Thursday, August 29, 2024

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-
উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'
                                           - বীৰ্কে বি থাপা

      নাৰীবাদী লেখিকা তথা নাৰী- আন্দোলনৰ সক্ৰিয় কৰ্মী উৰ্বশী বুতালিয়াৰ লেখাত সততে নাৰীৰ দুখ-যন্ত্ৰণা, অভাৱ-অনাটন, নাৰীৰ ওপৰত পুৰুষ-তান্তিক সমাজ ব্যৱস্থাই চলাই অহা শোষণ উৎপীড়ন,নাৰীৰ আৰ্থ- সামাজিক আৰু ৰাজনৈতিক অধিকাৰ, লিংগ বৈষম্য, সাম্প্ৰদায়িকতাবাদ, মৌলবাদ আদিৰ স্পষ্ট প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
     উৰ্বশী বুতালিয়াৰ জন্ম হৈছিল 1952 চনত হাৰিয়ানাৰ অম্বালাত এটা অতি প্ৰগতিশীল বিচাৰধাৰা আৰু অনীশ্বৰবাদী শিখ পৰিয়ালত। 1973 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত পুনৰ 1977 চনত লণ্ডন য়ুনিভাৰ্চিটিৰ পৰা South Asian Studies ত এম.এ. কৰা বুতালিয়াই তেওঁৰ কৰ্মজীৱন প্ৰথমে আৰম্ভ কৰে  দিল্লীত অৱস্থিত অক্সফোৰ্ড য়ুনিভাৰ্চিটি প্ৰেচত । তাৰ পাছত তেওঁ লণ্ডনস্থিত 'জেদ বুকচ্ ' নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠানত সম্পাদক হিচাপে  কাৰ্যনিৰ্বাহ কৰে।পুনৰ ভাৰতলৈ উভটি আহি তেওঁ হাৰিয়ানাৰ ' অশোকা য়ুনিভাৰ্চিটি'ত অধ্যাপনা কৰাৰ উপৰিও প্ৰখ্যাত নাৰীবাদী লেখিকা ৰীতু মেননৰ  সৈতে লগলাগি 1984 চনত  Kali for Women নামৰ এটি নাৰীবাদী প্ৰকাশন সংস্থা গঠন কৰে। Kali for Women হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাৰীবাদী প্ৰকাশন সংস্থা যি সংস্থাই তৃতীয় বিশ্বৰ মহিলাসকলৰ কণ্ঠক বলিষ্ঠ ৰূপ প্ৰদান কৰিবৰ বাবে নিৰন্তৰ কাম কৰি যায়।পৰৱৰ্তীকালত  বুতালিয়াই নিজাববীয়াকৈ Zubaan Books নামৰ আন এক প্ৰকাশন সংস্থা গঠন কৰে 2003 চনত ।বৰ্তমান এই সংস্থা Zubaan Publishers Pvt. Ltd.ৰূপে পৰিচিত।বুতালিয়াৰৰ নাৰীবাদী বলিষ্ঠ লেখাসমূহ The Guardian, The New Internationalist, The Statesman, The Times of India, Outlook ,India Today আদিত প্ৰকাশ পাই আহিছে। বামপন্থী বিচাৰধাৰাৰ বুতালিয়াৰে প্ৰখ্যাত Tehelka নামৰ বামপন্থী কাকততো নিয়মীয়াকৈ স্তম্ভলেখ লিখে।তেওঁৰ দ্বাৰা লিখিত আৰু সম্পাদিত উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে -The Other Side of Silence , Partition:The long shadow,Speaking Peace : women's voices from Kashmir,The Persistence of Memory,Women and the Hindu Right,Women changing India,In other words: New writing by Indian women ,Women and parition -A Reader আদি।
      1998 চনত প্রকাশিত The Other Side of Silence গ্রন্থ সম্পর্কত বিশিষ্ট লেখক অমিতাভ ঘোষে লিখিছে- 'The Other side of silence ' হৈছে নিঃসন্দেহে ভাৰতীয় উপমহাদেশৰ বিভাজনৰ বিষয়ে লিখা আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ অন্যতম।...এয়া এক অসাধাৰণ কৃতিত্ব।'  ছলমন ৰুছদিৰ দৰে লেখকেও  'This is a magnificient and necessary book, rigorous and compassionate, thought- provoking and moving,oral history at its best'বুলি গ্ৰন্থখনৰ সন্দৰ্ভত নিজস্ব মত পোষণ কৰিছে। উল্লেখযোগ্য যে 2011 চনত ভাৰত চৰকাৰে তেওঁক 'পদ্মশ্ৰী ' প্ৰদান কৰাৰ উপৰিও জাৰ্মেনিতো বিশেষ সন্মান প্ৰদান কৰা হয়।
      1998 চনত 'পেংগুইন বুকচ'ৰ দ্বাৰা প্ৰথম প্ৰকাশ পোৱা  গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় 2017 চনত। গ্ৰন্থখনৰ Return  শীৰ্ষক পাতনিত উৰ্বশী বুতালিয়াই অত্যন্ত আক্ষেপেৰে লিখিছে যে 1947 চনত ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষৰ বিভাজন হৈছিল।এই বিভাজনৰ দ্বাৰা ভাৰত আৰু পাকিস্তান দুয়োখন দেশত একো একোটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ লোকসকল নিৰাপদে বসবাস কৰি থাকিব বুলি আশা কৰা হৈছিল।কিন্তু স্বাধীনতা লাভৰ অত বছৰৰ পাছতো কোনো এখন দেশতে শান্তি নামি অহা বুলি প্ৰকৃততে ক'ব নোৱাৰি।সময়ৰ লগে লগে গা-কৰি উঠা বিভিন্ন সমস্যাই আজিও জনসাধাৰণৰ জীৱন অশান্ত আৰু নিৰাপত্তাহীন কৰি তুলিছে।আজি ভাৰতবৰ্ষৰ অভ্যন্তৰতে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ বিভাজনকাৰী শক্তিসমূহে উগ্ৰ ৰূপ ধাৰণ কৰি আমাক চাৰিওফালৰ পৰা হেঁচা মাৰি ধাৰিছে। আৰু এই ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ ৰাজনীতিয়ে সংবিধানৰ 'চেক্যুলাৰিজম'(ধৰ্মনিৰপেক্ষতা)ৰ আদৰ্শক নস্যাৎ কৰি ধৰ্মীয় সাম্প্ৰদায়িকতাৰ দ্বন্দ্ব চৌদিশে বিয়পাই দিছে। তেওঁ লক্ষ্য কৰিছে যে  যি পৰিচয় আমি কেতিয়াও বিচৰা  নাছিলোঁ তেনে পৰিচয়ৰ মাজত আমাক আৱদ্ধ কৰি ৰখা হৈছে।আজি 'জাতীয়তাবাদ ', 'দেশপ্ৰেম' আদি শব্দবোৰৰ ভিন্ন অৰ্থ প্ৰদান কৰা হৈছে। বুতালিয়াই লিখিছে-'মই ডাঙৰ হোৱা নতুন স্বাধীন ভাৰতত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ দৰে শব্দৰ আজিৰ দৰে অশুভ অৰ্থ নাছিল।'
      উল্লেখযোগ্য যে উৰ্বশী বুতালিয়াৰৰ জন্ম হৈছিল বিভাজনৰ সময়ছোৱাত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰি অহা এটা শৰণাৰ্থী পৰিয়ালত।মাকৰ মুখেৰে তেওঁ শুনিছিল কেনে এক অগ্নিগৰ্ভা পৰিস্থিতিত তেওঁলোকে জন্মস্থান লাহোৰ এৰি ভাৰতলৈ পলাই আহিবলগা হৈছিল।
      ১৯৪৭ চনৰ ভাৰত বিভাজন  ইতিহাসৰ অন্যতম এক  দুখজনক ঘটনা। এই বিভাজনৰ পৰিণতিস্বৰূপেই  ব্যাপক পৰিসৰত হত্যা, ধৰ্ষণ আৰু অপহৰণৰ উন্মাদনাৰ মাজত বাৰ নিযুততকৈ অধিক লোক স্থানচ্যুত হ'বলগীয়া হৈছিল। ভাৰত বিভাজনৰ কালছোৱাত মাত্ৰ কেইমাহমানৰ ভিতৰতে  ভাৰত আৰু পাকিস্তানৰ
প্ৰায় বাৰ নিযুত লোকে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰত্যাগমন কৰিবলগীয়া হৈছিল।স্বভূমি ত্যাগ কৰি অন্য স্থানলৈ প্ৰত্যাগমন কৰা
এই শৰণাৰ্থীসকলৰ ভিতৰত দহ নিযুততকৈ অধিক অংশই তেতিয়াৰ ঐতিহাসিক ৰাজ্য পঞ্জাৱক বিভক্ত কৰা পশ্চিম সীমান্ত অতিক্ৰম কৰিছিল, মুছলমানসকলে পশ্চিমলৈ পাকিস্তান, হিন্দু আৰু শিখসকলে পূব দিশলৈ ভাৰতলৈ যাত্ৰা কৰিছিল।যাত্ৰাপথত বহুতক হত্যা কৰা হৈছিল,
বহুতৰ পুষ্টিহীনতা আৰু সংক্ৰামক ৰোগত মৃত্যু হৈছিল। এনেদৰে মৃত্যু হোৱা লোকৰ সংখ্যা সমসাময়িক ব্ৰিটিছ পৰিসংখ্যা অনুসৰি ২ লাখৰ পৰা পৰৱৰ্তীকালৰ ভাৰতীয় অনুমান অনুসৰি ২০ লাখ আছিল।কিন্তু সেই সময়ত প্ৰায় এক নিযুত লোকৰ মৃত্যু হোৱাটো এতিয়া বহুলভাৱে মানি লোৱা হৈছে। প্ৰায় ৭৫,০০০ মহিলাক নিজৰ ধৰ্মৰ পৰা পৃথক ধৰ্মৰ পুৰুষে অপহৰণ কৰি ধৰ্ষণ কৰিছিল বুলি অনুমান কৰা হয় ।এই ধৰ্ষণ কাৰ্য কেতিয়াবা নিজৰ ধৰ্মৰ পুৰুষেও কৰিছিল।বিভাজনৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বিভাজিত হৈছিল, ঘৰ-বাৰী ধ্বংস হৈছিল, শস্য নষ্ট হৈছিল, গাঁও পৰিত্যক্ত হৈছিল৷ আচৰিত কথাটো হ’ল, ধৰ্মৰ ভিত্তিত দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ হোৱাৰ পাছত উদ্ভৱ হোৱা অনাকাংক্ষিত ভয় আৰু অনিশ্চয়তাই যে ইমানবোৰ হিন্দু আৰু মুছলিম লোকক তেওঁলোকে ' নিৰাপদ ' বুলি ভৱা স্থানলৈ পলায়ন কৰিবলৈ বাধ্য কৰাৰ ফলত কেনে সমস্যাৰ সৃষ্টি কৰিব সেই সম্পৰ্কত কোনো এখন দেশৰ চৰকাৰেই প্ৰস্তুত নাছিল ।সেই সময়ছোৱাত মানুহবোৰে বাচ  বা ৰেল আৰু বেছিভাগেই খোজ কাঢ়ি (কাফিলা)পলায়ন কৰিছিল।এনে কাফিলাবোৰৰ ভিতৰত দীৰ্ঘতম কাফিলাত প্ৰায় চাৰি লাখ শৰণাৰ্থী আছিল আৰু তেওঁলোকে পূৱলৈ ভাৰতবৰ্ষ উদ্দেশ্যি যাত্ৰা কৰিছিল।
       বিভাজন নিশ্চিত বুলি খবৰ ওলোৱাৰ পাছৰে পৰা বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত শংকা আৰু ত্ৰাসৰ সৃষ্টি হৈছিল।পাকিস্তানত যুগ ষুগ ধৰি বসবাস কৰি থকা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে অনাকাংক্ষিত বিপৰ্যয়ৰ পূৰ্বানুমান কৰি যেয়ে যেনেকৈ পাৰে ভাৰতবৰ্ষৰ ফালে পলায়ন কৰিছিল।সেই সময়ছোৱাত কত পৰিয়ালত লুট-পাত,হত্যা,ধৰ্ষণ,অপহৰণ চলিল তাৰ হিচাপ নাই। নাৰী নিৰ্যাতনে সেই সময়ত ভীষণ ৰূপ লৈছিল। উর্বশী বুতালিয়াই তেওঁৰ গ্ৰন্থত উল্লেখ কৰা মতে, পাকিস্তানৰ থ'ৱা খালচা নামৰ এখন সৰু গাঁৱত বিভাজনৰ সময় ছোৱাত এক সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছিল।গাওঁখনত বসবাস কৰি থকা শিখ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া গম পাইছিল যে তেওঁলোকৰ  গাঁৱত আক্ৰমন কৰা হ'ব,তেতিয়া তেওঁলোক সকলো গুৰুদ্বাৰাত সমৱেত হৈছিল আৰু পুৰুষ-মহিলা সকলোৱেই এটা সিদ্ধান্তলৈ আহিছিল যে অন্য ধৰ্মৰ মানুহৰ দ্বাৰা তেওঁলোকৰ মহিলাসকল ধৰ্ষিতা হ'বলৈ এৰি দিয়াৰ পূৰ্বেই তেওঁলোকে আত্মহত্যা কৰিব।এই অংগীকাৰেৰে তেওঁলোকে গুৰুদ্বাৰাত প্ৰাৰ্থনা সমাপ্ত কৰাৰ পাছতে প্ৰায় আশী-নব্বৈ গৰাকী মহিলাই গাঁৱৰ সমূহীয়া নাদত জঁপিয়াই প্ৰাণ ত্যাগ কৰিছিল। এই সঁচা কাহিনীটো  উৰ্বশী বুতালিয়াক কৈছিল এগৰাকী শিখ মহিলাই যি গৰাকী মহিলাইয়ো সেই একেটা নাদত জঁপিয়াই দিছিল,কিন্তু মৃত মহিলাৰ শৱেৰে ইতিমধ্যে নাদ ভৰি পৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল। এনে অলেখ অলিখিত ত্যাগ আৰু বিপৰ্যয়ৰ মাজেৰে অহা স্বাধীন ভাৰত অথবা পাকিস্তানৰ ভৱিষ্যতলৈ কি বিপৰ্যয় ৰৈ আছিল সেয়া কোনোবাই জানিছিলনে?
       উৰ্বশী বুতালিয়াই লক্ষ্য কৰিছে যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ বিভাজিত হৈ পাকিস্তান আঁতৰি যোৱাৰ পাছতো ধৰ্মৰ দ্বন্দ্ব আৰু ধৰ্মৰ পৰিপ্ৰেক্ষিতত   উদ্ভূত সমস্যাসমূহ এইখন দেশত আজিলৈকে শেষ হৈ যোৱা নাই।তেওঁ উল্লেখ কৰা মতে,এই গ্ৰন্থখন লিখাৰ সময়তো তেওঁ আজি আমি দেখিবলৈ পোৱা ধৰ্মভিত্তিক পৰিচয়ৰ ৰাজনৈতিক উত্থান সম্পৰ্কে  গভীৰভাৱে চিন্তিত আছিল।আজি তেওঁৰ এনে অনুভৱ হয় যেন  বিভাজনৰ সেই সময়খিনিয়ে আছিল প্ৰকৃততে   উচ্চ জাত  আৰু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ ৰাজনৈতিক মঞ্চৰ বাবে  এক পৰিকল্পিত চেটিং । এই প্রসংগত ভাৰতত চলি থকা জাতিগত অত্যাচাৰৰ বিষয়টো উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত উচ্চ জাতৰ লোকসকলৰ দ্বাৰা নিম্নবৰ্ণৰ লোকসকলৰ প্ৰতিও যুগ যুগ ধৰি অন্যায়-অত্যাচাৰ,শোষণ-উৎপীড়ণ চলাই অহা হৈছে।বিশেষকৈ নিম্নবৰ্ণৰ লোকসকলক 'অস্পৃশ্য' বুলি ঘৃণা কৰাৰ উপৰিও তেওঁলোকৰ নিৰ্দিষ্ট  জাতিভিত্তিক বৃত্তি যেনে মৃত জীৱ-জন্তুৰ মৃতদেহৰ ছাল কাটি ,শুকুৱাই জোতা-খৰম -পাদুকা,বাদ্যযন্ত্ৰ আদি তৈয়াৰ কৰা কাৰ্যৰ বাবেই বিপদত পেলোৱা হয়।
        এই কথা সত্য যে বিভাজনৰ সময়ত হিন্দু-মুছলিম উভয়েই হিংসা-প্ৰতিহিংসাৰ বলি হৈছিল,কিন্তু কেৱল হিন্দু সকলহে বলি হোৱা বা হিন্দুসকলেহে  আঘাত পোৱা আখ্যানসমূহৰ আৰ্টিকুলেচনৰ বাবে 'হিন্দু পুনৰুত্থানশীল ভাৰতবৰ্ষ'ত আজি  ঠাই মুকলি কৰি দিয়া হৈছে।সেইবোৰক ক্ৰমান্বয়ে বৈধতাও  প্ৰদান কৰা হৈছে আৰু ‘সত্য’ হিচাপে উপস্থাপন কৰা হৈছে।সংখ্যাগৰিষ্ঠৰ ক্ষমতাই প্ৰায় জোৰ-জবৰদস্তি আৰু উচ্চস্বৰেৰে সেইবোৰক  বৈধতা প্ৰদান কৰিছে।
      ভাৰতবৰ্ষক স্বদেশ বুলি আকোঁৱালী লৈ ইয়াতে ৰৈ যোৱা মুছলিমসকলক  আজিও ধৰ্মৰ ভিত্তিত সন্দেহৰ আৱৰ্ততে ৰখা হয়। ধৰ্মৰ নামত 1989 চনত বিহাৰৰ ভাগলপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত শ শ মুছলিম লোকক হত্যা কৰা হৈছিল।তাৰ পাছত হিন্দুসকলৰ দ্বাৰা অযোধ্যাৰ বাবৰি মচজিদ ধ্বংস কৰা আৰু পুনৰ চুৰাট,আহমেদাবাদ আৰু মুম্বাইত মুছলিমসকলক আক্ৰমন কৰা অথবা উত্তৰ প্ৰদেশত মুছলমানসকলক আঁতৰি যাবলৈ নিৰ্দেশ দি পোষ্টাৰ অঁৰাৰ দৰে ঘটনাবোৰ সংঘটিত হয়।এই বিদ্বেষ কেৱল মুছলিম সকলৰ প্ৰতিয়েই নহয়,অন্য ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিও সমানে চলি আহিছে।বিশেষকৈ  1984 চনৰ অক্টোবৰ মাহত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰে নিৰাপত্তা ৰক্ষীৰ দ্বাৰা হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়।এই ঘটনাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰচণ্ড ক্ষোভত শিখসকলৰ ওপৰত আক্ৰমন চলিল।শিখসকলৰ বহু ঘৰ ধ্বংস কৰা হ'ল,হাজাৰ হাজাৰ লোকক হত্যা কৰা হ'ল।অকল দিল্লীৰ প্ৰান্তীয় অঞ্চলসমূহতে তিনি হাজাৰতকৈ অধিক শিখ লোকক হত্যা কৰা হৈছিল।এই আতিশয্যৰ বলি হোৱা লোকসকলৰ মুখেৰে উৰ্বশী বুতালিয়াই শুনিছিল তেওঁলোকক কেনে অত্যাচাৰ কৰা হৈছিল।1947 চনত পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাপে দিল্লীলৈ অহা  বৃদ্ধ লোকসকলেও কৈছিল-'We didn't think it could happen to us in our own country.....This is like partition again.' এনেদৰেই ভাৰতবৰ্ষৰ বিভাজনৰ পাছতো উৰ্বশীয়ে দেখিছিল-'People from the same country,the same town,the same village could still be divided by the politics of their religious difference and once divided,could do terrible things to each other.'
      উৰ্বশী বুতালিয়াৰ মতে,কৰুণ বাস্তৱতাটো হ’ল এয়ে  যে বিভাজনে আমাৰ মাজত অন্ধ ঘৃণা,ভয়ংকৰ পক্ষপাতিত্ব আৰু গভীৰ অজ্ঞানতাৰ এক উত্তৰাধিকাৰী (Legacy) এৰি থৈ গৈছিল।
     ভাৰত বিভাজন কালৰ অন্যতম এক ক'লা অধ্যায় আছিল ধৰ্মান্তৰকৰণ।সেইসময়ত পাকিস্তান এৰি পলাই অহা শিখ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলক জোৰকৈ ধৰ্মান্তকৰণ (Conversion) কৰা হৈছিল। বহুতে এনে ধৰ্মান্তকৰণ নিৰাপত্তাৰ খাতিৰত মানি ল'লেও বহুতে মানি ল'ব পৰা নাছিল। A Division of Hearts নামৰ ছবিখন নিৰ্মান কৰি থকা সময়ছোৱাত উৰ্বশী বুতালিয়াই  মংগল সিং নামৰ  এজন বৃদ্ধক লগ পাইছিল অমৃতচৰত।এই মংগল সিং আৰু তেওঁৰ দুজন ভায়েকে বিভাজনৰ সময়ত ধৰ্মান্তৰিত হ'বলগীয়া পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানত নিজৰ পৰিয়ালৰ সোতৰজনকৈ লোকক হত্যা কৰিছিল।...তেওঁ কৈছিল-'Otherwise they would have been converted' .তাৰ পাছত পাকিস্তানৰ পৰা পলাই আহি তেওঁ অমৃতচৰত এটা নতুন জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল।কিন্তু নিজৰ পৰিয়ালৰ তেজেৰে হাত ৰাঙলি কৰি তেওঁ অতীতৰ সকলো কথা পাহৰি থাকিব পাৰিছিলনে?তেওঁৰ বুকুৰ অসহনীয় বেদনাক কোনোবাই দেখিছিলনে?এনে মৰ্মান্তিক ঘটনাৰ ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী যিসকল পাছলৈ জীয়াই আছিল তেওঁলোকে  নীৰৱে বুকুত কঢ়িয়াই লৈ ফুৰিছিল সেই বিভাজনকালৰ অলেখ ক'লা স্মৃতি।পাহৰিব পৰা নাছিল তেওঁলোকে সেই দিনবোৰৰ কথা।এই সঁচা কাহিনীবোৰ উপেক্ষিত হৈ ৰৈ গৈছিল ইতিহাসত।
       বহুতে স্বইচ্ছাৰেও ধৰ্মান্তৰিত হৈছিল।এই প্রসংগত উৰ্বশী বুতালিয়াই পাকিস্তান নিবাসী নিজৰ মোমায়েকৰ কথা উল্লেখ কৰিছে যিজনে শিখ ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।ধৰ্মান্তৰিত হৈ মুছলিম ছোৱালী বিয়াই কৰাই পাকিস্তানৰে  নাগৰিক হোৱা মোমায়েকৰ জীৱনৰ  ট্ৰেজিক পৰিণামে উদঙাই দিছে বিভাজনৰ আন এক নিষ্ঠুৰ সত্য।
        বুতালিয়াই গ্ৰন্থখনত উল্লেখ কৰা মতে,বিভাজনৰ পূৰ্বেই তেওঁৰ ককাক (মাকৰ দেউতাক) ৰ মৃত্যু হৈছিল।বিভাজনৰ সময়ত পৰিস্থিতি ইমানেই বেয়ালৈ গতি কৰিছিল যে মাক সুভদ্ৰাই নিজৰ বৃদ্ধা মাক,ভায়েক আৰু ভনীয়েকহঁতক লৈ লাহোৰ এৰি ভাৰতবৰ্ষলৈ পলাই আহিবলৈ সিদ্ধান্ত কৰিছিল।কাৰণ তাত তেওঁলোকৰ কোনো নিৰাপত্তা নাছিল। কিন্তু সুভদ্ৰাৰ  সৰুজন ভায়েকে নিজৰ পৈত্ৰিক ঘৰ,সম্পত্তি আদি এৰি পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহা কথাত সন্মত নহ'ল ।বৃদ্ধা মাককো তেওঁ মাককো এৰি দিব নিবিচাৰিলে। উপায়ন্তৰ হৈ অৱশেষত সুভদ্ৰাই  ভনীয়েকহঁতক লৈ ভাৰতলৈ পলাই আহিল।আনফালে পাকিস্তানত থকা  ভায়েকে ইছলামধৰ্ম গ্ৰহণ কৰি এজনী মুছলিম ছোৱালীক বিয়া কৰাই সেই দেশৰে নাগৰিক হৈ পৰিল।
      তেতিয়াৰে পৰা সেইজন মোমায়েকৰ সৈতে ভাৰতত বসবাস কৰি থকা উৰ্বশী বুতালিয়াৰৰ পৰিয়ালৰ কোনো যোগাযোগ বা সম্পৰ্ক নাছিল। প্ৰকৃততে সেইজন মোমায়েকে কেৱল সম্পত্তিৰ বাবে নিজৰ পৰিয়াল-স্বজনক ত্যাগ কৰা কথাত সকলোৱেই  ক্ষুন্ন হৈ আছিল।
      ইতিমধ্যে  বিভাজনকালৰ  ইতিহাস অন্বেষণৰ কামত জড়িত হৈ  থকা উৰ্বশী বুতালিয়াই ভাৰত আৰু পাকিস্তানৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ভুক্তভোগী ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰি ,তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত বহু অনুদ্ঘাটিত তথ্য উদ্ধাৰ কৰিছিল।সেই সন্দৰ্ভত তেওঁ বহু লেখ প্ৰস্তুত কৰাৰ উপৰিও তথ্য চিত্ৰ নিৰ্মানৰ কামতো নিমজ্জিত হৈ পৰিছিল।তাৰেই পৰিপ্ৰেক্ষিতত 1987 চনত,বিভাজনৰ চল্লিশ বছৰৰ পাছত তেওঁ পাকিস্তানত বসবাস কৰি থকা মোমায়েকক লগ কৰিবলৈ লাহোৰলৈ যায়।এইজন মোমায়েকক ইয়াৰ আগতে তেওঁ কেতিয়াও লগ পোৱা নাছিল।মোমায়েক থকা লাহোৰৰ সেই 'হাৱেলি' (ঘৰ)ও তেওঁ কেতিয়াও দেখা নাছিল।তেওঁৰ মনত এই শংকাই বাহ লৈছিল যে মোমায়েকে তেওঁ চিনি পাবনে অথবা তেওঁ ভাগিনীয়েকক নিজৰ বুলি আদৰি ল'বনে?তথাপিতো এক শংকা আৰু অনিশ্চয়তাৰে সৈতে  উৰ্বশী বুতালিয়াই গৈ
মোমায়েকৰ ঘৰত উপস্থিত হৈছিল।অত বছৰৰ মূৰত বায়েক সুভদ্ৰাৰ ছোৱালী উৰ্বশীক দেখি মোমায়েক উৎফল্লিত হৈ উঠিছিল।
      হয়,  লাহোৰৰ ঘৰখনত উৰ্বশী বুতালিয়াই মোমায়েক,মোমায়েকৰ পত্নী,ল'ৰা-ছোৱালী সকলোৰে পৰা মৰম-চেনেহ,আদৰ-যত্ন সকলো পাইছিল। মোমায়েকৰ পৰাই তেওঁ গম পাইছিল যে বিভাজনৰ পাছত আৰু ন বছৰ কাল উৰ্বশীৰ আইতাক জীয়াই আছিল।
      মোমায়েকৰ সৈতে হোৱা সেই  সাক্ষাতৰ পাছত দুখন দেশৰ দুটা পৰিয়ালৰ মাজত পুনৰ সম্পৰ্ক স্থাপন হৈছিল। তাৰেই পৰিপ্ৰেক্ষিতত উৰ্বশীয়ে মোমায়েকৰ ছোৱালীৰ বিয়ালৈ মাককো লগত লৈ গৈছিল। সুদীৰ্ঘ চাৰি দশকৰ পাছত উৰ্বশীৰ মাক সুভদ্ৰা নিজৰ জন্মস্থান লাহোৰৰ ঘৰখনলৈ গৈছিল।ভায়েকক অত বছৰৰ মূৰত লগ পাই তেওঁ উচুপি উঠিছিল।এই ঘৰৰ প্ৰতিটো কোঠা,আচবাব-পত্ৰ,গছ-গছনি আছিল তেওঁলোকৰ চিনাকী যিবোৰে তেওঁৰ বহু পুৰনি স্মৃতিক পুনৰ জগাই তুলিছিল।কিন্তু আশ্চৰ্যজনকভাৱে উৰ্বশীৰ মাক সুভদ্ৰা সেইখন ঘৰত (হাৱেলি)সহজ হ'ব পৰা নাছিল।কাৰণ বহু বছৰ আগতে  সুভদ্ৰাহঁত মাক-দেউতাকৰ লগত  যিটো  হাৱেলিত বাস কৰিছিল সেই হাৱেলিত আজি অধিকাৰ কৰি আছিল আন কিছুমান মানুহে-ভায়েকৰ পৰিয়ালৰ মানুহে।এই কথা সঁচা যে মোমায়েকৰ পত্নী,তেওঁলোকৰ ল'ৰা-ছোৱালী সকলোৰে পৰা যথাযথ মান-সন্মান,মৰম-স্নেহ অৱশ্যেই তেওঁলোকে লাভ কৰিছিল।নিতৌ সুস্বাদু আহাৰেৰে তেওঁলোকক আপ্যায়ন কৰা হৈছিল।সকলো ঠিকে আছিল,কিন্তু তাৰ মাজতো যেন তেওঁলোকৰ দুচকুত উৰ্বশী অথবা তেওঁৰ মাকহঁতে  সন্দেহৰ  চাঁৱনি দেখা পাইছিল।
      এদিন উৰ্বশী বুতালিয়াৰ মোমায়েকে দুৱাৰ বন্ধ কৰি বায়েক সুভদ্ৰাৰ আগত বৰ আক্ষেপেৰে কৈছিল যে তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ সুখী হ'ব পৰা নাছিল।তেওঁ  কৈছিল - 'If this house had not been there,I think,we all would have been together I would not have converted and lost every moment of peace in my life.' আৰু কৈছিল-' For them I am still a Hindu.If a girl had not been getting married and my presence was becessary,I might well have been in jail. অৰ্থাৎ ছোৱালীৰ বিয়াত পিতৃ হিচাপে তেওঁৰ উপস্থিতিৰ প্ৰয়োজন আছিল বাবেই তেওঁৰ সামান্য মূল্য আছিল,অন্যথা ইমানদিনে তেওঁ কাৰাগাৰত থাকিলহেঁতেন। কাৰণ পাকিস্তানত তেওঁক সকলোৱে এতিয়াও হিন্দু বুলিয়ে  সন্দেহৰ চকুৰে চায়।আশ্বৰ্যজনকভাৱে আনকি তেওঁৰ নিজৰে  পুতেকে তেওঁৰ বিৰূদ্ধে হিন্দু চোৰাংচোৱা  বুলি কেচ ৰুজু কৰিছিল।
       লাহোৰৰ পৰা উভতি অহাৰ পাছতো কিছুদিনলৈ দুয়োটা পৰিয়ালৰ মাজত উপহাৰ, চিঠি-পত্ৰ আদিৰ আদান-প্ৰদান চলি থাকিল।এখন চিঠিত মোমায়েকে বায়েকলৈ লিখিছিল-'I have never forgiven myself for what I did in my youth.I can't retrace my steps,I have never been accepted here,even by my own family.'
        লাহে লাহে মোমায়েকে চিঠি-পত্ৰ পঠিয়াবলৈ এৰি দিছিল।প্রকৃততে তেওঁ গম পাইছিল যে তেওঁৰ ওপৰত পুলিচে নজৰ ৰাখিবলৈ আৰম্ভ কৰিছে।তেওঁ ভাৰতলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে-Try not to keep in touch.it makes things very difficult.উৰ্বশী বুতালিয়াই লিখিছে-' This was not just something official,but also within the family,for his sons put pressure on him to break contact with his Indian family. তেতিয়াৰে পৰা মোমায়েকৰ সৈতে কোনো যোগাযোগ নাই,আনকি তেওঁ বৰ্তমান জীয়াই আছে নে নাই সেই কথাও তেওঁলোকে নাজানে।
      এয়া আছিল উৰ্বশী বুতালিয়াৰ নিজৰে পৰিয়ালৰ কাহিনী।বিভাজনে কঢ়িয়াই অনা এনে অজস্ৰ সঁচা,হৃদয়বিদাৰক কাহিনী উৰ্বশী বুতালিয়াৰ মোমায়েকৰ দৰে আৰু অজস্ৰজনে সংগোপনে বুকুত কঢ়িয়াই ফুৰিছিল ।কিন্তু  দশক দশক ধৰি এই কাহিনীবোৰ  নিস্তব্ধতাত পোত খাই থাকিল। কোনো ইতিহাসত লিপিবদ্ধ নহ'ল এইবোৰ কাহিনী। এনে বহু অলিখিত কাহিনীয়েই  উৰ্বশী বুতালিয়াৰে ব্যক্ত কৰিছে তেওঁৰ  'দ্য আদাৰ চাইড অব চাইলেঞ্চ 'গ্ৰন্থত। (সমাপ্ত)

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা- উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'                                        ...