মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ
- বীৰ্কে বি থাপা
জুবিন গাৰ্গ মানেই এক অনন্য, বিৰল প্ৰতিভা। নব্বৈৰ দশকৰ যিখিনি সময়ত জুবিনে প্ৰথম শ্ৰব্য কেছেট' অনামিকা' উলিয়াইছিল, সেই তেতিয়াৰে পৰা তেওঁৰ গীত আমি শুনিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে, প্ৰথমাৱস্থাত আমি জুবিনৰ গীতবোৰ ভাল পোৱা নাছিলোঁ।কাৰণ, সেই কালত আমাৰ মন-প্ৰাণ আচ্ছন্ন কৰি ৰাখিছিল জিতুল সোনোৱালৰ দৰে গায়কসকলৰ গীতে।কিন্তু লাহে লাহে জুবিনৰ গীতে আমাৰ প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল। আমি তেতিয়াই উপলদ্ধি কৰিছিলোঁ-তেওঁৰ গীতে যেন এক নতুন প্ৰবাহ বোৱাই আনিছে।
প্ৰকৃততে জুবিনে অসমীয়া সংগীতজগতলৈ এক নতুন ধাৰা বোৱাই আনিছিল। তেওঁৰ প্ৰথমখন শ্ৰব্য- কেছেট 'অনামিকা'ক নতুন প্ৰজন্মই ব্যাপকভাৱে আকোঁৱালী লোৱাৰ মূলতে আছিল জুবিনৰ মোহময়, যাদুকৰী কণ্ঠ, শুদ্ধ উচ্ছাৰণ আৰু গীতসমূহৰ ভাৱৰ গভীৰতাৰ লগে লগে অসমীয়া সংগীত জগতত জুবিনে সৃষ্টি কৰা এক নতুন ধাৰাৰ সুৰ সংযোজনা।জুবিনৰ পূৰ্বেও বহুকেইগৰাকী গায়কৰ গীতত পাশ্চাত্যৰ প্ৰভাৱ অৱশ্যেই আছিল।কিন্তু জুবিনৰ গীতৰ বৈশিষ্ট্য আছিল এয়ে যে পূৰ্বৰ গায়কসকলৰ গীতত ৱেষ্টাৰ্ণ মিউজিকৰ উচ্চ - প্ৰাবল্যযুক্ত আধুনিক বাদ্যযন্ত্ৰৰ কোলাহলৰ মাজত গায়কৰ কণ্ঠ যেন ক'ৰবাত চাপ খাই হেৰাই গৈছিল, কিন্তু তাৰ বিপৰীতে জুবিনৰ গীতত পৰিলক্ষিত হৈছিল কণ্ঠ আৰু ইনষ্ট্ৰুমেন্টৰ মাজত এক সুসংহত ঐক্য। উচ্চ, মুক্ত কণ্ঠৰ লগতে বিৰামহীনভাৱে সুদীৰ্ঘ সময় ধৰি হামিং(Humming) কৰিব পৰা সামৰ্থ আছিল জুবিনৰ গীতৰ অনন্য বৈশিষ্ট্য।
সেই 'অনামিকা' শ্ৰব্য কেছেটৰ পৰা আৰম্ভ কৰি
সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, জোনবাই, জানমণি আদিৰ দৰে অলেখ শ্ৰব্য কেছেট, ভিচিডি কাহিনী-চিত্ৰ, ত্ৰিশ-পয়ত্ৰিশখনকৈ অসমীয়া, বাংলা আৰু হিন্দী কথাছবি তথা বিভিন্ন প্ৰাদেশিক ভাষাত গোৱা গীতলৈকে প্ৰায় আঠত্ৰিশ হাজাৰ গীত গাই অভিলেখ সৃষ্টি কৰিছিল জুবিন গাৰ্গে।
১৯৯৫ চনত মুক্তি লাভ কৰা শ্ৰব্য কেছেট 'শ্ৰদ্ধাঞ্জলি' ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভলিউমৰ গীতসমূহেই প্ৰমাণ কৰি দেখুৱাইছিল যে শুদ্ধ উচ্ছাৰণেৰে সৈতে হিন্দীতো গীত গাব পৰা দক্ষতা জুবিনৰ আছিল। আদনান চামীৰ দৰে বিখ্যাত গায়কেও ৰাষ্ট্ৰীয় স্তৰৰ বহুকেইখন অনুষ্ঠানত জুবিনৰ কণ্ঠৰ উচ্চ প্ৰশংসা কৰিছিল। ২০০৬ চনত নিৰ্মিত অনুৰাগ বাসুৰ 'গেংষ্টাৰ'ৰ বিখ্যাত 'য়া আলি', ২০১৩ চনত নিৰ্মিত ৰাকেশ ৰোচনৰ ' কৃশ-৩' ৰ ' দিল তুহি বতা ' আদিৰ দৰে গীতত কণ্ঠদান কৰি মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিতো এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰ (প্ৰাগ চিনে এৱাৰ্ড,ফিল্ম ফেয়াৰ এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড, গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, নেচনেল ফিল্ন এৱাৰ্ড আদি) লাভ কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
কিন্তু বলিউদৰ কৃত্ৰিম আভিজাত্য আৰু বিলাসিতাপূৰ্ণ জীৱনৰ মোহত আৱদ্ধ হৈ নাথাকি অসমীয়া, বাংলা আৰু প্ৰাদেশিক ভাষাৰ সংগীত জগতত নিজকে বিলীন কৰি দিছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ গীতত কণ্ঠদান কৰাৰ উপৰিও জুবিন গাৰ্গে কামৰূপীয় লোকগীত, বৰগীত, টোকাৰী গীত আদিও সুললিত কণ্ঠেৰে গাই অসমীয়া সংগীত জগতক সমৃদ্ধ কৰিছিল।
খাচী কথাছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ সন্মানজনক' ৰজত কমল বঁটা'ও লাভ কৰিছিল।
কেৱল সংগীত জগতকে নহয়, তেওঁ অসমীয়া চলচিত্ৰ জগততো এক পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমীয়া চলচিত্ৰ জগতৰ চৰম দুৰ্গতিৰ সময়ত যি সময়ত আন কোনো প্ৰযোজকে ডাঙৰ পৰ্দাৰ বিগ বাজেট ছবি নিৰ্মান কৰা কথা কল্পনাই কৰিব পৰা নাছিল, সেই সময়ত জুবিন গাৰ্গেই আগবাঢ়ি আহিছিল মৰসাহ কৰি। 'কাঞ্চনজংঘা', 'মিছন চাইনা' আদিৰ দৰে বিগ বাজেটৰ ছবি নিৰ্মান কৰি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পোষ্টাৰিং কৰি অসমীয়া ৰাইজক অসমীয়া ছবি চাবলৈ উৎসাহিত কৰিছিল। বহুকেইখন ছবিত তেওঁ নিজে অভিনয়ো কৰিছিল।
স্বাভাৱিকতে জুবিন গাৰ্গ আছিল এক অনন্য প্ৰতিভা।১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'য়ুথ ফেষ্টিভেল'ত গ'ল্ড মেডেল লাভ আৰু প্ৰথম শ্ৰব্য কেছেট' অনামিকা'ৰ বিপুল জনপ্ৰিয়তাৰ পৰা আৰম্ভ কৰি বিগত প্ৰায় তিনি দশক ধৰি সংগীতৰ ক্ষেত্ৰখনত একান্তভাৱে নিৱিষ্ট জুবিনে অক্লান্ত শ্ৰম কৰিছিল। কিবা এক নতুন সৃষ্টিৰ তাড়নাত তেওঁ উন্মাদৰ দৰে কাম কৰি গৈছিল। অত্যধিক শ্ৰমৰ বাবেই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। দুৰ্বল, অসুখীয়া স্বাস্থ্যকো পৰোৱাহ নকৰি তেওঁ মাজনিশা, পুৱতিনিশালৈকে হাজাৰ হাজাৰ দৰ্শকৰ তাগিদাত গীত গাইছিল। সকলোৰে হাৰ্টথ্ৰৱ জুবিনে মঞ্চত বহু সময়ত বেসুৰা সুৰত গীত গালেও তেওঁৰ বাবে মানুহ পগলাৰ দৰে হৈছিল। জুবিন-অনুৰাগীৰ সংখ্যা কেতিয়াও কম হোৱা নাছিল।
অৱশ্যে জুবিন গাৰ্গে কৰা কিছুমান অভব্য, উদ্ভট আচৰণৰ বাবে বহু সময়ত বিতৰ্কৰো সৃষ্টি নোহোৱাকৈ থকা নাছিল। প্ৰকৃততে তেওঁৰ এফালে যেনেদৰে আছিল অনন্য, যাদুকৰী কণ্ঠ আৰু সৃষ্টি প্ৰতিভা,তেনেদৰে আনফালে আছিল শিশুসুলভ, অদ্ভুত আচৰণ।কলেজীয়া জীৱনতো তেওঁক দেখা গৈছিল এজন ক্ষীণ-মীন, মূৰত একোছা দীঘল চুলিৰে, পিঠিত গীটাৰ লৈ চাইকেল চলাই কলেজলৈ যোৱা এক ব্যতিক্ৰমী যুৱকৰ ৰূপত । প্ৰথমখন গীতৰ এলবাম 'অনামিকা'ৰ ক'ভাৰ পেজত মুদ্ৰিত দীঘল চুলিৰ সেই মোহময় ফটোৰ জুবিন গাৰ্গ নব্বৈৰ দশকত নতুন প্ৰজন্মৰ বাবে হৈ পৰিছিল এটা ' আইকন '। অত্যন্ত অপ্ৰিয় হ' লেও এই কথা সত্য যে অত্যধিক মদ্যপান কৰা অভ্যাসৰ বাবেও তেওঁ বহু সময়ত সংযমহীন হৈ পৰিছিল। অত্যধিক মদ্যপান কৰি কেতিয়াবা মঞ্চত গান গাব নোৱাৰা হোৱা, মঞ্চত শুই পৰা, গান গাবলৈ উঠি হঠাৎ 'আজি মোৰ গান গাবলৈ মন নাই' বুলি গুচি যোৱা, মঞ্চত হিন্দী গীত পৰিৱেশন কৰিবলৈ নিষেধ কৰাৰ পাছতো হিন্দী গীত পৰিৱেশন কৰা, গীত গাই থকা অৱস্থাত চাউণ্ড চিষ্টেমৰ কাৰিকৰী বিজুটি ঘটিলে খঙত মাউথ স্পীকাৰ থেকেচি পেলাই দিয়া, কেতিয়াবা অদ্ভুত বেশভূষা পৰিধান কৰা, মঞ্চত অশ্লীল মাত মতা আদিৰ দৰে আচৰণ আছিল তেওঁৰ দৈনন্দিন ঘটনা।বহু সময়ত জুবিনৰ এনে উদ্ভত আচৰণৰ অন্তৰালত আছিল কিছুমান কথা বা কাৰ্যই তেওঁৰ মনত সৃষ্টি কৰা প্ৰচণ্ড ক্ষোভ। ক্ষোভৰ প্ৰতীকি প্ৰকাশৰূপেও তেওঁ কেতিয়াবা ইচ্ছাকৃতভাৱেই উদ্ভত আচৰণ প্ৰদৰ্শন কৰিছিল।
জুবিনৰ অন্তৰ্সত্তাত সংপৃক্ত হৈ আছিল এক প্ৰকাৰৰ প্ৰচণ্ড যুক্তি আৰু সাম্যবাদী চেতনা। এই দুটা বস্তুৱে তেওঁক অত্যন্ত সাহসী আৰু বেপৰুৱা কৰি তুলিছিল। তথাকথিত ধৰ্ম, ভগৱানৰ অস্তিত্ব আদিক তেওঁ নামানিছিল আৰু প্ৰকাশ্যে বিৰুধিতা কৰিছিল।
তেওঁ নিজে জাতত বামুণ হৈয়ো বামুণক গালি পাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল- 'মই লগুণ ছিঙি পেলাই দিছোঁ।মোৰ কোনো জাত নাই,মোৰ কোনো ধৰ্ম নাই ।' নিজৰ ছবি 'কাঞ্চনজংঘা' তো এনেধৰণৰ সংলাপ সন্নিৱিষ্ট কৰি তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। কোনোবা এখন মঞ্চত সত্ৰাধিকাৰ এগৰাকীক 'সত্ৰাধিকাৰ প্ৰভু' বুলি সম্বোধন কৰা কাৰ্যক তেওঁ প্ৰকাশ্যে বিৰুধিতা কৰাও দেখিছিলোঁ।এনেবোৰ কথাই বিতৰ্কৰ সৃষ্টি কৰিলেও কিন্তু কেতিয়াও তেওঁ হাৰ মনা নাছিল। 'ঘেণ্টা মই কাকো খাটিৰ নকৰোঁ' বুলি সততে কৈ থকা জুবিনৰ কণ্ঠ আছিল অনিৰূদ্ধ।ক'বলগীয়া কথাখিনি তেওঁ কৈয়ে এৰিছিল-লাগিলে গীততে হওক বা কবিতাতে, মঞ্চতে হওক বা দূৰদৰ্শনৰ পৰ্দাতে। দেশৰ সংকট, দুৰ্নীতি, ৰাজনৈতিক - ভ্ৰষ্টাচাৰ আদিৰ বিৰূদ্ধে তেওঁ সাহসেৰে গীত গাই গৈছিল। সংকীৰ্ণ সাম্প্ৰদায়িক চেতনাৰ উৰ্ধত তেওঁ গাইছিল কেৱল মানুহৰ গান, জীৱন আৰু প্ৰেমৰ গান, জীৱনৰ কঠোৰ বাস্তৱৰ গান।
জুবিনৰ গীতৰ এনে অমোঘ শক্তি আছিল যে জাতি-বৰ্ণ-ধৰ্ম নিৰপেক্ষে সকলোৱে প্ৰাণত ঠাই দিছিল তেওঁৰ কণ্ঠক, তেওঁৰ গীতক। তেওঁৰ গীতৰ যাদুকৰী শক্তিয়ে তল পেলাই দিছিল জুবিনৰ উদ্ভত আচৰণে লাখ লাখ দৰ্শকৰ মনত সৃষ্টি কৰা সমস্ত ক্ষোভ।
এনে এগৰাকী শিল্পী জীৱন গাৰ্গৰ আকস্মিক মৃত্যু কোনেও কল্পনা কৰিব পৰা নাছিল। মানি ল'ব পৰা নাছিল কোনেও এই মৃত্যুৰ খবৰ। এনে লাগিছিল - যেন তেওঁ সদায় কৰি থকা ধেমালিবোৰৰ দৰেই এয়াও আছিল এটা ধেমালি।
কিন্তু অৱশেষত আমি সকলোৱে মানি ল'বলৈ বাধ্য হ'লোঁ এই নিৰ্মম সত্য যে - হয়, কেৱল নতুন প্ৰজন্মৰে নহয়, অসমৰ লাখ-লাখ অনুৰাগীৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যু হৈছে চিংগাপুৰত, সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ।
মৃত্যু এক শাশ্বত, চিৰন্তন সত্য। কিন্তু সেই মৃত্যুক আমি কেনেকৈ ইমান সহজে মানি লওঁ যি মৃত্যু হ'ব পাৰে ইমান ক্ৰুৰ, ইমান নিষ্ঠুৰ। চিংগাপুৰৰ সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ, কি দুসহ: যন্ত্ৰণাত জীৱন-মৰণৰ সৈতে যুঁজি যুঁজি, কক্ বকাই কক্ বকাই জুবিন গাৰ্গৰ মৃত্যু হৈছিল -সেয়া ভাৱিলে অন্তৰে কান্দি দিয়ে। আজি অসমৰ লাখ - লাখ জনতাই জুবিনৰ মৃত্যুত কান্দিছে।কোনেও সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক।
জুবিনৰ মৃত্যুৰ লগে লগে অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে। সামাজিক মাধ্যমসমূহত ভাইৰেল হোৱা বিভিন্ন ফটো, ভিডিঅ' ক্লিপ, টেলিফোন ক'ল ৰেকৰ্ডিং, নিউজ চেনেলসমূহৰ ভূমিকা আদিৰ পৰিপ্ৰেক্ষিতত জুবিনৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। জুবিনৰ মৃত্যুক সহজ মৃত্যু বুলি কোনেও আজি গ্ৰহণ কৰিব পৰা নাই। সকলোৰে মনত আজি প্ৰশ্ন - কি আছিল তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ? সেয়া কেৱল এটা দুৰ্ঘটনাই আছিল নে? এনে নিৰ্মম মৃত্যু সংঘটিত হোৱাৰ সময়ত তেওঁৰ লগত অনবৰতে লাগি থকা সাংগো-পাংগোবোৰ ক'ত আছিল? শাৰীৰিকভাৱে তেনেই অসুস্থ বুলি জানিও জুবিন গাৰ্গক সাগৰৰ পানীত সাঁতুৰিবলৈ কিয় এৰি দিয়া হৈছিল? বহু প্ৰশ্ন।
চিংগাপুৰৰ সাগৰে সঁচাকৈয়ে কাঢ়ি লৈ গ'ল নতুন প্ৰজন্মৰ অজস্ৰ অনুৰাগীৰ প্ৰাণৰ স্পন্দন, হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।এটি কবিতাত জুবিনে লিখিছিল- 'সাগৰ দেখিছা?/তাত বৰ এন্ধাৰ/ঢৌৱে কোবায়/শব্দৰ কোলাহল/পাৰাপাৰহীন/ক'ত আৰম্ভ ক'ত শেষ/কোনেও নেজানে/
মই নদী ভাল পাওঁ/নদীয়ে নিজৰ পথ নিজেই বিচাৰে/কুলুকুলু শব্দেৰে/একা-বেঁকা বাটেৰে নিজেই বিচাৰি যায়/নিজৰ ঠিকনা/দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায়/কল্লোলিত হৃদয়ৰ বেদনা..' (ভিতৰে-বাহিৰে) ।
বুকু ফাটি পৰে এই কথা ভাৱি যে সদায় গীত, কবিতা আৰু কথাৰে নদীক ভাল পোৱা কথা কৈ থকা জুবিনৰ মৃত্যু হ'ল অৱশেষত সাগৰৰ পানীৰ গভীৰতাত, শ্বাসৰূদ্ধ অৱস্থাত। কিয় আহে মৃত্যু এনেদৰে? কেনেদৰে কাঢ়ি নিব পাৰে মৃত্যুৱে এটা জীৱন, ইমান সহজে? মৃত্যু কিয় ইমান সুলভ? (সমাপ্ত)