৰ জুণ্ডাৰ্টত আৰু মৃত্যু হৈছিল 1890 চনত ফ্ৰাঞ্চত।মাত্ৰ সাতত্ৰিশ বছৰ বয়সতে মৃত্যু হোৱা ভেন গঘৰ সৰুৰে পৰাই চিত্ৰ-শিল্পৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। জীৱিকাৰ বাবে 1869 চনত মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁ ডি হেগ(The Hague)ত থকা গ'পিল এণ্ড কোম্পানীৰ চাকৰিত সোমাব লগীয়া হৈছিল। 1873 চনত তেওঁ লণ্ডনলৈ বদলি হয় আৰু এই সময়ছোৱাত তেওঁ প্ৰথম প্ৰেমত পৰে।
আৰভিং ষ্ট'নে তেওঁৰ Lust For Life উপন্যাসৰ আৰম্ভণি (Prologue) অধ্যায়তে ভেন গঘৰ প্ৰথম প্ৰেমৰ কথা উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণনা কৰা মতে,সেই সময়ত তেওঁ মিচেচ লয়াৰ নামৰ যি গৰাকী ফৰাচী মহিলাৰ ঘৰত বাস কৰিছিল তেওঁৰে জীয়েক উৰ্চুলা (Ursula)ৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।এই প্ৰেমৰ উন্মাদনাই ভেন গঘক এনে অস্থিৰ কৰি তুলিছিল যে উৰ্চুলাৰ আগত সেই কথা প্ৰকাশ নকৰাকৈ থাকিব পৰা নাছিল। সদায় সহজভাৱে মিলা-মিচা কৰা উৰ্চুলাই সেই প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিব বুলি তেওঁ নিশ্চিত আছিল।কিন্তু অনাকাংক্ষিতভাৱেই উৰ্চুলাই তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল,কাৰণ ইতিমধ্যে উৰ্চুলা আন এজনৰ বাকদত্তা হৈছিল।এই ঘটনাত তেওঁৰ অন্তৰ ভাগি পৰিছিল যদিও প্ৰচণ্ড জেদত উৰ্চুলাক জোৰকৈ নিজৰ কৰি ল'ব বিচাৰিছিল।ঘটনা ইমান খিনিলৈ আগ বাঢ়িছিল যে অৱশেষত মিচেছ লয়াৰে তেওঁক ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ দিব লগীয়া হৈছিল।
ভাড়া ঘৰৰ পৰা বহিস্কৃত হোৱাৰ পাছত তেওঁ ঘৰলৈ ঘুৰি আহিল যদিও সুস্থিৰে থাকিব নোৱাৰিলে।পুনৰ তেওঁ লণ্ডনলৈ উভতি গ'ল আৰু মিচেছ লয়াৰৰ ঘৰৰ পৰা কিছু আঁতৰত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে।তাৰ পৰাই তেওঁ সদায় সন্ধিয়া খোজ কাঢ়ি উৰ্চুলাহঁতৰ ঘৰৰ ফালে গৈছিল আৰু আন্ধাৰ আলিবাটত থিয় হৈ বহু পৰলৈ ঘৰটোলৈ চাই ৰৈছিল।তাৰ পাচত তেওঁ ৰেমচ্ গেটত নতুন ঘৰ ভাড়ালৈ লৈছিল। ৰেমচ্ গেটৰ পৰা লণ্ডনলৈ প্ৰায় চাৰে চাৰি ঘন্টাৰ বাট ।এদিন হাতত পইচা নথকাত তেওঁ বৰষুণত তিতি বুৰি খোজ কাঢ়ি লণ্ডন পাইছিলহি। দূৰৰ পৰাই তেওঁ মিচেছ লয়াৰৰ ঘৰত মানুহৰ জুম দেখি আৰু কৰুণ সুৰত বাজি থকা ভায়'লিনৰ সুৰ শুনি অজান আশংকাত কঁপি উঠিল। ঘৰৰ সন্মুখত বুঢ়া ঘোঁৰাচালক এজনে প্ৰকাণ্ড ছাটি এটা লৈ বৰষুণত বহি আছিল। তেওঁ ঘোঁৰাচালকজনৰ কাষলৈ আগবাঢ়ি গ'ল আৰু তেওঁৰ পৰাই উৰ্চুলাৰ বিয়াৰ বুলি তেওঁ গম পালে।ক্ষন্তেক পাছতে তেওঁ দেখিলে উৰ্চুলা আৰু তাইৰ স্বামী আহি ঘোঁৰাগাড়ীখনত বহিছেহি।আন্ধাৰৰ আঁৰৰ পৰাই তেওঁ উৰ্চুলালৈ চাই থাকিল।ইয়াৰ পাচ দিনাই ভেন গঘ গুচি আহিল আইজেলৱৰ্থলৈ।
কিছুকাল অ'ত ত'ত অস্থায়ীভাৱে কটোৱাৰ পাছত তেওঁ ৰেমচ্ গেটৰ প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰিবলৈ লয়।ৰেমচ্ গেটৰ গ্ৰাম্য অঞ্চলৰ দুখীয়া মানুহবোৰৰ দুৰ্দশাগ্ৰস্ত জীৱন দেখি তেওঁৰ অন্তৰে কান্দি উঠিল আৰু তেতিয়াই তেওঁ সিদ্ধান্ত কৰি পেলাইছিল যে ধৰ্মযাজক হিচাপে তেওঁ আজীৱন দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে কাম কৰি যাব।সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ নিকটৱৰ্তী গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে । সেই উদ্দেশ্যে 1878 চনত তেওঁ জন্মস্থান হ'লেণ্ডৰ বেলজিয়াম সীমান্তৰ নিকটৱৰ্তী গ্ৰুট জুণ্ডাৰ্টৰ পৰা বৰিনেজৰ কয়লাখনি অঞ্চললৈ যাত্ৰা কৰে। সেই সময়ত তেওঁৰ বয়স আছিল পঁচিশ বছৰ।
বৰিনেজলৈ আহি তেওঁ মুখামুখি হয় খনি শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ সৈতে।শ্ৰমিকসকলৰ দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম , মালিকপক্ষৰ শোষণ-অত্যাচাৰ আদি দেখি তেওঁৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।সেই সময়তে কয়লাখনিত ঘটা এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকে কৰুণ মৃত্যুক আকোঁৱালী ল'ব লগীয়া হয়। শ্ৰমিকৰ দুৰ্দশা দেখি ধৰ্মৰ প্ৰতি তেওঁৰ আস্থা নোহোৱা হৈ পৰে ।
1881 চনত ভেন গঘে ডি হেগলৈ যাত্ৰা কৰে।তাত তেওঁ পুনৰ প্ৰেমত পৰে এজনী বেশ্যাৰ।আচলতে নাৰীৰ প্ৰেম পাবৰ বাবে ব্যাকুল হৈ পৰা ভেন গঘে সেই সময়ত ভাড়াতীয়া বেশ্যাবোৰৰ মাজতে শান্তি বিচাৰিবলৈ আৰম্ভ কৰিছিল।চিয়েন (Sien) নামৰ বেশ্যা এগৰাকীৰ প্ৰেমত তেওঁ এনেদৰে অন্ধ হৈ পৰিছিল যে তেওঁ এখন চিঠিত ভায়েক থিওলৈ লিখিছিল- For the last month or two,I have been sleeping with a prostitute.I want to live with her,I am going to marry her.
ডি হেগত তেওঁলোক দুয়ো একেখন ঘৰতে বাস কৰিছিল।চিয়েনক মডেল ৰূপে লৈ ভেন গঘে কেইবাখনো পেইন্টিং আঁকিছিল-তাৰ ভিতৰত উলংগ আৰু গৰ্ভৱতী নাৰীৰ পেইন্টিং আৰু পেঞ্চিল স্কেচ্ছ অংকন কৰিছিল।প্ৰায় দুবছৰ একেলগে থকাৰ পাছত চিয়েন নামৰ সেই বেশ্যা গৰাকী পুনৰ তাইৰ অভ্যস্ত জীৱনলৈ উভতি গুচি গৈছিল।
এনেদৰে বাৰে বাৰে প্ৰেমত বিফল হৈ তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল।তাৰ মাজতো কিন্তু তেওঁৰ অন্তৰ্সত্বাত সৃষ্টিৰ তাড়ণা
নি:শেষ হৈ যোৱা নাছিল।শিল্প জগতত নতুনত্বৰ সন্ধান বিচাৰি এইবাৰ তেওঁ 1886 চনত পেৰিচলৈ যাত্ৰা কৰিলে।তেওঁ পেৰিচলৈ যোৱা ঘটনাটো চিত্ৰশিল্পৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা।কাৰণ,ইয়াৰ আগলৈকে তেওঁৰ চিত্ৰশিল্প আছিল গতানুগতিক শৈলীৰ।পেৰিচলৈ যোৱাৰ পাছত তেওঁ ভায়েক থিওৰ যোগেদি ইম্প্ৰছনিষ্টসকলৰ আৰ্ট কাষৰ পৰা পৰ্যৱেক্ষন কৰিবলৈ সুযোগ লাভ কৰে। অকল সেয়ে নহয়,পেৰিচতে ভেন গঘে কেমিল পিছাৰো,প'ল গগাঁ আদিৰ দৰে বিখ্যাত ইম্প্ৰেছনিষ্ট সকলৰ সান্নিধ্যও লাভ কৰে।
কেমিল পিছাৰো আৰু প'ল গগাঁৰ শিল্পৰীতিয়ে তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিল ।এইসকল শিল্পীৰ পেইণ্টিংচত ব্যৱহৃত ৰং আৰু ষ্টুডিঅ'ৰ বাহিৰৰ মুকলি আকাশৰ তলত তেওঁলোকে ছবি অঁকা ষ্টাইলে তেওঁক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। কিন্তু অতি সোনকালেই তেওঁ এই ইম্প্ৰেছনিষ্ট সকলৰ মাজতো বুৰ্জোৱা চৰিত্ৰ আৱিস্কাৰ কৰিলে আৰু সেয়ে ইউৰোপত ইতিমধ্যে প্ৰায় প্ৰতিষ্ঠা লাভ কৰা ইম্প্ৰেছনিজমৰো আগলৈ গৈ চিত্ৰশিল্পৰ ইতিহাসত এটা নতুন আন্দোলন গঢ়ি তোলাৰ চিন্তা কৰিলে। সেই উদ্দেশ্যে তেওঁ 1888 চনত দক্ষিণ ফ্ৰাঞ্চৰ আৰ্লচলৈ যাত্ৰা কৰে।
জাপানীজ আৰ্টৰ প্ৰতি ভেন গঘৰ মনত গঢ় লৈ উঠিছিল গভীৰ অনুৰাগ।প্ৰকৃততে আৰ্লচক তেওঁ জাপানৰ ফৰাচী সংস্কৰণ বুলিয়েই গণ্য কৰিছিল।জাপানী সংস্কৃতিৰ প্ৰভাৱপুষ্ট আৰ্লচৰ যিটো দুমহলীয়া ঘৰত তেওঁ থাকিবলৈ লৈছিল-সেই ঘৰৰ চাৰিবেৰ আছিল হালধীয়া ৰঙৰ।জাপানী লোক বিশ্বাসত হালধীয়া ৰঙৰ বিশেষ তাৎপৰ্য আছিল।হালধীয়া ৰঙে সূৰ্যৰ তেজস্বিতা আৰু সৃষ্টিৰ প্ৰতীক সোণ বৰণীয়া ঘেঁহুকো প্ৰতিনিধিত্ব কৰে।আৰ্লচত সূৰ্যৰ ৰ'দো প্ৰখৰ।সেয়ে হালধীয়া ৰঙৰ প্ৰতি আকৃষ্ট হৈ তেওঁ সেই সময়ত অঁকা প্ৰায়কেইখন ছবিতে হালধীয়া ৰঙৰ সমাৱেশ ঘটায়।ভেন গঘৰ এই নতুন শৈলীৰ ছবিসমূহত কেমিল পিছাৰোৰ দৰে ইম্প্ৰেছনিষ্ট আৰু জাপানীজ আৰ্টৰ প্ৰভাৱত এক নতুন ৰূপ বা আৰ্টফৰ্মৰ সৃষ্টি হৈছিল।এই সময়ছোৱাত ভেন গঘে অঁকা বিখ্যাত ছবিসমূহৰ ভিতৰত Sun Flower আৰু কিছুমান Self Portrait আছিল বিশেষ উল্লেখযোগ্য।উল্লেখযোগ্য যে ভেন গঘে বৰিনেজৰ খনি শ্ৰমিকসকলক লৈ অঁকা Potato Eaters,The peasant women আদি ছবিসমূহত ক'লা বা গাঢ় ধূসৰ বৰণে প্ৰাধান্য লাভ কৰিছিল।তাৰ বিপৰীতে আৰ্লচত থকা কালত তেওঁ অঁকা ছবিসমূহত উজ্জ্বল হালধীয়া ৰঙৰ প্ৰয়োগ দেখিবলৈ পোৱা গ'ল ।
উপৰ্যোপৰি প্ৰেমত পোৱা আঘাতৰ ফলত ভেন গঘ প্ৰায় উন্মাদৰ দৰে হৈ পৰিছিল।প্ৰতিদিনে ষোল্ল ঘণ্টাকৈ ছবি আঁকিছিল তেওঁ। লগে লগে অত্যাধিক পৰিমানে মদ্যপান কৰাৰ ফলত তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল।আনফালে জীৱিকা বুলিবলৈ তেওঁৰ একো নাছিল।ভায়েক থিও ভেন গঘৰ ওপৰতে তেওঁ আছিল সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
ভায়েক থিও আছিল এজন আৰ্ট ডিলাৰ।ডি হেগত(The Hague) থকা Goupil Art Dealers নামৰ কোম্পানী এটাত তেওঁ কাম কৰিছিল।ভেন গঘৰ শিল্প-জীৱনত তেওঁৰ প্ৰেৰণা আৰু সহযোগ আছিল যথেষ্ট।তেওঁ সকলো সময়তে ভেন গঘক আৰ্থিকভাৱে সহায় কৰি গৈছিল।কিন্তু 1889 চনত থিওৱে বিয়া পতাৰ পাছত ভেন গঘ নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে। তাতে এটাৰ পাছত এটাকৈ কেইবাটাও প্ৰেমৰ বিফলতায়ো তেওঁৰ জীৱনত এক সৰ্বগ্ৰাসী কৰুণ প্ৰভাৱ পেলাইছিল।নিজৰ কুৎসিত মুখখনক লৈয়ো তেওঁ আজীৱন এটা নীচাত্মিকাবোধত ভূগিছিল।
তথাপিতো কিন্তু নিজৰ শিল্পকৰ্মৰ ওপৰত তেওঁৰ আস্থা হেৰুৱা নাছিল।অকলেই তেওঁ চিত্ৰ-শিল্পৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছিল।ভায়েক থিওৱে তেওঁক বুজাব বিচাৰিছিল যে ইমান খৰকৈ ছবি অঁকাৰ ফলত তেওঁৰ ছবিসমূহৰ মানদণ্ড হ্ৰাস পোৱাৰ আশংকা আছে।কিন্তু তেওঁৰ উত্তৰ আছিল-Quick work does not mean less serious work, it depends on off one's self confidence and experience.
মৃত্যুৰ আগে আগে তেওঁ কেইবাখনো আত্ম প্ৰতিকৃতি (self portrait) অংকন কৰিছিল।1890 চনত অঁকা তেনেধৰণৰ এখন প্ৰতিকৃতিত ভেন গঘক এক প্ৰবল অশান্ত ঘূৰ্ণীৰ মাজত অত্যন্ত ক্লান্ত আৰু বিধ্বস্ত ৰূপত দেখা গৈছে।চকু-মুখত প্ৰতিবিম্বিত হৈছে তেওঁৰ যন্ত্ৰণাক্লিষ্ট মন আৰু আশা ভংগৰ কৰুণ প্ৰচ্ছায়া।
1888 চনত বিখ্যাত চিত্ৰকৰ প'ল গগাঁ আহে আৰ্লচত থকা ভেন গঘৰ ঘৰলৈ। পেৰিচত থকা কালতে ভেন গঘে প'ল গগাঁৰ সহযোগত কমিউনিষ্ট আৰ্ট ক'লনি এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল,কিন্তু সেই পৰিকল্পনা বাস্তৱায়িত হোৱা নাছিল।এইবাৰ গগাঁ নিজেই আহি উপস্থিত হোৱাত পূৰ্বৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সুযোগ তেওঁ পালে।কিন্তু প্ৰথম দিনাৰ পৰাই তেওঁলোকৰ মাজত মনোমালিন্য আৰম্ভ হ'ল। ইয়াৰ কাৰণ আছিল-ভেন গঘৰ অস্থিৰ আৰু খেয়ালী মন।তেওঁৰ মানসিক উন্মাদনাও যথেষ্ট বাঢ়িছিল।এদিন তেওঁলোকৰ মাজত হোৱা এটা সাধাৰণ তৰ্কই এনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যে ভেন গঘে হাতত লৈ থকা মদৰ গিলাচটোকেই গগাঁৰ গালৈ মাৰি পঠিয়াই দিলে।তাৰ পাছত হাতত খুৰ এখন লৈ গগাঁক খেদা মাৰি গ'ল।প'ল গগাঁই কোনোমতে ওচৰৰে হোটেল এখনত আত্মগোপন কৰি নিজক ৰক্ষা কৰিলে।সিমানতে
ক্ষান্ত নাথাকি ভেন গঘে খঙত উন্মত্ত হৈ খুৰ খনেৰে নিজৰ কান এখন কাটি পেলালে আৰু কটা কানখন খাম এটাত ভৰাই ,তেওঁক প্ৰত্যাখান কৰা আৰু তেওঁৰ ডাঙৰ কান দুখনক ঠাট্টা কৰা বেশ্যা এজনীৰ হাতত তুলি দিলে।
প্ৰচুৰ ৰক্তপাত হোৱাত ভেন গঘ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ল। কিন্তু তেওঁৰ উন্মাদগ্ৰস্ত আচৰণৰ অন্ত নপৰিল।তেওঁৰ অপ্ৰকৃতিস্থ আচৰণত সাধাৰণ নাগৰিক ইমানেই আতংকিত হৈ উঠিছিল যে চিকিৎসালয়ৰ পৰা মুক্তি পোৱাৰ দিনাই প্ৰায় চাৰিকুৰি নাগৰিকে ভেন গঘক 'পগলা' বুলি উল্লেখ কৰি তেওঁক চহৰৰ পৰা দূৰৱৰ্তী স্থানলৈ স্থানান্তৰিত কৰবলৈ চিকিৎসালয় কৰ্তৃপক্ষক দাবী জনায়।
কেমিল পিছাৰোৰ পৰামৰ্শ অনুসৰি ভেন গঘ 1890 চনত পেৰিচৰ উত্তৰ-পশ্চিম সীমান্তৰ গ্ৰাম্যাঞ্চল অ'ভাৰ্চ (Auvers)লৈ চিকিৎসাৰ বাবে যাত্ৰা কৰে।কিন্তু তাতো তেওঁ সুস্থিৰে থাকিব নোৱাৰিলে।মানসিক সন্তুলন হেৰুৱাই তেওঁ নিজৰ ৰিভলভাৰেৰে বুকুত গুলিয়াই আত্মহত্যা কৰিলে।
নিজৰ জীৱন সম্পৰ্কে আশাবাদী নহ'লেও ভেন গঘ আছিল নিজৰ সৃষ্টিকৰ্মৰ প্ৰতি পূৰ্ণমাত্ৰাই আস্থাশীল।সেইবাবেই উন্মাদৰ দৰে অক্লান্তভাৱে তেওঁ ছবি আঁকি গৈছিল।ভেন গঘৰ অবিশ্ৰান্ত কৰ্মশক্তি আৰু সংগ্ৰামময় জীৱনৰ সমস্ত কাহিনী আৰভিং ষ্ট'নে 'লাষ্ট ফ'ৰ লাইফ'ত উল্লেখ কৰিছে। উপন্যাসখনত বৰ্ণিত ' মায়া' এনে একমাত্ৰ এটা নাৰী চৰিত্ৰ যি ভেন গঘক আৰু তেওঁৰ শিল্প-প্ৰতিভাক সঁচা অৰ্থত অন্তৰেৰে শ্ৰদ্ধা কৰিছিল আৰু ভাল পাইছিল।উপন্যাসখনৰ এঠাইত তেওঁ মায়াক সুধিছে-তেওঁৰ দৰে এজন কুন্ধচ আৰু কুৎসিত চেহেৰাৰ মানুহক তাই কেনেকৈ ভাল পাব পাৰে? ইয়াৰ উত্তৰত মায়াই কৈছে---You are not ugly, Vincent.You are beautiful.You have tormented and tortured this poor body in which your soul is wrapped, but you can not injure your soul.It is that I love.And when you have destroyed yourself by your passionate labours,that soul will go on...endlessly. -অৰ্থাৎ 'তুমি কুৎসিত নোহোৱা,ভিনচেণ্ট-তুমি সুন্দৰ।তুমি সেই শৰীৰক যন্ত্ৰণা দিছা যি শৰীৰত তোমাৰ আত্মা বন্দী হৈ আছে।কিন্তু এই আত্মাক তুমি কেতিয়াও আঘাত সানিব নোৱাৰা যাক মই ভাল পাওঁ।তুমি উদ্ভ্ৰান্ত শ্ৰমেৰে নিজক ধ্বংস কৰিছা,কিন্তু তোমাৰ আত্মা অন্তহীনভাৱে চিৰকাললৈ জীয়াই থাকিব..' ।
স্বাভাৱিকতে প্ৰশ্ন হয়-আৰভিং ষ্ট'নে উপন্যাসখনত বৰ্ণনা কৰা কাহিনীবোৰৰ সত্যতা কিমান?কাহিনীবোৰ ভেন গঘৰ জীৱনত যথাযথভাৱে সঁচাকৈয়ে ঘটিছিল নে? এই প্ৰশ্নৰ উত্তৰত আৰভিং ষ্ট'নে উপন্যাসখনৰ শেষৰ এটি টোকাত লিখিছে--'There is an occasional stretch of pure fiction,such as the Maya scene...I have portrayed a minor incident where I was convinced of its probability even though I could not document it......Aside from these technical liberties ,the book is entirely true. ' অৰ্থাৎ কাহিনীৰ স্বাৰ্থত তেওঁ কিছুমান ঘটনা বা পৰিৱেশৰ লগতে 'মায়া'ৰ দৰে কাল্পনিক নাৰী চৰিত্ৰও অংকণ কৰিছে যিবোৰৰ সন্দৰ্ভত প্ৰামাণিক তথ্য নাথাকিলেও বাস্তৱতাৰ সম্ভাৱনাও কিন্ত যথেষ্ট আছিল ।তাৰোপৰি ভেন গঘে ভায়েক থিওলৈ বিভিন্ন সময়ত লিখা চিঠি-পত্ৰসমূহৰ ওপৰত ভিত্তি কৰিয়েই উপন্যাসখন লিখা বুলিও আৰভিং ষ্ট'নে উল্লেখ কৰিছে।যি কি নহওক,কাল্পনিক হ'লেও 'মায়া' চৰিত্ৰৰ মাজেদি উপন্যাসিকে ভেন গঘৰ অক্লান্ত প্ৰাণশক্তি আৰু প্ৰতিভাৰ এটা অনন্য দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। (সমাপ্ত)
ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস,বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ
ভাৰতবৰ্ষত সাংবাদিকতাৰ ইতিহাস, বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যৎ
-বীৰ্কে বি. থাপা
(9954249916)
ভাৰতবৰ্ষত সাংবাদিকতাৰ ভেঁটি নিৰ্মান কৰাৰ ক্ষেত্ৰত জেমচ্ অ'গষ্টাচ হিকিৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। 1779 /80 চনত কলিকতাৰ পৰা প্ৰকাশিত ভাৰতবৰ্ষৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত ' বেংগল গেজেট'ত নিয়মীয়াকৈ লিখি থকা স্তম্ভ -লেখ(columns) সমূহৰ জড়িয়তে এইগৰাকী সাংবাদিকে ক'বলৈ গ'লে প্ৰায় অকলেই ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰূদ্ধে মুক্ত কণ্ঠেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই কাকতখনতে তেওঁ চৰকাৰৰ কাৰ্যাৱলীৰ বিৰূদ্ধে জনতাৰ কণ্ঠক নিৰ্ভীকভাৱে প্ৰকাশ কৰিছিল।
ভাৰতবৰ্ষত বাতৰি কাকতৰ ইতিহাসলৈ দৃষ্টি নিক্ষেপ কৰিলে 'বেংগল গেজেটৰ জেমচ্ অ'গষ্টাচ হিকিৰ নাম সৰ্বপ্ৰথমেই উল্লেখ কৰা হয় তথাপিতো কিন্তু আমি মনত ৰাখিব লাগিব যে সেইকালত সাংবাদিকতাই ভাৰতবৰ্ষত বিশেষ মূৰ দাঙি থিয় হ'ব পৰা নাছিল। কাৰণ মি: হিকিয়ে বাতৰি কাকতখনৰ জড়িয়তে বৃটিছ চৰকাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনিয়মৰ বিৰূদ্ধে কঠোৰ প্ৰতিবাদ কৰাৰ ফলস্বৰূপে কাকতখন প্ৰকাশ পোৱাৰ এবছৰতেই 1781 চনত তেওঁৰ বিৰূদ্ধে চৰকাৰী নোটিচ জাৰি কৰা হয় আৰু বিচাৰৰ অন্তত কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল।গতিকে সিমানতে তেওঁৰ সাংবাদিকতাৰ পৰিসমাপ্তি ঘটিছিল।
ভাৰতবৰ্ষত সাংবাদিকতাৰ প্ৰকৃত সোণালী যুগ (Golden Era of newspaper in India)
আৰম্ভ হৈছিল 'বেংগল গেজেট' বন্ধ হোৱাৰ প্ৰায় তিনি দশকৰ পাছত ।সেই সময়ত অৰ্থাৎ 1811 চনত জেমচ্ চিল্ক বাকিংহামৰ (James Silk Buckingham) সম্পাদনাত প্ৰকাশ পাইছিল ‘Calcutta Chronicle’ নামৰ এখন বাতৰি কাকত।এইগৰাকী সাংবাদিকেই পোন প্ৰথমবাৰৰ বাবে সাংবাদিকতাৰ সম্পৰ্কত এক নতুন ধাৰণা প্ৰতিষ্ঠা কৰিছিল।তেওঁ সাংবাদিকতাৰ নিকা আৰু স্পষ্ট প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ উপৰিও জনসাধাৰণৰ স্থানীয় সমস্যাসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সততে গুৰুত্ব প্ৰদান কৰিছিল। সেই সময়ত ৰক্ষণশীল ভাৰতীয় সমাজ-ব্যৱস্থাত প্ৰচলিত 'সতীদাহ প্ৰথা'ৰ দৰে কিছুমান দোষ-ত্ৰুটিসমূহৰ বিৰূদ্ধে যথেষ্ট লেখা-মেলা কৰিছিল।তাৰ পাছতে ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিয়েও সংবাদ পত্ৰৰ শক্তি বা ভূমিকাৰ কথা উপলদ্ধি কৰিছিল আৰু 'সংবাদ কৌমুদী' নামৰ বাংলা ভাষাৰ কাকত এখনৰ প্ৰকাশ আৰম্ভ কৰিছিল 1822 চনত। সেই সময়ত আৰু দুখনমান সংবাদ -পত্ৰ প্ৰকাশ পোৱাৰ তথ্য পোৱা যায় ।বৃটিচৰ শাসন আৰু ভাৰতীয় ৰক্ষণশীল সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ বিৰূদ্ধে জনসাধাৰণক সচেতন কৰি তোলাই এই সংবাদপত্ৰসমূহৰ মুখ্য উদ্দেশ্য আছিল।অৱশ্যে তাৰে কিছুসংখ্যক সংবাদ-পত্ৰ বৃটিছ শাসনৰ সপক্ষতো থিয় দিয়া কথা অস্বীকাৰ কৰিব নোৱাৰি।আন কিছু সংখ্যক সংবাদ-পত্ৰৰ লক্ষ্য আৰু উদ্দেশ্য আছিল কেৱল ব্যৱসায়িক স্বাৰ্থ।সেইকালৰ ভাৰতীয় পুঁজিপতি বণিক-গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ বাবেও সেইবোৰ বাতৰি কাকত বা সংবাদ -পত্ৰসমূহ ব্যৱহাৰ কৰিছিল।বাতৰিতকৈ বিভিন্ন পণ্য সামগ্ৰিৰ বিজ্ঞাপন প্ৰকাশতে সেই সংবাদ -পত্ৰসমূহে অধিক গুৰুত্ব দিয়া দেখা গৈছিল।
1861 চনত ৰবাৰ্ট নাইট(Robert Knight)ৰ সম্পাদনাত প্ৰকাশ পোৱা এখন উল্লেখযোগ্য বাতৰি কাকত আছিল The Times of India নামৰ কাকতখন।কাকতখন আজিও চলি আছে আৰু এইখনেই হৈছে ভাৰতবৰ্ষৰ সৰ্বাধিক প্ৰচলিত ইংৰাজী ভাষাৰ বাতৰি-কাকত। কাকতখনে আৰম্ভণিৰে পৰাই বৃটিছ চৰকাৰ আৰু শাসনৰ সমৰ্থন আগবঢ়াই আহিছিল।আনহাতে 1868 চনত প্ৰকাশ পোৱা 'অমৃত বাজাৰ পত্ৰিকা' নামৰ আন এখন বহুল প্ৰচাৰিত বাংলা ভাষাৰ কাকতখনে কিন্তু তৎকালীন ভাৰতীয় সমাজ-ব্যৱস্থাৰ দোষ-ত্ৰুটি,কেৰোণ সমূহৰ ৰূপান্তৰ,পৰিশোধন আদিৰ লগতে বৃটিছ শাসন-ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি গৈছিল।একে উদ্দেশ্যৰে প্ৰকাশ পোৱা আন এখন উল্লেখযোগ্য কাকত আছিল 1878 চনত প্ৰকাশিত The Hindu নামৰ কাকতখন আৰু এইখন কাকত তামিলনাডু আৰু কেৰেলাতে সৰ্বাধিক প্ৰচলিত আছিল।
বৃটিচৰ শাসনকালত প্ৰকাশিত বহুকেইখন সংবাদপত্ৰই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰগতিতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা সংবাদ-পত্ৰসমূহৰ ভিতৰত বাল গংগাধৰ তিলকৰ 'কেশৰী',মহাত্মা গান্ধীৰ 'ইয়ং ইণ্ডিয়া ' আৰু 'হৰিজন' তথা জৱাহৰলাল নেহৰুৰ 'নেশ্যনেল হেৰাল্ড' নামৰ বাতৰি-কাকতৰ কথা বিশেষ উল্লেখযোগ্য। কিন্তু যিকেইখন বাতৰি-কাকতে বৃটিছৰ শাসন আৰু কাৰ্যাৱলীৰ কঠোৰ সমালোচনা কৰিছিল সেইকেইখন বাতৰি কাকতৰ স্বাধীনতাক খৰ্ব কৰাৰ উদ্দেশ্যেৰে বৃটিছ চৰকাৰে পূৰ্বৰে পৰা চেষ্টা চলাই যোৱা পৰিলক্ষিত হয়। বৃটিছ চৰকাৰে Vernacular Press Act in 1878 , the Newspapers (Incitement to offences )Act of 1908, the Indian Press Act 1931, the Press Objectionable Matter Act 1951, the Newspaper Price and Page Act 1956 আদিৰ দৰে এক্ট জোৰকৈ জাপি দি সংবাদ পত্ৰ আৰু সাংবাদিকৰ স্বাধীনতাত নাকী লগাবলৈ অহৰহ চেষ্টা চলাইছিল। The Vernacular Press Act (VPA) অনুসৰি ভাৰতবৰ্ষৰ স্থানীয় ভাষাত প্ৰকাশিত যিকোনো বাতৰি কাকতৰ মুদ্ৰক আৰু প্ৰকাশকক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে যিকোনো সময়ত আদালতলৈ চমন জাৰি কৰিব পাৰিব আৰু বৃটিছ চৰকাৰৰ বিৰূদ্ধে বা অন্য যিকোনো ধৰ্ম -সম্প্ৰদায়ৰ বিৰূদ্ধে যাতে কাকতখনে কোনো বক্তব্য প্ৰকাশ নকৰে সেই কথাৰ নিশ্চয়তা কাকত-কৰ্তৃপক্ষই প্ৰদান কৰিব লাগিব।এই ক্ষেত্ৰত মেজিষ্ট্ৰেট গৰাকীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আৰু আদালতত এই সন্দৰ্ভত কোনো আৱেদন গ্ৰহণ কৰা নহ'ব। সংবাদ-পত্ৰৰ স্বাধীনতা খৰ্ব কৰা এনে ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততে 1883 চনত 'দি বেংগলী'নামৰ বাতৰি কাকতখনৰ সম্পাদকীয়ত কলিকতা হাই ক'ৰ্টৰ এগৰাকী ন্যায়াধীশক কঠোৰভাৱে সমালোচনা কৰাৰ অপৰাধত সুৰেন্দ্ৰ নাথ বেণাৰ্জীক কাৰাদণ্ড বিহা হৈছিল।তেঁৱেই আছিল কাৰাবৰণ কৰা প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক।সেইদৰে বাল গংগাধৰ তিলকেও তেওঁৰ নিজৰ বাতৰি কাকত 'কেশৰী'ৰ জড়িয়তে বৃটিছ শাসনৰ বিৰুধীতা কৰিছিল যাৰ বাবে চৰকাৰে তিলকক প্ৰতিহত কৰিবলৈ চেলু বিচাৰি আছিল।অৱশেষত 'কেশৰী' কাকতত প্ৰকাশিত তেওঁৰ এটি কবিতাৰ ভিত্তিত হত্যাকাণ্ডৰ ঘটনা এটাৰ সৈতে তেওঁ জড়িত থকাৰ অভিযোগত তিলকক গ্ৰেপ্তাৰ কৰি ওঠৰ মাহৰ কাৰাদণ্ড দিয়া হৈছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় সংবাদপত্ৰসমূহে হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই পাইছিল আৰু দেশ-জাতি-সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপে পুনৰ নিৰ্ভীকভাৱে থিয় দিছিল। স্বাধীনোত্তৰ কালৰ চৰকাৰৰ কাৰ্যাৱলীৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু সেই কাৰ্যাৱলীৰ দোষ-ত্ৰুটিসমূহ আঙুলিয়া দিয়াৰ ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে অভূতপূৰ্ব ভূমিকাত অৱতীৰ্ণ হৈছিল।
চৰকাৰেও ভাৰতীয় সংবিধানৰ পৰিপ্ৰেক্ষিতত সংবাদ-মাধ্যমৰ স্বাধীনতা আৰু উন্নতিৰ বাবে নিশ্চিতভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এটা উল্লেখযোগ্য পদক্ষেপ আছিল 'প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়া' গঠণ। উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক চেয়াৰমেন হিচাপে ৰখা এই কাউঞ্চিলত সংসদৰ দুয়োটা সদনৰ সাংসদ,সংবাদ আৰু সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত সৰ্বমুঠ আঠাইশ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল।ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে স্বাধীনোত্তৰ কালত প্ৰেছৰ স্বাধীনতাক আৰু প্ৰেছৰ স্থিতিক ভাৰতীয় গণতন্ত্ৰত যথেষ্ট গুৰত্ব দিয়া হৈছে।সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে।
কিন্তু তৎস্বত্ত্বেও সাংবাদিক নিগ্ৰহৰ ঘটনা নঘটাকৈ থকা নাই।বিগত কালত চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়োৱা বহু কেইগৰাকী সাংবাদিক আৰু সংবাদ-পত্ৰ তথা দূৰদৰ্শন আদি বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত সংবাদকৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা সকলোৰে জ্ঞাত।সংবাদ-পত্ৰৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈ বিগত কালত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰে সংবাদ-পত্ৰৰ স্বাধীনতাত পুনৰ হস্তক্ষেপ কৰিবলৈ তৎপৰ হৈ উঠা পৰিলক্ষিত হয়।
অসমৰ প্ৰেক্ষাপটলৈ দৃষ্টি নিক্ষেপ কৰিলেও দেখা যায় যে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তিৰ হত্যাকাণ্ডৰ সৈতে প্ৰতিক্ৰিয়াশীল শক্তি জড়িত আছিল।গতিকে অসমৰ সাংবাদিকসকলেও সত্যনিষ্ঠ আৰু নিৰপেক্ষ সংবাদ পৰিৱেশনৰ বেলিকা নানান প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয়।আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত বহু সংবাদ প্ৰতিষ্ঠানৰ মালিক,সম্পাদক বা সংবাদকৰ্মীসকল ৰাজনৈতিক দলসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলস্বৰূপে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সংবাদ প্ৰকাশ পোৱাত যথেষ্ট বাধাৰ সৃষ্টি হৈছে।আৰু এটা লক্ষনীয় কথা এই যে,আজি বহুলোকে নিৰপেক্ষ আৰু সত্যনিষ্ঠ সাংবাদিকতাত নিজকে উচৰ্গা কৰি দিলেও ৰাজনৈতিক প্ৰভাৱগ্ৰস্ত মালিকপক্ষৰ মইমতালিৰ বাবে মুক্তভাৱে সংবাদ পৰিৱেশন কৰাত বাধাৰ সন্মুখীন হৈ আহিছে।দ্বিতীয়তে,সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়টো আজিও সুনিচ্ছিত হোৱা নাই।গণতান্ত্ৰিক দেশ এখনত যুক্তিপূৰ্ণভাৱে চৰকাৰৰ বিৰুদ্ধেও বাতৰি-কাকতত লিখা-মেলা কৰাৰ স্বাধীনতা সকলোৰে থাকে।সেয়ে তেনে কাৰ্যক দেশবিৰুধী কাৰ্য বুলি অন্যায়ভাৱে কাৰোবাক এৰেষ্ট কৰাটো সংবিধান বিৰুদ্ধ।গতিকে শাসকপক্ষই সাধাৰণতেই সাংবাদিকক এৰেষ্ট কৰা কাৰ্যৰ পৰা বিৰত থকাই দেখা যায়।কিন্তু শাসকপক্ষৰ উদ্যোগত অন্য প্ৰতিক্ৰিয়াশীল চক্ৰই সংশ্লিষ্ট সাংবাদিকসকলক অমানুষিক অত্যাচাৰ কৰা কাৰ্যক কোনে ৰোধ কৰিব?গুপ্তঘাতকৰ হাতত পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'লনে? আইনৰ মেৰপাচত দোষী সকল হাৰি যোৱাটোৱে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ দুৰ্বলতা ।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকসকলৰ নিৰাপত্তা তেনেই অনিশ্চিত ৰূপে পৰিগণিত হৈছে।
আজিৰ যুগত আমাৰ সমাজত বাতৰি কাকতৰ ভূমিকা যথেষ্ট।ই আমাক বিভিন্ন ঘটনাৱলীৰ খবৰ দিয়াৰ উপৰিও শিক্ষা আৰু মনোৰঞ্জনৰো যোগান ধৰে।অৰ্থাৎ বাতৰি কাকতৰ ভূমিকা আজি কেৱল বাতৰি দিয়াতে সীমাবদ্ধ হৈ থকা নাই।বাতৰি কাকত হৈ পৰিছে
info-edu-tainment -অৰ্থাৎ এনে এটা মাধ্যম য'ত information, education আৰু entertainment সমানে পাব পাৰি।
সংবাদ মাধ্যম(media)ক গণতন্ত্ৰৰ ‘Fourth Estate’ or ‘Fourth Pillar’ অৰ্থাৎ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।কাৰণ সংবিধান প্ৰদত্ত 'গণতন্ত্ৰ'ৰ তাৎপৰ্য নিৰ্ভৰ কৰে জনসাধাৰণৰ বাক স্বাধীনতাৰ ওপৰত।জনসাধাৰণৰ কণ্ঠক সংবাদ-পত্ৰসমূহে প্ৰকাশ কৰে।সংবাদ মাধ্যমে জনসাধাৰণলৈ সকলো প্ৰকাৰৰ বাৰ্তা যোগান ধৰাৰ উপৰিও চৰকাৰী নীতি আৰু কাৰ্যাৱলীৰ ওপৰত চোকা নজৰ ৰাখি জনতাক সেই বিষয় সম্পৰ্কত সজাগ কৰি ৰাখে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা বৰ্তমানলৈকে সংবাদ আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছুমান লক্ষণীয় পৰিৱৰ্তনে দেখা দি আহিছে ,যেনে-(1) বাতৰি-কাকতৰ ছপা কাৰ্যত ব্যাপক প্ৰযুক্তিগত উন্নতি সাধন হৈছে (2) পাঠকৰ সংখ্যা আৰু সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু (3) সংবাদপত্ৰসমূহ ক্ৰমান্বয়ে কমাৰ্চিয়েল হ'বলৈ আৰম্ভ কৰিছে।আজি ভাৰতবৰ্ষৰ সংবাদ -উদ্যোগটো সমগ্ৰ বিশ্বৰে অন্যতম এক বৃহত্তম উদ্যোগলৈ পৰিণত হৈছে।বাতৰি কাকতসমূহ কমাৰ্চিয়েল আৰু প্ৰফিট -অৰিয়েণ্টেড হৈ পৰাৰ বাবেই পুঁজিবাদী ৰাষ্ট্ৰ-ব্যৱস্থাৰ দ্বাৰা উদ্ভূত ভোগবাদী মানসিকতাক অনুপ্ৰাণিত কৰা বাণিজ্যিক চলচিত্ৰ, ফ্যেশ্বন, বিলাসিতাপূৰ্ণ পণ্য-সামগ্ৰিৰ বিজ্ঞাপন,চাঞ্চল্য আৰু শিহৰণকাৰী হত্যা-ধৰ্ষণ-অবৈধ প্ৰেম আদিৰ দৰে বিষয়সমূহ বাতৰি কাকতৰ অন্যতম মুখ্য বিষয় হৈ পৰিছে।আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো বহুকেইখন বাতৰি কাকতে কেৱল পাঠকৰ সংখ্যা বৃদ্ধি কৰিবলৈকে ৰাশিফলৰ শিতান একোটা প্ৰতি দিনে প্ৰকাশ কৰি অহা দেখা যায়।
সংবাদজগতখন পৰ্যায়ক্ৰমে বহুতৰ বাবে,বিশেষকৈ সংবাদ -পত্ৰৰ সৈতে জড়িত মালিকপক্ষ,সম্পাদক আৰু সংবাদ দাতা(Reporters) সকলৰ বাবে আজি কৰ্মসংস্থাপনৰো মুখ্য উৎস হৈ পৰিছে।আজি সমগ্ৰ বিশ্বত ভাৰতীয় সংবাদ -উদ্যোগে দ্বিতীয় স্থান লাভ কৰিছে।তথ্য মতে,ভাৰতবৰ্ষত 70,000তকৈয়ো অধিক সৰু-ডাঙৰ বাতৰি কাকত আৰু 1,600 তকৈয়ো অধিক চেটেলাইট চেনেল আছে।তাৰে চাৰিশতকৈয়ো অধিক হৈছে নিউজ চেনেল।কোৱা হৈছে যে বাতৰি কাকতৰ এশ নিযুততকৈয়ো অধিক কপি প্ৰতিদিনে বিক্ৰী হয়। এনে এটা বৃহৎ উদ্যোগ হোৱা স্বত্ত্বেও কিন্তু সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ অৱস্থা আশানুৰূপভাৱে ভাল নহয়।
এই কথা আজি সকলোৰে জ্ঞাত যে, সাংবাদিকতাতে জীৱন উচৰ্গা কৰা বহুতৰ বাবে সাংবাদিকতাই একমাত্ৰ পেছা।ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰানালয়ে 2011 চনত মাঝিথিয়া দৰমহা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰি সাংবাদিকসকলৰ দৰমহা সন্দৰ্ভত উচিত আৰু স্থিৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতো আজিকোপতি তাৰ একো সুফল আমি দেখা নাই। পুঁজিপতি মালিকগোষ্ঠীৰ ব্যৱসায়িক স্বাৰ্থ,সাংবাদিকসকলৰ প্ৰতি প্ৰদৰ্শন কৰি অহা অসহানুভূতিশীল আচৰণ আদিৰ বাবে দিনে-নিশাই,ৰ'দে-বৰষুণে ঘূৰি ফুৰি বাতৰি সংগ্ৰহৰ দৰে কঠিন কাম কৰিবলগীয়া হোৱাৰ পাছতো বহু সংবাদ পত্ৰৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰখাটো অত্যন্ত দুৰ্ভাগ্যজনক।অৱশ্যে ইয়াৰ দ্বাৰা আমি সকলোবোৰ কাকতক দোষ দিব বিচৰা নাই।কিন্তু কিছু সংখ্যক কাকতৰ মালিক বা কৰ্তৃপক্ষই সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰি অহা ঘটনাৰ কথা ভুক্তভোগী সাংবাদিকসকলৰ মুখেৰে আমি শুনিছোঁ।যিসকল সাংবাদিকৰ অক্লান্ত শ্ৰম,আহোপুৰুষাৰ্থ আৰু ত্যাগৰ ফলস্বৰূপে বাতৰি কাকত একোখনে ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰে সেই সকলক গুৰুত্বহীন কৰি তোলাটো অথবা তেওঁলোকক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়।সেইদৰে বাতৰি কাকতত লেখা-মেলা কৰি থকা লেখক-লেখিকাসকলৰো কাকতখনৰ ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত যথেষ্ট অৱদান থাকে।সাংবাদিকসকলৰ দৰে লেখক-লেখিকাসকলকো তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিষয়টোলৈ লক্ষ ৰাখি উপযুক্ত মাননি প্ৰদানৰ আইনসংগত বিধি তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আছে। সংবাদ মাধ্যমটো আজিৰ যুগত ৰাজনৈতিক প্ৰভাৱপুষ্ট হোৱাৰ লগতে পুঁজিপতি গোষ্ঠীৰ মালিকাধীন হৈ পৰাৰ ফলস্বৰূপে বাৰ্তাজীৱি লোকসকলৰ ভৱিষ্যৎ বহুখিনি অনিশ্চিত হৈ পৰিছে।এই বিষয়তো বিধি- ব্যৱস্থা তৎকালেই লোৱা উচিত।(সমাপ্ত)
জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা
জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা - বীৰ্কে বি থাপা অসমীয়া ভাষা বুলি ক...
-
আঘোণৰ কবিতা বীৰ্কে বি. থাপা সম্প্ৰতি প্ৰকাশনৰ প্ৰস্তুতিত থকা ...
-
প্ৰবন্ধ: কথাশিল্পী যোগেশ দাসৰ গল্প:এটি পৰ্যালোচনা বীৰ্কে বি থাপা ...